জনগোষ্ঠীয় পৰিচয়

বড়োসকলৰ লোক সংস্কৃতি

post

Share

লেখিকাঃ ৰিজু দেৱী

অসম তথা পূৰ্ব ভাৰতত বসবাস কৰি অহা বড়ো জনগোষ্ঠীসকল চীন-তিব্বতীয় মংগোলীয় জনগোষ্ঠী বুলি জানি অহা হৈছে। পণ্ডিতসকলৰ মতে খ্ৰীষ্টপূৰ্ব দুই হেজাৰ বছৰ ধৰি (হয়তো তাৰ আগৰ পৰা) চীন দেশৰ উত্তৰ-পূব অঞ্চলত বাস কৰি আহি পৰৱৰ্তী সময়ত এছিয়া মহাদেশৰ দক্ষিণ-পূব অঞ্চলত সিঁচৰিত হ’ব ধৰে আৰু এওঁলোকে আকৌ দক্ষিণ পূব এছিয়া হৈ তিব্বতত কমেও এহেজাৰ বছৰ বাস কৰে। তাত বসবাস কৰা সময়ৰে পৰা এওঁলোকক তিব্বত, তিৱাদ, ভোট অথবা বোদ আদি নামেৰে জনা যায়। কিন্তু কিছুমানলোকে আকৌ তিব্বত দেশৰ পৰা ব্ৰহ্মপুত্ৰ নদী হৈ আহি পূৰ্ব ভাৰতত পাট কাপোৰৰ ব্যৱসায় আদি কৰে আৰু নিজকে বড়ো বুলি পৰিচয় দিয়ে।

‘বড়’ শব্দৰ অৰ্থ জ্ঞান-চেতনা। ‘বড়’ ৰজাৰ নামানুসৰি বড়ো অথবা বড়ো শব্দ উৎপত্তি বুলি ক’ব পাৰি। বৌদ্ধধৰ্মৰ প্ৰভাৱৰ ফলত সময়ত ‘বুদ্ধচা’ৰ পৰা ‘বড়োচা’ অথবা বড়ো নাম হোৱা বুলি উপেন্দ্ৰ চন্দ্ৰ গুহদেৱে তেখেতৰ ‘কাছাৰৰ ইতিবৃত্ত’ নামৰ কিতাপখনত লিখিছে। তেখেতসকলক ‘কছছত’ সংস্কৃত ‘কজজুৰ-কজজাত’ শব্দৰ পৰা কছাৰী হোৱা বুলিও কৈছে।

কোনো কোনোবে আকৌ ক’ব খোজে যে ভীম আৰু হিড়িম্বাৰ পুত্ৰ ঘটোৎকছৰ সময়ৰ পৰাই কছাৰী শব্দৰ উৎপত্তি হৈছে। প্ৰাপ্ত তথ্যানুসৰি সংস্কৃত সাহিত্য আৰু পণ্ডিতসকলৰ মতানুসৰি বান ৰজা আৰু কুণ্ডিল ৰজা ভীষ্মক কিৰাট বংশী আছিল।

বড়ো জনগোষ্ঠীৰ বিষয়ে পি.চি. ভট্টাচাৰ্যদেৱে কৈছে- The Bodos are not animistic. They are worshippers of Bathou, the Supreme of God.

বাথৌ-বাইথৌ। ‘বা’ৰ অৰ্থ হ’ল পাঁচ(পঞ্চম) আৰু ‘থৌ’ৰ অৰ্থ হ’ল গভীৰ দৰ্শন। মাটি (হাইলুং), পানী(আগ্ৰাং), বায়ু(খৈলা), সূৰ্য(চানজা বৌৰালী) আৰু আকাশ(ৰাজখুম্বী) এই পাঁচ দৰ্শনৰ গভীৰ আৰাধনা কৰা জনগোষ্ঠীটোৱেই হৈছে বড়ো জনগোষ্ঠী। মৰাণ, চুতীয়া, লালুং, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, ডিমাচা কছাৰী, পূৰ্ববংগত থকা বৰ্তমান মৈমনসিং জিলা আৰু গাৰো পাহাৰৰ ওচৰে-পাজৰে বসবাস কৰা হাজঙ(হাজং) জাতিকো কছাৰী অথবা বড়ো ভাষাগোষ্ঠীৰ ভিতৰত অন্তৰ্ভূক্ত কৰিব পাৰি।

অসমৰ প্ৰধান জনগোষ্ঠী বুলি পৰিচিত হৈ অহা বড়ো জনগোষ্ঠী হ’ল ইতিহাস প্ৰসিদ্ধ জনগোষ্ঠী। অসম তথা উত্তৰ-পূব ভাৰতৰ বিভিন্ন ঠাইত বসবাস কৰি অহা বড়ো জনগোষ্ঠীৰ কলা-কৃষ্টি, আচাৰ-অনুষ্ঠান, লোক-কলা, শিল্প-কলা আদিয়ে অসমৰ লোক-সংস্কৃতিক অতি প্ৰসিদ্ধ কৰি তুলিছে। ব্ৰহ্মপুত্ৰৰ ওচৰে-পাজৰে উত্তৰবংগ, কাছাৰ জিলা, ত্ৰিপুৰা আৰু দক্ষিণ নেপাল, বৰ্তমান সমগ্ৰ অসমতে সিঁচৰিত হৈছে বড়ো জনগোষ্ঠীৰ লোক।

সংস্কৃতি অতি ৰোমাঞ্চকৰ।

লোক-বিশ্বাসঃ নিজৰ নিজৰ জাতীয় বিশ্বাসে নিজৰ জাতিৰ পৰিচয় দাঙি ধৰে। বড়ো সমাজত মাজচোতালৰ পৰা দা-কোৰ কান্ধত লৈ অহা-যোৱা কৰিলে পৰিয়ালৰ কোনো এজনৰ মৃত্যু হ’ব বুলি বিশ্বাস কৰা হয়। সপোনত পুঠিমাছ দেখিলে ধন লাভ হয়। ৰৌ-বৰালী দেখিলে ভূ-সম্পত্তি লাভ হয়। ঠিক সেইদৰে বিবাহৰ ক্ষেত্ৰত ছোৱালী চাবলৈ ওলোৱাৰ সময়ত যদি মেঘে গৰজি উঠে, তেন্তে ছোৱালীজনী খঙাল হ’ব। ঘৰৰ মূধচত কপৌ পৰিলে গৰখীয়া এটাক মাতি খাদ্য বস্তু দান কৰে।

খাদ্যাভ্যাসঃ বড়োসকলৰ প্ৰধান জীৱিকা খেতি। আহু, শালি, বাওধান, বৰাধান আদিৰ খেতি কৰে। তদুপৰি তেওঁলোকে বতৰৰ শস্য যেনে- আলু, পিঁয়াজ, নহৰু, আদা, বহৰ, সৰিয়হ, মৰাপাট, জিকা, তামোল-পাণ, কোমোৰা, লাও, বেঙেনা আৰু বিভিন্ন ধৰণৰ শাক-পাচলি, তিতা শাক আদিৰ খেতি কৰে। পাহাৰত ঝুম খেতি কৰে। মহিলাসকলেও ঘৰতে হাঁহ-কুকুৰা, পাৰচৰাই, গাহৰি আদি পুহি পৰিয়াল চলায়। শুকান মাছ-মাংস আদি সঞ্চয় কৰি ৰাখে।

বড়োসকলৰ প্ৰধান আহাৰ ভাত। মাছ-মাংস তেওঁলোকৰ অতি প্ৰিয়। সেয়ে ঘৰত হাঁহ-কুকুৰা, গাহৰি আদি থাকেই। লগতে তেওঁলোকৰ জাতীয় পানীয় ‘জুমায়’ৰ কথা নকৈ নোৱাৰি। যিকোনো অনুষ্ঠানতে মদ-মাংস অপৰিহাৰ্য। মাছ-মাংস শুকাৱাই বাঁহৰ চুঙাত ভৰাই ৰাখি নাকাম(নাখাম) কৰি খোৱাৰ নিয়ম আছে।

শোকোতা, মেষ্টা টেঙা, লফা-লতি, বাঁহৰ গাজ বা খৰিচা, লাফু, ছিবৰু আদি শাক তেওঁলোকৰ ৰুচিকৰ আঞ্জা। যিকোনো তৰকাৰীতে শুকান মাছ(চিদল) দি খোৱাৰ নিয়ম আছে।

ধৰ্মীয় অনুষ্ঠানঃ বডোসকলে ‘বাথৌ’ ধৰ্মকে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। মাটি, পানী, বায়ু, সূৰ্য আৰু আকাশ এই পঞ্চশক্তি সৃষ্টি কৰা এজন ঈশ্বৰ আছে, তেৱেঁই পৰম পিতা বৌৰায় বাথৌ(শিৱ) আৰু মা মায়নাও মাও থনচি(কামাখ্যা)। এই মৰ্ত্যলোকত যিমান ৰোগ, বেমাৰ-আজাৰ আদি আছে এইবোৰৰ পৰা ৰক্ষা কৰোঁতা, ধন-সুখ-সম্পত্তিৰ পালক, পাপীসকলৰ উদ্ধাৰ কৰোঁতা, পুণ্যৰ দাতা মহাদেৱ শিৱ আৰু কামাখ্যা একমাত্ৰ ত্ৰাণকৰ্তা। বড়োসকলৰ বিশ্বাস চন্দ্ৰ-সূৰ্য, বায়ু-পানী, গ্ৰহ-নক্ষত্ৰ, জীৱ-জন্তু, পোক-পতংগ, তৰু-তৃণ, নদ-নদী, পাহাৰ-পৰ্বত, সাগৰ-মহাসাগৰ আদি সকলোৰে সৃষ্টি একমাত্ৰ চিব্ৰায়(শিৱ)ৰ সদিচ্ছাতে হৈছে। সেইকাৰণে বাথৌ পূজাৰ বিশেষ গুৰুত্ব আছে বড়ো সংস্কৃতিত।

বাথৌ পূজাৰ উপৰিও গাৰ্জা পূজা, মাৰৈ পূজা আৰু খেৰাই পূজাও সমানে গুৰুত্বপূৰ্ণ। গাৰ্জা পূজাত গাঁৱৰ সকলো ৰাইজ মিলি নিজৰ বছৰেকীয়া আয় অনুসৰি প্ৰত্যকেই ধান-চাউল, টকা-পইচা চান্দাৰ ৰূপত তুলি গাৰ্জাশালীত পূজা কৰে। এই গাৰ্জাশালী সৰু-বৰ গছেৰে ভৰা এখন ভয়লগা ঠাই। ইয়াতেই তেওঁলোকে মাওথান শ্ৰী(লক্ষ্মী), চিব্ৰায়, বৰমালী বুদাৰু, আই ঠাকুৰাণী(কামাখ্যা), বাৰগোপাল, জংঘল গুৰুৰ লগতে অন্যান্য দেৱ-দেৱীকো গাঁৱৰ লোকৰ বেমাৰ, দুখ-দৈন্য, অমংগল আৰু কোনো অবৈধ কাৰ্যৰ উদ্ধাৰৰ বাবে পূজা কৰে।

মাৰৈ পূজাও এক বিশেষ ধৰণৰ পূজা। এই পূজাত দেৱীক সন্তুষ্ট কৰাৰ উদ্দেশ্যে বলি বিধান কৰা হয়। ব্যক্তিগত অথবা সামাজিক প্ৰথাৰে অনুষ্ঠিত এই পূজা ঐশ্বৰ্য, বিজয় প্ৰাপ্তি, হিংস্ৰ জীৱ-জন্তুৰ পৰা ৰক্ষা তথা সকলোৰে মংগলৰ উদ্দেশ্যে কৰা হয়। মাৰৈ পূজা সৰু সৰু ল’ৰা-ছোৱালীয়ে চোৱাটো নিষেধ।

খেৰায় পূজা খেতি-বাতিৰ মংগলাৰ্থে কৰা হয়।

আঁঠু লৈ ভগৱানৰ গুণানুকীৰ্তন কৰাই হৈছে খেৰায়ৰ অৰ্থ। এই খেৰায় পূজাতে দেওধনী নাচে। পূজাত ধূপ-চাকি, ফুল-প্ৰসাদৰ লগতে, মদ, মাছ-মাংস, কুকুৰা, ডিম আদি থকাটো নিতান্তই প্ৰয়োজন। কাতি মাহৰ প্ৰথম সপ্তাহ, আহাৰ মাহৰ আমথি পৰ্ব আৰু মাঘী পূৰ্ণিমাত খেৰায় পালন কৰা হয়। খেৰায়ত দেওধনীয়ে ওঠৰটা অধ্যায়ত নৃত্য প্ৰদৰ্শন কৰে। ভক্তিমূলক এই খেৰায় বা দেওধনীৰ মূল উদ্দেশ্য হৈছে লক্ষ্মীক সন্তুষ্ট ৰখা। খেৰায় তিনি প্ৰকাৰৰ হয়- আশু খেৰায়, শালী খেৰায় আৰু ঔষধেৰে বেমাৰ ভাল নহ’লে কৰা অন্য এক খেৰায়।

নৃত্য-গীত-বাদ্যঃ দেওধনীত কেৱল মন্ত্ৰচাৰণ আৰু নৃত্য প্ৰদৰ্শন কৰা হয়। মাদল, চিফুং, জোথা(খঞ্জৰী), বিঙি, খাওবাতি, চেৰজা, গংগনা আদি বাদ্যযন্ত্ৰৰে পৰিবেশটো ৰজনজনাই থাকে। অন্য অনুষ্ঠানত বাগৰুম্বা নাচে। এইবোৰ নৃত্য-গীতৰো একো একোটা ধৰ্মীয় নাম আছে। যেনে- আইলং আগ্ৰা, খাজি, ৰাজপুথুৰ, বৰলীবুঢ়ী, বসুমুৰীয়া ইত্যাদি।

পৌৰাণিক কাহিনী, কিম্বদন্তী আৰু সাধু কথাতো বড়োসকল চহকী।

সাজপাৰঃ সাজপাৰৰ ভিতৰত বড়ো মহিলাসকলে আজিকোপতি নিজৰ জাতীয় পোচাক পৰিধান কৰিয়ে চলাফুৰা কৰা দেখা যায়। মহিলাসকলে দখনা, আলোৱান(মেখেলা), দখনা থাওচি চলা মথা(গাত লোৱা কাপোৰ) আদি পিন্ধে। তেওঁলোকে দখনা, আলোৱান আদিত কপৌচৰাইৰ ডিঙি(দাওখু গদ), পাৰ চৰাইৰ চকু(ফাৰেও মেগন), পাহাৰৰ ফুল(হাজৌ আগৰ) আদি ধুনীয়াকৈ বাচি লয়। বড়ো মহিলাসকলে কমলা আৰু ৰঙা ৰং বৰ ভাল পায়। কাপোৰ ব’ব আৰু ফুল বাচিব নাজানিলে ‘আলুৰি’ বুলি কয়।

পুৰুষসকলে আঁঠুৰ পৰা তললৈকে ধুতি, গামচাং(গামচা), জহৰ কোট আদি পৰিধান কৰে। এতিয়া সময়ৰ পৰিবৰ্তন ঘটিছে, সেয়ে পুৰুষ-মহিলা দুয়োৰে সাজপাৰতো পৰিবৰ্তন দেখা যায়।

অলংকাৰঃ মহিলাসকলে কানত খেৰা, জাবখ্ৰিং(কানফুলি), তালিলৰা(দুল) আদি পিন্ধে। ডিঙিত অখাফোৰ, বিচালু, থাংকাচিৰি, জিবৌ, জিনজিৰি আদি পিন্ধে। তেনেকৈ নাকত গণ্ঠনী বালি, বৌলা(সোণৰ জোঙা ফুলি), হাতত মথা আচান, বাজৌ, আখতাম, বালা আচান আদি পিন্ধা দেখা যায়।

উৎসৱঃ ৰংজালী বৈসাগু বড়োসকলৰ মুখ্য উৎসৱ। ই অতি আনন্দ আৰু ৰঙৰ উৎসৱ হোৱা হেতুকে ইয়াক ৰংজালী উৎসৱ বোলা হয়। বৈসাগুক মানুহ বিহু আৰু গৰু বিহু এই দুই ভাগত ভাগ কৰা হৈছে। চ’ত মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। গৰুক নদীলৈ লৈ গৈ অসমীয়া নীতি-নিয়মেৰে গা ধুৱাই কৰণীয় সকলো কৰ্ম কৰি লাও-বেঙেনা মালা পিন্ধাই দি এনেদৰে গোৱা হয়- “লাও জা  ফাণ্টাও জা, বৌছৌৰ বৌছৌৰ এৰ হানজা হানজা।”

হিন্দু সংস্কৃতিত গৰুক লক্ষ্মী জ্ঞান কৰা হয়। গতিকে বড়োসকলেও তেনে আদৰ্শৰে অনুপ্ৰাণিত হৈ গৰু বিহু পালন কৰে। গৰুৰ আলপৈচান ধৰে। গৰুৱে কৃষিকৰ্মতো বিশেষভাৱে সহায় কৰে।

মানুহ বিহুঃ বড়োসকলে খেৰায় পূজাৰ চত্ৰাৱলী ধ্বনি বজাই নৱবৰ্ষক আদৰণি জনায়। সকলোৱে গা-পা ধুই ঘৰ পৰিষ্কাৰ কৰি, নতুন কাপোৰ পৰিধান কৰি বাথৌ বেদীত গৈ বাথৌ বুঢ়া(শিৱ) আৰু মাঁ কামাখ্যাক পূজা দিয়ে। বলি-বিধান আৰু মন্ত্ৰোচাৰণত তেওঁলোকৰ বিশ্বাস অধিক। পূজাত গাহৰি মাংসৰ লগতে বৰা চাউলৰ মদ অতি প্ৰিয়। এই বৰা চাউলেৰে বনোৱা মদ কোনোবা এজন বুঢ়া বা বুঢ়ীয়ে খোৱাৰ পাছত বিহুক আদৰণি জনোৱা হয় আৰু কনিষ্ঠসকলে বয়োজ্যেষ্ঠসকলক গামোচা, ৰুমাল আদি বিহুৰ উপহাৰ দি ভৰিত ধৰি আশীৰ্বাদ লয়। সাত দিনলৈকে পালন কৰা এই উৎসৱত আনন্দৰ জোৱাৰ উঠে, নৃত্য, গীত-বাদ্যৰ ঝংকাৰ বাজি উঠে।

প্ৰেমাস্পদসকলে প্ৰেম-প্ৰণয়ৰ গীত গায় এনেদৰে-

হাজৌ খৰৌনি হলোলখা যুৱক(চেংগ্ৰা)-আজৌঙ ৰায়জৌ জাগৌন নৌঙলখ (পাহাৰৰ হলোলখা শাক, তুম মোৰ লগত কৰিবা সংসাৰ),

যুৱতী(চিলখা)- আদা হাথায় চালিনি থাও দিংগ্ৰিলো নৌবায়খা (বজাৰৰ পৰা সুগন্ধি তেল আনি ৰাখিবা, হাতে ভৰি খাৰু, ৰঙা মালা আনি ৰাখিবা)

আমথিচুবাঃ বড়ো-কছাৰীসকলে আই বসুমতী অথবা হাইলুং দেৱতাৰ বাবে আমথিচুবা (অম্বুবাচী) পৰ্ব কৰে। আমথিচুবাত বসুমতী ৰজস্বলা হয়। সাত দিনলৈ (আজিকালি চাৰি-পাঁচদিনেহে পালন কৰা হয়) পালন কৰা এই পৰ্বত কোৰ মৰা, বাৰীত কাম কৰা আদি নিষেধ। যিটো অন্য জাতি-জনগোষ্ঠীতো দেখা যায়। এনে সময়ত তেওঁলোকে ফলাহাৰ গ্ৰহণ কৰে আৰু নিবৃত্তিৰ দিনাখন হিন্দু প্ৰথাৰে শুচি হৈ লয়।

অঙখাম(ন-খোৱা)ঃ আহিন পুহ মাহত পথাৰত যেতিয়া ধান পকে, সেয়া ধান নিজে ভোগ কৰাৰ আগতে বাথৌক সেই ভাতৰ তৰ্পণ দিয়াই হৈছে বড়োসকলৰ ন-খোৱাৰ তাৎপৰ্য। ই সামাজিক আৰু ব্যক্তিগত দুয়োপ্ৰকাৰে কৰা হয়।

মাগৌ দমাচীঃ মাঘ বিহু ভোগৰ উৎসৱ। এই সময়ত ভঁৰাল সোণালী ধানেৰে ওপচি পৰে। বৰ্ণি, জহা, শালি ধানৰ চাউলেৰে পিঠা-পনা, খাদ্য প্ৰস্তুত কৰে। লাওদুম, এনথাব(তিলপিঠা), অনাচি(তেলত ভজা পিঠা), চিবিঙনি লাৰু, তিলৰ লাৰু, হাচং পিঠা(চুঙা পিঠা) আৰু অৰ্ধজুন পিঠা আদি তৈয়াৰ কৰি নিজৰ লগতে আনকো খাবলৈ দিয়ে। পুহৰ শেষত আকৌ আনন্দৰ ভেলাঘৰ সাজি উৰুকাৰ দিনা ‘লাউখা অঙখাম’ ভোজভাত খায়। গোটেই ৰাতি ভেলাঘৰত ৰং-ধেমালী কৰাৰ পিছত ৰাতিপুৱাই গা-ধুই ভেলাঘৰত বন্তি প্ৰজ্বলন কৰে আৰু ঈশ্বৰক পূজা-অৰ্চনা দি ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে। পিতৃ পুৰুষক শ্ৰদ্ধা তৰ্পণ দিয়ে। এইবোৰৰ উৎসৱৰ উপৰিও জন্ম উৎসৱ, চূড়াকৰণ আদিও উৎসৱ হিচাপে পালন কৰে।

কুটীৰ শিল্পঃ বড়োসকল কুটীৰ শিল্পটো সিদ্ধহস্ত। তেওঁলোকে পাৰ্চী, ডলা, চালনী, চেপা, চহৰা, পলো, জাকৈ, জুলুকী, নাঙল, যুঁৱলী, মৈ আদিৰ লগতে অন্য অত্যাৱশ্যকীয় সামগ্ৰীও তৈয়াৰ কৰে।

বড়োসকলৰ নিজা মাতৃভাষাতে বহু কিতাপ-পত্ৰ ৰচিত হৈ ৰাষ্ট্ৰীয় পৰ্যায় পাইছেগৈ। ঠায়ে ঠায়ে বিদ্যালয়ো হৈছে। খেল-ধেমালীতো বড়োসকল পিছপৰি থকা নাই। নিজৰ ভাষা-সংস্কৃতিক সন্মান জনাই অহাৰ লগতে তেওঁলোকে অসমীয়া সংস্কৃতিকো আপোন কৰি হাড়ে-হিমজুৱে অসমীয়া হৈ পৰিছে।

সহায়ক গ্ৰন্থসমূহ

১. বড়ো জনগোষ্ঠী, ভৱেন নাৰ্জী

২. অসমৰ জনজাতি, সম্পাদক-প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য

আপুনিও ভাল পাব পাৰে!