- নলিনী ডেকা শৰণীয়া
বিভিন্ন জাতি-জনজাতিৰে ভৰা বৈচিত্ৰপূৰ্ণ অসমৰ শৰণীয়া কছাৰীসকল অন্যতম জনজাতীয় গোষ্ঠী। এই শৰণীয়া কছাৰীসকলে অনাদি কালৰে পৰা অসমত বাস কৰি আহিছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে পুৰণি গোৱালপাৰা, পুৰণি কামৰূপ, ধেমাজী, লখিমপুৰ, শোণিতপুৰ জিলা আৰু দক্ষিণ পাৰে নগাঁও, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ জিলাৰ নৈ-উপনৈসমূহৰ পাৰত বাঁহ, বেত, কাঠ, খেৰ ধানৰ নৰাৰে ঘৰ সাজি গাঁও পাতি শৰণীয়া কছাৰী সকলে বসবাস কৰে। গোটেই অসমত শৰণীয়া সকলৰ জনসংখ্যা (বেচৰকাৰী হিচাবত) ১১লাখ।
শৰণীয়া কছাৰীসকলৰ সমাজ আৰু সংস্কৃতি লোক বিশ্বাসেৰে ভৰপুৰ। সেয়ে শৰণীয়া সমাজত জন্ম, বিবাহ, মৃত্যু উৎসব পাৰ্বন আদি সকলো দিশতে লোক বিশ্বাস বিদ্যমান। এই লোক বিশ্বাসসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল।
জন্ম প্ৰকৰণঃ সন্তান সম্ভবা ন বোৱাৰী আৰু নবজাতক শিশুক লৈ শৰণীয়া সমাজত কিছুমান ৰীতি-নীতি প্ৰচলন আছে। সন্তান সম্ভবা হোৱাৰ লগে লগে গৰ্ভস্থ সন্তানটো যাতে নষ্ট নহয় তাৰ বাবে সন্তানৰ পিতৃ-মাতৃয়ে অনেক নিয়ম-নীতিৰ মাজেৰে চলিব লগা হয়। সন্তানৰ পিতৃক জীৱ হত্যা কৰা, শৱ সৎকাৰ কৰা, ৰাতি বিয়লি ঘৰৰ বাহিৰৰ পৰা আহি ঘপহ কৰে হাত ভৰি নোধোৱাকৈ শোৱনী কোথাত প্ৰবেশ কৰা, মাছ মৰা, চিকাৰ কৰা আদিৰ পৰা বিৰত ৰখা হয়। সন্তান সম্ভবা অৱস্থাত বোৱাৰীক গধুৰ বস্তু দাঙিবলৈ বা গধুৰ কাম কৰিবলৈ বাৰণ কৰা হয়। অপদেৱতাৰ পৰা হাত সাৰি থাকিবলৈ বেজৰ পৰা তাবিজ আদি ব্যৱহাৰ কৰি মানসিক ভাৱে প্ৰস্তুত কৰা হয়।
সন্তান প্ৰসবৰ আগে আগে গৃহস্থৰ সকলো সদস্য সজাগ আৰু যি কোনো সমস্যাৰ বাবে সাজু হৈ থাকে। মাটিত ঢাৰি এখন পাৰি, কিছুমানে আঁছুতীয়া কোঠাত ধান খেৰ পাৰি দি তাৰ ওপৰত এখন কাপোৰ পাৰি শেতলি প্ৰস্তুত কৰি ৰখা হয়। সেই কোঠাত অপদেৱতাই যাতে প্ৰবেশ কৰিব নোৱাৰে তাৰ বাবে দুৱাৰ মুখত ফটা জাল, বগৰীৰ কাঁটা আদি আঁৰি দিয়া হয়।
গৰ্ভস্থ সন্তানটি ভূমিস্থ হোৱাৰ লগে লগে প্ৰসূতিৰ লগত থকা ধাই বা বিজ্ঞ মহিলাই সন্তানটিৰ ‘নাই’ৰ গুৰিত বান্ধিবৰ বাবে এডাল বগা এৱা সূতা দিয়ে। প্ৰসূতিয়ে এৱা সূতাৰ জৰিয়তে কেঁচুৱাটিৰ নাড়ীৰ গুৰিত বান্ধে। ধাৰ থকা বাঁহৰ চোচেৰে বা নতুন ব্লেডেৰে সূতাৰে বন্ধা গাঠিটোৰ ওপৰ পিনে প্ৰসূতিয়ে নিজে নাড়ী কাটি দিয়ে। কটা নাড়ীখিনি প্ৰসূতি থকা ঘৰৰ দুৱাৰ মুখত পুতি থয়। কেঁচুৱাটিৰ জিভাত জাৰি পৰিলে অলপ মৌ লগাই দিয়া হয়। প্ৰসূতিৰ কোঠাত জুই একুৰা ধৰি পানী গৰম কৰি কুহুমীয়া পানীৰে সন্তানটিৰ গা ধুৱাই দিয়া হয়। কেঁচুৱাটিৰ ‘নাই’ শুকাই সৰি যোৱাৰ পিছত সযত্নে ‘নাই’টো এটা টেমা বা চুঙাত বান্ধি বাকচত ভৰাই থয়। ইয়াকে আয়ুস তোলা বুলিও কয়।
কেঁচুৱাটিৰ নাই সৰিলে ঘৰৰ শেতেলিৰ খেৰবোৰ উলিয়াই নি বাহিৰত পুৰি পেলায়। ঘৰৰ সকলো কানি কাপোৰ ধুই দিয়ে আৰু কেচুৱাকো মৃদু গৰম পানীৰে গা ধুৱাই সূৰ্যক দৰ্শন কৰায়। তাৰ পিছত চোতালৰ আগত তুলসীৰ তলপৰিষ্কাৰ কৰি অতাই তাত চাকি বন্তি এগচি জ্বলাই দিয়ে। বন্তিৰ কাষত কাঁহৰ বাটি এটাত পানী এবাটি আৰু জুই ভূটা এটা জ্বলাই থোৱা হয়। সূৰ্য্য দৰ্শন হোৱাৰ পিছত কেঁচুৱাটি বন্তিৰ কাষলৈ নিয়া হয়। পিছত বন্তিৰ কাষৰ পানীৰ বাতিটোৰ ওপৰত তিনিবাৰ ঘুৰাই কয় ‘পানীত পৰি নমৰিবি’। তাৰ পিছত জুইৰ ভূটাৰ ওপৰত তিনিবাৰ ঘূৰাই কয় ‘জুইত পৰি নমৰিবি’। এইদৰে অগ্নিভয় আৰু জল ভয় গুচাই তাৰ পিছত বগৰীৰ কাঁটাৰ ওচৰত তিনিবাৰ ঘূৰায়। ইয়াৰ অৰ্থ হ’ল ‘বাটৰ জেং বিপদ আপদ’ দূৰ হওঁক। ইয়াৰ পিছত ঘটি এটাত পানী এঘটি লৈ তাত সোণৰ আঙুঠি এটা দি তুলসীৰে গোটেই ঘৰত পানী ছটিয়াই ঘৰটো শুচি কৰি সেই দিনৰ অনুষ্ঠানৰ সামৰণি মাৰে।
নামকৰণ উৎসৱঃ সন্তান জন্ম হোৱাৰ লগে লগে ধাইসকলে সন্তানটি কিমান সময়ত জন্ম পালে লিখি থয়। সেইমতে পিছত শিশুটিৰ গণচোৱা হয়। গণমতে কোন ৰাশিত পৰে আৰু কি নাম থলে ভাল হয় আদি গণনা কৰা হয়। সেই মতে পিছত শিশুটিৰ নাম থোৱা হয় আৰু কোষ্ঠী কৰা হয়।
সন্তানটো ছোৱালী হলে এমাহ আৰু ল’ৰা হলে একৈশ দিনত শুচি বা চুৱা পেলোৱা হয়। সেইদিনা সন্ধিয়া নাম কীৰ্ত্তন কৰি মাহ প্ৰসাদ, চাহ মিঠাই খুৱাই আৰু ধাই সকলক লগতে গাৱঁৰ বয়োজ্যেষ্ঠ কেইজনমান আৰু গৰখীয়া কেইজনমানক মাতি আনি ভাত খুৱায়।
তোলনি বিয়াঃ ছোৱালীৰ বয়স সন্ধি কালৰ অৰ্থাৎ প্ৰথম ঋতুমতী হোৱা সময়ত যি ৰীতি-নীতি পালন কৰা হয় তাকেই তোলনি বিয়া বুলি কোৱা হয়। শৰণীয়া সকলৰ ছোৱালী প্ৰথম ঋতুমতী হঁলে গাঁৱৰ তিৰোতাসকলে আহি পৰম্পৰাগতভাৱে আগ দি ঘৰৰ ভিতৰত কোনো নেদেখাকৈ ৰাখে। খেৰৰ বিচনা পাৰি শুবলৈ দিয়া হয়। পঞ্চম দিনৰ দিনা কইনাক নিৰ্দ্দিষ্ট প্ৰথা অনুসৰি নোৱাই ধুৱাই গাঁৱৰ সকলো তিৰোতাই পিঠা গুৰি, সেন্দুৰ আদিৰে ইজন সিজনক ঘঁহি দি নানা ভাওঁ দি, গীত গাই ৰং ধেমালি কৰে।
ছোৱালী ঋতুমতী হোৱাৰ দিনা যিটো ঘৰত থোৱা হয় সেই ঘৰত এখন কাহীত মাটিৰ চাকি জ্বলাই পাণ-তামোল দি এখন ঠগী পতা হয়। সেই ঠগীৰ লগতে ৰাতি এটাত ধানৰ শিৰ দিয়া হয়। ঠগীৰ কাষৰ ঘটি এটাত পানী এঘটি দি তাত আমৰ ঠাৰি এটা দিয়া হয়। ইয়াৰ পিছত অ-পুষ্পিতা ছোৱালী ৫জনী আহি ধুৱনীৰ দিনলৈ দিনত দুবাৰকৈ পানী ছটিয়াই পানী ৰখা ঘটিটোত তিনিটা সেন্দুৰৰ ফোট দিয়ে।
এই অনুষ্ঠানত গণক জ্যোতিষীৰ ভূমিকা আছে। গণকৰ দ্বাৰা ছোৱালী পুষ্পিতা হোৱাৰ দ্বিতীয় দিনা গণনা কৰি ‘দোষ গুণ’ চোৱা হয় আৰু দোষ থাকিলে গণকৰ বিধান মতে প্ৰতিবিধানৰ ব্যৱস্থা লোৱা হয়। ঋতুমতী হোৱাৰ তিনি দিনৰ দিনা জপা দিয়াৰ নিয়ম। জপা মোমায়েক নতুবা বিয়া দিয়া মাহীয়েকৰ ঘৰত দিয়া হয়। এই জপাটোত চুৰী কটাৰী এখন, বেঙেনাৰ কৰ বা বেঙেনা তিনিটা, ডালিমৰ কৰ দুটা আৰু পাণ তামোল এযোৰ এখন ৰুমালত বান্ধি এটা বাহৰ পাত্ৰত বা সাঁফৰ থকা কাহৰ পাত্ৰ এটাত ভৰাই লোৱা হয়। ইয়াকে জপা বুলি কোৱা হয়। এই জপাটো লৈ মোমায়েকৰ ঘৰত থবলৈ যায়। জপা ভৰাই নিয়া পাত্ৰটোক গাজীৰাম বুলি কোৱা হয়। যি ঘৰত জপা দিয়া হয় সেই ঘৰক দৰা ঘৰ বুলি কোৱা হয়।
কইনা পক্ষ দৰা পক্ষৰ ঘৰৰ পদূলি পোৱাৰ লগে লগে দৰা পক্ষই সহস্ৰ বাতিলৈ পাণৰ আগেৰে চোতাললৈ বৰণ কৰি নিয়ে আৰু চোতালত ঢাৰি পাৰি আৰু তাৰ ওপৰত এখন কাপোৰ পাৰি দি বহিবলৈ দিয়ে। চোতালৰ জপাটোক অৰ্থাৎ গাজীৰামক জপাৰ পৰা উলিয়াই গাখীৰ, পানী, এৱা গুৰাৰে ধওৱা হয়। আয়তীসকলে গাজীৰামক ধুৱাবৰ সময়ত বিয়া গীত গাই থাকে। গাজীৰামক ধুৱাই উঠাৰ পিছত ঘৰৰ ভিতৰত সুমুৱাই থোৱা হয়। তাৰ পিছত কইনা পক্ষই বিদায় লৈ ঘৰলৈ ঘূৰি আহে।
পঞ্চম দিনা দৰা পক্ষই গাজীৰামক আৰু লগত আন এটা জপা লৈ কইনা ঘৰলৈ যাত্ৰা কৰে। গাজীৰামৰ লগত অনা জপাটোত পাণ- তামোল দিয়ে। এই দৰে কইনা ধুৱাবলৈ আহোতে দৰা পক্ষই কইনাৰ কাৰণে নতুন কাপোৰ অলঙ্কাৰ আদিও লগত লৈ আহে। দৰা পক্ষই কইনা ঘৰৰ পদূলিত উৰুলি দিয়ে আৰু কইনা পক্ষই দৰা পক্ষক পদূলিৰ পৰাই আদৰি নিয়ে। কইনা পক্ষই দৰা পক্ষক আদৰি অনাৰ সময়ত কইনা পক্ষৰ এজনী সৰু ছোৱালীয়ে মূৰত এটা জপা লৈ পদূলিলৈ আগবাঢ়ি যায়। পদূলিৰ দৰা পক্ষৰ দুজনী সৰু ছোৱালীয়ে মূৰত জপা লৈ থিয় হয় আৰু কইনা পক্ষৰ এজনী একে শাৰীত থিয় হয়। ইয়াৰ পিছতে তিনিও জনীয়ে পৰস্পৰৰ মাজত জপা সলনা সলনি কৰে। এইদৰে জপা সলনা সলনি কৰাৰ পিছত এখন নতুন অনাকটা কাপোৰ তিনিওজনীৰ মূৰৰ ওপৰত ঢাকি দিয়া হয়। এই ঢাকি দিয়া কাপাৰৰ এটা আচঁলত ধৰি সহস্ৰবাতি লৈ পাণৰ আগেৰে এই জপা ধৰা তিনিওজনীক লগতে দৰা পক্ষৰ সমূহ আয়তীক বৰণ কৰি চোতাললৈ নিয়ে। চোতালত এখন ঢাৰিৰ ওপৰত নতুন কাপোৰ পাৰি বহিবলৈ দিয়ে। ইয়াৰ পিছতে কইনাক সখিয়েকসকলে গা ধোৱাৰ কাৰণে কলৰ গুৰিলৈ লৈ আহে। এইদৰে লৈ আহোতে সখিয়েকসকলে পিছে পিছে গোবৰ পানী ছটিয়াই আহে। কইনাক গা-ধোৱাৰ সময়ত কইনাৰ কাষত থকা ধানৰ বাটি আৰু ঘটিৰ আমৰ ঠানি কলৰ গুৰিত আনি পেলায়। কইনাক কলৰ গুৰিত মাহীয়েকে মাহ হালধিৰে গা ধোৱাই নতুন কাপোৰ পিন্ধাই কলৰ গুৰিৰ পৰা কোলা কৰি চোতাললৈ আনি ঢাৰিৰ ওপৰত বহুৱায়। ইয়াতে সখীয়েক সকলে গাজীৰামক (জপা) সলনা সলনি কৰি কোলাত লয়। চোতালত কইনাজনীয়ে দুই হাতৰ কোচত দুটা লোটা লৈ হাতত আখৈ লৈ ঘূৰে আৰু চাৰিও দিশত চাৰিবাৰ ছটিযায়। ইয়াৰ পিছতে কইনাক অলংকাৰ পাতি পিন্ধাই ঘৰৰ ভিতৰলৈ নিয়ে। অলপ পিছতে হাতত পাণ-তামোল লৈ চোতাললৈ আহি তেওঁ ৰাইজক সেৱা কৰে। ইয়াৰ পিছতে সকলোৱে হাঁহি-ধেমালি কৰি মাহ-প্ৰসাদ খাই বিদায় লয়। দৰা পক্ষক বিদায় দিয়াৰ সমযত কইনাই পদূলিলৈ আগবাঢ়ি আহি হাতত পাণ-তামোল লৈ মাহীয়েকক ভৰিত ধৰি সেৱা কৰি বিদায দিয়ে। ইয়াতেই এই তোলনি বিয়াৰ সামৰণি পৰে।
বিবাহ ব্যৱস্থাঃ শৰণীয়া সমাজত প্ৰচলিত বিবাহ ব্যৱস্থা কেইবা প্ৰকাৰৰো দেখা যায়। তাৰ ভিতৰত (১) প্ৰজাপত্য, (২) গন্ধৰ্ব, (৩) ঘৰ জোৱাই, (৪) ছোৱালী গাজাছি হোৱা বিবাহ, (৫) পলুৱাই নিয়া বিবাহ।
উক্ত বিভিন্ন প্ৰকাৰৰ বিবাহৰ ভিতৰত প্ৰজাপত্য বিবাহেই শৰণীয়া সমাজত অধিক প্ৰচলিত। শৰণীয়া সমাজত পিতৃ প্ৰধান বিবাহ দেখা যায়। অৰ্থাৎ দৰাই কইনা ঘৰলৈ গৈ বিয়া কৰাই কইনাক ঘৰলৈ অনাৰ নিয়ম। বৈদিক কাৰ্যৰে বিবাহ কাৰ্য সমাপন কৰি দৰাই কইনাৰ ঘৰলৈ অনাৰ পিছত দৰাৰ ঘৰত কইনাক বাটৰ পৰাই আদৰি অনা হয়। চোতালৰ পৰা দৰা মূল ঘৰত প্ৰবেশ কৰোতে কইনা আগে আগে যায় আৰু দৰাই কইনাৰ খোপাত কেঞা আঙুলিৰে ধৰি যায়। এইদৰে যাওঁতে কইনাই ঘৰৰ বাৰান্দাত ওলটাই থোৱা মাটিৰ চাকি এটা ভৰিৰে চুই যায় আৰু দৰাই ভৰিৰে গচকি ভাঙি যায়। ঘৰৰ ভিতৰত দৰা-কইনাৰ জোৰণ খুলি দিয়ে তাৰ পিছত দৰা-কইনাই পাণ- তামোল লৈ আহি ৰাইজক সেৱা কৰে। ৰাইজে দৰা-কইনাক আৰ্শীবাদ দিয়ে। ইয়াতে বিবাহৰ সমাৰণি পৰে।
বিবাহৰ ক্ষেত্ৰত দৰাঘৰে পছন্দৰ ছোৱালীৰ ঘৰলৈ গৈ পাণ তামোল, দৈ-চিৰা-সান্দহৰ টোপোলাৰ ভাৰ এখন আগবঢ়াই কইনা খোজে। টোপোলা আগবঢ়াই দৰা ঘৰীয়াৰ হৈ যোৱাজনে এনেদৰে কয় “আমাৰ ল’ৰাৰ কাৰণে আপোনাৰ সঁচ (ছোৱালী) বিচাৰি এই টোপোলাটো অগবঢ়ালো”। কইনা বিচাৰি আগবঢ়োৱা টোপোলা পোনতে মোমায়কে খুলিব লাগে।
শৰণীয়া সমাজত বিশ্বাস যে মোমায়েকেই ভাগিনীয়েকসকলৰ আত্মা বা জীৱনৰ গৰাকী। সেয়ে ল’ৰা-ছোৱালীৰ বিবাহৰ ক্ষেত্ৰত মোমায়েকৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়।
বিবাহ বিচ্ছেদঃ বিশেষ কাৰণত যদি বিবাহ বিচ্ছেদ কৰিব লগা হয় তেতিয়া কাছাৰিলৈ নগৈ সমূহ ৰাইজে গোসাই ঘৰত এই বিচাৰ কৰে। বিচাৰৰ শেষত সমাজ সাক্ষাতে গিৰিয়েক -ঘৈনীয়েকে পাণ চিৰি বিবাহ বিচ্ছেদ সম্পন্ন কৰে।
মৃত্যু প্ৰকৰণঃ জন্ম ল’লেই এদিন মৃত্যুক আঁকোৱালি ল’ব লগা হয়। মৃত্যুৰ লগে লগে জীৱিত সকলৰ লগত সকলো সম্বন্ধৰ ওৰ পৰে। শৰণীয়া সমাজত মৃত্যুক লৈ কেইবাটাও ৰীতি-নীতি আছে। শৰণীয়াসকলে কোনো লোকৰ মৃত্যু হঁলে নিৰ্দ্দিষ্ট মৰিশালিত দাহ কৰে।
তিনি দিনত তিলনিঃ মৃত্যুৰ পৰা তিনিদিনলৈ মৃতকৰ পৰিয়ালে লঘোণ দিব লাগে। তিনি দিনৰ দিনা গাঁৱৰ ৰাইজে চাউলৰ গুৰা খুন্দি তাৰ লগত গাখীৰ কল খুৱাই লঘোন ভাঙে। ইয়াকে যাচা বা তিলনি বুলি কয়।
দহা বদাহাঃ মৃত্যুৰ দহদিনৰ দিনা দহা পতা হয়। দহাৰ যোগাৰ পাতি লৈ গাঁৱৰ সকলো মানুহ নদীৰ পাৰলৈ গৈ দহা পাতে। দহাত পোনতে পিণ্ড দিয়া কাম আৰম্ভ কৰা হয়। কল, চাউল, ঘি, মৌ, চেনি, গুৰ আদি সানি পিণ্ডৰ যোগাৰ কৰা হয়। ইয়াৰ পিছত পিণ্ড পূজাৰ কাম আৰম্ভ কৰা হয়। পূজাৰ শেষত নদীত অস্থি বিসৰ্জন দিয়া হয়। ইয়াৰ পিছতে উত্তৰ মুৱাকৈ মহাদেৱক পূজা কৰা হয়। এই পূজাত মহাদেৱৰ লগত ১৬ জনী মাতৃক পূজা কৰা হয়। এই পূজাৰ বাবে বগৰী, শিলিখা, আখৈ, ৰন্ধা ব্যঞ্জন আদি আগবঢ়োৱা হয়। এই পূজাৰ পিছতে মৃতকৰ পুত্ৰই মূৰৰ চুলি খুৰায়। ইয়াতে দহাৰ সামৰণি পৰে।
শ্ৰাদ্ধঃ মৃত্যুৰ তেৰ দিনৰ দিনা শ্ৰাদ্ধ পতা হয়। মৃতকৰ পুত্ৰই এই শ্ৰাদ্ধ কৰে। ইয়াক কাম ধৰা বুলিও কোৱা হয়। কাম ধৰাজনে বহুতো নিয়ম-নীতি মানি চলিব লাগে। তাৰ ভিতৰত মৃত্যুৰ দিনাৰ পৰা তিনি দিনলৈ তেওঁৰ লঘোন হয়। তিনি দিনৰ দিনা ৰাইজে লঘোন ভঙাৰ পিছত দিনত এসাজ ভাত খাব পাৰে। ইয়াকে হবিচ খটা বুলিও কোৱা হয়। শ্ৰাদ্ধ ধৰাজনে কাম শেষ নোহোৱালৈকে নিজৰ ঘৰৰ চাউলেৰে ভাত খাব নাপায়। মুখাগ্নি কৰা সময়ত যিখন কাপোৰ পৰিধান কৰিছিল সেই কাপোৰখন দহা শেষ নহোৱা পৰ্যন্ত সলাব নেপায়। শ্ৰাদ্ধ শেষ কৰি উদ্ধাৰ নোহোৱা পৰ্যন্ত মূৰত তেল দিব নেপায়। মাছ-মাংস খাব নেপায়। মাক মৰিলে গাখীৰ আৰু দেউতাক মৰিলে কল খাব নাপায়।
চোতালৰ ৰভাতলীত এই শ্ৰাদ্ধ পতা হয়। শ্ৰাদ্ধ শেষ হোৱাৰ পিছত পিণ্ড দিয়া সামগ্ৰীখিনি নদীত উটুৱাই দিয়া হয়। ইয়াৰ পিছতে কুমাৰ চৰুত মৃতকৰ কাৰণে মাছ, ভাত, মাংস, দাইল আদি দি অতি ভক্তিৰে আগবঢ়ায়।
এইদৰে মৃতকক আগবঢ়োৱাৰ পিছত কাজ ধৰাজনে চোতালত ৰাইজৰ লগত বহি অন্ন গ্ৰহণ কৰে। ইয়াৰ পিছতে কাজ ধৰাজনক মূৰত তেল দিেয়। মূৰত তেল দিয়াৰ পিছৰ পৰাহে তেল খাব পাৰে। ৰাইজক ভোজ দিয়াৰ পিছৰ পৰাহে মাছ মাংস খাব পাৰে। এইদৰে শৰণীয়া সমাজে মানুহৰ মৃত্যুৰ পৰা শ্ৰাদ্ধলৈকে নিজৰ সাংস্কৃতিক বৈশিষ্ট্যৰ মাজেদি সৎকাৰ আৰু উদ্ধাৰ হৈ চলি আহিছে।
উৎসৱ পাৰ্বনৰ লোক বিশ্বাসঃ উৎসৱ পাৰ্বন মানৱ জাতিৰ সভ্যতাৰ দাপোন। একোটা উৎসৱ পাৰ্বনৰ জৰিয়তে একোটা মানৱ গোষ্ঠীৰ জীৱনৰ পটভূমি পৰিষ্কাৰকৈ ফুটি ওলায়। যেনে- অসমৰ ব’হাগ বিহুৱে যেনেদৰে অসমৰ জাতীয় জীৱনক প্ৰতিফলিত কৰে, তেনে দৰে আন কোনো উৎসৱেই অসমীয়া জাতীয় জীৱনক ফুটাই তুলিব নোৱাৰে।
ব’হাগ বিহু অসমৰ সকলো জনগোষ্ঠীয়েই নিজস্ব বৈশিষ্ট্য বজাই ৰাখি পালন কৰে। এই ক্ষেত্ৰত বড়ো সকলৰ ‘বৈসাগু উৎসৱ’, মিচিংসকলৰ ‘আলি আই লৃগাং’ ৰাভাসকলৰ ‘বায়খু’ তিৱাসকলৰ ‘হুগ্ৰামিচাবা’, শৰণীয়াসকলৰ ‘বাঁ-গোসাই’ উৎসৱ উল্লেখ কৰিব পাৰি।
বাঁ-গোঁসাই আৰু গোঁসাই ঘৰঃ শৰণীয়াসকলৰ প্ৰত্যেক গাঁৱতে একোটাকৈ গোঁসাই ঘৰ থকাটো বৈশিষ্ট্য। এই গোঁসাই ঘৰৰ পৰাই শৰণীয়াসকলে ব’হাগ বিহুত এক ব’হাগৰ পৰা ছয় ব’হাগলৈ ‘বাঁ-গোঁসাই’ উলিয়াই গাঁৱে গাঁৱে পৰিভ্ৰমন কৰে। পূৰ্ব-পৰম্পৰাগত ভাৱে চলি অহা এই ‘বাঁ-গোঁসাই’ উৎসব শৰণীয়াসকলৰ জাতীয় উৎসৱ।
ব’হাগত গৰু বিহুৰ দিনা গৰুৰ¸ গা-ধুৱাই উঠি বাঁ-গোঁসাই সজোৱা হয়। ইয়াক বাঁ-গোঁসাই বন্ধা বুলিও কোৱা হয়। ইয়াৰ ওপৰত বগা কাপোৰৰ জামা পিন্ধাই দিয়া হয়। এই কাপোৰৰ (জামা) ওপৰতেই ৰুমাল, চোৱাৰ আদি গাঁঠি দি গোটেই বাঁহডাল সুন্দৰকৈ সজাই তোলা হয়। বাঁহ ডালৰ ওপৰত এটা পিতলৰ/ৰূপৰ চ’লা (মুকুট) পিন্ধাই তাত তেল, সেন্দুৰ সানি ফুলৰ মালা পিন্ধোৱা হয়। তাৰ পিছত গোঁসাই ঘৰৰ চাৰিওফাল সাতপাক ঘূৰাই আগত থাপনা পাতি ধূপ-ধুনা জ্বলাই পূজা কৰি নতুন বছৰৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰা হয়। পিছদিনা ব’হাগৰ এক তাৰিখৰ পৰা ঢোল, তাল, শংখ, ঘণ্টা আদি বজাই গাঁৱৰ ঘৰে ঘৰে ফুৰিবলৈ আৰম্ভ কৰে। দিনটো বাঁ-গোঁসাই ফুৰাই গধূলি সূৰ্য্য অস্ত যোৱাৰ লগে লগে বাঁ-গোঁসাই ফুৰোৱা সামৰণি মাৰি গোঁসাই ঘৰত সুমুৱাই থোৱা হয়।
এইদৰে এক ব’হাগৰ পৰা পাঁচ ব’হাগলৈ গাঁৱে গাঁৱে পৰিভ্ৰমন কৰাৰ পিছত ছয় ব’হাগৰ দিনা অসমৰ সকলো বাঁ-গোসাই’ কোনো এক নিৰ্দ্দিষ্ট স্থানত সমবেত হৈ শৰণীয়াসকলৰ ইষ্ট দেৱতা ‘বাঁ-গোঁসাই’ক সমবেত ভাৱে পূজা অৰ্চনা কৰি এই জাতীয় উৎসৱৰ সামৰণি মাৰে আৰু সাত ব’হাগত বাঁ-গোঁসাই গোসাই ঘৰত সুমুৱাই থয়।
বাঁ-গোঁসাই পূজাঃ বাঁ-গোসাই পূজা ব’হাগৰ পুৰ্ণিমা তিথিৰ পালন কৰা হয়। উক্ত দিনা গোসাঁই ঘৰত ৰাইজৰ মঙ্গলৰ কাৰণে হোমপুৰি ‘বাঁ-গোসাই’ক পূজা কৰা হয়। পূজাৰ শেষত ‘বাঁ-গোসাই’ক গোসাই ঘৰৰ চাৰিওফাল সাত পাক ঘূৰাই পুনৰ গোসাই ঘৰত সুমুৱাই বাহ ডালৰ পৰা ৰুমাল, চোৱৰ আদি খুলি বাকচত ভৰাই থোৱা হয়। বাঁহ ডাল চোঁ ঘৰত থৈ পুৰণি বাঁহ ডাল উলিয়াই আনি তাত পুৰণি ৰুমাল, কাপোৰ আদি আঁৰি দি বিসৰ্জন দিয়াৰ বাবে ভেলত তোলা হয়। ভেলত বিসৰ্জনৰ সম্ভাৰবোৰ তোলা হোৱাৰ পিছত ভেলখন পাঁচজন ডেকা ল’ৰাই কান্ধত তুলি লৈ ঢোল-তাল বজাই নদীত বিসৰ্জন দিয়ে। ইয়াৰ পিছতে গোসাইৰ ওচৰত সেৱা জনাই বছৰটোৰ বাবে ‘বাঁ গোসাই’ পূজাৰ সামৰণি মাৰে।
বাম্বোল পিতা উৎসৱঃ বাম্বোল পিতা উৎসৱ শৰণীয়াসকলৰ এতি উজ্জল সংস্কৃতি। এই বাম্বল পিতা উৎসব ভাদমাহৰ পূৰ্ণিমা তিথিৰ পৰা পাঁচ দিন ধৰি পালন কৰা হয়। বাম্বোলৰ অৰ্থ হ’ল— বাম মানে বাঁহ আৰু বোল মানে হ’ল টুকুৰিয়াই গোৱা বা কোৱা।সেয়ে গাঁৱৰ ডেকা ল’ৰাবোৰ নিজৰ কান্ধৰ সমানকৈ একোডাল বাঁহৰ টোকন কাটি লয় আৰু এডাল সৰু বাঁহৰ টুকুৰাৰে দীঘল বাঁহ ডালত গীতৰ তালে তালে টুকুৰিয়াই গায়। এই দৰে গাঁৱৰ প্ৰতি ঘৰে ঘৰে গৈ এই গীত গোৱা হয়।
ম’হ খেদা উৎসৱঃ ম’হ খেদা উৎসৱ আঘোন মাহৰ পূৰ্ণিমাৰ তিথিৰ পৰা পাঁচ দিন পালন কৰা হয়। এই উৎসৱক ভালুক নচুওৱা উৎসৱ বুলিও কোৱা হয়। কিয়নো এই উৎসবত ডেকা লৰাই ম’হ খেদিবলৈ যাওঁতে এজনক শুকান কল পাতেৰে মেৰিয়াই ভালুক সজাই লৈ যায় আৰু ম’হ খেদা গীতৰ মাজৰ পৰা ভালুকক গীতৰ জৰিয়তে আহ্বান জনায়। ভালুকে জাপ মাৰি আহি গীতৰ তালে তালে নৃত্য কৰিবলৈ ধৰে।
অন্যান্য পূজা পাতলঃ শৰণীয়া সকলে অতীজৰে পৰা বছৰত কেইবাটাও পূজা-পাতল কৰি আহিছে। তাৰ ভিতৰত ১। বাটৰ পূজা, ২। গোঁসানী পূজা, ৩। বাঁ-গোসাঁই পূজা, ৪। চিদ্ৰা গোসাঁনী পূজা, ৫। জলকুঁৱৰী পূজা, ৬। হুকাৰ ভঙা পূজা, ৭। শোব লগা পূজা আদি নানা ধৰণৰ পূজা কৰি আহিছে। লোক বিশ্বাস যে এই পূজা-পাতল কৰিলে বেমাৰ-আজাৰ, ভূত-প্ৰেত আদিৰ পৰা ৰক্ষা পাব পাৰি।
এইবোৰ সংস্কৃতিৰ উপৰি শৰণীয়াসকলৰ মাজত আন কেতবোৰ সংস্কৃতি আছে। তাৰ ভিতৰত সমূহীয়া ভাৱে জাকৈৰে মাছ মৰা, মাঘৰ বিহুত দল ভাত খোৱাৰ বাবে সমূহীয়া পহু চিকাৰত যোৱা, চেপা- চহৰা পাতি মাছ ধৰা, মাঘ বিহুত দলগত ভাৱে ঘৰে ঘৰে গৈ বহুৰঙী নৃত্য কৰি মদখোৱা ইত্যাদি।