জনগোষ্ঠীয় পৰিচয়

বড়োসকলৰ লোক উৎসৱ - এক বিশ্লেষণাত্মক অধ্যয়ন

post

Share

লেখক অসীম শইকীয়া

সংস্কৃতি এটা জাতিৰ জাতীয় জীৱনৰ বোঁৱতী সুঁতিৰ দৰে। সৰু-বৰ বিভিন্ন জাতিৰ সাংস্কৃতিক উপাদানৰ জান-জুৰিৰে এক জাতীয় সংস্কৃতি গঢ়াত সহায় কৰে। অসম তথা উত্তৰ-পূৰ্বাঞ্চল জাতি-জনগোষ্ঠীৰ মিলনথলী। এই অসম তথা উত্তৰ-পূৰ্বাঞ্চল এখন ভাষাগত ক্ষেত্ৰই নহয়, ই এখন উমৈহতীয়া ক্ষেত্ৰস্বৰূপ হৈ উঠিছে আৰু ভিন ভিন মূলৰ জাতি-জনগোষ্ঠীৰ মাজত ঐক্যৰ মাজত অনৈক্যৰ ধাৰণা প্ৰবল হৈ পৰা দেখা গৈছে। জাতি-জনগোষ্ঠীৰ ভূ-স্বৰ্গস্বৰূপ উত্তৰ-পূৰ্বাঞ্চলত বিভিন্ন মূলৰ জনগোষ্ঠীৰ মিলনৰ ফলত এক সমন্বয়ৰ সংস্কৃতিয়ে গাঢ় কৰি উঠিছে। উত্তৰ-পূব ভাৰত বিভিন্ন জাতি-জনগোষ্ঠীৰ উমৈহতীয়া সংস্কৃতিৰ সংগমস্থলী। প্ৰত্যেক জাতি-জনগোষ্ঠীৰে নিজা সংস্কৃতি আছে। এই সংস্কৃতিয়েই কোনো এটা জাতিৰ আত্মিক পৰিচয় বহন কৰা দেখা যায়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ ভিতৰত বড়োসকল অন্যতম। বড়োসকলৰ সাংস্কৃতিক দিশৰ অন্যতম এটা দিশ হ’ল লোক উৎসৱসমূহ। বড়োসকলৰ লোক উৎসৱ - এক বিশ্লেষণাত্মক অধ্যয়ন এই আলোচনা পত্ৰৰ মূল অভীষ্ঠ।

সেয়ে প্ৰস্তাৱিত অধ্যয়নত বড়োসকলৰ লোক উৎসৱসমূহৰ এক বিশ্লেষণাত্মক অধ্যয়নক প্ৰধানভাৱে অধ্যয়নৰ ভিতৰত ৰখা হৈছে। সামগ্ৰিক ৰূপত বড়োসকলৰ লোক উৎসৱ - এক বিশ্লেষণাত্মক অধ্যয়নক মূল লক্ষ্য হিচাপে লোৱা হৈছে। বড়োসকলৰ মাজত প্ৰচলিত লোক উৎসৱৰ বিষয়ে গুৰুত্বপূৰ্ণভাৱে থূলমূল আলোচনা কৰাই হ’ল আলোচনাৰ মূল অভীষ্ঠ।

সংস্কৃতি এটা জাতীয় জীৱনৰ  ধাৰা। অসমত বাস কৰা জনজাতিসমূহৰ ভিতৰত বড়োসকল অন্যতম। বড়োসকলৰ মাজত প্ৰচলন হৈ থকা পৰম্পৰাগত লোক উৎসৱৰ এক অধ্যয়নৰ দিশ আলোচনাত দাঙি ধৰাৰ যত্ন কৰা হৈছে। এই অধ্যয়নত বড়োসকলৰ পৰম্পৰাগতভাৱে পালন কৰি অহা লোক উৎসৱসমূহৰ বিষয়ে গুৰুত্বসহকাৰে আলোচনা কৰাৰ যত্ন কৰা হৈছে। বড়োসকলৰ লোক উৎসৱ - এক বিশ্লেষণাত্মক অধ্যয়ন শীৰ্ষক দিশ আলোচনা কৰোঁতে প্ৰধানকৈ বিশ্লেষণাত্মক পদ্ধতিৰ সহায় লোৱা হৈছে।

বড়ো জনগোষ্ঠীৰ এক চমু পৰিচয়ঃ

অসম তথা উত্তৰ-পূৰ্বাঞ্চল শতাধিক জাতি-জনজাতিৰ বাসভূমিয়ে নহয় মিলনভূমিও। অসম তথা উত্তৰ-পূৰ্ব ভাৰতত বড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰাচীন কালৰে পৰা বসবাস কৰি অহা দেখা যায়। এই বড়োসকলক পণ্ডিতসকলে চীনো-তিববতীয় মঙ্গোলীয় গোষ্ঠীৰ মানুহ বুলি ঠাৱৰ কৰিব খোজে। এওঁলোক বৃহৎ চীন-তিববতীয় পৰিয়ালৰ অন্তৰ্গত তিববত-বৰ্মী শাখাৰ অন্তৰ্গত। “পণ্ডিতসকলৰ মতে খ্ৰীষ্টপূৰ্ব দুহেজাৰ বছৰৰ পূৰ্বে চীনদেশৰ উত্তৰ-পশ্চিম অঞ্চলত বড়োসকলৰ বাসস্থান আছিল। কালক্ৰমত বড়োসকলে সেই ঠাইৰ পৰা দক্ষিণ-পূব এছিয়াত সিঁচৰতি হৈ পৰে।” বড়ো শব্দৰ অৰ্থ পুৰণি বড়ো ভাষাত মানুহ হিচাপে ব্যৱহাৰ আছিল, বৰ্তমানেও ইয়াৰ ব্যৱহাৰ হৈ অহা দেখিবলৈ পোৱা হয়। অসমৰ ভৈয়াম অঞ্চলত বসবাস কৰা জনজাতিসকলৰ ভিতৰত বড়োসকল প্ৰধানতঃ কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলতে থূপ খাই আছে যদিও অসমৰ প্ৰায়কেইখন ভৈয়ামৰ জিলা আৰু পাৰ্বত্য জিলাৰ বাহিৰেও পশ্চিমবংগ, মেঘালয়, নাগালেণ্ড, অৰুণাচল আদিৰ লগতে বহিঃৰাষ্ট্ৰ বাংলাদেশ-ভূটান-নেপালতো বড়ো জনসংখ্যা পোৱা যায়।

“বড়ো জনগোষ্ঠীৰ লোকসকল ঘাইকৈ শৈৱ পন্থাৰ সৈতে সম্পৰ্কিত বাথৌ-পন্থীয় লোক হ’লেও কিছুসংখ্যক সনাতন, বৈষ্ণৱ আদি হিন্দু ধৰ্মৰ বিভিন্ন পন্থাৰ আৰু খ্ৰীষ্টধৰ্মীয় লোকো নথকা নহয়।” বড়োসকলৰ অধিকাংশই পৰ্বত-ঝাৰণি, নদীৰ পাৰত বাস কৰা দেখা যায়। তেওঁলোকৰ প্ৰধান জীৱিকাৰ ভিতৰত ধানখেতিয়ে প্ৰধান। সেয়ে তেঁওলোকে ধানখেতিৰ উপযোগী পথাৰ গৰু, ম’হ চৰিবৰ বাবে ঘাঁহনি পথাৰ, মাছ-পুঠি পাবৰ বাবে নদী, খাল-বিল, খৰি-খেৰ পাবৰ বাবে ওচৰত ঝাৰণিৰ সুবিধা থকা ঠাইত বড়োসকলে বসতি স্থাপন কৰা দেখা যায়। বড়োসকল অতি পৰিশ্ৰমী আৰু সৌন্দৰ্যৰ উপাসক হোৱা দেখা যায়। তেঁওলোকৰ ভিতৰত পুৰুষতকৈ তিৰোতা অধিক সৌন্দৰ্যশালী। বড়োসকলৰ গাৰ বৰণ কেঁচা হালধীয়া বৰণ হোৱা দেখিবলৈ পোৱা যায়।

বড়ো জনগোষ্ঠী কলা-সংস্কৃতিৰে ভৰপূৰ এটা জাতি। তেঁওলোকৰ নিজা ৰীতি-নীতি, সভ্যতা, ভাষা, কৃষ্টি, সংস্কৃতি আৰু ধৰ্মবিশ্বাস আছে। সংস্কৃতি যিহেতু এটা জাতিৰ জীৱনশৈলী, সংস্কৃতিৰ জৰিয়তে এটা জাতিৰ আচাৰ-আচৰণ, উৎসৱ-পাৰ্বণ, ধৰ্মীয় বিশ্বাস, সংস্কাৰ আদিৰ পৰিচয় পাব পৰা হয়। বড়োসকলৰ সামাজিক জীৱনৰ সৈতে এনে বহুতো সাংস্কৃতিক দিশ জড়িত হৈ আছে যি তেঁওলোকক এটা সমৃদ্ধিশালী জনগোষ্ঠীৰূপে পৰিচয় দিয়াত সহায় কৰিছে। বড়োসকল অসমৰ ভূমিপুত্ৰ জাতি-জনজাতিসকলৰ ভিতৰত অন্যতম। বড়োসকলৰ নিজা ভাষা আছে, যাক আমি বড়ো ভাষা বুলি কওঁ। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনজাতিৰ ভাষাতকৈ বড়ো ভাষা উন্নত বুলি ক’ব পৰা হয়। “বড়ো সাহিত্য সভাৰ দ্বাৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত ক’ব পাৰি যে বড়ো ভাষা-ভাষী লোকৰ সংখ্যা প্ৰায় ছয় লাখৰ কম নহয়।” 

বড়োসকল বিশেষকৈ পিতৃপ্ৰধান হোৱা দেখিবলৈ পোৱা যায়। তেঁওলোকৰ মাজত পুৰুষ আৰু নাৰীৰ শ্ৰম বিভাজন কৰা দিশৰ ছবি স্পষ্ট। বড়োসকল সাজপাৰৰ ক্ষেত্ৰত বিশেষভাৱে আগবঢ়া। তেঁওলোকে সেউজীয়া, ৰঙা, হালধীয়া, সৰিয়হফুলীয়া আদি উজ্জ্বল ৰঙৰ ঘৰতে প্ৰস্তুত কৰা সাজপাৰ পৰিধান কৰা দেখা যায়। এনেদৰে বড়োসকলৰ এটা পৰিচয় কম পৰিসৰৰ ভিতৰত আলোচনা কৰিব পাৰি।

বড়োসকলৰ লোক উৎসৱৰ এক বিশ্লেষণাত্মক অধ্যয়নঃ

অসমৰ ভৈয়াম অঞ্চলত বসবাস কৰা জনজাতিৰ ভিতৰত বড়োসকল অন্যতম। ভৌগোলিক দিশত এওঁলোকৰ বসতি স্থান ঘাইকৈ অসমৰ উত্তৰ-পশ্চিম অঞ্চল আৰু উত্তৰ কাছাৰ অঞ্চল। বড়োসকলে পূৰ্বৰে পৰা কৃষি কৰ্মৰ সৈতে জড়িত আছিল। তেঁওলোকৰ প্ৰধান জীৱিকা আছিল কৃষি।

লোক উৎসৱ বিশ্বৰ সকলো সভ্যতা সংস্কৃতিৰেই এক অবিচ্ছেদ্য অংগ। আদিম আৰু আধুনিক, চহা আৰু সম্ভ্ৰান্ত সকলো সমাজ  ব্যৱস্থাতে অতীজৰে পৰা বেলেগ বেলেগ ৰূপত লোক উৎসৱসমূহ উদযাপিত হৈ আহিছে। উৎসৱ প্ৰকৃততে সামাজিক ব্যৱহাৰৰ বহিঃপ্ৰকাশ। অসমৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত বাস কৰা বিভিন্ন জনগোষ্ঠীৰ সংহতি, সংমিশ্ৰণ আৰু সমন্বয়ে অসমত এক বহুমুখী আৰু বহুৰঙী সংস্কৃতিৰ সৃষ্টি কৰিছে। বড়োসকলৰ মাজত পৰম্পৰাগতভাৱে লোক উৎসৱৰ প্ৰচলন দেখিবলৈ পোৱা যায়। এওঁলোকৰ মাজত প্ৰচলন থকা ৰংজালি বৈশাগু, খেৰাই, বাথৌ পূজা, কাতি গাছা (কাতি বিহু), দোমাছি বা দংমাছি বা মাগৌ (মাঘবিহু), আদি কৃষিভিত্তিক লোক উৎসৱসমূহৰ চমু আলোচনা কৰিবলৈ যত্ন কৰা হৈছে।

ৰংজালি বৈশাগুঃ

বড়োসকলৰ লোক উৎসৱসমূহৰ ভিতৰত ৰংজালি বৈশাগু অন্যতম। বিহু বিশেষভাৱে দুটা শব্দৰে উৎপত্তি হোৱা বুলি বিশ্বাস কৰে। বি আৰু হৌ, বি- খোজা আৰু হৌ- দিয়া, বিহৌ- বিহু। এক কথাত বিহুৰ দিনত মাগা আৰু লোৱা। বড়োসকলে বিহুৰ দিনত প্ৰতি ঘৰে ঘৰে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ গৈ নাচি-বাগি বৈশাগু মাগিবলৈ যায় আৰু গৃহস্থই পাৰে মানে ধান-চাউল, টকা-পইচা আদি আগবঢ়ায়। অন্যান্য জাতি-জনজাতিসকলৰ দৰে বড়োসকলেও অসমত পালন কৰা ৰঙালী বিহুকে ৰংজালি বৈশাগু হিচাপে পালন কৰা দেখা যায়। বড়োসকলে মানুহ বিহুৰ দিনা গুৰুজনাক ভক্তি মাগিলে তেঁও আশীষ দিয়ে আৰু পিতৃ-মাতৃৰ ওচৰত আশীষ ল’লে স্নেহ আৰু আশীৰ্বাদ দিয়ে বুলি বিশ্বাস কৰে। বড়োসকলৰ মাজত বিহু শব্দৰ তাৎপৰ্য হিচাপে দিয়া আৰু লোৱা কাৰ্যৰ প্ৰচলন আছে।

বড়ো জনগোষ্ঠীৰ মাজত প্ৰচলন থকা বিভিন্ন উৎসৱসমূহৰ ভিতৰত ৰংজালি বৈশাগু অন্যতম। অন্যান্য জাতি-জনজাতিৰ দৰে চ’ত-ব’হাগৰ সংক্ৰান্তিৰ পৰা বৈশাগু উৎসৱ আৰম্ভ হয়। বড়ো ভাষাৰ বৈশাগু শব্দৰ অৰ্থ হ’ল- বৈচ মানে (বছৰ) আৰু আগৌ মানে (আগৰ বা প্ৰথম)। অৰ্থাৎ বছৰৰ আগ বা বছৰৰ প্ৰথম।  বৈশাগু প্ৰধানতঃ কৃষি উৎসৱ হ’লেও এই উৎসৱৰ লগত তেওঁলোকৰ ৰং-ৰহইচ, উৎসাহ-উদ্দীপনা, আৱেগ-অনুভূতিৰ মাজেদি সমাজৰ প্ৰকৃত স্বৰূপ সুন্দৰভাৱে প্ৰকাশ পোৱা  দেখা যায়। বসন্তৰ লগে লগে প্ৰকৃতি ঋতুমতী হয় আৰু শস্যসম্ভৱা হৈ উঠে। প্ৰকৃতি উৰ্বৰা হোৱাৰ আনন্দতে তেঁওলোকে বৈশাগু উৎসৱ পালন কৰে। বড়োসকলে গৰু বিহুৰ পিছদিনা অৰ্থাৎ নতুন বছৰৰ প্ৰথম দিনটোত খেৰাই পূজাৰ ছত্ৰাৱলি সুৰত বাঁহী বজাই নতুন বছৰক আদৰা দেখা যায়। ইয়াৰ উপৰিও বৈশাগুৰ সময়ত গাঁওসমূহত উলহ-মালহৰ দিশ প্ৰকাশ হয় আৰু বিহুৰ কেইদিনতে উলিয়াই দিব পৰা কইনা উলিয়াই দিয়ে আৰু নতুন কইনা অনাৰ ঘৰত বিয়া-বাৰুৰ যা-যোগাৰ আৰম্ভ হয়। এনেদৰে সাতদিন বিহু পালন কৰি সাত বিহুৰ দিনা বৈশাগু সামৰা দেখিবলৈ পোৱা যায়।

খেৰাই পূজাঃ

অসমৰ অন্যান্য জনগোষ্ঠীৰ দৰে বড়োসকলৰ প্ৰজনন আৰু উৰ্বৰাৰ প্ৰতীক ৰূপত খেৰাই উৎসৱ পালন কৰে। খেৰাই শব্দৰ অৰ্থ হ’ল দেৱী। বড়োসকলে খেৰাইক বতাহ, বৰষুণ, অতিবৃষ্টি, অনাবৃষ্টি, খেতি পথাৰৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে মানি অহা দেখা যায়। ইয়াৰে ‘খ’ শব্দই আকাশক বুজায়, ‘ই’ শব্দ হ’ল ব্ৰহ্মবাচক, ‘ৰ’ শব্দই তেজ বা অগ্নিক বুজায়। অৰ্থাৎ খেৰাই দেৱী হ’ল শক্তিৰূপিণী দেৱী যি ধন, জন, ঐশ্বৰ্যৰ গৰাকী, আৰু  প্ৰাণ সঞ্চাৰিণী দেৱী হিচাপে বড়োসকলে বিশ্বাস কৰে। ব’হাগ বিহুৰ দৰে খেৰাই উৎসৱ এক বসন্তকালীন কৃষিভিত্তিক উৎসৱ। এই উৎসৱ সাধাৰণতে আহিন-কাতি মাহত খেতি চপোৱাৰ আগে আগে পালন কৰা হয়। সিজু গছক বাথৌ দেৱতা হিচাপে গণ্য কৰি বড়োসকলে পৰম্পৰাগত  ‘খেৰাই পূজা’ পালন কৰা দেখা যায়। ইয়াৰ পাছতে সকলোৱে মদ খায় আৰু সমূহীয়াভাৱে নৃত্য কৰে। খেৰাইৰ ব্যুৎপত্তিগত অৰ্থ এচাম পণ্ডিতে এনেদৰে আগবঢ়োৱা দেখা যায়- খেৰাই হ’ল খাৰ + আই। অৰ্থাৎ খাৰ মানে দৌৰা বা গতি কৰা আৰু আই মানে হৈছে গোঁসানী। আইমাতৃক সন্তুষ্ট কৰিবৰ বাবে কৰা নৃত্যই হ’ল খেৰাই নৃত্য। কোনো কোনো পণ্ডিতে খেৰাই শব্দক এনেদৰে ভাঙিব খোজে- ‘খ’ৰ অৰ্থ আঠু কঢ়া, ‘ৰা’ মানে সম্বোধন কৰা আৰু ‘ই’ৰ অৰ্থ হ’ল ঈশ্বৰৰ উদ্দেশ্যে নৃত্য। 

খেৰাই নৃত্যৰ জৰিয়তে কৃষিৰ অধিপতিক সন্তোষ দি কৃষিতলীত যাতে প্ৰচুৰ শস্যৰ উৎপাদন হয় তাৰ কামনা বড়োসকলৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলন হৈ অহা দেখা যায়। বাথৌ দেৱতাৰ সন্মুখত বিভিন্ন উপচাৰ, বলিৰ জীৱ-জন্তু, পশু-পক্ষী থৈ দেওধনীয়ে পূবলৈ মুখ কৰি গমাৰী কাঠৰ পীৰাত বহে। ওজাজনে পিছফালে বহি আঠু লৈ মন্ত্ৰ মাতে, তেওঁৰ পিছতে অন্যান্য বুঢ়া-মেথাসকলে বহা দেখা যায়। ইয়াৰ বিপৰীতফালে খেৰাই নৃত্য চলি থাকে, পূজা শেষ হোৱাৰ পাছতো এই নৃত্য-গীত চলি থকা দেখা যায়। খাম, চিফুং, ৰিঙি, ৰামতাল, ওৱা, খোৱাং, বঙ্গনা আদি বাদ্য বজাই এই নৃত্য কৰা দেখা যায়। বড়োসকলৰ বসন্তকালীন খেৰাই উৎসৱ আৰু নৃত্যক জাতীয় উৎসৱ হিচাপে চিহ্নিত কৰিব পাৰি।

বাথৌ পূজাঃ

অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্ট অৱদান আগবঢ়োৱা  জনগোষ্ঠী হৈছে বড়ো জনগোষ্ঠী। বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক সমলৰ ভিতৰত বাথৌ অন্যতম। বাথৌ মানে পাঁচবিধ মাহাত্ম্য শক্তি (বা- পাঁচ, থৌ- গভীৰ)। এই মাহাত্ম্য শক্তি হ’ল বিশেষকৈ সূৰ্য (স্নান), পানী (দৈ), আকাশ (আখ্যাং), মাটি (হা) আৰু বতাহ (বাৰ)। বড়োসকলৰ মতে বাথৌ হ’ল সৰ্বশক্তিমান ঈশ্বৰ। বড়ো জনগোষ্ঠীৰ লোকসকলে বছৰৰ আৰম্ভণি আৰু কাতি বা আঘোণ বা মাঘ মাহত দুবাৰ পৰম্পৰাগতভাৱে বাথৌ পূজা পালন কৰা দেখিবলৈ পোৱা যায়। তেঁওলোকে বাথৌ সামাজিক আৰু ঘৰুৱা দুই প্ৰকাৰত পালন কৰা দেখিবলৈ পোৱা যায়। বড়ো সমাজত পূজাৰ বাবে ঘৰৰ উত্তৰ-পূব দিশত সিজুগছ ৰুই তাৰ গুৰিত বাঁহৰ কামিৰে বেৰ দি বেদী তৈয়াৰ কৰে। বড়োসকলে বিশ্বাস কৰে যে সিজুগছ ৰক্ষণাবেক্ষণৰ প্ৰতীক। বাথৌ পূজাত সিজুগছৰ তলতে তুলসী গছৰ ব্যৱহাৰ মন কৰিবলগীয়া।

বাথৌ পূজাত সোণ-ৰূপৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়, ইয়াৰ ব্যৱহাৰ প্ৰধানতঃ শান্তি পানীৰ বাবে। বড়োসকলৰ বাথৌ পূজাত গাহৰি, মূৰ্গী, হাঁহ, পাৰ দআদি বলি দিয়াৰ বিধান থকা দেখা যায়। এই পূজা চলি থকাৰ সময়ত বেদীৰ চাৰিওকাষে হাতত ঢাল-তৰোৱাল লৈ দেওধনীয়ে নৃত্য কৰে। ইয়াক খেৰাই নৃত্য বুলি কয়। বৰ্তমান সময়ত বড়োসকলৰ মাজত প্ৰচলিত বাথৌ পূজাত প্ৰসাদ হিচাপে মাহ প্ৰসাদৰ ব্যৱহাৰ দেখা যায় যদিও কোনো কোনো স্থানত বলি প্ৰথাৰ প্ৰচলন থকা দেখিবলৈ পোৱা যায়। বৰ্তমান খেৰাই নৃত্য প্ৰচলিত আছে যদিও পূজাটোক খেৰাই নুবুলি বাথৌ বুলিহে কোৱা দেখা যায়। বড়োসকলৰ বাথৌ কৃষিৰ সৈতে সম্পৰ্কিত এক লোক উৎসৱ। “বৰ্তমানে বাথৌ দেৱতাক লৈ কৰা পূজাই পিছলৈ খেৰাই পূজা গুচি বাথৌ পূজালৈ পৰিৱৰ্তন হয় বুলি বিভিন্নজনে মত প্ৰকাশ কৰা দেখা যায়।” এনেদৰে বড়ো জনগোষ্ঠীৰ বাথৌ পূজাৰ বিষয়ে আলোচনা কৰা হ’ল।

কাতি গাছাঃ

আহিনৰ শেষত সূৰ্যই তুলা ৰাশিত স্থিত হোৱা কালত পশ্চিম অসমত অনুষ্ঠিত হয় কাতি গাছা অৰ্থাৎ কাতি বিহু। অন্যান্য লোকসকলৰ লগতে বড়োসকলেও কাতি গাছা উৎসৱ পালন কৰা দেখা যায়। প্ৰায় পঞ্চল্লিশ ছেণ্টিমিটাৰ উচ্চতাৰ তিনিডাল বাঁহ, কাঠ বা বাকলি গুচোৱা মৰাপাটৰ শুকান গা-গছেৰে সজা গছাত মাটিৰ চাকি বা ঔটেঙাৰ বাকলিত কপাহৰ শলিতাৰে মিঠাতেলৰ বন্তি প্ৰজ্বলন কৰি লক্ষ্মীৰ নামত নৈবেদ্য আগবঢ়োৱাটোৱে এই উৎসৱৰ মূল কথা। পোক-পৰুৱা আৰু কীট-পতংগই খেতি নষ্ট নকৰাৰ উদ্দেশ্যে কৃষিক্ষেত্ৰত বন্তি জ্বলোৱাৰ নিয়ম দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও খেতি-বাতি বিনষ্ট নহ’বৰ বাবে পৰিয়ালৰ স্বৰ্গীয় পূৰ্বপুৰুষসকলৰ আশীৰ্বাদ বিচাৰি শৰাই আগবঢ়োৱা দেখিবলৈ পোৱা যায়।

দোমাছি ! দংমাছি ! মাগৌঃ

বড়োসকলে এই উৎসৱ খেতি চপাই শেষ হোৱাৰ অন্তত সকলোৱে উলহ-মালহেৰে দোমাছি উৎসৱ পালন কৰা দেখা যায়। গৰখীয়া, ডেকা ল’ৰাবোৰে পথাৰত ভেলাঘৰ সাজি উৰুকাৰ দিনা ভোজভাত খাই স্ফূৰ্তি কৰে। পাছদিনা অৰ্থাৎ পুহ মাহৰ শেষৰ দিনা ৰাতিপুৱা গা-পা ধুই ভেলাঘৰ জ্বলাই জুই পূজা কৰা দেখা যায়। মাঘৰ প্ৰথম দিনটো বড়োসকলে পৱিত্ৰ দিন হিচাপে পালন কৰে। সেইদিনা ৰাতিপুৱা সকলোৱে গা-পা ধুই নতুন সাজপাৰ পৰিধান কৰি ডাঙৰক সেৱা কৰা দেখা যায়। ইয়াৰ বাহিৰেও এই দিনটোত গাঁৱৰ সকলো এক হৈ বাথৌ মন্দিৰত গৈ ভগৱানৰ আশীৰ্বাদ লয়। দোমাছি উৎসৱ বড়োসকলৰ মাজত প্ৰচলন থকাৰ দৰে অন্যান্য জনগোষ্ঠীৰ মাজত অন্যান্য নামেৰে প্ৰচলন থকা দেখা যায়।

এনেদৰে থূলমূল পৰিসৰৰ মাজত বড়ো জনগোষ্ঠীৰ লোক উৎসৱৰ বিষয়ে আলোচনা আগবঢ়োৱা হ’ল।

উপসংহাৰঃ

আলোচনাৰ পৰা উপনীত হোৱা সিদ্ধান্তসমূহঃ

(ক) অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বাস কৰা অন্যতম সংস্কৃতিৱান জনগোষ্ঠীসমূহৰ ভিতৰত বড়োসকল অন্যতম জনগোষ্ঠী।

(খ) বড়ো জনগোষ্ঠীৰ লোকসকলে পুৰণি সমাজ, ৰীতি-নীতি, ভাষা-কৃষ্টিক খামুচি ধৰি ৰখাৰ চেষ্টা কৰা দেখা গৈছে।

(গ) বড়ো জনগোষ্ঠীৰ লোকসকলৰ মাজত প্ৰচলিত লোক উৎসৱসমূহ কৃষিকেন্দ্ৰিক হোৱা দেখা যায়। এই কৃষিকেন্দ্ৰিক উৎসৱ বিশেষকৈ উৰ্বৰা বিশ্বাসৰ সৈতে সম্পৰ্কিত।

(ঘ) বড়ো জনগোষ্ঠীৰ লোক উৎসৱসমূহ উপাস্য দেৱতা বাথৌক সন্তুষ্ট কৰাৰ উদ্দেশ্যে কৰাৰ দেখা যায়।

প্ৰসংগ সূত্ৰঃ

১. প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য্য (সম্পা.), অসমৰ জনজাতি, পৃ. ৪২

২. উল্লিখিত, পৃ. ৪২

৩. উপেন ৰাভা হাকাচাম, অসমীয়া আৰু অসমৰ জাতি জনগোষ্ঠীঃ প্ৰসঙ্গ- অনুষঙ্গ, পৃ. ৩৩৫

৪. থগেন্দ্ৰ চুতীয়া, জিতু কুমাৰ চমুৱা (সম্পা.), অসমীয়া সাহিত্য আৰু সংস্কৃতি, পৃ. ৩৪২

৫. উল্লিখিত, পৃ. ৩৫০

৬. নাৰায়ণ দাস (মুখ্য সম্পা), অসমৰ সংস্কৃতি-কোষ, পৃ. ১৬১

৭. উল্লিখিত, পৃ. ১৬১

সহায়ক গ্ৰন্থপঞ্জীঃ

গগৈ, লোকেশ্বৰঃ অসমৰ লোক-সংস্কৃতি, দ্বিতীয় প্ৰকাশ, ক্ৰান্তিকাল প্ৰকাশ, নগাওঁ ২০১১।

চুতীয়া, থগেন্দ্ৰঃ অসমীয়া সাহিত্য আৰু সংস্কৃতি, কস্তুৰী প্ৰিণ্টাৰ্চ এণ্ড পাব্লিচাৰ্চ জি. কে. চমুৱা, জিতু কুমাৰ (সম্পা.) মাৰ্কেট, প্ৰথম প্ৰকাশ ২০১৩।

দাস, নাৰায়ণ (মুখ্য সম্পা.)ঃ অসমৰ সংস্কৃতি-কোষ, জ্যোতি প্ৰকাশ, প্ৰথম প্ৰকাশ ২০০৯।

ভট্টাচাৰ্য্য, প্ৰমোদচন্দ্ৰ (সম্পা )ঃ অসমৰ জনজাতি, অসম সাহিত্য সভা, তৃতীয় প্ৰকাশ, ২০০৮।

হাকাচাম, উপেন ৰাভাঃ অসমীয়া আৰু অসমৰ জাতি-জনগোষ্ঠীঃ প্ৰসঙ্গ-অনুষঙ্গ, কিৰণ প্ৰকাশ, প্ৰথম প্ৰকাশ ২০১৩।

আপুনিও ভাল পাব পাৰে!