জনগোষ্ঠীয় পৰিচয়

অসমৰ ভূমিপুত্ৰ সোনোৱালসকলৰ পৰিচয়

post

Share

লেখকঃ ড০ গুণীন শইকীয়া

সোনোৱাল কাছাৰীসকল পৃথিৱীৰ দ্বিতীয় বৃহৎ ভাষা পৰিয়াল চীন-তিব্বতীয় ভাষাগোষ্ঠীৰ অন্তৰ্গত তিব্বত বৰ্মী-ভাষী মংগোলীয় লোক। প্ৰাগ্‌ ঐতিহাসিক কালৰ কোনো কোনো এটা সময়ত তিব্বত-বৰ্মী-ভাষী মংগোলীয় লোকৰ দল এটাই তেওঁলোকৰ আদি বাসস্থান চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা দক্ষিণলৈ প্ৰব্ৰজন কৰি ম্যানমাৰৰ উত্তৰ-পূব অঞ্চলত উপনীত হয় আৰু তাৰ পৰা তেওঁলোকৰ এটা দলে হিমালয়ৰ পাদদেশেৰে পশ্চিমলৈ গতি কৰি তিব্বত, ভূটান, নেপাল আদি ঠাইত বসতি স্থাপন কৰে৷ পিছলৈ তেওঁলোকৰ কোনো কোনো লোক তাৰ পৰা দক্ষিণলৈ গতি কৰি ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা আৰু তাৰ দাঁতিকাষৰীয়া পাহাৰবোৰত থিতাপি লয়৷ তেনে লোকেই কাছাৰীসকলৰ আদি পুৰুষ৷ সময়ত কাছাৰীসকল নানান কাৰণত নানান ঠাইত বিস্তাৰিত হৈ পৰে আৰু বিভিন্ন নামেৰে পৰিচিত হ’বলৈ ধৰে। ভাৰত চৰকাৰৰ অনুসূচিত জনজাতিৰ তালিকাত সোনোৱাল কাছাৰীসকল অন্তৰ্ভূক্ত৷ জনসংখ্যাৰ ফালৰ পৰা অসমৰ ভৈয়ামত বাস কৰা জনজাতিবোৰৰ অন্যতম তৃতীয় বৃহৎ জনজাতি হ’ল সোনোৱাল কাছাৰীসকল। বৰ অসমৰ ছটাই পৰ্বত (পাটকাই)ৰ পৰা ত্ৰিপুৰালৈকে আৰু হিমালয়ৰ পাদদেশ মহং-মালিনীৰ পৰা আজিৰ মিজু পাহাৰলৈকে সকলোতে এই সোনোৱাল জনগোষ্ঠীৰ লোক এতিয়াও সিঁচৰতি হৈ আছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লক্ষীমপুৰ, ধেমাজি জিলাৰ উপৰিও কৰ্মসূত্ৰে অসমৰ অন্য জিলাসমূহত তেওঁলোকৰ স্থিতি ৰক্ষা কৰি আছে। ইয়াৰোপৰি চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ডতো তেওঁলোকৰ বসতি দেখা যায়। নাগালেণ্ডৰ ডিমাপুৰ অঞ্চলতো সোনোৱাল কাছাৰী আছে বুলি জানিব পৰা যায়।

মঙ্গোলীয় গোষ্ঠীৰ সোনোৱালসকল অসম প্ৰৱেশ কৰি প্ৰথমতে জড়োপাষক ৰূপে আৰু কালক্ৰমত তেওঁলোকে কিৰাত ধৰ্ম গ্ৰহণ কৰি খেতি-বাতি জীৱন নিৰ্বাহ কৰিছিল। যাতায়তৰ সুবিধাৰ্থে নদী বা পৰ্বতৰ দাঁতিকাষৰীয়া ঠাইত বাস কৰিছিল কাৰণে নদী কাষৰীয়া অৰ্থাৎ কক্ষাত-কচ্ছাত-কচ্চতৰ লগত অৰি যোগ হৈ [কচ্ছ + অৰি] কচ্ছাৰী নামৰ উৎপত্তি হ’ল বুলি পণ্ডিতসকলে মত প্ৰকাশ কৰিছে৷

বহু পণ্ডিতে দাৰ্জিলিঙৰ কাষত মোৰাং ভূখণ্ডত পূৰ্বতে কাছাৰীসকলে বাস কৰিছিল বুলি ক’ব খোজে৷ নেপালীসকলে এই ভূখণ্ডক কচ্ছ দেশ বুলি কয়৷

সুনীতি কুমাৰ চ্যাটাৰ্জী (চট্টোপধ্যায়)ৰ মতেও কাছাৰীসকল প্ৰব্ৰজন কৰি আহি প্ৰথমে ‘কুশী’ নদীৰ পাৰত বাস কৰাৰ কাৰণে তেওঁলোক ‘কুশীয়াৰ’ অঞ্চলটোক কুশাৰীয়াৰ বা কুশীয়াৰৰ কুশাৰ বা কশাৰ-কুশাৰী বা কছাৰী বুলি কৈছে। ‘কুশীয়াৰা’ নদীয়েই ইয়াৰ সাক্ষ্য বহন কৰিছে।

বুৰঞ্জীবিদ নিশিপদ দেৱচৌধুৰীৰ ‘প্ৰাচীন অসমৰ সংস্কৃতি আৰু বুৰঞ্জী’ মতে এখেল মানুহ পশ্চিম ফালৰ পৰা প্ৰব্ৰজন কৰি আহি প্ৰথমে ‘কুশী’ নদীৰ পাৰত বাস কৰিছিল বাবেই কুশীৰ পাৰৰ মানুহ কুশৰীয়া ৰূপে পৰিচিত আৰু এই কুশাৰীয়েই পাছত কছাৰী।

এই জনগোষ্ঠীটোৱে যিবিলাক নদ-নদীৰ পাৰত বসবাস কৰিছিল সেইবিলাক নদ-নদীৰ নাম আগত দি বা টি অক্ষৰ যুক্ত শব্দ ব্যৱহাৰ কৰিছিল। সেইবিলাকৰ ভিতৰত যেনে- দিহিং, দিচাং, ডিব্ৰু দৈয়াং, দিমৌ, দিখৌ, দিগাৰু, দিছৈ, ডাঙৰী, ডুমডুমা, দিৰাক, দিখাৰী, দিক্ৰং, দিল্লীহৰ ইত্যাদি। ‘সোনোৱাল’ শব্দটো আধুনিক অসমীয়া শব্দ নহয়৷ ‘সোনোৱাল’ শব্দটোও ডিমাচা শব্দ সুনবাৰ-সুনুৱাল-সোনোৱাল অৰ্থাৎ উজ্জ্বল আৰু ঐশ্বৰ্যশালী বা সমৃদ্ধিশালী অৰ্থত ব্যৱহৃত হোৱা শব্দহে।

বৰ্তমান নেপাল ৰাষ্ট্ৰৰ পূৰ্বত নিজকে কিৰাতি বুলি পৰিচয় দি থকা ‘সুনুৱাৰ’ জনগোষ্ঠীৰ মানুহৰ ভাষাটো এই ‘সুনুৱাৰ’ শব্দটো পোৱা যায়। গতিকে সোনোৱাল শব্দটো তিব্বত বৰ্মী ভাষাগোষ্ঠীৰ সুনুৱাৰ-সুনুৱাল বৰ্তমানৰ সোনোৱাল শব্দটোৰ নিশ্চয় সম্বন্ধ নথকা নহয়।

মাকুম মামৰণীৰ অখ্যাত ব্যক্তি শ্ৰী লোহিত চন্দ্ৰ আচাৰ্য সোন্যাল খটোৱালদেৱৰ প্ৰযত্নত থকা ‘আদিম-ফাৰ’ দ্বাৰা ৰচিত ‘মহান জাতিৰ ইতিহাসৰ’ৰ পৰা জনা যায় যে সোনোৱালসকলে আহোম ৰাজত্বৰ বহুত পূৰ্বেই সোণ উৎপাদন কৰিছিল। উক্ত ইতিহাসত লিখা মতে আজিৰ সোনোৱাল শব্দটো তেতিয়া ‘সূনুৱাল’ হে আছিল।

ব্ৰিটিছ শাসনকালত প্ৰদান কৰা মাটিৰ পট্টাতো ‘সূনুৱাল’ উপাধিটোহে লিখা হৈছিল। ন বা ণ বেলেগ নাছিল।

কেৱল ‘ণ’ হে আছিল।

উপেন্দ্ৰ চন্দ্ৰ গুহদেৱৰ ‘কাছাৰেৰ ইতিবৃত্ত’ৰ মতে সুনচিৰি নদীৰ পাৰত বসবাস কৰা মানুহখিনিক ‘সূণুৱাল’ বুলি কৈছিল। আজিৰ যি সোৱঁনশিৰী তেতিয়া ‘সূনচিৰি’ বুলিয়েই জনাজাত৷ অসমীয়া ভাষা আৰু অসমীয়া ভাষাৰ ব্যাকৰণ গৃহীত হোৱাৰ পাছৰ পৰাহে সূনুৱাল শব্দটো সোনোৱাল হ’ল। তেখেতে ইয়াকো কৈছে যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এই ঠাইখনক হাবুং বুলি কৈছিল। এই হাবুঙেই হালালী অৰ্থাৎ বুৰঞ্জী বিখ্যাত লক্ষীমপুৰ৷ মুঠতে সোনশ্ৰী (সোঁৱণশিৰী) উপত্যকাকেই হাবুং বুলি কোৱা হৈছিল আৰু ইয়াত বসবাস কৰা সূনুৱাল কাছাৰীসকলক প্ৰথমে হাবাংযহাবুঙীয়াযহাবাঙীয়া কাছাৰী বুলি জনা যায়।

অসমীয়া ভাষাত ‘ৱাল’ প্ৰত্যয়যুক্ত শব্দ পোৱা যায়। যেনে-

সোন + ৱাল ঞ্চ সোনোৱাল

ৰূপ + ৱালা ঞ্চ ৰূপোৱাল (ঠেঙাল কছাৰী)

ডিব্ৰু + ৱাল ঞ্চ ডিব্ৰুৱাল আদি। পোন প্ৰথমে ডিব্ৰু নদীৰ কাষত বসতি কৰা অধিবাসী কাছাৰীসকলক বুজোৱা হৈছিল।

এই মতসমূহৰ উপৰিও অসম বুৰঞ্জীয়ে কয় ১৭৫১ খ্ৰীষ্টাব্দত ৰাজেশ্বৰ সিংহই আহোমৰ ৰাজ-পাট গ্ৰহণ কৰাৰ সময়ত এখেল মানুহক সোণ উৎপাদনৰ কামত নিয়োগ কৰিছিল আৰু তেওঁলোকক সোনোৱাল বুলি কোৱা হৈছিল।

বুৰঞ্জীয়ে ইয়াকো কৈছে যে ১৭৬৯ খ্ৰীষ্টাব্দত প্ৰথম মোৱামৰীয়া বিদ্ৰোহত বন্দী হোৱা কাছাৰীসকলক সোণ কমোৱা কামত নিয়োগ কৰিছিল আৰু তেওঁলোকক সোনোৱাল বুলি কোৱা হৈছিল। অৱশ্যে এইখিনিতে এটা প্ৰশ্ন উদয় হয় যে এদিনতে কোনো এটা নাম শিৰফুটা কিম্বা মজ্জাগত হ’ব নোৱাৰে, পূৰ্বৰে পৰা যিকোনো কামৰে অভিজ্ঞ তাপুষ্ট বিশেষজ্ঞ ৰ দৰে কাম কৰি অহা হ’ব লাগিব। গতিকে আহোম যুগৰ পৰা এই সোনোৱাল বোলা নামটিৰ সৃষ্টি যে হোৱা নাই তাক প্ৰতিপন্ন কৰিব পাৰি৷

সূৰ্য কুমাৰ ভূঞাৰ সম্পাদিত ‘দেওধাই অসম বুৰঞ্জী’ৰ বিবিধ খণ্ডৰ বুৰঞ্জীত উল্লেখ থকামতে কাছাৰীৰ জন্মৰ এক কিংবদন্তী তলত দিয়া দৰে পোৱা যায়-

‘‘কছাৰীনীৰ গৰ্ভত কলীয়া বিড়ালীঃ শদিয়া পৰ্বতৰ সমীপত ১২ ঘৰ কছাৰী আছিল। তাৰে মাণিক নামে কছাৰীৰ ঘৈণীয়েকৰ গৰ্ভ হলত সি বোলে তোৰ গৰ্ভ কেনেকৈ হ’ল? মোৰ দেখো নহয়? ঘৈণীয়েকে বোলে মোৰ ঋতু স্নানৰ সময়ত দুৱাৰ মুখত সন্যাসী এটা দেখিলো। মোৰ গাত ধৰিলে, ময়ো ভয় হৈ চকু জপালো। পাচে চকু মেলি চালত নেদেখিলো, তাৰে পৰা মোৰ দেখো এনে হ’ল। পাচে পয়েকে মিছা কথা ক বুলি অনেক ৰূপে গালি পাৰিলত কছাৰীয়ে স্বপ্ন দেখিলে। সন্যাসী আটাই বোলে তই ঘৈণীয়েৰক খং নকৰিবি। এই গৰ্ভত কলীয়া বিড়ালী এটা জন্মিব। তাক অনাদৰ কৰি নেপেলাই সৰিয়হৰ ডুলিত পুতি থ’বি। এক মাহৰ মূৰত উলিয়াই চাবি সেয়াই সূৱৰ্ণৰ বিড়ালী হ’ব। তাৰে পৰা সম্প্ৰতি লগ হৈ ৰজা হবি। এইৰূপে স্বপ্ন দেখিবৰ পৰা কছাৰীয়ে ঘৈণীয়েকক ডাপিবৰ এৰিলে। পাছে কালানুক্ৰমে প্ৰসৱ হলত কালীয়া বিড়ালী দেখিলে। স্বপ্নৰ কথা মনত ভাবি সেই বিড়ালীটি সৰিয়হৰ ডুলিত পুতি থৈ এক মাহৰ মূৰত চালত দেখে সুবৰ্ণৰ বিড়ালী হৈ আছে।’’

মাণিক কছাৰীৰ ৰাজ্য লাভৰ পাছতে তাক উলিয়াই আনিলে। তাৰে পৰা সকলো ঐশ্বৰ্যই লগ ল’গে৷ সিও ৰজা হ’ল। পূবে শদিয়া, পশ্চিমে দিখৌ মুখ, উত্তৰ দিহিঙ্গৰ দক্ষিণপাৰ, দক্ষিণে দিলিহিৰ কেন্দুগুৰি এইখিনি পৰ্যন্ত ৰাজা বস কৰি ৰজা হৈ থাকিল।

‘শদিয়াৰ বুৰঞ্জী’ নামৰ গ্ৰন্থতো উক্ত কথাখিনি উল্লেখ আছে। কিন্তু মাণিকে ৰাজপাট লাভ কৰাৰ কোনো চন তাৰিখ পোৱা নাযায়। দেৱপ্ৰদত্ত সম্পদ সোণৰ মেকুৰী লাভত ৰজা হোৱা বাবে এইসকল কছাৰীক সোনোৱাল বুলি কোৱাৰ অৱকাশ নথকা নহয়।

আন এক মতানুসৰি শ্ৰীশ্ৰী আউনীআটি সত্ৰাধিকাৰ কেশদেৱ মহন্তই ১৬৮২ খ্ৰীষ্টাব্দত শদিয়াত কছাৰীবিলাকে এচোঙা কেঁচাসোণ দান দি গুৰু পৰীক্ষা কৰি শৰণ গ্ৰহণ কৰাৰ বাবে এইখিনি মানুহক সোনোৱাল উপাধি দিয়া হৈছিল। প্ৰচলিত কাহিনী অনুসৰি আহোম ৰাজতন্ত্ৰৰ ক্ষমতাশালী ৰজা গদাধৰ সিংহৰ ৰাজত্ব কালত ৰজাই আউনীআটি আৰু দক্ষিণপাট সত্ৰৰ প্ৰতি বিতুষ্ট হৈছিল। এইজনা ৰজাৰ ভয়তে তদানীন্তন সত্ৰাধিকাৰ প্ৰভূ কেশদেউ গোসাঁই পলাই গৈ শদিয়া অঞ্চলৰ আঠুকঢ়া মাজুলীত আত্মগোপন কৰি আছিল। এইদৰে কিছুদিন থাকোঁতে ওচৰৰ গাঁৱৰ এজন গৃহস্থীৰ এজনী গাই হেৰাল। কেইবাদিনো বিচৰাৰ অন্তত এদিন সেই চাপৰিৰ মাজত গৰুৰ হেম্বেলনী শুনিবলৈ পালে। তেওঁ এইদৰে বিচাৰি গৈ চাপৰিৰ মাজত এটি সৰু পজাত মানুহ থকাৰ উমান পাই ওচৰ চাপি সোধ-পোছ কৰেষ। তাতে তেওঁ গৰুজনীৰো সন্ধান পালে। মানুহজনৰ আগত তেওঁ পলাই থকাৰ আদ্যোপান্ত বিৱৰি কয়। গাঁৱৰ গৃহস্থীজনাই নিজ গাঁৱলৈ গৈ সকলো কথা ৰাইজক বিৱৰি কয়। এই খবৰ সদৰি হোৱাৰ পিছত এটা পৰিয়ালৰ এজন খোজকাঢ়িব নোৱৰা ল’ৰাই গোঁসাইত চিকিৎসা কৰোৱাত আৰোগ্য লাভ কৰে। একেদৰে আন এজন অন্ধ ল’ৰাইও গোঁসাইৰ ওচৰত চিকিৎসা কৰি দৃষ্টি শক্তি লাভ কৰে। এনেদৰে আৰোগ্য লাভ কৰা বাবে পেংগুৰাৰ পৰিয়ালৰ নাম পিংৰাৰী আৰু দৃষ্টিলাভ কৰাজনৰ পৰিয়ালৰ নাম ভক্তিয়াৰী হ’ল বুলি জনসমাজত প্ৰচলিত আছে। গোঁসাইৰ এই মহাত্ম্য সদৰি হোৱাত সোনোৱাল কছাৰীসকলে পুৰা চুঙাত সোণ ভৰাই গোঁসাইৰ মহাত্ম্য চাবৰ বাবে নদীত ভহাই দিছিল আৰু কৈছিল- যদি গোঁসাইৰ মহাত্ম্য আছে তেতিয়াহ’লে পুৰা চুঙাই উজাই যাব। পিছদিনা গোঁসাইৰ গা-ধোৱা ঘাটত পুৰা চুঙাই উজাই ৰৈছিল। গোঁসায়ে কোছপাতি কৈছিল- কোনোবাই যদি মোৰ মাহাত্ম্য চাবৰ বাবে এনে কৰিছে তেতিয়াহ’লে পুৰা চুঙাই মোৰ কোছত উঠিব। এই বুলি কৈ কোছপাতি ধৰাত পুৰা চুঙাই গোঁসাইৰ কোছত উঠিল। এই বাতৰি সদৰি হোৱাৰ লগে লগে বহুতো কছাৰীলোক আহি গোঁসাইত শৰণ লয় বুলি মত প্ৰকাশ কৰিছে আৰু তেতিয়াৰ পৰা সোনোৱাল নাম পায় বুলি মন্তব্য কৰিছে৷ পুৰা চুঙাই উজাই অহাৰ কোনো বাস্তৱিকতা নাই যদিও অতি মূল্যবান সোণ দি গোঁসাইত ভজা বাবে সোনোৱাল হোৱাত কোনো অলৌকিকতা নাই যদিও বিজ্ঞ পণ্ডিতৰ ঐতিহাসিক দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰি চালে দেখা যায় যে ৮০৩ খ্ৰীষ্টাব্দৰ পৰা ৰ২৬৮ খ্ৰীষ্টাব্দলৈকে সোৱণশিৰি নদীৰ পাৰত শদিয়াল কছাৰীৰ এখেল সোনোৱাল কছাৰীয়ে সোণ উৎপাদন কৰি জীৱিকাৰ বৃত্তি হিচাপে লৈছিল আৰু সোনোৱালসকলৰ উৎপাদিত সোণৰ লগতে খনিজাত বস্তুত হালালী ৰাজ্যৰ পৰা কোঁচবিহাৰলৈ নিবৰ বাবে কোঁচ ৰাজ্যৰ ৰজা কমল নাৰায়ণ ১৫৪৬ খ্ৰীষ্টাব্দতেই ৩৫০ মাইল দীঘল আলিবাট বন্ধাই লৈছিল। গতিকে উপৰোক্ত যুক্তিত সোনোৱালসকলে সোনোৱাল উপাধি পোৱাটো বিসংগতি আৰু ধৃষ্টতাহে মাথোন।

সূৰ্য কুমাৰ ভূঞাদেৱে সম্পাদনা কৰা কছাৰী বুৰঞ্জীত সোনোৱালসকলৰ বিষয়ে এনেদৰে উল্লেখ কৰিছে- ‘শদিয়া অঞ্চলত কছাৰীসকলে ৰাজ্যপাতি প্ৰৱল প্ৰতাপেৰে ৰাজত্ব কৰিছিল৷ এই ৰাজ্যৰ সীমা পূবে শদিয়া, পশ্চিমে দিখৌমুখ আৰু দক্ষিণে দিলিহিৰ কেন্দুগুৰিলৈকে স্থিতি আছিল৷ এই ৰাজ্যৰ বাসিন্দাসকলক শদিয়াল কছাৰী বুলি উল্লেখ কৰিছে৷ এই শদিয়াল কছাৰীসকলেই পৰৱৰ্তী সময়ত সোনোৱাল কছাৰী নামেৰে খ্যাত হৈ পৰে৷

সোনোৱাল সমাজত প্ৰচলিত অন্য এক জনশ্ৰুতিমতে তেওঁলোক শিৱৰ উপাসক। খ্ৰিং খ্ৰিং বাইথ’ বা শিৱক পূজা অৰ্চনা ব্যৱস্থা এতিয়াও প্ৰচলিত থকা কথাই ইয়াৰ প্ৰমাণ দিয়ে। হালালী ৰাজ্যত বসবাস কৰাৰ সময়ত এজন নেতৃস্থানীয় ব্যক্তিক সপোন দেখুৱালে এজোপা গছৰ তলত এটা সোণৰ মেকুৰী, সোণৰ ঢাল, তৰোৱাল আদি কেইপদমান আপুৰুগীয়া বস্তু থৈ যাব আৰু তেওঁ সেই সম্পদসমূহ ঘৰলৈ আনি ভালকৈ ৰাখি সেৱা সন্মান আগবঢ়ালে তেওঁ ৰজা হ’ব পাৰিব আৰু এইবিলাক সম্পদ থকালৈকে তেওঁৰ কোনো অপায় অমংগল নহ’ব৷ পিছদিনা সেই অনুক্ৰমে নিৰ্দিষ্ট ঠাইলৈ গৈ দেখে যে সপোনত দেখা বস্তুসমূহ কোৱামতে আছে৷ ভয়, শংকা আৰু অতি সন্মানেৰে বস্তু কেইপদ আনি পূজিবলৈ লয় আৰু কালক্ৰমত সি এদিন ৰজা হয়৷ আৰু প্ৰৱল প্ৰতাপেৰে ৰাজ্য শাসন কৰিছিল বুলি কিংবদন্তি প্ৰচলিত আছে। তেওঁলোকৰ মাজত প্ৰচলিত লোক সাহিত্য হাইদাং গীতত এই বিষয়ে তলত দিয়াৰ দৰে উল্লেখ আছে-

কুলৰ ডাঙৰ কোল ডাঙৰ

কুলৰ ডাঙৰ লাইমিক্ৰি যে৷

দেৱপ্ৰদত্ত সোণৰ মেকুৰী একমাত্ৰ আৰ্হি সম্বল আৰু পূজিত আছিল বাবে এইদল কছাৰীক সোনোৱাল বুলি কোৱা হয় বলি জনশ্ৰুতি পোৱা যায়। চুতিয়াৰ লগত হোৱা ৰণত পৰাজিত হৈ তেওঁলোকে ৰাজ্যৰ লগতে দেৱপ্ৰদত্ত সম্পত্তি হেৰুৱাব লগা হয় আৰু অস্তিত্বও বিপন্ন হয়৷ সোনোৱাল সমাজৰ আগশাৰীৰ সাহিত্যিক শ্ৰীযুত লভিত কুমাৰ শইকীয়াই অসম সাহিত্য সভাৰ পত্ৰিকাত সোণৰ বিড়ালীৰ প্ৰসংগ আনি সোণৰ বিড়ালী পুজিতা কছাৰীসকলকেই পৰৱৰ্তী সময়ত সোনোৱাল নাম পায় বুলি প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰা দেখা যায়৷

বৰ্তমানলৈ পোহৰলৈ অহা তথ্য অনুসৰি কছাৰীসকলৰ বাৰটা ফৈদৰ বংশ পৰিচয় জনা যায়৷ সেই ফৈদ কেইটা হ’ল-

১. ডামচ’ইয়ঁ, ২. বড়হইয়ঁ, ৩. জুঙ্গলইয়ঁ, ৪. বাডুহজ-ইয়ঁ, ৫. বাডুসোনল ইয়ঁ, ৬. ৰাভকিৰত-ইয়ঁ, ৭. ইনটুগাড়-ইয়ঁ, ৮. ইনটুহুজম-ইয়ঁ, ৯. ইনুটুমেচ-ইয়ঁ, ১০. দাউনা-ইয়ঁ, ১১. ইনটুমিনখ-ইয়ঁ, ১২. কুচৱা-ইয়ঁ৷

প্ৰায় ২০০ শতিকাত ভাৰতলৈ অহা গ্ৰীক পৰিব্ৰাজক Ptolemy [টলেমী] য়ে ড্ৰ.ণ্ড্ৰ. Kamrupa নামৰ ভাৰতৰ ভৌগোলিক বিৱৰণ [টোকা]ত এনেদৰে লিখিছে- ‘‘অসমৰ উত্তৰ দিশৰ হিমালয় পৰ্বত মালা তিনি খণ্ডত বিভক্ত৷ সেই ভূ-খণ্ডৰ সমভূমি অঞ্চল ক্ৰমে ‘বেপিৰহচ্‌ [Bapyrrhos], মেইড্ৰচ্‌ [Maindros] আৰু ডামচ্ছা বা ডিমাচচ্‌ [Damassa or Dimassa] এই পৰ্বতমালাৰ পৰা বৈ অহা ডাউনাচ [Dounas] আৰু সোৱানচ্‌ [Subanos] নদী দুখনৰ দ্বাৰা খণ্ডিত পৰ্বতমালাৰ ত্ৰিখণ্ডিত সাম্ৰাজ্য স্থাপন কৰা জনজাতীয়সকলক নামকৰণ কৰিছে৷ যেনে-

১. আমিনখঁই, ২. ইন্দ্ৰপ্ৰথঁই, ৩. ইবেইৰিংগঁই, ৪. ডমাছঁই, ৫. নন্‌গালুগঁই, ৬. কুকুৰঁই, ৭. বসোণৰঁই, ৮. খল্‌কিটিচ, ৯. কউডউঁটই, ১০. বড়হঁই, ১১. ইন্দঁই, ১২. ডাউনঁই৷

এনে তথ্য-পাতিৰে আকৌ বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ বিভিন্ন লিখনি আৰু সোনোৱাল কাছাৰী জাতিৰ বিশিষ্ট লিখক স্বৰ্গীয় ৰজনী হাজৰিকাৰ ‘‘মঙ্গোল-কছাৰীৰ গুপ্ত ইতিহাস’’ পুথিয়েও প্ৰমান কৰিছে৷

কছাৰী জাতিৰ ১২ টা ফৈদৰ [বংশৰ] বৰ্তমানৰ মানুহখিনিৰ বংশবিশ্লেষণ মূল কছাৰী বংশোদ্ভৱ অনুসৰি এনেধৰণৰ-

১. ডামচ-ইয়ঁ- ডম্‌ছঁই- ডিমাছা কছাৰী৷

২. বৰহ ইয়ঁ- বড়হঁই- বড়ো কছাৰী৷

৩. জুহলু-ইয়ঁ- নন্‌গালুগঁহ- লালুং কছাৰী [তিৱাসকল]৷

৪. বাডুহজ-ইয়ঁ - কউড-উটঁহ- হাজং কছাৰী৷

৫. বাডু-সোনল-ইয়ঁ- বসোনৰঁই- সোনোৱাল কছাৰী৷

৬. ৰাভাকিৰত-ইয়ঁ- খালকিটিচ্‌- ৰাভা কছাৰী৷

৭. ইনটুহজ-ইয়ঁ- ইন্দঁই- হুজাই কছাৰী৷

৮. ইনটুগাড়-ইয়ঁ- ইবেৰিংগঁই- গাড়ো কছাৰী৷

৯. ইনুটুমেচ-ইয়ঁ- ইন্দপ্ৰথঁই- মেচ্‌ কছাৰী৷

১০. ইনটুমিনখ-ইয়ঁ- আমিলখঁই- মৰাণসকল৷

১১. কুচ্‌ৱা-ইয়ঁ- কুকুবঁই- কোচসকল৷

সূৰ্য কুমাৰ ভূঞাই সম্পাদনা কৰা ‘কছাৰী বুৰঞ্জী’ত যি বাৰ [১২] ঘৰ কছাৰীৰ কথা উল্লেখ কৰিছে সম্ভৱত উক্ত ১২ টা ফৈদ [বংশ]ৰ কছাৰীসকলেই বুজাইছে৷

‘বাডু-সোনল-ইয়ঁ’ কছাৰী শব্দৰ অৰ্থ এনে ধৰণৰ-

‘বাডু’-বীৰ, প্ৰতাপী৷ ‘সোণ’- পুং সন্তান, পুৰুষ৷

লয়ঁ-জাতি, গোষ্ঠী৷ অৰ্থ্যৎ সোণলয়ঁ - বীৰ পুৰুষ¸ জাতি৷

গতিকে বাডু-সোণলয় মানে সোনোৱাল কছাৰী জাতি৷ প্ৰাচীনতম আদিবাসী অৰ্থাৎ অসমৰ ভূমিপুত্ৰ৷

সোনোৱাল কাছাৰীসকলে নিজকে বলিৰ বংশধৰ বুলি ক’ব খোজে৷ পুৰণি ভাৰতত এজন প্ৰতিভাশালী আৰু ক্ষমতা সম্পন্ন মহাদানী ৰজা হ’ল বলি৷ এওঁক চলিবৰ কাৰেণ বিষ্ণুৱে বামন অৱতাৰ ধৰি তিনি খোজ মাটি দান হিচাপে বিচাৰে আৰু সেই চলেৰেই বলি ৰজাক পাতালৰ সুতললৈ পঠোৱা হয়৷ পাতালত থকা দৈত্যৰাজ বলিয়ে বিষুৱ সংক্ৰান্তিত সাbLনা দিবলৈ আহে৷ তেওঁৰ প্ৰজাসৱৰ ওচৰলৈ বছৰৰ মূৰকত এদিন মতলোকলৈ আহে আৰু সোনোৱল কছাৰীসকলে বলিৰজা দোমাহী ব’হাগ বিহু উৎসৱ পাতি তেওঁলোকৰ পূৰ্ব পূৰুষ বলি ৰজাক ওলগ জনায়৷ হুঁচৰী গীতত উল্লেখ আছে-

তিনিশ তিনি কুৰি তিনিদিন

বলিৰজা দোমাহী

বলিৰজা আহে আৰু যায়৷

সোনোৱাল কছাৰীসকলৰ আন এক জনশ্ৰুতিমতে তেওঁলোকে নিজকে ভীমৰ পুত্ৰ আৰু হিড়িম্বা মাও বুলি পৰিচয় দিয়ে-

কাশ্যপ গোত্ৰ

ভীমৰ পুত্ৰ

হিড়িম্বা মাও৷

মহাভাৰতৰ কাহিনী আধাৰ হিচাপে লৈ উক্ত মান্তব্য কৰা দেখা যায়৷ কাৰণ মহাভাৰতত বৰ্ণিত ঘটোৎকচ ভীমৰ ঔৰসত আৰু হিড়িম্বাৰ গৰ্ভত জন্ম বুলি উল্লেখ আছে আৰু কুৰুক্ষেত্ৰ যুদ্ধত প্ৰৱল প্ৰতাপেৰে ৰণ কৰিছিল৷

‘কছাৰেৰ ইতিবৃত্তৰ’ লেখক উপেন্দ্ৰ চন্দ্ৰ গুহদেৱে এই বুলি মন্তব্য কৰিছে যে-

‘‘সমগ্ৰ কাছাড়েৰ কাছাড়ী জাতি আপানাদিকে ভীম ও হিড়ীম্বাৰ সন্তান বলিয়া পৰিচয় দিয়ে কৃতাৰ্থ সন্মতি মনে কৰিয়া থাকেন৷ সমগ্ৰ কাছাড়ী জাতিৰ মধ্য এই বিশ্বাস পৰম্পৰাগতভাবে চলি আহিছে৷’’ এই মতে তেওঁলোকে পালন কৰা অশৌচৰ সময়ত পাঠ কৰা মন্ত্ৰত নিজকে ভীম-হিড়িম্বাৰ সন্তান বুলি মন্ত্ৰ পাঠ কৰা দেখা যায়৷

            কাশ্যপ গোত্ৰ, ভীমৰ পুত্ৰ, হিড়িম্বামাৱ

            কুল ল কুল ল নদীৰ কুল লৱ

            সংল সংলৱজ্ঞ জ্ঞাতিৰ সংলব

বুলি শুদি বা জন্মসংস্কাৰ কৰি ভীম-হিড়িমাৰ উত্তৰ পুৰুষ বুলি নিজকে চিনাকি দিয়ে৷

৮৩০ খ্ৰীষ্টাব্দৰ পৰা ১৮৫৮ খ্ৰীষ্টাব্দলৈ প্ৰাচীন কৌণ্ডিল্য নগৰক কেন্দ্ৰ কৰি যি ‘হালালী ৰাজ্য’ গঢ়লৈ উঠিছিল তাতেই সোনোৱাল বাসস্থান আছিল৷ ‘হালালী’ সম্পৰ্কে কোনো লিখিত ধাৰাবাহিক বুৰঞ্জী পাবলৈ নাই যদিও সুপ্ৰাচীন কালৰে পৰা ধাৰাবাহিকভাৱে বৰ্তি থকা বৰ্তমানৰ কছাৰী জাতিৰ মানুহখিনিৰ বহল সমাজ এখন আছে আৰু সেই সমাজত বৰ্তমানে প্ৰচলিত হৈ থকা সাংস্কৃতিক স্বৰূপটোৱে নিশ্চয় কিছু তথ্যৰ সন্ধান দিব৷

ভাষাগত দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে দেখা যায় যে ‘হালালী’ শব্দটো ডিমাছা কছাৰী ভাষাৰ শব্দ আৰু ইয়াৰ অৰ্থ হ’ল-

হা-দেশ, লালী-উজ্জল৷ মানে সমৃদ্ধিৰ দেশ [উজ্জ্বল মাটি, সুৰম্যভূমি]৷

সোনোৱাল কছাৰীসকলৰ হুঁচৰি গীতৰ সাহিত্যত ‘হালালী’ শব্দটো যেনেকৈ প্ৰচলিত হৈ আছে, ঠিক সেইদৰে ডিমাচা, কছাৰীসকলৰ হুঁচৰি গীতৰ সাহিত্যতো প্ৰচলিত হৈ থকা দেখিবলৈ পোৱা যায়৷ ডিমাছাসকলৰ শিব্ৰই [বাইথ’] পুজাৰ ‘বিঠাই’ মন্ত্ৰত এইদৰে উল্লেখ আছে-

‘‘হাৱ সাউ হালালি

নিং নিং লুলাং বা

ডিমু ডিমাজাং

ণিং ণিং শ্বৰৰিবা৷’’ [ডিমাছা]

সোনোৱাল কছাৰীসকলৰ হুঁচৰি গীতত পোৱা যায় এনেদৰে-

‘‘লালৌ ললৌ হয়া৷

হেমালি ঐ লালৌ লালৌহয়া৷

হেমালি হেমালি ঐ হেমালি কৰে মই ধেমালি

ধেমালি বতৰে যায়ে কিনা৷’’

হেমালী শব্দৰ আচল স্বৰূপটো হ’ল হামালালি৷

হা-দেশ, মা-মাতৃ, লালি-উজ্জ্বল ঞ্চ উজ্জ্বল মাতৃভূমি৷

লালৌ-তোমালোকে, হয়া-খোৱা

সংগীতৰ সুৰ মিলাবৰ কাৰণে

হামালালি-সামালি-হেমালী হৈছে৷

সোনোৱালসকলে মাতৃভূমি বুলি জ্ঞান কৰি অহা হেমালী ৰাজ্যত স্বাধীনভাৱে বসবাস কৰি থকা কালতেই যে হুঁচৰি গীত ৰচিত হৈছিল এই কথা গীত ফাঁকিয়ে সাক্ষ্যৰূপে দাঙি ধৰিছে৷

‘হালালী’ৰ ৰাজনৈতিক অস্তিত্ব সম্পৰ্কে অসমৰ বুৰঞ্জী নিমাত যদিও এই প্ৰসঙ্গত দুই-এটা গ্ৰহণযোগ্য তথ্য দাঙি ধৰা হ’ল-

একালত যেতিয়া কছাৰী জনগোষ্ঠীৰ মানুহ বিলাকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বিয়পি পৰিছিল, সেই সময়তে কছাৰী ৰজা কৌণ্ডিল্য নাৰায়ণে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বৰ্তমানৰ শদিয়া মহকুমাত কৌণ্ডিল্য নগৰ স্থাপন কৰে আৰু ৰাজ্যখনৰ নাম নিজস্ব ভাষাত ‘হালালী’ নামে নামাকৰণ কৰে৷ [কাছাড়েৰ ইতিবৃত্ত-পৃঃ ৬০ উপেন্দ্ৰ চন্দ্ৰ গুহ] ডিমা ৰাজ্যৰ বুৰঞ্জীমতে এহেজাৰ চনত কৌণ্ডিল্য নাৰায়ণ ৰজাই- ‘হালালী’ ৰাজ্য স্থাপন কৰি ৰাজধানী নগৰখনৰ নাম দিয়ে কৌণ্ডিল্য নগৰ আৰু শদিয়াৰ বক্ষভেদ কৰি অহা নৈখনৰ নামকৰণ কৰে ‘কৌণ্ডিল্য’৷ সূৰ্য কুমাৰৰ ভূঞাৰ কাছাৰী বুৰঞ্জীয়ে এই ৰাজ্যখনৰ নাম কছাৰী ৰাজ্য বুলিহে কৈছে আৰু ইয়াৰ বাসিন্দাসকলক শদিয়ালীয়া কছাৰী বুলি উল্লেখ কৰিছে৷

ভৌগলিক দিশৰ পৰা ‘হালালী’ৰ চাৰিসীমা ঠাৱৰ কৰাৰ সৰ্বজন সন্মত কোনো বাস্তৱ প্ৰমাণ পাবলৈ নাই৷ ডিমাছা কছাৰীসকলৰ একাংশৰ মতে বৰ্তমানৰ শদিয়াৰ পৰা ডিমাপুৰলৈকে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা সমগ্ৰ দেশখণ্ডক একালত ‘হালালী’ বুলি কোৱা হৈছিল৷ সূৰ্য কুমাৰ ভূঞাৰ কছাৰী বুৰঞ্জীতে শদিয়া আৰু দিহিং উপত্যকাত শদিয়ালীয়া কছাৰীসকলে এখন ৰাজ্য গঢ়ি তুলিছিল আৰু সেই ৰাজ্যৰ সীমা সূত্ৰে শদিয়া, পশ্চিমে দিখৌমুখ আৰু দক্ষিণে দিলিহৰ কেন্দুগুৰিলৈকে বিস্তৃত আছিল৷

তেৰশ শতিকাৰ আগভাগত টাইসকল আহি সৌমাৰত প্ৰৱেশ কৰাৰ সময়ত ডিমাপুৰৰ পৰা শদিয়ালৈকে কছাৰী জাতিৰ ৰাজনৈতিক স্থিতি থকাৰ কথা দেউধাই বুৰঞ্জীৰ পৰাও প্ৰমাণ পোৱা যায়৷

ত্ৰয়োদশ শতিকাৰ মাজ ভাগৰ পৰা চুটীয়াসকলৰ ৰাজনৈতিক দৃষ্টিগোচৰলৈ আহে; ‘ডিমৰাজ্য’ নামৰ বুৰঞ্জী মতে ১২৪৪ চনত চুটীয়া ৰজাৰ হাতত কছাৰী ৰজা ভদ্ৰসেন পৰাস্ত হৈ সন্ধি কৰে আৰু সেই সন্ধিৰ চৰ্ত অনুসৰি আৰু স্বপ্নত পোৱা শিৱৰ আদেশ মতে লুইত পাৰ হৈ আহি ডুমডুমাত ৰাজধানী পাতি হালালী ৰাজ্যৰ দক্ষিণ পাৰত ৰাজত্ব কৰে৷ চাৰিজন মন্ত্ৰী আৰু এক-তৃতীয়াংশ লোক শদিয়াত পৰাধীন ৰূপে চুটীয়াৰ ৰাজ্যত ৰৈ যায়৷ ডুমডুমাৰ পৰা আহি ডিব্ৰুমুখত ৰাজধানী পাতি থকা সময়ত চুটীয়া ৰজাই পুনৰ কছাৰী সকলক ১২৭৯ চনত পৰাস্ত কৰি দক্ষিণ পাৰৰ দেশখণ্ডত চুটীয়া ৰাজ্যৰ অন্তভুৰ্ক্ত কৰে৷ ইমানতে হালালী ৰাজ্যৰ ৰাজনৈতিক অস্তিত্বৰ অন্ত পৰে যদিও টেঙাপানী নৈৰ পৰা আৰম্ভ কৰি খেৰেম বেৰেমৰ সৈতে বৰডুচালৈকে এক সামান্য অংশৰ কছাৰী স্বাধীনভাৱে ৰৈ যায়৷

চুটীয়াসকলৰ সমসাময়িকভাৱে তেৰশ শতিকাৰ আগভাগত টাইসকলে পাটকাই পাৰ হৈ আহি অসমৰ দক্ষিণ সীমান্তৰ মহঙত ভূমুকি মাৰিছিল৷ সেই কালত নামচাঙৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ অৰুণাচলৰ সীমালৈকে গোটেই পাহাৰীয়া আৰু পাহাৰৰ পাদদেশ অঞ্চলসমূহক লৈ সমগ্ৰ অঞ্চলটোকে কছাৰীসকলে মহঙ বুলি কৈছিল৷ মহঙ কছাৰী ভাষাৰ শব্দ-

মহমহ-মহম-মহঙ সমৃদ্ধিৰ ঠাই৷

গতিকে দেখা গ’ল যে কছাৰীসকলে প্ৰয়োগ কৰা ‘হালালী’ আৰু ‘মহঙ’ দুয়োটাই একে অৰ্থত ব্যৱহাৰ হোৱা শব্দ৷

সহায়ক গ্ৰন্থঃ

১. ‘সোনোৱাল সৌৰভ’ সম্পা. মোহন সোণোৱাল

২. নিশিপদ দেৱ চৌধুৰীঃ প্ৰাচীন অসমৰ সংস্কৃতি আৰু বুৰঞ্জী

৩. সূৰ্য কুমাৰ ভূঞা সম্পাঃ দেওধাই অসম বুৰঞ্জী

৪. নন্দেশ্বৰ কাছাৰীঃ সোনোৱাল কছাৰী সমাজ-সংস্কৃতি আৰু ভাষাৰ পৰিচয়

৫. ৰজনী হাজৰিকাঃ সোনোৱাল কছাৰীৰ সমাজ আৰু সংস্কৃতি, সম্পাঃ মোহন সোনোৱাল, গুণেশ্বৰ সোনোৱাল

আপুনিও ভাল পাব পাৰে!