Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

জনগোষ্ঠীয় পৰিচয়

কিংবদন্তিৰ চকাচমকাত অসমৰ দেউৰী সমাজ

post

Share

লেখকঃ সুৰেন দেউৰী বৰপূজাৰী

পৌৰাণিক অসমৰ ভূমিপুত্ৰসকলৰ ভিতৰত ‘দেউৰী’ নামেৰে প্ৰখ্যাত জনগোষ্ঠী অন্যতম। ভাৰতবৰ্ষ মূলতঃ দুটা বংশৰ সতি-সন্তিৰৰে ভৰপুৰ। এটা সূৰ্য্য বংশীয় আৰু আনটো চন্দ্ৰ বংশীয়। দেউৰীসকলে নিজকে সূৰ্য্য বংশীয় বুলি ভাৱে। কাৰ্বিসকলে সূৰ্য্যবংশীয় শ্ৰীৰামচন্দ্ৰৰ পুত্ৰ লবৰ বংশ বুলি গণ্য কৰে। সেইদৰে ডিমাচাসকলে চন্দ্ৰবংশীয় পাণ্ডৱ ভীমৰ পুত্ৰ মহাবীৰ ঘটোৎকচৰ বংশ বুলি গণ্য কৰে। এইবোৰ কিংবদন্তি। আহোমসকলৰ খুনলংখুনলাইয়ে স্বগৰ পৰা সোণৰ জখলাৰে নামিছিল। ৰূপক অৰ্থত সোণৰ জখলা পূব দিশ হ’ব পাৰে। দেউৰী উপৰিপুৰুষেও স্বৰ্গৰ পৰা সোণৰ জখলাৰে নামিব বিচাৰিছিল। সেয়া সম্ভৱ নোহোৱাত জলেৰে মৰ্ত্যলৈ নামিল। খাচীসকলে স্বৰ্গৰ পৰা নামি অহা সাত ভাই সাত ঠাইত ৰ’ল। দেউৰীসকলৰ আদিম পুৰুষ প্ৰকৃতি হ’ল- দৰম ৰজা আৰু পৰমা প্ৰকৃতি। দুয়ো মৰ্ত্য, পাতাল সৃষ্টি কৰি স্বৰ্গলৈ যাবলৈ আৰু এহাল চৰাই (ম’ৰা, দুচিয়াপাতি)ক মৰ্ত্যলৈ পঠিয়ালে। দুয়োকে দঢ়াই দঢ়াই ক’লে সিহঁতে যেন পৃথিৱীত একো নাখায়। ম’ৰা চৰাইয়ে ভোকত নিয়ম ভাগিলে। খ্ৰীষ্টানৰ আদিম-ইভৰ ইভই নিয়ম ভঙাৰ দৰে। গতিকে মৰা পৃথিৱীত ৰৈ গ’ল- আনটি ঘূৰি গ’ল স্বৰ্গলৈ। দৰম ৰজা আৰু পৰমা প্ৰকৃতি দুনাই মকৰাজালেৰে নামি আহিল। লগত আনিলে বিশেষ সামগ্ৰী মেগেলা, খাগৰি, কৌপাত, তৰাপাত, মেচাকি, ডিমৰু, টংলটি আৰু তুলসী। দেউৰী সমাজৰ সৈতে এই কেইপদ প্ৰাকৃতিক সম্পদৰ গভীৰ সম্পৰ্ক। কিংবদন্তি মতে দেউৰীসকলৰ আদি বাসস্থান আজিকালি শদিয়া নামে বিখ্যাত বিস্তৃত অঞ্চল। এসময়ত সেই লোকসকলে অনুকুল পৰিবেশ বিচাৰি নানা ঠাইলৈ বিয়পি গ’ল যদিও অসমৰ চাৰিসীমাৰ বাহিৰত দেউৰীসকলৰ ঠিকনা নাই।

দেউৰীসকলৰ জীৱনযাত্ৰা প্ৰণালী, সামাজিক নীতি-নিয়ম, সাংস্কৃতিক স্বকীয়তা, ভাষাৰ স্বতন্ত্ৰতা আদি লক্ষ্য কৰি বহু দেশী-বিদেশী লোকে গৱেষণা কৰিছে আৰু কৰিয়ে আছে। অতি দুৰ্গম অঞ্চলৰ বাসিন্দা এই দেউৰী সমাজত তেত্ৰিছ কোটি দেৱতাৰ ধাৰণাই গৱেষকসকলক ভবাই তোলে – মূল ভাৰতবৰ্ষৰ হিন্দু প্ৰৱাহৰ তেত্ৰিছ কোটি দেৱতাৰ ধাৰণাই দেউৰীসমাজত কি দৰে খোপনি পুতিলে। নে ধাৰণাটো দেউৰীসকলৰ পৰাই সংস্কৃত ভাৰতলৈ ওলাই গ’ল? বলি বিধান এক পৰম্পৰা দেউৰী সমাজৰ। ইংৰাজসকলে গৱেষণা কৰোঁতে জনজাতীয় হোৱাৰ কেইটামান লক্ষণ থিৰ কৰি লৈছিল। সেইমতে দেউৰীসকল জনজাতীয় গুণসম্পন্ন বুলি ১৮৯৬ চনত ব্ৰাউন চাহাবে তেওঁৰ গ্ৰন্থত লিখি থৈ গ’ল।

‘দেউৰী’ শব্দটো সংস্কৃত শব্দ ‘দেৱ’ৰ পৰা উদ্ধৃত সাদৃশ্য আছে। সঠিক বুলিব নোৱাৰি। এই জনসমাজৰ মাজত অদ্যাপি বৰ্তি থকা নিয়ম-নীতিৰ পৰা ভাবিব পাৰি যে দেউৰী শব্দটো দেউৰী ভাষাৰে নিজা শব্দ। নিজৰ পৰিচয়াত্মক অভিধা।

দেউৰী সমাজত নিঘুঁণীকৈ বাৰ্তি থকা উপাস্য দেৱ-দেৱী, ফৈদ ব্যৱস্থা, বিয়া-বাৰু ৰীতি-নীতিৰ সামান্য আভাস তলত দিয়া হ’ল।

বিশেষভাৱে উপাসক দেৱ-দেৱী হৈছে – (ক) কুন্দি গিৰা-কুন্দি গিৰাচী, বা বুঢ়া-বুঢ়ী (শিৱ-পাৰ্বতী) (খ) বলিয়া বাবা বা পিচা-ডেমা, (গ) মাঁ তাম্ৰেশ্বৰী বা কেচাঁইখাটি বা পিয়াচি ডেমাচি, (ঘ) আইমাতৃসকল।

দেউৰীসকলৰ চাৰিটা ফৈদ আছে। তেনেবিলাক হৈছে – (ক) দিবঙীয়া ফৈদ, (খ) টেঙাপনীয়া ফৈদ, (গ) বৰগঞা ফৈদ আৰু (ঘ) পাটৰ গঞা ফৈদ। প্ৰত্যেক ফৈদৰ অন্তৰালত বংশ কথা হাঙোৰ খাই আছে। ফৈদৰ বংশ বিষয়ে ব্যাখ্যা দিয়া হৈছে।

দিবঙীয়া ফৈদৰ বংশঃ বদেৰিয় বা চুণ্ডাৰিয়, আইৰিয়া বা ভৰালী, লাকুচুয়, পাটিৰ, চিটিকাইয় চাৰিয় বা কুলিব চাকুয় বা তেলিয়া, মাডলা, ডুপিয়ায়, কুমতায়, মুৰাং, মিচায়য়, চুংক্ৰাং, চাকুচায় আদিয়ে প্ৰধান হিচাপে ধৰিব পাৰি।(গণক চন্দ্ৰ দেউৰী এটা লিখনিৰ পৰা লোৱা হৈছে)।

টেঙাপনীয় ফৈদৰ বংশঃ বৰদেউৰী বা দেউৰীবৰপূজাৰী বা দেউৰী মাচিয়া। টিকা হিচাপে-(মাচিয়া টিকা) বিকমিয় টিকা বংশ বিলাক ৰাজমেধীয়া টেঙৰ বংশ বা ননপনীয়া বা বিকমীয়া, ফাগিমেগেকা টিকা-মেন বংশ, খুটিয়া টিকা-বৰুক বা ভৰালী, চাকুচাটিকা-চাকুচা বংশ, চেনাবৰিয়া টিকা-আমলৈ বংশ, ফাঁফুটিকা-ফাকু বংশ আদিয়ে বুলি প্ৰধান বুলি জনা যায়।

বৰগঞাঁ ফৈদৰ বংশঃ বংশ অনুক্ৰমে টিকা থাকে-সদেই, লাফাৰু-ভৰালা বংশ, বৰদেউৰী বা বদেই বা বৰপুজাৰী, গোহাই, লাকাচু, বৰাবংশ আদিয়ে প্ৰধান বুলিব পাৰি।

পাটৰ গঞাঁ ফৈদৰ বংশঃ এই বংশৰ আঁতিগুৰি দুৰ্লভ। ড0 ৰাম প্ৰসাদ দেউৰী দেৱৰ লিখনি এটাৰ পৰা অলপ জানিব পাৰি শদিয়া তেলিকলা গাঁৱত কেইঘৰমান এনে বংশ লোক আছে। কালৰ সোঁতত তেওঁলোকেও অন্য বংশৰ লগত চামিল হৈছে। তেখেতে তিলকলা গাঁৱতে পাটৰ শাল থকা কথা উল্লেখ কৰে। কিন্তু দেৱ-দেৱীৰ কথা উল্লেখ কৰা নাছিল।

উল্লেখিত ফৈদৰ বংশৰ মাজত বৈবাহিক সম্পৰ্ক বা সম্বন্ধ যি ধৰণে ঘটে তাকো উল্লেখ এইদেৰ কৰিব পাৰি। টেঙা পনীয়া ফৈদৰ বংশ আৰু বৰগঞাঁ ফৈদৰ বংশ নিজ নিজ বংশৰ বাদ দি অন্য ফৈদবোৰৰ বংশৰ সৈতে নিৰ্বিচাৰে বৈবাহিক সম্পৰ্ক ঘটাব পাৰে। বৈবাহিক ঘটাব খোজা কন্যাৰ পিতৃ-মাতৃক মোমাই-পেই সম্বন্ধৰ কিন্তু হবই লাগিব। সেয়া ধৰা-বন্ধা নিয়ম। সেয়া হলেও নিজৰ মোমাই-পেই হতঁৰ বাদ দিহে এনে ব্যৱস্থা থাকে।

আনহাতে দিবঙীয়া ফৈদৰ বংশবোৰত বিয়াৰ ক্ষেত্ৰত কিছু পাৰ্থক্য নথকা নহয়। বৈবাহিক সম্বন্ধৰ ঘটাবলগীয়া বংশবোৰ হৈছে – চুণ্ডাৰিয়, চিটিকায়, পাটিৰিয় বংশ লগত বা ডেকা-গাভৰুহঁতে- আইৰিয়, কুমতায় বংশৰ ডেকা-গাভৰুহঁতেহে অনা-নিয়া কৰিব পাৰে। ঠিক একেদৰে আইৰিয়া, কুমতায় বংশৰ পৰা চাৰিয় বংশৰ ডেকা গাভৰুৱে বিয়া বাৰুত সোমাব বা কৰাব পাৰে বুলি শ্ৰীযুত গণক চন্দ্ৰ দেউৰীদেৱে কয়। দিবঙীয়া ফৈদৰ বংশৰ কথা বিলাক তেখেতৰ লিখিনৰ পৰাহে লোৱা হৈছে।

কৃষি কৰ্মৰ ভূমিকাত ধান খেতিৰ ওপৰত বিশেষভাৱে জাতিটো নিৰ্ভৰশীল। এই জনগোষ্ঠীটোৱে নানা ধৰণৰ সকাম-নিকাম অতীজৰে পৰা কৰি আহিছে আৰু বতমানেও কৰি আছে। মা-প্ৰসাদৰ পূজা, জীৱ-জন্তুক বলি বিধান কৰে।

ঘৰ বিলাক সাধাৰণতে বাঁহ, কাঠ, বেত আৰু খেৰেৰে তৈয়াৰ কৰিছিল। নদী কাষৰীয়া ঠাই বিলাকতে সুবিধা অনুভৱ কৰি বাসৰ ঘৰ বিলাক সাজি গাঁও সৃষ্টি কৰিছি। নদীৰ বাঢ়নি পানীয়ে অপকাৰ কৰিব নোৱাৰাকৈ নিৰাপদভাৱে থকা চাংঘৰ সাজি থাকিব লগা হৈছিল। বৰ্তমান দিনতো চাংঘৰ আপুৰুগীয়া এক বৈশিষ্ট্য হৈ পৰিছে। গতিকে নদী থাকক বা নাথাকক দেউৰী সমাজখনত চাংঘৰৰ দ্বাৰা জাতিৰ চিনাকি দিয়াত ক্ৰটি কৰা নায়। আধুনিক পকাঘৰে পূৰ্বৰ ঘৰৰ ঠাই লৈছে।

গাঁৱত বাসিন্দা সমাজখনে ইটো ঘৰক সিটো ঘৰে দেখা দেখিকৈ থকাটোকে ভাবিয়ে কোনা ধৰণৰ বাৰী খুৰি বা গছ-গছনি ৰূপন নকৰে যেন অনুমান কৰিব পাৰি। খেতি পথাৰ দূৰৈত লোৱা দৰেৰ গাঁৱত বাৰী নপতাও একে অনুভৱ কৰিব পাৰি। ইয়াৰ অন্য কাৰণো নথকা নহয়। জীৱ-জন্তুৰ পোহাত বাৰী নপতাত অনুভৱ কৰিব পাৰি। মুকলি আকাশ বতাহে সদায় যেন সিহঁতক পৰম আনন্দৰ খোৰাক যোগায়। সহজ-সৰল অতিথিপৰায়ণ, যৌথ পৰিয়াল কেন্দ্ৰিক দেউৰী জাতিটোৰ চাংঘৰ হ’লেও সৰল ৰৈখিক। পূৱ ফালে মূল দূৱাৰৰ ব্যৱস্থা ৰাখিহে ঘৰ বিলাক সাজে। যৌথ পৰিয়াল হেতু ঘৰ দীঘল। সেইবাবে ঘৰৰ মাজত দুৱাৰ বাদেও প্ৰয়োজন অনুসৰি খিড়িকী ৰাখে। ঘৰ বিলাক কোঠালিযুক্ত। ৰন্ধা-বঢ়া কৰা ঠাইলৈ বা অতিথি বহা বা মূল জ্যেষ্ঠসকলে বহা ঠাইলৈ যাবলৈ দক্ষিণ পশ্চিমফালে অৰ্থাৎ নামনিত দীঘল পথ ৰাখে। এই পথটো পূবফালে চাংঘৰলৈ উঠা জখলাৰ লগত সংযুক্ত কৰা থাকে। এনে পথক ঠেং নামনি বুলি কয়। পথটোৱে অহা-যোৱা কৰিলেও শোৱনী কোঠালী নেদেখিবলৈ বেৰ দিয়া থাকে। প্ৰায় বিলাক আয়তাকাৰ। কোঠালীত প্ৰয়োজনীয় বিধৰ সামগ্ৰী ৰাখে। যেনে – বাকচ, পেৰা, জপা, আলমৰা, আলনা আদি।

দেউৰী সমাজত পৰম্পৰা চলিত নিয়ম অনুসৰি কাম-বন কৰি ভাগৰ পলুৱাবলৈ জ্যেষ্ঠসকল কোঠালীত বহি ঘৰত তৈয়াৰ কৰা মদ বা চুজে খোৱাৰ নিয়ম আছে। আচলতে দেখা শুনাকৈ খাই তেওঁলোকে পৰম তৃপ্তি পোৱা বাদেও পৰম আনন্দ পায়। জ্যেষ্ঠজনৰ পৰামশমতে (যৌথ পৰিয়ালত) কামৰ দায়িত্ব ভগাই লৈ জ্যেষ্ঠজনৰ কথা পালন কৰিব লাগে। এনে ক্ষেত্ৰত কোনোৱে দ্বি-মত পোষণ নকৰে।

সাজ-পাৰৰ ক্ষেত্ৰত জাতিটোৰ যথেষ্ট অৰিহনা আছে। সাজ-পাৰত এই বৈশিষ্ট্য অতীজৰ পৰা বহন কৰি আহিছে। অতীত মৰহি গ’লেও কথা বিলাক ম্লান পৰা নাই। সাজ-পাৰে জাতিৰ সত্তাক আজিও অটুট ৰাখিছে। সহজ সৰল সংবেদনশীল মনোভাৱ পোষকতা, স্নেহশীলতা, সহিষ্ণুতা, কৰ্মিনয়োজিতা, অন্যায়হীনতা স্বভাৱ এই সমাজত বৰ্তি আছে। তেওঁলোকৰ পৌৰাণিক ধৰ্ম-কৰ্ম, ৰীতি-নীতি, সংস্কৃতি-সাংস্কৃতি সদায় অটুট ৰাখি আহিছে। সমাজখনে এই গুণবোৰক মূল চালিকা শক্তিৰ দৰে ভাৱে। অটল ভক্তিৰ ভাৱ, অটল ভক্তি-বিশ্বাস ৰাখি কৰণীয় কাম বিলাক কৰে। জাতিটোৱে নিজৰ ধৰ্ম বাদেও আন ধৰ্ম বিলাক শ্ৰদ্ধা, ভক্তিভাৱে আগবঢ়ায়। সকলো ধমৰ প্ৰতি শ্ৰদ্ধাৰে দেউৰীসকল মানৱতা গুণৰ অধিকাৰী।

বৰ্তমান অসমৰ তিনিচুকীয়া, লক্ষীমপুৰ, ধেমাজী, মাজুলী, যোৰহাট আৰু শোণিতপুৰ জিলাকেইখনত দিবঙীয়া ফৈদৰ গাঁওহে অধিক পোৱা যায়। অন্যহাতে শিৱসাগৰ, ডিব্ৰুগড়, লোহিত জিলা (অৰুণাচল), চাংলাং (অৰুণাচল)ত টেঙাপনীয়া ফৈদৰ গাঁৱসমূহে অধিক হ’ব। একমাত্ৰ চৰাইদেউ জিলাত বৰগঞাঁ এটা ফৈদৰ গাঁও পোৱা যায়।

দেউৰীসমাজৰ পৰম্পৰা নীতি ভিত্তিক পূজা-পাৰ্বণত কোনো ধৰণৰ মূৰ্তি থকা দেখা নাযায়। মূৰ্তিহীন পূজা-পাৰ্বণহে কৰা কথা পুৰোহিত সকলে কয়। পুৰোহিত সকলে কয় যে বলি বিধান আগতে গোঁসানী শালত সৰ্বপ্ৰথমে মাঁ প্ৰসাদৰ পূজাহে আগবঢ়ায়। পিছৰ পৰ্ববিলাকৰ ব্যৱস্থা কৰে। পুৰোহিতসকলে তেত্ৰিশ কোটি দেৱ-দেৱী পূজা অৰ্চনা অৰ্পণ কৰোঁতে পৃথিৱীৰ সকলো জীৱ-জন্তু তথা নৰ-নাৰী কুশলে মঙ্গলে ৰাখিবলৈ দেৱমন্ত্ৰৰে নিস্বাৰ্থ ভাৱে প্ৰাৰ্থনা কৰে।

কোৱা সমীচিন হ’ব যে এসময়ত নানা দুৰ্যোগত আক্ৰান্ত হৈ আদিম বাসস্থান শদিয়াৰ পৰা ভগণীয়া হৈছিল। সেই সময়ত চাৰিফৈদৰ নিজৰ নিজৰ ফৈদৰ বংশধৰৰ সৈতে জীৱন-মৰণৰ সমস্যাৰ পৰা ৰক্ষাৰ্থে কলৰ ভুৰ তৈয়াৰ কৰি লৈছিল। প্ৰবাদ অনুসাৰে চাৰি ফৈদৰ ভুৰ ভটিয়াই যোৱা নদীৰ গতিত এৰি দি ভটিয়াই গৈছিল। এইদেৰ আহি আহি বহুদিন আৰু বহু ঠাই অতিক্ৰম কৰিছিল।প্ৰতি ক্ষণতে দুখ-চিন্তাৰ দুকুল বেদনাৰে তপত অশ্ৰু নিগৰাইছিল মাথোঁ। সকলোকে যেন বাৰে বাৰে শদিয়াৰ চাৰিশাল গোঁসানীয়ে ৰিঙিয়াই কৈছিল – “তোমালোকে নাযাবা, ইয়াতে থাকা, গোদা শিমলু তলত বিহু, সাচতি, হুবাই ৰঙালী, দেহেচি গাই জাতিৰ সত্তাক অটুট ৰাখা।” কিন্তু দাতাই দিলেও যেন বিধাতাই নিদিয়াৰ দৰে ভয়ানক প্ৰলয়ে বঞ্চিত কৰিলে। ভটিয়নি ভূৰখনি নিৰবিচ্ছন্নভাৱে গৈ থাকিল। যতে সূৰ্যৰ পোহৰ, ত’তে থমকি ৰ’ল। থমকি ৰোৱা ঠাইত সময়ৰ খোজ ৰাখি গৈছিল। হয়তো দেউৰী ঘাটৰ জন্ম ৰহস্য তেনে এক ইতিবৃত্তৰ চিহ্ন। গতিধাৰা সলনি নকৰাকৈ গৈ থাকোঁতে প্ৰৱল কাল ধুমুহাৰ আগমনত চাৰি ফৈদৰ এটা ফৈদৰ ভূৰ হেৰাই যায়। কাল সন্ধিয়াই যেন সহ্য কৰিব নোৱাৰিলে। হেৰাই যোৱা ফৈদটোৱে আছিল পাটৰ গঞাঁ। ধুমুহাৰ অৱসানতহে বাকীসকলে গম পায়। কিছু লোকে অনুমান কৰিব বিচাৰে অসমৰ নগাঁও, ৰহা, চাংসাৰি, হোজাইৰ লালুং সকলৰ দেউৰী সকল বিলুপ্ত হ’ল নেকি? যিহেতু এনে জনগোষ্ঠীৰ মাজত পাটৰ লিখা বংশ এতিয়াও দেখা পোৱা যায়। সেই বিলাকেই নেকি এই বিলাক সেয়া কোনো নিশ্চয়তা নাই যদিও ধাৰণাহে কৰিব পাৰি। নৃতাত্ত্বিক গৱেষণা চলালে নিশ্চয় কিবা উত্তৰ পোৱা যাব।

তিনি ফৈদে দুখৰ বোজা মনৰ মাজত লৈ ভটিয়াই যাবলৈ ধৰে। এনেদৰে গৈ থাকোঁতে যোৰহাট (বৰ্তমান মাজুলী) জিলাৰ শ্যাম দেউৰী গাঁওৰ পূৱত থমকি ৰয়হি। তেওঁলোকে ফৈদৰি অনুসৰ থকা-খোৱা তথা পানী খোৱা পুখুৰী আদি বেলেগ বেলেগ কৰি লৈছিল। পথাৰ বিলাক নামকৰণ ফৈদৰ অনুক্ৰমে হৈছিল। প্ৰলয়ৰ অৱসান শেষ নোহোৱা পৰ্যন্ত তাতে বসতি কৰি দিন পাৰ কৰিছিল। আজিও ঠাইেডাখৰত টেঙাপনীয়া, দিবঙীয়া, বৰগঞাঁ নামৰ পথাৰ-পুখুৰী গাঁও আছে বুলি তাত থকা ৰাইজে কয়। এনে বিষয়ে অভাজনে ২০১৬ চনৰ আক্টোবৰ মাহত যাওঁতে ঠাইডোখৰ পৰিভ্ৰমণ কৰাৰ কথা ভাৱিছিলো। লগতে শ্ৰীযুত তোলন চন্দ্ৰ দেউৰীদেৱো আছিল। বোকাময় পথাৰ হোৱাত যাব-চাব পৰা নহ’ল। ওচৰৰ গাঁৱৰ লোককে সুধি-মেলি কিছু আভাসৰ সোৱাদ লৈ ঘৰলৈ উভতিলোঁ।

আপুনিও ভাল পাব পাৰে!