জনগোষ্ঠীয় পৰিচয়

গাৰোসকলৰ আধ্যাত্মিকতাঃ আচৰণবিধি, অনন্যতা আৰু গৌৰৱবোধ

post

Share

লেখিকাঃ ৰুমী শৰ্মা বৰঠাকুৰ

গাৰোসকল উত্তৰ-পূৱ ভাৰতৰ মেঘালয়  ৰাজ্যৰ এটি পাহাৰীয়া জনজাতি৷ তেওঁলোকৰ আৱাস ভূমি গাৰো পাহাৰ৷ অসমৰ পশ্চিমৰ পাহাৰমালাৰ কাষেদি ব্ৰহ্মপুত্ৰ উপত্যকাই যত দক্ষিণৰ সীমা গঢ় দিছে, অৰ্থাৎ নদীখনে দক্ষিণলৈ গতি কৰিছে সেই ঠাইতেই গাৰো পাহাৰ জিলা বা বৰ্তমানৰ মেঘালয় ৰাজ্য অৱস্থিত৷ গাৰোসকলে নিজকে আছিক্‌ [Achik-Hill man] অৰ্থাৎ পাহাৰীয়া মানুহ বুলি কয়৷ ১৯০১ চনৰ লোকপিয়ল মতে অসমৰ গোৱালপাৰা জিলাৰ গাৰো জনসংখ্যা প্ৰায় ১০,৮৪২ জন আছে৷

গাৰোসকলৰ লোক-সংস্কৃতি ইয়াৰ ভৌগোলিক পৰিৱেশৰ অনুগামী৷ ভাৰতৰ অন্যান্য জনজাতিৰ দৰেই এওঁলোকো প্ৰধানতঃ কৃষিজীৱী৷ ঝুমখেতি এই জাতিৰ খেতিৰ ব্যৱস্থা৷ পাহাৰৰ গছ-গছনি জ্বলাই মাটি চহ নকৰাকৈ, সাৰ আদিৰ প্ৰয়োগ নকৰি বাঁহ বা কাঠৰ জোঙা লাঠিৰে মাটিত সৰু সৰু গাঁত কৰি শস্যৰ বীজ ৰোপণ কৰে৷ এনেকৈ এখন ঠাইত শস্যৰ উৎপাদন কমি আহিলে আন এখন পাহাৰৰ হাবি কাটি জ্বলাই খেতি আৰম্ভ কৰে৷ তেওঁলোকৰ বাসস্থান খেতিৰ লগে লগে সলনি হৈ থাকে৷

  ভাৰতবৰ্ষত গাৰোসকলৰ দৰে সম্ভৱ অন্য কেনো জনজাতি নাই, যি পৰিস্থিতিৰ দাস৷ প্ৰকৃত জীৱন সংঘাত বা সমস্যা তেওঁলোকৰ কাৰণে কেতিয়াও নহাৰ দৰে৷ তেওঁলোক প্ৰকৃতিৰ সন্তান৷ জীয়াই থাকিবৰ  বাবে পাহাৰত খাদ্যৰো কোনো অভাৱ নাই৷ চাউলৰ পৰা ঘৰতে তৈয়াৰ কৰা মদ বা চু [Chu] উৎসৱ-পাৰ্বণৰ প্ৰধান উপাদান৷

দেখাত চুটি-চাপৰ, সুস্থ-সবল, কষ্টসহিষ্ণু গাৰোসকল স্বভাৱগতভাৱেই শান্ত প্ৰকৃতিৰ৷ এওঁলোকৰ সত্যনিষ্ঠ আৰু ভালপোৱা স্বভাৱৰ বাবেই Dalton চাহাবে এনেকৈ কৈ গৈছে - ‘They possess that pearl of great price so rare among eastern races, of love of truth’, অৰ্থাৎ গাৰোসকলক প্ৰাচ্যৰ এক আপুৰুগীয়া মাণিকআখ্যা দি গৈছে৷

লোকসংস্কৃতি লোকজীৱনৰ ভেটিত প্ৰতিষ্ঠিত৷ যুগ যুগ ধৰি চলি অহা গাৰোসকলৰ পৰম্পৰা সঞ্চিত অভিজ্ঞতা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ সংমিশ্ৰিত হৈ লোকসংস্কৃতিৰ জন্ম হৈছে৷ এটা জাতিৰ লোকসংস্কৃতি বুলিলে জনজীৱনৰ লগত সংশ্লিষ্ট গীত-নৃত্য, সামাজিক আচাৰ-অনুষ্ঠান, প্ৰবচন, লোককথা, ধৰ্ম আদিকেই বুজা যায়৷

বৰ্তমান গাৰোসকলৰ প্ৰচলিত ৰীতি-নীতি তথা সমাজ-সংস্কৃতিত পা(ত্যৰ প্ৰভাৱ বহুগুণে পৰিলক্ষিত হলেও অলপ ভিতৰলৈ সোমালেই থলুৱা কৃষ্টি-সংস্কৃতিৰ প্ৰভাৱ অনুভূত হয়৷ আজিও পাহাৰৰ ভিতৰুৱা অঞ্চলত পুৰণি ধ্যান-ধাৰণা তথা জনবিশ্বাস মানি চলা গাৰো আছে৷ এইসকলক গাৰো ভাষাত চাংচাৰিক বুলি কয়৷ ১৯৭১ চনৰ তথ্যমতে গাৰোপাহাৰত মুঠ ৩,০৪,৮৬৪ জন গাৰো লোকৰ মাজত চাংচাৰিকৰ সংখ্যা ৰ,৩৯,১৪৮ জন আৰু খ্ৰীষ্টিয়ান ৰ,৬৫,৭১৬ জন৷ লাহে লাহে চাংচাৰিকসকল এটা সংখ্যালঘু সম্প্ৰদায়ত পৰিণত হৈছে৷ তদুপৰি খ্ৰীষ্টিয়ান গাৰোসকলৰো প্ৰায়বিলাকৰে সংস্কৃতি তথা ৰীতি-নীতি পুৰণি সংস্কৃতিৰে কিছু সংস্কাৰকৃত এক পাৰম্পৰিক ৰূপ হিচাপে আজিও প্ৰচলিত৷ এইক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা গৱেষক উপেন ৰাভা হাকাচাম আৰু  গৱেষক প্ৰফুল্ল কুমাৰ  নাথৰ সম্পাদনাত প্ৰকাশিত [২০১৭] অসমৰ জনগোষ্ঠীয় লোকাচাৰশীৰ্ষক গ্ৰন্থত উল্লেখ থকা মতে সামাজিক লোকাচাৰৰ অন্তৰ্গত লোকৰ্ধমই লোক সমাজত ঐক্যবদ্ধ হোৱাত সহায় কৰে৷ লোকৰ্ধম হৈছে জনসাধাৰণৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ অহা কেতবোৰ লোকবিশ্বাসৰ সমষ্টি, যাৰ সৈতে আধ্যাত্মিক আৰু কিছুমান নীতি-নিয়ম সন্নিবিষ্ট হৈ আহিছে৷ ৰ্ধমৰ জয় আৰু অৰ্ধমৰ পৰাজয় সম্পৰ্কীয় যি ধাৰণা মানৱ সমাজত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আহিছে, তাৰ আধাৰতেই কেতবোৰ ৰ্ধমীয় আৰু আধ্যাত্মিক বিশ্বাসে জনসাধাৰণৰ মাজত ঠাই পাইছে আৰু সেইবোৰ অনুসৰণ কৰিবৰ কাৰণে তেওঁলোকৰ মাজত কেতবোৰ ৰ্নিদিষ্ট নীতি-নিয়ম পালন কৰাটো প্ৰয়োজনীয় হৈ পৰিছে৷ ৰ্ধম দৰাচলতে কেতবোৰ আচৰণৰ সমষ্টি, যিবোৰ পৰম্পৰাগত ঐতিহ্য আৰু সমন্বয়ত গI. লৈ উঠে৷

ৰ্ধমীয় জীৱনৰ সৈতে সম্পৰ্ক থকা লোকাচাৰসমূহকেই সাধাৰণতে ৰ্ধমীয় লোকাচাৰ আখ্যা দিব পাৰি৷ এইক্ষেত্ৰত পূজা-পাৰ্বণ আৰু অন্যান্য ৰ্ধমীয় কৃত্য, যেনে-ব্ৰত, উপাসনা, ৰ্ধমীয় সংস্কাৰ ইত্যাদিৰ কথা উল্লেখ কৰিব পাৰি৷ অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত কেতবোৰ উৰ্বৰা বিশ্বাস আৰু যাদুৰ্ধমী আচাৰ-আচৰণৰ ফলস্বৰূপে জনসাধাৰণৰ মাজত কেতবোৰ লোকৰ্ধমী আচাৰ-আচৰণ গI. লৈ উঠিছে৷ এনে আচৰণৰ সৈতে পৰম্পৰাগত বিশ্বাস আৰু মূল্যবোধ, আধ্যাত্মিক চিন্তা, ভূত-প্ৰেত-অপদেৱতাৰ প্ৰতি থকা অহেতুক ভয়, বিপদ-আপদ আদিৰ পৰা পৰিত্ৰাণ লাভৰ ভাৱনা ভৱিষ্যতৰ সুৰক্ষা প্ৰভৃতি বিভিন্ন দিশ জড়িত হৈ আছে৷সেয়েহে গাৰোসকলৰ আধ্যাত্মিক দিশটোৰ বাবে তেওঁলোকৰ লোকসংস্কৃতিৰ বিচাৰ কৰি চাব লাগিব, ত তেওঁলোকৰ আচৰণবিধি, আনুষ্ঠানিকতা আদি উপলব্ধ৷

 প্ৰব্ৰজনৰ ইতিহাস আৰু কেইবাজনো ইংৰাজী সাহিত্যিকৰ সমাজ সংস্কৃতি বিষয়ক কিতাপ তথা কিংবদন্তিৰ পৰা জানিব পৰা মতে গাৰোসকল তিব্বত, বাৰ্মা [ব্ৰহ্মদেশ-ম্যানমাৰ] দেশৰ পৰা অহা লোক৷ অসমৰ বাসিন্দাসকলে ম্যানমাৰৰ লোকসকলক মানবুলি কৈছিল৷ গাৰোসকলে নিজকে মানদেবোলে৷ মানৰ অৰ্থ মানসকলৰ আৰু দেমানে সন্তান আৰু একে অৰ্থত কবলৈ গলে গাৰোসকল মানৰ সন্তান’’ বদন বৰফুকন অসমলৈ যেতিয়া মানসকলক আনিছিল সেই সময়তেই কিছুসংখ্যক মান অসমৰ দাঁতি কাষৰীয়া পাহাৰৰ চুকে কোণে সোমাই থাকি গৈছিল৷ বহু হাজাৰ বছৰ ধৰি পৰ্বত-পাহাৰৰ অটব্য অৰণ্যত অন্যান্য বহু আদিম জাতিৰ দৰেই অনাদৃত হৈ বসবাস কৰি আছিল এই গাৰোসকলেও৷ যত আছিল তন্ত্ৰ-মন্ত্ৰ, বলি, অপদেৱতা, ভূতকে আদি কৰি বিভিন্ন অন্ধবিশ্বাসেৰে ভৰা এক আদিম মানৱ সমাজ৷

কিংবদন্তিৰ মতে এসময়ত হাব্ৰানামৰ এজন গাৰোৰজাই এই হাব্ৰাঘাট অঞ্চলতেই ৰাজধানী পাতি ৰাজত্ব কৰিছিল৷ গাৰো, ৰাভা, বড়ো, কোচ, হাজং আদিয়েই এই অঞ্চলৰ আদিম জনজাতি৷ এই সংমিশ্ৰিত জনজাতিসকল ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা দক্ষিণে গাৰোপাহাৰৰ অটব্য অৰণ্যলৈকে বিস্তৃত হৈ আছিল৷ এই হাব্ৰা ৰজা আক্ৰমণৰ বলি হোৱাৰ পাছতেই তেওঁ পৰিয়াল আৰু অনুচৰবৰ্গ সমন্বিতে পলাই গাৰোপাহাৰত বসতি কৰিবলৈ লয়৷

হাব্ৰা ৰজাই ঐতিহাসিক কাহিনী অধ্যয়নৰ পৰাই গাৰোসকলৰ ফেটিস্ববাদৰ [যি ধাৰণাৰ দ্বাৰা কোনো বস্তুক পূজা কৰি, কোনো দ্ৰব্য পৰিধান কৰিলে বা খাদ্য হিচাপে গ্ৰহণ কৰিলে অপায় অমঙ্গল দূৰ  হয় বুলি স্পষ্ট বিশ্বাস কৰা হয়] বিষয়ে কিছু তথ্য পোৱা যায়৷ সেয়ে এটা কথা স্পষ্ট হয় যে জনজাতীয় ধৰ্মীয় চৰ্চাৰ ফলত উদ্ভব হোৱা নিয়ম-নীতিবোৰেই পিছলৈ হিন্দুধৰ্মত চৰ্চা কৰিছিল৷

সময়ৰ ব্যৱধানত বেলেগ বেলেগ ঠাইত বসবাস কৰোতে কিছু পৰিমাণে গোটৰ বৈসাদৃশ্য থাকিলেও এই জনগোষ্ঠীৰ [মঙ্গোলীয়] মানুহৰ বিভিন্ন গোটৰ মাজত কিছুমান উমৈহতীয়া মিল বা সাদৃশ্য আছে৷ দ্দ্ব.ট্ৰ.Smith  চাহাবৰ মতে তিব্বত ধৰ্মী মানুহৰ মাজৰ লক্ষণবোৰ এনেধৰণৰ - [] মূৰ চিকাৰ প্ৰথা, [২] মৰংঘৰ, [৩] চাংঘৰ, [৪] চাঙৰ ওপৰত মৰাশ সৎকাৰ, [৫] প্ৰাক-বিবাহ, [৬] তামোল-পাণ খোৱা, [৭] গাখীৰ নোখোৱা, [৮] গাত টেটু অঁকা ৰীতি, [৯] ৰাজনৈতিক শক্তিৰ পৰা মুক্ত, [১০] দুমুখীয়া থিয় কমাৰৰ ভাতী, [১১] সাধাৰণ পদ্ধতিৰ তাঁতশাল, [১২] ঢালৰ ব্যৱহাৰ, [১৩] পৰ্বতত বসবাস আৰু আদিম পদ্ধতিৰ খেতি [১৪] দেৱ দেৱীৰ পূজাত কেচাঁ তেজৰ বাবে জীৱ জন্তুৰ বলি-বিধান, [১৫] সামাজিক বা ধৰ্মীয় যিকোনো উৎসৱ-পাৰ্বণত চাউলৰ পৰা তৈয়াৰ মদ বা সাঁজৰ ব্যৱহাৰ [১৬] কুকুৰা-গাহৰি আদিক খাদ্যৰূপে গ্ৰহণ, [১৭] বিবাহত গা-ধন লোৱা  ব্যৱস্থা, [১৮] ঝুম খেতিৰ জনপ্ৰিয়তা, [১৯] শুকান মাছ-মাংসৰ প্ৰচলন, [] কৈৰাজত ধৰ্মৰ প্ৰভাৱ, [] বিপদ-আপদ, ৰং-আনন্দ সকলোতে সামূহিক দায়িত্ব গ্ৰহণ, [] মান-মযাৰ্দাৰ ক্ষেত্ৰত অনমনীয়তা [২] নিজৰ অস্তিত্ব ৰক্ষাৰ অৰ্থে অসীম চেষ্টা, [] সবলতা, [২৫] জাতি-বৰ্ণ ভেদ-ভাৱৰ হীনতা উক্ত লক্ষণসমূহৰ প্ৰায়বিলাকেই গাৰো লোকসকলৰ মাজত পৰিলক্ষিত হয়৷ গতিকে এই অধ্যয়নৰ পৰা তেওঁলোকক মঙ্গোলীয় জনগোষ্ঠীৰ অন্তৰ্ভুক্ত আৰু তিৰ্ব্বত বাৰ্মাৰ পৰা প্ৰব্ৰজিত বুলি বিবেচনা কৰিব পাৰি৷

সমাজ ব্যৱস্থা

সমাজৰ যিকোনো উৎসৱ-পাৰ্বণ, অনুষ্ঠান, বিচাৰ আদি পৰিচালনা কৰিবৰ বাবে তেওঁলোকৰ মাজত কামাল আৰু পুৰোহিত আছে৷ এওঁলোকৰ বেলেগ কোনো জাত নাথাকে৷ সমাজে যাক উপযুক্ত বুলি ভাৱে তেৱেই এইবিলাক কাম কৰিব পাৰে৷ গাঁৱৰ গাঁওবুঢ়া [Nokma] আৰু লস্কৰে [Laskar] এনে  কাৰ্য পৰিচালনাৰ দায়িত্ব লয়৷ গাৰো লোকসকলেও আদিম অন্যান্য জনজাতিৰ দৰে নদী-উপত্যকাবিলাকতেই প্ৰথমে বসবাস কৰিছিল৷ সেই হিচাপে সোমেশ্বৰী, ভগী নদী, নিতাই নদী আদিৰ নাম পোৱা যায়৷ তেওঁলোকৰ ভৌগোলিক অৱস্থিতি অনুসৰি  জাতি বিভাগ পোৱা যায়৷ সেয়া Major play Fair চাহাবৰ মতে কৰ্ম অনুসৰি হোৱা৷ সেই হিচাপে যিসকলে কপাহৰ ঝোনা তুলিছিল, সেইসকলক আবেঙ [Abeng] বুুলিছিল, গাৰো পাহাৰৰ অধিকাংশ অঞ্চল এওঁলোকে আৱৰি থকা৷ যিসকলে গাহৰিয়ে খাদ্য খোৱা কাঠৰ পাত্ৰ সাজিছিল সেইসকলক গাৰাবুলি জনা যায়৷ শুকান মাছ তৈয়াৰ কৰাসকলক কচোআখ্যা দিছিল৷ চিচাকসকলে খাবৰ বাবে বাঁহৰ গাজ সংগ্ৰহ কৰিছিল৷ তদুপৰি আকাইজ, ৰোগা, আটং, চিবক, আটিয়াগ্ৰা আৰু মাটজাংচিচ আদি বিভিন্ন ঠাইত বসবাস কৰা অধিবাসীসকলৰ জাতিৰ নাম পোৱা যায়৷

ভৌগোলিক জাতি বিভাগৰ উপৰি নিজৰ বংশৰ মাজত বিয়া কৰাবৰ বাবে তিনিটা ভাগ আছে [Three katchis]৷ সেয়া হৈছে - মোমিন, মাৰাক আৰু চাংমা৷ মোমিনসকল Akawe জাতৰ অন্তৰ্ভক্ত আৰু বাকী দুটা ভাগ সকলো জাততে আছে৷ তদুপৰি আৰু তিনিটা এনে খাটচিং আছে, সেয়া হৈছে ইবেং, আৰেং আৰু চিৰা৷ এওঁলোক সংখ্যাগৰিষ্ঠ৷

মাতৃতান্ত্ৰিক সমাজ হেতুকে এওঁলোকৰ কিছুমান বিশেষ মাহাৰি [Motherhood]ৰ ভাগ আছে৷ মাহাৰি  বা মাচং হৈছে মাকৰ উপৰিপুৰুষৰ কিছুমান বিশেষ উপমাতৃৰ নাম আৰু কালক্ৰমত এক কুল হিচাপে আজিও তেওঁলোকে মধ্যমান হিচাপে এই উপমাতৃ কুলৰ নাম লিখে৷ Machong বিশেষ বংশৰ উৎপত্তিৰ পূজনীয় মাতৃৰ নাম৷

গাৰোসকলৰ মাহাৰিৰ প্ৰচলন সম্পৰ্কে কিছুমান লোককথা জড়িত  হৈ আছে৷ R. Marak বা Rongsam marak বা ভালুকৰ বংশধৰ৷ মোমিন উপাধিৰ লোকসকল Naringre-dokru বা কপৌ চৰাইৰ বংশধৰ৷ Marak উপাধিৰ Drokgreৰ উপমাতা মাইকী কুকুৰা৷ Sangma উপাধিৰ Koknal বা খ্‌ক [Kok] বা মাহাৰি৷ লোকসংস্কৃতিৰ উৎস বিচাৰ কৰি চালে দেখা যায় যে প্ৰতিখন জনগোষ্ঠীয় সমাজত এনে কিছুমান বিশেষ প্ৰতীক [সাধাৰণতে গছ, চৰাই বা জন্তু] পোৱা যায় যত তেওঁলোকৰ গোষ্ঠীটোৰ সংৰক্ষণকাৰী শক্তিটো লুকাই আছে বুলি ভাবে আৰু যাৰ জৰিয়তে গোষ্ঠীটোৰ লোকসকলে ইজনে সিজনৰ লগত একাত্মবোধ স্থাপন কৰে৷ এনে ধৰণৰ বিশেষ প্ৰতীকবিলাককে টোটেম বোলা হয়৷ গাৰোসকলৰ Machong বা মাহাৰিও হৈছে এনে এক টোটেম জনজাতীয় গোষ্ঠীৰ প্ৰতিনিধি৷

গাৰোসকলৰ ঘৰবিলাক সাধাৰণতে খেৰ-বাঁহ আৰু কাঠেৰে সজা৷ চাংঘৰ আৰ্হিৰ ঘৰবোৰ দীঘল অনুপাতে বহল নহয়৷ থকা ঘৰৰ বাহিৰেও নকফাণ্টে [Nokpante] বা ডেকা চাং গাৰো লোক সংস্কৃতিৰ এক উল্লেখযোগ্য অৱদান৷ ডেকা চাং [Bechelors House] ডেকা বা গাৰো যুৱকসকলক  ভৱিষ্যত জীৱনৰ বাবে বহু লাগতিয়াল কামৰ শিক্ষা দিয়ে৷ যাৰ বাবে তেওঁলোকে নিজক বুজি উঠাৰ লগে লগে সমাজৰ প্ৰতি নিজৰ দায়িত্বও বুজি উঠে৷ পাহাৰৰ অটব্য অৰণ্য, জীৱ-জন্তুৰ পৰা ভয়ানক বিপদ আদিতো তেওঁলোকে নিৰ্ভীকভাৱে জীৱন অতিবাহিত কৰিব পাৰে৷ সঙ্গীত, লোকবাদ্য, ধৰ্মীয় গীত, লোক কথা আদিও ইয়াতেই চৰ্চা হয়৷

নকফাণ্টে [Nokpante] বা ডেকা চাং গাৰো লোক সংস্কৃতিৰ এক উল্লেখযোগ্য অৱদান৷ ডেকা চাং [Bechelors House] ডেকা বা গাৰো যুৱকসকলৰ একেলগে বাস কৰা ঘৰ৷  

গাৰোসকলৰ কৃষি উৎসৱ আৰু পৰম্পৰা

গাৰোসকল প্ৰধানতঃ পাহাৰৰ বাসিন্দা৷ সেয়েহে তেওঁলোকৰ কৃষি পদ্ধতি ভৈয়ামতকৈ বেলেগ৷ কৃষিৰ লগত জড়িত পৃথিৱীৰ অন্যান্য জাতি-উপজাতিৰ দৰেই এওঁলোকেও খেতিৰ উৰ্বৰতা বৃদ্ধি আৰু সন্তান-সন্ততি বৃদ্ধিৰ বাবে অলৌকিক শক্তিৰ উপাসনা তথা উৎসৱ-পাৰ্বণ আদি মানি আহিছে৷ সেয়েহে গাৰোসকলৰো কৃষি উৎসৱবোৰত লোকবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত বিভিন্ন আচাৰ-অনুষ্ঠান দেখা পোৱা যায়৷ কৃষি দেৱতাক পূজা-অৰ্চনা কৰি সন্তুষ্ট কৰাই তেওঁলোকৰ প্ৰতিটো উৎসৱৰ বৈশিষ্ট্য৷

প্ৰথমে খেতি কৰিবৰ বাবে একোজন খেতিয়কে মাটিখিনি দখল কৰিব লগা হয়৷ মাটিৰ অধিষ্ঠাত্ৰী দেৱতাক তেওঁলোকে অফাটা বুলি কয়৷ সেয়েহে কোনো এখন ঠাইত ঝুম খেতি কৰিবৰ বাবে ব্যক্তিজনে প্ৰথমে হাবি-জংঘল চাফা কৰি ভক্তিমূলক প্ৰথাৰে বাঁহ এজাল পুতি লব লাগে৷ তাৰ বাবে ভাল সপোন দেখিব লগাও হয়৷ সেইবাবে এই অনুষ্ঠানক অফাটা বা জুমাং [সপোন] চিয়া বুলি জনা যায়৷ সাধাৰণতে ডিচেম্বৰ জানুৱাৰীত এই উৎসৱ হয়৷

 গাৰোসকলৰ শস্যৰ দেৱতা মিচিং চালজংআৰু শস্যৰ অধিষ্ঠাত্ৰী দেৱী মিনমা খ্ৰি ৰখিমীক পূজা দি ভৱিষ্যতে অধিক শস্য লাভৰ বাবে আশীৰ্বাদ বিচাৰে৷ তাৰ বাবে জানুৱাৰী  মাহত গছ-গছনি কাটি ঠাইখিনি খেতিৰ বাবে মুকলি কৰি লয়৷ আচিৰকা হৈছে শত্ৰু বিনাশৰ দেৱতা৷ সেয়েহে গছ-গছনি কাটি শুকাবলৈ দি তেওঁলোকে কৃষিৰ অপদেৱতাক আঁতৰাবৰ বাবে আচিৰকাক আহ্বান জনায়৷ এই কৃষি উৎসৱক ডেনবিলচিয়া বা আচিৰকা বুলি জনা যায়৷

কৃষিৰ তৃতীয় পৰ্যায়ৰ উৎসৱক আগালমাকা বোলা হয়৷ ফেব্ৰুৱাৰী, মাৰ্চ মাহত কটা গছ-গছনিবোৰ ভালকৈ শুকাবলৈ দিয়া সময়তে খেতি-পথাৰ ৰখা বৰাংঘৰও সাজি লয়৷ খেতিয়কসকলে খেতিৰ সমৃদ্ধিৰ বাবে বৰষুণৰ দেৱতা [আগালমাক]ক আহ্বান জনায়৷ শস্যৰ বাবে পথাৰখন এনেকৈ পৰিস্কাৰ কৰে যাতে শস্যৰ দেৱী ৰকীমেমাআহি আশীৰ্বাদ যি যায় আৰু তাৰ বাবে খেতিৰ মাটিত কুকুৰা বলি দিয়ে আৰু চু [মদ] ঢালি পূজা কৰে৷     

ঝুম খেতিডৰা সকলোধৰণৰ অপায়-অমঙ্গল প্ৰাকৃতিক দুৰ্যোগ তথা পোক পৰুৱা আদিৰ পৰা বাচি থাকিবৰ বাবে শস্যৰ দেৱী ৰকীমেমাক প্ৰাৰ্থনা জনায়৷ এটা সৰু পাচি লৈ নিজৰ নিজৰ খেতি পথাৰত এপাক মাৰি আহে আৰু ঘূৰি আহোঁতে যেন শস্যৰ শত্ৰুক পাচিটোত বন্দী কৰি লৈ আহে এনে বিশ্বাস প্ৰতিপন্ন কৰি শস্যৰ দেৱীৰ পৰা আশীৰ্বাদ লভে৷ এই উৎসৱত কামাল বা নকমাই [পুৰোহিত] মন্ত্ৰ পাঠ কৰি পশু বলি দিয়ে৷ এই উৎসৱক মি আমুৱা বুলি জনা যায়৷  

লাহে লাহে শস্য চপোৱাৰ দিন কাষ চাপি আহে৷ ঝুম খেতি কৰা গাৰোসকলে শস্যৰ অধিষ্ঠাত্ৰী দেৱী মিচি চালজংক পূজা নিদিয়াকৈ শস্য চপোৱা কাম আৰম্ভ নকৰে৷ সেয়েহে প্ৰথমে চপোৱা শস্যৰ চিৰা খুন্দে আৰু পুৰোহিতে এই চিৰা লৈ পাহাৰীয়া বোৱঁতী নিজৰাত  ছটিয়াই দিয়ে৷ তাৰ পাচত ঘৰলৈ আহি চু [মদ] আৰু ভাত মিচি চালজংলৈ আগবঢ়ায়৷ এই উৎসৱৰ দ্বাৰা শস্যদেৱতাক প্ৰথম ধন্যবাদ জনায় যে তেওঁৰ কৃপাতই তেওঁলোকে বিভিন্ন শস্য লাভ কৰিছে৷ এইদৰে এনে উৎসৱে তেওঁলোকৰ মাজত মানুহ আৰু দেৱতাৰ সম্পৰ্কৰ বিশ্বাস জন্মাইছে বুলি লোকসংস্কৃতিৰ গৱেষকসকলে কব খোজে৷ সেয়েহে উৎপাদিত শস্য মিচি চালজংলৈ আগ নবঢ়োৱাকৈ কোনো ব্যক্তিয়ে  গ্ৰহণ নকৰে৷ এই উৎসৱক ৰংচু [চিৰা] গাল [ছটিওৱা] উৎসৱ বুলি জনা যায়৷

ঝুম খেতি যাতে প্ৰতিবছৰে কৰি থাকিব পাৰে তাৰ বাবে শস্য চপোৱাৰ লগে লগে শস্যৰ দেৱতা মিচি চালজং আৰু ৰকীমেমাক প্ৰত্যেক ঘৰলৈ আমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যে এক উৎসৱৰ আয়োজন কৰে৷ ইয়াৰ পিছৰটো ঝুম খেতি আৰম্ভ কৰিবৰ বাবে শস্য সংৰক্ষণ কৰে আৰু নিজৰ বাবে উপযুক্ত খেতিৰ মাটি দখল কৰে৷ এই উৎসৱক জামেগাফা বুলি জনা যায়৷ এই জামেগাফা উৎসৱক জামেগাফা আহা উ আবা আহিয়া বুলি জনা যায়৷

আহিয়া উৎসৱ অন্ত পৰাৰ প্ৰায় এমাহ পিছতেই আৰম্ভ হয় গাৰোসকলৰ শস্য চপোৱা একমাত্ৰ আড়ম্বৰপূৰ্ণ কৃষি উৎসৱ ৱাংগালা উৎসৱ৷

ওৱানগালাবা ৱাংগালা উৎসৱ

এটা সময়ত  গাৰোসকল ঝুম খেতিৰ ওপৰতে নিৰ্ভৰশীল আছিল৷ পৃথিৱীৰ অন্যান্য জাতি-উপজাতিৰ দৰেই এওঁলোকেও খেতিৰ উৰ্বৰতা বৃদ্ধি আৰু সন্তান-সন্ততি বৃদ্ধিৰ বাবে আলৌকিক শক্তিৰ উপাসনা তথা উৎসৱ-পাৰ্বণ আদি মানি আহিছে৷

ৱাংগালা শব্দৰ গাৰো অৰ্থ হৈছে ৱাণ্টি গালা [Wanti Gala] আৰু ইংৰাজী অৰ্থ হ‘‘Throwing of yeast’’৷ গাৰো শব্দ ৱাণ্টি’ৰ অৰ্থ ভেকুৰআৰু গালাৰ অৰ্থ দলিওৱা৷ প্ৰকৃত অৰ্থত ৱাংগালা শব্দৰ উৎপত্তি হৈছে এনে ক্ষেত্ৰত - খেতি চপোৱাৰ পিছতে গাওঁবুঢ়াৰ ঘৰত এক উৎসৱৰ আয়োজন কৰে আৰু এই উৎসৱৰে এক অনুষ্ঠানত ভগৱানক ধন্যবাদ জনাই গাঁওবুঢ়াৰ ঘৰটোত ভাত সিঁচি দিয়ে৷

 এই উৎসৱৰ লগত পাহাৰীয়া ঝুম খেতিয়কসকলৰ জীৱনৰ এক নিবিড় সম্বন্ধ জড়িত হৈ আছে৷ এই সম্বন্ধ আহিছিল প্ৰাকৃতিকভাৱেই৷ সেয়েহে এই উৎসৱ আছিল তেওঁলোকৰ আধ্যাত্মিক বিশ্বাসেৰে ভৰা এক পৱিত্ৰ উৎসৱ৷ শস্যৰ পথাৰ চাফা কৰাৰ পৰা আৰম্ভ কৰি, হাবি-জংঘল জ্বলোৱা, শস্যৰোপণ আৰু একাদিক্ৰমে পকি অহা শস্য চপোৱালৈকে ছয়টামান উৎসৱ পালন কৰে৷ সেইবিলাক হৈছে ডেনবিলছিয়া, আচিৰকা, আগলমাকা, মি, অমুৱা, ৰংচুগালা আৰু আহিয়া৷

ৱাংগালা উৎসৱেই হৈছে শস্য চপোৱা শেষ উৎসৱ আৰু এই উৎসৱতেই শস্য দেৱতা মিচি চালজংআৰু শস্যৰ অধিষ্ঠাত্ৰী দেৱী মিনমা খ্ৰি ৰখিমীক ধন্যবাদ জনোৱাৰ লগতে ভৱিষ্যতলৈও অধিক শস্য লাভৰ বাবে আশীৰ্বাদ বিচাৰে৷ জনামতে অক্টোবৰ মাহতেই ৱাংগালা উৎসৱ হয়৷ এই উৎসৱ তেনে কোনো নিৰ্দিষ্ট দিন, বাৰ বা তিথিত আৰম্ভ হোৱাৰ উল্লেখ নাই৷ শস্যক্ষেত্ৰ এৰি বৰাংঘৰৰ পৰা গাঁৱৰ প্ৰধান ঘৰলৈ ঘূৰি অহা সময়তে এই ওৱানগালা উৎসৱ উদ্‌যািপত হয়৷ গাৰোসকলে বিশ্বাস কৰে যে প্ৰত্যেক বছৰেই এক নিৰ্দিষ্ট সময়ৰ অন্তৰালত কৃষিদেৱতা মিচি চালজংতেওঁলোকৰ শস্য ক্ষেত্ৰলৈ আহে৷ সেয়েহে সকলো হাবি-জংঘল জ্বলাই চাফা কৰি কণী, মাছ, বিভিন্ন জন্তু, কুকুৰা আদি উৎসৰ্গা কৰি দেৱতাক স্বাগতম জনায়৷

ৱাংগালা উৎসৱৰ প্ৰথম দিনাই নকমাৰ [গাঁওবুঢ়া] ঘৰত শস্যদেৱতাৰ নামত কেইবাপ্ৰকাৰো পূজা অনুষ্ঠান সম্পন্ন কৰে৷ ৰাতি মদ, মাংস খাই নৃত্য-গীত কৰে আৰু ৰাতিপুৱা গাঁওবাসীৰ বাবে ভোজ-ভাতৰ ব্যৱস্থা কৰে৷ আবেলি সময়ত ডেকাচাঙত ওৱানগালাৰ আয়োজন চলে৷ সেই সময়ত প্ৰতিখন  গাঁৱত এটাকৈ ডেকাচাঙৰ ব্যৱস্থা আছিল৷ ইয়াতো মাংসৰ সৈতে ভাত, মদ আদিৰ আয়োজন কৰে আৰু গাঁৱৰ সকলো মানুহে মিলি খায়৷ ডেকাচাঙতে প্ৰথমে নৃত্য-গীত আৰম্ভ হয়৷ দ্বিতীয় দিনা নকমাৰ ঘৰত ওৱানগালাৰ প্ৰকৃত উৎসৱ উদ্‌যাপিত হয়৷ মিচি চালজংলৈ মদ আগবঢ়ায়৷ একুৰা জুইৰ চাৰিওফালে কলপাত পাৰি থয়৷ এই পাতবিলাকত আদা, পিয়াঁজ, কচু, ভাত আদি শস্যদেৱতাৰ বাবে সজাই থয়৷ এই শস্যবিলাক এই উৎসৱৰ পিছৰ পৰাহে খাবলৈ আৰম্ভ কৰে৷ ঘৰৰ পাছফালে শস্যৰ দেৱতালৈ ঘৰতে তৈয়াৰী মদ আগবঢ়ায়৷ এগৰাকী যুৱতীয়ে কোলাত ভাত লৈ নৃত্য কৰি কৰি ভাতবোৰ গাঁওবুঢ়াৰ ঘৰৰ মজিয়াত সিঁচে আৰু  গাঁওবুঢ়া বা পুৰোহিতজনে গাৰোৰ জাতীয় সাজ-পোছাক পৰিধান কৰি ভাতৰ ওপৰেদি নিজকে বীৰ, বজ্ৰদেৱতা বুলি উল্লেখ কৰি ভৰিৰে ভাতবিলাক ওফৰাই তাণ্ডৱ নৃত্য কৰে৷ সেইদিনা নকমাৰ ঘৰটো ভালকৈ সজাই তোলে৷ পিঠাগুৰি খুন্দি পানীৰে সানি লয়৷ এই পনীয়া পিঠাৰে গাঁওবুঢ়াৰ ঘৰৰ খুঁটাবিলাকত আঙুলিৰ ছাপ দিয়ে৷ এই উৎসৱেৰে এক পূজা অনুষ্ঠানৰ নাম চাট চাট চৱাঅৰ্থাৎ ধূনা জ্বলোৱা৷ এই অনুষ্ঠানৰো প্ৰধান ব্যক্তি গাঁওবুঢ়াজনে ধূনা জ্বলাই জ্বলাই ডেকা- বুঢ়া সকলোৰে মাজত ঘূৰি ঘূৰি এই নৃত্য কৰে৷

ৱাংগালাৰ আনন্দময় মূহুৰ্ততে এওঁলোকৰ প্ৰধান লোকবাদ্যসমূহ ঢোল, গঙ, পেঁপা, বাঁহী আদি বজাবলৈ আৰম্ভ কৰে৷ কথিত আছে যে ধানখেতি চপোৱা শেষ হোৱাৰ পিছতেই ঢোল বজাব পাৰে অন্যথা শস্য বেয়া হোৱাৰ সম্ভাৱনা৷ সেয়েহে শস্য চপোৱা উৎসৱতহে ঢোল বজায় আৰু নৃত্য-গীত দুয়োটা চলে৷

ঘৰৰ সন্মুখভাগত ডেকা-গাভৰুসকলে গীতৰ তালে তালে এক ছন্দময় নৃত্যৰ আৰম্ভণি কৰে৷ গাঁওবুঢ়াজনে ধূনা জ্বলাই জ্বলাই পৰিবেশটো আৰু বেছি উত্তেজিত কৰি তোলে৷ তেনে মূহুৰ্ততে হঠাতে বাহিৰৰ জুইত বাঁহৰ হিলৈ ফুটাৰ দৰে এক গুলীৰ শব্দ হয় আৰু সকলোৱে বুজি উঠে যে যাৰ প্ৰতীক্ষাত আছিল অৰ্থাৎ শস্যদেৱতা মিচি চালজঙৰ উপস্থিতি অনুভৱ কৰে৷ আহিব ধৰা খেতিৰ বছৰটো সুখৰ হব বুলি ভাবি তেওঁলোকৰ নৃত্য-গীতৰ আনন্দ উৎসৱ ৰূপত ৰহণ চৰা হৈ উঠে৷ তাহানি প্ৰায় এসপ্তাহ ধৰি চলা এই উৎসৱ পুনৰ গাঁওবুঢ়াৰ ঘৰতেই ঢোল চপোৱা অনুষ্ঠানেৰে সামৰণি মাৰে৷ দীৰ্ঘদিনীয়া খেতিৰ হাড়ভঙা পৰিশ্ৰমৰ পিছত এক আনন্দময় পৰিবেশৰ সৃষ্টি হয় এই ৱাংগালা উৎসৱতেই৷ অসমৰ পথাৰৰ বিহু চহৰৰ মঞ্চলৈ আহি বিশ্বৰ দৰবাৰত অসমৰ এক পৰিচয় দিব পৰাৰ দৰেই এই ৱাংগালা উৎসৱেও তাহানিৰে চহা জীৱনৰ মাজৰ পৰা আঁতৰি আহি চহৰীয়া পৰিৱেশত এক আধুনিক ৰূপত গাৰোসকলৰ এক সাংস্কৃতিক পৰিচয় হিচাপে আজি সজীৱ হৈ উঠিছে৷ পৰিৱৰ্তন হৈছে মাথোঁ উদ্‌যাপন কৰা সময়৷ ছেপ্তেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগত শেষ হব লগা এই উৎসৱ বৰ্তমান নৱেম্বৰ মাহৰ প্ৰথম পষেকত উদ্‌যাপিত হয় আৰু কোনো ঠাইত ডিচেম্বৰ মাহতো উদ্‌যাপন কৰে৷

গাৰোপাহাৰৰ আচানাঙত [তুৰা পোৱাৰ প্ৰায় ১৪ কিঃমিঃ আগতেই পোৱা এখন বহল সমতল ভূমি] নৱেম্বৰ মাহৰ আৰু তাৰিখত দুদিনীয়া কাৰ্যসূচীৰে ওৱানগালা উৎসৱ উদ্‌যাপিত কৰে৷ ১৯৭৬ চনৰ পৰা আধুনিক নিয়মেৰে উদ্‌যাপন কৰি অহা এই ওৱানগালা উৎসৱে যোৱা ২০০১ চনৰ নৱেম্বৰ মাহত ৰূপালী জয়ন্তী উৎসৱ পালন কৰে৷

বৰ্তমান ওৱানগালাউৎসৱত তাহানিৰ সেই শস্যৰ দেৱতা মিচি চালজঙক ধন্যবাদ জনোৱা ৰোগালাঅনুষ্ঠান, ধূনা জ্বলোৱা অনুষ্ঠানৰ জৰিয়তে দেৱ-দেৱীক ভক্তি আৰু সন্মান জনোৱা আৰু বৰুণ দেৱতা আৰু শস্যৰ মাতৃদেৱীক বিদায় দিয়া উৎসৱৰ আধ্যাত্মিকতাৰ অভাৱ ঘটিলেও সমাজৰ এক সাংস্কৃতিক ঐতিহ্যৰ পৰম্পৰাৰ বাহক হিচাপে এই উৎসৱ আজিও উদ্‌যাপিত হয়৷ আজিৰ ওৱানগালা উৎসৱত বিভিন্ন গাঁৱৰ পৰা অহা দহটা দলে যোগদান কৰে৷ প্ৰতিটো দলতে দহজনকৈ [বিবাহিত বা অবিবাহিত] পুৰুষ আৰু মহিলা আৰু প্ৰতিটো দলতে দহটাকৈ ঢোল থাকে৷ সৰ্বমুঠ দহোটা দলত এশটা ঢোল থাকে৷ সেয়েহে বৰ্তমান এই উৎসৱক এশ ঢোলৰ ওৱানগালা উৎসৱ’ [The hundreds drums of wangala festival] বোলা হয়৷ দহোটা দলৰ মাজৰ পুৰণি গীত-নৃত্য, বাদ্যযন্ত্ৰেৰে ওৱানগালা নৃত্যৰ প্ৰতিযোগিতা হয়৷  প্ৰতি বছৰে উদ্‌যাপন কৰি অহা এই উৎসৱত জাতি-ভেদ, ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো লোকৰ উপস্থিতিয়ে গাৰো পাহাৰৰ ওৱানগালা উৎসৱক আৰু বেছি তাৎপৰ্যপূৰ্ণ তথা আনন্দময় কৰি তুলিছে৷

অন্যান্য উৎসৱ

ভাৰতৰ অন্যান্য লোক সমাজৰ দৰেই গাৰো সমাজৰো বিভিন্ন উৎসৱ আছে৷ উত্তৰ-পূব ভাৰতৰ অধিকাংশ জাতি-জনজাতি কৃষি উৎসৱৰ লগত জড়িত উৎসৱেই বেছিকৈ উদ্‌যাপিত হয়৷ তথাপি অন্যান্য কিছুমান উৎসৱো আছে৷

চিয়া উৎসৱঃ গাৰো সমাজৰো ডচিয়া উৎসৱ এটি উল্লেখযোগ্য উৎসৱ৷ এই উৎসৱ বিবাহ সম্পৰ্ক উৎসৱ৷ কন্যা বিবাহ উপযোগী হলে কন্যাক ঘৰৰ মতামত লৈ বিবাহ উপযোগী উপযুক্ত মাহাৰিৰ লৰা এজন বন্দী কৰি লৈ কন্যাৰ ঘৰলৈ লৈ অহাৰ পাছত এই ডচিয়া উৎসৱ অনুষ্ঠিত কৰে৷ কন্যাৰ পিতৃয়ে উপযুক্ত দিন-বাৰ চাই গাঁৱৰ কামালা বা পুৰেহিতৰ দ্বাৰা এই উৎসৱ সম্পন্ন কৰে৷ বিবাহ উপলক্ষে কইনাঘৰত গাঁৱৰ বহুলোকৰ  সমাগম হয়৷ যেতিয়ালৈকে বিশিষ্ট অতিথিসকল আহি নেপায় তেতিয়ালৈকে দৰাৰ পিতৃ পক্ষৰ লোকসকলে বিবাহ উৎসৱত অংশষ গ্ৰহণ নকৰে৷ পুৰোহিত আৰু কইনা বাপেক এফালে বহে আৰু দৰা পক্ষ আৰু দৰা বিপৰীত ফালে বহে৷ মাজত জুই জ্বলাই থয়৷ সকলোৰে মাজত নিচাযুক্ত পানীৰ লগতে ভাত আদি খাদ্য পৰিবেশন কৰে৷

কইনাক প্ৰথমে দৰাক নিচাযুক্ত পানীয়ে আগবঢ়ায়৷ অনুষ্ঠানৰ প্ৰায় শেষত কইনাৰ দেউতাকক আনুষ্ঠানিকভাৱে কুকুৰা বধ কৰিবলৈ কয়৷ তিনিটা কুকুৰা আগৰপৰাই ব্যৱস্থা কৰি থয়৷ পুৰোহিতে মন্ত্ৰ পাঠ কৰি মতা কুকুৰাটোৰে দৰাৰ পিঠিত আৰু মাইকী কুকুৰাটোৰে কইনাৰ পিঠিত আঘাত কৰে৷ দৰা-কইনাৰ নাম ধৰি দুয়োটা কুকুৰাৰ ডিঙি কাটে৷ পুৰোহিতজনে কুকুৰাটোৰ পেটৰ নাড়ি ভূঁৰ নিৰীক্ষণ কৰি দৰা কইনাৰ বৈবাহিক জীৱনৰ লক্ষণ কেনে হব বিচাৰ কৰে৷ যদি দুয়োটা কুকুৰাৰ নাড়িৰ মিল থাকে তেন্তে দুয়ো মিলিজুলি থকা আৰু ভৱিষ্যৎ জীৱন সুখৰ হোৱাৰ আগজাননী পায়৷ অনুষ্ঠানত আন এটা কুকুৰা বধ কৰি কন্যাই দৰা আৰু বন্ধুবৰ্গক খুৱায়৷ আন দুটা কুকুৰা নিমন্ত্ৰিত অতিথিক খুৱায়৷ এই উৎসৱকে ডচিয়া উৎসৱ বোলা হয়৷

মাঙোনাঃ গাৰোসকলৰ মৃত্যু সম্পৰ্কীয় এটি উল্লেখযোগ্য লোক উৎসৱ হৈছে মাঙোনা৷ এই উৎসৱ বা অনুষ্ঠানত একোটা বছৰত মৃত্যু হোৱা লোকসকলৰ একেলগে শ্ৰাদ্ধৰ আয়োজন কৰে৷ সাধাৰণতে গাৰো সমাজত কোনো ব্যক্তিৰ মৃত্যু হলে - নাগাৰা অৰ্থাৎ একপ্ৰাকৰ ডবা বজাই গাঁৱত ব্যক্তিজনৰ মৃত্যু সংবাদ ঘোষণা কৰে৷ শৱ সৎকাৰৰ পিছত মৃতকৰ ভৰিত বান্ধি নিয়া কুকুৰাটো বধ কৰি তাৰ তেজখিনি মৃতকৰ বাবে তৈয়াৰ পবিত্ৰ স্থান [Delang] ত ছটিয়াই দিয়ে৷ এই সময়তে যিসকল মৃত ব্যক্তিৰ বাবে স্মৃতি সৌধ [Kima] সজা নহয় সেইসকলৰ বাবে এই Kima সাজি পদূলিমূখত ৰখা হয়৷ এনেদৰে বছৰটোৰ শেষত মৃত ব্যক্তিসকলৰ আত্মাৰ মুক্তিৰ বাবে মাঙোনা উৎসৱ পালন কৰে৷

গৰে ৰৱা [Gore roa]ঃ এই উৎসৱৰ তাৎপৰ্য বিচাৰ কৰিলে বুজা যায় যে গাৰো ভাষাত গৰে মানে ঘোঁৰা আৰু ৰবা মানে ফুৰা অৰ্থাৎ ঘোঁৰা লৈ ফুৰা এক মাঙ্গলিক অনুষ্ঠান৷ ঘোঁৰা লৈ উৎসৱ পালন কৰা নীতিয়ে বুজাইছে যে গাৰোসকল একপ্ৰকাৰৰ যঁুজাৰু জাতি৷ পূৰ্বপুৰুষৰ বহু ত্যাগৰ নীতিয়ে বিনিময়ত অৰ্থাৎ বহু সংঘৰ্ষৰ মাজেদি আহি এটা জাতি হিচাপে তেওঁলোক পৰিচিত হৈছে৷ এই উৎসৱৰ দ্বাৰা তেওঁলোকে নিজৰ জাতিৰ অস্তিত্বৰ গৌৰৱ অনুভৱ কৰে৷

এই উৎসৱত এটা ঘোঁৰাৰ মূৰ্তি সাজি লৈ তাৰ গাত বিভিন্ন ৰঙৰ কাপোৰ মেৰিয়াই  লয়৷ ডিঙি, কপাল, ভৰিত বিভিন্ন আ-অলংকাৰ পিন্ধাই দিয়ে৷ এই উৎসৱত অংশগ্ৰহণকাৰী লোকসকলেও আ-অলংকাৰ, ৰঙীন সাজপাৰ পৰিধান কৰি, হাতত ঢাল-তৰোৱাল, ধনুকাঁড়, ষাঠি আদি লৈ ঘোঁৰাটো লগত লৈ লৈ নৃত্য-গীত কৰি ফুৰে৷ বিভিন্ন বাদ্যযন্ত্ৰও বজায়৷ এই উৎসৱ তিনিদিন ধৰি চলে৷ এই উৎসৱত পৰিৱেশিত নৃত্য-গীতসমূহ যঁুজাৰুসকলৰ গীতৰ দৰে ছন্দ তথা ভংগিমাত চলে৷ 

গাৰো লোকসমাজত জন্ম মৃত্যু আৰু বিবাহৰ পৰম্পৰা

শিশুৰ পৰা সন্তানৰ মাতৃ হোৱালৈকে নাৰী জাতিৰ জীৱনত কিছুমান উল্লেখযোগ্য পৰিৱৰ্তন ঘটে৷ সন্মুখীন হয় নতুন নতুন জীৱনৰ তথা নতুন অভিজ্ঞতাৰ৷ নাৰীগৰাকীয়ে সন্তান দহমান দহ দিন নিজৰ দেহৰ এক অঙ্গ হিচাপে কঢ়িয়াই লৈ ফুৰালৈকে বহুতো সামাজিক আচাৰ-অনুষ্ঠান পালন কৰিব লাগে৷ গাৰোসকলৰো এনে সময়ৰ বহু ৰীতি-নীতি আছে৷ সেই নিয়ম ৰক্ষা কৰিলেহে শিশু আৰু মাতৃ দুয়োৰে স্বাস্থ্য তথা প্ৰসৱ কাৰ্য সুকলমে সমাধা হয় বুলি তেওঁলোকৰ বিশ্বাস৷ সেইমতে প্ৰসূতি গৰাকীৰ স্বামী বা পিতৃয়ে অতিকমেও চাৰিটা জীৱ বলি দিব লাগে৷ এই জীৱকেইটা ছাগলী, গাহৰি বা কুকুৰা হব লাগে৷

প্ৰায়বিলাক আদিম মানৱগোষ্ঠীয়ে কিছুমান বিশেষ বস্তু বা সমাজৰ বিশেষ লোকৰ গাত এক ঐন্দ্ৰজালিক শক্তি থাকে বুলি বিশ্বাস কৰিছিল আৰু ইয়েই ভাল-বেয়া সকলো কামৰ উৎস বুলি মানি লৈছিল৷ গোষ্ঠীৰ মুৰব্বী মেজিচিয়ান, পুৰোহিত [কামাল] আৰু মৃতকৰ গাত এই শক্তি থাকে বুলি আদিম মানৱে ভাৱিছিল৷ সেয়েহে গাৰোসকলেও সন্তান প্ৰসৱৰ সময়ত এজন পুৰোহিত [কামাল]ক ঘৰলৈ মাতি আনে৷ তেওঁ মন্ত্ৰপাঠ কৰি ঘৰৰ বাহিৰত জন্তু বা চৰাই বধ কৰে যাতে এই মন্ত্ৰপুত কাৰ্যৰ বাবে অপদেৱতা আঁতৰ কৰি সুকলমে প্ৰসৱ কাৰ্য সমাধান হয়৷ সেইদিনাৰ অনুষ্ঠানৰ বাবে চাউলৰ পৰা তৈয়াৰী মদ, চাউলৰ গুৰি, কুকুৰা, গাহৰি আদিও গোটাই থয়৷ কেতিয়াবা শিশু জন্মৰ লগে লগে আৰু কেতিয়াবা প্ৰসৱৰ সময় বেছি দীঘলীয়া হলে জীৱ বলি দিয়ে৷ প্ৰসূতিক ঘৰৰ পিছফালে বিশেষ এটা কোঠাত ৰখা হয়৷ ওচৰ-চুবুৰীয়া তিৰোতাসকলে বাঁহপাত-কলপাত আদি গোটাই থয়৷ প্ৰসৱ বেদনাত কষ্ট পাই থকা মাতৃগৰাকীক এগৰাকী ধাই আহি সহায় কৰে৷ পুৰুষসকলে বাঁহেৰে তৈয়াৰী কটাৰি বা চেঁচু দুখন কাটি ৰাখে৷

সন্তান জন্মৰ পাছত পুৰুষসকলে এক যজ্ঞৰ ভেটি সাজে৷ ঘৰৰ সন্মুখৰ বেৰৰ সোঁফালে ভেটিটো সাজিলে লৰা জন্ম হৈছে বুলি জনা যায় আৰু বাঁওফালে ভেটিটো সাজিলে কন্যা বুলি জনা যায়৷ এই ভেটিটোৰ ওপৰত ধাইগৰাকীয়ে এটি কণী ভাঙে৷ তাৰপাছত তেওঁ পেলাবলগীয়া সকলো বস্তুৰ লগতে দ্বিতীয়খন বাঁহৰ কটাৰী বা চেঁচুপাত বান্ধি লৈ জংঘলৰ কোনো এজোপা গছৰ ফেৰেঙনিত থৈ আহে৷

জন্মৰ সময়ৰ লোকাচাৰবিলাক তেওঁলোকৰ মাজতো ঠাই বিশেষ বেলেগ বেলেগ৷ মাতৃয়ে গা-ধুই অহাৰ পাছতেই শিশুটিৰ চুলি অলপ খুৰাই দিয়ে৷ শিশু আৰু মাক থকা প্ৰধান কোঠাটোৰ মূধচ পোৱাকৈ এডাল বাঁহ পোতে৷ এই বাঁহডালৰ তলৰ ফালে চমবাচিয়াবা বলিশাল পোতে৷ তাৰ পিছতেই যজ্ঞৰ ভেটিত পুৰোহিতজনে শিশুটিৰ ভৱিষ্যৎ মঙ্গলৰ বাবে প্ৰাৰ্থনা কৰে আৰু এই কাৰ্যৰ পাছতেই শিশুৰ পিতৃয়ে বলিশাল আৰু এটা কুকুৰা লৈ মূধচলৈ উঠি যায়৷ ঘৰৰ ওপৰতে কুকুৰাটো বলি দিয়ে আৰু তাৰ তেজবোৰ মূধচৰ পৰা মজিয়ালৈকে থকা বাঁহডালেদি বোৱাই দিয়ে৷ এই কামখিনি শেষ কৰিয়েই বাঁহডাল আৰু বলিশাল কাটি পেলাই দিয়ে৷ বলি দিয়া কুকুৰাটো মাংস আঞ্জা কেৱল পুৰোহিত আৰু শিশুটোৰ পিতৃয়েহে খাব পাৰে৷ কুকুৰাটোৰ ঠোঁটৰ অংশটো এখন কলপাতত লৈ ঈশ্বৰলৈ আগবঢ়ায়৷ ইয়াৰ পিছৰ পৰ্ব হৈছে শিশুৰ চুলি খুৰোৱা কাৰ্য৷ এই অনুষ্ঠানক খিনি মিনচু গালাবোলে৷ আৰু এই অনুষ্ঠানক আবেঙবিলাকে টঙৰেঙমা দেন পাকা আৰু মাচিচ্‌বিলাকে জাকিপঙটাটবুলি কয়৷ গাৰোসকলৰ বিশ্বাস যে টঙৰেঙমাএটা অশৰীৰ আত্মা আৰু তেওঁক সন্তুষ্টি কৰিবৰ বাবেই বলি আগবঢ়াব লাগে আৰু এই অনিষ্টকাৰী আত্মাটো আঁতৰি ভৱিষ্য¸ৎ মঙলময় হয়৷

সন্তানৰ জন্মৰ লগত সঙ্গতি ৰাখি কিছুমান লোকবিশ্বাস তেওঁলোকৰ আছে৷ সন্তানসম্ভৱা মাতৃগৰাকীয়ে সন্ধিয়া সময়ত বাহিৰলৈ ওলাই যাব নালাগে৷ অন্যথা মাত বুৰেং বা জংঘলী বেয়া আত্মাৰ কুদৃষ্টি পৰি বা বেয়া বতাহ লাগি সন্তান আৰু মাতৃ উভয়ৰে বিপদ ঘটাৰ সম্ভাৱনা৷ অন্যান্য ক্ষেত্ৰত সন্তানসম্ভৱা মাতৃগৰাকীৰ প্ৰথম মাহৰ পৰাই সকলো ধৰণৰ কাম কৰাত কোনো বাধা নাথাকে৷ শিশুৰ জন্মৰ  দিনা সেই গাঁওখনৰ কোনো লোক খেতিপথাৰলৈ যাব নোৱাৰে৷ এনে নিয়ম ভঙ্গ কৰিলে খেতিৰ শস্য নষ্ট হোৱাৰ সম্ভাৱনা৷

পুৰোহিতজনে শিশুৰ জন্মৰ সময় চাই তাৰ ভৱিষ্যৎ সুলক্ষণ বিচাৰ কৰে৷ ইয়াৰ বাবে এটা কুকুৰা মাৰি তাৰ পেটৰ পৰা অন্ত্ৰবিলাক বাহিৰ কৰি  আনে৷ অন্ত্ৰবিলাক দুভাগত ভাগ কৰে৷ সোঁফালৰ অংশ শিশুটিৰ আৰু বাঁওফালৰ অংশ অশৰীৰ আত্মাৰ বুলি বিশ্বাস৷ যদি সোঁফালৰ অন্ত্ৰডাল জীণ যোৱা খাদ্যৰ সম্পূৰ্ণ হৈ থাকে আৰু অলপ দীঘল হয় তেন্তে বুজা যায়, শিশু সুলক্ষণ লৈ জন্ম হৈছে আৰু ভৱিষ্যৎ জীৱন সুখৰ আৰু মঙ্গলময় হব৷

গাৰোসকলৰ শিশুৰ নাম থোৱা উৎসৱৰ সময়ৰ তেনে কোনো বাধ্যবাধকতা নাই৷ কিছুমানৰ জন্মৰ লগে লগে নাম থোৱাৰ নিয়ম৷ নাম থোৱা উৎসৱতো টঙৰেঙমাৰ নামত বুলি আগবঢ়ায়৷ মাকৰ বাহিৰে সকলোবিলাক নিমন্ত্ৰিত মহিলাই নতুন নামটো উচ্ছাৰণ কৰে৷ শিশুৰ নামবোৰ সাধাৰণতে উপৰিপুৰুষ নাম হয়৷ কোনো জীৱিত আত্মীয় বা অলপদিন আগতেই মৃত্যু হোৱা ব্যক্তিৰ নাম সাধাৰণতে নিদিয়ে৷

শিশুৰ বাহিৰেও আন যিকোনো বয়সৰ লোকৰো নাম সলনি কৰা হয়৷ তেওঁলোকৰ বিশ্বাসমতে যদি কোনো মানুহক হিংস্ৰ জীৱ-জন্তুৱে আঘাত কৰে তেন্তে তেওঁ নিজৰ নামটো সলনি কৰিলে নতুন নামেৰে মানুহজনক কোনো অঘটন ঘটাব নোৱাৰিব বা চিনি নেপাব৷ কিন্তু মানুহে এজনক মাৰি পেলালে, তেওঁৰ সম্পৰ্কীয় সকলো ব্যক্তিৰ নাম নতুন কৰি দিয়ে৷ যাতে মৃত ব্যক্তিজনৰ সম্পৰ্কেৰে তেওঁলোকক জন্তুটোৱে চিনি নাপায়৷ জন্মৰ কেইবছৰমান পাছতেই লৰা আৰু ছোৱালী দুয়োৰে কাণ ফুটোৱাৰ নিয়ম আছে৷

গাৰোসকলৰ বিবাহৰ পৰম্পৰা

এজোপা গছে ফল দিয়াৰ আগতে যিদৰে ফুল হয় সেইদৰেই নাৰীৰ জীৱনত মাতৃত্ব হোৱাৰ আগতে কন্যা ৰজস্বলা হয়৷ গাৰো সমাজৰ মাতৃত্বৰ বাবে কন্যা সন্তানৰ বয়সৰ কোনো সীমাৰেখা নাই৷ ৰজস্বলা হোৱা কন্যা সন্তানেই বিবাহৰ উপযোগী হোৱা বা সন্তান জন্ম দিয়াৰ ক্ষমতাকে সূচায়৷ কন্যাকাল হোৱা প্ৰথম অৱস্থাত কোনো আনুষ্ঠানিক আড়ম্বৰ নাই৷ কেৱল বিশেষ সেই দিনকেইটাত গাঢ় ৰঙৰ কাপোৰ পিন্ধে আৰু পৰিয়াল তথা সমাজৰ অন্যান্য ব্যক্তিৰ লগত যাতে মিলা-মিছা কৰিব নোৱাৰে তাৰ বাবে সাৱধান থাকে৷ দুই বা তিনিদিন এনেকৈ থাকে৷ অবিবাহিত কন্যা সন্তানৰ প্ৰতি এনেবিলাক দিশত মহিলাসকলেই লক্ষ্য ৰাখে৷ পুত্ৰ সন্তানসকলে যেতিয়া কৰ্মক্ষম হয় অৰ্থাৎ ঘৰৰ কামৰ দায়িত্ব বুজি ঘৰুৱা কাম-বন কৰিবলৈ লয় তেতিয়াই বিবাহৰ উপযোগী হয় বুলি গাৰো সমাজৰ বিচাৰ৷ গাৰো সমাজত পুত্ৰ সন্তানতকৈ কম বুদ্ধিমতী তথা শান্ত প্ৰকৃতিৰ কন্যা কমহে দেখা পোৱা যায়৷ তুলনামূলকভাৱে লৰাবিলাক ছোৱালীতকৈ বেছি লাজকুৰীয়া স্বভাৱৰ৷   

বিবাহৰ বিষয়ে প্ৰথমে ছোৱালীৰ পক্ষই আগবাঢ়ে৷ মতামত ছোৱালী গৰাকীয়ে প্ৰথমে দিয়ে৷ তাৰ পাছতহে তাইৰ পৰিয়াল আৰু শেষত লৰাৰ পক্ষৰ মন্তব্য আহে৷ ছোৱালীজনীয়ে যাক নিজৰ স্বামী হিচাপে লব বিচাৰে সেয়াহে পৰিয়ালে গ্ৰহণ কৰে৷ পৰিয়ালে বাছি দিয়া লৰা উপযুক্ত হলেও ছোৱালীয়ে গ্ৰহণ নকৰিবও পাৰে৷ বিবাহৰ আগতেই অন্তঃসত্ত্বা হোৱা ছোৱালীৰ লগতো সামাজিক বিয়াৰ কোনো বাধা নাই৷ সাধাৰণতে দেখা যায় স্ত্ৰীসকলৰ বয়স স্বামীতকৈ কেইবাবছৰো বেছি হয়৷ যিহেতু বিয়াৰ দায়িত্ব লৰাতকৈ ছোৱালীৰ বেছি৷ অবিবাহিত ছোৱালী এজনী হঠাতে অন্তঃসত্ত্বা হোৱাতকৈ বৈবাহিক বান্ধোনেৰে দুয়োকে সামাজিকভাৱে সাংসাৰিক দায়িত্বৰ স্বীকৃতি দিয়াই ভাল বুলি সমাজে বিবেচনা কৰে৷ এটা লৰাক বিয়াৰ  উপযুক্ত হোৱাৰ লগে লগে তেওঁৰ মাক-বাপেকে উপদেশ দিয়ে যে লৰাটোৱে খেতি কৰিব জানিব লাগিব, ঘৰ সাজিব জনা, স্ত্ৰীৰ দায়িত্ব লোৱা, নিজৰ স্ত্ৰীৰ ককায়েকক সন্মান কৰা, স্ত্ৰীৰ বাই-ভনীৰ স্বামীৰ লগত সহযোগ কৰা আদি গুণ জ্ঞান স¥পন্ন হব লাগিব৷ যিহেতু বিয়াৰ পিছত লৰাটো নিজৰ স্ত্ৰীৰ ঘৰৰ এক সদস্য হৈ পৰে৷

একে মাহাৰিৰ মাজত বিবাহৰ প্ৰথাৰ ভিন্নতা আছে৷ আবেঙ, মেট্যাবেঙ ,মাছিছ ,আতঙ সকলৰ মাজত বিবাহৰ কাৰ্য্য সম্পাদনো বিভিন্ন ধৰণে হয় যদিও গাৰোসকলৰ বিবাহ সম্পন্ন হোৱা লোকচাৰসমূহৰ কিছু মিল আছে৷ লোকাচাৰসমূহ এনেধৰণৰ -  যিসকলে দৰাজনক বন্দী কৰি কইনাৰ ঘৰলৈ আহে সেইসকলক প্ৰথমে কেৱল নিচাযুক্ত পানীয়ে [চু-মদ] খাবলৈ দিয়ে৷ ৰাতিলৈ বিবাহৰ প্ৰকৃত কাৰ্য  আৰম্ভ হয়৷ বিবাহ উপলক্ষে কইনাৰ ঘৰখনত গাঁৱৰ বহু লোকৰ সমাগম হয়৷ বিশিষ্ট অতিথিসকল আহি নোপোৱালৈকে দৰাৰ পিতৃৰ পক্ষৰ লোকসকলেও বিবাহ উৎসৱত অংশ গ্ৰহণ নকৰে৷ তেওঁলোকৰ পুৰোহিত আৰু কইনাৰ বাপেক এফালে বহে আৰু বিপৰীত ফালে দৰা বহে৷ দৰাক বন্দী কৰি অনা বন্ধুবৰ্গই আগুৰি থাকে৷ মাজত জুই জ্বলাই থয়৷ কইনাই তৰি-তৰকাৰি আদি ৰান্ধে আৰু প্ৰথমে ভাতসাঁজ তেওঁৰ ভাবী স্বামীক খাবলৈ দিয়ে৷ তাৰ পাছতহে নিমন্ত্ৰিত অতিথিসকলক খাবলৈ দিয়ে৷ কইনাই প্ৰথমে নিচাযুক্ত পানীয় দৰাক আগবঢ়ায়৷ অনুষ্ঠানৰ প্ৰায় শেষত কইনাৰ দেউতাকক আনুষ্ঠানিকভাৱ কুকুৰা মাৰিবলৈ কয়৷ তিনিটা কুকুৰা ইতিমধ্যে সাজু কৰি ৰখা হয়৷ পুৰোহিতে মন্ত্ৰপাঠ কৰি মতা কুকুৰাটোৰে দৰাৰ পিঠিত আৰু মাইকী কুকুৰাটোৰে কইনাৰ পিঠিত আঘাত কৰে৷ দৰা কইনাৰ নাম ধৰি দুয়োটা কুকুৰাক ডিঙি কাটে৷ পুৰোহিতজনে কুকুৰাকেইটাৰ পেটৰ নাড়ি-ভূঁৰু নিৰীক্ষণ কৰি দৰা কইনাৰ বৈবাহিক জীৱনৰ লক্ষণ কেনে হব বিচাৰ কৰে৷ যদি দুয়োটা কুকুৰাৰে নাড়িৰ মিল থাকে তেন্তে দুয়োৰে ভৱিষ্যত জীৱন সুখৰ আৰু অমিল হলে ভৱিষ্যত জীৱন দুখৰ আৰু খেলি মেলি হোৱাৰ সম্ভাৱনা৷ কেতিয়াবা এনে বিচাৰত বৈাহিক জীৱন দুখৰ হোৱাৰ আগজাননীৰ বাবে দৰা পলাই যায়৷ অনুষ্ঠানৰ আন এটা পৰ্বত তৃতীয় কুকুৰাটো কইনাগৰাকীয়ে ৰান্ধি দৰা আৰু দৰাক বন্দী কৰি অনা বন্ধুবৰ্গক ভাত-মাংস খাবলৈ দিয়ে৷ আন দুটা কুকুৰা অন্যান্য আলহীৰ বাবে ৰন্ধা হয়৷

বিয়াৰ প্ৰথম ৰাতি দৰাৰ বন্ধুবৰ্গই ঘৰৰ বাহিৰত পহৰা দি থাকে৷ এনেদৰে চাৰি দিনমানলৈকে তেওঁলোকে দৰাজনৰ কাম-কাজ, চলন-ফুৰণ ইত্যাদি লক্ষ্য কৰি থাকে৷ বিয়াৰ বহুদিন পাছলৈকে বন্ধুবৰ্গৰ এই দায়িত্ব চলি থাকে৷ তেওঁলোকেই কইনাৰ গাঁওখনৰ লোকসকলৰ লগত দৰাক পৰিচয় কৰাই দিয়ে৷ যেতিয়া দৰা-কইনা দুয়োৰে কাম-কাজত, চলন-ফুৰণত নতুন লৰা [দৰা] টোৰ স্থায়ী স্বামীত্বৰ স্বভাৱ পৰিলক্ষিত হয়, তেতিয়াহে তেওঁলোকৰ [বন্ধুবৰ্গৰ] দায়িত্ব কমি আহে৷ অৱশেষত দৰাক কইনাৰ ওচৰত গতাই দিয়ে৷ গতিকে দেখা যায় - গাৰোসকলৰ বিবাহ এদিনত সম্পন্ন হোৱা অনুষ্ঠান নহয়, ই এক দীৰ্ঘদিনীয়া পৰিক্ৰমা৷

বিবাহ বিচ্ছেদ

গাৰো সমাজৰ বিবাহ-বিচ্ছেদৰ সূত্ৰ তথা শাস্তি খুউব জটিল৷ যি কাৰণে বিবাহ বিচ্ছেদৰ সূত্ৰপাত হয় সেই কাৰণ জানি লৈ স্ত্ৰীগৰাকীৰ কাণৰ লতি ছিঙি শাস্তি দিছিল৷ ফটা-চিটা কাপোৰ পিন্ধাই এৰি দিছিল৷ সেইদৰে পুৰুষজন দোষী হলে দাস হিচাপে কামত লগাইছিল বা কেতিয়াবা মৃত্যুদণ্ড দিছিল৷ স্ত্ৰীগৰাকীয়েও যদি দ্বিতীয়বাৰ কোনো অপৰাধ কৰে তেওঁকো মৃত্যুদণ্ড দিছিল৷

 গাৰো লোকসমাজত মৃত্যুসম্পৰ্কীয় ৰীতি-নীতি আৰু পৰম্পৰা

গাৰোসমাজত ভাৰতৰ অন্যান্য জাতি-উপজাতিৰ দৰেই আত্মাৰ বিশ্বাস বিদ্যমান৷ আত্মা নামৰ অদৃশ্য শক্তিটো শৰীৰৰ পৰা একেবাৰে ওলাই গলে মানুহৰ মৃত্যু ঘটে আৰু কোনো জীৱ-জন্তু বা মানৱ দেহত প্ৰৱেশ কৰি নতুন ৰূপ ধাৰণ কৰে৷

কোনো পুৰুষ বা মহিলাৰ মৃত্যু হলে শৱ সৎকাৰৰ প্ৰথম কাৰ্য হিচাপে আৰম্ভ হয় স্নান পৰ্ব৷ মৃত ব্যক্তি যদি ধনী মানুহ বা গাঁওবুঢ়া হয়, সেই মৃতকক মদেৰে গা ধুৱায় আৰু আনসকলক পানীৰেই ধুৱায়৷ তেনেদৰে ধনী মৃতকক পিতলৰ নদীয়া [...] ৰ ওপৰত শোৱাই দিয়ে আৰু দুখীয়া হলে বাঁহৰ চাঙীত শুৱাই দিয়ে৷ সাধাৰণতে ৰাতিৰ ভিতৰতে শৱ দাহ কাৰ্য সম্পন্ন কৰে৷ কিন্তু মৃতক কুষ্ঠ ৰোগী হলে জ্বলাই নিদি মাটিত পুতি থৈছিল৷ সেই সময়ত কুষ্ঠ ৰোগীক এঘৰীয়া কৰি ৰাখিছিল আৰু তেওঁৰ মৃত্যু হলে  ঘৰটোও জ্বলাই দিছিল৷ অন্যান্য বহু দুৰাৰোগ্য ৰোগীক খোৱা বস্তুৰ সৈতে জংঘলৰ মাজত অকলে থাকিবলৈ দিছিল আৰু যেতিয়া খোৱা বস্তুবোৰ শেষ হৈ যায় অনাহাৰত কেতিয়াবা তেনে ৰোগীৰ কোনেও নজনাকৈ মৃত্যুও ঘটিছিল৷ হাবি-জংঘলৰ বাঘ-সাপ আদি জীৱ জন্তুৱে মৰা মানুহক ঘৰলৈ লৈ নাযায় আৰু যি ঠাইত শৱটো পায় সেই ঠাইতেই দিনটোৰ ভিতৰত দাহ কৰে৷ মৃত্যু যি ভাৱেই নহওক সাধাৰণতে মৃতকৰ লগত জীৱিত কালত তেওঁ ব্যৱহাৰ কৰা কাপোৰ-কানি, দা-য¸াঠি, কোৰ আদি সকলো জ্বলাই দিয়ে৷ জীৱিতসকলে এই বস্তু ব্যৱহাৰ কৰাটো অশুভ৷ ঘৰৰ এজন ব্যক্তিৰ মৃত্যুৰ পিছত যদি কোনো সম্বন্ধীয় ব্যক্তি বেমাৰত পৰে তেন্তে তেওঁলোকৰ বিশ্বাস যে সেই মৃত আত্মা ঘূৰি আহি সেই বিশেষ ব্যক্তিৰ দেহত প্ৰৱেশ কৰিছে আৰু তেনে ব্যক্তিৰ মৃত্যু হলেও সূৰ্য্য অস্ত যোৱাৰ আগতে দাহ কৰে৷

শৱ দাহ কৰাৰ আগতে মৃতকৰ হাতত এটকাকৈ পইছা দিয়ে যাতে এই পইছাৰে মৃত্যুৰ পিছত থকা ঠাই মঙেৰা মঙৰামলৈ যাব পাৰে৷ আকাইজবিলাকে শৱটো তললৈ পেট কৰি শুৱাই, হাত দুখন টানকৈ বান্ধি, গাটোৰ লগত বান্ধি দিয়ে আৰু দুয়োখন ভৰিৰ বুঢ়া আঙুলি দুটা একেলগে কৰি বান্ধি দিয়ে৷ কিন্তু আবেঙবিলাকে স্বাভাৱিকভাৱেই শুৱাই দিয়ে৷ মতা মানুহ হলে এজনী মাইকী কুকুৰা আৰু মাইকী মানুহ হলে এটা মতা কুকুৰা শ টোৰ ভৰিৰ বুঢ়া  আঙুলিত ৰছীডাল ইমান দীঘলকৈ বান্ধি দিয়ে, যাতে শৱটো লৈ যাওঁতে পাছ পাছে কুকুৰাটোৱে সহজে খোজকাঢ়ি গৈ থাকিব পাৰে৷ এই কাৰ্যক দজাছি মানে মানে কুকুৰাআৰু  ‘.জাছি... মানে খোজকাঢ়ি যোৱা কুকুৰাকে বুজায়৷ গাৰো সমাজৰ বিশ্বাস মতে এই কুকুৰাটোৱে মৃতকৰ ভৃত্য স্বৰূপ কাম কৰে৷

মৃতকৰ অনুষ্ঠানত গণ্ডা ডকা  এক কৰুণ সুৰৰ গীত গাই গাই শৱ সৎকাৰ কৰে৷ মাটচু ৰডিলা , মাঙ্‌গ্ৰিয়া , আজিমা আদি নৃত্য মৃতকৰ শৱ সৎকাৰ অনুষ্ঠানত পৰিবেশন কৰে৷ মাঙগ্ৰিয়া  নৃত্যত মৃত ব্যক্তিৰ পুত্ৰ-কন্যায়ো অংশ গ্ৰহণ কৰে৷ খ্ৰাম্‌এটা দীঘল ঢোল আৰু আদিল  মহৰ শিঙৰ পেঁপা, ৰাঙ  পিতলৰ বাদ্য আদি বজাই নাচি নাচি শৱ যাত্ৰা কৰে৷ সঙ্গীতৰ সুৰ কৰুণ হয়৷ এই গীত নৃত্যৰ উদ্দেশ্য হৈছে মৃত্যুৰ পিছতো মৃতকে যাতে মৃত পিতৃ-মাতৃৰ বা অন্য আত্মীয়ৰ আত্মাৰ সতে সুখে-সন্তোষে বালফাক্ৰামত [মৃত আত্মা থকা ঠাই] থাকিব পাৰে৷ শৱ দাহ কাৰ্য শেষ হোৱাৰ পাছত বান্ধি নিয়া কুকুৰাটো বধ কৰে আৰু ইয়াৰ তেজখিনি মৃতকৰ বাবে তৈয়াৰ কৰা পবিত্ৰ স্থানৰ ওপৰত  ছটিয়াই দিয়ে৷ চাউলেৰে পৰিপূৰ্ণ সৰু পাচি এটা শৱটোৰ মূৰৰ ওপৰত ৰখা হয়৷ পাচিটোৰ ওপৰত কুকুৰা পাখিৰে মেৰিওৱা এটা কণীও দিয়ে৷ এপাচি চাউল থকা এটা খৰাহী কুকুৰাটোৰ আহাৰ হিচাপে শৱটোৰ ভৰিৰ ওচৰত ৰাখে৷ মূৰৰ ওচৰত মদেৰে পৰিপূৰ্ণ এটা পাত্ৰও থয়৷ তদুপৰি এখন কলপাতত ভাত আৰু বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ মাংস ৰাখে৷ এই বিলাকে হৈছে আবেঙ সকলৰ মৃত্যু সম্পৰ্কীয় লোকাচাৰ৷ কিন্তু আকাইজ বিলাকে শৱটোৰ ভৰিৰ ওচৰত ভাত, পাচি এটাত চাউল আৰু কণী এটা শৱটোৰ খাদ্য হিচাপে ৰাখে৷ আন এপাচি চাউল কুকুৰাটোৰ আহাৰ হিচাপে লগত দি দিয়ে৷ আ-অলংকাৰ থাকিলে শৱটোৰ চাৰিওফালে সজাই দিয়ে৷ এনেকৈ শৱটো  দুটা দিন এটা ৰাতি পেলাই থয়, দ্বিতীয় ৰাতিহে জ্বলাই দিয়ে৷ এইকেইটা দিন কামাল বা পুৰোহিতৰ লগত মহিলাসকলেও শৱটো ৰাখি থাকে৷ এওঁলোকে বিদেহ আত্মাৰ সদ্‌গতিৰ বাবে কিছু ভক্তিমূলক প্ৰাৰ্থনা গীত গায়৷ এই গীতৰ লগত [নিম্ন স্বৰত গোৱা] পিতলৰ থাল বজায় আৰু কেতিয়াবা মাকোৰে মটিত আঘাত কৰি বজায়৷ তেওঁলোকৰ বিশ্বাস যে এই গীতৰ দ্বাৰা প্ৰথমে মৃত্যু হোৱা ব্যক্তিজনৰ আত্মাক সাৱধান কৰি দিয়ে, যাতে নৱাং [মৃত ব্যক্তিৰ পৰা কৰ লোৱা] নামৰ অপদেৱতাই চিকমাঙলৈ যোৱাৰ পথত মৃত আত্মাক আমনি নকৰে আৰু প্ৰথম ঠাই [আত্মাৰ থকা ঠাই]ৰ পৰা মুক্ত হৈ মাকৰ ঘৰলৈ সহজে ঘূৰি আহিব পাৰে৷ গাৰোসমাজৰ বিশ্বাস মতে- মিগাম এয়াৰিফাপ্ৰথমে মৃত্যু হোৱা গাৰো ব্যক্তি, ‘নবাঙহৈছে অপদেৱতা আৰু চিকমাঙহৈছে আত্মাৰ বিচৰণ ক্ষৈত্ৰ৷

যিদিনা শৱ সৎকাৰ কৰা হয় সেইদিনা সাধাৰণতে মৃত ব্যক্তিৰ ঘৰখনত শান্ত পৰিৱেশ বিৰাজ কৰে, প্ৰায়বিলাক লোক নোশোৱে আৰু ঘৰখন ৰখি থাকে৷ এনে সময়তে কিছুমান যুৱকে আচৰিত ধৰণৰ [প্ৰতীকধৰ্মী এক নৃত্য নাটিকাৰ দৰে] এক নাটকীয় পৰিৱেশৰ বাবে সাজু হৈ থাকে৷ যুৱকসকলে কলগছৰ গা-গছ, পাত আদিৰে বিভিন্ন জীৱ-জন্তু- যেনে বাঘ, ভালুক, বান্দৰ, পহু আদিৰ মুখা সাজি পিন্ধি আহে৷ গাত নানা ধৰণৰ বগা আৱৰণ আৰু ছাইৰে চিনিব নোৱাৰাকৈ আঁকি লয়৷ বিছাৰ [এবিধ পোক] দৰে বিষাক্ত পতঙ্গৰ ছদ্মবেশত এজন যুৱকে পেটেৰে চঁুচৰি যায়, এটা ভৰি কোঁচাই আগবাঢ়ি যায়৷ তাৰ এডাল নেজো থাকে৷ এইবিলাকে নিজান পৰিৱেশত থকা মাইকী মানুহবোৰক ভয় খুৱায়৷ সেইবিলাকক দেখি ভূতৰ ভয়ত কাহিনীৰ দৰে কৰা নৃত্য নাটিকা মৃতকৰ শৱ সৎকাৰ অনুষ্ঠানৰ এক উল্লেখযোগ্য অংশবিশেষ৷

গাৰো সমাজত মৃত্যু সম্পৰ্কীয় অনুষ্ঠানৰ লগত আন এক উল্লেখযোগ্য পৰম্পৰা জড়িত হৈ আছে, সেয়া হৈছে কিমা বা স্মৃতি সৌধ৷ কোনো ব্যক্তিৰ মৃত্যু হলে শৱ দাহ কৰাৰ পাছতেই তেওঁৰ ঘৰৰ সন্মুখত কাঠত মানুহৰ মুখমণ্ডলৰ দৰে কাটি দুটা খঁুটাৰ দৰে পুতি থয়৷ ইয়াৰ উচ্ছতা দুইৰ পৰা চাৰি ফুটলৈকে হয়৷ পুৰুষ হলে তেওঁ সচৰাচৰ পিন্ধি থকা চাৰ্ট, টুপী আদি পিন্ধাই থয়৷ আনহাতে মহিলা হলে আ-অলংকাৰ পৰ্যন্ত পিন্ধাই ৰাখিছিল৷ আনহাতে গাঁৱৰ কোনো বিশিষ্ট ব্যক্তি যেনে গাঁওবুঢ়া, পুৰোহিত  বা কোনো ধনী ব্যক্তিৰ মৃত্যু  হলে, গাঁৱৰ মানুহ অহা যোৱা কৰা প্ৰধান পথত এই কিমা ৰাখে৷ এই কিমাক তেওঁলোকে বলফিল  বুলি কয়৷ এই কিমা বা স্মৃতি সৌধ সাজি বিশেষ স্থানত ৰখাৰ উদ্দেশ্য এয়ে আছিল  সমাজৰ আন লোকে  দেখিলে বুজিব পাৰে যে এই ব্যক্তিজনৰ মৃত্যু হৈছে৷

ভাৰতৰ বিভিন্ন জাতি-উপজাতিৰ লোক কৃষ্টি অধ্যয়ন কৰিলে দেখা পাওঁ যে মৃত্যু সম্পৰ্কীয় অলৌকিক ধ্যান-ধাৰণাৰ পৰম্পৰা [বিজ্ঞান-প্ৰযুক্তিৰ যুগতো] প্ৰায়বিলাক জাতিৰ মাজত আজিও প্ৰচলিত৷ গাৰো লোকসকলো ইয়াৰ ব্যতিক্ৰম নহয়৷

শিক্ষা, ৰ্ধম, ৰাজনৈতিক শক্তি, নগৰীকৰণ আৰু সমন্বয় এই আটাইকেইটা উপাদানে কম-বেছি পৰিমাণে লোক-সংস্কৃতিৰ মৌলিকতা পৰিৱৰ্তন কৰাত অৰিহণা যোগাইছে ৷ উনবিংশ শতিকাৰ তৃতীয় দশকলৈকে পৰ্বত-ভৈয়ামৰ মাজত সমন্বয়ৰ সেতু আছিল কটকটীয়া৷ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ সূত্ৰ ভঙ্গ কৰি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসম দখল কৰে আৰু ইয়াৰেই পৰিণতি স্বৰূপে উত্তৰ-পূবৰ ৰাজনৈতিক গাঁথনিৰ পৰিবৰ্ত্তন ঘটে৷ পশ্চিমীয়া শিক্ষাৰ প্ৰসাৰ ঘটে আৰু খৃষ্টান ৰ্ধমৰ আগমন হয়৷ লগে লগে সামাজিক জীৱন আৰু লোকসংস্কৃতিৰো পৰিৱৰ্তন আহিবলৈ ধৰে৷ গাৰো লোক-সংস্কৃতিও এনে পৰিৱৰ্তনৰ পথ লয়৷ তথাপি আমাৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ পৰা কব লাগিব যে খ্ৰীষ্টিয়ান গাৰোসকলৰো প্ৰায়বিলাকৰে সংস্কৃতি তথা ৰীতি-নীতি, খাদ্য আদি পুৰণি সংস্কৃতিৰে কিছু সংস্কাৰকৃত এক পাৰম্পৰিক ৰূপ হিচাপে আজিও প্ৰচলিত৷ অৱশ্যে,এই কথাও জানিব পাৰিছো যে-বহুজন গৱেষক পণ্ডিতে গাৰোসকলৰ আদি ৰ্ধমৰ বিষয়ে তেনে কোনো তথ্য বা বৰ্তমান এই ৰ্চচা কি পৰ্যায়ত আছে সেয়া জানিব পৰা নাই৷ যদি আমাৰ অনুসন্ধানৰ  অজ্ঞাতে কিছু কথা ৰৈ গৈছে তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী৷

সহায়ক গ্ৰন্থপঞ্জী

] গাৰো জন-জীৱনৰ ৰূপৰেখা-ড পৰিতোষ চক্ৰৱৰ্তী

২]  গাৰোসকলৰ সমাজ আৰু সংস্কৃতিত এভুমুকি- ৰুমী ৰ্শমা বৰঠাকুৰ

৩] অসমৰ জনজাতীয় সামাজিক লোকাচাৰ-সম্পাদনা -ড উপেন ৰাভা হাকাচাম  আৰু ড প্ৰফুল্ল কুমাৰ নাথ

আপুনিও ভাল পাব পাৰে!