লেখকঃ ডাঃ ৰাহুল দেউৰী
ভাৰতৰ প্ৰাক-স্বাধীনতা কালত ভীমবৰ দেউৰীৰ ৰাজনৈতিক বিচক্ষণতা আৰু দূৰদৰ্শিতাই অসম আৰু অসমীয়া জাতিৰ বাবে ত্ৰাণকৰ্তাৰ ভূমিকা পালন কৰিছিল। পিছপৰা জনজাতীয় লোকসকলৰ আৰ্থ-সামাজিক উন্নয়ন আৰু অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ ঔপনিৱেশিক গ্ৰুপিং আঁচনিত ষড়যন্ত্ৰমূলকভাৱে অসমক পূব পাকিস্তানৰ ভিতৰুৱা কৰিব খোজা হৈছিল। কেবিনেট মিছনৰ এই আঁচনিৰ সম্পৰ্কত ভীমবৰ দেউৰীয়ে আগেয়ে অনুধাৱন কৰিব পাৰিছিল। তেখেতে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে শোভাযাত্ৰা, সত্যাগ্ৰহ বা অহিংস আন্দোলনৰ পথ নলৈ কেৱল কূটনৈতিক প্ৰশাসনিক ৰণকৌশলেৰেই ব্ৰিটিছৰ পৰা নিজৰ দাবী আদায় কৰিবলৈ সক্ষম হৈছিল । এই নীতি বৃটিছৰ বাবেও হয়তো গ্ৰহণযোগ্য নীতি হিচাপে প্ৰমাণিত হৈছিল। ভীমবৰ দেউৰীৰ এই ঐতিহাসিক গৌৰৱোজ্জ্বল ভূমিকা আৰু ৰণনীতি ভাৰতবাসীৰ মাজলৈ লৈ যাবলৈ হেৰিটেজ ফাউণ্ডেশ্যনে বিনম্ৰ প্ৰয়াস কৰি আহিছে। পলমকৈ হ’লেও অসম চৰকাৰে ভীমবৰ দেউৰীক স্বীকৃতি প্ৰদান কৰিবলৈ দুবছৰৰ মূৰে মূৰে ভীমবৰ দেউৰী বঁটা প্ৰদান কৰাটো এক বলিষ্ঠ পদক্ষেপ বুলিবই পাৰি।
১৯০৩ চনৰ ১৬ মে’ তাৰিখে শিৱসাগৰ জিলাৰ পানীদিহিং অঞ্চলৰ একেবাৰে অনগ্ৰসৰ বৰগঞা দেউৰী গাঁৱত ভীমবৰ দেউৰীয়ে জন্মগ্ৰহণ কৰে। তেখেত শদিয়াৰ বুৰঞ্জীপ্ৰসিদ্ধ তাম্ৰেশ্বৰী মন্দিৰৰ ঐতিহ্যসম্পন্ন বৰপুৰোহিত বৰদেউৰী পৰিয়ালৰ বংশধৰ। ১৯১৮ চনত মেধাৱী ভীমবৰ দেউৰীয়ে প্ৰাইমেৰী স্কুল পৰ্যায়ত সু্খ্যাতিৰে উত্তীৰ্ণ হৈ মাহে চাৰি টকাকৈ বৃত্তি লাভ কৰিছিল। শিৱসাগৰৰ পৰা ১৯২৫ চনত পাঁচটা বিষয়ত লেটাৰসহ প্ৰথম বিষয়ত উত্তীৰ্ণ হৈ কটন কলেজত দৰ্শন শাস্ত্ৰত অনাৰ্চ লৈ দ্বিতীয় শ্ৰেণীৰ প্ৰথম হৈ বি.এ. পাছ কৰিছিল। তেখেতে আইন পৰীক্ষাত উত্তীৰ্ণ হৈ বি.এল. ডিগ্ৰী লাভ কৰে আৰু অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হয়। এই পৰীক্ষাত প্ৰথম হোৱা স্বত্বেও তেখেতক চাকৰিত মকৰল কৰা নহ’ল কাৰণ ব্ৰিটিছে সেই সময়ত জনজাতীয় ব্যক্তিক প্ৰশাসনিক পদত নিযুক্ত কৰিব বিচৰা নাছিল। ১৯৩২ চনত ডিব্ৰুগড়ত দেউৰীদেৱে ওকালতি আৰম্ভ কৰে। ১৯৩৮ চনত তেখেত ডিব্ৰুগড় লোকেল বৰ্ডৰ সদস্য আৰু বেৰী হোৱাইট মেডিকেল স্কুলৰো গভৰ্ণিং বডিৰ সদস্য হিচাপে মনোনীত হয়। ১৯৩৩ চনত ৰহাত যাদৱ খাখলালীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ট্ৰাইবেল লীগৰ প্ৰথম অধিৱেশনত ভীমবৰ দেউৰী বিনা প্ৰতিদ্বন্দ্বিতাৰে সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। ট্ৰাইবেল লীগৰ দাবীৰ ভিত্তিতে ১৯৩৫ চনৰ ভাৰত শাসন আইনৰ অধীনত অসম বিধান সভাৰ ১০৮ খন আসনৰ ৪ খন আসন অনগ্ৰসৰ ভৈয়াম জনজাতিসকলৰ বাবে সংৰক্ষণ কৰা হৈছিল আৰু ভীমবৰ দেউৰীৰ উদ্যোগত মিকিৰ পাহাৰৰ নিৰ্বাচিত সদস্যগৰাকীয়ে ট্ৰাইবেল লীগত যোগদান কৰাত ইয়াৰ সংখ্যা ৫ গৰাকীলৈ বৃদ্ধি পাইছিল। সদস্যসকল আছিল-ৰূপনাথ ব্ৰহ্ম, ৰবি চন্দ্ৰ কছাৰী, কাৰ্ক চন্দ্ৰ দলে, ধীৰছিং দেউৰী আৰু মিকিৰ পাহাৰৰ খাৰছিং টেৰাং। এই ৫ গৰাকী সদস্যই ভীমবৰ দেউৰীৰ সবল নেতৃত্বত অসম বিধানসভাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। সেই সময়ত ব্যাপক হাৰত পূৰ্ববংগীয় মূছলমান লোকৰ প্ৰব্ৰজনৰ ফলত বিধান সভাতো পূৰ্ববংগীয় মূলৰ অধিক সংখ্যক প্ৰতিনিধিয়ে সংখ্যাৰ জোৰত অধিক আসন দখল কৰাৰ পৰিকল্পনা কৰা দেখি ভীমবৰ দেউৰী সচকিত হৈছিল। এই আগ্ৰাসনৰ জৰিয়তে অসমক ভৱিষ্যতে পূব পাকিস্তানৰ ভিতৰুৱা কৰাৰ এক স্পষ্ট ষড়যন্ত্ৰ তেখেতে অনুধাৱন কৰিব পাৰিছিল। পূৰ্ববংগীয় মূলৰ পাকিস্তানপন্থীসকল আটাইতকৈ বেছি লাভৱান হ’লহেতেন যদিহে সেইসময়ত জনজাতীয় নেতৃত্বই বিচ্ছিন্নতাবাদৰ আশ্ৰয় ল’লেহেতেন। সেয়েহে ভীমবৰ দেউৰীয়ে জনজাতিসকলৰ একাংশই বিচৰা সুকীয়া নিৰ্বাচনতকৈ তেওঁলোকক কংগ্ৰেছৰ সৈতে মিলি যুটীয়া নিৰ্বাচন খেলাৰ সপক্ষে মত পোষণ কৰিছিল। ১৯৪১ চনৰ লোক গণনাত অসমৰ জনজাতিসকলে নিজকে জনজাতি হিচাপে পৰিচয় দি উত্তৰ-পূৰ্বাঞ্চল যে কেৱল জনজাতীয় ভূমিপুত্ৰসকলৰ তাক লোকগণনাৰ তথ্যৰে প্ৰতিপন্ন কৰা আঁচনিও এককভাৱে ভীমবৰ দেউৰীৰ বিচক্ষণ মগজুৰ সৃষ্টি। ১৯৪১ চনৰ এই গণনাৰ বিশেষ আঁচনিয়ে ভাৰত বিভাজনৰ সময়ৰ জিন্নাৰ ‘আচাম লুংগা’ গোপন অভিযান ব্যৰ্থ কৰিবলৈ সক্ষম হৈছিল। ১৯৪১ চনৰ লোক গণনাৰ নীতিৰ সমৰ্থনত সেই সময়ৰ মুছলিম লীগৰ নেতা মহম্মদ ছাদুল্লাও এজন অন্যতম স্বাক্ষৰকাৰী আছিল। ভীমবৰ দেউৰীৰ সুকৌশল ৰণনীতিত জিন্নাৰ ‘ডাইৰেকট্ একচনৰ’ দৰে হিংসাত্মক নীতি বিফল হৈছিল। যাৰ ফলত অসমত ভয়াবহ হিংসাৰ আঁচনি প্ৰস্তুত কৰা স্বত্বেও জিন্নাৰ মুছলিম লীগৰ পৰিকল্পিত হিংসা আঁচনি ৰূপায়ণ কৰা সম্ভৱ নহ’ল।
উল্লেখযোগ্য যে সেই সময়ৰ জাতীয় কংগ্ৰেছৰ সভাপতি নেতাজী সুভাষচন্দ্ৰ বসুৱে ১৯৩৮ চনত গোপীনাথ বৰদলৈৰ নেতৃত্বত ট্ৰাইবেল লীগৰ সদস্যসকলক লৈ অসমত এখন সংযুক্ত চৰকাৰ প্ৰথম গঠন কৰিলে। সেই সময়ত নেতাজী সুভাষচন্দ্ৰ বসুৰ সৈতে ভীমবৰ দেউৰী আৰু গোপীনাথ বৰদলৈয়ে চৰকাৰ গঠন কৰাৰ সম্পৰ্কত অনন্য ৰণনীতি তৈয়াৰ কৰি সফল হৈছিল। ট্ৰাইবেল লীগৰ নেতা ভীমবৰ দেউৰীৰ সান্নিধ্যত আহি নেতাজীয়ে ভীমবৰ দেউৰী সম্পৰ্কত এক অভিমত দিছিল। ডম্বৰুধৰ দেউৰীয়ে তেওঁৰ গ্ৰন্থ ‘দেউৰী সংস্কৃতি’ত সেই বিষয়ে উল্লেখ কৰিছে যে “নেতাজীৰ দৃষ্টিত ভীমবৰ দেউৰী এজন বিচক্ষণ আৰু দূৰদৰ্শী ৰাজনীতিবিদ আছিল।” ভীমবৰ দেউৰীৰ সৈতে অতি ঘনিষ্ঠ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈদেৱে ভীমবৰ দেউৰীৰ মৃত্যুৰ পিছত ‘নায়ক’ আলোচনীত (১৯৪৮ চন, ভীমবৰ দেউৰী সংখ্যা) লিখা ‘স্বৰ্গীয় ভীমবৰ দেউৰী’ প্ৰৱন্ধত লিখি গৈছে- “মোৰ মনেৰে ভীমবৰ দেউৰী আচলতে অসমৰ এজন জননেতা আছিল। আচলতে ভীমবৰ এজন সুস্থ, স্বাধীন অসম গঢ়োঁতা আছিল। অসমীয়া ভাষা, শিল্প, কৃষ্টি আৰু এইবিলাক সম্বন্ধে আমাৰ কৰিবলগীয়া কাম, এই বিষয়ে ভীমবৰৰ লগত মোৰ অনেক আলোচনা হৈছিল। আৰু মই ইয়াকে ক’ব পাৰো যে- তেওঁৰ আঁচনি আৰু কাৰ্যৰ তালিকা কোনো কংগ্ৰেছী বা জাতীয়তাবাদী অসমীয়াতকৈ কোনোৰকমে পৃথক নাছিল। ভীমবৰৰ তীক্ষ্ন বুদ্ধি, দূৰদৰ্শিতা আৰু নিৰ্ভীক চিন্তাৰ কাৰণে তেওঁৰ মন্ত্ৰীসভাত স্থান পাওঁতে বেছি পলম ন’হল আৰু অতি কম সময়ৰ ভিতৰতে তেওঁ নিৰ্ভীকতা, সততা, কাৰ্যদক্ষতাৰ যথেষ্ট প্ৰমাণ দিলে।”
ভীমবৰ দেউৰীৰ সম্পৰ্কত স্বাধীনোত্তৰ অসমৰ কংগ্ৰেছ চৰকাৰৰ অমনোযোগিতা আৰু সেইসময়ৰ কংগ্ৰেছ শাসনাধীস্থ কেন্দ্ৰীয় চৰকাৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতি কৰা উপেক্ষা সমপৰ্যায়ৰ । বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ভীমবৰ দেউৰীৰ বিচক্ষণ ব্যক্তিত্ব আৰু অসমৰ ৰাজনৈতিক আৰু সামাজিক অস্তিত্ব ৰক্ষাত তেখেতে আগবঢ়োৱা একক উদ্যোগৰ প্ৰতি সন্মান জনাই, তেখেতৰ নামত বঁটা প্ৰদানেৰে তেখেতক আমাৰ মাজত সজীৱ কৰি ৰাখিব বিচাৰি মহৎ কাৰ্যৰ সূচনা কৰিছে।