ইতিহাস আৰু ঐতিহ্য

মহাপুৰুষ শ্রীশ্রী মাধৱদেৱ গুৰুজনাৰ চিতাভস্ম সংৰক্ষণ কৰি ৰখা ধুবুৰী জিলাৰ ঐতিহাসিক জিনকাটা সত্র

post

Share

লেখকঃ অজয় বৰুৱা

অসম,বাংলাদেশ আৰু পশ্চিমবংগ সীমান্তত অৱস্থিত অর্থাৎ অসমৰ পশ্চিম প্রান্তত থকা ধুবুৰী জিলাৰ ‌ইতিহাস প্রসিদ্ধ মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ পদস্পর্শৰে ঐতিহ্যময় শ্রীশ্রী ৰামৰায় কুঠি সত্রৰ পৰা প্রায় বাৰ কিলো মিটাৰ উত্তৰে জিনকাটা গাঁওত জিনকাটা সত্র অৱস্থিত। মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ আৰু শ্রীশ্রীমাধৱদেৱ গুৰু দুজনাই ব্যৱহৃত আপুৰুগীয়া বিভিন্ন সম্পদ থকাৰ উপৰিও বিভিন্নজন বৈষ্ণৱ আতাই ব্যৱহৃত সামগ্রী এই সত্রখনিত সংৰক্ষিত হৈ আছে। ৰাষ্ট্রীয় ঘাইপথৰ কাষতে থকা হালাকুৰা বজাৰৰ পৰা তিনি কিলোমিটাৰ দক্ষিণ-পশ্চিম দিশত থকা জিনকাটা এখন মহাপুৰুষীয়া সত্রীয়া গাঁও য'ত প্রায় ২৫০ ঘৰ মান পৰিয়াল বা সেৱিকা আছে। কোচৰজা নৰনাৰায়ণৰ ভাতৃ বীৰ চিলাৰায় আৰু শ্রীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ভতিজা আই ভূৱনেশ্বৰী বিয়াৰ স্মৃতি বিজড়িত ঐতিহাসিক ৰামৰায় কুঠি সত্র আৰু পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ খাগ্রাবাৰীস্থিত মধুপুৰ ধামৰ সেৱিকা হিচাপে সত্রীয়া পৰম্পৰা ক্রমে গুৰু-ধর্ম ৰক্ষা এই গাঁৱত পাঁচঘৰ সেৱিকা আছিল।তাৰে এঘৰৰ ঝিঙাপুনি (মহাপুৰুষ মাধৱদেৱে প্রতিষ্ঠা কৰা) সত্রৰ সেৱক । ১৯৬৪ চনত মধুপুৰ সত্রত গুৰুমন্দিৰ নির্মাণ আৰু জিনকাটাৰ তালৈ অহাযোৱা কৰাত যাতায়তৰ অসুবিধা বাবে ৰাইজে এটা ৰাজহুৱা সত্র পাতিবলৈ মনস্থ চিন্তাচর্চা কৰে।ইয়াৰ বাস্তৱ ৰূপ হয় ১৯৬৭ চনৰ মাঘ মাহৰ পৱিত্র মাঘী পূর্ণিমা তিথিত তেতিয়াৰ মধুপুৰ সত্রৰ সত্রাধিকাৰ পৰমসন্ত প্রয়াত লক্ষীকান্ত আতৈদেৱে তাৰ পৰা বন্তি জ্বলাই আনি ইয়াত ভেটি স্থাপন কৰে। সমূহ ভকতৰ সেৱা মর্মে স্বর্গীয় লম্বোদৰ ভকতে দান দিয়া ৬ বিঘা মাটিত সত্রখন স্থাপন কৰে।জিনকাটা গাঁৱৰ স্বর্গীয় ক্ষিতিন্দ্র নাথ ভকত, স্বর্গীয় মণ্ডল চন্দ্র ভকত আৰু খেৰবাৰী গাঁৱৰ স্বর্গীয় লম্বোদৰ ভকতৰ ভাতৃ স্বর্গীয় গঙ্গাধৰ ভকতে পুৰুষানুক্রমে চলাই অহা ৰামৰায় কুঠি সত্রৰ আজ্ঞাপৰ শাখা সত্র তিনিখন ৰাইজৰ অনুৰোধত জিনকাটা সত্রলৈ দান দিয়ে। ইয়াৰ উপৰিও জিনকাটা গাঁৱৰ ৰূপেন্দ্র নাথ ভকতে পুৰুষানুক্রমে চলাই অহা মহাপুৰুষ মাধৱদেৱে প্রতিষ্ঠাকৰা পশ্চিমবঙ্গৰ তুফানগঞ্জ মহকুমাৰ ঝিঙাপুনী গাঁৱত হৰিপুৰ-মধুপুৰ সত্রৰ ওচৰৰ ঝিঙাপুর্ণি সত্র আৰু উক্ত গাঁৱৰ নিবাসী ভলক চন্দ্র ভকতে পুৰুষানুক্রমে সেৱা কৰি অহা মাধৱদেৱৰ চিতাভস্ম এই সত্রলৈ দান কৰে। এনেদৰে এই চাৰিঘৰ সত্রীয়া লগ হৈ শ্রীশ্রী জিনকাটা ৰাজহুৱা সত্রখন স্থাপিত হয়। সত্রৰ উদাসীন পৰম সন্ত প্রয়াত উমেশ চন্দ্র আতৈক অধিকাৰ পাতি দিয়া শ্রীশ্রী জিনকাটা ৰাজহুৱা সত্র খনিত এতিয়াও মাধৱদেৱ গুৰুজনাৰ চিতাভস্ম সংৰক্ষিত হৈ আছে।

১৯৭৩ চনত সত্রাধিকাৰ উমেশচন্দ্র আতৈদেৱৰ পৰলোক গমনৰ কেইবাবছৰ পিছত শিৱসাগৰ জিলাৰ জৰাবাৰী সত্রৰ অধিকাৰ পদ অলংকৃত কৰা পোনাৰাম ৰাজমেধি দেৱক ১৯৯৪ চনৰ ৪ এপ্রিল তাৰিখে শ্রীশ্রী জিনকাটা ৰাজহুৱা সত্রৰ সত্রাধিকাৰ পদত অধিষ্টিত কৰে। শ্রদ্ধাৰ ৰাজমেধি প্রভূজনাৰ দিনত এই সত্রখনে নতুন ৰূপ তথা উন্নতি দিশত আগবাঢ়ে।বিশেষকৈ সত্রটোৰ কীর্ত্তনঘৰ,বাহাঘৰ আদিয়ে পূর্ণৰূপ পায়। সত্রখনৰ নৱ-নির্মিত কীর্ত্তন ঘৰটো ১২০ ফুট দীঘল আৰু বহল ৬০ ফুট। ১৫ ফুট বহলৰ মণিকূটো বর্তমানেও বিভিন্ন কাৰণত পূর্ণতা পোৱা নাই সেয়ে কীর্ত্তনঘৰটোতে কিছু অংশত মণিকূটৰ কাম চলাই থকা হৈছে।

ৰাজমেধি প্রভুজনাৰ মৃত্যুৰ পিছত ২০১৬ চনৰ ২৬ জানুৱাৰীত ৰাইজে সত্রখনৰ সত্রাধিকাৰ হিচাপে ৰামৰায় কুঠি সত্রৰ সত্রাধিকাৰ শ্রীজিতেন্দ্রনাথ প্রধানীদেৱক সত্রাধিকাৰ পাতি সত্রৰ কামকাজ চলাই নিয়ে।

সত্রখনিত সংৰক্ষিত আপুৰুগীয়া সম্পদ সমূহঃ সমন্বয়ৰ প্রতীক, অসমৰ ভাষা সাহিত্য তথা কৃষ্টি-সংস্কৃতিৰে পূর্ণ হৈ থকা জাগ্রত পহৰী শ্রীশ্রী জিনকাটা ৰাজহুৱা সত্রত মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ আৰু শ্রীশ্রীমাধৱদেৱ গুৰু দুজনাৰ লগতে কেইজনমান বৈষ্ণৱ আতৈয়ে ব্যৱহৃত আপুৰুগীয়া সম্পদ সংৰক্ষিত হৈ আছে। তাৰ ভিতৰত সাঁচিপাতৰ গুণমালা, নামঘোষা, তুলসী গছৰ শ্রীকৃষ্ণৰ মূর্তি, মণিকূটত ঝিঙাপুনি সত্রৰ পৰা অনা চতুর্ভূজ বিগ্রহ, পিতলৰ বিগ্রহ, মহাপুৰুষ শ্রীশ্রীমাধৱদেৱৰ চিতাভস্ম, মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ গুৰুজনাই ব্যৱহাৰ কৰা কটাৰী এখন, কেইটামান শিলিখা, তেৰাৰ খৰমৰ(পাদুকা) পখৰা এটা, সেই সময়ৰ মুদ্রাকেইটামান, গুৰুজনাৰ একান্ত শিষ্য শ্রীৰাম আতাৰ পিতলৰ সাঁজি (ফুল তোলাৰ পাত্র), মাধৱদেৱ গুৰুজনাৰ শিষ্য হৰিহৰ আতাৰ পদচিহ্ন থকা শিল, মধুপুৰ সত্রৰ পৰা জ্বলাই অনা বন্তিগছি আদি। আপুৰুগীয়া এই সম্পদবোৰ বিজ্ঞান সন্মত সংৰক্ষণ নহ'ল অদূৰ ভবিষ্যতে এইবোৰ নষ্ট হোৱাৰ সম্ভাৱনা আছে। সত্রখনৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে জানিব দিয়া অনুসৰি মাঘ মাহৰ পূর্ণিমা তিথিত এই সম্পদবোৰ প্রদর্শনৰ বাবে নিদিষ্ট পৰম্পৰাৰে উলিয়াই অনা হয়।

সত্রত পালনীয় উৎসৱ-পার্বন সমূহঃ বৰপেটা আৰু মধুপুৰ সত্রৰ প্রসংগ প্রণালীৰ দৰে জিনকাটা সত্রটো নিতৌ নাম প্রসংগ,গুৰু সেৱা আদি কৰা হয়। প্রতিদিনে তিনিবাৰকৈ নাম-প্রসঙ্গ কৰা হয়। পুৱাৰ গীত, পুৱাৰ ভটিমা, নাম-কীর্ত্তন, ভাগৱত পাঠ, বিয়লি ভাগৱত পাঠ, নাম-কীর্ত্তন, গধুলিৰ প্রসঙ্গত গুণমালা, লীলামালা, ভটিমা, বৰগীত, নাম-কীর্ত্তন আৰু পাঠৰ লগতে প্রসঙ্গ পদ্ধতি অনুসৰি নাম-প্রসঙ্গ কৰা হয়। ইয়াৰ উপৰিও সত্রীয়া সংস্কৃতিৰ চর্চাৰ লগতে পৰম্পৰাক্রমে গুৰুজনাৰ আর্বিভাৱ, তিৰোভাৱ, জিনকাটা সত্রৰ প্রতিষ্ঠা দিৱস, মাধৱদেৱ তিথি, জন্মাষ্টমী, দৌলযাত্রা, বহাগ বিহু তথা নৱবর্ষ পালন, ন-খোৱা, বদুলা পদ্ম আতাৰ তিথিৰ লগতে আন আন ভকত আতৈ সকলৰ তিথি। পৰম্পৰা অনুসৰি পালন কৰা হয়। এই সত্রত আগতে বৰ ডাঙৰকৈ ৰাস অনুস্থিত কৰা হৈছিল যদিও আজি কালি নহয়। এই সত্রত বিভিন্ন সময়ত পালিত উৎসৱত ভক্তপ্রাণ ৰাইজে অংশগ্রহণ কৰি হৰি নাম ৰসেৰে আকাশ বতাহ মুখৰিত কৰি তোলে।

ঐতিহাসিক এই জিনকাটা ৰাজহুৱা সত্রৰ উপৰিও জিনকাটা গাঁৱত পূৱদিশত শ্রীশ্রী ন-সত্র জিনকাটা, শিমলাবাৰী সত্র নামৰ দুখন সত্র আৰু শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ ধুবুৰী জিলা শাখা অন্তগত সংস্কৃতি বিকাশ কেন্দ্র, নামঘৰ আছে। যিবোৰে সমগ্র অঞ্চলটোত সমন্বয়ৰ সেতু গঢ়ি তুলিছে। সমন্বয়ৰ প্রতীক এই অনুষ্ঠান সমূহত আছে সামাজিক, সাংস্কৃতিক, সাহিত্য, সত্রীয়া ঐতিহ্য।

আপুনিও ভাল পাব পাৰে!