লেখকঃ অৰ্ধেন্দু নাৰায়ণ দেৱ আৰু উদ্দীপ্ত তালুকদাৰ
ঐতিহাসিক প্ৰেক্ষাপটৰ পৰা বিচাৰ কৰি এটা মতত উপনীত হ’ব পাৰি যে পুৰণি কামৰূপ ক্ষেত্ৰত পৰম্পৰাগত প্ৰথাৰে শক্তিৰ আৰাধনা চলিছিল অৰ্থাৎ শাক্ত ধৰ্মমতৰ প্ৰভাৱ বহুল আছিল। ড০ লীলা গগৈয়ে উল্লেখ কৰি গৈছে যে (অসমৰ সংস্কৃতি, পৃষ্ঠা-২৯ আৰু ৩০)— মাতৃপূজা আৰু মাতৃতন্ত্ৰ সৃষ্টিৰ আদিম সংস্কৃতিৰ প্ৰতীক। ভাৰতবৰ্ষতো অতি প্ৰাচীন কালৰে পৰা নাৰীপূজা তথা মাতৃপূজা গঢ় লৈ উঠিছিল। মাতৃপূজা উৰ্বৰা বিশ্বাসৰ প্ৰতীক। দুৰ্গাই ভাৰতবৰ্ষত মাতৃপূজাৰ সৰ্বশ্ৰেষ্ঠ প্ৰাধান্য অধিকাৰ কৰিছে। প্ৰাচীন কামৰূপত শক্তি-পূজা তেনেই আদিম ৰূপৰ পৰা আৰম্ভ কৰি শেহতীয়া ৰূপতো প্ৰচলিত হৈছিল। শক্তি নানা ৰূপত আৰু নামত পূজিত হয়। প্ৰাচীন কামৰূপত আই, মহামায়া, কেঁচাইখাতী, ভুৰুলী, মালিনী, বুঢ়ীগোসাঁনী আৰু কামাখ্যা নামতো পূজিতা আছিল। শক্তিক সদায়েই জীৱৰ তেজেৰে পূজা কৰা হৈছিল। এই শক্তি উপাসনাৰ বাহক মুখ্যতঃ কোচ সকলেই আছিল। হেমচন্দ্ৰ বৰুৱাই কোচ সকলৰ প্ৰসংগত ‘The Red River And The Blue Hill’ (Banalata Edition, 2010, Pg-55)ত লিখিছেঃ ‘History tell us that the Koches were a powerful tribe who built an empire in Assam, and that which sustained for long’. কোচসকল মঙ্গোলীয় মূলীয়। ড০ মনোৰঞ্জন দত্ত (Retd. IAS)ৰ ‘মোৱামৰীয়া অভ্যুত্থান, আহোম সামন্ত্ৰতন্ত্ৰ আৰু কৃষক-বিদ্ৰোহ-সৈনিক ৰাজন’ গ্ৰন্থৰ ৮ নং পৃষ্ঠাত উল্লেখ কৰা হৈছে হেনো কোচ সকলো প্ৰথম পৰ্যায়ত অহা তিব্বত-বৰ্মী লোকসকলৰ অন্যতম।
উভতি যাওঁ অতীতৰ গুৱাহাটীখনলৈ। তেতিয়াৰ আমবাৰীখন কেনেকুৱা আছিল বুলি ভাবিলে চকুৰ আগত ভাহি আহে সেই পুৰাতন স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষবোৰ। গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত ১৩শ-১৪শ শতিকাৰ মহিষমৰ্দিনীৰ সেই বৃহাদাকাৰ ভাস্কৰ্যটো। মহিষাসুৰৰ দমন কৰা সেই ষোল্ল ভূজাৰ শিলৰ গোসাঁনীয়ে আজিও ইংগিত দিয়ে প্ৰাচীন কামৰূপ বা বৰ্তমানৰ অসমত সেই সময়তেই দুৰ্গা পূজা আৰু শক্তি আৰাধনাৰ প্ৰচলন হৈছিল। দুৰ্গা প্ৰতিমাৰ যি আৰ্হি সেয়া ইয়াৰ পৰাই আয়ত্ত কৰি বহু পাছৰ কালত বংগত দুৰ্গোৎসৱত ব্যৱহৃত কৰা হৈছিল। উল্লেখযোগ্য যে গুৱাহাটীৰ বীৰকুছিৰ মংগল চণ্ডী থানে পৰৱৰ্তী সময়ত কোচ ৰজাসকলৰ পৃষ্ঠপোষকতা পালেও তাত বহু আগৰ পৰাই কাৰ্বি সকলে দেৱী ভগৱতীৰ আৰাধনা কৰি আহিছে। দুৰ্গোৎসৱৰ সময়ত কামাখ্যাৰ পৰা পুৰোহিত আনি তাত মহাপয়োভৰেৰে পূজা হৈ আহিছিল।
অসমত সমূহীয়াকৈ দুৰ্গা পূজাৰ আয়োজন হৈছিল কোচ ৰজাসকলৰ আমোলত। ড০ মালাৰাণী দেৱী দত্তৰ মত অনুসৰি (‘নিয়মীয়া বাৰ্তা’ৰ ‘সম্পাদকীয় পৃষ্ঠা, বৃহস্পতিবাৰ, ১০ অক্টোবৰ ২০২৪)— নলবাৰীৰ বেলশৰ গাঁৱৰ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয় অসমৰ অন্যতম শক্তিপীঠৰূপে জনাজাত। কোচ ৰজা নাগশংকৰৰ প্ৰচেষ্টাত এই দেৱালয়ত দুৰ্গাদেৱীৰ পূজা অনুষ্ঠিত হৈছিল। মৃণ্ময় প্ৰতিমা ব্যৱহাৰ নকৰা এই দেৱালয়ত সকলো পূজাৰ অন্তত ‘ৰাজ হৰিধ্বনি’ দিয়া নিয়ম অব্যাহত। ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ কথা। কোচ ৰজা বিশ্ব সিংহৰ শাসনকাল ১৪৯৬-১৫৩৩ খৃষ্টাব্দ বুলি ধাৰ্য কৰা হৈছে (কোচবিহাৰেৰ ইতিহাস, খাঁ চৌধুৰী আমানতউল্লাহ আহমদ, পৃষ্ঠাঃ ৮৭)। ‘দৰঙ্গ ৰাজবংশাৱলী’ৰ মতে তেওঁ শৈশৱকালত গৰখীয়া সকলৰ মুখিয়াল আছিল। শৰত কালত এদিন তেওঁ দুৰ্গা পূজা কৰাৰ দিহা কৰি সকলো গৰখীয়াকেই দেৱীলৈ বুলি বলি দিবৰ বাবে একোটাকৈ ফৰিং ধৰি আনিবলৈ নিৰ্দেশ দিছিল। কাকোৱা বাঁহৰ খৰ্গেৰে বলি দি দেৱী দুৰ্গাৰ পূজা আৰম্ভ কৰিছিল। এজন গৰখীয়াই ফৰিং ধৰি অনাত বিফল হোৱাত বিশ্ব সিংহই খং কৰি কৈছিল, ‘সকলোৱে পালে, তইহে নাপালি’। গৰখীয়াজনকেই উৎসৰ্গিম বুলি ডিঙিত আঘাত কৰাত তেওঁৰ মুণ্ড ছেদ হৈছিল। দেৱীয়ে সেই বলি বিধানেৰে কৰা পূজা গ্ৰহণ কৰি মুখিয়ালজনক ৰজা হোৱাৰ আশীৰ্বাদ দিছিল বুলি কোৱা হয়। ভূঞা ৰাজ্য বোৰ জয় কৰি ফুৰোঁতে কৰ্ণপুৰ ভূঞাৰে হোৱা ৰণত পৰাজিত হৈ তেওঁ হাবিত আত্মগোপন কৰিবলগীয়া হৈছিল। ভগৱতীয়ে এজনী মেচনীৰ ৰূপত ছদ্মবেশত আহি তেওঁক আশ্ৰয় দি ৰণ জয়ৰ উপায় কৈছিল। গৃহমুখী বিশ্ব সিংহই পৰ্বতৰ সমীপত (বোধকৰোঁ চিকনাঝাৰতেই) এটি দুৰ্গা মূৰ্ত্তি পৰি থকা পাই লৈ আনি স্বগৃহত সেৱা-শুশ্ৰূষা কৰিব লৈছিল (সূৰ্য্যখড়ি দৈৱজ্ঞৰ দৰঙ্গ ৰাজবংশাৱলী, সম্পাদনাঃ বিশ্বনাৰায়ণ শাস্ত্ৰী আৰু ভৱপ্ৰসাদ চলিহা, পৃষ্ঠাঃ ১৩-২০)। ভাৰত বৰ্ষত শক্তি আৰাধনাৰ দুটা প্ৰধান পদ্ধতি আছে, ক্ৰমে, শ্ৰীকুল আৰু কালীকুল। কালীকুল শ্ৰীকুলতকৈ প্ৰাচীন যি অসম, বংগ, উৰিষ্যা আৰু বিহাৰত অধিক প্ৰচলিত। নেপাললৈকে ইয়াৰ বিস্তৃতি। ইয়াত মুখ্যতঃ কালী, চণ্ডী আৰু দুৰ্গা উপাস্য। আনুষংগিক দশমহাবিদ্যা, কুমাৰী, আঞ্চলিক দেৱী যেনে মনসা আদিও উপাস্য। এই উপাসনা পদ্ধতিৰ মূল ভেটি হৈছে কালিকাপুৰাণ আৰু যোগিনীতন্ত্ৰ। তাৰে যোগিনী তন্ত্ৰখন ৰজা বিশ্ব সিংহৰ পৃষ্ঠপোষকতাত ৰচনা হৈছিল বুলি ক’ব পাৰি কাৰণ তাত তেওঁক বিনু সিংহ বুলি উল্লেখ কৰিছে।
কোচসকলে আজিও সম্পূৰ্ণ জনজাতীয় নিয়মত পূজা কৰে যাৰ জ্বলন্ত উদাহৰণ কোচবিহাৰৰ ৰাজবংশত কৰা দুৰ্গা পূজা। এই পূজাত গাহৰি বলি দিয়া প্ৰথা আজিকোপতি বৰ্তি আছে। তাৰে দেৱীৰ গাৰ গঠন অইনতকৈ পৃথক। এই বিষয়ে কুমাৰ মৃদুল নাৰায়ণে লিখিছে, ‘দেবী দশভূজা, সাপ ধৰা যুবতী, ত্ৰিনেত্ৰযুক্তা ও সুঠাম দেহেৰ অধিকাৰিনী। দেবীৰ ডান পা সিংহেৰ উপৰ এবং বাম পা মহিষেৰ উপৰ অবস্থিত। দেবী এক হাতে তাৰ চুলেৰ মুঠি ধৰে অপৰ এক হাতে দক্ষতাৰ সাথে ত্ৰিশূল বিদ্ধ কৰেছেন। মহিষাসুৰেৰ ডান হাতে সিংহ ও বাম হাতে বাঘ কামড়ে আছে। এই মূৰ্তিতে মা ভবাণীৰ ৰং টকটকে লাল। এই মূৰ্তিৰ সঙ্গে লক্ষ্মী, সৰস্বতী, কাৰ্তিক, গণেশ নেই। কিন্তু দেবীৰ দুই সঙ্গী ডানে বিজয়া এবং বামে জয়া উপস্থিত আছেন’ (কুচবিহাৰ ৰাজবংশ ও ঐতিহ্যেৰ আলোকচ্ছটাঃ প্ৰথম খণ্ড, কুমাৰ মৃদুল নাৰায়ণ, পৃষ্ঠাঃ ১২০)। আনহাতে বেলশৰৰ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ ইতিহাস সম্বলিত তথ্য অনুসৰি ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায়ে খন্দা দেৱান পুখুৰীৰ পৰা মাছ আনি সেই মাছ পুৰি দেৱী দুৰ্গাক পঁইতা ভাতেৰে ভোগ দি শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ শৈৱপীঠ প্ৰদক্ষিণ কৰি অগণন ভক্ত-দৰ্শনাৰ্থীৰ উপস্থিতত ৰামকলসদৃশ দেৱী দুৰ্গাক দেৱানপুখুৰীত বিসৰ্জন দিয়া হয় (গৰিয়সী, ফেব্ৰুৱাৰী, ২০২৫, ‘কোচ জনগোষ্ঠী এক সামগ্ৰিক আলোচনা’, পৃষ্ঠা-৩৩)।
বুঢ়ী ঠাকুৰাণী থানঃ ঐতিহাসিক বিজনী ৰাজ্যৰ কোচ ৰজা বিজিত নাৰায়ণৰ ৰাজত্বকালত ১৬৮৫ খ্ৰীষ্টাব্দত স্থাপিত ইতিহাস প্ৰসিদ্ধ ভোটগাঁও বুঢ়ী ঠাকুৰাণী থানত দুৰ্গা দেৱীৰ কোনোধৰণৰ মৃণ্ময় মূৰ্তি নাথাকে। ইয়াৰ পৰিবৰ্তে সেইসময়তে বেলগছৰ কাঠেৰে নিৰ্মাণ কৰা সিংহাসনত ৰাইজে দুৰ্গা দেৱীৰ পূজা-অৰ্চনা কৰি আহিছে, যাৰ বাবে বুঢ়ী ঠাকুৰাণী থানত দুৰ্গা দেৱীৰ দশমী পূজা কৰা নহয়। উল্লেখ্য, ঐতিহাসিক ভোটগাঁও বুঢ়ী ঠাকুৰাণী থানত প্ৰতিবছৰে শাৰদীয় দুৰ্গা পূজাৰ সময়ত পৰম্পৰা অনুসৰি ভক্তপ্ৰাণ ৰাইজে মানস হিচাপে হাঁহ-ছাগলী, পাৰ চৰাই, কোমোৰা, কুঁহিয়াৰ আদি বলি-বিধান প্ৰথাৰে দুৰ্গা দেৱীৰ চৰণত অৰ্পণ কৰি আহিছে। ১৯৯০ চনৰ এপ্ৰিল মাহত অসম চৰকাৰৰ পৰা মুঠ ৭৮, ০০০/- (আঠসত্তৰ হাজাৰ) টকা মঞ্জুৰি লাভ কৰি তেতিয়াৰ সম্পাদক দ্বয়ৰ লগতে ভোটগাঁও অঞ্চলৰ ৰাইজৰ পূৰ্ণ সহযোগিতাৰে কোচ ৰজাৰ শাসনকালতে নিৰ্মাণ কৰা ভগ্নপ্ৰায় মন্দিৰ গৃহটোৰ লগতে চ’ৰা ঘৰটো পুনৰ নিৰ্মাণ কৰি উলিয়ায় (তথ্য- অসমীয়া প্ৰতিদিন, ০৮-১০-২৪ আৰু ভোটগাঁও বুঢ়ী ঠাকুৰাণী থানৰ ইতিবৃত্ত আৰু মাহাত্ম্য, লিখকঃ শ্ৰী সমৰেন্দ্ৰ নাৰায়ণ বৰ্মন)।
ঐতিহাসিক টুক্ৰেশ্বৰী মন্দিৰৰ দুৰ্গা পূজাঃ বিজনী ৰাজ্যৰ ৰজা কুমুদ নাৰায়ণে স্থাপন কৰা গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত টুক্ৰেশ্বৰী দেৱালয়তো ৰজাদিনীয়া পৰম্পৰাৰে দুৰ্গা পূজা অনুষ্ঠিত হয়। সকলো কৃত্ৰিমতাক পৰিহাৰ কৰি মৃণ্ময় মূৰ্তি অবিহনে সম্পূৰ্ণ ৰজাদিনীয়া পদ্ধতিৰে অনুষ্ঠিত টুক্ৰেশ্বৰী দেৱালয়ৰ দুৰ্গা পূজাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ ভক্তপ্ৰাণ লোকৰ ভিৰ হয়। দেৱালয়ৰ সমীপৰ হাদীগাঁৱৰ এজোপা বিশেষ বেলগছৰ পৰা ৰজাদিনীয়া নীতি-নিয়মৰ মাজেৰে বেলবৰণ কৰি দেৱালয়লৈ অনা হয়। ৰজা কুমুদ নাৰায়ণৰ দিনতে আৰম্ভ হোৱা এই শাৰদীয় দুৰ্গা পূজা মৃণ্ময় মূৰ্তি অবিহনে চলি আহিছে। উল্লেখ্যযোগ্য যে এই দেৱালয়ত মহানৱমীত বলি হোৱা ম’হৰ ৰক্তপান কৰে কপিকুলে। জনশ্ৰুতিমতে এই মন্দিৰ থকা স্থানত শক্তি দেৱীৰ বাওঁ উৰুটো পৰিছিল। ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত ৰজাৰ দিনৰ পৰাই আজিলৈ দুৰ্গোৎসৱৰ ধাৰাবাহিকতা অব্যাহত আছে (অসমীয়া প্ৰতিদিন, বঙাইগাঁও, ১০-১০-২৪)।
দৰঙৰ ৰজাঘৰীয়া দুৰ্গাপূজাঃ চাৰিশ বছৰ অতিক্ৰম কৰা এখন ঐতিহ্যমণ্ডিত দুৰ্গা পূজা হ’ল মঙ্গলদৈৰ সমীপৱৰ্তী গাখীৰখাইতীত কোচ ৰাজহাউলীত অনুষ্ঠিত দুৰ্গা পূজাখন। কোচ ৰজা প্ৰতাপ নাৰায়ণ দেৱে আৰম্ভ কৰা এই পূজাখন অতি প্ৰাচীন ৰাজকীয় দুৰ্গা পূজা হিচাপে চিহ্নিত হৈছে। কোচ ৰজাৰ বংশ পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰে ৰাজপৰিয়ালৰ সদস্যই মঙলদৈত ৰাজহাউলীৰ পূজাখন অনুষ্ঠিত কৰে। কোচ ৰাজবংশৰ এই পূজাখনৰ বৈশিষ্ট্য্য হ’ল যে অষ্টমীৰ দিনৰ পৰাহে দেৱী দুৰ্গাৰ মূৰ্তি সাধাৰণ মানুহৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হয়। কোচ ৰজাসকলে ৰণচণ্ডীৰ ৰূপত দেৱী দুৰ্গাক কল্পনা কৰিছিল আৰু সেইবাবেই কোচ ৰাজবংশৰ এই পূজাখনত দেৱী দুৰ্গাৰ মুখখন অধিক ৰঙা কৰি সজোৱা হয় (নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰ ২০২৪, শাৰদীয় বিশেষ, ‘শতবৰ্ষ পুৰণি অসমৰ ঐতিহ্যমণ্ডিত দুৰ্গাপূজাৰ আভাস বিচাৰি’, মনীষা শৰ্মা, পৃষ্ঠা-১২)। অৰ্থাৎ ৰক্তবৰ্ণৰ। এই পূজাৰ উল্লেখ্যযোগ্য বৈশিষ্ট্য হ’ল দশমীত পালিত অস্ত্ৰ পূজা।
কোচসকলৰ চিদলী ৰাজ্যতো দুৰ্গা পূজাৰ প্ৰচলন আছিল। প্ৰত্যেক বছৰে অতি ধুমধামেৰে চিদলী ৰাজ্যৰ ৰাজহাউলী বিদ্যাপুৰত দুৰ্গা পূজা অনুষ্ঠিত হয়।
বাসুগাঁৱৰ (চিৰাং জিলা) ধানবজাৰৰ দুৰ্গা পূজা (স্থাপিত ১৮২৫ খ্ৰীষ্টাব্দ)ঃ এই পূজা একালত চিদলী ৰাজ্যৰ বিদ্যাপুৰস্থিত ৰাজধানীৰ পৰাই ৰজাই অংশগ্ৰহণ কৰিছিল যদিও পিছলৈ জনসাধাৰণক পূজা পৰিচালনা কৰাৰ দায়িত্ব প্ৰদান কৰে। ফলত চিদলী ৰাজবংশৰ বাসুগাঁৱত বসবাস কৰা প্ৰয়াত ক্ৰমে মনোৰঞ্জন নাৰায়ণ দেৱ, অনন্ত নাৰায়ণ দেৱ, সুধীৰৰঞ্জন নাৰায়ণ দেৱ, হেমন্ত নাৰায়ণ দেৱ প্ৰমুখ্যে সমাজ হিতৈষী ব্যক্তিসকলে পূজা পৰিচালনা কৰাত আগভাগ লৈছিল। (তথ্যঃ অসমীয়া প্ৰতিদিন, বঙাইগাঁও, মঙলবাৰ, ০৮ অক্টোবৰ ২০২৪, পৃষ্ঠা-১০)।
উল্লেখযোগ্য যে কোচ ৰজা নৰনাৰায়ণৰ ৰাজ্যৰ পৰা মুকলি হৈ আহোম ৰাজ্যলৈ সোণ্দৰ গোহাঁই উভতি অহাৰ পাছত আহোম সাম্ৰাজ্যত দুৰ্গাপূজাৰ প্ৰচলন হৈছিল। এই পূজা আৰু মৃণ্ময় মূৰ্তিৰ নিৰ্মাণ পদ্ধতি কোচ ৰাজ্যৰ পৰা শিকা বুলি হিতেশ্বৰ বৰবৰুৱাৰ মত (আহোমৰ দিন, হিতেশ্বৰ বৰবৰুৱা, পৃষ্ঠাঃ ৮৬)। উল্লেখ্য যে চুতীয়া-দেউৰী সকলেও অতীজৰ পৰাই শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰত শক্তি আৰাধনা কৰি আহিছে। বাংলা আলোচনী ‘আজকাল সফৰ’ (ছেপ্টেম্বৰ, ২০২৫ সংখ্যা)ৰ পৃষ্ঠা নং ৮ আৰু ৯ত কৌশিক ৰায়ৰ লেখাত উল্লেখ আছে হেনো বংগত পোনপ্ৰথমে লক্ষ্মীকান্ত মজুমদাৰে দুৰ্গোৎসৱৰ পাতনি মেলিছিল ১৬১০ খৃষ্টাব্দত। তদুপৰি ১৭৫৭ খৃষ্টাব্দত শোভাবাজাৰ ৰাজবাৰীত ৰজা নবকৃষ্ণই দুৰ্গোৎসৱৰ আয়োজন কৰিছিল পলাশীৰ যুদ্ধ জয়ৰ আনন্দ উৎযাপনৰ নিমিত্তে। আমন্ত্ৰিত অতিথিৰ তালিকাত আছিল লৰ্ড ক্লাইভ আৰু ওৱাৰেন হেষ্টিংস সহ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বহু বিখ্যাত অধিকাৰীসকল। এই পূজাৰ পৰাই ক্ৰমাৎ উচ্চ ব্যৱসায়ী আদিৰ মাজত দুৰ্গাপূজাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল। পিছে অসমত দুৰ্গাপূজা বহু শতিকা পুৰণি। তাৰ অধিক প্ৰসাৰ ঘটাইছিল ১৪শ শতিকাত ৰজা বিশ্ব সিংহই। পৰৱৰ্তী ১৫শ শতিকাত কোচ নৃপতি নৰনাৰায়ণে কোচবিহাৰত বড় দেৱীৰ ৰাজকীয় ভাৱে পূজাৰ প্ৰচলন কৰিছিল। বগৰীবাৰীৰ মহামায়া মন্দিৰতো সেই অঞ্চলৰ জমিদাৰ হাতীবৰ বৰুৱাই দুৰ্গাপূজাৰ প্ৰচলন কৰিছিল। এতেকে দুৰ্গোৎসৱৰ উৎপত্তি আৰু প্ৰচলন কামৰূপ-অসমত বহু প্ৰাচীন বুলি ঠাৱৰ কৰিব পাৰি।