ইতিহাস আৰু ঐতিহ্য

বেহাৰৰ ভেলা-মধুপুৰ ধাম আৰু তাত সংৰক্ষিত গুৰুজনাৰ কেইপদমান অমূল্য সম্পদ

post

Share

লেখকঃ অজয় বৰুৱা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বৰ অসমৰ জাতি গঢ়োতা, শিক্ষাৰ মোল বুজোতা আৰু বুজাত্ততা, শাস্ত্ৰপুথি গৱেষণা কৰিবলৈ বিদেশ যাত্ৰা কৰোতা প্ৰথম অসমীয়া গৱেষক। আনকি গৱেষণাত প্ৰাপ্ত ধৰ্মতত্বৰ জ্ঞান দিওঁতা আৰু মানুহৰ মানবীয় প্ৰমূল্য প্ৰদান কৰাৰ যোগ্যতা সৰ্বপ্ৰথম এই গুৰুজনা। উচ্চ সামাজিক চিন্তা, পবিত্ৰতা আৰু আধ্যাত্মিকতাৰে সেই যুগৰ ব্যক্তিসকলৰ মানসিক বিকাশ সাধন কৰিবলৈ তেৰাই বৈষ্ণৱ ধৰ্মৰ মূল হিচাপে সত্ৰ, নামঘৰ, মঠ, আদিৰ ভেটি বান্ধিছিল। এই অনুষ্ঠানবোৰে কেতিয়াবা ৰজাঘৰীয়া সহায় লাভ কৰিছিল নহ’লে ৰজাৰ আক্ৰোশৰ বলি হৈছিল। প্ৰায় পাঁচশ বছৰ আগেয়ে অসমভূমিক সৰু বৰ প্ৰায় ছয়শৰো অধিক খন সত্ৰ নামঘৰৰ প্ৰতিষ্ঠা হৈছিল। সেই বিপদসংকুল দিনবোৰত গুৰু শংকৰৰ বৈষ্ণৱ ধৰ্ম বিস্তৃতিত সহায় কৰিছিল হৰিদেৱ, মাধৱদেৱ আৰু দামোদৰদেৱ এই তিনিগৰাকী মহাপুৰুষে।

অসমৰ পশ্চিম সীমাৰ গাতে লগা চুবুৰীয়া অঞ্চল উত্তৰবংগ। বৰ্তমান পশ্চিমবঙ্গৰ অধীন এই অঞ্চলটিৰ এখন প্ৰসিদ্ধ ঐতিহাসিক ঠাই কোচবিহাৰ বা বেহাৰ। পাঁচশ বছৰ আগেয়ে ৰাজত্ব কৰা ৰজা নৰনাৰায়ণ আৰু বীৰ চিলাৰায় দেবানৰ দেশ। এই কোচবিহাৰ অসমৰ মহাপুৰুষসকলৰ প্ৰিয়স্থান। বৰ্তমান উত্তৰবংগৰ প্ৰাণকেন্দ্ৰ। তিস্তা, তোৰোচা মানসাই কালজানী সোনকোষ ৰায়ডাক, গদাধৰ, ধৰলা, ঘৰঘৰিয়া, দেলেং আদি নদীৰ পলখেৰে উৰ্বৰা কোচবিহাৰ। এই স্থানতে ধমপৰায়ন, সাহিত্যনুৰাগী, শিক্ষাপ্ৰেমী আৰু বিদ্ধান মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত শংকৰ গুৰুজনাই শিক্ষা আৰু বিদ্যাৰ গুণত উচ্চস্থান লাভ কৰিছিল। এই ৰাজসভাতেই গুৰুজনাৰ লগত যুক্তি-তৰ্কত ব্ৰাহ্মণ পণ্ডিতসকেল পৰাস্ত স্বীকাৰ কৰোতে তান্ত্ৰিক শাস্ত্ৰবোৰ কাটি-কুটি টুকুৰা-টুকুৰ কৰি নাৱত ভৰাই তোৰোচা নৈত উটুৱাই দিছিল। তাৰ পিছতেই তোৰোচা নৈৰ মৰাসুঁতিটোৱে কাকতকুটা নাম পালে। এই কাকতকুটা অসমৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। প্ৰায় ১৫৪৫-১৫৫০ চনৰ ভিতৰত নৰনাৰায়ণে গুৰুজনাৰ বাবে কাকতকুটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল। য’ত থাকি আগবেলা চিলাৰায়ৰ ওচৰলৈ আৰু পিছবেলা নৰনাৰয়ণৰ ওচৰলৈ গৈ ধৰ্মলোচনা কৰাৰ নিয়ম ৰক্ষা কৰিছিল গুৰুজনাই। এই কাকতকটাই গুৰুজনাৰ শেষ নিবাস স্থল হিচাপে প্ৰসিদ্ধ হৈ গৈছিল। গুৰুজনাৰ সান্নিধ্যলৈ আহি ৰজা নৰনাৰায়ণে গুৰুজনাক সকেলাফালৰ পৰা বুজি গুৰু হিচাপে পাব বিচাৰিছিল। কিন্তু ৰজা, স্ত্ৰী আৰু কৰ্ম ব্ৰাহ্মণৰ গুৰু হ’বলৈ মান্তি নোহোৱা গুৰুজনাৰ ওচৰত ৰজা নৰনাৰায়ণে শৰণ ল’বলৈ বদ্ধপৰিকৰ হোৱাত উপায়হীনৈল নিজেই আত্মবলিদান দিয়াৰ কথা গুৰুচিৰত্ৰত পোৱা যায়। ভাদ মাহৰ ২১ দিন যাওঁতে শুক্লা দ্বিতীয়া বৃহস্পতিবাৰে পুৱা ভেলাকাকতকুটাত তেৰাই নৰনাট সামৰে। গুৰুজনাৰ নশ্বৰদেহ তোৰাচা নদীৰ কাকতকূটা ঘাটৰ কিনাৰত দাহ-সংস্কাৰ কৰা হৈছিল। ১৫৮৭ চন মানকৈ কাকতকূটা সত্ৰ বৰ্তি আছিল যদিও তোৰোচা নদীয়ে সত্ৰ খহাবলৈ আৰম্ভ কৰোতে নৰনাৰায়ণৰ পুত্ৰ লক্ষ্মীনাৰায়ণৰ দিনত সত্ৰ সমূহ সম্পদ মধুপুৰলৈ স্থানান্তৰ কৰে। মহাপুৰুষ দামোদৰদেৱে শেষ বয়সত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি মধুপুৰৰ ওচৰত বৈকুণ্ঠপুৰত আছিল আৰু ইয়াতেই তেওঁৰ মহাপ্ৰয়াণ ঘটে। ইয়াৰ উপৰিও মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জীৱনত শেষ নিবাস স্থল তথা দেৱত্যাগৰ স্থান হ’ল ভেলা সত্ৰ। অতীতৰ ভেলা সত্ৰ, ভেলাডোবা, ভেলাদাঙ্গা ধাবাইখনেই আছিল। ভেলা কাকতকুটা, ভেলাসত্ৰ, ভেলা মধুপুৰ এই বৃহৎ এলেকা একেখন ঠাইৰে অংশ আছিল। কোচবিহাৰৰ মধুপুৰ বৰ্তমান সত্ৰ বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ যদিও গুৰুজনাৰ দিনত কাকতকুটাই আছিল বৈষ্ণৱ সংস্কৃতিৰ মূলকেন্দ্ৰ আৰু মাধৱদেৱ কালত ভেলাসত্ৰ আছিল বৈষ্ণৱ সংস্কৃতিৰ মূল কেন্দ্ৰ স্বৰূপ। তোৰোচা নদীয়ে এই সত্ৰ গ্ৰাস কৰিব আৰম্ভ কৰাত ৰজা লক্ষ্মীনাৰায়ণৰ পুত্ৰ বীৰনাৰায়ণে ভেলা সত্ৰৰ মাটি খান্দি নি মধুপুৰত প্ৰতিষ্ঠা কৰে বুলি ভকত বৈষ্ণৱে কয়। মাধৱদেৱে জীৱনৰ শেষ সময়ত লক্ষ্মীনাৰায়ণৰ ৰাজাৰ সুহৃদয় হৈ আছিল। গুৰুজনাৰ গুণৰাজিৰ প্ৰতি আসক্তি হৈ তেৰাৰ ওচৰত শৰণ ল’বলৈ ইচ্ছা কৰিছিল। তেতিয়া মাধৱদেৱেও নিজ গুৰু শংকৰদেৱৰ পথকেই অৱলম্বন কৰিলে। তেওঁৰ বৃদ্ধ শৰীৰ বুলি ৰাজেকাৰেঙলৈ যাবলৈ অনীহা প্ৰকাশ কৰিলে। কিন্তু ৰজাৰ হেঁচাত গুৰুৰ অৱস্থাৰেই পুৰাবৃত্তি হ’ল। ৰজাক শৰণ দিয়াৰ অজুহাততে ভেলাসত্ৰত মাধৱদেৱৰো মহাপ্ৰয়াণ ঘটিল। মাধৱদেৱ ভাগিনীয়েক ৰামচৰণ ঠাকুৰে তোৰোচা নদীৰ দাঁতিত তেওঁক সংস্কাৰ কৰে। লক্ষ্মীনাৰায়ণ ৰজাই গুৰুজনাৰ মৃতু্যত নিজকে দায়ী মহাপাপী আদি বুলি স্বীকাৰ কৰিলে আৰু অচ্যুতগুৰুক ভেলা সত্ৰৰ সত্তীয়া বা অধিকাৰ পাতে। একেদৰে ভেলা সত্ৰকো তোৰোচা নদীয়ে গ্ৰাস কৰিব আৰম্ভ কৰোতে তাৰ মাটি খান্দি আনি মধুপুৰত বীৰনাৰায়ণে পূৰ্ণাঙ্গ সত্ৰ স্থাপন কৰে। মাধৱদেৱৰ মৃত্যুৰ পিছত তেওঁৰ প্ৰিয় শিষ্য দহজনক ধৰ্মৰ ভাৰ হাত দিছিল বাবে মধুপুৰ সত্ৰত দহমুকুটৰ নাথ বুলিও জনা যায়। শংকৰ গুৰুৱে জ্বলোৱা অখণ্ড বন্তিগছি ইয়াত এতিয়াও জ্বলি আছে। ১৯৬৪ চনত অসম চৰকাৰ, অসমৰ ভক্তবৃন্দৰ সাহায্য আৰু কোচবিহাৰৰ মহাৰাজ, জগদ্দীপেন্দ্ৰ নাৰায়ণৰ সহায়ত মধুপুৰ ধামৰ ৫৩ ফুট উচ্চতাত পকী মন্দিৰটি নিৰ্মাণ কৰা হয়। মন্দিৰৰ ভিতৰত গুৰুজনাৰ জীৱনৰ সতে জড়িত বিভিন্ন সম্পদ ইয়াত সংৰক্ষিত হৈ আছে। সত্ৰ সমূহৰ ধৰ্মীয় ৰীতি-নীতি বাধ্যবাধকতাৰ মাজত থকা বাবে এই সম্পদ ইয়াত সংৰক্ষিত হৈ আছে। সত্ৰ সমূহৰ ধৰ্মীয় ৰীতি-নীতি বাধ্যবাধকতাৰ মাজত থকা বাবে এই সম্পদ সমূহ আজিকোপতি বৰ্তমান। অতি পুৰণি ঐতিহ্যময় শংকৰ-মাধৱদেৱৰ পদৰেণু ৰঞ্জিত ভেলা মধুপুৰ ধামৰ অৱস্থা মাধৱদেৱৰ জীৱনধাৰাৰ প্ৰতীক। এতিয়া সুদৃশ্য দেৱগৃহত সাতখলপীয়া গুৰু আসন। গুৰু আসনত শোভা বৰ্ধন কৰিছে শংকৰ গুৰুৰ স্বহস্তে লিখা ‘গুণমালা’ আৰু ‘ভাগবত দশম’। লগতে শংকৰ গুৰুৰ নয়পদ আৰু মাধৱদেৱৰ ছয়পদ সেৱাৰ বস্তু দেৱগৃহত সংৰক্ষিতহৈ আছে। সেৱাৰ সমূহ বস্তু বছৰৰ দুটা উৎসৱত প্ৰদৰ্শিত হৈ থাকে। শংকৰ গুৰুৰ জন্ম তিথি আৰু গোবিন্দ আতাৰ তিথি উৎসৱ মাঘৰ হয় ২য়া তিথিত। সেৱাৰ কিছুমান বস্তু বা সম্পদ হ’ল – শংকৰ গুৰুৰ স্বহস্তে লিখা গুণমালা আৰু দশম কীৰ্তনঘোষা, মাধৱদেৱৰ ভক্তিৰত্নাৱলী নামঘোষা, শংকৰ গুৰুৰ পদধূলি, মাধৱগুৰুৰ পদধূলি, মাধৱগুৰুৰ ব্যৱহৃত কাঠৰ কমণ্ডলু, গুৰুজনাৰ চন্দন কাঠৰ পাদুকা, মাধৱদেৱৰ চন্দন কাঠৰ পাদুকা, সাঁচিপাত প্ৰস্তৰৰ মাজৰ বা জাঁত শিল বা ঝাউশিল, বৃন্দাবনী বস্ত্ৰৰ দহি সূত্ৰ আৰু বীৰনাৰায়ণে দিয়া চতুভূৰ্জ বিষ্ণুমূতি তাহানিৰ অক্ষয়বন্তি কাঠৰ খেলে, ডঙ্কা, ভিন ভিন ধৰণৰ তাল বাদ্য আদি। এই বস্তুবোৰৰ ভিতৰত তলত কেইটামানৰ চমু বিবৰণ দাঙি ধৰিবলৈ প্ৰয়াস কৰা হ’ল।

গুৰুজনাৰ পাদুকা – ৰজা নৰনাৰায়ণে গুৰুজনাক বগা চন্দন কাঠৰ আৰু বীৰ চিলাৰায়য়ে মাধৱদেৱক ৰঙা চন্দন কাঠৰ দুযোৰ পাদুকা দিছিল। দুয়োযোৰ পাদুকা বৰ্তমানেও আগৰ অৱস্থাত মধুপুৰ সত্ৰত আছে। পাদুকা দুযোৰ দেখিবলৈ অব্যৱহৃত নিমাৰ্ণকাৰ্য নিপুন হাতৰ পৰশত দুয়োযোৰ পাদুকা অতীব মসৃণ, সুশ্ৰী। গুৰুজনাৰ বগা চন্দন কাঠৰ পাদুকাযোৰৰ দীঘল ৩০ ছে.মি. আৰু বহলে ১১.৫ ছে.মি.। মাধৱদেৱৰ পাদুকাযোৰৰ জোখ ২৫ ছে.মি. আৰু বহলে ১০ ছে.মি.। এইজোখ পাটবাউসীৰ সত্ৰত থকা শৈল ‘পদচিহ্ন’ৰ জোখৰ স’তে একে। পাটবাউসীৰ এই ‘পদচিহ্ন’ সংৰিক্ষত অৰ্থাৎ সংৰক্ষণ পদ্ধতি নিৰাপদ।

গুৰুজনাই ব্যৱহাৰ কৰা ঝাউশিল – গুৰুজনাই লিখিবলৈ ব্যৱহাৰ কৰা সাঁচিপাত তৈয়াৰ কৰা কামত ব্যৱহাৰ কৰা এটা ঝাউশিল মধুপুৰ ধামত সংৰক্ষণ হৈ আছে। ৰ’দত শুকুৱা সাঁচিগছৰ ছালৰ পাতবোৰ মিহি কৰিবলৈ গুৰুজনাই এই ঝাউশিল ব্যৱহাৰ কৰিছিল। কৃষ্ণকায় ঘূৰণীয়া শিলটোৰ যথেষ্ট মিহি।

গুৰুজনাৰ অস্থি – গুৰুজনাৰ মৃত্যু হৈছিল কোচবিহাৰৰ অন্তৰ্গত ভেলাৰ কাকতকুটাত। সেইহেতু মধুপুৰ ধামত তেৰাৰ অস্থি সংৰক্ষণ কৰি ৰখাটো বিশ্বাসযোগ্য। মধ্যমীয়া জোখৰ পিতলৰ বানবাটি এটাত সংৰক্ষণ কৰি হোৱা পাঁচজোখৰ হাড়ৰ টুকুৰা প্ৰায় অসৰ আকৃতিৰ। সাধাৰণ ধৰ্মীয় ক্ৰিয়া-কৰ্ম অনুসাৰে জুয়ে দহন কৰাৰ পিছত চিতাভষ্মত পানী নিক্ষেপ কৰি অৱশিষ্ট ৰূপে থকা হাঁড়ৰ বগা চনকা অংশক অস্থি ৰূপে সংগ্ৰহ কৰে যদিও তাত সংগ্ৰহ কৰা অস্থিৰ ৰূপ তেনেকুৱা ধৰণে সংগ্ৰহ কৰা নহয় যেন লাগে। অৰ্থাৎ অস্থিবোৰক জুয়ে স্পৰ্শ কৰা যেন নালাগে। এই বিষয়ে অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি ভবা হয়।

গুৰুজনাই ব্যৱহাৰ কৰা নাগাৰা – গুৰুজনাই নাম কীৰ্তন বা আন কিবা সাংস্কৃতিক কাৰ্যসূচীত ব্যৱহাৰ কৰা নাগাৰাটো মধুপুৰত সাধাৰণভাৱে সংৰক্ষণ কৰি থোৱা হৈছে। এইটোৰ খোলাটো কাঠেৰে তৈয়াৰী। তাত থকা কাঠেৰে তৈয়াৰী নাগাৰাটো ডাঙৰ জোখৰ এটুকুৰা কাঠৰ খোল কৰি তৈয়াৰ কৰা। ইয়াৰ জোখ বৰ্তমান ব্যৱহাৰ কৰা নাগাৰা এটাৰ মানেই হ’ব। নাগাৰাৰে মুখবন্ধনত বাদনৰ বাবে ব্যৱহাৰ কৰা তৈয়াৰ কৰা। ইয়াৰ জোখ বৰ্তমান ব্যৱহাৰ কৰা নাগাৰা এটাৰ মানেই হ’ব। নাগাৰাৰে মুখবন্ধনত বাদনৰ বাবে ব্যৱহাৰ কৰা জন্তুৰ ছালৰ আচ্ছাদনখন এই নাগাৰাটোত বৰ্তমান অনুপস্থিত। সময়ৰ সোতত সেইখন উৱলি গ’ল।

গুৰুজনাই ব্যৱহাৰ কৰা ৰূপৰ কাম মৈলাম – ৰজা নৰনাৰায়ণে গুৰুজনাক ৰূপেৰে নিৰ্মিত কাপ-মৈলাম উপহাৰ হিচাপে দিছিল, যিযোৰ এতিয়াও মধুপুৰত সংৰক্ষণ হৈ আছে। ৰূপৰ কাপেৰে সাঁচিপাতত লিখা সম্ভৱ নহয় যদিও গুৰুজনাক শ্ৰদ্ধা জনাই, তেখেতৰ গুণ-মুগ্ধ ৰজাজনে ৰূপৰ কাপ-মৈলামকেই উপযুক্ত উপহাৰ বুলি গণ্য কৰিছিল আৰু তেৰাক সেই ৰূপে প্ৰদান কৰিছিল বুলি ভাবিব পাৰি।

জলবায়ুৰ বিৰূপ প্ৰভাৱৰ বাবে ঐতিহাসিক এই সামগ্ৰীবোৰক দীৰ্ঘ জীৱন দিবলৈ কষ্ট সাধ্য কথা। ধাতৱ সামগ্ৰীৰ পৰা আদি কৰি জৈৱিক সামগ্ৰীসমূহক প্ৰতিকূল পৰিবেশৰ ক্ষয়ৰ পৰা সংৰক্ষিত কৰি ৰাখিবলৈ হ’লে যথেষ্ট আপডাল কৰিব লগা হয়। সেয়ে গুৰুজনাৰ জীৱনৰ লগত সংপৃক্ত সম্পদসমূহ সযতনে ৰখাৰ ব্যৱস্থা কৰিব লাগে নহ’লে সময়সোঁতত সকলো বিলীন হৈ যাব। বৃহত্তৰ অসম আৰু অসমীয়া জাতিয়ে হেৰুৱাব লাগিব সীমাৰ সীপাৰে থকা সংস্কৃতিৰ বৰঘৰ, বহু সম্পদ তথা বুকুৰ কুটুম।

 

পাদটীকা -

       ১) মধুময় মধুপুৰ

       ২) কোচবিহাৰৰ পৰিচয়

       ৩) মধুপুৰ (ধাম) সত্ৰৰ ইতিবৃত্ত

       ৪) অসমীয়া প্ৰতিদিন

       ৫) অসমীয়া খবৰ

আপুনিও ভাল পাব পাৰে!