ইতিহাস আৰু ঐতিহ্য

হোজাই-যোগীজান ‘ৰাজবাৰী’ৰ পুৰাতাত্ত্বিক ঐতিহ্য

post

Share

লেখিকাঃ মনশ্ৰী বৰঠাকুৰ

ভাৰতবৰ্ষ এখন প্ৰাচীন ঐতিহ্য আৰু পুৰাতাত্ত্বিক সমলেৰে ভৰপূৰ দেশ৷ দেশৰ প্ৰান্তে প্ৰান্তে সময়ে সময়ে উদ্ধাৰ হোৱা পুৰাতাত্ত্বিক সমলসমূহে দেশখনৰ প্ৰাচীন ঐতিহ্যকে আঙুলিয়াই দিয়ে৷ অসমৰো বিভিন্ন স্থানত উদ্ধাৰ হোৱা দেৱ-দেৱীৰ মূৰ্তি, স্থাপত্য-ভাস্কৰ্য আৰু আন আন সম্পদসমূহে সেই সময়ৰ ঐতিহ্য বহন কৰাৰ লগতে পৰ্যটককো সঘনে আকৰ্ষণ কৰে৷ অৱশ্যে এই পুৰাতাত্ত্বিক সম্পদসমূহক সঠিকভাৱে সংৰক্ষণৰ লগতে সেই স্থানসমূহ আৰু যাতায়তৰ বাট-পথসমূহ উন্নীত কৰাৰ প্ৰয়োজন আছে৷ নগাঁও জিলাৰ হোজাইৰ সমীপৰ যোগীজান ‘ৰাজবাৰীঅঞ্চলে এনে এক প্ৰাচীন ঐতিহ্য বহন কৰি আহিছে৷ সেয়ে হ’লেও এই ‘ৰাজবাৰীসঠিক প্ৰচাৰৰ পৰা বৰ্তমানেও বঞ্চিত হৈ আছে৷ অঞ্চলটোত উদ্ধাৰ হোৱা স্থাপত্য-ভাস্কৰ্যসমূহ দশম-একাদশ শতিকাৰ পাল বংশৰ শাসন কালৰ সভ্যতা-সংস্কৃতিৰ নিদৰ্শন বুলি ঠাৱৰ কৰা হৈছে৷ হোজাই চহৰৰ পৰা ১০ কিল’মিটাৰ নিলগত যোগীজান নদীৰ নিচেই সমীপত ১৩ বিঘা তিনি কঠা পোন্ধৰ লোচা মাটিত এই ঐতিহ্যমণ্ডিত ৰাজবাৰী অৱস্থিত৷ প্ৰত্নতাত্ত্বিক দিশৰ এক গুৰুত্বপূৰ্ণ স্থান এই ৰাজবাৰীত উদ্ধাৰ হোৱা প্ৰাচীন মন্দিৰৰ ধবংসাৱশেষ তেওঁলোকে ব্যৱহাৰ কৰা সা-সৰঞ্জাম, পাত্ৰ আদিয়ে সেই সময়ত তাত বসবাস কৰা লোকসকলৰ ভাস্কৰ্য আৰ্ৰু স্থাপত্যবিদ্যাৰ উজ্জ্বল নিদৰ্শন দিয়াৰ লগতে তেওঁলোকৰ ধৰ্মীয় বিশ্বাসৰ দিশটোও আঙুলিয়াই দিয়ে৷ অঞ্চলটোত বৰ্তমানে ২৬০ ঘৰমান মণিপুৰী, প্ৰায় ১০০ ঘৰ হিন্দু বঙালী আৰু দহ-বাৰ ঘৰ বিহাৰী সম্প্ৰদায়ৰ লোকৰ লগতে অন্যান্য সম্প্ৰদায়ৰ লোকে বসবাস কৰি আছে৷

ঐতিহাসিক তথ্যৰ আধাৰত পণ্ডিতসকলে মত প্ৰকাশ কৰিছে যে হোজাইৰ সমীপতে ভৌম বা বৰাহী পাল বংশীয় ৰজাসকলে ‘দুৰ্জয়া নগৰ নামেৰে ৰাজধানী প্ৰতিষ্ঠা কৰি ৰাজত্ব কৰিছিল৷ তদুপৰি এই যোগীজানত খনন কাৰ্যত উদ্ধাৰ হোৱা এটি তামৰ মুদ্ৰাত দেৱনাগৰী হৰফেৰে ‘পাল সৰকাৰবুলি কথাষাৰেও তাকেই সমৰ্থন কৰে৷ৰ

পাল বংশৰ ৰজা ব্ৰহ্ম পাল আৰু তেওঁৰ উত্তৰাধিকাৰীসকলে ‘দুৰ্জয়া’ত ৰাজধানী প্ৰতিষ্ঠা কৰি স্থানে স্থানে ভালেমান মঠ-মন্দিৰ নিৰ্মাণ কৰিছিল৷ ‘ৰাজা ৰামমোহন নাথ নামৰ এজন প্ৰত্নতাত্ত্বিকে ‘The Background of Assamese Culture’ নামৰ গ্ৰন্থত লিখিছে- ‘Brahmapaul built his capital on the South bank of Brahmaputra- somewhere in the Kapili valley and Jamuna valley in the present Nagaon district very likely near about present Hojai and named it Durjoya or impregnable’৷ যোগীজান নামৰ ক্ষেত্ৰতো এক প্ৰচলিত কিংবদন্তি শুনিবলৈ পোৱা যায়৷ এসময়ত যোগী তপস্বীসকলে ইয়াৰ মন্দিৰৰ পূজা-অৰ্চনা আৰু স্নানাদি বিভিন্ন কাৰ্যৰ বাবে প্ৰয়োজনীয় পানীভাগ পূৰণ কৰিবলৈ কপিলী নদীৰ পৰা এটা জান খান্দি যমুনাত লগ লগাইছিল৷ যোগীসকলে খান্দি সৃষ্টি কৰা এই জানটোৰ নাম পৰৱৰ্তী কালত ‘যোগীজান’ হ’লগৈ৷ এই জানটোৰ নামেৰেই অঞ্চলটো বৰ্তমানে ‘যোগীজান’ নামে জনা যায়৷

যোগীজানৰ ৰাজবাৰী অঞ্চলৰ কীৰ্তিচিহ্ন আৰু প্ৰত্নতাত্ত্বিক সম্পদসমূহ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত স্থানীয় কৃষ্ণ কুমাৰ সিংহৰ অৰিহণাৰ বিষয়ে জানিব পৰা গৈছে৷ আনুমানিক ১৯০২-০৩ চনত মণিপুৰেশ্বৰ মহাৰাজৰ বংশোদ্ভৱ ‘স্নাজউবা সিংহ পৌৰমণি সিংহৰ নেতৃত্বত ইংৰাজ চৰকাৰৰ অনুমতি সাপেক্ষে এদল মণিপুৰী লোক বাসভূমিৰ সন্ধানত যোগীজানলৈ আহিছিল৷ সেই সময়ৰ দুৰ্গম অৰণ্য আৰু বন্য জীৱ-জন্তুৰ আবাসস্থল অঞ্চলটোত অনেক কষ্টেৰে ঘৰ-বাৰী নিৰ্মাণ কৰি বসবাস কৰিবলৈ লয়৷ লোকসকলে মাচি খান্দি গৃহ নিৰ্মাণ কাৰ্য চলাওঁতে ৰাজবাৰী সংলগ্ন অঞ্চল কেন্দুগুৰি, ন-ভঙ্গা, বিলৰ পাৰ, শিৱপুৰ, আমতলা আদি স্থানত বিভিন্ন দেৱ-দেৱীৰ মূৰ্তিৰ লগতে মন্দিৰৰ ভগ্নাৱশেষ, শিৱলিংগ, পোৰামাটিৰ ভাস্কৰ্য আদি উদ্ধাৰ হয়৷ বৰ্তমান এই সম্পদসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে যদিও সঠিক আৰু বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰা হোৱা নাই৷ ঐতিহাসিক এই সম্পদসমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰিলে অঞ্চলটোৰ উন্নতিৰ লগতে ই পৰ্যটনথলীলৈ পৰ্যবসিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷

অঞ্চলটোত বৰ্তমানলৈকে ডেৰকুৰিমান মন্দিৰৰ ভগ্নাৱশেষ পোৱা গৈছে৷ ইয়াৰে ৰাজবাৰীত মুঠ ছয়টা শিলৰ মন্দিৰৰ ভগ্নাৱশেষ আছে৷ স্থাপত্য-ভাস্কৰ্যৰ সাক্ষ্য বহন কৰা প্ৰাচীন কালৰ মন্দিৰৰ উপৰিও পোৱা গৈছে ৰাজপ্ৰাসাদৰ প্ৰচুৰ ধবংসাৱশেষ৷ মন্দিৰসমূহৰ লগতে উদ্ধাৰ হোৱা ৰাজপ্ৰাসাদৰ ধবংসাৱশেষে উন্নত মানৰ নিৰ্মাণ শৈলীৰ ওপৰত মত প্ৰকাশ কৰি কৈছে যে ‘মাৰোৱাৰ আচিয়াত থকা খ্ৰীঃ দশম শতিকাৰ সূৰ্য মন্দিৰৰ লগত ইয়াৰ মিল আছে৷’ ইতিমধ্যে উদ্ধাৰ হোৱা ধবংসস্তূপৰ মাজত পোৱা গৈছে বিশ্ব পদ্মৰ ওপৰত পদ্মাসনত বহি থকা ত্ৰিপুৰী ভৈৰৱীৰ মূৰ্তি আৰু ইয়াৰ চাৰিওফালে আগুৰি আছে অন্যান্য সোতৰগৰাকী দেৱ-দেৱীৰ মূৰ্তিয়ে৷ সেই সোতৰগৰাকী দেৱ-দেৱীৰ মূৰ্তিৰ ভিতৰত বৈষ্ণৱ, মহেশ্বৰী, কাত্যায়নী, ব্ৰাহ্ম, চামুণ্ডা, ভৈৰৱ গঙ্গা আদি উল্লেখযোগ্য৷ শিলেৰে নিৰ্মিত মূৰ্তি, মন্দিৰসমূহৰ উপৰিও চমকপ্ৰদ কাৰিকৰী কৌশল খটুৱাই পোৰা ইটাৰে নিৰ্মিত মন্দিৰ ৰাজবাৰীত পোৱা গৈছে৷

মন্দিৰসমূহৰ গৰ্ভগৃহ তথা মূল মণ্ডপৰ চাৰিওফালে সুবৃহৎ ইটাৰ অনুপম গাঁথনি দেখা যায়৷ মন্দিৰৰ চাৰিওফালে থকা ইটাৰ গাঁথনিৰ বৰ্হিভাগৰ মাজৰ অংশত ১৮টা খোটালি আছে৷ প্ৰতিটো খোটালিতে উন্নত মানৰ পোৰা মাটিৰ ভাস্কৰ্য বিদ্যমান৷ এই ভাস্কৰ্যসমূহত নৃত্যৰত নাৰীমূৰ্তি, চৰাই, হাতী, ঘোঁৰা আদি জীৱ-জন্তুৰ ছবি, ফুলৰ চানেকি, নৰসিংহ, সূৰ্যদেৱতা আদিৰ পোৰা-মাটিৰ ভাস্কৰ্যৰ চিত্ৰশিল্পই সেই সময়ৰ এক উন্নত সভ্যতাৰ পৰিচয় দিয়ে৷

ৰাজবাৰীত উদ্ধাৰ হোৱা পুৰাতাত্ত্বিক সমলৰ ভিতৰত পূব দিশত যি দুটা মন্দিৰ আছে তাৰে এটা মন্দিৰত আছে উমা-মহেশ্বৰৰ আলিংগনবদ্ধ মূৰ্তি আৰু আনটো মন্দিৰত আছে শিৱলিংগ৷ খ্ৰীঃ নৱম-দশম শতিকাৰ বুলি অনুমান কৰা এই মূৰ্তিকেইটা সেই সময়ৰ স্থাপত্য আৰু ভাস্কৰ্যৰ উজ্জ্বল নিদৰ্শন৷ মন্দিৰৰ ভগ্নাৱশেষ ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে প্ৰকাণ্ড প্ৰকাণ্ড শিলাখণ্ডসমূহ মিহিকৈ চাৰিকোণীয়াকৈ কাটি ভাস্কৰ্যখচিত কৰি সেইবোৰৰ মাজেদি ফুটা কৰি লোৰ শলা ভৰাই এচটা শিলৰ ওপৰত আনচটা জোৰা দি মন্দিৰবোৰ সজা হৈছিল৷

ৰাজবাৰীত উদ্ধাৰ হোৱা বহুতো শিৱলিংগৰ উপৰিও শিলৰ কলহ, প্ৰকাণ্ড শিলত কটা ‘গজ-সিংহ’ৰ মূৰ্তি, শিলেৰে নিৰ্মিত বলিশাল আদিয়ে সেই সময়ৰ শৈল ভাস্কৰ্যৰ নিদৰ্শন দাঙি ধৰে৷ বলিশালৰ আকৃতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্ধাৰ হোৱা শিলৰ বলিশালখন ‘নৰবলি’ৰ বাবে ব্যৱহাৰ হৈছিল বুলি অনুমান কৰা হৈছে৷ ইয়াৰ পৰা তান্ত্ৰিক সাধন মাৰ্গৰ ধাৰণা পাব পাৰি৷

উল্লেখযোগ্য যে ৰাজবাৰীৰ ভগ্নাৱশেষৰ মাজত নৱম শতিকাৰ লিপিৰে ‘দেৱগুপ্ত বুলি খোদিত থকা ভূমিস্পৰ্শ মুদ্ৰাৰ এটি বুদ্ধমূৰ্তি আৱিষ্কাৰ হৈছে৷ শিৱ, ভৈৰৱী, চামুণ্ডা আদিৰ মূৰ্তি উদ্ধাৰ হোৱা স্থানত বুদ্ধৰ মূৰ্তি উদ্ধাৰ হোৱাটো সামঞ্জস্যহীন যদিও বিচাৰ্যৰ বিষয়৷ ৰাজবাৰীৰ নিচেই কাষতে নৱম-দশম শতিকাৰ বুলি অনুমান কৰা শংখাদেৱীৰ এই মন্দিৰ আছে৷ মন্দিৰৰ গৃহৰ ওপৰত শিলৰ তোৰণত শৰাই আৰু গামোছাৰ চিত্ৰ থকাৰ লগতে সৰ্পকন্যাৰ ছবি, নৃত্যাংগনা যুৱতীৰ ছবি আৰু বহুতো বন্যপ্ৰাণীৰ চিত্ৰ পোৱা গৈছে৷

অন্যহাতে ৰাজবাৰীৰ দুই কি.মি. নিলগত অৱস্থিত ন-ভঙ্গা বিলৰ পাৰত জয়াল চামুণ্ডা দেৱী মূৰ্তি থকা এটা মন্দিৰ আছে৷ প্ৰত্নতত্ববিদ কৃষ্ণ কুমাৰ সিংহৰ মতে এই চামুণ্ডাৰ শংখাদেৱীৰ মন্দিৰ৷ চৌহদৰ পৰা নি তাত প্ৰতিষ্ঠা কৰা হৈছে৷ ৰাজবাৰীৰ সমীপতে আছে ন-নাথ মন্দিৰ৷ ইয়াত খ্ৰীঃ সপ্তম-অষ্টম শতিকাৰ বুলি অনুমান কৰা এই মন্দিৰত যোনীপীঠৰ সৈতে শিৱলিংগ প্ৰতিষ্ঠা কৰা হৈছে৷ ইয়াত সাতটা মন্দিৰ আছে আৰু মন্দিৰসমূহ শিল আৰু ইটাৰে নিৰ্মিত৷ এইসমূহৰ উপৰিও শিৱপুৰ, কেন্দুগুৰি আমতল্য আদি অঞ্চলত অৱস্থিত মন্দিৰসমূহে সেই সময়ৰ স্থাপত্য ভাস্কৰ্যৰ লগতে পুৰাতাত্ত্বিক দিশসমূহৰ কথা স্পষ্ট কৰি দিয়ে৷

সামৰণিঃ ৰাজবাৰী আৰু ইয়াৰ আশে-পাশে অৱস্থিত মন্দিৰসমূহ পৰ্যটনৰ বাবে গুৰুত্বপূৰ্ণ৷ অঞ্চলটোত উদ্ধাৰ হোৱা ভগ্নাৱশেষৰ কিছু কিছু অংশ প্ৰত্নতত্ত্ব বিভাগে সংৰক্ষণ কৰিছে৷ দশম-একাদশ শতিকাৰে বুলি অনুমান কৰা এই প্ৰাচীন ঐতিহ্যসমূহ কেইগৰাকীমান উৎসাহী স্থানীয় লোকৰ প্ৰচেষ্টাত সংৰক্ষিত হৈছে যদিও চৰকাৰী পৰ্যটন বিভাগ আৰু পৰ্যটন উন্নয়ন নিগমে ইয়াত চকু দিলে সঠিকভাৱে সম্পদসমূহ সংৰক্ষিত হোৱাৰ লগতে এই ভিতৰুৱা অঞ্চলটো পৰ্যটনৰ বাবে উপযুক্ত হ’ব৷

আপুনিও ভাল পাব পাৰে!