ইতিহাস আৰু ঐতিহ্য

নন্দিকেশ্বৰ দেৱালয়

post

Share

লেখকঃ দিলীপ কুমাৰ ভট্টাচাৰ্য

শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আছে ঐতিহাসিক নন্দিকেশ্বৰ দেৱালয়৷ চহৰখনৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ উত্তৰ-পশ্চিম কোণত এই দেৱালয়খন অৱস্থিত৷ ইয়াৰ আন এটা নাম বুঢ়াগোঁসাই দেৱালয়৷ কাষতে আছে বুঢ়ীগোঁসানী দেৱালয়৷ আহোম ৰাজত্বকালত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ১৬৯৭ চনত নন্দিকেশ্বৰ দেৱালয় নিৰ্মিত হৈছিল৷ এইখন এখন শৈৱ দেৱালয়৷ এক জনশ্ৰুতি মতে, এসময়ত নন্দী আৰু কেশৱ নামে দুজন ব্ৰাহ্মণে দেৱালয়ৰ পূব দিশত থকা কেশৰীচুকত বাস কৰিছিল৷ নন্দী নামৰ ব্ৰাহ্মণজনৰ এজনী ক’লী গাই আছিল৷ তাই দিনৰ দিনটো পশ্চিমে থকা হাবিডৰাত (য’ত বৰ্তমান দেৱালয় আছে) সোমাই থাকে আৰু সন্ধিয়াহে ঘৰলৈ ওভতে৷ সন্মুখত মুকলি পথাৰ থকা স্বত্বেও তাত নচৰি তাইনো কিয় নিতৌ হাবিখনলৈ যায় কথাটো নন্দীয়ে চিন্তা কৰিবলৈ ধৰিলে৷ এদিন গাইজনী যোৱাৰ পিছত তাইক অনুসৰণ কৰি নন্দীও হাবিখনলৈ গ’ল৷ কিছু দূৰৰ পৰা নন্দীয়ে নিৰীক্ষণ কৰিলে যে গাইজনীয়ে এক নিৰ্দিষ্ট ঠাইত ৰৈ ওহাৰৰ পৰা গাখীৰ নিগৰাই আছে৷ দৃশ্যটো দেখি নন্দীয়ে কেশৱৰ সহায়ত ঠাইডোখৰ ভালকৈ চাই-চিতি তাত এটা শিৱলিংগ আৱিষ্কাৰ কৰিলে৷ নন্দী-কেশৱে হাবি-জংঘল চাফা কৰি নিয়মীয়াকৈ শিৱক পূজা-অৰ্চনা কৰিবলৈ ল’লে৷ ওচৰ-পাজৰৰ ভক্তপ্ৰাণ লোকেও ‘নন্দী-কেশৱ’ৰ দেৱালয়লৈ আহিবলৈ ল’লে৷ মানুহৰ মুখ বাগৰি নন্দী-কেশৱৰ দেৱালয় নন্দিকেশ্বৰ দেৱালয় হ’ল আৰু আশে-পাশে থকা অঞ্চলটো নন্দিকেশ্বৰ নামেৰে প্ৰখ্যাত হ’ল৷ নন্দিকেশ্বৰ নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিলাবন্ধা মৌজাত অন্তৰ্ভুক্ত৷ আন এক জনশ্ৰুতি অনুসৰি কছাৰী ৰজাৰ শাসনত কছাৰীসকলে তাত বসবাস কৰিছিল৷ তেওঁলোক শিৱভক্ত আছিল আৰু মন্দিৰত পূজা-পাতল দিছিল৷ তেওঁলোকে শিৱক শিৱাই বা বুঢ়াগোঁসাই বুলিছিল৷ নন্দিকেশ্বৰ দেৱালয়ক সেয়ে বুঢ়াগোঁসাই দেৱালয় বুলিও জনা যায়৷

যদিও মহাৰাজ ৰুদ্ৰসিংহই ১৬৯৭ চনত দেৱালয়খন নিৰ্মাণ কৰাৰ তথ্য উদ্ধাৰ হোৱা তাম্ৰফলি আদিৰ পৰা পোৱা যায় যদিও নৱম-দশম শতিকাত তাত এটা শৈল মন্দিৰ আছিল বুলি কোনো কোনো বুৰঞ্জীবিদে কয়৷ সেই মন্দিৰ নিৰ্মাণ কৰিছিল শালস্তম্ভ বংশৰ কোনো নৃপতিয়ে৷ এতিয়াৰ তেজপুৰ আৰু তেতিয়াৰ হাৰুপেশ্বৰ বা হাটপেশ্বৰ শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানী আছিল৷ তেওঁলোকে প্ৰায়  তিনিশ বছৰ (৬৫০-৯৯০ চন) শাসন কৰিছিল৷ তেওঁলোকে ৰাজ্যখনৰ ঠায়ে ঠায়ে কিছু শৈল মন্দিৰ নিৰ্মাণ কৰিছিল৷ নন্দিকেশ্বৰ, জামুগুৰি-চতিয়াৰ মাজত থকা নাগশংকৰ, বিশ্বনাথৰ বুঢ়ামাধৱ আৰু বিহালীৰ থানবিহালী তেতিয়াৰে মন্দিৰ৷ প্ৰাকৃতিক দুযোৰ্গ বা আন কাৰণত শৈল মন্দিৰ ধবংসপ্ৰাপ্ত হোৱাত সেই স্থানত আহোম যুগত ইটাৰ মন্দিৰ নিৰ্মাণ কৰা হৈছিল৷ নন্দিকেশ্বৰ মন্দিৰৰ তলৰ অংশত শিল আৰু ওপৰৰ অংশত ইটা থকা কথাটোৱে সেই সত্যকে প্ৰতিপন্ন কৰে৷ ৰুদ্ৰসিংহৰ দিনত মন্দিৰ নিৰ্মাণ হৈ উঠাত বাগীশ ভট্টাচাৰ্যক ইয়াৰ পুৰোহিত নিয়োগ কৰি দেৱালয়ৰ নামত লুইতৰ দুয়োপাৰে মুঠ ৫২৩ পুৰা দেৱোত্তৰ মাটি, ৭০টা পাইক, পৰিচালক ব্ৰাহ্মণৰ ১০টা গোট প্ৰদান কৰা হয়৷ তদুপৰি পুৰোহিত বাগীশ ভট্টাচাৰ্যক ২৬ পুৰা ৰূপিত মাটি ঐৰু ৪৬ পুৰা ৩ বিঘা বাৰী মাটি দিয়া হৈছিল৷ মূল মন্দিৰৰ জোখ সম্পৰ্কে চাংৰুং ফুকনৰ বুৰঞ্জীত এনেদৰে উল্লেখ আছে- ‘মেৰে দৌল ২১ হাত, গহ্বৰ ৪ হাত, বাৰ ডাঠ ২ হাত, ওখকৈ দৌল মূধলৈ ৫ হাত, তাৰে পৰা চুলালৈ ১২ হাত৷ জগমোহন ঘৰটি দীঘে ১০ হাত, পথালি ৮ হাত, ডাঠ বাৰ মূধে ৩ হাত, পাছেদি বাৰ ডাঠ ২ হাতকৈ৷’ ১৬৪৫ শকত (১৭২৩ চনত) স্বৰ্গদেউ শিৱসিংহই গণক ভৰালী বৰুৱা আৰু গোৱাল বৰুৱাৰ হতুৱাই নন্দিকেশ্বৰৰ পুৰণি বাচন-বৰ্তন ভঙাই নতুনকৈ গঢ়ি বাগীশৰ পুত্ৰ ৰঘুনন্দন বিদ্যানিবাসৰ হাতত দিছিল৷

শৈৱপীঠখনৰ মূল বিগ্ৰহটো পাটকুঁৱা সদৃশ এটা গহ্বৰ৷ দেৱালয় চৌহদত বিগ্ৰহৰ দক্ষিণ দিশে এটা ডাঙৰ পুখুৰী আছে৷ গহ্বৰ আৰু পুখুৰীৰ পানীৰ মাজত বোধহয় সংযোগ আছে৷ পুখুৰীত পানী বাঢ়িলে সেয়ে গহ্বৰ পানী-পৃষ্ঠও ওপৰলৈ উঠে৷ জগমোহন ঘৰটো বৰ্তমান নাই৷ ১৮৯৭ চনৰ বৰভূঁইকপে দেৱালয়ৰ বহু ক্ষতিসাধন কৰে৷ অৱশ্যে মূল মন্দিৰৰ গাতে লগাই পূবা-পশ্চিমাকৈ পৰৱৰ্তী সময়ত এটি নামঘৰ সজা হয়৷ দেৱালয়ৰ প্ৰৱেশদ্বাৰ পশ্চিমমুখী৷ পূৰ্বৰ ৰজাদিনীয়া দেৱালখনো বৰ্তমান নাই৷ তাৰ পৰিৱৰ্তে ৰাইজৰ দান-বৰঙণি আৰু চৰকাৰী অৰ্থসাহায্যৰে দেৱাল নিৰ্মাণ কৰা হৈছে৷ বাটচ’ৰা আৰু প্ৰৱেশ তোৰণো দুজনমান ভক্তিপ্ৰাণ লোকৰহে দান৷ দেৱালয়ত আগতে ওজাপালি আৰু নটুৱা নাচৰ প্ৰচলন আছিল৷ গোঁসাইচুক গাঁৱৰ ওজা বংশৰ লোকসকলে ওজাপালি অনুষ্ঠান কৰিছিল আৰু কমাৰচুক গাঁৱৰ নটুৱাচুকৰ লোকসকলে নটুৱা নাচ পৰিৱেশন কৰিছিল৷ বৰ্তমান ওজাপালি আৰু নটুৱা নাচ কোনোটোৰে প্ৰচলন নাই৷ অনুষ্ঠান পৰিৱেশন কৰা পাৰদৰ্শী ব্যক্তিসকলো জীয়াই থকা নাই৷ অৱশ্যে দেৱালয়ত পূজা-অৰ্চনা চলি আহিছে৷ ওচৰ-পাজৰ কিম্বা দূৰ-দূৰণিৰ ভক্তসকলে প্ৰসাদ-ভোগ লৈ মন্দিৰলৈ আহে৷ মনোবাঞ্চা পূৰণৰ অৰ্থে সদাশিৱৰ চৰণত মূৰ দোঁৱাই পূজাৰীৰ আশীৰ্বাদ লয়৷ দেখা যায়, বহু মন্দিৰত কেৱল ভোগ দিওঁতাকেইজনকহে ভোগ খাবলৈ দিয়া হয়৷ এই দৃষ্টিকটু ব্যৱস্থা নন্দিকেশ্বৰ দেৱালয়ত নাই৷ ইয়াত উপস্থিত সকলোকে ভোগ খাবলৈ দিয়া পৰম্পৰা তাহানিৰে পৰা চলি আহিছে৷ ফাকুৱা আৰু শিৱৰাত্ৰি এই উৎসৱ দুটা নন্দিকেশ্বৰ দেৱালয়ত বৰ উলহ-মালহেৰে পতা হয়৷ দেৱালয়খন পূৰ্বতে ঠাকুৰে পৰিচালনা কৰিছিল৷ বৰ্তমান সেই ব্যৱস্থা নাই৷ এখন প্ৰাচীন শৈৱপীঠ হিচাপে ই সম্প্ৰতি পুৰাতত্ব বিভাগৰ অধীন হৈছে আৰু সেয়ে চৰকাৰী নিৰীক্ষণত ৰাইজৰ দ্বাৰা গঠিত পৰিচালনা সমিতিয়ে ইয়াৰ কাম-কাজ পৰিচালনা কৰে৷

লেখকৰ ভ্ৰাম্যভাষঃ ৮৬৩৮৬০৩১৩৪ 

আপুনিও ভাল পাব পাৰে!