Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

ইতিহাস আৰু ঐতিহ্য

অম্বুবাচী মেলা হিন্দুৰ পৱিত্ৰ উৎসৱ

post

Share

লেখকঃ অমল চন্দ্ৰ কোঁৱৰ

অম্বুবাচী হল হিন্দু ধৰ্মৰ পবিত্ৰ উৎসৱ৷ ই এটা কৃষিভিত্তিক উৎসৱ৷ বেদৰ মতে পৃথিৱীক আমাৰ মাতৃ বুলি কৈছে আৰু হিন্দু শাস্ত্ৰৰ মতেও পৃথিৱীক মাতৃ জ্ঞান কৰিছে৷ পৃথিৱীত বসবাস কৰা চৰাই-চিৰিকটি, প্ৰকৃতি, জীৱ-জন্তু, মানুহ এই সকলোৰে মাতৃ হল পৃথিৱী৷ এজনী ছোৱালী যেনেকৈ ঋতুমতী হয় ঠিক তেনেকৈ পৃথিৱীও এদিন তুমতী হয় বুলি হিন্দু শাস্ত্ৰত কৈছে৷ প্ৰতিমাহে ছোৱালী বা মহিলা ঋতুমতী হোৱাৰ দৰে প্ৰতিবছৰে এদিন পৃথিৱী ঋতুমতী হয়৷ হিন্দু শাস্ত্ৰ মতে আহাৰ মাহৰ জ্জ তাৰিখে পৃথিৱী ঋতুমতী হয়৷ ই প্ৰাচীন কালৰে পৰাই জডি.ত বিশ্বাস এজনী ছোৱালী যেনেকৈ ঋতুমতী হোৱাৰে পৰা সন্তান জন্ম দিব পৰাৰ ক্ষমতা হয় ঠিক তেনেকৈ পৃথিৱী ঋতুমতী হোৱাৰে পৰা বৰ্ষাসিক্ত পৃথিৱীও নতুন বছৰৰ নতুন শস্য উৎপাদনৰ উপযোগী এই দিনটোৰ পৰাই আৰম্ভ হয়৷ আহাৰ মাহৰ সাত তাৰিখৰ পৰা ধৰিত্ৰীৰ উবৰ্ৰা কাল বুলি ধৰা হয়৷

অম্বুবাচী শব্দটো সংস্কৃত শব্দৰ পৰা আহিছে৷ সংস্কৃত অম্বুমানে পানী আৰু বাচীমানে প্ৰকাশ বুজাইছে বুলি পণ্ডিত সকলে কব বিচাৰিছে৷ অৱশ্যে অসমৰ ঠাই বিশেষে এই অম্বুবাচীক অমাৱতী”, “সাত”, “ৰজোৎসৱআদি  নামেৰে জনা যায়৷ হিন্দুৰ জ্যোতিষশাস্ত্ৰৰ মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ তিনিপদ অতীত হলে চতুৰ্থপদ আদ্ৰা নক্ষত্ৰৰ প্ৰথৰ ভিতৰত পৃথিৱী ঋতুমতী হয়৷ হিন্দু শাস্ত্ৰৰ মতে অম্বুবাচী বা সাত আৰম্ভ হোৱাৰ দিনটোক অম্বুবাচী প্ৰবৃত্তিআৰু শেষৰ দিনটোক অম্বুবাচী নিবৃত্তিবুলি কোৱা হয়৷ আমাৰ সমাজৰ লোকবিশ্বাস মতে পৃথিৱীক যিহেতু মাতৃ জ্ঞান কৰা অম্বুবাচী সময়ত ৰজস্বলা হয়৷ পৃথিৱী ৰজস্বলা হোৱাৰ সময়ত কোনো হিন্দু ধৰ্মৰ লোকে কৃষি কাৰ্য্য নকৰে৷ কৃষিজীৱি ৰাইজে এই অম্বুবাচী নানা ধৰণৰে পালন কৰে৷

হিন্দু শাস্ত্ৰৰ মতে আহাৰ মাহৰ আৰম্ভণিতে পৃথিৱী বা বসুমতী মা বৰ্ষাৰ নতুন পানীৰে উপচি পৰে আৰু তেতিয়া পৃথিৱীক তুমতী নাৰী ৰূপে গণ্য কৰা হয় আৰু আৰম্ভ হয় সাত বা অম্বুবাচী৷ সাত চোৱা বা অম্বুবাচী মেলা নিবৃত্তি হোৱাৰ পাছদিনৰ পৰা কৃষকে খেতি পথাৰত হাল বোৱাৰ কাম আৰম্ভ কৰি আহিছে৷ প্ৰাচীন কালৰ পৰাই সমাজত প্ৰচলিত হৈ আহিছে৷ হিন্দুৰ সমাজত কোনো ছোৱালী ঋতুমতী হলে অম্বুবাচী বুলি ধৰা হয় আৰু তেনে সময়ত কোনো মাংগলিক কাম সেই ছোৱালীয়ে বা মহিলাই নকৰে৷ ঠিক তেনেকৈ পৃথিৱী ঋতুমতী অথাৰ্ৎ সাত বা অম্বুবাচীৰ সময়ত কোনো ধৰণৰ মাংগলিক কাম কৰা নহয়৷ এগৰাকী নাৰী যেনেকৈ তিনিদিন Ùতুশায়ী হৈ থাকে আৰু সেই সময়ত সেই নাৰী গৰাকী অশুচি হৈ পৰাৰ দৰে অম্বুবাচী সময়ত সমগ্ৰ পৃথিৱী অশুচি হৈ থাকে বুলি লোকবিশ্বাস আছে৷ এই সময়ছোৱাত কোনো ব্ৰাহ্মণ বা সন্যাসীয়ে কোনো সিদ্ধ আহাৰ গ্ৰহণ নকৰে৷ আন নালাগে সেই তিনিদিন তেওঁলোকে মাটিত ভৰিও নিদিয়ে৷ সেই তিনিদিন তেওঁলোকে ভৰিত চেণ্ডেল আদি পিন্ধি থাকে৷ আনহাতে অম্বুবাচী তিনিদিন ফলাহাৰ গ্ৰহণ কৰাৰ লগতে মাটিৰ পৰা ওপৰত থোৱা পানীহে গ্ৰহণ কৰে৷

অম্বুবাচী পালন কৰা লোকসকলে আহাৰ মাহৰ সেই তিনিদিন এক বিশেষ ধৰণেৰে পালন কৰে৷ তেওঁলোকে কিছুমান বিশেষ নীতি-নিয়ম পালন কৰে৷ নামঘৰ বা গোঁসাই ঘৰত নোসোমায়, চাকি-বন্তি নজ্বলায়, মাটিৰ স্পৰ্শলৈ অহা কোনো বস্তুৱেই গ্ৰহণ নকৰে৷ যিকোনো ৰন্ধা বস্তু নাখায় আনকি মাটি স্পৰ্শলৈ অহা বাচন-বৰ্তনতো কোনো খাদ্য নাখায়৷ বহুত মানুহে মাটিৰ ওপৰত তক্তাপাৰি পানী বা বাচন-বৰ্তন আদি থৈ দিয়ে অম্বুবাচী অহাৰ আগতেই৷ অম্বুবাচী পালন কৰা লোকসকলে সেই দিনকেইটাত ইজনে সিজনৰ ঘৰলৈ ফলমূল আদান-প্ৰদান কৰে৷ অম্বুবাচী নিবৃত্তি হোৱাৰ পাছত থাকি যোৱা পানী বা অনান্য ফলমূল সমূহ পেলাই দিয়ে আৰু সেই কেইদিন ব্যৱহাৰ কৰা কাপোৰ-কানি বিলাক ভালদৰে ধুই দিয়ে৷ এয়াই অম্বুবাচী পালন কৰাৰ লোক নিয়ম৷

ভাৰতৰ অন্যতম শক্তিপীঠ মা কামাখ্যাত আহাৰৰ তিনি তাৰিখৰ পৰা অম্বুবাচী মেলা পালন কৰা হয়৷ এই মেলালৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা লক্ষ লক্ষ ভক্তৰ সমাগম হয়৷ এই মেলা দেশৰ ভিতৰতে জনপ্ৰিয়৷ কামাখ্যাধামত দেশ-বিদেশৰ লক্ষ লক্ষ সাধু-সন্ন্যাসীৰ সমাগম বিশেষকৈ মন কৰিবলগীয়া৷ সেইকেইদিন এই সাধু-সন্ন্যাসীসকলৰ অলৌকিক কাৰুকাৰ্য্য বিলাক মন কৰিবলগা৷ ভক্তিৰসত গদগদ ভক্তৰ ব্যস্ততা, অলেখ সাধু-সন্ন্যাসীৰ বিচিত্ৰ কৰ্ম-কাণ্ডৰে উথপথপ হৈ পৰা দেখা যায়৷ জনবিশ্বাস মতে অম্বুবাচীৰ সময়ত কামাখ্যা দেৱী তুমতী হয় আৰু তুমতী যি অশুচিতা সেয়া কঠোৰ ভাৱে পালন কৰা হয়৷ অম্বুবাচীৰ এই তিনি দিন মা কামাখ্যাৰ মন্দিৰৰ দুৱাৰ বন্ধ থাকে৷ বন্ধ তিনিদিন কোনো মন্দিৰৰ ভিতৰত সোমাব নোৱাৰে৷ সেই তিনিদিন কোনো পূজা আদি নহয়৷ অম্বুবাচীৰ প্ৰথম তিনিদিন চুৱা আৰু চতুৰ্থ দিনা শুদ্ধি বুলি কোৱা হয়৷  

অম্বুবাচী আৰম্ভ হোৱাৰ লগে লগে মা-কামাখ্যাৰ লগতে সকলো মঠ-মন্দিৰৰো দুৱাৰ বন্ধ হৈ যায় আৰু চতুৰ্থ দিনা শুদ্ধিকৰণৰ পাছত মন্দিৰৰ দুৱাৰ খোলা হয় দৰ্শনাৰ্থীৰ বাবে৷ চতুৰ্থ দিনা মা কামাখ্যা দেৱীক স্নান কৰি পূজা প্ৰভৃতি সমাপন কৰাৰ পাছতহে দৰ্শনাৰ্থীয়ে দেৱীক দৰ্শন কৰিব পাৰে৷ হিন্দু ধৰ্মৰ মতে মা কামাখ্যা দেৱী দৰ্শনৰ এই দিনটোৱে আটাইতকৈ ভাল দিন বুলি বিশ্বাস কৰে৷ দেশৰ বিভিন্ন ঠাইৰ লগতে লাখ লাখ ভক্তই সেইদিনা দেৱীৰ ভোগ গ্ৰহণ কৰিলে বছৰটোৰ কাৰণে ভাল বুলি বিশ্বাস কৰে৷ অম্বুবাচী পালন কৰা লোক সকলে দেৱীৰ ভোগ নিনিয়ালৈকে কেৱল মাত্ৰ ফল-মূলহে গ্ৰহণ কৰি থাকে৷ এই কেইদিন সকলো ভক্তই মন্দিৰৰ চৌপাশে ধূপ-ধূনা জ্বলাই নাম-কীৰ্ত্তন কৰি তিনিদিন পাৰ কৰে আৰু চতুৰ্থ দিনা মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে মা দুগাৰ্ক দৰ্শন কৰিবলৈ অধীৰ আগ্ৰহৰে শাৰী পাতি থাকে আৰু দেৱীৰ চৰণ চুইহে ঘৰমুৱা হয়৷

অম্বুবাচী সময়ছোৱাত মা-কামাখ্যা দেৱীৰ ৰক্তবস্ত্ৰৰ মহাত্মা সকলো হিন্দু মাত্ৰৰে জ্ঞাত৷ সেইদিনা কামাখ্যাৰ গৃহৰ পৰা ৰক্ত তৰল নিগতি হয়৷ অম্বুবাচী নিবৃত্তিৰ তিনি দিনত মন্দিৰৰ পাণ্ডাসকলে ভক্তসকললৈ এই ৰক্তবস্ত্ৰ আগবঢ়ায়। হিন্দু শাস্ত্ৰৰ মতে মা-কামাখ্যাৰ ৰক্তবস্ত্ৰ শৰীৰত পৰিধান কৰিলে অভীষ্ট সিদ্ধি হয় বুলি বিশ্বাস আছে৷ সেই কাৰণে পুৰুষে সেই ৰক্তবস্ত্ৰ সোঁহাতত বা ডিঙিত বা মহিলাই বাওঁহাতত বা ডিঙিত ধাৰণ কৰে৷ বৰ্তমান কামাখ্যা ধামৰ এই অম্বুবাচী মেলাই এক আন্তৰ্জাতিক খ্যাতি অৰ্জন কৰিছে৷

আপুনিও ভাল পাব পাৰে!