Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

ইতিহাস আৰু ঐতিহ্য

ঐতিহ্যমণ্ডিত গৌৰীপুৰৰ জীৱন্ত ইতিহাস:ৰঙ্গিলা দালান বা মাটিয়াবাগৰ হাওৱাখানা

post

Share

লেখক - অজয় বৰুৱা

গৌৰীপুৰ হ'ল ধুবুৰীজিলাৰ এখন ঐতিহাসিক সৰু চহৰ।এই গৌৰীপুৰতে গৌৰীপুৰৰ বিখ্যাত জমিদাৰৰ বাসস্থান আছিল। এই জমিদাৰ পৰিয়ালেৰে সদস্য প্রয়াত হস্তীমানৱ খ্যাত ৰজা প্রকৃতিশ চন্দ্র বৰুৱা(লালাজী) আৰু তে‌ওঁৰ পুত্র প্রভাত চন্দ্র বৰুৱা।এই গৌৰীপুৰতে গোৱাল -পৰীয়া লোকগীতৰ অপ্রতিদণ্ডী সম্রাজ্ঞী পদ্মশ্রী প্রতিমা বৰুৱা পাণ্ডে ভাৰতীয় সবাক চলচিত্রৰ অন্যতম পথিকৃত 'দেৱদাস' খ্যাত প্রমেথেশ চন্দ্র বৰুৱাৰ জন্ম।এই গৌৰীপুৰৰ কাষেৰে চিৰ প্রবাহমান ঐতিহাসিক গদাধৰ নদী।ড০ ভূপেন হাজৰিকাদেৱৰ দৃষ্টিনন্দন ভাৱে প্রাণপাই উঠা সেই গদাধৰ নদী।

 "গৌৰীপুৰীয়া গাভৰু দেখিলোঁ 

হাতী ধৰিবলৈ গৈ,

হাতী ধৰিলো গাভৰু দেখিলোঁ

সাতুৰি গদাধৰ নৈ, ,,,,।"

এই গদাধৰ নৈৰ পাৰতে মনোমুগ্ধ গৌৰীপুৰ  জমিদাৰৰ  জীৱন্ত ইতিহাসৰ দৃষ্টিনন্দন নিদর্শন 'হাওৱাখানা' ।পদ্মশ্রী প্রতিমা বৰুৱা পাণ্ডে শিল্পী জীৱনৰ উথ্থান-পতনৰ সাক্ষী এই হাওৱাখানা।প্রতিমা বৰুৱাই য'ত আৰম্ভ কৰিছিল বহু কালজয়ী গোৱালপৰীয়া লোকগীতৰ আখৰা,সৃষ্টি কৰিছিল একোটাকৈ সুমধুৰ গীত।মাটি আৰু মানুহৰ শিল্পী প্রতিমাপাণ্ডেৰ কণ্ঠত নিগৰি আহি প্রাণ পাই উঠিছিল এই 'হাওৱাখানাতে'।মাটিয়াবাগ পাহাৰৰ 'হাওৱাখানা',  গৌৰীপুৰ ৰজাৰ ইতিহাসক জীৱন্ত কৰি ধৰি ৰখাৰ এক অন্যতম তথা আকর্ষনীয় নিদর্শন যদিও গৌৰীপুৰ পদ্মশ্রী প্রতিমা বৰুৱা পাণ্ডে নামেৰেই পৰিচিত আৰু জনপ্রিয়।

ধুবুৰী চহৰৰ গৌৰীপুৰ মাটিয়াবাগ আগতে আছিল 'মাটিয়াবগ',যাৰ অর্থ মাটিৰ টিলা।এই মাটিয়াবাগৰ টিলাৰ ওপৰতে সগৌৰৱেৰে থিয় দি আছে জমিদাৰ পৰিয়ালৰ স্বাভিমানৰ প্রতীক ,অপূর্ব নির্মিন শৈলীৰৰে নির্মিত 'হাওৱাখানা'। এই প্রাসদটি প্রায় ১৯০৪ চনৰ পৰা ১৯১৪ চনৰ ভিতৰত নির্মান কাম শেষ হৈছিল।প্রথম বিশ্বযুদ্ধৰ সময়ত চীনা মিস্ত্রীয়ে আৰু জমিদাৰ  পৰিয়ালৰ প্রভাত চন্দ্র বৰুৱা দিনতেই সজোৱা এই প্রাসাদটিত তেতিয়াতে প্রায় তিনিলাখ চল্লিশ হাজাৰ খৰচ পৰিছিল।প্রাসাদটোৰ মুখ্য হলঘৰ চাৰিটা।মূলঘৰৰ কাষৰ কোঠালী ছয়টা, বৈঠকখানা চাৰিটা,গা-ধোৱা ঘৰ চাৰিটা।গা-ধোৱা ঘৰৰ ডাঙৰ টাববোৰ মেটেল জাতীয় বস্তুৰে নির্মিত।ফাঁক ফাঁককৈ বিশেষ কৌশলপূর্ণ ভাৱে সজা দুৱাৰ-খিড়ীকীবোৰেৰে বহুলভাৱে বায়ু সঞ্চাৰ কৰিব পাৰে।দুৱাৰ-খিড়ীকীবোৰ নেদেখিলে এইবোৰ অনুমান কৰিব নোৱাৰি।প্রাসাদটি তলৰ অইন কোঠালীবোৰত চিকাৰ কৰি অনা দুষ্প্রাপ্য জীৱ-জন্তুৰ চাল শিং আদিবোৰ সংৰক্ষিত হৈ আছে। আগতে প্রথম কোঠালীটোত জংবাহাদূৰ হাতীৰ  দীঘল দাঁত সযত্নে সংৰক্ষিত আছিল ।অৱসৰ-বিনোদনৰ বাবে নির্মান কৰা এই ৰাজহাউলীটোত ভাৰতীয় বোলছবিৰ আদিপুৰুষ স্বৰূপ স্বগীয় প্রমথেশ চন্দ্র বৰুৱাই শৈশৱ কাল কটাইছিল।শৈশৱ জড়িত থকা এই ঘৰটোৰ কোঠালীৰ দেৱালয়ত ওলোমাই থোৱা বাঘ আৰু বন্য প্রানীৰ চিকাৰ কৰা কৌশলৰ ছবি আৰু ৰজা প্রকৃতীশ চন্দ্র বৰুৱাৰ বিভিন্ন চিকাৰৰ ছবি আছে।ভিতৰৰ কোঠালীত আছে আটকধুনীয়া কার্পেটেৰে সজ্জিত  বার্মাটিক মেহগনি কাঠ আৰু মার্বল পাথৰৰ মূল্যবান আচবাব,বাঘ,সিংহ,বাইচান,গড়,বনৰীয়া মহ, হৰিণৰ মূৰ আদি।আৰু আছে কিছু প্রমান পত্র,দলিল মানচিত্র,চিকাৰ সম্পকীয় বিভিন্ন গ্রন্থ।হাওৱাখানাটো থকা টিলাটোৰ চাৰিওফালে আছে নানা গছ যিবোৰ সুসজ্জিত প্রকৃতিৰ অপৰূপ দৃশ্য।দুবৰিৰ সেউজীয়া দলিচাৰে আৱৰা চাৰিও ফাল।বাওঁফালে ওক গছৰ শীতল ছাঁ আৰু তলত বেদী।য'ত মার্বল পাথৰৰ ফলকত 'প্রতাপসিংহ' বুলি লিখা ৰাজপৰিয়ালৰ প্রিয় হাতীৰ সমাধি।টিলাৰ ওপৰত প্রাসাদৰ মুখ্য প্রৱেশদ্বাৰ হাতী দাঁতৰ সৈতে সুৰৰ দৰে নির্মিত আৰু তাৰ ওপৰত "ডি" আখৰটোৰ দৰে আচ্ছাদিত তোৰণ। প্রৱেশদ্বাৰৰ ওচৰতে আছে এটা কামান।এই কামানটো ৰাষ্ট্রীয় ঘাইপথৰ ফালে মুখ কৰি ৰখা হৈছে।এই কামানত দূর্গাপূজাৰ বিজয়া দশমীত বাৰুদ আৰু মৰাপাট কাটি কামানত ভৰাই ফুটাইছিল।প্রাসাদটোৰ পূব দিশত আছে এটি শিৱ মন্দিৰ।য'ত ৰাজপৰিয়ালে পূজা পাতল কৰি আহিছে।আজিৰ পৰা  এশ বছৰ আগতে নির্মান কৰা এই ৰাজ প্রাসাদটো এটি ইতিহাস বুকুত লৈ জীন যোৱাৰ পথত।প্রতিমা বৰুৱা পাণ্ড স্মৃতি বিজৰিত এই হাওৱাখানাটো চৰকাৰৰ অমযোগিতাৰ বাবে গৌৰীপুৰৰ মানচিত্রৰ পৰা এদিন নোহোৱা হৈ যাব।ক্রমাৎ খহি যাব ধৰিছে দেৱালৰ প্লাষ্টাৰবোৰ । উৱলি যাব ধৰিছে টিন পাত।এনেকৈ থাকিলে এদিন জমিদাৰ পৰিয়ালৰ স্বাভিমানৰ প্রতীক এ‌ই দালান নি:চিহ্ন হৈ যাব।গোৱালপৰীয়া লোকগীতটোৰ দৰে,,,,,,,," দিনে দিনে খসিয়া পৰিবে ৰঙিলা দালানেৰ মাটি,,,,,,"।

আপুনিও ভাল পাব পাৰে!