Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

ইতিহাস আৰু ঐতিহ্য

গৌৰী সাগৰৰ বৰ্ণময় ইতিহাস আৰু এতিয়া

post

Share

লেখকঃ 0 জীৱন কলিতা

 

বুৰঞ্জীৰ দেওলগা পাতৰ পৰা নিহালী খহাই নামি আহে ছশ বছৰীয়া সপোনৰ সুৰভি। ৰাজহাউলিত প্ৰশান্তিৰে বহি আছে ৰাজমাও দেউতা। বাটচ’ৰাৰ মুখত শিতান থাপি শুই আছে আমাৰ হেঁপাহৰ স্বৰ্গদেউ। হুৰাই নিদিবা, সাৰ পালেই জগৰ লাগিব গোমচেঙৰ চোলাটোৰে কিমান শুৱাইছে চোৱাচোন …।

দৰাচলতেই সাম্প্ৰতিকে নিজম পৰি থকা গৌৰীসাগৰ এসময়ত ৰাজতন্ত্ৰৰ ধামখুমিয়াত ব্যস্ত হৈ আছিল। তেতিয়া ৰজা-মহাৰজাৰ পদাঙ্কত গৌৰীসাগৰৰ ঢেকীয়া-দুবৰিও সচকিত হৈ উঠিছিল। প্ৰতাপী আহোম স্বৰ্গদেউৰ আঙুলি ঠাৰত একেটা ঘাটতে বাঘে-ছাগে পানী খাইছিল। কিন্তু কালস্য কুটিলা গতি। আগৰ সেই ৰামো নাই, অযোধ্যাও নাই। এতিয়া গৌৰীসাগৰ আধুনিক সাজেৰে সজ্জিত। আধুনিকতাৰ পৰশত বিস্তাৰিত হোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে শাৰী শাৰী সুউচ্চ অট্টালিকা। শিক্ষিত মানুহ। সন্তুলিত সমাজ। সমুজ্জ্বল সভ্যতা। প্ৰায় বাৰখনমান প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়, ছখন উচ্চ মাধ্যমিক বিদ্যালয়, তিনিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগুৰুসৰলৰ দ্বাৰ দেশৰ ভৱিষ্যত সম্পদৰূপী শিক্ষাৰ্থী সকলক মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ কছৰৎ কৰি অহা হৈছে।

মূল গৌৰীসাগৰক সমীপৱৰ্তী ভটীয়াপাৰ, ৰূপহীমূখ, বলিয়াঘাট, নামদাং, আইলামুখ, পাভজান, বেজগাঁও, নকটানি, দিচিয়াল, দীঘল দৰিয়ঁলি, দিখৌমুখ, খনামুখ, সোণতলী ছিগা, হাতীঘূলি আদি অঞ্চলে চৰায়ে পোৱালি আবৰাদি আবৰি আছে। গৌৰীসাগৰৰ উত্তৰেদি জীৱনদায়িনী বশিষ্ঠ-গঙ্গা, নামচাও আদি নামেৰে প্ৰখ্যাত চিৰ প্ৰবাহিত দিখৌনদী। মানৱ শৰীৰৰ প্ৰাণ সঞ্চাৰিণী ইৰা আৰু পিঙ্গলা নাড়ীৰ দৰে ঠাইখিনিৰ সোঁৱে সোঁৱে ঐতিহাসিক নামদাং আৰু মিটংনদী। দিখৌ, নামদাং আৰু মিটঙৰ উপৰিও পানীৰ প্ৰধানতম উৎস হিচাবে আছে ঠাইখিনিৰ গৌৰৱ হৈ গৌৰীসাগৰ পুখুৰী। যাৰ বিশালতা সাগৰৰ দৰে আৰু গভীৰতা মাতৃৰ দৰে।

এক ইতিহাস। অকল ইতিহাসেই নহয়, এক বৰ্ণিল ইতিহাস। মধ্যযুগীয় মোহাবেশৰ এক ৰহস্য। অকল ৰহস্যই নহয়। জাতি ভঙা-গঢ়াৰ এক ৰোমাঞ্চকৰ ৰহস্য। সময়ৰ চাকনৈয়াত ভাসমান হোৱা এক গতি। অকল গতিয়েই নহয়, সময়ৰ পদাক্ষত খোজ থব পৰা এক অনিৰুদ্ধ গতি।

১৬৭৭ খৃষ্টাব্দত চুডৈফা বা বামুণী কোঁৱৰ আহোমৰ ৰাজসিংহাসনত উঠে। এইজনা ৰজাই দুবছৰ শাসন কৰাৰ পিছত তেওঁক বধ কৰি চুলিকফা বা ল’ৰাৰজাক আহোম শাসনতন্ত্ৰৰ পৰৱৰ্তীজনা ৰজা হিচাপে নিৰ্বাচন কৰা হয়। এওঁৰ দিনত মোগলে ষষ্ঠদশ বাৰৰ বাবে অসম আক্ৰমণ কৰে। এই আক্ৰমণত ভাবধৰা বৰফুকনক বঙ্গালক প্ৰতিহত কৰিবলৈ স্বৰ্গদেৱে আজ্ঞা কৰিছিল। কিন্তু ভাবধৰা বৰফুকনে বঙালৰ লগত যুঁজিব নোৱাৰি পাছ হুহকি আহিছিল। সেইকথা শুনি ল’ৰাৰজাই তেওঁক বৰফুকন ভাঙি নৰেন্দ্ৰ নাথ বোলা এজনক বৰফুকন পাতিছিল আৰু তেওঁক ভাবধৰাই কৰিব নোৱৰা কাম কৰিবলৈ পাচিছিল। সেইজনা বৰফুকনেও মোগলক ভেটিব পৰা নাছিল। তেতিয়া বন্দৰ বোলা এজনক বৰফুকন পাতি পুনৰ যুঁজলৈ পঠাইছিল। বন্দৰ বৰফুকনো পূৰ্বৰ দুজন বৰফুকনৰ পথচাৰী হৈছিল। বয়ৰত নবীন স্বৰ্গদেৱৰ তেতিয়া চিন্তাৰ অপৰিপক্কতাৰ বাবে ৰাজপৰিয়ালৰ ওপৰত সন্দেহ জন্ম হৈছিল। কোনেও যেন আন্তৰিকতাৰে দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে যুঁজত প্ৰবৃত্ত হোৱা নাই, তেওঁৰ তেনে অনুভৱে মনত বাঁহ লৈছিল। সেয়ে তেওঁ মূখ্য মুখ্য কোঁৱৰসকলক অঙ্গক্ষত কৰিবলৈ নিৰ্দেশ দিছিল। সেই সময়ত ৰজা হ’ব পৰা আটাইতকৈ উপযুক্ত কোঁৱৰ আছিল তুংখুঙ্গীয়া ফৈদৰ লাঙ্গী গদাপাণি। সেয়ে ৰজা চন্তৰীয়ে তেওঁক বিচাৰি চলাথ কৰিছিল।

এক জটিল ৰাজনৈতিক সন্ধিক্ষণ। বিভিন্ন সংঘাত-সংঘৰ্ষ। এই সকলোবোৰ অতিক্ৰম কৰাৰ পিছত ১৬৮১ খৃষ্টাব্দত গদাধৰ সিংহ আহোমাৰ ৰাজপাটত উঠে। তেওঁ সুখ্যাতিৰে চৌধ্য বছৰ ৰাজ্য শাসন কৰাৰ পিছত ১৬৯৫ খৃষ্টাব্দত আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা ৰুদ্ৰসিংহ ৰাজপাটত বহে। এওঁৰ দিনত কৃষ্ণৰাম ন্যায়বাগীশ নামৰ এজন ব্ৰাহ্মণ পুৰোহিতৰ ৰাজ আজ্ঞামতে অসমলৈ অনা হয়। এওঁ শাক্তধৰ্মৰ এজন ঘোৰ উপাসক আছিল। ন্যায়বাগীশে ‘যোগিনীতন্ত্ৰ’ আৰু ‘কালিকা পুৰাণ’ৰ পৰা শক্তিপূজাৰ শাক্তধৰ্মৰ ধাৰণা আনি অসমত প্ৰৱৰ্তন কৰিছিল। তেওঁ কামাখ্যা মন্দিৰত দুৰ্গাপূজাৰ নতুন ৰীতি প্ৰৱৰ্তন কৰিছিল। ৰুদ্ৰসিংহ স্বৰ্গদেৱে এইজনা পুৰোহিতৰ ওচৰত শৰণ লৈছিল।

১৭০৩ খৃষ্টাব্দত ৰুদ্ৰসিংহই অন্যান্য স্থাপত্যৰ লগতে গৌৰীসাগৰৰ উত্তৰ-পূব দিশে প্ৰৱাহিত হৈ থকা নামদাং নদীৰ ওপৰত এখন শিলৰ সাঁকো নিৰ্মাণ কৰোৱাইছিল। ২০২ ফুট দীঘল, ২২ ফুট বহল আৰু ৬ ফুট ডাঠ নামদাং শিলসাঁকোৱে সাম্প্ৰতিকলৈকে তিনিশ চৌধ্যবছৰ কাল নিৰৱচ্চিন্নভাৱে ঐতিহ্য আৰু সভ্যতাৰ বোজা কঢ়িয়াই এতিয়াও অক্ষত অৱস্থাত থাকি আহোমৰ নিৰ্মাণশৈলীৰ নিদৰ্শন দাঙি ধৰি আছে। নামদাং চুবুৰীয়া নগাপাহাৰৰ পৰা অকাই-পকাই বৈ আহি নামদাং শিলসাঁকোৰ পৰা পশ্চিমে প্ৰায় এক কিল’মিটাৰ আঁতৰত গৈ দিখৌত পৰিছেগৈ। দিখৌত পৰাৰ এক কিলোমিটাৰ পূবত সতী জয়মতী স্মৃতি বিজড়িত জেৰেঙা পথাৰৰ মাজত খেতিৰ সুচলৰ বাবে আইলা নামৰ নদীখনৰ পৰা নামদাঙলৈ প্ৰায় দুই-আঢ়ৈ কিলোমিটাৰৰ এটা জান খন্দোৱা হৈছিল, যাক ন-খনা বোলা হয়। অতি আচৰিত কথা যে দিখৌত যেতিয়া পানী বাঢ়ে আৰু নামদাং তৰাং হৈ থাকে তেতিয়া দিখৌৰ পানী নামদাঙৰ মুখেদি উজাই আহি সেই ন-খনায়েদি বৈ গোটেই জেৰেঙা পথাৰ প্লাৱিত কৰিছিল। পিছত দিখৌ নদীত পানী বহি গ’কলে জেৰেঙা পথাৰৰ পানী আকৌ ন-খনায়েদি ওলাই নামদাঙেদি বৈ দিখৌত পৰিছিল। তেতিয়া মাছৰ উজানত ন-খনা আন্দোলিত হৈ পৰিছিল। দিখৌৰ পানীৰ লগত বিস্তৰ পৰিমাণৰ পলসো আহিছিল। বছৰে বছৰে তেনেদৰে বৈ অহা পলসে এটা সময়ত নামদাং শুকুৱাই পেলাইছিল। শিলসাঁকোৰ তলেৰে পানী প্ৰবাহিত হোৱা পাঁচোটা সুৰঙ্গৰ উত্তৰ-দক্ষিণ দিশৰ মূৰত থকা দুটা পোতখাই মাত্ৰ তিনিটা সুৰঙ্গহে ওলাই পৰিছিল। তাকে দেখি কোনো বুৰঞ্জীবিদে নামদাং শিলসাঁকোত তিনিটা সুৰঙ্গেৰে পানী প্ৰবাহিত হৈছিল বুলি যি প্ৰচাৰ কৰিলে, এতিয়া সেই প্ৰচাৰেই পৰিব্ৰাজকে পঢ়ি শিলসাঁকোক বুজি আছে। শিলসাঁকোৰ সেই পাঁচোটা সুৰঙ্গেৰে প্ৰবাহিত হোৱা পানীৰ বিনন্দীয়া প্ৰাকৃতিক পৰিঘটনা এতিয়া সাধুকথা। কাৰণ, নামদাং এতিয়া শুকাই গ’ল। নামদাং নদীৰ শুকান বক্ষত এতিয়া স্থানীয় ৰাইজৰ গৰুগোহালী আৰু শাকনিবাৰী। ন-খনাৰ পৰা দিখৌত পৰালৈকে এই দুই কিলোমিটাৰ জোখৰ নামদাং যদি পুনৰ খনন কৰা হয়. তেন্তে নামদাঙৰ দুয়োপাৰৰ মানুহৰ জীৱনশৈলীয়েই সলনি হৈ পৰিব। যিহেতু, যিমান সম্পদ থাকিলেও মাতৃ অবিহনে পুত্ৰ সম্পূৰ্ণ নোহোৱাৰ দৰে নদী অবিহনে সভ্যতা সম্পূৰ্ণ নহয়। শান্তি থাকিলেও তাত প্ৰাপ্তি সুদূৰ পৰাহত। এই আপাহঁতে নামদাংখনন সন্দৰ্ভত সংশ্লিষ্ট সকলৰ দৃষ্টি আকৰ্ষণ কৰিলো।

ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ শিৱসিংহ ৰজা হয়। ৰাজপাটত উঠি তেওঁ পিতৃৰ পৰামৰ্শমতে কৃষ্ণৰাম ন্যায়বাগীশৰ ওচৰত শৰণ লয়। শিৱসিংহই আদাবৰীয়া সন্দিকৈৰ বৰাগী বৰবৰুৱাৰ ভতিজা-জীয়েক, ভিতৰুৱাল ফুকনৰ জীয়েক, দিহিঙ্গীয়া ভগা বৰবৰুৱা ডেকাৰ জীয়েক পৰ্বতীয়া কুঁৱৰী আৰু ভতিজা জীয়েক সৰুমাহী কুঁৱৰী- এই চাৰিগৰাকী কুঁৱৰীৰ উপৰিও কালুগঞাঁ নটৰ জীয়েক ফুলক ফুলেশ্বৰী নাম দি বৰকুঁৱৰী পাতিছিল। ইতিমধ্যে ৰজাই দেশ শাসনৰ বাঘজৰী হাতত লোৱা ছমাহমান হৈছিলহে। তেনেতে গণক আৰু জ্যোতিষীসকলে গণনা কৰি শিৱসিংহৰ ছত্ৰভঙ্গ যোগ পৰিছে বোলাত ফুলেশ্বৰীক ‘বৰৰজা’ উপাধি দি ৰাজসিংহাসনত উপবিষ্ট কৰোৱালে। ফুলেশ্বৰীৰ আন এটা নাম হ’ল প্ৰমথেশ্বৰী বুলি ‘আহোমৰ দিন’ত উল্লেখ আছে। ফুল্লেশ্বৰীয়ে নামদাঙৰ কোষত এটা বৃহৎ পুখুৰী খন্দোৱায় আৰু পুখুৰীৰ পাৰত চাৰিটা দৌল নিৰ্মাণ কৰোৱায়। আশ্বৰ্যজনক কথা যে এতিয়ালৈকে যিমানকেইজন কৃতবিদ্য বুৰঞ্জীবিদে আহোম শাসনৰ সেই সময়ছোৱাৰ কথা লিপিবদ্ধ কৰিছে, কাৰো লিখনিতেই কিন্তু গৌৰীসাগৰত চাৰিটা দৌলৰ অৱস্থিতিৰ কথা নাই। পুখিৰীৰ উত্তৰ পাৰে পূবৰ পৰা পশ্চিমলৈ ক্ৰমে শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল আৰু গৰখীয়াদৌল নিৰ্মাণ কৰোৱা হৈছিল। সেই চাৰিটা দৌলৰ ভিতৰত ১৭৯৮ খৃষ্টাব্দৰ বৰভূইকঁপত একেবাৰে পশ্চিমে থকা গৰখীয়া দৌলটো খহি পৰে। খহি পৰিলেও এতিয়াও কিন্তু ধৰাতলৰ পৰা ১৪-১৬ ফুট ওপৰলৈ দৌলৰ ভগ্নাৱশেষ পৰিদৃশ্যমান। এই দৌল আৰু পুখুৰীৰ পৰা প্ৰায় আধা কিল’মিটাৰ নিলগত দক্ষিণ-পশ্চিম দিশত দুটা মৈদাম আছে। বৰ্তমান মানুহৰ খেতি পথাৰৰ মাজত থকা এই দুটা (হয়তো আৰু আছিল)। বেদখলৰ কবলত পৰি বিলুপ্ত হ’ল। কোনোবা বৰবৰুৱা মৈদাম আছিল বুলি লোক-প্ৰসিদ্ধি আছে। এই দুটা মৈদামৰ পৰা প্ৰায় ন-দহ কিল’মিটাৰ দক্ষিণ-পূবলৈ ইতিহাস প্ৰসিদ্ধ চাৰিঙত আছে দেওৰজা মৈদাম। চাৰিং বুলি ক’লেই মণিৰাম দেৱানৰ প্ৰতিকৃতিয়ে বীৰদৰ্পে মনৰ চকুৰ আগত অগাডেৱা কৰে। তাৰ লগতে, খনিকৰী শিল্পৰ খনিকৰ, বাৰুদ শিল্পৰ বাৰুৱতী, কাকত লিখা-পঢ়া শিল্পৰ কাকতী গাঁও আদিয়ে ৰাজশানৰ আমোলৰ চাৰিঙৰ কথা সোঁৱৰায়। মোৱামৰীয়া বিদ্ৰোহত ৰাজভক্ত কাকতীসকলে পুৰ্ণানন্দ বুঢ়াগোঁহাইৰ দেউতাক গোঁহাই হাজৰিকা, বাৰভূঞাঁৰ ঘৰৰ কলিতা ফুকন, ব্ৰাহ্মণ তামুলীৰ ঘৰৰ যাদৱ, ব্ৰাহ্মণ কটকীসকল আদিৰ যোগ হৈ মণিপুৰী কুঁৱৰী কুৰঙ্গনয়নীৰ লগত পৰামৰ্শ কৰি, বিদ্ৰোহী মৰাণক মাৰি, জয়সাগৰ দৌলত বন্দী হৈ থকা লক্ষ্মীসিংহ স্বৰ্গদেউক উদ্ধাৰ কৰাৰ কথা বুৰঞ্জীৰ পাতত উল্লেখ আছে। কুৰঙ্গনয়নী আছিল মণিপুৰৰ ৰজা জয়সিংহৰ দুহিতা। ইতিহাস খ্যাত ‘লতাকটা ৰণ’ত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই চল্লিশ হাজাৰ সৈন্য পঠিয়াই মানৰ হাতৰ পৰা মণিপুৰ উদ্ধাৰ কৰাৰ চিন স্বৰূপে জয়সিংহই কুৰঙ্গনয়নীক জয়সিংহলৈ বিয়া দিছিল। ৰাজেশ্বৰ সিংহৰ বৰ কুঁৱৰীৰ মৰ্যাদা পোৱা কুৰঙ্গনয়নীয়ে দিখৌমুখত ‘মগলৌ জীয়েকৰ পুখুৰী’ খন্দোৱায়। বৰ্তমান দিখৌমুখ কলেজৰ কাষত এই পুখুৰী অৱস্থিত।

গৌৰীসাগৰৰ পৰা যোৰহাটলৈ যোৱা বৰ্তমান ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰে প্ৰায় দুই কিল’মিটাৰ অতিক্ৰম কৰিলে দুটা পুখুৰী পোৱা যায়। এই পুখুৰী দুটা ছ্যু-হুং-মুঙ বা দিহিঙ্গীয়া ৰজাৰ আমোলত কনচেং বৰপাত্ৰ গোঁহাইৰ নিৰ্দেশত খন্দোৱা হৈছিল। জনশ্ৰুতি মতে আহোম আৰু কছাৰী ৰাজ্যৰ সীমা নিৰ্দ্ধাৰণ কৰিবলৈ এই দুটা পুখুৰী খন্দোৱা হৈছিল। গৌৰীসাগৰৰ পৰা দিখৌমুখলৈ যোৱাৰ পথত প্ৰায় চাৰি কিল’মিটাৰ অতিক্ৰম কৰিলে পোৱা যায় খনাখোকোৱা পুখুৰী। ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱে ৰামখাঁ পীঠৰ বাবে অনা খুকুৰাখেন নামৰ পুৰোহিতৰ সন্মানাৰ্থে এই পুখুৰী খন্দোৱা হৈছিল। ৰামখাঁ দেৱালয় প্ৰতিষ্ঠাৰ বাবে ইটা পুৰিবৰ বাবে খন্দোৱা খালটোক বৰ্তমান ইটাখুলি জান বোলা হয়। লক্ষ্মীসিংহ স্বৰ্গদেৱে দিখৌ নদীয়েদি ৰাজধানীলৈ উজাই আহোঁতে এৰাতি দিখৌৰ এটা টুপত বাহৰ পাতিছিল। এই অঞ্চলক সেয়ে ৰজাবাহৰ বুলি কোৱা হয়। ৰামখাঁ পীঠৰ সমীপতে ব্ৰহ্মপুত্ৰ আৰু দৰিকাৰ সংগমস্থলত আছে হিন্দু আৰু মুছলমানৰ সম্প্ৰীতিৰ স্থলী আজানপীৰ দৰগাহ।

গৌৰীসাগৰৰ পৰা সাত কিল’মিটাৰ পশ্চিমে জকাইচুক মোজাৰ অন্তৰ্গত ‘খনামুখ’ত আহোম ৰাজত্বকালত নিৰ্মাণ কৰা সৰ্ববৃহৎ ‘চিন্তামণি গড়’ আৱস্থিত। এই গড়টোৰ আন এটা নাম লাইমতী গড়। 0 সূৰ্যকুমাৰ ভূঞাঁই ইয়াক ‘মম্মতি’ বুলি উল্লেখ কৰিছিল। চুদৈফা পৰ্বতীয়া ৰজাৰ  ৰাজত্বকালত (১৬৭৭-৭৯ খৃঃ) ৰাজমন্ত্ৰী আতন বুঢ়াগোঁহায়ে এই গড়টো নিৰ্মাণ কৰোৱাইছিল। শত্ৰুক নিৰীক্ষণ কৰিবৰ বাবে গড়ৰ মাজে মাজে ২৪-২৫ ফুট ওখ পকী গম্বুজ আছিল।

চিন্তামণি গড়ৰ পৰা প্ৰায় তিনি কিল’মিটাৰ পশ্চিমলৈ গাভৰু পৰ্বতৰ পৰা বৰলুইতলৈকে বান প্ৰতিৰোধৰ বাবে বুদ্ধি স্বৰ্গনাৰায়ণে ‘কটাৰিখাম গড়’ নিৰ্মাণ কৰোৱাইছিল। চিন্তামণি গড়ৰ পৰা প্ৰায় দুই কিল’মিটাৰ উত্তৰলৈ ঐতিহাসিক তেলিয়াডোঙ্গা পুখুৰী। এই পুখুৰী খন্দাইছিল স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত শুকটী তামুলী বৰৰুৱাই। তিলিয়াডোঙ্গা পুখুৰীৰ পৰা পূব দিশলৈ আহি দিখৌ নদী পাৰ হ’লে পোৱা যায় কোঁৱৰপুৰ মৌজাৰ ফাকুম-নকটানি, কৈজান আৰু চিতলীয়া পথাৰ। স্বৰ্গদেউ ছ্যু-হুং-মুঙৰ ৰাজত্বকালত গৌৰীসাগৰৰ পৰা দিখৌ পাৰ কৰি মোগল সেনাপতি তুৰ্বকৰ লগত মিত্ৰতাৰ প্ৰস্তাৱ মৰ্মে তুৰ্বকৰ জীয়েক খানবিবি হাড়মতীৰ নামত এটি গড় নিৰ্মাণ কৰোৱাইছিল। খানবিবি হাড়মতীক তুৰ্বকে ছ্যু-হুং-মঙ বা দিহীঙ্গীয়া ৰজালৈ বিয়া দিছিল। গৌড়ৰ চুলতানৰ জীয়ৰী ৰাণী হাড়মতীৰ স্মৃতি ৰক্ষাৰ্থে নিৰ্মাণ কৰা এই গড় সাম্প্ৰতিকেও যাতায়াতৰ উপযুক্ত মাধ্যম হৈ আছে।

এনেদৰেই আহোম ৰাজতন্ত্ৰৰ আমোলৰ নিৰ্মাণশৈলীয়ে সাম্প্ৰতিকেও গৌৰীসাগৰত মধ্যযুগীয় এক মোহাবেশ বৰ্তাই ৰাখিব পাৰিছে। কিন্তু দুখৰ বিষয় পুৰাতাত্বিক সম্পদসমূহৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে ভাৰত চৰকাৰে গঠন কৰি দিয়া প্ৰত্নতত্ব বিভাগৰ চুড়ান্ত অৱহেলা, চৰকাৰৰ উদাসীনতা আৰু ৰাইজৰ অমনোযোগিতা আদিয়ে এই সম্পদসমূহৰ আয়ুস টুটাই আনিছে। জোৰ পুৰি হাত পোৱাৰ আগতে সংশ্লিষ্টসকলে যদি ইয়াৰ বিহিত ব্যৱস্থা হাতত নলয়, তেনেহ’লে এই ঐতিহাসিক সম্পদসমূহে অনাগত দিনবোৰত জাতিক বৰ্তমানৰ দৰে উজ্জ্বীৱিত কৰিব নোৱাৰিব, নোৱাৰিব প্ৰেৰণাও দিব। তেতিয়া সুধাকণ্ঠই কোৱাৰ দৰে ‘বিভেদ পৰিহৰি নিজহাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ’ব নিঃশেষ আৰু মনবোৰো ভাগি-ছিগি যাব …।’

সেয়ে আহক সকলোটি সমবেত হৈ ঐতিহাসিক এই সম্পদসমূহৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে আত্মোৎসৰ্গ কৰো। যিহেতু, “দেশ বুলিলে আদেশ নেলাগে।”

 

সহায়ক গ্ৰন্থঃ

(ক) আহোমৰ দিন, হিতেশ্বৰ বৰবৰুৱা, অসম প্ৰকাশন পৰিষদ, ষষ্ঠ প্ৰকাশ – ২০১৩

(খ) ইতিহাসে সোঁৱৰা ছশটা বছৰ, সৰ্বানন্দ ৰাজকুমাৰ, বনলতা, প্ৰথম বনলতা সংস্কৰণ – ২০০০

(গ) স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ ৰাজত্বকাল, মূলঃ হৰেন্দ্ৰনাথ ফুকন, অনু, মামণি গগৈ বৰগোঁহাই, পূ্ৰ্বাঞ্চল প্ৰকাশ – ২০১৭

(ঘ) আহোম স্বৰ্গদেউ সকল, ৰেখামণি বড়া, প্ৰকাশক – গিৰীন্দ্ৰ কুমাৰ গগৈ, চতুৰ্থ প্ৰকাশ – ২০১০

(ঙ) হাড়মতী, সম্পাঃ ফিৰোজ খান, প্ৰথম প্ৰকাশ – ২০১৫

(চ) বৰ্ণিল দিখৌমুখ, সম্পাঃ অৰুণ কলিতা, প্ৰথম প্ৰকাশ – ২০১৫

(ছ) স্মৃতিগ্ৰন্থ, চিন্তামণি  উচ্চ মাধ্যমিক বিদ্যালয়, সম্পাঃ প্ৰকাশ বৰঠাকুৰ, ২০০৩

আপুনিও ভাল পাব পাৰে!