ইতিহাস আৰু ঐতিহ্য

নামঘৰৰ ইতিহাস বিচাৰি

post

Share

লেখকঃ ধীৰেণ শইকীয়া

নামঘৰক যদিও ‘গোসাঁইঘৰ’, ‘কীৰ্তনঘৰ’ আদি বিবিধ শব্দৰে বুজোৱা যায় তথাপি শংকৰদেৱ গুৰুজনাই ক’তো ‘নামঘৰ’ বা ‘গোসাঁইঘৰ’ শব্দ দুটা ব্যৱহাৰ কৰাৰ কথা জনা নাযায় তেওঁ নৱ বৈষ্ণৱ ধৰ্ম প্ৰবৰ্তন কৰিবৰ বাবে সাজিছিল ‘হৰিগৃহ’ নামৰ এক সুকীয়া গৃহহে পৰৱৰ্তী কালত ইয়েই নামঘৰ হৈছে বুলি আজিৰ পণ্ডিতসকলেও মানি লৈছে এই নামঘৰ হ’ল মৰ্ত্যৰ বৈকুণ্ঠপুৰী

শংকৰদেৱে কেতিয়া ক’ত নামঘৰ প্ৰতিষ্ঠা কৰিছিলঃ

শংকৰদেৱে কেতিয়া ক’ত নামঘৰ প্ৰতিষ্ঠা কৰিছিল তাক বিচাৰি কেইবাখনো পুথি চকু ফুৰাই পালো বৰদোৱাৰ শিৰোমণি ভূঞাঁৰ এৰা সৰিয়হ তলিতেই উপযুক্ত ঠাই হ’ব বুলি প্ৰথম তীৰ্থভ্ৰমণৰ পৰা উভতি আহি পৰমানন্দ, জগতানন্দ, তুলসীৰাম আদি সংগীসকলক এদিন মাতি আনি ঈশ্বৰ উপাসনাৰ স্থলী এখনৰ নিৰ্মাণ আৰম্ভ কৰে শংৰকদেৱে নিজৰ পিতাকৰ খেতি কৰা সৰিহয়তলীতে শিষ্যসকলৰ সৈতে বাঁহ, কাঠ, ৰুৱা, কামি, সৰণ খেৰৰ চালেৰে তিনিওকাষ খোলা কৰি ‘হৰিগৃহ’ ভাগি সাজিলে বুলি জনা যায় আনকি তাত থাপনা পাতি লৈ মণিকূটো সাজিছিল বুলি জনা যায় হাততে পোৱা কলঠৰুৱা, পাটি দৈ, কুহিলাৰে বহা আসন তৈয়াৰ কৰিছিল অনুমান আৰু দুই এটা তথ্যৰ ওপৰত ভেজা দি ‘হৰিগৃহ’ সজোৱা এই সময়ত গুৰুজনাৰ বয়স ৬০ বছৰতকৈ অধিক হ’ব বুলি আমাৰ মনে ধৰে শংকৰদেৱৰ ‘চিহ্নযাত্ৰা’ হৰিগৃহ প্ৰতিষ্ঠাৰ আগতেই পৰিবেশিত হৈছিল বুলিও আমাৰ আন এক অনুমান হয় চিহ্নযাত্ৰাৰ বাবেই শংকৰদেৱৰ নেতৃত্বত কপিলীপাৰৰ কুমাৰৰ হতুৱাই ‘খোল’ সজোৱালে ’দত শুকুৱাই টান কৰি খোলৰ দুয়োমুৰে ‘ঘুন’ দিয়াই, মাত ভালকৈ ওলাবলৈ ‘বৰতি’ টনাইছিল কহাৰৰ হতুৱাই ‘ভোৰতাল’, ‘খুটিতাল’ তৈয়াৰ কৰি চিহ্নযাত্ৰাৰ আখৰা আৰম্ভ কৰি দিছিল এইখনেই বিশ্বৰ প্ৰথমখন মঞ্চ নাট বুলি স্বীকৃতি লভিছে এই চিহ্নযাত্ৰাৰ সময়কাল ১৪৯০ শক বুলিছে ৰামচৰণ ঠাকুৰে বিভিন্ন তথ্যৰ পৰাও আমি ১৪৮৮-১৪৯০ পালোঁ গতিকে সাতে সোতৰই মিলি এই সময়কাললৈ চালে ‘হৰিগৃহ’ নিৰ্মাণৰ সময়ো ১৫০৯ খ্ৰীঃ পিছতেই হ’ব বুলি ভাবিব পাৰো পণ্ডিতসকলৰ মতে ১৪৮৬ খৃঃত ৰোমান মঞ্চনাট আৰম্ভ হৈছিল এই মঞ্চ নাটৰ আগতেই অসমত চিহ্নযাত্ৰা হয় বুলি সৰুৰে পৰা পাই আহিছো সেই দিশৰ পৰা চাবলৈ গ’লে ১৪৮০ খৃঃৰ আগেয়ে ‘হৰিগৃহ’ হ’ব লাগিব অৱশ্যে চিহ্নযাত্ৰাৰ সময়কাল এতিয়াও স্পষ্ট নহয় প্ৰদীপজ্যোতি মহন্তদেৱে ‘শংকৰদেৱৰ শিল্পলোক’ত চিহ্নযাত্ৰাক ঊনৈশ বছৰৰ অনুমান সৃষ্টি বুলিছে কিন্তু লেখক অপৰাজিতা বৰাই লিখা ‘মহাপুৰুষ শংকৰদেৱ’ নামৰ জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ কিতাপখনত আকৌ প্ৰথম তীৰ্থ ভ্ৰমণৰ পাছতহে চিহ্নযাত্ৰাৰ কাল সুচাইছে এনে কথাবোৰ কিন্তু সময়টো সন্দিহান কৰি দিয়ে মহা উদ্যমেৰে ‘হৰিগৃহ’ৰ কাম কাজ চলি থাকিলেও পিছলৈ ই বিভিন্ন কাৰণতে ম্লান পৰে আৰু বন্তিগছিও হয়তো নিয়মিত দিয়াৰ যতি পৰে

শংকৰদেৱৰ নাতি বোৱাৰী কনকলতা (হৰিচৰণৰ পুত্ৰ চতুৰ্ভূজৰ পত্নী) আৰু শংকৰদেৱৰ পৰিনাতি (চতুৰ্ভূজৰ বায়েক গোবিন্দপ্ৰিয়াৰ পুত্ৰ) আৰু দামোদৰ আতৈয়ে বৰদোৱাৰ হাবি-জংঘলেৰে পতিত হোৱা ‘হৰিগৃহ’টো উদ্ধাৰ কৰে হেমচন্দ্ৰ শইকীয়াদেৱে তেওঁৰ ‘গুৰুজনাৰ জন্মস্থানঃ বুৰঞ্জী আৰু বিতৰ্ক’ গ্ৰন্থত লিখিছে ‘শংকৰদেৱে ২০ বছৰ বয়সত আলিপুখুৰীৰ পৰা বৰদোৱালৈ উঠি আহি কীৰ্তনঘৰ সাজিবৰ কাৰণে প্ৰথম চাব কোৰ মাৰোতেই এটি চতুৰ্ভূজ মূৰ্তি পালে’ সেইদিশৰ পৰা চাবলৈ হ’লে শংকৰদেৱে আলিপুখুৰীত থকালৈকে নামঘৰ সজা নাছিল কিজানি এইবোৰ দেখি বুজি চিহ্নযাতাৰ পৰিবেশন নামঘৰ প্ৰতিষ্ঠাৰ আগৰ সময় বুলিবলৈহে মন যায় হেমচন্দ্ৰ শইকীয়াদেৱে লিখিছে – ১৬৫৬ খৃীঃত জয়ধ্বজ ৰজাৰ (১৬৪৮-৬০) আমোলাত ৰাজসাহাৰ্যত কনকলতা আৰু দামোদৰ আতাই বিষ্ণুপুৰৰ পৰা আহি বৰদোৱা থান উদ্ধাৰ কৰে পুৰুষোত্তম ঠাকুৰৰ থান বৰ্ণনৰ গীত আৰু কালিন্দী আয়ে দিয়া ধাৰণা মতে দৌল, নামঘৰ, আকাশীগংগা, শিলিখা গছ উদ্ধাৰ কৰিলে বৰদোৱাত (পৃষ্ঠা ৫৮) শংকৰদেৱে বৰদোৱা ত্যাগৰ সময়, শইকীয়াদেৱে লৈছে ১৫১৬ খৃীঃ জনামতে, পিছত ধুঁৱাহাট-বেলগুৰিৰ পৰা উভতি পাটবাউসীমুৱা হওঁতে শংকৰদেৱে মাধৱপুৰুষক বৰদোৱাৰ জংঘলেৰে আৱৰা এই এৰাবাৰী সদৃশ ‘হৰিগৃহ’ সজোৱা ঠাইডোখৰ দেখুৱাৰ ইচ্ছা নকৰিলে

শংকৰদেৱৰ ‘হৰিগৃহ’ নিৰ্মাণৰ সময়ক লৈ বহুতৰে দ্বিমত আছে কিছুমানে এই মহৎ কাৰ্য প্ৰথমবাৰ তীৰ্থভ্ৰমণৰ পৰা আহিহে কৰে বুলিছে একেদৰে আন কিছুমানে আকৌ কয় তীৰ্থভ্ৰমণৰ পৰা আহিহে কৰে বুলিছে একেদৰে আন কিছুমানে আকৌ কয় তীৰ্থভ্ৰণলৈ যোৱাৰ আগতে এই নামঘৰটো নিৰ্মাণ কৰে বুলি বিতৰ্কলৈ নগৈ নামঘৰে যে অসমীয়া সমাজক একতাৰ দোলেৰে বান্ধি ৰাখে সেয়াহে ডাঙৰ কথা গুৰুজনাৰ নামঘৰত আচলতে কোনো মূৰ্তি নাথাকে, পিছে আজিকালি সেই ৰীতিলৈ বহুতে কৰ্ণপাত নকৰি বিভিন্ন দেৱ-দেৱতাৰ মূৰ্তিও ৰখা দেখা গৈছে নামঘৰ আছিল বিভিন্ন জাতি জনগোষ্ঠীক একতাৰ এনাজৰীৰে বান্ধি ৰখাৰ এটা উপায় সেই দিশৰ পৰা চাবলৈ গ’লে দ্বিতীয়বাৰ তীৰ্থভ্ৰমণলৈ যোৱাৰ সময় ১৫৫০ শকৰ আঘোণ মাহত শংকৰদেৱৰ তেতিয়া ৯৭ বছৰ বয়সত সংগী ভকতসকলৰ সৈতে তেওঁ পুনৰ তীৰ্থলৈ যায় জনামাতে ছমাহৰ পিছতে বিভিন্ন কাৰণত এই তীৰ্থযাত্ৰা সামৰিব লগা হৈছিল গুৰুজনাই

জীৱনৰ শেষৰ ফালে তেওঁ কোঁচ ৰজা নৰনাৰায়ণৰ অধীনত অসমৰ পশ্চিমাঞ্চললৈ যায় আৰু বিভিন্ন ঠাইত অলপ অলপ দিন থাকি পাটবাউসীত কীৰ্তন ঘৰ সাজি থাকিবলৈ লয় বুলি জনা যায় শংকদদেৱৰ জীৱনকালত কেইবাটাও ‘কীৰ্তন ঘৰ’ বা ‘হৰিগৃহ’ সজাৰ কথা পোৱা যায় বৰদোৱা, ধুৱাহাট-বেলগুৰি, পাটবাউসী আদিত সাজিছিল এইকেইটা ‘হৰিগৃহ’ একেদৰে মাধৱপুৰুষে সাজে বৰপেটাৰ ঐতিহাসিক কীৰ্তনঘৰটো ৰাম লাডুৱা বুঢ়াৰ চোমনিখনতেই বৰপেটাৰ কীৰ্তন ঘৰৰ আৰম্ভণি কৰে হেনো মাধৱদেৱে একেদৰে আন এটা হৰিগৃহ পাতে মাধৱদেৱে সুন্দৰীদিয়াত অসমৰ প্ৰতিখন গাঁৱতেই গাঁও স্থাপন হোৱাৰ পৰাই নামঘৰ আছে গাঁওপাতি বাস কৰাৰ আৰম্ভণিতেই গাঁৱৰ ৰাইজে নামঘৰৰ বাবে মাটি অলপ সংৰক্ষণ কৰি সাধ্য অনুসৰি ৰাইজৰ দান বৰঙণিৰে নামঘৰ স্থাপন কৰাটো পৰম্পৰাগত ৰীতি দুখৰ বিষয় অসমৰ নামঘৰসমূহৰ আজিলৈ কোনো হিচাপ ৰখা হোৱা নাই বহু অঞ্চলৰ নামঘৰ বিভিন্ন কাৰণত জহি খহি যোৱাও দেখা হৈছে এয়া অশুভ লক্ষণ

কিহৰ ছাঁ পৰিছে নামঘৰ নিৰ্মান শৈলীতঃ

বহুতে কয় গুৰুজনাই ‘হৰিগৃহ’ সজাৰ সময়ত পশ্চিমৰ ফালে তেতিয়াও ‘হৰিগৃহ’ বা ‘নামঘৰ’ সদৃশ এটা অনুষ্ঠান আছিল বৌদ্ধ ধৰ্মত এনে উপাসনাস্থলীক বৌদ্ধবিহাৰ বোলে বেজবৰুৱাদেৱেও সেয়েহে এই কথাটোকে কৈছে যেঃ নামঘৰৰ আৰ্হিটো বৌদ্ধবিহাৰৰ পৰা লোৱাটোকে নুই কৰিব নোৱাৰি বৌদ্ধবিহাৰবোৰ যিহেতু তেনে এক ধৰ্মীয় স্থলেই গতিকে শংকৰদেৱ গুৰুজনাই তীৰ্থভ্ৰমণলৈ যাওঁতে এনে বৌদ্ধবিহাৰৰ পৰাই নামঘৰৰ আৰ্হিটো আদৰ্শ হিচাপে লোৱাটো অমূলক নহয় আমি সকলোৱে জানো যে The Buddhist temples are designed to symbolize 5 elements: Fire, Air, Earth, Water and Wisdom. এই দিশৰ পৰা নামঘৰৰ আটাইবোৰ কথা বৌদ্ধ বিহাৰৰ পৰাই লৈছে বুলিবও নোৱাৰি ক’ব পাৰি কেৱল ‘হৰিগৃহ’ নিৰ্মাণত বৌদ্ধবিহাৰৰ ছাঁটোহে পৰিছে বুলি। শংকৰদেৱৰ আগৰ পৰাই যিদৰে অসমত ওজাপালি ভাৰিগান, ঢেপাঢুলীয়া আদিৰ লগতে অসমৰ বাহিৰত ৰামলীলা আদি অনুষ্ঠান আছিলেই গতিকে তেওঁৰ অংকীয়া নাট আদিত তাৰ ছাঁ অলপ অচৰপ পৰাতোও একো আচৰিত জনক নহয়।

অসমত প্ৰায় আঠহেজাৰ নামঘৰ আছেঃ

জনামতে অসমত প্ৰায় আঠহেজাৰ নামঘৰ আছে। কিন্তু দুখৰ কথা এই নামঘৰবোৰক একত্ৰিত কৰিব পৰাকৈ কোনো সংগঠন এতিয়াও গঢ়ি উঠা দেখা নাই। ফলত আঞ্চলিক সমাজখনেই এই নামঘৰসমূহৰ মেৰামতি তথা বিকাশ আদিৰ দায়িত্বও লৈ আহিছে। বহুসময়ত ৰাজনৈতিক পৃষ্ঠপোষকতাৰেও বহু নামঘৰ আগতকৈ ভালদৰে ঠন ধৰি উঠা দেখা গৈছে।

নামঘৰৰ বিষয়ে আৰু অলপঃ

সাংবাদিক পুলিন কলিতাৰ গ্ৰন্থ ‘নামঘৰৰ বুৰঞ্জী আৰু বিৱৰণ’ গ্ৰন্থখনৰ মতে ১৫০৯ খ্ৰীষ্টাব্দত টেম্বুৱানী-বৰদোৱাত শংকৰদেৱে প্ৰতিষ্ঠা কৰে অসমৰ প্ৰথমটো নামঘৰ। নামঘৰত সাধাৰণতে চাৰিটা প্ৰধান অংশ বা ঘৰ থাকে। এইকেইটা হৈছে – নামঘৰ বা কীৰ্তনঘৰ, মণিকূট, ছোঁঘৰ আৰু বাটচ’ৰা। নামঘৰত ওচৰ চুবুৰীয়াই নাম-কীৰ্তন কৰে, ৰাস-ভাওনা পাতে, বহুসময়ত ৰাজহুৱা বা ব্যক্তগত বিচাৰ তথা বিকাশমূলক চৰ্চা আদিও অনুষ্ঠিত হয়। গতিকে সেই দিশৰ পৰা নামঘৰক একতাৰ মিলনভূমি বুলিবই লাগিব। অসমক বাদ দি বিশ্বৰ ক’তো অনুৰূপ অনুষ্ঠান দেখা নাযায়। অৱশ্যে বৌদ্ধ ধৰ্মৰ বৌদ্ধবিহাৰ এইদিশত ওচৰচপা অনুষ্ঠান। নামঘৰ সামাজিক সচেতনতাৰো কেন্দ্ৰ। অঞ্চল এটাত বিভিন্ন উন্নয়নমূলক কামকাজত শুভাৰম্ভণী কৰিবলৈও নামঘৰকে ৰাজনৈতিক নেতাসকলেও আজিকালি বাচি লৈছে। পিছে দুখৰ কথাটো হ’ল তাহানিৰ নামঘৰ আৰু আজিৰ নামঘৰৰ মাজত যথেষ্ট পাৰ্থক্য দেখা যায়। পূৰ্বতে নামঘৰে সমাজখনৰ সকলোকে উলিয়াই আনিছিল, পিছে আজিকালি সমাজৰ বহু পৰিয়ালে নামঘৰলৈ বাৰ্ষিক অৰিহণা দিয়েই মূৰ পোলোকা মাৰে। বছৰেকীয়া ভাদ মহীয়া অনুষ্ঠান, গুৰুজনাৰ তিথি, পালনাম, ভাওনা আদি অনুষ্ঠানলৈ নাযায়। এয়া অশুভ লক্ষণ। পূৰ্বতেও নামঘৰত কল্যানকামী কাম-কাজৰ আলোচনা কৰাৰ লগতে ভাওনাত ব্যৱহাৰ হোৱা মুখা আদি আৰু বৃন্দাৱী বস্ত্ৰৰে তৈয়াৰ কৰা সপ্ত বৈকুণ্ঠৰ পট অঙ্কন কাৰ্যৰ লগতে ভকতসকল বাহিৰৰ বাবে বাঁহৰ ঢাৰি বা কলপাতৰ শুকান ঠাৰিৰে নিৰ্মাণ কৰা কঠ বা অন্যান্য বাঁহ বেতৰ সামগ্ৰী মুঢ়া, বিচনী আদি বনোৱা হৈছিল বুলি গুৰুচৰিতসমূহত পোৱা যায়। আগতে, মাহ-প্ৰসাদৰ বাহিৰে নামঘৰৰ ভিতৰত সাধাৰণতে অন্য আহাৰ গ্ৰহণ কৰা নহৈছিল, পৰচৰ্চা নহৈছিল, অখাদ্য তথা ৰাগিয়াল দ্ৰব্য আদি ব্যৱহাৰ নহৈছিল পিছে এই সকলোবোৰেই আজি বহু নামঘৰক জুমুৰি দি ধৰিছে। আনকি নামঘৰৰ বাবেই পূৰ্বে এক হোৱা সমাজখনো আজি খণ্ড বিখণ্ড হৈ গৈছে বৰু অঞ্চলত।

সাধাৰণতে নামঘৰত হোম যজ্ঞ কৰা নহয়, মূৰ্তি ৰখাও নাযায় যদিও আজিকালি বহু অঞ্চলৰ নামঘৰ নিজৰ নিজৰ মতাদৰ্শত গঢ়ি পুৰণি নামঘৰৰ আদৰ্শক যেন ভালেখিনি নিজৰ মতেৰে সানমিহলি কৰি পেলোৱা দেখা গৈছে। আকৃতিৰ ফালৰ পৰাও নামনি অসমৰ নামঘৰ আৰু উজনি অসমৰ নামঘৰৰ মাজত পাৰ্থক্য দেখা যায়। উজনি অসমৰ নামঘৰবোৰ নামৰি অসমৰ নামঘৰতকৈ যথেষ্ট ডাঙৰ। নামঘৰৰ কাষতে পৰৱৰ্তীকালত অভিনয়, সভা-সমিতিৰ বাবে সুকীয়া মঞ্চ নিৰ্মাণৰো পৰম্পৰা চলিল। নামঘৰে আজি বিকশিত ৰূপ পাইছে যদিও বহু কষ্টেৰে সামাজিক একতা আৰু ধৰ্মীয় ভাৱটো জীয়াই ৰাখিছে।

অসমত নামঘৰ বিষয়ক আলোচনা গ্ৰন্থ বিশেষ নাই। সাংবাদিক পুলিন কলিতাৰ ‘নামঘৰৰ বুৰঞ্জী আৰু বিৱৰণ’ নামৰ অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা গ্ৰন্থখনহে আমাৰ চকুত পৰিল। চেগা চোৰাকাকৈ বিভিন্ন কাকত আলোচনীত এই বিষয়ক প্ৰৱন্ধ প্ৰকাশ পাই আহিছে যদিও প্ৰণালীৱদ্ধ আলোচনা নোহোৱাটো পৰিতাপৰ কথা।

অগ্নিপুৰাণৰ দিনৰ পৰাই মঠ মন্দিৰ ভাৰতীয় সমাজত আছিল। সেয়েহে অগ্নিপুৰাণত ৪৫ বিধ মন্দিৰ থকাৰ কথা পোৱা যায়। ইছলামৰ মছজিদ, খ্ৰীষ্টানৰ গীৰ্জা, শিখ ধৰ্মৰ গুৰুদ্বাৰৰ দৰে নামঘৰো এক কথাত উপসনা গৃহ। সমজাজীৱনৰ শৃংখলিত, নিয়ন্ত্ৰিত, পৰিকল্পিত আৰু বিকশিত কৰিবলৈ গুৰুজনাই নামঘৰ বা পৰিকল্পিত আৰু বিকশিত কৰিবলৈ গুৰুজনাই নামঘৰ বা ‘হৰিগৃহ’ সজাইছিল। নামঘৰৰ উদ্দেশ্য সম্বন্ধে মাধৱদেৱে লিখিছিল – ‘একান্ত ভকতসবে। নিৰ্গুণ কৃষ্ণৰ গুণ। গাৱে সদা বসিয়া যথাত’ সেয়াই নামঘৰ বুলি। পূবা-পশ্চিমাকৈ সজোৱা এই নামঘৰবোৰ পৰিচালনাৰ বাবে পৰম্পৰাগতভাৱে চাৰিটা পদবীৰে এখন সমিতি গঠন হৈছিল ঠাই ভেদে। সেই পদবী কেইটি হ’ল নামঘৰীয়া, গায়ন, বায়ন আৰু সূত্ৰধাৰ। অৱশ্যে পিছলৈ অন্যান্য নেতৃস্থানীয় লোককো নামঘৰৰ লগত সংলগ্ন কৰাৰ কথা চলিল। নামঘৰীয়া গৰাকীয়ে নামঘৰৰ সৰা-মোচা, পৰিস্কাৰ-পৰিচন্ন কৰাৰ পৰা নাম-কীৰ্তন কৰালৈকে বিভিন্ন কাম কৰা দেখা যায়। বহু অঞ্চলত পাঠ প্ৰসংগৰ বাবে সুকীয়া লোকক দায়িত্ব দি নামঘৰীয়াক চাকি-বন্তি দিয়া, সন্ধিয়াৰ ডবা কোবোৱা, সভা-সমিতিৰ নিমন্ত্ৰণী পত্ৰ বিতৰণ কৰা কামো ন্যস্ত কৰে। আজিকালি সমাজে এটা মাহেকীয়া বেতনৰো ব্যৱস্থা কৰিছে নামঘৰীয়াজনক। ইও এটা ইতিবাচক কথাইবহু নামঘৰৰ চৌহদৰ ভিতৰতে সুকীয়া গৃহ সাজি নামঘৰীয়াজনৰ থকা খোৱা ব্যৱস্থা কৰি দিয়া দেখা যায়। মুঠতে আধুনিক নামঘৰবোৰৰ এটা উল্লেখযোগ্য লোক হ’ল নামঘৰীয়াজন।

পুলিন কলিতাদেৱে ‘নামঘৰঃ কৃষ্টিৰ আলয়, সামাজিক শিক্ষালয়’ শীৰ্ষক গৰিয়সীত লিখামতে ১৫০৯ খৃঃত শংকৰদেৱে বৰদোৱাত নামঘৰ (আচৰতে হৰিগৃহ) সজোৱাইছিল বুলি উল্লেখ কৰিছে। ভূঞাঁসকল শংকৰদেৱৰ দিনত টেম্বৱানী আলিপুখুৰীত থাকোতেই এই নামঘৰ নিৰ্মাণ হৈছিল। কছাৰীৰ সৈতে বিবাদত তিষ্ঠিব নোৱাৰি পিছলৈ এই ঠাই ত্যাগ কৰিব লগা হৈছিল।

কলিতাদেৱে উল্লেখ কৰা মতে শংকৰদেৱে তিনিটা ‘হৰিগৃহ’ সজাইছিল। সেই তিনিটাৰ প্ৰথমটো টেম্বুৱানী বা বৰদোৱাত, দ্বিতীয়টো ধুৱাহাট বেলগুৰিত আৰু তৃতীয়টো পাটবাউসীত। পাটবাউসীত দামোদৰদেৱে শোভন হৰিগৃহ এটা সজাই শংকৰদেৱৰ আন্দোলনটোক আৰু অলপ গতি দিছিল। প্ৰকৃতপক্ষে হৰিগৃহ, কীৰ্তনগৃহ বা কীৰ্তনঘৰত সাংস্কৃতিক কেন্দ্ৰ কৰি তোলাৰ বাটকটীয়া মাধৱদেৱে বৰপেটা কীৰ্তনঘৰত তেওঁৰ সেই অভিযান আৰম্ভ কৰি দিছিল।

ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে নামঘৰৰ ছটা উদ্দেশ্য আছে বুলি কৈছে। সেইকেইটা হ’ল – (১) উপাসনা, (২) গ্ৰাম্য আদাৰত, (৩) গ্ৰাম্য সংসদ, (৪) সংগ্ৰহালয়, (৫) সাংস্কৃতিক কেন্দ্ৰ আৰু (৬) প্ৰেক্ষাগৃহ। মুঠতে অসমৰ গাঁওসমূহক বিকাশ আৰু সাংস্কৃতিক পথাৰখনত খোজ দিওঁতে নামঘৰে সদায় নেতৃত্ব দি আহিছে।

নামঘৰৰ এটি অনিবাৰ্য অংগ ভাস্কৰ্য হ’ল – থাপনাখন। জ্যোতিপ্ৰসাদ আগৰৱালাই তাহানিতে ইয়াত কিউবিষ্ট আৰ্হি (Cubist design) লক্ষ্য কৰিছে। উল্লেখযোগ্য কথাটো হ’ল ইউৰোপত কুৰি শতিকাত সংযোজিত হোৱা কিউবিষ্ট ভাস্কৰ্য অসমত নামঘৰৰ সৌজন্যত ষোড়শ শতিকাতে উৎপত্তি হৈছিল।

উজনিৰ নামঘৰসমূহত ভাওনা, তথা গাঁৱৰ বহু সাংস্কৃতিক সামগ্ৰী নামঘৰতে সংৰক্ষিত হৈ থাকে বাবে ইয়াক গাঁৱৰ এখন সংগ্ৰহালয়ো বোলে। মুঠতে শংকৰদেৱে নামঘৰৰ যোগেদি গ্ৰাম্যাঞ্চলত গণতান্ত্ৰিক পথ এটাকে সংযোজিত কৰিছিল।

আপুনিও ভাল পাব পাৰে!