Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

ইতিহাস আৰু ঐতিহ্য

অসমীয়াই আলাবৈক পাহৰিলে নহ’ব

post

Share

গৌতম শৰ্মা

আলাবৈৰ যুদ্ধ আহোম যুগৰ অসমৰ ৰাজনীতিত এটা গভীৰ কৌশলগত ভুলৰ পৰিণতি আছিল, ত সামৰিক নেতৃত্বক উপেক্ষা কৰি ৰাজনৈতিক সিদ্ধান্তই ভয়ংকৰ বিপৰ্যয় আনিছিল। তথাপিও, এই পৰাজয়ে আহোমসকলৰ মনোবল ভঙা নাছিল। বৰঞ্চ ই মোগল বিজয়ৰ সীমা নিৰ্ধাৰণ কৰি অসমীয়া জাতিৰ সংগঠিত প্ৰতিৰোধ শক্তিক অধিক সুদৃঢ় কৰি তুলিছিল। এই যুদ্ধখনৰ গুৰুত্বতা সম্পৰ্কে এই আলোচনাৰ শেষৰফালে উল্লেখ কৰিম। প্ৰথমে, কি পৰিস্থিতিত আৰু কাৰ ভুলৰ বাবে এই যুদ্ধখন সংঘটিত হবলৈ পাইছিল সেই বিষয়ে কিছু কথা উল্লেখ কৰিব খুজিছোঁ। আজি ৩৫৬ বছৰীয়া এক সুদীৰ্ঘ পৰিক্ৰমা অতিক্ৰম কৰা ১৬৬৯ চনৰ ৫ আগষ্টত সংঘটিত আলাবৈৰ যুদ্ধখন অসমৰ সামৰিক ইতিহাসৰ অন্যতম সৰ্বাধিক ক্ষতিকাৰক আৰু বিয়োগান্তক অধ্যায় হিচাপে বিবেচিত। শক্তিশালী মোগল সাম্ৰাজ্য আৰু   উত্তৰ-পূব ভাৰতৰ সাহসী জাতি আহোম তথা অসমীয়া সেনাবাহিনীৰ মাজত সংঘটিত এই যুদ্ধখন কেৱল দুদল সেনাৰ মুখামুখি সংঘৰ্ষ নাছিল, ই আছিল মোগল সাম্ৰাজ্যবাদী আধিপত্যৰ বিৰুদ্ধে এটা প্ৰতীকী প্ৰতিৰোধ। এই যুদ্ধত হোৱা ভয়ংকৰ ক্ষয়ক্ষতি, কৌশলগত ভুল আৰু ইয়াৰ পাছত জাগ্ৰত পুনৰুত্থানে আহোমসকলৰ স্বাধীনতা প্ৰতি থকা দৃঢ় স্পৃহাক প্ৰতিফলিত কৰিছিল।

এই ঐতিহাসিক ঘটনাৰ কেন্দ্ৰস্থলত আছিল নিজৰ ভূমি, পৰিচয় আৰু স্বাৰ্থ-স্বাধীনতা ৰক্ষাৰ ক্ষেত্ৰত আহোমসকলৰ দৃঢ় প্ৰতিশ্ৰুতি। আলাবৈৰ যুদ্ধৰ বীজ ৰোপণ হৈছিল ১৬৬৭ চনত, যেতিয়া অসমীয়া সেনাই গুৱাহাটীস্থিত মোগল বাহিনীৰ বিৰুদ্ধে এক চমকপ্ৰদ জয়লাভ সাব্যস্ত কৰিছিল। মোগলৰ এই পৰাজয় ইমান গভীৰ আছিল যে তাৰ খবৰ গৈ তৎক্ষণাত মোগল সম্ৰাট ঔৰংজেৱৰ ওচৰ পাইছিলগৈ। পৰাজয়ত বিৰক্ত হৈ আৰু হেৰুওৱা গৰিমা আৰু অঞ্চল পুনৰুদ্ধাৰৰ মনোভাৱৰে ঔৰংজেৱে অম্বৰৰ ৰজা ৰামসিংহক অসম অভিমুখে এক ব্যাপক সামৰিক অভিযানৰ নেতৃত্ব দিবলৈ আদেশ দিয়ে। ৰামসিংহৰ অধীনত পঠিওৱা সেনাৰ পৰিমাণেই মোগল সাম্ৰাজ্যবাদী অভিযানক সবলভাবে প্ৰতিনিধিত্ব কৰিছিল। যত প্ৰায় ৩০,০০০ পদাতিক, ১৮,০০০ অশ্বাৰোহী, ৩০,০০০ ঢালধাৰী আৰু ৩০খন যুদ্ধ নাও আছিল। তথাপিও এনে প্ৰচণ্ড শক্তিৰ সন্মুখীন হৈও অসমীয়া সেনাই কিন্তু আত্মসমৰ্পণ কৰা নাছিল; বৰং এই বিশাল বাহিনীক সবল প্ৰতিৰোধৰ বাবে সুদক্ষভাৱে প্ৰস্তুতি গ্ৰহণ কৰিছিল।

মোগলসকলৰ আক্ৰমণৰ প্ৰতি আহোম তথা অসমীয়া সৈন্যসকলৰ এই প্ৰতিক্ৰিয়া অসমীয়া লোকৰ শক্তি, কৌশলী বুদ্ধিমত্তাৰেই অপূৰ্ব নিদৰ্শন। মোগল সৈন্যৰ অসম আগমনৰ এই সংকটকালীন কালত মানাহৰ পৰা গুৱাহাটীলৈ হোৱা অসমীয়াৰ পশ্চাদপসাৰণ এক সুচিন্তিত সামৰিক কৌশল আছিল। যত তেওঁলোকে আগতীয়াকৈ প্ৰস্তুত কৰা শক্তিশালী দূৰ্গসমূহত নিজৰ শক্তি সংগ্ৰহ কৰিছিল। এই পশ্চাদপসাৰণক দুর্বলতাৰ চিহ্ন বুলি ভবা অনুচিত; ই আছিল এক বিস্তৃত প্রতিৰক্ষা পৰিকল্পনাৰ অংশ, যাৰ উদ্দেশ্য আছিল গুৱাহাটীখনক নিৰ্ণায়ক যুদ্ধক্ষেত্ৰৰ ৰূপ দিয়া। আতন বুঢ়াগোহাঁই, বৰফুকন, বৰপাত্রগোহাঁই, কলিয়াবৰীয় ফুকন আৰু বিশেষকৈ লাচিত বৰফুকনৰ দৰে নেতাসকলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন দূৰ্গৰ দায়িত্ব লোৱাৰ জৰিয়তে অসমীয়াৰ বিকেন্দ্রীভূত কিন্তু সংগঠিত সামৰিক ব্যৱস্থাপনাক সুদৃঢ় কৰিছিল।

এই আলাবৈ পৃষ্ঠভূমিতেই অসমীয়া প্ৰতিৰোধৰ কিংবদন্তী কাহিনিসমূহৰ মাজত লাচিত বৰফুকনৰ নেতৃত্ব, দেশপ্ৰেম আৰু কৰ্তব্যবোধৰ এক প্ৰতীক হিচাপে উজ্বল হৈ উঠিছিল। শৰাইঘাটত ৰাতিৰ ভিতৰত দূৰ্গ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ তেওঁৰ আদেশ কেৱল এটা কাহিনী নহয়, ই আছিল যুদ্ধকালীন তৎপৰতা আৰু নৈতিক শৃংখলাৰ ওপৰত থকা তেওঁৰ প্ৰতিজ্ঞাৰ প্ৰমাণ। নিজৰ মোমায়েকৰ সৈতে হোৱা তীক্ষ্ণ পৰিস্থিতিত তেওঁ "দেশ মোমাইতকৈ ডাঙৰ নহয়" বুলি যি ঘোষণা কৰিছিল, সিয়েই আহোম নেতৃত্বৰ ভিতৰত অভ্যন্তৰীণ অপৰ্যাপ্ততাৰ প্ৰতি লাচিতৰ আপোষহীন দৃষ্টিভংগীক প্ৰতিনিধিত্ব কৰে। এই সময়খিনি অসমীয়াৰ বাবে এটা নৈতিক প্ৰেৰণা স্থানত পৰিণত হৈছিল আৰু ভয় আৰু শ্রদ্ধাৰে অনুপ্ৰাণিত হৈ সৈনিকসকলে ৰাতিৰ ভিতৰতে দূৰ্গ নিৰ্মাণ সম্পূৰ্ণ কৰি শৰাইঘাটক এক অভেদ্য দুৰ্গলৈ ৰূপান্তৰ কৰি তুলিছিল। গতিকে, লাচিতৰ এই পৰিপক্ক চিন্তাৰ ফচল শৰাইঘাটৰ এই দুৰ্গ ভেদ কৰাত ৰামসিংহৰ ব্যৰ্থতাই তেওঁক কৌশল পৰিৱর্তন কৰিবলৈ বাধ্য কৰিলে। তেওঁ দৰং অভিমুখে গতি কৰিল, ত দুখন সৰু-সুৰা স্থল যুদ্ধত জয়লাভ কৰিলেও অচিৰেই হোৱা এখন জলযুদ্ধত অসমীয়া সেনাৰ হাতত ভয়ংকৰ পৰাজয় স্বীকাৰ কৰিবলগা হয়। এই বিজয় আৰু পৰাজয়ৰ বিপৰীত ঘটনাসমূহে দেখুৱাইছে যে নদী-নিৰ্ভৰ যুদ্ধত আহোমসকলে অধিক দক্ষতা অৰ্জন কৰিছিল। এই দক্ষতা ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবাহ, ইয়াৰ দ্বীপ আৰু কৌশলগত স্থানসমূহৰ গভীৰ জ্ঞানৰ ওপৰত আধাৰিত আছিল। যাৰ ওপৰত অসমীয়া সেনাৰ অদ্ভুত, অপৰিসীম জ্ঞান আছিল।

যদিও মোগলসকল সহজ প্রতিদ্বন্দ্বী নাছিল। কিন্তু ৰামসিংহ আৰু ৰছিদ খানৰ মাজত আৰম্ভ হোৱা অভ্যন্তৰীণ মনোমালিন্যৰ মাজতো মোগলসকলে পুনৰ সংগঠিত হৈ আগবাঢ়ি আহিছিল। মোগল সৈন্যৰ মাজৰ এই অভ্যন্তৰীণ সংকটে অসমীয়াৰ বাবে এক অপূৰ্ব সুযোগৰ সৃষ্টি কৰিছিল আৰু অসমীয়া সেনাই শুৱালকুছি, চেচা আৰু আগিয়াঠুৰীৰ মোগল দূৰ্গ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। এই ঘটনাবোৰৰ ঠিক পিছতেই সংঘটিত হৈছিল অসমীয়া জাতিৰ ভাগ্য-বিড়ম্বিত আলাবৈৰ যুদ্ধ। ৰামসিংহই নিজৰ বাহিনী ডালিবাৰী কাষৰীয়া কৌশলগতভাৱে উপযুক্ত আলাবৈত স্থাপন কৰিছিল। যত অশ্বাৰোহী বাহিনীৰ সুবিধা আছিল, ত মোগলসকল স্পষ্টভাৱে, মুকলি আকাশৰ তলত যুদ্ধ কৰিব পৰাৰ সুবিধা আছিল। অসমীয়া সেনাৰ কিংবদন্তি পুৰুষ লাচিত বৰফুকনে মোগলৰ এই চক্ৰান্তকাৰী কৌশলক খুব ভালদৰে বুজিছিল। কিয়নো অসমীয়া সেনা মুকলি আকাশৰ তলত বিশেষকৈ মোগলৰ প্ৰবল অশ্বাৰোহী বাহিনীৰ সৈতে মোকাবিলা কৰাৰ শক্তি সেইসময়ত নাছিল। সেয়েহে তেওঁ ৰজা আৰু অন্যান্য ডা-ডাঙৰীয়াক বাৰংবাৰ এই মাটিত মুক্ত যুদ্ধত নামিব নোৱাৰাৰ বিপক্ষে যুক্তি দিছিল। কাৰণ এই পৰিসৰে অসমীয়াৰ বাবে কৌশলগত অসুবিধা সৃষ্টি কৰিব বুলি তেওঁ বুজিছিল। কিন্তু ৰজা চক্ৰধ্বজ সিংহই লাচিতৰ আপত্তি উপেক্ষা কৰি অসমীয়াৰ সৈন্যক যুদ্ধৰ আদেশ দিছিল। যাৰ ফলশ্ৰুতিত, ৰজাৰ এটা ভুল সিদ্ধান্তৰ বাবেই অসমীয়াৰ সামৰিক ইতিহাসলৈ আটাইতকৈ বেছি ৰক্তক্ষয়ী দিনটো নমাই আনিলে। কেৱল এটা দিনতে প্ৰায় ১০,০০০ অসমীয়া সেনা নিহত হয়। যিটো ঘটনাই আলাবৈৰ যুদ্ধক কেৱল এটা সামৰিক ভুলৰ ৰূপেই নহয়, এক গভীৰ মানসিক আৰু সাংস্কৃতিক ক্ষতি হিচাপেও চিহ্নিত কৰে।

সমালোচনামূলক দৃষ্টিভংগীৰ পৰা চালে আলাবৈৰ যুদ্ধখন হৈছে এটা এনে মুহূৰ্ত, ত সামৰিক কমাণ্ড আৰু ৰাজনৈতিক নেতৃত্বৰ মাজত থকা কৌশলগত অ-সমন্বয়ে এক ভয়ংকৰ বিপৰ্যয়ৰ সৃষ্টি কৰিছিল। মোগলৰ বিৰুদ্ধে ৰজা চক্ৰধ্বজ সিংহই ৰচা দৃঢ় সংকল্প প্ৰশংসনীয় যদিও, যুদ্ধৰ বাবে নিৰ্বাচিত ভূমিখণ্ডই আহোমসকলৰ প্ৰধান শক্তিসমূহক প্ৰায় নিষ্ক্ৰিয় কৰি তুলিছিল। গেৰিলা কৌশল, দুৰ্গ সজ্জা আৰু নৌসেনা যুদ্ধত পৰিপক্ক আহোম সেনাই মুকলি ভূমিত মোগলসকলৰ শৃংখলাবদ্ধ অশ্বাৰোহী সেনাৰ মুখামুখি হৈ পৰিছিল, ত তেওঁলোকৰ পৰিচিত কৌশলবোৰ কার্যকৰী নহল। ইয়াৰ উপৰিও, ক্ষুদ্ৰ ক্ষুদ্ৰ খণ্ড যুদ্ধত লাভ কৰা একাধিক জয়ে আহোমসকলৰ মাজত সম্ভৱতঃ এক অতি-আত্মবিশ্বাস জন্মাইছিল, যাৰ ফলত এনে এক অনুকূল নোহোৱা পৰিস্থিতিত মুখামুখি স্থলযুদ্ধত জয় পাব বুলি ভবা হৈছিল। তথাপিও কিন্তু আলাবৈত হোৱা এই প্ৰচণ্ড ক্ষতিৰ পিছতো মোগলসকলে অসম দখল কৰিবলৈ সক্ষম হোৱা নাছিল। গুৱাহাটী আহোমসকলৰ অধীনতেই থাকিল। যিটো কথাই দেখুৱাই যে অসমীয়াৰ নেতৃত্ব আৰু জনগণৰ মাজত এক সুদৃঢ় কৌশলগত সহনশীলতা সদায় বিদ্যমান আছিল।

আলাবৈত প্ৰাৰম্ভিক সফলতা লাভ কৰা সত্ত্বেও মোগলসকল সেই জয়ৰ কৌশলগত সদ্ব্যৱহাৰ কৰিব পৰা নাছিল। যিটো কথাই স্পষ্টকৈ প্ৰমাণ কৰে যে, এই যুদ্ধখন যদিও মোগলৰ বাবে ফলাফলত দুখদায়ক আছিল, তথাপি ই আহোমসকলৰ মনোবল বা প্ৰতিৰক্ষা ক্ষমতা ভাঙি পেলাব পৰা নাছিল। সেয়েহে, মোগল সাম্ৰাজ্যৰ অন্যান্য সামৰিক অভিযানসমূহৰ প্ৰসংগত এই ফলাফল বিশেষকৈ গুৰুত্বপূৰ্ণ হিচাপে একেবাৰে বিবেচিত হোৱা নাছিল। কাৰণ সাধাৰণতে যুদ্ধজয় মানেই প্ৰশাসনিক দখল হোৱাৰ দিশে অগ্ৰসৰণ আছিল। কিন্তু অসমত এনে একো নহ', আৰু ই অসমীয়াৰ বিকেন্দ্রীকৃত প্ৰতিৰোধ প্ৰণালী আৰু জনভিত্তিক সহায় প্ৰণালীকহে দৃঢ়তাই প্ৰতিপন্ন কৰিছিল। ১৬৬৯ চনৰ শেষভাগত আহোম ৰজা চক্ৰধ্বজ সিংহৰ মৃত্যু সম্ভৱতঃ আলাবৈৰ যুদ্ধত হোৱা ভয়ংকৰ ক্ষয়-ক্ষতিৰ পাছত তেওঁৰ মনোবেদনা আৰু মানসিক ভাৰাক্ৰান্ততাৰেই ফল আছিল। তথাপিও তেওঁৰ ৰাজত্ব যদিও এটি ভয়ংকৰ সামৰিক ভুলৰ সৈতে জড়িত আছিল, তেওঁ দেখুৱাই যোৱা গুৰুত্বপূর্ণ জাতীয় চেতনা আৰু শত্ৰুবিৰোধী প্ৰতিৰোধৰ জোঁৱাৰসমূহ সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ নেতৃত্ব, লগতে লাচিত বৰফুকনৰ দৰে সেনাপতিসকলৰ সাহস আৰু কৌশলগত দৃষ্টিভংগীয়ে, মোগলসকলৰ বিৰুদ্ধে আগন্তক সময়ৰ জয়বোৰৰ নৈতিক আৰু কৌশলগত আধাৰক প্ৰতিষ্ঠা কৰিছিল।

গতিকে, আলাবৈৰ যুদ্ধ অসমৰ জাতীয় ইতিহাসৰ অন্যতম গভীৰ আৰু তেজৰে ৰঙীন অধ্যায় হলেও, ইয়াক কেৱল সামৰিক দৃষ্টিৰে মূল্যায়ন কৰিলে আমি নহব। এই যুদ্ধ আছিল আত্মবোধ আৰু জাতিচেতনাৰ ক্ষেত্ৰতো এক বিৰল পৰিণতিৰ বাহক। ১৬৬৯ চনৰ এই বিয়োগান্তক সংঘাতত প্ৰায় ১০,০০০ অসমীয়া সেনাৰ মৃত্যুৱে দেখুৱাইছে যে অসমীয়া জাতিয়ে নিজৰ ভূমি, পৰিচয় আৰু স্বাৰ্থ-স্বাধীনতাৰ বাবে কেনেকৈ সর্বোচ্চ ত্যাগ কৰিবলৈ সাজু আছিল। এই নিধনযজ্ঞ কোনো সাধাৰণ হাৰ নহয়; ই আছিল মাতৃভূমিৰ বাবে আত্মবলিদান তথা আত্মত্যাগৰ এক অনন্য নিদৰ্শন। প্ৰতিজন অসমীয়াই এই যুদ্ধক স্মৰণত ৰাখিব লাগিব, কাৰণ এই যুদ্ধক্ষেত্ৰত নিহত প্ৰতিজন অসমীয়া সৈন্যৰ তেজত লুকাই আছে অসমীয়াৰ স্বাভিমান, সাহস আৰু যুগজয়ী দেশপ্ৰেম।

এই আলাবৈ যুদ্ধই আহোমসকলক কৌশলগত দৃষ্টিৰে সতৰ্ক কৰি তুলিছিল। এই যুদ্ধৰ বিপৰ্যয়ে আহোমসকলৰ বাবে এক কঠিন শিক্ষা বহন কৰিছিল। যি শিক্ষা আহোম তথা অসমীয়া সেনাই অনাগত শৰাইঘাটৰ যুদ্ধৰ বাবে আত্মসজাগতা আৰু কৌশলগত প্রস্তুতিত ব্যৱহাৰ কৰিছিল। আলাবৈৰ ভুল আৰু ক্ষয়-ক্ষতিৰ ওপৰত ভিত্তি কৰি অসমীয়াই নিজৰ শক্তি-দুৰ্বলতা পৰিচালনা কৰিবলৈ শিকিল, আৰু সেই অভিজ্ঞতাৰেই লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়াই শৰাইঘাটত এক ঐতিহাসিক বিজয় অর্জন কৰিবলৈ সক্ষম হৈছিল। সেয়েহে, আলাবৈৰ ৰণভূমি হৈছে এক অনুপ্ৰেৰণাৰ ভূমি, যিটোৰ পৰা অসমীয়াই শিকিলে, হাৰ মানিলেও মনোবল শেষ হোৱা উচিত নহয়, কাৰণ মনোবলেই যুঁজৰ মূল শক্তি।

আলাবৈৰ যুদ্ধ অসমীয়া জাতিৰ বাবে কেৱল অতীত নহয়; ই আজিও অসমীয়া জাতিৰ জাতীয় চেতনাত সংপৃক্ত হৈ আছে। যিখন যুদ্ধই আজিও আমাৰ মনত সদায় এক গভীৰ চেতনাবোধক জাগ্ৰত কৰে। যি জাতিয়ে নিজৰ ইতিহাসৰ তেজৰে লিখা অধ্যায়ক পাহৰি যায়, সেই জাতি নিজৰ ভৱিষ্যৎ গঢ়িব নোৱাৰে। অসমীয়াৰ ইতিহাসত আলাবৈ হৈছে সেই গৌৰৱৰ আৰু বেদনাৰ যুগ্ম প্ৰতীক, যি যুগে যুগে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰেৰণা যোগাব। এই যুদ্ধই আমাক শিকাই যে আত্মগৰ্ব, আত্মত্যাগ আৰু সংগঠিত প্ৰতিৰোধেই হৈছে এগৰাকী সৈনিক বা এজন অসমীয়াৰ মূল চিনাকি। গতিকে, আলাবৈক পাহৰা মানে আত্মত্যাগক অগ্ৰাহ্য কৰা, যাক আমি কেৱল সামৰিক দৃষ্টিৰে নহয়, অসমীয়া জাতি চেতনাৰ এক দীপ্ত দৃষ্টান্ত হিচাপে চাব লাগিব।

References (Books & Research articles)

Baruah, S. L., A Comprehensive History of Assam. New Delhi: Munshiram Manoharlal Publishers, 1985.

Bhuyan, S. K. (ed.). Deodhai Assam Buranji. Guwahati: Department of Historical and Antiquarian Studies, Assam.

Bhuyan, S. K. (ed.). Tungkhungia Buranji. Guwahati: Department of Historical and Antiquarian Studies, Assam.

Bhuyan, S. K. (ed.). Lachit Borphukan and His Times. Guwahati: Assam State Archives.

Gait, Edward. A History of Assam. Calcutta: Thacker, Spink and Co., 1906; Reprint, Guwahati: Spectrum Publications.

Gogoi, Padmeswar. The Tai and the Tai Kingdoms. Gauhati: Gauhati University, 1968.

Phukan, J. N. Lachit Borphukan and the Battle of Saraighat. Guwahati: Directorate of Historical and Antiquarian Studies, Assam.

Phukan, J. N., The Ahom–Mughal Conflict (1662–1671). Gauhati University Historical Journal.

Saikia, Yasmin, Fragments of a History: The Ahoms of Assam. New Delhi: Oxford University Press, 2004.

Sharma, Benudhar, Lachit Borphukan., Guwahati: Assam Sahitya Sabha.

Sharma, S. K. (ed.). History of Assam (Vol. I). Guwahati: Publication Board Assam.

Baruah, S. L. “The Ahom–Mughal Conflict and the Political History of Assam.” Proceedings of the North East India History Association.

Saikia, Yasmin. “State Formation and Military Strategy in the Ahom Kingdom.” Indian Economic and Social History Review.

Phukan, J. N. “The Battle of Saraighat and the Ahom–Mughal War.” Journal of the Assam Research Society.

(লেখকৰ ঠিকনা: সহঃ অধ্যাপক, ইতিহাস বিভাগ, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, হোজাই, অসম।)

আপুনিও ভাল পাব পাৰে!