লেখকঃ গৌতম শৰ্মা
অসমৰ ইতিহাস কেৱল এক ভৌগোলিক অঞ্চলৰ ইতিহাস নহয়। ই হৈছে ভাষা, ধৰ্ম, সংস্কৃতি, মাটি, নদ-নদী, কৃষি, সত্ৰ-নামঘৰ আৰু শতাব্দীৰ সামূহিক জাতীয় সত্তাৰে গঢ় লৈ উঠা এক সভ্যতাৰ ইতিহাস। ভিন্ন সময়ত বহু মহান ব্যক্তিয়ে এই জাতিসত্তাক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল আৰু জাতিটোৰ ওপৰত বিপদ নামি অহাৰ সম্ভাৱনা অনুভৱ কৰিলেই ৰাইজক সতৰ্ক কৰিছিল। সেইসকল মহান ব্যক্তিত্বৰ ভিতৰত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসমীয়া মানুহৰ হৃদয়ত এক বিশেষ আৰু আৱেগিক স্থান দখল কৰি আছে। তেওঁ মূলতঃ কবি বা স্বাধীনতা সংগ্ৰামী নাছিল; তেওঁ আছিল এজন দূৰদৰ্শী ব্যক্তি, যিয়ে সাধাৰণ মানুহে উপলব্ধি কৰাৰ বহু আগতেই সামাজিক আৰু জনসংখ্যাগত পৰিৱৰ্তনৰ ফলাফলৰ ভয়ানক পৰিণতিক অনুমান কৰিব পাৰিছিল। শেহতীয়াকৈ আমাৰ হাতত পৰা তেওঁৰ ১৯৬৬ চনতে লিখা এখন চিঠিয়ে আমাক আজি বহু কথা ভবাই তুলিছে। যিখন চিঠিয়ে অসম আৰু অসমীয়াৰ পৰিচয়, প্ৰব্ৰজন তথা অবৈধ অনুপ্ৰৱেশ আৰু অসমীয়া জাতিৰ ভৱিষ্যৎ সম্পৰ্কীয় বহুখিনি বিতৰ্কক জাগ্ৰত কৰাৰ থল ৰাখি গৈছিল।
অম্বিকাগিৰী ৰায়চৌধুৰী, যাক “অসম কেশৰী” নামেৰে জনা গৈছিল। তেওঁ সমগ্ৰ জীৱন অসমীয়া ভাষা, সংস্কৃতি আৰু জাতীয় চেতনাৰ সুৰক্ষাৰ বাবে উৎসৰ্গা কৰিছিল। ১৮৮৫ চনত বৰপেটাত জন্মগ্ৰহণ কৰা অম্বিকাগিৰী ৰায়চৌধুৰী বৃটিছ শাসনৰ সময়ছোৱাত অসমীয়া জাতীয়তাবাদৰ অন্যতম শক্তিশালী কণ্ঠস্বৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু বিপ্লৱী কাৰ্যকলাপৰ বাবে বৃটিছ চৰকাৰে তেওঁক কেইবাবাৰো কাৰাবন্দী কৰিছিল। স্বাধীনতা সংগ্ৰামী হোৱাৰ উপৰিও তেওঁ আছিল কবি, সাংবাদিক, সম্পাদক, নাট্যকাৰ, সমাজ সংস্কাৰক আৰু সংগঠক। অসমীয়া স্বাৰ্থ আৰু অধিকাৰ ৰক্ষাৰ বাবে তেওঁ “অসম সংৰক্ষিণী সভা” আৰু “অসম জাতীয় মহাসভা”ৰ দৰে সংগঠন গঠন কৰিছিল। তেওঁৰ সাহিত্য কর্মত গভীৰ দেশপ্ৰেমৰ বাণী আছিল আৰু সেইবোৰেই অসমীয়া সমাজক শোষণ আৰু সাংস্কৃতিক আধিপত্যৰ বিৰুদ্ধে জাগ্ৰত কৰিছিল। অম্বিকাগিৰীয়ে বিশ্বাস কৰিছিল যে কোনো জাতিয়ে নিজৰ ভাষা, মাটি বা সংস্কৃতি হেৰুৱালে তেওঁ লাভ কৰা স্বাধীনতাই প্ৰকৃতাৰ্থত পূৰ্ণতা লাভ নকৰে। তেওঁৰ জাতীয়তাবাদ অসমীয়া সভ্যতাৰ সুৰক্ষাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। বিশেষকৈ ঔপনিৱেশিক কালতেই তেওঁ ভূমি দখল, জনসংখ্যাগত পৰিৱৰ্তন আৰু অসমীয়া সমাজৰ ওপৰত বৃদ্ধি পোৱা চাপক লৈ গভীৰভাৱে চিন্তিত হৈছিল। তেওঁৰ বহু লেখা আৰু ভাষণত অসমীয়া জাতিৰ ভৱিষ্যতৰ অস্তিত্বক লৈ উদ্বেগ প্ৰকাশ পাইছিল। বহু নেতা যিখিনি সময়ত কেৱল বৃটিছ বিৰোধী ৰাজনীতিত সীমাবদ্ধ আছিল, অম্বিকাগিৰীয়ে সেই সময়তেই অসমক লৈ দূৰদৰ্শী আৰু অস্তিত্বমূলক বহু প্ৰশ্নৰ উত্থাপন কৰিছিল।
শেহতীয়াকৈ আমি পোৱা, হয়তো বহুজনেই বহু আগতেই পোৱা ১৯৬৬ চনৰ চিঠিখনেই প্ৰমাণ কৰে যে অবৈধ অনুপ্ৰৱেশ আৰু অসমৰ ভৱিষ্যৎ সম্পৰ্কে অম্বিকাগিৰী কিমান উদ্বিগ্ন আছিল। ১৯৬৬ চনৰ ৬ আগষ্টত শিলপুখুৰীৰ পৰা বৰপেটা সত্ৰৰ সত্ৰাধিকাৰলৈ এই চিঠিখন লিখা হৈছিল। চিঠিখনৰ সৈতে তেওঁ “নতুন অসমীয়া” কাকতত ৩ আগষ্ট, ১৯৬৬ তাৰিখে প্ৰকাশিত বৰপেটাৰ অবৈধ নাগৰিক আৰু সন্দেহজনক ভোটাৰ সম্পৰ্কীয় সংবাদপত্ৰখনত প্ৰকাশিত এটি বাতৰি কাটি সংলগ্ন কৰি পঠাইছিল। চিঠিখনৰ ভাষাই স্পষ্টভাৱে তেওঁৰ ভয়, হতাশা আৰু উদ্বেগৰ প্ৰতিফলন ঘটায়। তেওঁ সত্ৰাধিকাৰ আৰু ভকতবৃন্দক বিষয়টো গভীৰভাৱে চিন্তা কৰিবলৈ আহ্বান জনাইছিল। কাৰণ তেওঁৰ মতে এই সমস্যাই বৰপেটা আৰু অসমৰ ভৱিষ্যতৰ বাবে এক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকাক তেওঁ তেতিয়াই অনুমান কৰিব পাৰিছিল। অম্বিকাগিৰীৰ কথাবোৰ কেৱল সাধাৰণ ৰাজনৈতিক মন্তব্য নাছিল। এগৰাকী জীৱনজোৰা সমাজ পৰ্যবেক্ষক ব্যক্তিৰ অন্তৰৰ যন্ত্ৰণা সেই শব্দবোৰত প্ৰকাশ পাইছিল। তেওঁ লিখিছিল যে যদি মানুহে এতিয়াও বিষয়টোৰ ভয়াবহতা উপলব্ধি নকৰে, তেন্তে বৰপেটাক ৰক্ষা কৰাৰ বাবে ভৱিষ্যতে আৰু কোনো পথ নাথাকিব। তেওঁ সতৰ্ক কৰি দিছিল যে ভৱিষ্যৎ প্ৰজন্মই তেতিয়াৰ নেতৃত্ব আৰু সামাজিক প্ৰতিষ্ঠানসমূহক অভিশাপ দিব। তেওঁৰ এই কথাবোৰ আজিৰ দিনত অতি দূৰদৰ্শী আৰু বাস্তৱসন্মত যেন অনুভৱ হৈছে। কাৰণ পৰৱৰ্তী দশকবোৰত অসমৰ ৰাজনীতি আৰু সমাজত অনুপ্ৰৱেশ আৰু পৰিচয়ৰ প্ৰশ্নই কেন্দ্ৰীয় বিষয় হৈ পৰিল। যিটো আজিৰ প্ৰেক্ষাপটত এক এৰাব নোৱাৰা সমাজ-ৰাজনৈতিক সমস্যালৈ পৰিণত হৈছে।
এই চিঠিখনৰ ঐতিহাসিক গুৰুত্ব এইখিনিতেই যে অম্বিকাগিৰীয়ে ১৯৬৬ চনতেই এই সতৰ্কবাণী দিছিল, যেতিয়া ১৯৭৯-১৯৮৫ চনৰ অসম আন্দোলনো আৰম্ভ হোৱা নাছিল। আন্দোলন বিস্ফোৰিত হোৱাৰ বহু আগতেই তেওঁ অনুভৱ কৰিছিল যে অনিয়ন্ত্ৰিত অনুপ্ৰৱেশে অসমৰ সামাজিক ভাৰসাম্য, ৰাজনৈতিক স্থিতি আৰু সাংস্কৃতিক নিৰাপত্তাক সংকটত পেলাব পাৰে। এই কথাই তেওঁৰ অসাধাৰণ দূৰদৰ্শিতা আৰু অসমৰ সূক্ষ্ম জনসংখ্যাগত বাস্তৱতা বুজাৰ ক্ষমতাক স্পষ্ট কৰে। অসমলৈ প্ৰব্ৰজন বা অনুপ্ৰৱেশৰ সমস্যা নতুন নহয়। বৃটিছ শাসনকালত কৃষি সম্প্ৰসাৰণ আৰু ৰাজহ বৃদ্ধিৰ স্বাৰ্থত পূৰ্ববংগৰ পৰা বৃহৎ সংখ্যক লোকক অসমলৈ আনি বসতি স্থাপন কৰোৱা হৈছিল। সময়ৰ লগে লগে এই প্ৰব্ৰজনে বহু জিলাৰ জনসংখ্যাগত গঠন সলনি কৰি পেলালে। বহু অসমীয়া বুদ্ধিজীৱী আৰু নেতা এই পৰিৱৰ্তনৰ দীৰ্ঘম্যাদী প্ৰভাৱক লৈ চিন্তিত হৈ উঠিছিল। স্বাধীনতাৰ আগতেই ভূমি দখল আৰু জনসংখ্যাগত পৰিৱৰ্তনৰ বিষয়বোৰ অসমীয়া লোকৰ জনচৰ্চাৰ অংশ হৈ পৰিছিল। অম্বিকাগিৰী সেই অল্পসংখ্যক নেতাৰ ভিতৰত আছিল, যিয়ে এই বিষয়বোৰ সাহসেৰে উত্থাপন কৰিছিল।
১৯৪৭ চনত দেশ বিভাজন আৰু ১৯৭১ চনত বাংলাদেশ সৃষ্টিৰ পিছত এই সমস্যাই অধিক জটিল ৰূপ লয়। ৰাজনৈতিক অস্থিৰতা, দৰিদ্ৰতা, সাম্প্ৰদায়িক সংঘাত আৰু সীমান্তৰ দুৰ্বল নিয়ন্ত্ৰণে অনুপ্ৰৱেশৰ ধাৰাক অব্যাহত ৰাখিলে। সময়ৰ লগে লগে এই সমস্যা অসমৰ আটাইতকৈ স্পৰ্শকাতৰ ৰাজনৈতিক আৰু সামাজিক বিষয়সমূহৰ ভিতৰত এটা হৈ পৰিল। অবৈধ বিদেশী চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু বহিষ্কাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসম আন্দোলন আৰম্ভ হৈছিল। আন্দোলনটোৱে ব্যাপক জনসমৰ্থন, আত্মত্যাগ, সংঘাত আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ জন্ম দিলে। ১৯৮৫ চনৰ অসম চুক্তিয়ে সমস্যাটোৰ সমাধানৰ আশা জগাইছিল যদিও সমস্যাটো সম্পূৰ্ণভাৱে সমাধান নহ’ল। আৰু যিটো বিষয় তথা সংকটক লৈ আজিও অসমৰ ৰাজনৈতিক দলসমূহে সাধাৰণ লোকক ভীতিগ্ৰস্ত কৰি নিজৰ অভীষ্ট সিদ্ধি কৰি আহিছে। কিন্তু আচল সমস্যাটো সদায় সমস্যা হৈয়েই আছে।
লোক পিয়লৰ গণনাত আজি অসমৰ কেইবাখনো জিলাৰ জনসংখ্যাগত চেহেৰাত লক্ষণীয় পৰিৱৰ্তন দেখা পোৱা গৈছে। ভূমিৰ অধিকাৰ, ৰাজনৈতিক প্ৰতিনিধিত্ব, সাংস্কৃতিক সুৰক্ষা আৰু খিলঞ্জীয়াৰ পৰিচয় সম্পৰ্কীয় প্ৰশ্নসমূহ এতিয়াও অসমৰ ৰাজনীতি আৰু জনজীৱনত অত্যন্ত গুৰুত্বপূৰ্ণ। বহু অসমীয়া মানুহে নিজৰ ভাষা আৰু সংস্কৃতিৰ ভৱিষ্যৎ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। এই পৰিস্থিতিত অম্বিকাগিৰীৰ এই চিঠিখন পুনৰ তাৎপৰ্যপূর্ণ হৈ উঠিছে যেন আমাৰ অনুভৱ হৈছে। লগতে ইয়াক আজি তাহানিৰেই এক উপেক্ষিত সতৰ্কবাণী হিচাপে হিচাপে আমি অভিহিত কৰিব খুজিছোঁ। তথাপিও, এনে স্পৰ্শকাতৰ বিষয় আলোচনা কৰাৰ সময়ত সাংবিধানিক ভাৰসাম্য, মানৱতা আৰু সামাজিক সম্প্ৰীতি অটুট ৰখোৱাটো অত্যন্ত জৰুৰী। অসমখন যুগ-যুগ ধৰি বিভিন্ন জাতি, ধৰ্ম, ভাষা আৰু জনগোষ্ঠীৰ সহাৱস্থানৰ ভূমি হিচাপে পৰিগণিত হৈ আহিছে। অসমৰ শক্তি কেৱল খিলঞ্জীয়াৰ সত্তা ৰক্ষাতেই নহয়, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সামাজিক শান্তি বজাই ৰখাতো নিহিত। সেয়ে অবৈধ অনুপ্ৰৱেশ সম্পৰ্কীয় যিকোনো আলোচনা গণতান্ত্ৰিক, সাংবিধানিক আৰু মানৱীয় সীমাৰ ভিতৰত থকা উচিত বুলি ভাবোঁ। ভাৰতীয় সংবিধান অনুসৰি বৈধ নাগৰিক কোনো ধৰ্ম বা সম্প্ৰদায়ৰ হ’লেও তেওঁলোকৰ বিৰুদ্ধে বিদ্বেষ বা বৈষম্য গ্ৰহণযোগ্য নহয়। একে সময়তে সীমান্ত সুৰক্ষা, নাগৰিকত্বৰ সত্যাপন আৰু খিলঞ্জীয়া অধিকাৰৰ বিষয়সমূহো চৰকাৰ আৰু প্ৰতিষ্ঠানসমূহে গুৰুত্বসহকাৰে বিবেচনা কৰিব লাগিব।
অম্বিকাগিৰী ৰায়চৌধুৰীয়ে নিজেও বিদ্বেষৰ ৰাজনীতিত বিশ্বাস কৰা ব্যক্তি নাছিল। তেওঁ আছিল আত্মমৰ্যাদা, সাংস্কৃতিক গৌৰৱ আৰু জাতীয় জাগৰণৰ প্ৰবক্তা। তেওঁৰ জাতীয়তাবাদ অন্যৰ প্ৰতি ঘৃণাৰ ওপৰত নহয়, অসমৰ প্ৰতি গভীৰ ভালপোৱাৰ ওপৰত প্রতিষ্ঠিত আছিল। তেওঁ সদায় অসমীয়া মানুহক ঐক্যবদ্ধ, আত্মনিৰ্ভৰ, সামাজিকভাৱে সচেতন আৰু ৰাজনৈতিকভাৱে সজাগ হ’বলৈ আহ্বান জনাইছিল। তেওঁ বিচাৰিছিল অসমীয়া সমাজে সময় থাকোঁতেই জাগ্ৰত হওক। তেওঁৰ চিন্তা মূলতঃ সভ্যতা আৰু সংস্কৃতিৰ সুৰক্ষাক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল। অম্বিকাগিৰীৰ জীৱনেই প্ৰমাণ কৰিছিল যে জাতীয়তাবাদ কেৱল ৰাজনৈতিক শ্লোগান নহয়; ইয়াৰ বাবে ত্যাগ, চিন্তা, সামাজিক সংস্কাৰ আৰু সাংস্কৃতিক আত্মবিশ্বাসৰ প্রয়োজন। সেয়ে ৰাজনীতিৰ সমান্তৰালভাৱে অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈও তেওঁ অসীম অৱদান আগবঢ়াবলৈ যত্ন কৰিছিল। তেওঁৰ কবিতাত বিপ্লৱৰ অগ্নি আৰু জাতীয় অপমানৰ বেদনা দুয়োটাই প্ৰকাশ পাইছিল। তেওঁৰ গানসমূহে স্বাধীনতা সংগ্ৰামীসকলক অনুপ্ৰেৰণা যোগাইছিল। “চেতনা” আৰু “ডেকা অসম”ৰ দৰে সাময়িকী প্ৰকাশ আৰু সম্পাদনা কৰি তেওঁ সাংবাদিকতাক সমাজ জাগৰণৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। অসমীয়া মানুহক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ তেওঁ সামাজিক আৰু অৰ্থনৈতিক সংগঠনসমূহ গঢ়ি তুলিছিল। সঁচাকৈ “অসম কেশৰী” উপাধি তেওঁ এনেই পোৱা নাছিল! তেওঁ সদায় অন্যায়, ঔপনিৱেশিক শোষণ, সামাজিক উদাসীনতা আৰু সাংস্কৃতিক সংকটৰ বিৰুদ্ধে সিংহৰ দৰে সদায় গৰ্জি উঠিছিল। অসমৰ প্ৰতি তেওঁৰ ভালপোৱা আছিল গভীৰ আৰু আৱেগময়। বৃদ্ধ বয়সতো তেওঁ অসমীয়া জাতিৰ ভৱিষ্যতক লৈ চিন্তিত হৈ আছিল। যিটো তেওঁৰ মৃত্যুৰ ঠিক এবছৰৰ আগতে লিখা ১৯৬৬ চনৰ সেই চিঠিখনেই দেখুৱাই যে জীৱনৰ অন্তিম সময়লৈকে অম্বিকাগিৰীয়ে অসমৰ অস্তিত্ব আৰু পৰিচয়ক লৈ উদ্বিগ্ন হৈ আছিল।
সাম্প্ৰতিক অসমখন এতিয়া পুনৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপনীত হৈছে। এনআৰচি, সীমান্ত সুৰক্ষা, নাগৰিকত্ব, সাংস্কৃতিক সংৰক্ষণ, খিলঞ্জীয়া ভূমি অধিকাৰ আৰু ৰাজনৈতিক প্ৰতিনিধিত্ব সম্পৰ্কীয় বিতৰ্কসমূহে অসমৰ ৰাজনীতি আৰু জনজীৱনক বহু প্ৰভাৱিত কৰিছে। বিভিন্নখন চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ৰাইজৰ আশা-আকাংক্ষাসমূহ এতিয়াও পূৰণ হোৱা নাই। পৰিচয়ৰ সংকট আৰু নাগৰিকত্ব সম্পৰ্কীয় সমস্যাসমূহৰ স্থায়ী আৰু সাংবিধানিক সমাধান এদিন নিশ্চিত হ’ব বুলি আমি সকলো আশাবাদী। একে সময়তে অসমখন শিক্ষা, নিয়োগ, উন্নয়ন, সামাজিক ঐক্য আৰু অৰ্থনৈতিক অগ্ৰগতিতো আগবাঢ়িব লাগিব। কাৰণ শক্তিশালী আৰু উন্নত সমাজেহে নিজৰ পৰিচয়ক অধিক কার্যকৰীভাৱে সুৰক্ষিত কৰিব পাৰে। সেয়ে আজি অসমৰ নতুন প্ৰজন্মই অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে ব্যক্তিত্বক কেৱল আৱেগেৰে নহয়, বৌদ্ধিকভাৱেও অধ্যয়ন কৰা উচিত। তেওঁৰ জীৱনে কিছুমান গভীৰ শিক্ষা দিয়ে। প্ৰথমতেই, কোনো জাতি তেতিয়াহে বাচি থাকে যেতিয়া সেই জাতিৰ মানুহ সজাগ আৰু ঐক্যবদ্ধ থাকে। দ্বিতীয়তে, সাংস্কৃতিক পৰিচয় কেৱল শ্লোগানেৰে সুৰক্ষিত নহয়; ইয়াৰ বাবে শিক্ষা, সংগঠন, সাহিত্য, অৰ্থনৈতিক শক্তি আৰু ৰাজনৈতিক সচেতনতাৰ প্রয়োজন। যিটো আজি আমাৰ জাতীয় দল, ছাত্ৰ সংগঠন আদিৰ মাজত তিলমানো পাবলৈ নাই। তৃতীয়তে, সাময়িক সুবিধাৰ বাবে ভৱিষ্যতৰ বিপদ উপেক্ষা কৰিলে দীৰ্ঘম্যাদী সংকট সৃষ্টি হ’ব পাৰে। চতুৰ্থতে, দেশপ্ৰেম মানে ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতিও দায়িত্ববোধ।
গতিকে আজিৰ প্ৰেক্ষাপটত অম্বিকাগিৰীৰ সেই বিশেষ চিঠিখনৰ পুনৰাৱিষ্কাৰ আৰু পুনৰ পৰ্যালোচনা কেৱল এটি ঐতিহাসিক ঘটনাৰ উদ্ঘাটন আৰু বিৱৰণ নহয়। ই হৈছে অসমৰ অপূৰ্ণ বিতৰ্ক, উপেক্ষিত সতৰ্কবাণী আৰু চলি থকা সংগ্রামবোৰৰ স্মাৰক। কোনোবাই তেওঁৰ সকলো ৰাজনৈতিক ব্যাখ্যাৰ সৈতে সম্পূৰ্ণ একমত নহ’বও পাৰে, কিন্তু অসমৰ প্ৰতি তেওঁৰ গভীৰ দায়বদ্ধতা আৰু উদ্বেগ অস্বীকাৰ কৰাৰ কোনো সুযোগ নাই। তেওঁ আছিল এনে এজন ব্যক্তি, যিয়ে মাতৃভূমিৰ বাবে গোটেই জীৱন উৎসৰ্গা কৰিছিল। স্বাধীনতাৰ বাবে কাৰাবাস খাটিছিল, সাহিত্যক প্ৰতিবাদৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল আৰু জীৱনৰ অন্তিম সময়তো অসমৰ ভৱিষ্যৎ বিপদৰ বিষয়ে সমাজক সতৰ্ক কৰিবলৈ চেষ্টা কৰিছিল। আজি, যিখিনি সময়ত অসম পুনৰ নিজৰ পৰিচয় আৰু অস্তিত্বৰ প্রশ্নত বিতৰ্কৰ মাজত আছে, সেইখিনি সময়তেই অম্বিকাগিৰী ৰায়চৌধুৰীৰ কণ্ঠস্বৰ যেন পুনৰ সমগ্ৰ ৰাজ্যখনতেই প্ৰতিধ্বনিত হৈ উঠিছে। তেওঁৰ সতৰ্কবাণী কেৱল এখন জিলাক লৈ বা এটা ৰাজনৈতিক সময়ক লৈও নাছিল; সেই সতৰ্কবাণী আছিল এটা সভ্যতাৰ অস্তিত্ব, এটা জাতিৰ মৰ্যাদা আৰু ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি দায়িত্ববোধক লৈ। হয়তো দুখৰ কথাটো এইখিনিতেই যে অম্বিকাগিৰীয়ে অসমক সতৰ্ক কৰিছিল বুলিয়েই নহয়, বৰং অসমে হয়তো তেওঁক বুজিবলৈ বহু দেৰি কৰিলে।
অম্বিকাগিৰী ৰায়চৌধুৰী অসমীয়া জাতীয় জীৱনত আজিও অমৰ হৈ আছে মূলতঃ এই কাৰণেই যে অসমৰ প্ৰতি তেওঁৰ ভালপোৱা আছিল নিৰ্ভীক, আপোচহীন আৰু দূৰদৰ্শিতাৰে পূৰ্ণ। তেওঁ বুজিছিল, কোনো সভ্যতা কেৱল ভৌগোলিক সীমাৰেখাৰে জীয়াই নাথাকে। জাতিটোৰ সামূহিক সচেতনতা, সাংস্কৃতিক আত্মবিশ্বাস আৰু নিজৰ অস্তিত্ব সুৰক্ষিত কৰাৰ মানসিক শক্তিয়েই সেই সভ্যতাৰ মূল ভেটি। আজিও তেওঁৰ সতৰ্কবাণীৰ গুৰুত্ব কেৱল অবৈধ অনুপ্ৰৱেশ বা জনসংখ্যাগত পৰিৱর্তনৰ প্ৰশ্নতেই সীমাবদ্ধ নহয়। সেয়েহে বিহংগম অৰ্থত সমাজে নিজৰ চিন্তাশীল অভিভাৱকসকলৰ কথা অৱহেলা কৰিলে সেই সমাজৰ ভৱিষ্যৎ কেনেদৰে দুৰ্বল হৈ পৰে সেই শিক্ষাকো বহন কৰি আহিছে। আজি আমি একবিংশ শতিকাৰ অসমৰ সংকটসমূহ কেৱল আৱেগেৰে, শ্লোগানেৰে বা বিভাজনেৰে সমাধান কৰিব নোৱাৰোঁ। ইয়াৰ বাবে প্ৰয়োজন দূৰদৰ্শী নেতৃত্ব, সাংবিধানিক ভাৰসাম্য, ইতিহাসবোধ, সীমান্ত সুৰক্ষা, সামাজিক সম্প্ৰীতি আৰু সৰ্বোপৰি এক সচেতন নাগৰিক সমাজৰ। যিয়ে নিজৰ পৰিচয় আৰু মানৱীয় মূল্যবোধ এই দুয়োটাক সমানভাৱে সন্মান কৰে। অম্বিকাগিৰীৰ জীৱনে শেষ পর্যন্ত আমাক এই শিক্ষাই দিয়ে যে দেশপ্ৰেম কোনো ক্ষণস্থায়ী আৱেগ নহয়; ই নিজৰ মাটি, ভাষা, সংস্কৃতি আৰু ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি এক অবিৰত দায়বদ্ধতা। অম্বিকাগিৰী আজি আমাৰ মাজত নাই সঁচা, কিন্তু তেওঁৰ সেই কণ্ঠ আজিও প্ৰতিধ্বনিত, তেওঁৰ সেই চিঠিৰ ভয়াৱহতাৰ প্ৰভাৱ আজিও অসমৰ আকাশত বিদ্যমান। তেওঁ উত্থাপন কৰা বহু প্ৰশ্নৰ উত্তৰ আৰু আঙুলিয়াই যোৱা সমস্যাবোৰ আজিও অমীমাংসিত।
ফোন: ৯৯৫৪০-০০২০০

