লেখকঃ অনুজ ভৰালী
“সত্ৰ” হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৰদেৰে অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে স্থাপন কৰা এক অনুষ্ঠান। বৰ্তমান সময়ৰ প্ৰেক্ষাপটত এই সত্ৰসমূহৰ অৱদান অতুলনীয়। নৱ-বৈষ্ণৱ আন্দোলনৰ ফলস্বৰূপে প্ৰতিষ্ঠা হোৱা সত্ৰসমূহে অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক জীৱনত পাঁচশ বছৰৰো অধিক কাল ধৰি বিশেষ ভূমিকা পালন কৰি আহিছে। সত্ৰসমূহক কেন্দ্ৰ কৰিয়েই সাহিত্য, সংগীত আৰু বিবিধ শিল্প কলাৰ উদ্ভাৱন ঘটিছে। অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ, গাঁৱৰ চুকে-কোণে সত্ৰবোৰ স্থাপিত হৈ সমগ্ৰ অসমবাসীক এটা ধৰ্মৰ ডোলেৰে বান্ধি ঐক্য আৰু সংহতি প্ৰতিষ্ঠাত বৰঙনি যোগাই আহিছে। মানুহৰ শৰণ ভজনৰ দ্বাৰা আত্মবিশ্বাস আৰু আত্ম-উপলব্ধিৰ কৰ্ষণৰ বাবে অতীতৰে পৰা সত্ৰবোৰে অৱদান যোগাই আহিছে লগতে প্ৰাচীন কালৰ বিভিন্ন বয়-বস্তু পুথি, ৰজা দিনীয়া পোছাক ইত্যাদিবোৰ সংৰক্ষণ কৰি ৰাখি ভবিষ্যত প্ৰজন্মক সেইবোৰৰ বিষয়ে অবগত কৰাৰ মহাপ্ৰয়াস কৰি আহিছে।
আধ্যাত্মিক জগতখনত মাজুলীৰ সত্ৰসমূহঃ
অসমৰ বৈষ্ণৱ সংস্কৃতিৰ উৎস আৰু বিকাশৰ থলী সত্ৰসমূহ অসমীয়া সমাজৰ প্ৰাণকেন্দ্ৰ। ভক্তি আন্দোলনৰ প্ৰধান বাহক এই সত্ৰসমূহে প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ সাংস্কৃতিক তথা আধ্যাত্মিক দিশলৈ বৰঙনি আগবঢ়াই আহিছে। পুৱা গধূলি দবা, শংখৰ ধ্বনি, বৰগীত ইত্যাদিয়ে আধ্যাত্মিকতাৰ অমিয়া সুৰ জনমানসত বিলাই দিয়াত সক্ষম হৈছে। নামৰূপী নৌকাৰ সন্মুখত ভাগৱত স্থাপন কৰি গোৱা পালনাম, গুৰু তিথি, নিৰ্মালি লোৱা উৎসৱ, ৰাস, ভাওনা ইত্যাদিৰ মাধ্যমেৰে আধ্যাত্মিকতাৰ বীজ ৰূপণ কৰি সমাজৰ বিভিন্ন জাতি-জনগোষ্ঠীক একতাৰে বান্ধি ৰাখিছে। সত্ৰৰ প্ৰতিটো গুৰুত্বপূৰ্ণ উৎসৱতে ভাওনা প্ৰদৰ্শন কৰা ভাওনাৰ জৰিয়তে সমাজৰ অৰ্ধম খিনিক গ্ৰাহ কৰি ধৰ্মক প্ৰতিষ্ঠা কৰাত সত্ৰ সমূহ বহু ক্ষেত্ৰত আগবাঢ়ি গৈছে। আধ্যাত্মিক তত্ত্ব সমৃদ্ধ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও মাজুলীৰ সত্ৰসমূহত উদযাপন কৰা ৰাসৰ বৈশিষ্ট্যক নুই কৰিব নোৱাৰি।
সাংস্কৃতিক জগতখনত সত্ৰ সমূহৰ অৱদানঃ
সাংস্কৃতিক ক্ষেত্ৰখনত নৱবৈষ্ণৱ আধাৰিত সত্ৰ সমূহৰ স্থান লেখত ল’বলগীয়া। বাৰেবৰণীয়া সংস্কৃতিৰ মেটমৰা সম্ভাৰৰ অপূৰ্ব সমাহাৰ থকাৰ বাবেই সত্ৰ সমূহক সংস্কৃতিৰ চৰাঘৰ বুলি পৰম্পৰাগতভাৱে কোৱা হয়। স্থাপত্য ভাস্কৰ্য মুখা শিল্প, নৌ শিল্প নৃত্য ইত্যাদিৰ সমাহাৰে মাজুলীক মহিয়ান কৰি তুলিছে বুলি কলে অত্যুক্তি নহয়। ভাওনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত সত্ৰ সমূহৰ অৱদান অতুলনীয়। আউনিআটি সত্ৰৰ মনিকাঞ্চন ৰঙ্গক্ষেত্ৰত আয়োজন কৰা অসম ভাওনা সমাৰোহ নতুন কমলাবাৰী সত্ৰৰ সদৌ অসম অঙ্কীয়া ভাওনা সমাৰোহ ইয়াৰেই প্ৰত্যক্ষ উদাহৰণ। বাৰমাহতে তেৰটা অনুষ্ঠান উদযাপিত হোৱা মাজুলীৰ সত্ৰানুষ্ঠান সমূহত বিভিন্ন উপলক্ষ্যত আয়োজন কৰা ভাওনা সমূহৰ দ্বাৰা একাংশ অভিনেতাৰ সৃষ্টিত লগতে গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা সংস্কৃতিবে বিকাশ সাধন হৈছে। কমলাবাৰী সত্ৰৰ দ্বাৰা পৰিবেশন “ৰাম বিজয়” নাট সুদূৰ ইণ্ডোনেছিয়া বাসীৰ দ্বাৰা প্ৰশংসিত হৈছে। সত্ৰ সমূহৰ নাট্য সমূহৰ পৰা বিকশিত হোৱা ইলা কলিতা, বিষ্ণু বৰা, চাক কলিতা, বীণা শইকীয়া, ব্ৰজেন বৰা আদিয়ে অসমৰ বোলছবি জগতত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।
শ্ৰী কৃষ্ণৰ ৰাসলীলা সত্ৰ সমূহৰ মুখ্য উৎসৱ। এই সত্ৰ সমূহত অনুষ্ঠিত হোৱা ৰাসলীলা উপভোগ কৰিবলৈ দেশী-বিদেশী বহুতো লোকৰ সমাগম হয়। “সংস্কৃতিৰ বিদ্যালয়” বুলি জনবিখ্যাত সত্ৰ সমূহত অহোপুৰুষাৰ্থ ভূমিকাৰ বাবেই সত্ৰীয়া নৃত্যই বিশ্ব দৰবাৰত স্বীকৃতি লাভৰ লগে লগে নৃত্য গীত সত্ৰৰ সৱাহৰ শোভাবদ্ধৰ্ন কৰাৰ উপৰিও বহিমুৰ্খী হ’ল।
কমলাবাৰী সত্ৰৰ মণিৰাম দত্তৰ বায়ন আতৈয়ে ১৯৬৩ চনত বাপুৰাম বায়ন আতৈয়ে ১৯৭৯ চনত, ৰসেশ্বৰ শইকীয়া বায়নে ১৯৮১ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছে। তদুপৰি সংগীত অকাডেমী বটা ঘনকান্ত বৰবায়ন আৰু গুণকান্ত বৰবায়নে লাভ কৰিছিল। চামগুৰি সত্ৰৰ কোষকান্ত দেৱ গোস্বামী আতাই মুখা শিল্পক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নি সন্মান বুটলিবলৈ সক্ষম হৈছে। লগতে হেমচন্দ্ৰ গোস্বামী দেৱে ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত হোৱাৰ লগতে পদ্মশ্ৰী সন্মানেৰে বিভূষিত হয়।
সত্ৰ, অসমীয়া সমাজৰ গৌৰৱ। সত্ৰ বুলি ক’লেই আমাৰ মনলৈ প্ৰথমে আহে মাজুলীৰ নাম। বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান মাজুলী মহাপুৰুষ দুজনাৰ দ্বাৰা প্ৰতিষ্ঠা কৰি থৈ যোৱা সত্ৰীয়া সংস্কৃতিৰ মেটমৰা সম্ভাৰেৰে মাজুলী মহীয়ান। প্ৰথমজনা সত্ৰ ধোৱাহাট বেলগুৰি সত্ৰ প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰা বৰ্তমানলৈকে বহুকেইখন সত্ৰ প্ৰতিষ্ঠা হৈছে যদিও মাজুলীৰ বানৰ প্ৰচণ্ড কৰাল গ্ৰাহত পৰি লুপ্ত হল বহু কেইখন সত্ৰ। বৰ্তমান মাজুলীত থকা সত্ৰসমূহ হৈছে “আউনীআটী সত্ৰ, ভোগপুৰ সত্ৰ, দক্ষিণপাট সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ, গড়মূৰ সত্ৰ, মাজুলী কমলাবাৰী সত্ৰ, বেঙেনাআটী সত্ৰ, নতুন চামগুৰি সত্ৰ, প্ৰাচীন চামগুৰি সত্ৰ, এলেঙি নৰসিংহ সত্ৰ, বিহিমপুৰ সত্ৰ, বৰএলেঙি সত্ৰ, দিখৌমুখী বৰএলেঙি সত্ৰ, ঔৱা সত্ৰ, আদি বিহিমপুৰ সত্ৰ, এলেঙি বাঁহজেঙনি সত্ৰ, এলেঙি টকৌবাৰী সত্ৰ, মধ্য মাজুলী কমলাবাৰী সত্ৰ, এলেঙি মদাৰগুৰি সত্ৰ, চকলা সত্ৰ, আধাৰ মাহৰা সত্ৰ, মাজুলী বৰএলেঙি সত্ৰ, বেলসিদ্ধিয়া সত্ৰ, দলনি চামগুৰি সত্ৰ, সাঁকোপাৰা সত্ৰ, অনন্ত কালশিলা সত্ৰ, আঁহতগুৰি বৰ সত্ৰ, গড়মূৰ সৰু সত্ৰ, খাৰজান ন সত্ৰ, দক্ষিণপাট গৃহাশ্ৰমী সত্ৰ, নতুন চকলা সত্ৰ, আদি এলেঙি সত্ৰ, মলুৱাল বৰএলেঙি সত্ৰ, বৰপুনীয়া সত্ৰ, পুনীয়া সত্ৰ আদি।
শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা সত্ৰসমূহ আজি বিশ্ব প্ৰশংসিত।
আউনীআটী সত্ৰঃ
এই সত্ৰভাগি আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই কুৰুৱাবাহী সত্ৰৰ ভাগৱত পাঠক নিৰঞ্জন দেৱক আনি মাজুলীৰ আউনীআটী নামৰ ঠাইত প্ৰতিষ্ঠা কৰিছিল। এই সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ “শ্ৰী শ্ৰী নিৰঞ্জন দেৱ গোস্বামী”। তেওঁৰ পাছৰ সত্ৰাধিকাৰ প্ৰভুসকল হৈছে “শ্ৰীশ্ৰী কেশৱ দেৱ গোস্বামী (ইং ১৬৫৮-১৭২৬ চন), শ্ৰীশ্ৰী ৰামচন্দ্ৰ দেব গোস্বামী (ইং ১৭২৬-১৭২৭ চন), শ্ৰীশ্ৰী দামোদৰ দেৱ গোস্বামী (ইং ১৭২৭-১৭৩৭ চন), শ্ৰীশ্ৰী হৰি দেব গোস্বামী (ইং ১৭৩৭-১৭৬০ চন), শ্ৰীশ্ৰী প্ৰাণহৰি দেৱ গোস্বামী (ইং ১৭৬০-১৭৮৫ চন), শ্ৰীশ্ৰী লক্ষ্মীনাথ দেৱ গোস্বামী (ইং ১৭৮৫-১৮০৪ চন), শ্ৰীশ্ৰী পদ্মপাণি দেৱ গোস্বামী (ইং ১৮০৪-১৮১৮ চন), শ্ৰীশ্ৰী লক্ষ্মীৰাম দেৱ গোস্বামী (ইং ১৮১৮-১৮২১ চন), শ্ৰীশ্ৰী কুশৰাম দেৱ গোস্বামী (ইং ১৮২১-১৮৩৮ চন), শ্ৰীশ্ৰী দেবদত্ত দেৱ গোস্বামী (ইং ১৮৩৮-১৯০৪ চন), শ্ৰীশ্ৰী কমল চন্দ্ৰ দেৱ গোস্বামী (ইং ১৯০৪-১৯২২ চন), শ্ৰীশ্ৰী লীলাকান্ত দেৱ গোস্বামী। (ইং ১৯২২-১৯২৬ চন), শ্ৰীশ্ৰী হেমচন্দ্ৰ দেৱ গোস্বামী। (ইং ১৯২৬-১৯৮৩ চন), শ্ৰীশ্ৰী বিষ্ণুচন্দ্ৰ দেৱ গোস্বামী। (ইং ১৯৮৩-১৯৯৮ চন)।
বৰ্তমানৰ সত্ৰাধিকাৰ ড০ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী (ইং ১৯৯৮ চনৰ পৰা)। সত্ৰসমূহত অতীতৰ বহু আপুৰুগীয়া সম্পত্তি সাঁচি ৰখাৰ প্ৰয়াস কৰিছে । এই প্ৰয়াসত শ্ৰী শ্ৰী আউনীআটী সত্ৰ পিছ পৰি থকা নাই। ১৯৮৪ চনত প্ৰতিষ্ঠা হোৱা সংগ্ৰাহলয়ত “হাতীদাঁতৰ পাটি, শ্ৰীহস্ত মুক্তাৱলী, গজেন্দ্ৰ চিন্তামণি, ভেৰী বাদ্য, বৰ কাঁহ, বৰতাল, গদাধৰ সিংহৰ কাঁহী-বাতি, ৰূপৰ ফুলদানি, ৰূপৰ বঁটা, হাতীদাঁতৰ চকী-মেজ, হাতী দাঁতৰ হাত আৰু লাখুটি, হাতী দাঁতৰ ডবাখেল, সৰল কাঠৰ বিচনী, এখন বেতৰ বিচনী, মান সঁফুৰা, পিতলৰ খৰাহী, সৰল কাঠৰ খৰম, হাতীদাঁতৰ খৰম, কাঠৰ মাইহাং, বানকাঁহী, হাতীদাঁত বোলোৱা কাঠৰ দাড়ি খুৰোৱা বাকচ, কাঠৰ হাতীদাঁত খটোৱা জপা, ৰূপৰ বনকৰা থাল, তামৰ বৰ থাল, ৰূপৰ আৰু তামৰ কাম কৰা বৰ শৰাই, চকি লোটা, লাও লোটা, জয়ঘণ্টা, মান টেমা/মান সঁফুৰা, কিৰিচ, নগা লাঠি, নগা দা, কালী, ৰাঙলী শৰাই, খামতি দা, হেন্দাং, ঔ বখলীয়া বঁটা, পুতলা ভাওনাৰ আৰ্হি, বেতৰ বঁটা, জাৰী, ৰূপৰ মাইহাং, ৰূপৰ লোটা, অমিতা ঠাছৰ লোটা, বেৰাকাঁহী, সিংখাপ কাপোৰ, তামৰ ফলি, আসাম বিলাসিনীৰ এটা অংশ, ৰূপৰ অন্যান্য সামগ্ৰী, ৰূপৰ কাম কৰা তামৰ লোটা, প্ৰাচীন মুদ্ৰাসমূহ, বৰতোপ, বন্দুক, বানবাটি, ক্লেৰিঅ’নেট আৰু বিকুল, শিঙা, জালীকটা সঁফুৰা, ৰূপৰ ফুলাম বৰ শৰাই, দৌল বঁটা, ছত্ৰ, খেৰেঙী তাল, তুলসী খুঁটা, ভোগজৰা আৰু ভুঙ্গাৰ পালনামৰ নৌকা ইত্যাদিবোৰ সংৰক্ষিত কৰি ৰখা হৈছে। তাৰ উপৰিও সংগ্ৰাহলয়ৰ নিৰ্দেশক প্ৰভুৰ জানিব পৰা যায় যে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী দত্তদেৱ গোস্বামীয়ে কলিকতাৰ পৰা ছপাযন্ত্ৰ আনি এক যুগান্তকাৰী কৰ্ম সম্পাদন কৰিলে। ‘ধৰ্মপ্ৰকাশ যন্ত্ৰ’ নাম দি ছপাশালটোৰ পৰা প্ৰকাশ কৰিলে ১৮৭১ খৃষ্টাব্দত অসমৰ দ্বিতীয় সংবাদ পত্ৰ ‘আসাম বিলাসিনী। এই যন্ত্ৰটোৰ পৰাই প্ৰকাশ পাই ‘আসাম দীপিকা’, ‘আসাম তৰা’ নামৰ দুখন আলোচনী। লগতে সত্ৰৰ পৰা বৰ্তমানেও ‘সংস্কৃতি পল্ল’ নামৰ এখন আলোচনীৰ প্ৰকাশিত হৈ আছে। এই সংগ্ৰহালয়ৰ নিৰ্দেশক প্ৰভুৰ পৰা জানিব পৰা অন্য কেইটামান তথ্য হৈছে -
২০০৪ চনত সত্ৰ প্ৰতিষ্ঠাৰ ৩৫০ বছৰ উপলক্ষে আয়োজন কৰা হয় ‘সন্ত সমাৰোহ’।
বৰ্তমানে এই সত্ৰৰ মুখ্য ১৪ খন শাখা সত্ৰ আছে। মাজুলীৰ মূল সত্ৰৰ উপৰিও টীয়কৰ কলিয়াপানীত স্থায়ীভাবে সত্ৰ নিৰ্মাণ কৰা হৈছে আৰু উত্তৰ গুৱাহাটীটো আউনীআটী সত্ৰৰ বিশেষ শাখা সত্ৰ আছে।
শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰঃ
এই সত্ৰভাগি মূল সত্ৰৰ পৰা পৃথক হৈ উত্তৰ দিশত প্ৰতিষ্ঠিত হৈছিল। এই সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ “শ্ৰী শ্ৰী জনাৰ্দ্দন দেৱগোস্বামী”। উত্তৰ কমলাবাৰী সত্ৰত মূল কমলাবাৰী সত্ৰৰ ইতিহাস সম্পকে বহুখিনি কথা শুনা যায়। কমলাবাৰী সত্ৰ নামৰ আঁৰত বহুকেইটা জনবিশ্বাস আছে। তাৰে ভিতৰত
১। বদলা পদ্ম আতাৰ দহোটা নামৰ ভিতৰৰ এটা নাম হ’ল কমলাকান্ত। বদলা পদ্ম আতা আছিল কমলাবাৰী সত্ৰৰ প্ৰতিষ্ঠাপক। তেখেতৰ নাম অনুসৰি সত্ৰখনৰ নাম কমলাবাৰী হৈছে।
২। বদলা পদ্ম আতাই সত্ৰ প্ৰতিষ্ঠা কৰাৰ স্থানতে পূৰ্বে এখন ডাঙৰ কমলা টেঙাৰ বাৰী আছিল; যিখন বাৰীৰ গৰাকীৰ নাম কমলা মুদৈ আছিল। সেয়ে এই সত্ৰখনৰ নাম কমলাবাৰী হৈছিল।
৩। প্ৰচলিত আন এক কিংবদন্তিৰ মতে, দ্বাৰকাৰ অধিপতি শ্ৰীকৃষ্ণই কুণ্ডিলৰ পৰা ৰুক্মিণীক হৰণ কৰি আনোতে ৰুক্মিণী দেৱীৰ মূৰৰ কমল ফুল এপাহ এই স্থানত পৰি গৈছিল। সেয়ে এই ঠাইতে সত্ৰখন প্ৰতিষ্ঠা হোৱাৰ বাবে কমলাবাৰী নাম ৰখা হৈছিল।
এই সত্ৰত প্ৰাতঃ, বিয়লি আৰু ৰাতি সৰ্বমুঠ চৈধ্য বাৰ প্ৰসঙ্গ হয়। প্ৰাতঃ প্ৰসঙ্গত বৰগীত, ভটিমা আৰু উপদেশ ঘোষাকীৰ্ত্তন আৰু পাঠ, বিয়লি প্ৰসঙ্গত আগপাঠ, শেষপাঠ আৰু উপদেশ, ৰাতি প্ৰসঙ্গত গুৰু ভটিমা, বৰগীত খোলতাল প্ৰসঙ্গ ঘোষাপাঠ আদি হয়। ঝুমুৰা, নাদুভঙ্গী, বৰপ্ৰৱেশৰ নাচ, সুত্ৰধাৰ, নটুৱা ওজাপালি ইত্যাদি এই সত্ৰৰ মুখ্য নৃত্য। আউনীআটী সত্ৰৰ দৰে এই সত্ৰভাগতো বহু প্ৰাচীন সম্পদ সংৰক্ষিত কৰি ৰখা হৈছে। তাৰে ভিতৰত শতাধিক সাঁচিপাতৰ পুথি, শংকৰদেৱৰ তামোল খোৱা সঁফুৰা, মাধৱদেৱৰ জপমালা, বদলা পদ্মআতাৰ ভোজনকৰা বাতি, পদশিলা, হৰি আতৈয়ে পূজা কৰা গড়ৰ কোষা অৰ্ঘ, শংকৰ-মাধৱদেৱৰ কেশ, ৰূপৰ ভূঙ্গাৰ, পুৰন্দৰ সিংহ প্ৰেৰিত ৰাজপত্ৰ ইত্যাদি।
শ্ৰী শ্ৰী চামগুৰি সত্ৰঃ
এই সত্ৰ ভাগেয়ে বিশ্বত খ্যাতি লাভ কৰাত সফলতা অৰ্জন কৰিছে। এই সত্ৰৰ মূল আকৰ্ষণ হৈছে মুখা শিল্প। ১৬৬৩ খ্ৰীঃৰ ফাগুন মাহৰ শুক্লা চতুৰ্দশী তিথিত চামগুৰি সত্ৰ প্ৰতিষ্ঠা হয়। স্বৰ্গদেউ চক্ৰধ্বজ সিংহই চক্ৰপাণি আতাৰ ওচৰত শৰণ লৈ এজোপা চাম গছৰ গুৰিতেই প্ৰতিষ্ঠা কৰাৰ বাবেই সত্ৰখনিৰ নাম চামগুৰি সত্ৰ হয়। এই সত্ৰখনিয়ে বিভিন্ন কাৰণত স্থানান্তৰ হৈছে। ইয়াৰ ক্ৰম এনে ধৰণৰ কামৰূপৰ জনিয়া থান, প্ৰাচীন চামগুৰি, প্ৰাচীন চামগুৰিৰ পৰা এখন কলিয়াবৰলৈ স্থানান্তৰ আৰু আনখন মাজুলী চামগুৰি সত্ৰ। মাজুলীত চামগুৰি (নতুন চামগুৰি) আৰু দলনি চামগুৰি সত্ৰ। এই সত্ৰ সমূহ পুৰুষ সংহতিৰ অন্তৰ্গত।
নতুন চামগুৰি সত্ৰ গৃহস্থী পৰম্পৰাৰ। প্ৰতিষ্ঠা কালৰে পৰাই সত্ৰাধিকাৰ সকলৰ লগতে একাংশ সত্ৰস্থই মুখাশিল্প চৰ্চাত গুৰুত্ব দি আহিছে। বিশেষকৈ শৈশব চন্দ্ৰ দেৱগোস্বামী আৰু ৰূদ্ৰকান্ত দেৱগোস্বামীৰ নাম উল্লেখযোগ্য। ৰূদ্ৰকান্ত দেৱগোস্বামীৰ তিনি পুত্ৰ ক্ৰমে ধৰ্মকান্ত গোস্বামী, হেমচন্দ্ৰ গোস্বামী আৰু কৃষ্ণ গোস্বামীয়ে সমাজৰ সকলো দিশতে মুখাশিল্পৰ চৰ্চা অব্যাহত ৰাখিছে। এই সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ কোষকান্ত দেৱগোস্বামী আতাই মুখা শিল্পক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নি ২০০২ চনৰ (২০০৩ চনৰ ৩০ নৱেম্বৰ) সঙ্গীত নাটক একাডেমী সন্মান লাভ কৰে। এই সত্ৰৰ সুদক্ষ শিল্পী হেমচন্দ্ৰ গোস্বামীয়েও মুখাশিল্পৰ নতুনত্ব ৰূপত সজাই তোলাৰ লগতে ভাৰতৰ বিভিন্ন স্থানত মুখা কৰ্মশালা সম্পন্ন কৰিছে। শ্ৰী শ্ৰী নতুন চামগুৰি সত্ৰই সমাজ জীৱনৰ বাবে বহুবোৰ অতুলনীয় অৱদান প্ৰতিষ্ঠা কালৰ পৰাই আগবঢ়াই আহিছে। তাৰে ভিতৰত ডাকঘৰ প্ৰতিষ্ঠা, চামগুৰি সত্ৰ ৰাৱনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, প্ৰাথমিক বিদ্যালয় আৰু আঞ্চলিক ৰাইজৰ সহযোগত ৰাজহুৱা ৰঙ্গমঞ্চ স্থাপন ইত্যাদি। এই সত্ৰ খনিয়েও অন্য সত্ৰসমূহৰ দৰে বহুবোৰ পৌৰাণিক সম্পদক সংৰক্ষিত কৰি ৰাখিছে তাৰে ভিতৰত ১) সাঁচিপাতৰ পুথি, ২) গুৰু পদশিলা, ৩) অঙ্কীয়া নাটসমূহ, ৪) ৰাজপ্ৰদত্ত শৰাই, ৫) ভোগজৰা, ৬) চক্ৰধ্বজ সিংহই দিয়া অসংখ্য সোণ ৰূপৰ সামগ্ৰী, ৭) তাম্ৰফলক, ৮) চক্ৰধ্বজ সিংহ প্ৰদত্ত তাম আৰু ৰূপৰ বনকৰা শৰাই ইত্যাদি।
সদৌ শেষত, আমি সকলোৱে এই কথা স্বীকাৰ কৰাটো প্ৰয়োজন যে অসমত তাহানিতেই প্ৰতিষ্ঠা হোৱা এই সত্ৰসমূহে অসমৰ গৌৰৱ আৰু পৰ্যটকৰ দৃষ্টি আকৰ্ষিত কৰাৰ ক্ষেত্ৰত বহুখিনি অৱদান আগবঢ়োৱাৰ লগতে অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জগতখনতো বৰণ্য খিতাপ দখল কৰিছে।
( বি দ্ৰঃ দ্বাদশ শ্ৰেণীৰ ইতিহাস বিভাগৰ ক্ষেত্ৰ অধ্যয়নৰ বাবে নিৰ্বাচন কৰা মাজুলীৰ সত্ৰসমূহৰ প্ৰত্যেক্ষভাবে দৰ্শন তথা অধ্যয়ন কৰি প্ৰস্তুত কৰা হৈছে লগতে “অনন্ত কলিতা দেৱৰ” মাজুলীৰ ঐতিহ্য নামৰ গ্ৰন্থখনিৰ পৰা কিছু ধাৰণা লোৱা হৈছে ।
লেখকৰ ভ্ৰাম্যভাষঃ ৯৮৬৪০৯০৫৭৫)