ইতিহাস আৰু ঐতিহ্য

হাদিৰাচকীৰ ভৌগোলিক আৰু ঐতিহাসিক গুৰুত্ব

post

Share

দ্বিতীয় খণ্ড

লেখকঃ প্ৰণৱ ফুকন

মোৱামৰীয়া বিদ্ৰোহঃ ষষ্ঠদশ শতিকাত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱে উজনি অসমত মৰাণ আৰু অন্যান্য পিছপৰা জনগোষ্ঠীৰ মাজত একশৰণ নামধৰ্ম প্ৰচাৰ কৰি মোৱামৰীয়া সত্ৰ স্থাপন কৰে। মূৰ্ত্তি পূজা আৰু বলিদান প্ৰথাৰ বিৰোধী মোৱামৰীয়া গোঁসাইক ১৭২৪ খ্ৰীঃত বৰৰজা ফুলেশ্বৰীয়ে ৰাজ পৰিয়ালৰ দুৰ্গা পূজালৈ ধৰাই আনি বলিৰ তেজেৰে কপালত তিলক দিয়ায়। ফলত মোৱামৰীয়াসকল আহোম ৰাজতন্ত্ৰৰ বিদ্বেষী হৈ পৰে। ১৭৪৪ খ্ৰীঃত ৰাজপাটত উঠা প্ৰমত্ত সিংহৰ সময়ৰ পৰা বৰবৰুৱা গেন্ধেলা ওৰফে কীৰ্তিচন্দ্ৰ অতি প্ৰভাৱশালী হৈ পৰে। এইজনা স্বৰ্গদেউৰ পাছত বৰবৰুৱাৰ উদ্যোগত ১৭৫১ খ্ৰীঃত ৰাজেশ্বৰ সিংহ আৰু ১৭৬৯ খ্ৰীঃত লক্ষ্মী সিংহ সিংহাসনত বহে।

এদিন স্বৰ্গদেউৰ সৈতে বৰবৰুৱাই নৌকা ভ্ৰমণ কৰাৰ সময়ত নদীৰ পাৰত চিন্তাত মগ্ন মোৱামৰীয়া গোঁসায়ে ৰজাক দেখি অভিবাদন জনায়। কিন্তু লগত থকা বৰবৰুৱা চিন্তাক্লিষ্ট গোঁসাইৰ দৃষ্টিগোচৰ নোহোৱাত বৰবৰুৱাই গোঁসাইক ককৰ্থনা কৰে। ইয়াৰ কিছুদিন পিছতে বৰবৰুৱাই মৰাণ গাওঁবুঢ়াৰ পুত্ৰ নাহৰ আৰু আন এজন মোৱামৰীয়া নেতা ৰাঘৱ মৰাণক লঘু দোষতে গুৰু দণ্ড দিয়াত মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হয়। ১৭৬৯ চনৰ অক্টোবৰ মাহত ৰাঘৱ মৰাণৰ নেতৃত্বত মোৱামৰীয়াসকলে আহোম সেনাক পৰাস্ত কৰি ৰাজধানী ৰংপুৰ অধিকাৰ কৰে। স্বৰ্গদেউক জয়সাগৰৰ দৌলত বন্দী কৰি ৰখা হয়। নাহৰৰ পুতেক ৰমাকান্তক ৰজা আৰু ৰাঘৱক বৰবৰুৱা পাতি বিদ্ৰোহীসকলে পাঁচ মাহ ৰাজত্ব কৰে। ৰাঘৱে ৰাজেশ্বৰ সিংহৰ মণিপুৰী পত্নী কুৰংগনয়নীকো নিজ অন্তেষপুৰলৈ নিয়ে। এনেতে চ’তৰ বিহুৰ সময়ত অনেক আহোম বিষয়াই মোৱামৰীয়া হুঁচৰিৰ দলৰ ভেশত ৰাঘৱৰ ঘৰত বিহু মেলে, ৰাঘৱে সেৱা লওঁতেই কুৰংগনয়নীৰ সহায়ত তেওঁক হত্যা কৰি বিদ্ৰোহীসকলক পৰাজিত কৰি আহোম সেনাই লক্ষ্মী সিংহক পুনৰ সিংহাসনত অধিষ্ঠিত কৰে। ফলত মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰে।

১৭৮০ খ্ৰীঃত লক্ষ্মী সিংহৰ মৃত্যুৰ পাছত পুতেক গৌৰীনাথ সিংহ ৰাজপাটত উঠি মোৱামৰীয়াসকলৰ ওপৰত নিৰ্যাতন আৰম্ভ কৰে। ১৭৮৩ খ্ৰীঃত মোৱামৰীয়াৰ এটা দলে ৰাতিৰ আন্ধাৰত স্বৰ্গদেউৰ মাছমৰীয়া দলত যোগ দি গড়গাঁৱত প্ৰৱেশ কৰে আৰু হত্যাযজ্ঞ আৰম্ভ কৰে। ঘনশ্যাম বুঢ়াগোঁহায়ে বিদ্ৰোহীসকলক পৰাজিত কৰি খেদি পঠিয়ায়। অচিৰেই ঘনশ্যাম বুঢ়াগোঁহাইৰ মৃত্যু হোৱাত পুত্ৰ পূৰ্ণানন্দক বুঢ়াগোঁহাই পতা হয়। তেওঁ স্বৰ্গদেউক দমনমূলক নীতি পৰিত্যাগ কৰাৰ পৰামৰ্শ দিছিল যদিও গৌৰীনাথ সিংহই দমন চলাই যায়। ১৭৮৬ খ্ৰীঃত তৃতীয়বাৰৰ বাবে মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হয়। পূৰ্ণানন্দৰ সকলো প্ৰচেষ্টা ব্যৰ্থ কৰি বিদ্ৰোহীসকলে ৰংপুৰ অধিকাৰ কৰে। পূৰ্ণানন্দই বিদ্ৰোহীসকলৰ পশ্চিম দিশৰ অগ্ৰগতি ৰোধ কৰিবলৈ সক্ষম হয়। গতিকে মোৱামৰীয়াসকলে ৰংপুৰত ভৰত সিংহ আৰু বেংমৰাত সৰ্বানন্দক ৰজা পাতি উজনি অসমত শাসন চলাই যায়।

কেপ্তেইন ৱেল্‌ছৰ আগমনঃ ইতিমধ্যে নামনি অসমতো বিদ্ৰোহে গা কৰি উঠাত গৌৰীনাথ সিংহই ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় ভিক্ষা কৰে। ১৭৯২ খ্ৰীঃৰ নৱেম্বৰ মাহত কেপ্তেইন ৱেল্‌ছৰ অধীনত সৈনিকৰ ছটা কোম্পানী (৩৬০ জন সৈন্য) অসমলৈ আহি ২৪ নৱেম্বৰত নামনি অসমৰ বিদ্ৰোহ দমন কৰি গুৱাহাটী অধিকাৰ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণাধীন হোৱাত কেপ্তেইন ৱেল্‌ছে গৌৰীনাথ সিংহৰ লগত ১৭৯৩ খ্ৰীঃৰ ২৮ ফেব্ৰুৱাৰীত এক বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিমতে ধান-চাউলৰ বাহিৰে অন্য সকলো আমদানি আৰু ৰপ্তানিকৃত সামগ্ৰীৰ ওপৰত ১০ শতাংশ শুল্ক লগোৱা হ’ব। কান্দাহাৰত আমদানিকৃত  আৰু গুৱাহাটীত ৰপ্তানিকৃত সামগ্ৰীৰ শুল্ক সংগ্ৰহৰ বাবে দুটা কেন্দ্ৰ হ’ব। এই দুই কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াক সংগৃহীত মাচুলৰ ১২ শতাংশ বানচ দিয়া হ’ব। অসম চৰকাৰ আৰু কোম্পানীৰ অনুমতিৰ অবিহনে কোনো ইউৰোপীয় ব্যৱসায়ী অসমত থাকিব নোৱাৰিব। ১৫

তদুপৰি এই প্ৰস্তাৱ ৰখা হয় যে কান্দাহাৰ চকীৰ পৰা সংগ্ৰহ হ’ব পৰা ৯০০০০ টকাৰ পৰা আগৰ দৰেই ৰাজকোষলৈ ২৬০০০ টকা যাব, বাকীখিনিৰ লগতে কৰতলীয়া ৰজা আৰু জমিদাৰসকলৰ পৰা আৰ্থিক ক্ষতিপূৰণ সংগ্ৰহ কৰি অসমলৈ অহা কোম্পানী বাহিনীৰ খৰচ বহন কৰা হ’ব।১৬ এই চুক্তি ৰূপায়ণৰ ফলত হাদিৰাচকীৰ উপযোগিতা যথেষ্ট হ্ৰাস পালে যদিও চকী বন্ধ কৰা নহ’ল।

১৭৯৪ খ্ৰীঃৰ জানুৱাৰী মাহত কেপ্তেইন ৱেল্‌ছে উজনি অসম অভিযান আৰম্ভ কৰি মাৰ্চ মাহত ৰংপুৰ অধিকাৰ কৰে। ক্ষমাদানৰ ঘোষণা স্বত্বেও মোৱামৰীয়াসকলে আত্মসমৰ্পণ নকৰাত ৱেল্‌ছে দিখৌ নৈ পাৰ হৈ ভৰিকাত থকা মোৱামৰীয়া কোঠ ধ্বংস কৰে। ইংৰাজ গভৰ্ণৰ জেনেৰেলৰ আদেশক্ৰমে ৱেল্‌ছ ১৭৯৪ খ্ৰীঃৰ জুলাই মাহত উভতি যায়। গৌৰীনাথ সিংহই যোৰহাটলৈ ৰাজধানী তুলি নিয়াত মোৱামৰীয়াসকলে ৰংপুৰ আৰু খামতিসকলে শদিয়া অধিকাৰ কৰে।

বদন আৰু মানঃ ১৭৯৮ খ্ৰীঃত কামৰূপত হোৱা দন্দুৱা দ্ৰোহ দমনত বদন বৰফুকন অক্ষম হোৱাত কলীয়া ভোমোৰাক বৰফুকন পতা হয়। তেওঁ এই বিদ্ৰোহ দমন কৰি বিদ্ৰোহৰ নেতা চৌধুৰী ভাতৃদ্বয় হৰদত্ত আৰু বীৰদত্তক ৰাজহুৱাভাৱে হত্যা কৰায়। কিছুদিন পাছতে কলীয়া ভোমোৰাৰ মৃত্যু হোৱাত বদনক পুনৰ বৰফুকন পতা হয়। বদনে এইবাৰ পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাত তেওঁক আটক কৰিবলৈ লোক পঠিওৱা হয়। জীয়েকৰ জৰিয়তে ভূ পাই বদনে কলিকতালৈ পলায়ন কৰি ইংৰাজক অসম আক্ৰমণ কৰিবলৈ অনুৰোধ কৰে। কিন্তু ইংৰাজ গভৰ্ণৰ-জেনেৰেল মান্তি নোহোৱাত বদনে মানদেশ পাই মানৰজা বদৌপায়াক অনুৰূপ অনুৰোধ কৰাত মানৰজা মান্তি হয়। ১৮১৭ চনৰ মাৰ্চ মাহত বদনে মান আৰু চিংফৌসকলৰ বিশাল বাহিনী লৈ কৰা অসম আক্ৰমণত আহোম সেনা পৰাজিত হয়। অচিৰেই পূৰ্ণানন্দৰ মৃত্যু ঘটাত ৰুচিনাথক বুঢ়াগোঁহাই পতা হয়। মানক ৰোধ কৰাত ৰুচিনাথ অসফল হয়। মানসেনাই বদনক ‘মন্ত্ৰী ফুকন’ পাতি অসমৰ জনগণৰ ওপৰত অত্যাচাৰ চলাই যায়। বৰগোঁহাই আৰু কেইজনমান বিষয়াৰ সৈতে মিলি ৰাজমাও নুমলীয়ে ৰূপসিং চুবেদাৰৰ হতুৱাই ১৮১৮ চনত বদনক হত্যা কৰে। বাতৰি পাই ১৮১৯ চনৰ ফেব্ৰুৱাৰী মাহত মানসেনাই দ্বিতীয়বাৰ আক্ৰমণ কৰি অসমীয়া সেনাক পৰাভূত কৰে। স্বৰ্গদেউ পুৰন্দৰ সিংহ আৰু ৰুচিনাথ গুৱাহাটীলৈ পলায়ন কৰে। চন্দ্ৰকান্ত সিংহক নামমাত্ৰ অধিকাৰেৰে সিংহাসনত বহুৱাই মিঙ্গিমাহা তিলোৱাৰ অধীনত কিছুসংখ্যক মানসেনা ৰাখি মান সেনাপতি আলুমিঙ্গি ১৮১৯ চনৰ এপ্ৰিল মাহত উভতি যায়। কিছুদিন পাছতে বদৌপায়াৰ পৰলোকপ্ৰাপ্তি ঘটাত নাতিয়েক ব্যাগীদোৱা ৰজা হয়। ১৮২০ চনৰ জানুৱাৰী মাহত মানসেনা স্বদেশলৈ ৰাওনা হয়। মানৰ আক্ৰমণ ৰোধ কৰিবৰ বাবে স্বৰ্গদেৱে জয়পুৰত গড় মৰাৰ সিদ্ধান্ত লোৱাত ১৮২১ চনৰ মাৰ্চ মাহত মানসেনাই তৃতীয়বাৰ অসম আক্ৰমণ কৰে। কেবাখনো যুঁজত মানসেনাই জয় লাভ কৰাত চন্দ্ৰকান্ত সিংহ গুৱাহাটীলৈ পলাই যায়। মানে যোগেশ্বৰ সিংহক ৰাজপাটত বহুৱায় আৰু গুৱাহাটীকে আদি কৰি অনেক অঞ্চলত প্ৰতিপত্তি স্থাপন কৰে।

হাদিৰাচকীৰ ৰণঃ চন্দ্ৰকান্ত সিংহই ইংৰাজৰ সহায় বিচাৰি ব্যৰ্থ হৈ পঞ্জাৱৰ পৰা মহাৰাজা ৰঞ্জিত সিংহই পঠিওৱা কিছু শিখ সেনা আৰু কিছু ভেৰোণীয়া সেনা গোটাই গুৱাহাটী অভিমুখী হয়। (সেই সময়ত হাদিৰাচকীত হলিৰাম ঢেকীয়াল ফুকন দুৱৰীয়া বৰুৱা আছিল।)১৭ মানৰ সৈতে হোৱা ৰণত চন্দ্ৰকান্ত সিংহই জয়লাভ কৰি গুৱাহাটী অধিকাৰ কৰে আৰু যোৰহাট অভিমুখী হয়। ১৮২২ খ্ৰীঃৰ ১৯ এপ্ৰিল তাৰিখে মহগড়ৰ যুদ্ধত চন্দ্ৰকান্ত সিংহ পৰাজিত হৈ পিছ হুঁহকিবলৈ বাধ্য হয়। ‘Chandrakant is said to have displayed great personal bravery and for some time his troops held their own, but in the end their ammunition gave out and they were defeated with a loss of fifteen hundred men’ ১৮

২১ জুনত হাদিৰাচকীত দুয়ো পক্ষৰ মাজত হোৱা ৰণত আহোম সেনা পৰাভূত হয়, চন্দ্ৰকান্ত সিংহই ইংৰাজৰ অধীন গোৱালপাৰাত আশ্ৰয় লয়গৈ। মানৰ অভয় পাই চন্দ্ৰকান্ত যোৰহাটলৈ উভতি আহে যদিও তেওঁক ৰংপুৰত বন্দী কৰি ৰখা হয়। ‘The Burmese at last induced Chandrakant to believe that they had never meant to injure him, and had only set up Jogesvar because he refused to obey their summons to rerturn. He went back but, on reaching Jorhat he was seized and placed in confinement at Rangpur.’ ১৯

হাদিৰাচকীতে আহোম ৰাজ্যৰ ৬০০ বছৰীয়া ৰাজত্ব আৰু অসমৰ স্বাধীনতাৰ বেলি মাৰ যায়। মান সেনাপতি মিঙ্গিমাহা বান্দুলাই অপাইকান চমুৱাৰ ঘৰমূৰি আৰু পাইকানৰ পোৱামূৰি ৫ টকাকৈ বৰঙণি ধন গোটাই মিঙ্গিমাহা তিলোৱাক অসমত ৰাখি ১৮২৩ চনৰ আহিন মাহত উভতি গ’ল। কিছুদিনতে মিঙ্গিমাহা তিলোৱাও ঘৰমুৱা হয়। ২০

১৮২৬ খ্ৰীঃত ইংৰাজে মানসেনাক পৰাভূত কৰি ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম অধিকাৰ কৰে। সেই সময়ত হাদিৰাচকীৰে হোৱা ব্যৱসায় আছিল এনেঃ ‘In 1834, the imports were valued at about two-and-a-half and the exports at a little more than three lakhs. The last mentioned figures were returned from the custom house at Hadira, opposite Goalpara, where all imports and exports, except grain, paid a duty of ten percent or thereabouts according to a treaty executed with Gaurinath Singh by Captain Welsh on behalf of the East India Company in 1793.’

১৮৩৫ খ্ৰীঃত ইংৰাজে হাদিৰাৰ চকী বন্ধ কৰি দিয়ে, কিয়নো পঞ্জাৱৰ বাহিৰে সমগ্ৰ ভাৰতেই তেতিয়া ইংৰাজৰ অধীন আছিল। গতিকে হাদিৰাচকীত শুল্ক সংগ্ৰহ কৰাৰ কোনো প্ৰয়োজনীয়তা নোহোৱা হ’ল। এই চকীৰ নীৰৱ সাক্ষী হৈ ৰ’ল ফুলৰা, চতলা আৰু বাঘবৰ পাহাৰ।

ঐতিহাসিক হাদিৰাক পৰ্যটনস্থলীলৈ পৰ্যবসিত কৰাৰ প্ৰয়োজনীয়তাঃ এই কথা দৃঢ় নিশ্চিত যে হাদিৰা অসমৰ ইতিহাসৰ এখন গুৰুত্বপূৰ্ণ ঠাই। পৰ্যটনৰ দিশৰ পৰা এনে এখন ঠাইৰ বিকাশ অতীব প্ৰয়োজনীয়। চৰকাৰে হাদিৰাৰ বিকাশ আৰু প্ৰচাৰৰ বাবে প্ৰকল্প হাতত ল’লে ঐতিহাসিক আৰু ভৌগোলিক দিশৰ পৰা গুৰুত্বপূৰ্ণ হাদিৰাই অসমৰ পৰ্যটন মানচিত্ৰত স্থান পাব। ইয়াৰ বাবে আমি ভাবো যে এনে কিছু কাম কৰিব পৰা যায়ঃ

(ক) হাদিৰাত মানাহ নদীৰ মুখত আৰু ব্ৰহ্মপুত্ৰৰ বুকুত হাদিৰাচকী ৰণৰ স্মৃতিচিহ্ন নিৰ্মাণ। এই ক্ষেত্ৰত বিশেষ মন দিব লগা কথা হ’ল সৈনিকসকলৰ ভিতৰত পঞ্জাৱৰ পৰা অহা অনেক শিখ সৈন্য আৰু বহুসংখ্যক উত্তৰ ভাৰতীয় ভেৰোণীয়া সৈন্যও আছিল। এই সকলোৰে যথাযথ ৰূপায়ণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি আমাৰ বিশ্বাস।

(খ) ফুলৰা আৰু চতলা পাহাৰৰ নামনিত এখন ফুলনি সাজি তাত ফলকত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকে বুজি পোৱাকৈ অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত এই ঠাইৰ গুৰুত্বৰ বিষয়ে আভাস দিয়া।

(গ) এনে প্ৰকল্পত হাজো, বৰপেটা, মানস অভয়াৰণ্য, বিজনী ৰাজ্যৰ শেষ ৰাজধানী অভয়াপুৰী তথা নেতাই ধুবুনী আৰু গুৰু টেগ বাহাদুৰৰ চহৰ ধুবুৰীকো অন্তৰ্ভুক্ত কৰিলে পৰ্যটনৰ দৃষ্টিৰ পৰা অধিক মনোগ্ৰাহী হ’ব। মানস অভয়াৰণ্যৰ অতিথিগৃহৰ উন্নয়ন তথা অন্যান্য ঠাইত উচ্চ মানদণ্ডৰ জলপান গৃহ নিৰ্মাণে সমগ্ৰ যাত্ৰাকে অবিস্মৰণীয় কৰি তুলিব।

বিকাশৰ যিকোনো প্ৰকল্পতে আলি-পদূলি, যান-বাহন পৰিকাঠামোৰ অবিেচ্ছদ্য অঙ্গ হোৱা বাঞ্চনীয়। চৰকাৰে উন্নয়নৰ এনে প্ৰকল্প হাতত ল’লে ৰাইজো নিশ্চয় আগবাঢ়ি আহিব আৰু আমি ‘ৰাইজে নখ জোকাৰিলে নৈ বয়’ কথাষাৰৰ যথাৰ্থতা প্ৰত্যক্ষ কৰিম।

তথ্যসূত্ৰঃ

(১৫) আৰু (১৬)ঃ হুছেইন, পৃষ্ঠা ৩০৭-৩০৮

(১৭) বৰবৰুৱা, পৃষ্ঠা ৩৪৫

(১৮) Gait, Page 230

(১৯) Gait, page 232

(২০) গোহাঞিবৰুৱা, পৃষ্ঠা ১৪৯

সহায়ক গ্ৰন্থপঞ্জীঃ

(১) A History of Assam, E.A. Gait

(২) অসমৰ বুৰঞ্জীঃ পদ্মনাথ গোহাঞিবৰুৱা

(৩) অসমৰ সংক্ষিপ্ত ইতিহাসঃ ডঃ তচদ্দুক আমানুল হুছেইন

(৪) আহোমৰ দিনঃ হিতেশ্বৰ বৰবৰুৱা

(৫) ইতিহাসে সোঁৱৰা ছশটা বছৰঃ সৰ্বানন্দ ৰাজকুমাৰ

(৬) Assam under the Ahoms, Uma Nath Gohain

(৭) প্ৰাচীন কামৰূপৰ গৌৰৱোজ্জ্বল কাহিনীবোৰঃ ডঃ প্ৰদীপ শৰ্মা

(৮) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহঃ ডঃ সূৰ্যকুমাৰ ভূঞা

আপুনিও ভাল পাব পাৰে!