ইতিহাস আৰু ঐতিহ্য

হাদিৰাচকীৰ ভৌগোলিক আৰু ঐতিহাসিক গুৰুত্ব

post

Share

প্ৰথম খণ্ড

লেখকঃ প্ৰণৱ ফুকন

হাদিৰাচকী- এই নামটো শুনাৰ লগে লগে প্ৰতিজন স্বদেশপ্ৰেমী, স্বাভিমানী অসমীয়াৰ শৰীৰত এক শিহৰণৰ সৃষ্টি হয়। আহক, এই সৰু অথচ আহোম ৰাজ্যৰ শেষ সময়ৰ বুৰঞ্জীৰ সাক্ষী ঠাইডোখৰৰ ভৌগোলিক আৰু ঐতিহাসিক গুৰুত্বৰ ওপৰত এবাৰ চকু ফুৰাওঁ।

হাদিৰাৰ ভৌগোলিক অৱস্থানঃ মানস বা মানাহ নদীৰ পূব পাৰে আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এখন সৰু ঠাই- হাদিৰা, একেবাৰে মানাহ নদীৰ মুখতে, অৰ্থাৎ যি ঠাইত মানাহ নদী আহি ব্ৰহ্মপুত্ৰত মিলিছেহি, ঠিক সেই ঠাইতে। হাদিৰাৰ বিপৰীত দিশে মানসৰ পশ্চিম পাৰে তথা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে যোগীঘোপা আৰু দক্ষিণ পাৰে গোৱালপাৰা। অসমৰ মানচিত্ৰত হয়তো সূক্ষ্মাতিসূক্ষ্মৰূপে চালেহে হাদিৰা নামটো চকুত পৰিব। কিন্তু এই ঠাইখনৰ ভৌগোলিক আৰু ঐতিহাসিক তাৎপৰ্য আছে। ১৬৩৫ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰতাপ সিংহৰ আমোলত অসমৰ প্ৰথম বৰবৰুৱা মোমাই তামুলীয়ে মোগলৰ লগত চুক্তি কৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বৰনদী আৰু দক্ষিণ পাৰে অসুৰ আলিকে আহোম ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ সীমা নিৰ্দ্ধাৰণ কৰে। ১৬৭১ খ্ৰীষ্টাব্দত শৰাইঘাটৰ ৰণত জিকি আহোম পক্ষই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মানাহলৈকে দখল কৰাত মানাহেই হৈ পৰিল আহোম ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ আৰু পাছত ব্ৰিটিছ অধিকৃত ভাৰতৰ নতুন সীমা। গতিকে হাদিৰা হৈ পৰিল আহোম ৰাজ্যৰ পশ্চিম সীমাৰ শেষ বিন্দু। ব্ৰহ্মপুত্ৰৰ দক্ষিণে অসুৰ আলিৰ পৰা কিছু আগলৈ আহোম ৰাজ্যৰ অংশ হৈ পৰিছিল। তাৰ পশ্চিমে ৰাণী, লুকী আদি কৰতলীয়া সৰু-সৰু ৰাজ্য থকাত বস্তুতঃ আহোম ৰাজ্যৰে অংগ আছিল বুলিব পাৰি। লক্ষীপুৰৰ মেছপাৰা জমিদাৰী আছিল মোগলৰ কৰতলীয়া, গতিকে সেই জমিদাৰীৰ পূব সীমালৈকে আহোমৰ প্ৰতিপত্তি আছিল।

হাদিৰাত চকী স্থাপনঃ সেই সময়ত মোগল সাম্ৰাজ্য আৰু বংগৰ লগত আহোম ৰাজ্যৰ বেহা-বেপাৰ আছিল অনিয়ন্ত্ৰিত। অধিকাংশ বাণিজ্য নদীৰ পথেৰেই হৈছিল আৰু ব্ৰহ্মপুত্ৰই আছিল প্ৰধান পথ। গতিকে বংগ !মোগল !ব্ৰিটিছ ৰাজ্যৰ পৰা আহোম ৰাজ্যলৈ অহা আৰু আহোম ৰাজ্যৰ পৰা বিপৰীত দিশত যোৱা বাণিজ্যিক নাওসমূহ হাদিৰা হৈয়েই যাব লগা হৈছিল। এই অনিয়ন্ত্ৰিত বাণিজ্যৰ নিয়ন্ত্ৰণৰ বাবে সীমা শুল্কৰ চকী স্থাপনৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি মানস নৈৰ পূব পাৰে আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে হাদিৰাত চকী স্থাপন কৰা হয়। চকীৰ কাম পৰিদৰ্শন কৰিবলৈ নিযুক্ত কৰা হয় দুৱৰীয়া বৰুৱা। লগে লগে হাদিৰাৰ গুৰুত্ব বহু পৰিমাণে বাঢ়ি গ’ল। বহিঃৰাজ্যত হাদিৰাচকী অসম চকী নামে জনাজাত হ’ল। সংযোজিত মানচিত্ৰই এই ‘অসম চকী’ৰ অৱস্থান প্ৰতীয়মান কৰি ইয়াৰ গুৰুত্ব অনুধাৱন কৰাত সহায়ক হ’ব।

চকী মানে কি এই কথা মনত ৰখা প্ৰয়োজনীয়। চকী মানে হ’ল সীমা শুল্ক আদায় অথবা সুৰক্ষা-প্ৰতিৰক্ষাৰ বাবে স্থাপিত এক বিশেষ আস্থান। গতিকে চকী হ’ল এখন ৰাজ্যৰ সীমাৰ প্ৰহৰীস্বৰূপ। হাদিৰাৰ চকীও আহোম ৰাজ্যৰ বাবে ঠিক তেনে এক অতন্দ্ৰ প্ৰহৰী।

চ্যুকাফাৰ আগমন, আহোম ৰাজ্য স্থাপন আৰু বিস্তাৰঃ হাদিৰাৰ ইতিহাসৰ বাবে আমি আহোম ৰাজ্যৰ স্থাপনৰ পৰা শৰাইঘাটৰ ৰণলৈকে ইতিহাস থূলমূলকৈ জানি ল’ব লাগিব। ত্ৰয়োদশ শতিকালৈকে কামৰূপেই আছিল বৰ্তমান অসমৰ মূল ৰাজ্য, এই অঞ্চল কামৰূপ নামেৰেই জনাজাত আছিল। ভাৰতৰ অন্যান্য ৰাজ্যৰ লগত এই ৰাজ্যৰ ঘনিষ্ঠ সম্বন্ধ আছিল। অসমৰ পূব প্ৰান্ত অৰ্থাৎ সৌমাৰত আছিল চুতীয়া ৰাজ্য, বৰাহী ৰাজ্য আৰু মৰাণসকলৰ এলেকা। মধ্য অসমৰ বহু অংশ বিস্তাৰিত হৈ আছিল কছাৰী ৰাজ্য। ১২২৮ খ্ৰীষ্টাব্দত নিজ সতীৰ্থসকলক লগত লৈ চ্যুকাফাৰ সৌমাৰ আগমন আৰু আহোম ৰাজ্য স্থাপন তথা এই ৰাজ্যৰ ৰজাসকলৰ দ্বাৰা ৰাজ্য বিস্তাৰৰ ফলত আহোম ৰাজ্য হৈ পৰে কামৰূপৰ মুখ্য ৰাজ্য আৰু এই ৰাজ্যৰ পৰাই কামৰূপৰ নাম অসম হৈ পৰে। আহোমসকলৰ আগমনৰ আগলৈকে কামৰূপৰ সংস্কৃতি সৰ্বভাৰতীয় সংস্কৃতিৰেই অংগ আছিল। ইতিমধ্যে বংগকে ধৰি ভাৰতৰ বিভিন্ন স্থানত মুছলমান চুলতানসকলে প্ৰতিপত্তি লাভ কৰিছিল। “ইয়াৰ পৰৱৰ্তী ইতিহাসত পূবৰ পৰা টাই-আহোমসকলে আৰু পশ্চিমৰ পৰা চুলতানসকলৰ প্ৰভাৱ বাঢ়ি আহি এক নতুন যুগৰ পাতনি মেলে, যি ক্ৰমে সংমিশ্ৰণত উদ্ভৱ হোৱা এক আছুতীয়া ইতিহাস গঢ় দিবলৈ লয়।” (১) পাতনি দীঘলীয়া নকৰি আমি যাব খুজিছোঁ ১৬৬২-৬৩ খ্ৰীষ্টাব্দলৈ।

লাচিত বৰফুকনঃ ১৬৬২ খ্ৰীষ্টাব্দত দিল্লীৰ মোগল বাদছাহ ঔৰঙ্গজেৱে সেনাপতি পাতি পঠিওৱা বঙ্গৰ নবাব মিৰজুমলাই আহোম ৰাজ্য আক্ৰমণ কৰি ৰাজধানী গড়গাঁওলৈকে অধিকাৰ কৰি ১৬৬৩ খ্ৰীষ্টাব্দৰ ১০ জানুৱাৰী তাৰিখে ঘিলাধাৰীঘাটত আহোমৰ বাবে অপমানজনক চুক্তি কৰি উভতি যায়। এই শোকতে নৱেম্বৰ মাহত স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যু হয় আৰু তেখেতৰ দদায়েকৰ পুতেক চক্ৰধ্বজ সিংহ সিংহাসনত বহি মোগলৰ পৰা কামৰূপ পুনৰুদ্ধাৰৰ সংকল্প লৈ মোমাই তামুলী বৰবৰুৱাৰ কনিষ্ঠ পুত্ৰ লাচিতক ঘোঁৰা কোঁৱৰ পাতি যুঁজৰ প্ৰস্তুতিৰ ভাৰ দিয়ে(২), গোপন কাম তথা অৰ্থনৈতিক পুনৰ সংগঠনৰ দায়িত্ব লয় আতন বুঢ়াগোঁহাইয়ে। অস্ত্ৰাগাৰত অস্ত্ৰ কম দেখি স্বৰ্গদেৱে বাহিৰৰ পৰা কোনেও গম নাপাবৰ বাবে “কাঁৰ-ঘৰ, খাৰ-ঘৰ গড়ৰ ভিতৰ কৰিলে।”(৩)

১৬৬৭ খ্ৰীষ্টাব্দত লাচিতৰ নেতৃত্বত অসমীয়া সৈন্যই কেবাটাও দুৰ্গ তথা গুৱাহাটী আৰু পাণ্ডু অধিকাৰ কৰি মোগল বাহিনীক মানস নৈলৈকে খেদি নিয়ে। স্বৰ্গদেৱে লাচিতক বৰফুকন পাতি গুৱাহাটীত বাহৰ পাতিবলৈ নিৰ্দেশ দিয়ে। মোগল সম্ৰাট ঔৰঙ্গজেৱে সেনাপতি পাতি পঠোৱা ৰাম সিংহই ১৬৬৯ খ্ৰীঃৰ মাৰ্চ মাহত গোৱালপাৰা পায়হি আৰু অচিৰেই গুৱাহাটীৰ উপকণ্ঠত উপস্থিত হয়। ৰাম সিংহক ৰুধিবলৈ লাচিতে একে ৰাতিৰ ভিতৰতে শৰাইঘাট কোঠত গড় মৰায়। প্ৰথমে অগ্ৰগতি লাভ কৰিছিল যদিও পাছত কেবাখনো ৰণত পৰাজিত হৈ মোগল সেনাই আলাবৈৰ পাহাৰত বাহৰ পাতে। পাহাৰৰ ওপৰত কোঠ মাৰি থকা মোগলৰ লগত যুদ্ধ কৰাত লাচিত অনিচ্ছুক আছিল যদিও স্বৰ্গদেউৰ আদেশক্ৰমে যুঁজত নামি ১০০০০ সৈনিকৰ মৃত্যুৰ ক্ষতিৰে উভতিব লগাত পৰে। ইয়াৰ পাছত প্ৰায় দুবছৰ দুয়ো পক্ষৰ মাজত কোনো যুঁজ নহয়।

শৰাইঘাটৰ ৰণঃ আলাবৈৰ ৰণত পৰাজয়ৰ শোকত চক্ৰধ্বজ সিংহই ইহলীলা সম্বৰণ কৰে আৰু সিংহাসনত অধিষ্ঠিত হয় উদয়াদিত্য সিংহ। তেনেতে ৰাম সিংহই সন্ধিৰ প্ৰস্তাৱ দিয়ে যদিও উদয়াদিত্য সিংহ মান্তি নহৈ পুনৰ ৰণ দিবলৈ আতন বুঢ়াগোঁহাই আৰু লাচিত বৰফুকনক আদেশ দিয়ে। সেই সময়ত লাচিতৰ আছিল তীৰকঁপে জ্বৰ। আনহাতে দৈৱজ্ঞও যুদ্ধৰ বাবে শুভক্ষণ মিলা নাই বুলি অসমীয়া সেনাক আগবাঢ়িবলৈ বাধা দিছিল। দৈৱজ্ঞৰ নিষেধত আৰু শাৰীৰিক-মানসিক কষ্টত বৰফুকনে চিঞৰি উঠিল ঃ “ হে জ্যোতিষী, স্বৰ্গদেউৰ আদেশলৈ অপেক্ষা নকৰি মই তোমাৰ শিৰেচ্ছদ কৰিম।” জ্যোতিষীয়ে শত্ৰুৰ লগত মিত্ৰতা কৰিছে বুলি বৰফুকনে অলপো সন্দেহ কৰা নাছিল।(৪)

ক্ষন্তেকৰ পাছতে দলৈয়ে ক’লে, “মই স্বৰোদৈ শাস্ত্ৰ মতে আক্ৰমণৰ শুভক্ষণ পাইছোঁ। এই ক্ষণতে ৰামচন্দ্ৰই ৰাৱণক আক্ৰমণ কৰিছিল।”(৫) লাচিতে জ্বৰৰ গাৰেই নাওত উঠে। মনোবল ঘূৰাই পাই ১৬৭১ খ্ৰীঃৰ মাৰ্চ মাহত অসমীয়া সেনাই বিশাল মোগল বাহিনীক শৰাইঘাটৰ ৰণত কচু কটা দিয়ে। পৰাজিত ৰাম সিংহই মানস নদীৰ পশ্চিমলৈ পিছুৱাই গৈ ১৬৭৭ খ্ৰীঃলৈকে বাহৰ পাতি ৰয়। সমগ্ৰ কামৰূপ আহোম ৰাজ্যৰ অংগ হৈ পৰে। লাচিত বৰফুকনে কটকীৰ জৰিয়তে বাতৰি পঠিয়ায়- “আমাৰ এখন পূবৰ্বৰ ধৰণে মানাহৰ মুখত পূবৰ্ব নিবন্ধে চকী দিলেগৈ।”(৬) হাদিৰা হৈ পৰে আহোম ৰাজ্যৰ শেষ সীমা, প্ৰতিৰক্ষাৰ দৃষ্টিৰে ইয়াত স্থাপন কৰা চকীয়েই অসমত হাদিৰাচকী আৰু বহিঃৰাজ্যত অসম চকী নামেৰে জনাজাত হয়। এইদৰে “আহোমসকলে হেৰুওৱা ৰাজ্য পুনৰ উদ্ধাৰ কৰে। এই খবৰ পাই স্বৰ্গদেৱে কয়- এতিয়াহে মই ভাতমুঠি শান্তি আৰু আনন্দত খাব পাৰিম।” (৭)

‘A series of encounters followed, but the Buranjis are confused, and it is impossible to follow the operations in details. The Garos and the Raja of Rani came to the assistance of the Ahoms and in March 1671, Ram Singh had become so weakened by repeated losses that he retreated, first to the Haran river, and afterwards to Rangamati. The news of his departure was conveyed to Udayaditya, who received it with great joy and loaded the Barphukan with presents. Hadira, opposite Goalpara, now became the Ahom frontier outpost. (৮)

শিখ গুৰু টেগ বাহাদুৰ আৰু শৰাইঘাটৰ ৰণঃ উল্লেখ্য যে ৰজা ৰাম সিংহই আহোমবাহিনীক যুঁজত ধূলিস্যাৎ কৰাৰ ঘটনা প্ৰত্যক্ষ কৰিবলৈ সেই সময়ত পাটনাত বাহৰ পাতি থকা নৱম শিখ গুৰু টেগ বাহাদুৰক লগত লৈ আহিছিল। কিন্তু তেওঁ শৰাইঘাটৰ ৰণত সংখ্যালঘু আহোম বাহিনীয়ে বিশাল মোগল বাহিনীক কচুকটা দিয়া দেখি সেই কথা সমগ্ৰ ভাৰততে বিশেষকৈ পঞ্জাৱত প্ৰকাশ কৰে।(৯)

ৰাম সিংহৰ প্ৰত্যাৱৰ্তনঃ আহোম বাহিনীৰ বিজয়ে শিখসকলক মোগলৰ বিৰুদ্ধে যুঁজিবলৈ অনুপ্ৰাণিত কৰে। দশম শিখ গুৰু গোবিন্দ সিংহই শিখসকলক এক যুঁজাৰু জাতি কৰি গঢ়ি তোলে আৰু পঞ্জাৱত তেঁওলোকে মোগলৰ বিৰুদ্ধে ৰণশিঙা বজায়। মোগল সাম্ৰাজ্যৰ দক্ষিণ-পশ্চিমত মাৰাঠাসকলে শিৱাজীৰ নেতৃত্বত বিজাপুৰ ৰাজ্যৰ অনেক ঠাই অধিকাৰ কৰাত ঔৰঙ্গজেৱৰ আদেশ অনুসৰি পৰাজয়ৰ গ্লানিৰে ৰাম সিংহ উভতি যায়।

তুংখুঙীয়া ফৈদৰ অভ্যুত্থানঃ ১৬৭২ খ্ৰীঃত লাচিতৰ মৃত্যুৰ পাছত বৰফুকন হয় ককায়েক লালুকসোলা। ১৬৭৩ খ্ৰীষ্টাব্দত দেবেৰা হাজৰিকাৰ সৈতে মিলি ভায়েক ৰামধ্বজ সিংহই স্বৰ্গদেউ উদয়াদিত্য সিংহক বিহ খুৱাই হত্যা কৰি নিজে সিংহাসনত বহে। অচিৰেই তেওঁ নিজেও ষড়যন্ত্ৰৰ বলি হয়। তুংখুঙীয়া ফৈদৰ গোবৰ কোঁৱৰে মাত্ৰ ২০ দিনৰ বাবে ৰাজত্ব কৰিবলৈ পায়। তেঁৱেই আছিল এই ফৈদৰ প্ৰথম ৰজা। ১৬৭৯ খ্ৰীঃত লালুকসোলাই বঙ্গৰ নবাবৰ লগত মিতিৰালি কৰি বিনা যুদ্ধে গুৱাহাটী মোগলক এৰি দিয়ে, বিনিময়ত মোগলে তেওঁক আহোম ৰাজ্যৰ স্বৰ্গদেউ পতাৰ প্ৰতিশ্ৰুতি দিয়ে। “পাছে সেইবেলা ঢাকাত পাৎসাৰ বেটা আজমতাৰা নবাব আছিল।” (১০) ফলত হাদিৰাচকীৰ গুৰুত্ব নোহোৱা হৈ পৰে।

১৬৮১ খ্ৰীঃত ভোটাই ডেকাই লালুকক হত্যা কৰে। ভিনিহিয়েক বন্দৰ বৰফুকন আদি বিষয়াৰ সহযোগত তুংখুঙীয়া ফৈদৰ গদাপাণিয়ে ল’ৰা ৰজাক বিতাৰিত কৰি আহোম সিংহাসন দখল কৰি গদাধৰ সিংহ নাম লয়। গদাপাণি আছিল গোবৰ কোঁৱৰৰ পুত্ৰ। তেওঁ দিহিঙীয়া আলুন বৰবৰুৱাৰ নেতৃত্বত পঠোৱা আহোম সেনাই ১৬৮২ খ্ৰীঃৰ ১৫ আগষ্টৰ ইটাখুলি ৰণত মোগল সেনাক পৰাজিত কৰি মানস নদীলৈকে সমস্ত কামৰূপ দখল কৰে। এয়েই আছিল আহোম-মোগলৰ শেষ ৰণ। হাদিৰাচকী হৈ পৰে পুনৰোজ্জীৱিত। সীমা শুল্ক আহৰণৰ মুখ্য দায়িত্ব দিয়া হয় দুৱৰীয়া বৰুৱা নামে এজন বিষয়াক, চতলা পাহাৰ হয় দুৱৰীয়া বৰুৱাৰ বাসস্থান আৰু বাঘবৰ পাহাৰ সীমা সুৰক্ষাৰ বেষ্টনী। ১৬৯৬ খ্ৰীঃত গদাধৰ সিংহৰ মৃত্যুৰ পাছত বৰপুত্ৰ ৰুদ্ৰ সিংহ ৰাজপাটত উঠে। ১৭১৩ খ্ৰীঃত বঙ্গৰ ফৌজদাৰে অতি কম সামগ্ৰীৰে বাণিজ্যিক নাও পঠোৱাৰ প্ৰস্তাৱ দিয়াত স্বৰ্গদেৱে জনায় যে মোগল সাম্ৰাজ্যৰ লগত নিয়মীয়া বাণিজ্যিক সম্পৰ্ক স্থাপন হোৱা উচিত আৰু সেই অঞ্চলৰ বেপাৰী গোৱালপাৰা আৰু যোগীঘোপা হৈ হাদিৰাচকীৰে উজাই আহক আৰু অসমীয়া সদাগৰে কান্দাহাৰ ওৰফে বঙ্গালচকীৰে মোগল সাম্ৰাজ্যৰ লগত বেহা-বেপাৰ কৰক। সেইমতে ব্যৱস্থা লোৱাত শতাধিক বছৰ হাদিৰা আহোম ৰাজ্যৰ অতি প্ৰয়োজনীয় চকী হৈ পৰে। “গোৱালপাৰাৰ সিপাৰে হাদীৰা বা ফুলৰাত আহোম ৰাজ্যৰ চকী আছিল, তাক হাদীৰাচকী বোলে, আৰু তাত হোৱা হাটক বঙ্গাল হাট বুলিছিল।”(১১) অসমৰ পৰা মুখ্যতঃ লা, কপাহ, মুগা সূতা, সৰিয়হ আৰু হাতী দাঁতৰ ৰপ্তানি হৈছিল। কিন্তু বাণিজ্যিক সমতা অসমৰ পক্ষত নাছিল, কাৰণ নিমখৰ বাবে অসম সম্পূৰ্ণৰূপে বঙ্গদেশৰ ওপৰত নিৰ্ভৰশীল আছিল। “হাদিৰাচকীত তোলা মাছুল আদিৰ পৰা আহোম ৰাজভঁৰাললৈ বছৰি ৬০,০০০ টকা উৎপন্ন হৈছিল।”(১২) প্ৰাপ্ত তথ্যমতে “বঙ্গাল হাটৰ পৰা অসমলৈ বছৰি ৬০,০০০ মোন লোণ আমদানি হৈছিল। মান-মৰাণৰ উপদ্ৰৱত অসমৰ আধা আধি প্ৰজা পৰালি পৰাৰ পাছতো ১৮২৪-২৫ খ্ৰীষ্টাব্দত অসমত বঙ্গালহটীয়া লোণ ২৫,০০০ মোন বিক্ৰী হৈছিল।”(১৩)

গোৱালপাৰাত ৰোচ আৰু লিয়ৰ নামে দুজন ইংৰাজ বেপাৰী আছিল, জিবলট আৰু কেম্পেনেক নামে দুজন ফৰাচী বেপাৰীও আছিল। ১৭৭৮ চনৰ ইংৰাজ আৰু ফৰাচীৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ফৰাচী বেপাৰী দুজনক বন্দী কৰি উভতাই পঠিওৱা হ’ল।(১৪) অসমৰ দুজন বেপাৰীক বস্তু ধাৰলৈ দি পাছত তেওঁলোকে টকা উভতাই নিদিয়াত ইংৰাজ বেপাৰীয়ে হাদিৰাৰ দুৱৰীয়া বৰুৱাৰ ওচৰত আৰ্জি দি বিশেষ ফল নধৰাত নিজে সসৈন্যে উজাই আহিছিল বুলিও ডঃ ভূঞাই উল্লেখ কৰিছে, পাছে স্বৰ্গদেৱে সেই সময়ত ৰাজ্যখনৰ আভ্যন্তৰীণ অৱস্থাৰ পৰিপ্ৰেক্ষিতত ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত যুদ্ধ দিয়াৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয়।

তথ্যসূত্ৰঃ

(১) শৰ্মা, পৃষ্ঠা ১২৫

(২) গোহাঞিবৰুৱাই দিয়া ‘তুংখুঙীয়া বুৰঞ্জী’ৰ উদ্ধৃতি দ্ৰষ্টব্য, পৃষ্ঠা ৮৪

(৩) বৰবৰুৱা, পৃষ্ঠা ১৮৫

(৪) ৰাজকুমাৰ, পৃষ্ঠা ৫৬৮ (ৰামসিংহই দৈৱজ্ঞক ভাৰ-ভেটী দি এনে কৰিবলৈ কোৱাৰ কথা বিশ্বাসযোগ্য হয়নে নহয় তাৰ বিচাৰ পাঠকৰ ওপৰত)

(৫) ৰাজকুমাৰ, পৃষ্ঠা ৫৬৮-৫৬৯

(৬) বৰবৰুৱা, পৃষ্ঠা ১৯৯

(৭) ৰাজকুমাৰ, পৃষ্ঠা ৫৫২

(৮) Gait , Page 157

(৯) হুছেইন, পৃষ্ঠা ২৬৮

(১০) বৰবৰুৱা, পৃষ্ঠা ২২৭

(১১) বৰবৰুৱা, পৃষ্ঠা ৩১৭, ‘হাদীৰাচকী’ বানান দ্ৰষ্টব্য

(১২) ভূঞা, পৃষ্ঠা ৮২

(১৩) ভূঞা, পৃষ্ঠা ৮৩

(১৪) ভূঞা, পৃষ্ঠা ৮৫

সহায়ক গ্ৰন্থপঞ্জীঃ

(১) A History of Assam, E.A. Gait

(২) অসমৰ বুৰঞ্জীঃ পদ্মনাথ গোহাঞিবৰুৱা

(৩) অসমৰ সংক্ষিপ্ত ইতিহাসঃ ডঃ তচদ্দুক আমানুল হুছেইন

(৪) আহোমৰ দিনঃ হিতেশ্বৰ বৰবৰুৱা

(৫) ইতিহাসে সোঁৱৰা ছশটা বছৰঃ সৰ্বানন্দ ৰাজকুমাৰ

(৬) Assam under the Ahoms, Uma Nath Gohain

(৭) প্ৰাচীন কামৰূপৰ গৌৰৱোজ্জ্বল কাহিনীবোৰঃ ডঃ প্ৰদীপ শৰ্মা

(৮) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহঃ ডঃ সূৰ্যকুমাৰ ভূঞা

আপুনিও ভাল পাব পাৰে!