Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

ইতিহাস আৰু ঐতিহ্য

ওদালগুৰি জিলাৰ ইতিহাস প্ৰসিদ্ধ মূৰাদেৱৰ দেৱালয়

post

Share

লেখিকাঃ ড ৰুমী কলিতা

বৰ্তমান ওদালগুৰি জিলাৰ সদৰ ওদালগুৰিৰ পৰা ২১ কিলোমিটাৰ দক্ষিণ পশ্চিম কোণত, কলাইগাঁও নগৰৰ পৰা ৯ কিলোমিটাৰ উত্তৰে প্ৰাক্‌ঐতিহাসিক মূৰাদেৱৰ দেৱালয় অৱস্থিত। দেৱালয়খনৰ মুঠ মাটি কালি হ’ল ১৩ বিঘা। ইয়াৰে ৮ বিঘা জলকালিৰ বৃহৎ আকাৰৰ এটি ৰাজহুৱা পুখুৰী আছে। বাকী স্থলকালি হ’ল ৫ বিঘা। প্ৰাপ্ত তথ্যমতে পূৰ্বতে দেৱালয়ৰ মূল মঠৰ ভিতৰত থকা ৮ ফুট দ কুণ্ডৰ সৈতে মাটিৰ তলেৰে এটি সুৰংগৰে পুখুৰীটো সংলগ্ন আছিল আৰু মঠত কৰা পূজা-পাৰ্বনৰ সময়ত কুণ্ডত অৰ্পণ কৰা ফুল-তুলসী আদি দ্ৰব্য পুখুৰীৰ পানীত ভাঁহি উঠিছিল। পৰৱৰ্তী সময়ত যিকোনো কাৰণতেই নহওক কিয় সুৰংগটি বন্ধ হোৱাত এইবোৰ দেখা নগৈছিল। এই দেৱালয়খন মনোৰম কাহিনী আৰু আকৰ্ষণীয় ঐতিহ্যৰে মহিমামণ্ডিত। অতীতত এইটো শিলৰ মন্দিৰ আছিল যদিও পিছৰ কালত বিশেষ ধৰণৰ ইটাৰে নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰৰ ইটাৰ লগত নগাঁৱৰ শিলঘাটৰ ভৈৰৱী দেৱালয়, তেজপুৰৰ মহাভৈৰৱী দেৱালয়ৰ ইটাৰ সাদৃশ্য আছে। সেয়ে এই দেৱালয়ৰ প্ৰতিষ্ঠাৰ সময় উক্ত দেৱালয়ৰ সমসাময়িক বুলি অনুমান কৰিব পাৰি। এই দেৱালয় সম্বন্ধে এটি প্ৰবাদ চলি আহিছে। কলাইগাঁৱৰ ওচৰৰ খাম্পাহোলাত থকা প্ৰাচীন মন্দিৰৰ পূজাৰীৰ ঘৰত কেন্দুকলাইৰ জন্ম হয়। কেন্দুকলাই সৰুৰে পৰা দেৱীভক্ত আছিল। কেন্দুকলায়ে দীৰ্ঘেশ্বৰী পাহাৰৰ পুষ্পভদ্ৰা নৈৰ পাৰৰ শিলাবেদীত বহি সদায় একান্ত মনে সাধনা কৰে। সাধনাত সন্তুষ্ট হৈ দেৱী কামাখ্যাই সোঁশৰীৰে দৃশ্যমান হৈ কেন্দুকলাইক দেখা দিয়ে। কেন্দুকলাই পূজাৰ মন্ত্ৰাদিৰ উপৰি সংগীত আৰু নৃত্যতো অতি পাৰ্গত আছিল সেয়ে দেৱীয়ে দৰ্শন দি পূজাত তুষ্ট হৈ আনন্দত নৃত্য কৰে। যেতিয়া দেৱীয়ে নৃত্য কৰে তেতিয়া কেন্দুকলায়ে চাপৰি বজায় আৰু দেৱীয়ে আনন্দতে উলংগ হৈ নৃত্য কৰে। এই নৃত্য কেন্দুকলাইৰ বাদে অন্য ব্যক্তিয়ে চোৱা নিষিদ্ধ আছিল। আনকি দেৱীয়ে এই কথা আনৰ আগত প্ৰকাশ নকৰিবলৈও কেন্দুকলাইক সতৰ্ক কৰি দিছিল। সেই সময়ত কোচ ৰজা মহাৰাজ নৰনাৰায়ণে কেন্দুকলাইক মন্দিৰৰ পূজাৰী নিয়োগ কৰিছিল দেৱীৰ দৰ্শনৰ কথা মহাৰাজ নৰনাৰায়ণৰ কাণত পৰিল। ৰজাই নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ কেন্দুকলাইক খাটনি ধৰিলে। প্ৰথমে অমান্তি হৈছিল যদিও ৰজাৰ অনুৰোধত কুন্দ্ৰাক্ষৰ পথেৰে গোপনে চাবলৈ কৈছিল। যথা সময়ত কেন্দুকলায়ে পূজা আৰম্ভ কৰিলে আৰু দেৱীৰ উলংগ নৃত্য পূৰ্বপৰিকল্পিতভাৱে ৰজাই দৰ্শন কৰিবলৈ সাজু হ’ল। কিন্তু অন্তৰ্যামী দেৱীয়ে অজ্ঞাতে থকা নৰনাৰায়ণ ৰজাক দেখা পালে। মহামায়া কামাখ্যাই গোপনীয়তা ভংগৰ অপৰাধত গালত এটা চৰ শোধাই কেন্দুকলাইৰ মূৰটো ছিঙি পেলালে আৰু সেই মূৰ উফৰি গৈ কেন্দুকলাইৰ জন্মস্থান দেৱৰত পৰে। তেতিয়াৰ পৰাই দেৱৰৰ নাম মূৰাদেৱৰ হয়। লগতে ৰজা নৰনাৰায়ণকো শাপিলে— ‘আজিৰ পৰা তোমাৰ বংশৰ কোনেও কামাখ্যা দৰ্শন কৰিব নোৱাৰিব, কৰিলে মুণ্ডেচ্ছদ হ’ব আৰু পৃথিৱীত বংশ নাথাকিব।’ এই জনপ্ৰবাদ পুৰুষে পুৰুষে চলি আহিছে। সেইবাবে নৰনাৰায়ণ, চিলাৰায়ৰ বংশধৰসকলে এতিয়াও কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ নাযায়। নৰনাৰায়ণ মহাৰাজে পুৰোহিত কেন্দুকলাইৰ নামটি স্মৰণীয় কৰাৰ উদ্দেশ্যে কেন্দুকলাইৰ মূৰটি পৰা ঠাইত এটি মন্দিৰ সাজি দেৱোত্তৰ ভূমি দান কৰিলে। দেৱোত্তৰ ভূমি ছয়শ ছাপন্ন বিঘা তিনি কঠা ওঠৰ লেচা। লগতে মন্দিৰৰ ওচৰতে বৃহৎ পুখুৰী এটিও খন্দাই দিয়ে। নতুন মণিকূট আৰু নামঘৰৰ ভিতৰত থকা গভালৰ (কুণ্ড) সোঁমাজতে শিলৰ দণ্ডস্তম্ভৰ গাত খোদিত শিৱলিংগ, পাৰ্বতী যোনী মুদ্ৰা চিত্ৰাৱলী সম্বলিত দণ্ডস্তম্ভসমূহ বৰ্তমানে ভগ্নপ্ৰায় অৱস্থাত আছে। মূল মঠৰ কুণ্ড গুৱাহাটীৰ নীলাচল পাহাৰত থকা কামাখ্যা দেৱালয়ৰ মূল কুণ্ডৰ সৈতে সাদৃশ্য পৰিলক্ষিত হয়। মূল মন্দিৰৰ উত্তৰে ভৈৰৱী, মনসা আৰু কেঁচাইখাইতী গোসাঁনীৰ থান আছে। এসময়ত ইয়াত নৰবলি প্ৰথাও প্ৰচলিত আছিল। নৰবলিৰ দা আৰু বলিশাল দেৱালয়ৰ ওচৰতে সংৰক্ষিত হৈ আছে। ব’হাগ মাহৰ প্ৰথম দিনটোত ইয়াত দেউল উৎসৱ অনুষ্ঠিত হয়। মূল মঠৰ শৈলদ্বাৰৰ উৰ্দ্ধাংশত স্পষ্ট ৰূপত আদিপূজ্য শ্ৰীগণেশ দেৱতাৰ খোদিত মূৰ্তি বিদ্যমান। শৈলদ্বাৰৰ দক্ষিণাংশৰ সোঁফালে নিম্নাংশত পাৰ্বতী আৰু উত্তৰাংশৰ নিম্নাংশত শিৱৰ মূৰ্তি খোদিত কৰা আছে। শিলৰ ভাস্কৰ্যৰ পৰা ইয়াৰ নিৰ্মাণকাৰ্য নৱম-দশম শতিকাৰ বুলি কোৱাৰ থল আছে। মঠৰ সংলগ্ন দেৱালয়ত ভিন্নৰূপী শিৱলিংগ, যোনি লিংগ পদ্মপুষ্পাকৃতিৰ যোনি লিংগ লক্ষ্মী-সৰস্বতী, নৰসিংহৰ বিগ্ৰহ, নাগ পঞ্চমী, মনসা বিগ্ৰহ, কেঁচাইখাইতীৰ বিগ্ৰহ আদিয়ে সাধাৰণতে দেৱালয়ৰ মাহাত্ম্য প্ৰকাশ কৰিছে। এই দেৱালয়খন আদিৰে পৰা তান্ত্ৰিক পূজা সেৱাৰে জড়িত। হিন্দু ধৰ্মাৱলম্বী লোকৰ বাহিৰেও অন্য ধৰ্মৰ যাত্ৰীসকলেও ইয়ালৈ আহি সেৱা জনোৱা দেখা যায়। এই দেৱালয়খন এই অঞ্চলৰ এখন ডাঙৰ তীৰ্থস্থান।

আপুনিও ভাল পাব পাৰে!