লেখিকাঃ এনী ভূঞা
বসন্তৰ মধুৰ পৰশত বিনন্দীয়া পৃথিৱী প্ৰাণোচ্ছল হৈ উঠে সুদীৰ্ঘ বছৰটিৰ অন্তত পদূলিত ব’হাগৰ পদ্ধ্বনিত অসমীয়া জাতিৰ হিয়াৰ আমঠু বিহু এক সাংস্কৃতিক উৎসৱ৷ বিহুৰ মাজত নিহিত হৈ আছে মানুহৰ মনৰ সৌন্দৰ্যবোধ হৃদয়ৰ আৱেগ আৰু সমন্বয়ৰ অনুভৱ৷ অসমীয়া সংস্কৃতি এক সন্মিলিত সংস্কৃতি৷ আমাৰ বাপতি সাহোন বিহুৰ বুকুত বিভিন্ন ধৰণৰ সংস্কৃতিৰ সম্পদে ঠাহ খাই আছে৷ প্ৰকৃতিৰ অনবদ্য সম্ভাৰেৰে ভৰপূৰ এই বিহুটি প্ৰাকৃতিক পৰিৱেশৰ লগত জড়িত হৈ আছে৷ বিভিন্ন সংস্কৃতিৰ ভিতৰত ব’হাগৰ আগমনৰ আগমূহুৰ্তত চ’ত মাহত ৰাতি বিহু পালন কৰা হয়৷ ৰাতি বিহু বৰ্তমান বিলুপ্ত সংস্কৃতিলৈ ৰূপান্তৰিত হৈছে ৷
ৰাতি বিহু পালন কৰা হৈছিল উজনি অসমৰ গাওঁ সমূহত সম্পূৰ্ণ চ’ত মাহটোত সন্ধিয়াৰ পৰা দোভাগ নিশা লৈকে৷ এই বিহু মানুহৰ ঘৰ বা চোতালত উদ্যাপন কৰা নাছিল, ইয়াক গাঁৱৰ পথাৰত উদ্যাপন কৰা হৈছিল৷ এই বিহু যৌৱনপ্ৰাপ্ত ডেকা-গাভৰুৱে অনুষ্ঠিত কৰিছিল৷ এই বিহুত পুৰুষ-মহিলা, বয়োজ্যেষ্ঠ লোক অথবা সৰু ল’ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰিব নোৱাৰিছিল যদিও প্ৰত্যক্ষ কৰিব পাৰিছিল ৷
ৰাতি বিহু মৰাণ জনজাতিৰ ঐতিহাসিক সাংস্কৃতিক পৰিক্ৰমাৰ বাহক স্বৰূপ৷ ৰাতি বিহু মৰাণ সংস্কৃতিৰ স্বকীয় বৈশিষ্ট্য আৰু ঐতিহ্য দাঙি ধৰিছে৷ ৰাতি বিহুত যোজনা , ঘোষা নাম, প্ৰেম-প্ৰণয়ৰ বিহুগীতো গোৱা হৈছিল৷ ই ৰাতি বিহুৰ এক প্ৰচলিত পৰম্পৰা আছিল৷ ই হৈছে গাঁৱৰ ডেকাই সাজি লোৱা দুই কোঠালিযুক্ত ঐতিহ্যমণ্ডিত বিহুঘৰত নিশা কটকটীয়া বান্ধোনৰ মাজেৰে ডেকা-গাভৰুৱে একেলগে মৰা বিহু৷ গোটেই চ’ত মাহ জুৰি ব’হাগ বিহুৰ আগদিনালৈকে ৰাতি বিহু মৰা হয়৷ প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশৰ মাজত কেতবোৰ নীতি-নিয়মৰ মাজেৰে কৰা ৰং-ৰহইচৰ নিভাঁজ ৰূপ পৰিস্ফুট হয়৷ ডেকা-গাভৰুৰ ভাব বিনিময়ৰ সুযোগ আনি দিলেও ৰাতি বিহুৰ গীত-মাত মাৰ্জিত আৰু শালীনতা বোধ ৰক্ষা কৰি নৃত্য পৰিৱেশন কৰা হয়৷
ৰাতি বিহুৰ প্ৰচলনে সেই সময়ৰ গাওঁবোৰৰ ডেকা-গাভৰুৰ মাজত মিলা-প্ৰীতি ভাব আৰু বন্ধুত্বৰ এনাজৰী দৃঢ় কৰিছিল৷ আধুনিকতাৰ পৰশ পৰা গাওঁসমূহত বৰ্তমান ৰাতি বিহুৰ প্ৰচলন নাইকীয়া হ’ল৷ বহুতে ৰাতি বিহু মাৰিবলৈ সংকোচো কৰা হ’ল৷ এনেদৰেই সময়ৰ সোঁতত উটি গৈ ৰাতি বিহু অসমৰ এক হেৰোৱা সংস্কৃতি ৰূপে পৰিগণিত হ’ল ৷