Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

কলা আৰু সংস্কৃতি

ৰাতি বিহু

post

Share

লেখিকাঃ এনী ভূঞা

বসন্তৰ মধুৰ পৰশত বিনন্দীয়া পৃথিৱী প্ৰাণোচ্ছল হৈ উঠে  সুদীৰ্ঘ বছৰটিৰ অন্তত পদূলিত ব’হাগৰ পদ্‌ধ্বনিত অসমীয়া জাতিৰ  হিয়াৰ আমঠু বিহু এক সাংস্কৃতিক উৎসৱ৷ বিহুৰ মাজত নিহিত হৈ আছে মানুহৰ মনৰ সৌন্দৰ্যবোধ হৃদয়ৰ আৱেগ আৰু সমন্বয়ৰ অনুভৱ৷ অসমীয়া সংস্কৃতি এক সন্মিলিত সংস্কৃতি৷ আমাৰ বাপতি সাহোন বিহুৰ বুকুত বিভিন্ন ধৰণৰ সংস্কৃতিৰ সম্পদে ঠাহ খাই আছে৷ প্ৰকৃতিৰ অনবদ্য সম্ভাৰেৰে ভৰপূৰ এই বিহুটি প্ৰাকৃতিক পৰিৱেশৰ লগত জড়িত হৈ আছে৷ বিভিন্ন সংস্কৃতিৰ ভিতৰত ব’হাগৰ আগমনৰ আগমূহুৰ্তত চ’ত মাহত ৰাতি বিহু পালন কৰা হয়৷ ৰাতি বিহু বৰ্তমান বিলুপ্ত সংস্কৃতিলৈ ৰূপান্তৰিত হৈছে ৷

ৰাতি বিহু পালন কৰা হৈছিল উজনি অসমৰ গাওঁ সমূহত সম্পূৰ্ণ চ’ত মাহটোত সন্ধিয়াৰ পৰা দোভাগ নিশা লৈকে৷ এই বিহু মানুহৰ ঘৰ বা চোতালত উদ্‌যাপন কৰা নাছিল, ইয়াক গাঁৱৰ পথাৰত উদ্‌যাপন কৰা হৈছিল৷ এই বিহু যৌৱনপ্ৰাপ্ত ডেকা-গাভৰুৱে অনুষ্ঠিত কৰিছিল৷ এই বিহুত পুৰুষ-মহিলা, বয়োজ্যেষ্ঠ লোক অথবা সৰু ল’ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰিব নোৱাৰিছিল যদিও প্ৰত্যক্ষ কৰিব পাৰিছিল ৷

ৰাতি বিহু মৰাণ জনজাতিৰ ঐতিহাসিক সাংস্কৃতিক পৰিক্ৰমাৰ বাহক স্বৰূপ৷ ৰাতি বিহু মৰাণ সংস্কৃতিৰ স্বকীয় বৈশিষ্ট্য আৰু ঐতিহ্য দাঙি ধৰিছে৷ ৰাতি বিহুত যোজনা , ঘোষা নাম, প্ৰেম-প্ৰণয়ৰ  বিহুগীতো গোৱা হৈছিল৷ ই ৰাতি বিহুৰ এক প্ৰচলিত পৰম্পৰা আছিল৷ ই হৈছে গাঁৱৰ ডেকাই সাজি লোৱা দুই কোঠালিযুক্ত ঐতিহ্যমণ্ডিত বিহুঘৰত নিশা কটকটীয়া বান্ধোনৰ মাজেৰে ডেকা-গাভৰুৱে একেলগে মৰা বিহু৷ গোটেই চ’ত মাহ জুৰি ব’হাগ বিহুৰ আগদিনালৈকে ৰাতি বিহু মৰা হয়৷ প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশৰ মাজত কেতবোৰ নীতি-নিয়মৰ মাজেৰে কৰা ৰং-ৰহইচৰ নিভাঁজ ৰূপ পৰিস্ফুট হয়৷ ডেকা-গাভৰুৰ ভাব বিনিময়ৰ সুযোগ আনি দিলেও ৰাতি বিহুৰ গীত-মাত মাৰ্জিত আৰু শালীনতা বোধ ৰক্ষা কৰি নৃত্য পৰিৱেশন কৰা হয়৷

ৰাতি বিহুৰ প্ৰচলনে সেই সময়ৰ গাওঁবোৰৰ ডেকা-গাভৰুৰ মাজত মিলা-প্ৰীতি ভাব আৰু বন্ধুত্বৰ এনাজৰী দৃঢ় কৰিছিল৷ আধুনিকতাৰ পৰশ পৰা গাওঁসমূহত বৰ্তমান ৰাতি বিহুৰ প্ৰচলন নাইকীয়া হ’ল৷ বহুতে ৰাতি বিহু মাৰিবলৈ সংকোচো কৰা হ’ল৷ এনেদৰেই সময়ৰ সোঁতত উটি গৈ ৰাতি বিহু অসমৰ এক হেৰোৱা সংস্কৃতি ৰূপে পৰিগণিত হ’ল ৷

আপুনিও ভাল পাব পাৰে!