কলা আৰু সংস্কৃতি

আশাৰীকান্দিৰ টেৰাকোটা শিল্প

post

Share

লেখকঃ প্ৰণৱ ফুকন

উপক্ৰমণিকাঃ আমি সকলোৱে নিশ্চয় দিল্লীৰ কৰ্ত্তব্য পথত অনুষ্ঠিত ৭৭-তম গণতন্ত্ৰ দিৱসৰ কুচ-কাৱাজত এইবছৰ অসমৰ চিত্ৰপটত প্ৰদৰ্শিত এক বিশেষ শিল্পৰ ৰূপৰেখা দেখি সকলো মুগ্ধ হৈছো। ইয়াত প্ৰদৰ্শন কৰা হৈছে ধুবুৰী জিলাৰ আশাৰীকান্দি নামৰ এখন গাঁৱৰ টেৰাকোটাৰ নিদৰ্শন। এই প্ৰদৰ্শনে নিশ্চয়কৈ এই গাওঁ আৰু এই শিল্প জগতসভালৈ লৈ যাব। কিন্তু আমি কিমানে বাৰু এই শিল্প আৰু তাৰ ঐতিহ্যৰ বিষয়ে অৱগত? আজি ইয়াৰ বিষয়ে লিখাৰ প্ৰয়াস কৰিছোঁ।

টেৰাকোটাঃ প্ৰথমে জানিবলৈ চেষ্টা কৰোঁ টেৰাকোটা মানে কি? টেৰাকোটা এবিধ মৃৎ শিল্প। এই শব্দটো শুনাৰ লগে লগে আমাৰ মনলৈ আহে এই শিল্প নিশ্চয় মাটিৰে তৈয়াৰ কৰা কিছু সামগ্ৰীৰ উমৈহতীয়া নাম। আমি ঠায়ে-ঠায়ে দেখা কুমাৰসকল, তেওঁলোকৰ চকাটো আৰু ঘূৰি থকা চকাটোৰ ওপৰত অকণমান মাটি ৰাখি কুমাৰে হাতেৰে গঢ় দিয়া সামগ্ৰীসমূহেই হয়তো একেবাৰে বুনিয়াদী মৃৎ শিল্প। কুমাৰসকলে এবিধ বিশেষ মাটিৰে সামগ্ৰী তৈয়াৰ কৰে; এই মাটিক কুমাৰ মাটি বোলা হয়। তেওঁলোকে দৈনন্দিন ব্যৱহাৰ্য্য সামগ্ৰী, যেনে কলহ, মলা, চৰু তথা কিছুমান সাজ-সজ্জাৰ সামগ্ৰী, শিশুৰ খেলাৰ সামগ্ৰী তৈয়াৰ কৰে।

এই আশাৰীকান্দি টেৰাকোটাৰ বিশেষত্বনো কি? আশাৰীকান্দি আৰু উপকণ্ঠ অঞ্চলত এবিধ বিশেষ ধৰণৰ মাটি পোৱা যায়, যাক হীৰামাটি বোলা হয়। এই মাটিৰে তৈয়াৰী সামগ্ৰী সাধাৰণ কুমাৰ মাটিৰে তৈয়াৰী সামগ্ৰীৰ দৰে ঠুনুকা নহয় আৰু তুলনামূলকভাৱে অনেক বেছি মনোগ্ৰাহী। সেয়ে শিল্পৰ বাবে এই মাটি অতি উপযোগী। আমি সততে দেখা প্ৰাচীন বহু সভ্যতাৰ খননকাৰ্য্যত উদ্ধাৰ হোৱা টেৰাকোটাৰ সামগ্ৰী বহু শতিকাৰ পাছতো প্ৰায় অক্ষুন্ন অৱস্থাত আছে। উল্লেখ্য যে এই শিল্পক সাধাৰণতে ইংৰাজী নাম terracotta বা টেৰাকোটা নামেৰেই জনা যায়।

স্বাভাৱিকতে মনলৈ প্ৰশ্ন আহেঃ হীৰামাটি কি? কুমাৰ মাটিৰ সৈতে ইয়াৰ কিবা পাৰ্থক্য আছে নেকি? আশাৰীকান্দি আৰু ওচৰে-পাজৰে এই মাটি পোৱাৰ কিবা বিশেষ কাৰণ আছে নেকি? হীৰামাটি এবিধ লেকেটীয়া মাটি। এই মাটিত কিছু বালি মিহলোৱা হয়। কুমাৰ মাটিও লেকেটীয়া; কিন্তু ইয়াত বালি মিহলোৱা নহয়। হয়তো বালি মিহলোৱাৰ বাবে মাটিৰ গুণগত চৰিত্ৰ সলনি হৈ হীৰামাটি হৈ পৰে।

হীৰামাটিৰ ব্যৱহাৰঃ আশাৰীকান্দি গাঁৱৰ টেৰাকোটা শিল্পৰ বাবে হীৰামাটি অত্যাৱশ্যþকীয় কেঁচামাল। ইয়াৰ শিল্পীসকলে হীৰামাটিৰেই সকলো সামগ্ৰী আৰু শিল্পকৰ্ম নিৰ্মাণ কৰে।

হীৰামাটিৰ গুণাগুণঃ হীৰামাটি যিহেতু অতি লেকটীয়া আঠাৰ দৰে, সেয়ে এই মাটিৰে সামগ্ৰীসমূহৰ আকাৰ-আকৃতি দিয়া সহজ হয়। তদুপৰি এনে মাটিৰ গুণাগুণৰ বাবে সামগ্ৰীত বলবত্তা, সুন্দৰ সমাপ্তি আৰু বহুদিনলৈ বৰ্ত্তি থকাকৈ নিৰ্মাণ কৰিব পাৰি।

হীৰামাটিৰে সামগ্ৰী নিৰ্মাণঃ প্ৰথমে লেকেটীয়া মাটিখিনি পানীত ভালদৰে ধোৱা হয়, তাত থকা অশুদ্ধিবোৰ আঁতৰোৱা হয় যাতে তৈয়াৰ কৰা সামগ্ৰীসমূহত ফাঁট নেমেলে। তাৰ পাচত কিছু বালি মিহলাই হাতেৰে মোহৰা হয়। বিখ্যাত হাতিমা পুতলা তৈয়াৰ কৰিবলৈ এই মাটি অতি উপযুক্ত।

হীৰামাটি আৰু কুমাৰমাটিৰ পদ্ধতিৰ মাজত পাৰ্থক্যঃ কুমাৰ মাটিৰে সামগ্ৰী তৈয়াৰ কৰিবলৈ কুমাৰসকলে এটা বিশেষ ধৰণৰ চকা ব্যৱহাৰ কৰে। এই চকাৰ মাজভাগত অকণমান মাটি থৈ কুমাৰে হাতেৰে বিভিন্ন ৰূপ দি বেলেগ-বেলেগ সামগ্ৰী, যেনে কলহ, টেকেলী, ভুৰুকা আদি তৈয়াৰ কৰে; দুই-এবিধ সজোৱা বস্তু, শিশুৰ খেলাৰ সামগ্ৰী সাজে। আনহাতে আশাৰীকান্দিৰ শিল্পীসকলে কোনো চকা ব্যৱহাৰ নকৰে; বালি মিহলোৱা মাটিৰে সকলো সামগ্ৰী হাতেৰে তৈয়াৰ কৰে। এই সামগ্ৰীসমূহ তৈয়াৰ কৰি সূৰ্য্যৰ তাপত শুকুৱাই পাছত পোৰা হয়। এইদৰে পুৰিলে বস্তুবোৰত কঠিনতা আহি পৰে আৰু কুমাৰৰ সামগ্ৰীৰ তুলনাত স্থায়ী হয়।

আশাৰীকান্দিৰ অৱস্থানঃ আশাৰীকান্দি ধুবুৰী জিলাৰ দেৱীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন গাঁও। গাওঁখন ব্ৰহ্মপুত্ৰৰ উপনৈ গদাধৰৰ পাৰত অৱস্থিত; তদুপৰি ব্ৰহ্মপুত্ৰৰ পৰাও দূৰত্ব নিচেই কম। গতিকে জল পৰিবহণত ইয়াৰ টেৰাকোটা শিল্পীসকলে যথেষ্ট সুবিধা পায়। তদুপৰি গৌৰীপুৰ আৰু ধুবুৰীৰপৰা স্থল পৰিবহণৰো সুবিধা আছে। এই গাঁও ধুবুৰী চহৰৰ পৰা ১৪ কিঃমিঃ নিলগত অৱস্থিত। গৌৰীপুৰত অৱস্থিত ইয়াৰ নিকটৱৰ্তী ৰেল ষ্টেচনলৈ দূৰত্ব প্ৰায় ৮ কিঃমিঃ। আশাৰীকান্দি ৰূপসী বিমানবন্দৰৰ পৰা ১৪ কিঃমিঃ নিলগত অৱস্থিত। ধুবৰী চহৰৰ পৰা গৌৰীপুৰ চহৰলৈ নিয়মীয়া বাছ চলাচল কৰে। ঐতিহাসিক তথা বিশ্ব বিখ্যাত আশাৰীকান্দি টেৰাকটা শিল্প গাঁৱৰ মুঠ ১৬০টা পৰিয়ালৰ প্ৰজন্মৰ পাছত প্ৰজন্মই পোৰা মাটিৰ পাত্ৰ আৰু টেৰাকোটা মৃৎ শিল্পৰ লগত জড়িত হৈ জীৱিকা নিৰ্বাহ কৰি আহিছে।

আশাৰীকান্দি নামৰ উৎপত্তিঃ জনশ্ৰুতি মতে আশাৰীকান্দি নামটো ‘আশাৰ’ আৰু ‘কান্দি’ শব্দ দুটাৰ সংমিশ্ৰণৰ পৰা সৃষ্টি হৈছে। অসমীয়া দিনপঞ্জী অনুসৰি আহাৰ হ’ল বছৰৰ তৃতীয় মাহ; এই মাহটোক গোৱালপৰীয়া উপভাষাত ‘আশাৰ’ বা ‘আশ্বাৰ’ বোলা হয়। আমি সকলোৱে জানো ‘কান্দি’ মানে কান্দোন। আহাৰ মাহত অসমত প্ৰবল বৃষ্টিপাত হয়। স্থানীয় জনশ্ৰুতি মতে আহাৰ মাহৰ বৰষুণৰ বাবে বানপানী হয়। বানপানীৰ তাণ্ডৱৰ ফলত স্থানীয় লোকসকলৰ চকুলো বৈ যায়। মৃৎ শিল্পৰ লগত জড়িত শিল্পী সকলে তেওঁলোকৰ সামগ্ৰী তৈয়াৰ কৰা , শুকুওৱা, পোৰা আৰু বাৰিষাকালৰ আগতে উৎপাদন কৰা সামগ্ৰীবোৰ ভালদৰে সংৰক্ষণ কৰিব  নোৱাৰা হয়। গতিকে তেওঁলোকে কান্দি উঠা স্বাভাৱিক। সেয়ে এই নাম।

আশাৰীকান্দিৰ টেৰাকোটা শিল্পঃ উনবিংশ শতিকাৰ আৰম্ভণিতে মৃৎ শিল্পৰ লগত জড়িত কেইটামান পৰিয়ালে পূৱ বংগৰ (বৰ্তমানৰ বাংলাদেশ) পৰা আশাৰীকান্দিলৈ আহি বসতি স্থাপন কৰে। তেওঁলোক বাংলাভাষী পাল জনগোষ্ঠীৰ লোক। পালসকল হ’ল বংগৰ কুমাৰ। হীৰামাটি সহজলভ্য হোৱাৰ বাবে আৰু পৰিবহণৰ সুবিধাৰ  গুৰুত্ব উপলব্ধি কৰি তেওঁলোকে টেৰাকোটা তথা মৃৎ শিল্পৰেই জীৱিকা নিৰ্বাহত ব্ৰতী হয়। তেওঁলোকে আগেয়ে  তৈয়াৰ কৰি অহা সামগ্ৰীৰ উপৰিও অনেক অভিনৱতা আনিবলৈ চেষ্টা চলাই যায়। এইদৰে অসমৰ বৈশিষ্ট্যপূৰ্ণ টেৰাকোটা মৃৎ শিল্পৰ জন্ম হয়। আজিও এই গাঁৱৰ অধিকাংশ পৰিয়াল এই পাৰম্পৰিক শিল্পৰ লগত জড়িত। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত টেৰাকোটাৰ সামগ্ৰীৰ সমাদৰৰ বাবে তেওঁলোকৰ জীৱন নিৰ্বাহ সুচল হৈছে। বৰ্তমানে ধুবুৰী জিলাৰ টেৰাকোটা মৃৎ শিল্পই বিশ্ব দৰবাৰত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য শিল্পীঃ আশাৰীকান্দি গাঁৱৰ অজস্ৰ কলাকুশলীৰ ভিতৰত প্ৰয়াত সৰলা বালা দেৱী বিশেষভাবে উল্লেখযোগ্য। তেওঁৰ অভিনৱ কৃতিৰ বাবে ১৯৮২ চনত মৃৎ শিল্পৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল। তেওঁ নিৰ্মাণ কৰা হাতিমা পুতলা নামে জনাজাত কোলাত শিশু থকা এগৰাকী সুন্দৰী মহিলাৰ পুতলায়ে গাঁওখনলৈ খ্যাতি কঢ়িয়াই আনিছিল। সৰলা বালা দেৱীৰ সন্তান ধীৰেন্দ্ৰ নাথ পাল টেৰাকোটা শিল্পৰ ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ত প্ৰশংসিত ওজা শিল্পী। মহাদেৱ পাল নামৰ এজন শিল্পীৰদ্বাৰা সৃষ্ট গণেশৰ মূৰ্তি আন এক উল্লেখযোগ্য শিল্পকৰ্ম, যাৰ বাবে তেওঁ মৃৎ শিল্পৰ ৰাজ্যিক বঁটা লাভ কৰিছিল। এই গাঁৱত আৰু কেবাজনো প্ৰতিভাবান শিল্পী আছে।

আশাৰীকান্দি টেৰাকোটা শিল্পৰ উন্নয়নৰ বাবে লোৱা পদক্ষেপঃ আশাৰীকান্দিত উত্তৰ পূব শিল্প আৰু গ্ৰাম্য উন্নয়ন সংস্থা (North East Craft And Rural Development Organisation, চমুকৈ NECARDO), নামৰ বেচৰকাৰী সন্থা (NGO) এটাই ৰাষ্ট্ৰসঙ্ঘৰ উন্নয়ন প্ৰকল্প (United Nations Development Programme, চমুকৈ UNDP)-ৰ ৰূপায়ণৰ বাবে আগবাঢ়ি আহিছে। এই প্ৰকল্পৰ অধীনত টেৰাকোটা মৃৎ শিল্প আৰু ইয়াৰ সংস্কৃতি ৰক্ষা আৰু উন্নয়ন তথা ইয়াৰ কলা-কুশলীসকলৰ শিল্প আৰু আৰ্থ-সামাজিক বিকাশ বাবে ২০০৬ চনৰপৰা কাম কৰি আছৈ। গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনা দেখি অসম চৰকাৰে গাঁওখনক মডেল গাঁও হিচাপে ঘোষণা কৰি গ্ৰাম্য পৰ্যটন প্ৰকল্পৰ অধীনলৈ আনিছে। ২০২০ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে ৰেডিঅ’ যোগে প্ৰচাৰিত ‘মন কি বাত’ত  ‘ভকেল ফৰ লকেল’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ কথা কওঁতে আশাৰীকান্দিৰ টেৰাকোটা শিল্পৰ বিষয়ে উল্লেখ কৰিছিল। NECARDO-য়ে আশাৰীকান্দি উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ টেৰাকোটা আৰু অন্যান্য মৃৎ শিল্পৰ অঞ্চল বুলি ঘোষণা কৰিছে।

ওপৰত উল্লেখিত প্ৰকল্পৰ অধীনত ধুবুৰী জিলাৰ উপায়ুক্তই “Rural Tourism Project on Terracotta craft cluster of Asharikandi in Dhubri District, Assam” শীৰ্ষক প্ৰতিবেদন দাখিল কৰিছে। সেই অনুসৰি আশাৰীকান্দি গাঁও টেৰাকোটাৰ বাবে চৰকাৰৰ পৰ্য্যটন চক্ৰলৈ অনা হৈছে। পৰ্য্যটকৰ সুবিধাৰ্থে কৰা কামৰ ফলত এই গাঁৱলৈ বিভিন্ন ঠাইৰ পৰ্য্যটক আহি গোটেই গাঁৱৰ শিল্প কৰ্ম চাই কিছু কিনিও নিছে; গতিকে আশাৰীকান্দি গাঁৱৰ টেৰাকোটা শিল্পৰ সমাদৰ বৃদ্ধি পাইছে আৰু শিল্পীসকলৰ জীৱিকা সুচল হৈছে।

আন এটি সন্থা যি আশাৰীকান্দিৰ শিল্প আৰু শিল্পীসকলৰ বাবে কাম কৰি আছে  সেয়া হ’লঃ আশাৰীকান্দি টেৰাকোটা আৰু মৃৎ শিল্প উন্নয়ন সমিতি (ATAPDC- Asharikandi Terracotta And Pottery Development Committee) নামৰ এটা স্বেচ্ছাসেৱী সন্থা। ইয়াত জিলা পৰ্য্যায়ৰ উন্নয়ন বিভাগসমূহৰ মুখ্য বিষয়া আৰু পঞ্চায়তৰ নিৰ্বাচিত সদস্যসকল আছে। এই সমিতি ধুবুৰী জিলাৰ কৰ্ত্তৃপক্ষই গঠন কৰি দিছে আৰু জিলাৰ উপায়ুক্ত এই সমিতিৰ অধ্যক্ষ। আন এটি সন্থা হ’ল আশাৰীকান্দি টেৰাকোটা পুতলা নিৰ্মাতা সমবায় সমিতি নিয়ামিত (ATDMSS Ltd , Asharikandi Terracotta Doll Making Samabay Samiti Ltd)। 

টেৰাকোটা শিল্পীসকলৰ সাহায্যাৰ্থে ভাৰতীয় লঘু উদ্যোগ বিকাশ বেংকে (Small Industries Development Bank Of India, চমুকৈ SIDBI) এটা কাৰ্য্যালয় তথা গুদাম সাজিছে। ধুবুৰী জিলা গ্ৰাম্য উন্নয়ন অভিকৰণ (District Rural Development Agency, চমুকৈ DRDA)-য়ে সজা ঘৰটো বৰ্তমান শিল্পকৰ্ম ৰক্ষণাবেক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছে। ফলত শিল্পীসকলে আহাৰ মাহত আগেয়ে কন্দাৰ দৰে কান্দিবলগীয়া নোহোৱা হৈছে। ভাৰত চৰকাৰৰ হস্তশিল্প বিভাগ, অসম পৰ্য্যটন বিকাশ নিগম, ভাৰতীয় ষ্টেট বেংক আদিও আশাৰীকান্দিৰ টেৰাকোটা শিল্পীসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ তৎপৰ হৈছে।

উন্নয়ন প্ৰকল্পৰপৰা হোৱা লাভঃ আশাৰীকান্দিৰ শিল্পীসকলে পূৰ্বতে গাঁৱে-গাঁৱে, মেলা আদিলৈ গৈ তেওঁলোকৰ মাটিৰে তৈয়াৰ কৰা সামগ্ৰী আৰু টেৰাকোটাৰ সামগ্ৰী, যেনে হাতিমা পুতলা, আইনাৰ ঘোঁড়া (টেৰাকোটাৰ ঘোঁড়াৰ গাত মাজে মাজে আইনা খটোৱা), হাতী, গঁড় আদি বিক্ৰী কৰিছিল। কিন্তু এই উন্নয়ন প্ৰকল্পসমূহৰ বাবে বৰ্তমান অনেক ব্যৱসায়ীয়ে গাঁৱৰপৰাই এই সামগ্ৰীসমূহ কিনি লৈ যায়হি। আশাৰীকান্দি গাঁৱৰ নিবাসী বৰ্মন গোষ্ঠীৰ মাছুৱৈসকলেও সামগ্ৰীসমূহ বেচাত সহায় কৰে। মৎস্য ব্যৱসায়ৰ কঠিনতাৰ বাবে বৰ্তমান তেওঁলোকৰ মাজৰ কোনো কোনোৱেও টেৰাকোটা সামগ্ৰী নিৰ্মাণত ব্ৰতী হৈছে।

উপসংহাৰঃ হাতত লোৱা উন্নয়ন প্ৰকল্পসমূহৰ যথাৰ্থ ৰূপায়ণে আশাৰীকান্দিৰ টেৰাকোটা শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰত নিশ্চয়কৈ সহায়ক হ’ব। চৰকাৰে আবণ্টন কৰা ধনৰাশি যেতিয়া পৰ্য্যায়ক্ৰমে খৰচ কৰি আশাৰীকান্দিৰ টেৰাকোটা মৃৎ শিল্প আৰু শিল্পীসকলৰ উন্নতি সধা হ’ব, তেতিয়া আশাৰীকান্দিৰ টেৰাকোটা শিল্প জিলিকি উঠিব আৰু শিল্পীসকলৰ চকুত আহাৰ মাহৰ অশ্ৰুৰ পৰিবৰ্তে মুখত হাঁহি বিৰিঙি উঠিব।

(লেখকৰ ভ্ৰাম্যভাষঃ ৮৮২৬৮০৩০৩০)

আপুনিও ভাল পাব পাৰে!