কলা আৰু সংস্কৃতি

মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ আৰু বয়নশিল্প পৰম্পৰা

post

Share

লেখিকাঃ মৃগাক্ষী বৰা

বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰে সমৃদ্ধ মিচিংসকল ভাৰতবৰ্ষৰ আৰ্য ভিন্ন জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম। নৃতাত্ত্বিক বিচাৰত মিচিংসকল মংগোলীয় গোষ্ঠীৰ আৰু ভাষাতাত্ত্বিক বিচাৰত বৃহৎ চীন-তিববতীয় ভাষাগোষ্ঠীৰ তিববত বৰ্মী শাখাৰ অসম বৰ্মীৰ অন্তৰ্গত। পৃথিৱীৰ অন্যান্য জাতি-জনগোষ্ঠীৰ দৰেই মিচিংসকলৰো নিজস্ব জাতীয় সত্তা আছে, নিজস্ব কৃষ্টি-সংস্কৃতি-পৰম্পৰা আছে। বিশ্বৰ বিভিন্ন চহকী জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ দৰেই মিচিংসকল বৰ্ণাঢ্য সংস্কৃতিৰ অধিকাৰী।

অতীজৰে পৰাই মিচিং মহিলাই কপাহৰ পৰা সূতা তৈয়াৰ কৰি নিজৰ চাহিদা অনুসৰি নিজে কাপোৰ তৈয়াৰ কৰে। প্ৰত্যেক মিচিং মহিলা সূতাকটা আৰু কাপোৰ বোৱাত পাৰদৰ্শী।  ওখ পাহাৰত থাকোঁতে মিচিংসকলে কেনেধৰণৰ সাজপাৰ পৰিধান কৰিছিল সেই সম্পৰ্কে একো  তথ্য পোৱা নাযায়। কিন্তু লোকগীত, লোকসাহিত্যবোৰত থকা বৰ্ণনাৰ পৰা এইটো প্ৰমাণ হয় যে বৰ্তমান যেনেকৈ মিচিংসকল সাজপাৰৰ বৈচিত্ৰ্যৰ ওপৰত সচেতন, পাহাৰত থাকোঁতেই সেই ক্ষেত্ৰত সচেতন আছিল। ড ভূপেন হাজৰিকাৰ গীততো মিচিং সমাজ জীৱনৰ পুৰুষ মহিলাসকলে নিজে বৈ লোৱা জনজাতীয় সাজপাৰৰ কথা এইদৰে আছে ।

মিবু গালুক চোলাটি

পেৰৰুম্বং চাদৰখন কিয়নো পিন্ধিলি?

মূৰত দেখোন দুমেৰ দি গামোচা আটিলি

আৰু তোৰে পুৰু¸ষ দেহাতে ফুটি ফুটি উঠিছে

সেউজ  ৰঙৰ জীয়া জীয়া ঐনিতমটি ।

বোলোঁ...

অ মিচিং গাভৰু

এগে মেখেলা তই এন্ধাৰ সানিলি

অ ৰিহাখনিত তামুলি টকাৰ ৰঙাতৰা বাছিলি

(গীত  বোলোঁ অ মিচিংডেকাটি)

মিচিং পুৰুষ সকলৰ পৰম্পৰাগত সাজপাৰঃ

(ক) উগন (ধুতি) - পুৰুষ সকলে গাঁৱত সাধাৰণভাৱে পৰিধান কৰা ধুতি বা চুৰিয়াক মিচিং সমাজত উগন বোলে

(খ) গনৰ উগন (বৰ চুৰিয়া) - এইবিধ উগন সাধাৰণ উগণতকৈ বহল আৰু উন্নত মানৰ হয় সাধাৰণ অৰ্থত মিচিং সমাজত বৰ চুৰিয়াখনকে তেওঁলোকৰ ভাষাত ‘গনৰ উগন’ বুলি কয়। পুৰু¸ষ সকলে আলহী খাবলৈ যাওঁতে, পূজা আৰু উৎসৱ আদিত গনৰ উগন পৰিধান কৰে ।

(গ) গালুক (চোলা) - পুৰুষৰ এবিধ হাতখৰা চোলা

(ঘ) লুকৰ গালুক (বৰচোলা) - লুকৰ গালুক মালে খাটিচোলা।

(ঙ) মিবু গালুক (মিবুৰে পিন্ধাচোলা) - ‘মিবু’ অৰ্থাৎ পুৰোহিতসকলে এই গালুকটো পিন্ধি পূজা-পাতল কৰাৰ বাবে ‘মিব গালুক’ বুলি কোৱা হয়। মিচিং পুৰুষসকলে মিবু গালুকখন তেওঁলোকৰ প্ৰত্যেক ধৰ্মীয় উৎসৱ-পাৰ্বণ, আলি-আই-লৃগাং, দবুৰ উই, দহাকাজ আদিত পৰম্পৰাগতভাৱে পৰিধান কৰি আহিছে। সভা-সমিতিতো মিবু গালুক মিচিং পুৰুষে পৰিধান কৰা দেখা যায়। সাধাৰণতে বগা ৰঙৰ সূতাৰে মিবু গালুক বৈ উলিওৱা হয়। আজিকালি অৱশ্যে সেউজীয়া, হালধীয়া আদি ৰঙৰ মিবু গালুক বোৱা হয়। বৰ্তমান এই গালুকখনৰ বজাৰ মূল্য বহুত।

(চ) মৌৰপুং - পুৰুষে মূৰত পিন্ধা পাগুৰি

(ছ) দুমৌৰ (গামোচা) - মিচিংসকলে অসমীয়াসকলে বোৱা গামোচাখনৰ দৰেই দুমৌৰ বৈ উলিয়ায়। ই কেবাবিধৰ ।

যেনেঃ ফুলাম দুমৌৰ, গা তিয়নী দুমৌৰ আদি ।

(জ) লৃংক্কাব (মাফলাৰ) - লৃংক্কাব খন ৰঙা, বগা, ক’লা, কমলা আদি ৰঙৰ সূতাৰে বোৱা হয়। এইখন দেখাত অতি সুন্দৰ আৰু মিচিং সংস্কৃতিৰ প্ৰতীক।

(ঝ) টঙালি - টঙালিখনক পাহী বগা সূতাৰে বোৱা হয়। পুৰুষে পিন্ধা টঙালিখন উকা হয়। কিছুমান শিপিনিয়ে সৰু-সৰুকৈ ফুল বাচে।

(এ) গাদু গালুক (জিম কোট) - ইয়াক জিম কোট বুলিও কোৱা হয়। অতীজতে ঠাণ্ডাৰ দিনত পুৰু¸ষসকলে জিম কোট পৰিধান কৰিছিল। জিম কোট অৰ্থাৎ গাদু গালুকখন কপাহেৰে তৈয়াৰী। কপাহী সূতাৰে মিচিং শিপিনীয়ে গাদু গালুক বৈ উলিয়ায়। আজিকালি অৱশ্যে এই জিমকোট বিলুপ্ত হৈছে যদিও মিচিং সমাজৰ পৰম্পৰাগত পুৰুষে পৰিধান কৰা সাজপাৰৰ ভিতৰত ই অন্যতম।

(ট) য়াম্বুগালুক - দৰাই বিয়াৰ সময়ত পিন্ধাচোলা।

(ঠ) লুগবৰ - লুগবৰ পুৰুষসকলে পৰিধান কৰা এবিধ উন্নত মানৰ চোলা।

(চ) চগন (মোনা) - বয়-বস্ত আনিবৰ বাবে কাপোৰেৰে তৈয়াৰী দেখাত জোলোঙাৰ দৰে। এই মোনাবিধ মিচিং সমাজৰ উপৰিও অসমীয়া সমাজতো বহুলভাৱে প্ৰচলিত ।

মিচিং মহিলাসকলৰ পৰস্পৰাগত সাজপাৰঃ মিচিং সমাজৰ মহিলাই ব্যৱহাৰ কৰা সাজপাৰৰ সংখ্যা পুৰুষে ব্যৱহাৰ কৰা সাজপাৰতকৈ যথেষ্ট পৰিমাণে বেছি। সচৰাচৰ মিচিং সমাজখনত মহিলাই ব্যৱহাৰ কৰা সাজপাৰ তলত দিয়া ধৰণে ভগাব পাৰি-

(ক) ৰিবি গাচেং (মহিলা সকলে পিন্ধা চাদৰ) - ৰিচিং গাচেং মিচিং শিপিনীৰ এক অপূৰ্ব সৃষ্টি । ৰিবি গাচেংখন ক’লা, ৰঙা আৰু বগা ৰঙৰ সূতাৰে বোৱা “ৰিঃ বিগা চেঙত অংকন কৰা ক’লা ৰঙে ডাৱৰক বুজায়। ৰঙা ৰঙে সজীৱতাক বুজায় আৰু বগা ৰঙে শিমলু ফুল ফুলাৰ। বতৰক বুজায়। হয়তো উদিত সূৰ্যৰ প্ৰতীককো বুজায়। সেইকাৰণে তেওঁলোকৰ ‘আলি আই লৃগাং’ উৎসৱত ব্যৱহাৰ কৰা পতাকা প্ৰতীক হ’ল গাচেং আৰু তাৰ মাজত উদিত সূৰ্য্য।” মিচিং সমাজৰ কিছুমান সকাম যেনে- ‘ওৰম আমৰাগ’ পূৰ্বপুৰুষসকলৰ উদ্দেশ্যি বছৰেকৰ মূৰত পতা সকামত ৰিবি গাচেং গাত লয়। কোনো মিচিংঘৰত ‘তেওঁলোকৰ মানুহ মৰিলে পুতি থোৱা হয়। তাৰ চাৰিওফালে জেওৰা  দিয়া হয় আৰু¸ জেওৰাৰ চাৰিওফালে ৰিবি গাচেং মেলি থৈ দিয়া হয়। বোধ হয় মানুহজন মৰাৰ পিছতো এই ৰিবি গাচেং ৰ কথা নাপাহৰে। গতিকে দেখা গ’ল, ৰিবি গাচেং মিচিং সমাজৰ অবিচ্ছেদ্য পৰিচ্ছদ।’

(খ) ৰিয়া (মহিলাসকলে পিন্ধা ৰিহা চাদৰ) - মিচিংসকলে ৰিহাখনক ‘ৰিয়া’ বুলি কয়। ৰিহাখন এখন গাত লোৱা বস্ত্ৰ। মিচিং শিপিনীয়ে বিভিন্ন ৰঙৰ সূতাৰে যেনে- ক’লা, ৰঙা, সেউজীয়া, নীলা, বগা আৰু¸ মুগা সূগা সূতাৰে এই ৰিহাখনৰ বাণিৰ শেষ অংশত দুয়োফালে একবেগেটকৈ ‘কেঁচ’ বাচে ।

(গ) এগে (মেখেলা) - ‘এগে’ মানে অসমীয়া সমাজৰ মেখেলাখন। এগেখন মহিলাৰ অধোবস্ত্ৰ। মিচিং মহিলাই এগেখন কঁকালত পিন্ধিলৈ বুকুত গেৰ বান্ধি লয় আৰু কেতিয়াবা চাদৰ অথবা ৰিহাৰ সৈতেও এগেখন পৰিধান কৰে।

(ঘ) তাপুম এগে গাচৰ (এৰী মেখেলা চাদৰ) - তাপুম এগে-গাচৰ মিচিং মহিলাই পৰিধান কৰা আৰু বয়ন বস্তু। এৰী সূতাৰে বোৱা এইখনি বস্ত্ৰ কেতিয়াবা ফুল বাচিও পৰিধান কৰা হয় আৰু কেতিয়াবা ফুল নবচাকৈও পিন্ধে তাপুম এগে-গাচৰৰ দুয়োটা মূৰৰ আগত বগা সূতাৰে ফুল বাচে।

(ঙ) পেৰে (চাদৰ) - মিচিং মহিলাই ‘পেৰে’খন এগেৰ সৈতে পৰিধান কৰে ।

(চ) পটালি (কঁকালত মেৰিয়াই লোৱা কাপোৰ) - বিবাহৰ সময়ত কইনাই পটালিখন কঁকালত মেৰিয়াই ল’ব লাগে। এই পটালিখন সাধাৰণতে বগা ৰঙৰ। কিন্তু আজিকালি সেউজীয়া, ৰঙা, নীলা আদি ৰঙৰ সূতাৰে পটালি বোৱা দেখা যায়।

(ছ) গেৰ (মহিলাই লোৱা বস্ত্ৰ) - ‘গেৰ’ হ’ল মিচিং সমাজত মহিলাসকলে মেখেলাৰ ওপৰত পৰিধান কৰা এবিধ আকৰ্ষণীয় বস্ত্ৰ। মিচিং  শিপিনীয়ে গেৰখনত অতি সুন্দৰকৈ মাজৰ ডোখৰত ডাঙৰকৈ ঘাই ফুল বাচে। গেৰখনত শিপিনীয়ে নিজৰ ইচ্ছা অনুসৰি ফুল বাচে।  “গেৰ কাপোৰত বছা গামিকবোৰক ‘গেৰ গামিক’ বুলি কোৱা হয়। গেৰখনত গাই গামিক (মুখ্য গামিক) হিচাপে ‘লাকচিন’ গামিক দিয়া হয়।” (সংবাদদাতাঃ কমলা দলে, মিচিং শিপিনী)। এই গেৰখনৰ লগত মিচিং সমাজৰ বহুতো লোকবিশ্বাস জড়িত হৈ আছে। কোনো দুৰ্ঘটনা হোৱা লোকৰ ৰত্তক্ষৰণ হ’লে গেৰ এখন সেই  দুৰ্ঘটনা হোৱা ব্যক্তিজনৰ গাত দিলে ৰত্তক্ষৰণ বন্ধ হয় আৰু মানুহজনো সুস্থ হৈ উঠে বুলি তেওঁলোকে বিশ্বাস কৰে ।

(ঝ) কেগৰেগ (মহিলাই কঁকালত পিন্ধা বস্ত্ৰ) - কেগৰেগ খন বুকুত পিন্ধা এবিধ বস্ত্ৰ, যিবিধে তিৰোতাৰ বুকুৰ পৰা ভৰিৰ আঁঠুলৈকে আৱৰি ৰখাত সহায় কৰে। কেগৰেগখন আকৌ কেৱল বোৱাৰীয়েহে পিন্ধে। গাভৰু ছোৱালীয়ে এইবিধ বস্ত্ৰ পিন্ধিব নাপায়।

(ঞ) মচানাম এগে-গাচৰ (ফুল বচা মেখেলা চাদৰ) - মিচিংসমাজত ফুল বচা মেখেলা-চাদৰক ‘মচালাম এগে-গাচৰ’ বুলি কয়। মিচিং মহিলাসকলে প্ৰায়ে ক’লা, ৰঙা, হালধীয়া, নীলা, আদি ৰঙৰ এগে-গাচৰ পিন্ধে। এই বিভিন্ন ৰঙৰ এগে-গাচৰত বিভিন্ন ৰঙৰ সূতাৰে ভমকা ফুলীয়া ফুলৰ আৰ্হিৰে বৈ উলিওৱা এগে-গাচৰক ‘মচানাম এগে-গাচৰ’ বুলি কোৱা হয়। এইখন গাচৰত তেওঁলোকে জ্যামিতিৰ পদ্ধতিৰে যেনে চাৰিচুকীয়া, ত্ৰিভুজীয়া, বৰফি আকাৰত ফুল বাচে।

(ট) গাচৰ (চাদৰ) - গাচৰখনক মিচিং ভাষাত ‘গাচেং’ বুলিও কোৱা হয়। এইগাচৰ বা গাচেংৰ অৰ্থ হ’ল চাদৰ। দাচৰখন মিচিংসমাজত অতীতৰে পৰা প্ৰচলিত এবিধ পৰম্পৰাগত সাজপাৰ।

(ঠ) চেগবেগ - মিচিং মহিলা সকলে পৰম্পৰাগতভাৱে পৰিধান কৰা এক প্ৰকাৰৰ মেঠনি কাপোৰ।

(ড) পুচুং এগে গাচৰ - এবিধ ঘৰুৱা মেখেলা চাদৰ।

(ঢ) গাপা (মহিলাই কঁকালত পিন্ধা) - পকোৱা সুতাৰে ডাঠকৈ বোৱা মেখেলাৰ দৰে পিন্ধা এবিধ বস্ত্ৰ হ’ল ‘গাপা’। মহিলাসকলে এইবিধ বস্ত্ৰ কঁকালত মেখেলাৰ দৰে পৰিধান কৰে যদিও মেখেলাৰ দৰে ইয়াৰ দুই মূৰ চিলোৱা নহয়। গাপা কেৱল মিচিং গাভৰুৱেহে পিন্ধে। বিবাহিত মহিলাই পিন্ধা নিয়ম নাই।

(ণ) পঃতোপ (মহিলাই মূৰত মৰা কাপোৰ) - পঃতোপৰ অৰ্থ হ’ল ঢাকি ৰখা । মিচিং মহিলাই দৈনন্দিন জীৱনত বিভিন্ন কাম কৰোঁতে মূৰত ধূলি-বালি আদি লেতেৰা নপৰিবলৈ পঃতোপখন ব্যৱহাৰ কৰে। যিয়ে মূৰটো ঢাকি ৰাখে।

(ত) গাৰে (কঁকালত পিন্ধা বস্ত্ৰ) - গাপাৰ দৰে ‘গাৰে’ খন হ’ল মিচিং মহিলাই পকোৱা সূতাৰে ডাঠকৈ বৈ উলিওৱা কঁকালত পিন্ধা এবিধ জাতীয় বস্ত্ৰ। আগৰ দিনত প্ৰায়ে মিচিং গাভৰুৱে গাৰে পিন্ধিছিল। কিন্তু বৰ্তমানৰ সমাজত গাৰে পিন্ধা দেখা নাযায়।

(থ)  চেকবৃঙ - কেঁচুৱাক বোকোচাত লোৱা কাপোৰ।

(দ) নিচৌগ - চেকবৃঙৰ দৰে ‘নিচৌগ’খনো কেঁচুৱাক বোকোচাত লোৱা এবিধ কাপোৰ। এই খন কপাহী এঁৱাসূতাৰে বৈ উলিয়ায়।

(ধ) য়েতচাং (মহিলাই গাত মেৰিয়াই লোৱা চাদৰ) - মিচিং মহিলাই এটা বা দুটা ৰঙৰ সূতাৰে বৈ উলিওৱা গাত মেৰিয়াই ল’ব পৰাকৈ ব্যৱহাৰ কৰা চাদৰত কৈ দীঘল কাপোৰেই হ’ল ‘য়েতচাং’।

মিচিংসকলৰ বয়নশিল্প পৰম্পৰাঃ বিশিষ্ট গৱেষক ড ডম্বৰুধৰ নাথৰ তলৰ কথাখিনিৰ পৰা মিচিংসকলৰ বোৱাকটা পৰম্পৰাৰ প্ৰাচীনতা আৰু মৌলিকতাৰ উমান পাব পাৰি- Trade in Chinese silk and Chinese bamboo flutes through routes running across the hill tribes had been carried on by them between the two countries. Production of endi cloth (tapum gasor) and the popularity of bamboo flute among the present Mishing tribe might have been their heritage from China. As such, Huen-Tsang’s oft-mentioned southwestern barbarians of China inhabiting the northeast of ancient Kamrup were the brothers of Miris.

প্ৰত্যেকগৰাকী মিচিং মহিলা সূতা কটা আৰু¸ কাপোৰ বোৱাত পাৰদৰ্শী। মিচিং নাৰী বয়নশিল্পত কিমান দক্ষ তাক পৰম্পৰাগত মিচিং সাজপোছাকবোৰেই আঙুলিয়াই দিয়ে। মিচিং নাৰীয়ে কাপোৰত হৃদয়ৰ কবিতা ৰচিব জানে, সোণালী সপোন পচিব পাৰে আৰু বাস্তৱৰ উকা পৃথিৱীখন সজীৱ আৰু বাংময় কৰি তুলিব পাৰে। মিচিং শিপিনীৰ হাতৰ পৰশত এদিনতে সপোনৰ তাজমহল তেওঁলোকে সাজিব পাৰে। তাৰে প্ৰতিচ্ছবি তলৰ কবিতাটিত ফুটি উঠিছে-

‘তাঁতৰ পাতত ভোটাতৰা উজ্বলাই

এদিনতে মিবু গালুকত তাজমহল সজায়,

তথাপি নফুৰে জহাই

গুণী জ্ঞানী মানুহক বৰ ভাল পায়।

প্ৰতিগৰাকী মিচিংসমাজৰ মাতৃয়ে নিজৰ ছোৱালী এগৰাকী ভাল শিপিনী হোৱাটো কামনা কৰে। কিয়নো অতীতত বোৱা-কটাৰ ক্ষেত্ৰত ছোৱালীৰ পাৰদৰ্শিতা থকাটো বিবাহযোগ্য ছোৱালীৰ প্ৰথম আৰু প্ৰধান চৰ্ত আছিল। তেনেসময়ত বোৱা-কটা নজনা ছোৱালীৰ বিবাহ সম্ভৱেই নাছিল। মিচিং নাৰীয়ে পাৰে মানে গাভৰু¸ কালতে কাপোৰ বৈ লয়। কিয়নো পেৰা ভৰাই স্বামীৰ ঘৰলৈ কাপোৰ নিব পৰাটো এগৰাকী মিচিং নাৰীৰ বাবে আছিল অতি সৌভাগ্যৰ কথা। মিচিং বয়ন পদ্ধতিত শিপিনীসকলে দুবিধ তাঁতশালৰ ব্যৱহাৰ কৰে। এবিধ কঁকালত বান্ধি থোৱা তাঁতশাল আৰু¸ আনবিধ সচৰাচৰ ব্যৱহাৰ হোৱা তাঁতশাল। ৰং নিৰ্বাচন আৰু ৰং প্ৰয়োগ মিচিং বয়নশিল্পৰ অন্য এক অতি গুৰুত্বপূৰ্ণ বিষয়। মিচিং সকলে তেওঁলোকৰ সাজপাৰত প্ৰকৃতিৰ বৰ্ণময় সৌন্দৰ্যক ফুটাই তুলিব জানে। এই জনগোষ্ঠীটোৱে নিজৰ কাপোৰত ঘৰুৱাভাৱে প্ৰস্তুত কৰা ৰং ব্যৱহাৰ কৰে। এটা সময়ত মিচিং শিপিনীয়ে প্ৰকৃতি জগতৰ পৰাই সকলো ৰং আহৰণ কৰিছিল। গছৰ ছাল, পাত, ফুল, ফল, শিপা, গুটি আদিৰ পৰা ৰং আহৰণ কৰিবলৈ তেওঁলোকে জানে। মিচিংসকলে ‘কিঃপাৰ’ ত ধান খুন্দে। এই কিঃপাৰতেই তেওঁলোকে ৰং উলিয়াবলৈ গছৰ ছাল, পাত, ফুল, ফল, গুটি আদিবোৰ খুন্দে। প্ৰথমে মাটিৰ পাত্ৰত ভালদৰে এইবোৰ সিজোৱা হয়। তাৰ পিছতহে কিঃপাৰত খুন্দে। এনেকৈ খুন্দি ৰং উতলাই ডাঠ কৰি কাপোৰত দিবলৈ প্ৰস্তুত কৰে। মিচিংসকলে তৈয়াৰ কৰা ৰং বোৰ হ’ল - ক’লা, সেউজীয়া, ৰঙা, হালধীয়া, গুলপীয়া, নীলা, বেঙুনীয়া এইকেইবিধেই প্ৰধান।

বয়নশিল্পত পাৰদৰ্শী মিচিং মহিলাই কাপোৰত তোলা ফুলৰ আৰ্হি নিজে তৈয়াৰ কৰি লয়। এই ফুলৰ আৰ্হিবোৰ মিচিং সমাজত বিভিন্ন নামেৰে নামকৰণ কৰিছে। সেয়া হৈছে - গামিক (ফুলৰ আৰ্হি), পুনবুগ (ফুলৰ এটা এটাকৈ থকা আৰ্হি), আগুন (ফুল), কেতেৰি (বিভিন্ন ডিজাইনৰ সৰু¸ সৰু জ্যামিতিক ক্ষেত্ৰ বা ফুল), দুগয়ি-দুগচাঙ (কাপোৰত নিৰ্দিষ্ট ঠাইত কৌণিকভাৱে উঠা নমা কৰা ডিজাইন), আঃলীআলম (নখ আকৃতিৰ ডিজাইন) আদি। মিচিং শিল্পৰ আন এক অন্যতম বৈশিষ্ট্য হ’ল ফুলৰ চানেকি। চানেকি হৈছে কাপোৰত তোলা ফুলৰ আৰ্হি। চানেকিখন তাঁতশালত দীঘ সূতাৰ লগত সংযোগ কৰি ব’সূতাৰে বাণিৰ ফালেদি সৰু¸ মিহিকৈ চিৰি মাৰিৰে ঠেলা ফুলৰ আৰ্হি। মিচিংসকলে চানেকি খনক ‘মিমাং’ বুলি কয়। মিমাং হ’ল মিচিংসকলৰ হাতে বোৱা বস্ত্ৰ সম্ভাৰৰ চানেকি। মিচিং সকলৰ মিমাং বা চানেকিখনত কাপোৰ বোৱা ফুলৰ ডিজাইনৰ বিভিন্ন পদ্ধতি থাকে। মিমাং বা চানেকিত অংকিত আৰ্হিবোৰ বুজি পোৱাত যথেষ্ট কঠিন। ইয়াক সহজে বুজি পোৱাটো কোনোপধ্যে সহজ নহয়। কেৱল এগৰাকী পাৰ্গত শিপিনীয়েহে এই কাম কৰিব পাৰে।

মিচিং সমাজৰ প্ৰত্যেকগৰাকী গাভৰু-বোৱাৰীয়েই কাপোৰ ব’ব জানে। মিচিংসমাজত কাপোৰ ব’ব নজনা ছোৱালীৰ আদৰ নাই। অতি কম বয়সৰ পৰাই ছোৱালীয়ে কাপোৰ ব’ব শিকে। মিচিং নাৰী বয়নশিল্পত কিমান দক্ষ, তাক পৰম্পৰাগত মিচিং সাজপাৰবোৰেই আঙুলিয়াই দেখুৱাই দিয়ে। তেওঁলোকৰ বয়নশিল্প নৈপুণ্য একক আৰু অনন্য। ‘মিচিং নাৰীয়ে কৰা বোৱা-কটা সম্পৰ্কে  ১৮৮১ চনৰ লোকপিয়লৰ প্ৰতিবেদনত কোৱা আছে-

The women weave their own petticoats of course cotton cloth instripes of gray colours wrought with dyes obtained (as they sky) from the khamtis. Another article of domestic manufacture is the Mirirug (jim) made of cotton ticking on a backing Of thick cloth.

এনেদৰে চাবলৈ গ’লে বৰ্ণাঢ্য সংস্কৃতিৰ অধিকাৰী মিচিং জনগোষ্ঠীৰ সাংস্কৃতিক অন্যান্য উপাদনৰ দৰে তেওঁলোকৰ বয়নশিল্পও ঐতিহ্যমণ্ডিত। তেওঁলোকৰ বয়নকলা নিজস্ব বৈশিষ্ট্যৰে সমুজ্জ্বল। মিচিংসকলৰ বস্ত্ৰ বৰ্তমানো মিচিংসংস্কৃতিৰ প্ৰতীক স্বৰূপ। কিন্তু অন্য সকলোৰে দৰে মিচিং জনগোষ্ঠীটোক আধুনিকতাই প্ৰভাৱান্বিত কৰিছে। ফলশ্ৰুতিত জনগোষ্ঠীটোত বয়নশিল্পৰ মৰ্যদা লাহে লাহে কমি আহিছে। বিভিন্ন ক্ষেত্ৰ অধ্যয়নত দেখা গৈছে যে গাদু, তাপুম গাচৰ, পুচুং-এগে-গাচৰ আদিবোৰ কম সংখ্যক মানুহৰ ঘৰতহে আছে। মিচিং সকলৰ মূল্যবান সম্পদ গাদুখনো বৰ্তমান বিলুপ্তিৰ পথত। কিছুমানে সংৰক্ষণ কৰি ৰাখিছে। যদিও সিমান গুৰুত্ব নাই। এনেবোৰ দিশ চালি-জাৰি চালে মিচিং সাজপাৰ সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে তাক জানিব পাৰি। লগতে মিচিংসকলে নিজা বয়ন শিল্পটোৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন। নিজা বয়ন শিল্পটি যাতে অন্য গোষ্ঠীৰ উদ্যোগে উৎপাদন কৰি প্ৰচলন নকৰে তাৰ প্ৰতি মিচিংসকলে চকু দিয়াৰ সময়ো সন্নিকট।

প্ৰসংগসূত্ৰঃ

১. হুচেইন, ইছমাইলঃ মিচিং সমাজ ইতিহাস আৰু সংস্কৃতিৰ ঐতিহ্য, পৃ. ২৩২

২. পেগু, গণেশঃ মিচিং সংস্কৃতিৰ আঁহে আঁহে , পৃ. ৬১

৩. পেগু, গণেশঃ প্ৰাগুক্ত গ্ৰন্থ, পৃ. ৬১

৪. ৰাজখোৱা, অজন্তা ( সম্পা)ঃ উত্তৰ- পূৰ্বাঞ্চলৰ জনগোষ্ঠীয সাজপাৰ আৰু আ-অলংকাৰ, পৃ.২০৩

৫. হুচেইন, ইছমাইলঃ প্ৰাগুক্ত গ্ৰন্থ, পৃ.২০১

৬. দলে, বসন্ত কুমাৰঃ মিচিং সমাজ- সংস্কৃতিৰ সমীক্ষা, পৃ. ৫৬

(লেখিকা কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ অসমীয়া বিভাগৰ ছাত্ৰী)

আপুনিও ভাল পাব পাৰে!