লেখিকাঃ বীনা কালিন্দী
সাহিত্য আৰু সংস্কৃতি জাতিৰ দাপোন। দাপোনত চাই যিদৰে নিজক জানিব পাৰো ঠিক সেইদৰে সাহিত্য আৰু সংস্কৃতি¸ পৰাই এটা জাতিৰ বিষয়ে আমি পুংখানুপুংখকে জানিব পাৰো। সাহিত্য জাতিৰ মেৰুদণ্ড। সাহিত্য নথকা জাতিয়ে কেতিয়াও মূৰ দাঙি থিয় হ’ব নোৱাৰে। সাহিত্য আৰু সংস্কৃতিৰ দ্বাৰাহে আমি জাতিটোৰ জল-জল, পট-পট ছবি দেখা পাঁও।
চাহ জনগোষ্ঠী সমাজ এখন বৃহৎ সমাজ। অসমত মুঠ জনসংখ্যাৰ প্ৰায় এক চৰ্তুথাংশ লোকেই হ’ল চাহ জনগোষ্ঠীয় লোক। এই জনগোষ্ঠীৰ লোক সকল যদিও দৰিদ্ৰ আৰু পিচপৰা তথাপিও সংস্কৃতিৰ ক্ষেত্ৰত যথেষ্ট চহকী। চাহ সংস্কৃতি এক সংমিশ্ৰিত সংস্কৃতি। চাহ জনগোষ্ঠী সমাজখন কোনো এক নিৰ্দিষ্ট জাতি বা গোষ্ঠী নহয়। আমি সকলোৱে জানো যে অসমৰ চাহ বাগানত কাম কৰিবলৈ বৃটিছ সকলে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি-উপজাতি, ভাষা-ভাষীলোকক আমদানি কৰি আনিছিল। গিৰমিটিয়া, চৰ্দাৰী আৰু আড়কাঠীয় এই তিনিটা প্ৰথাৰে এই লোক সকলক অসমলৈ অনা হৈছিল। আড়কাঠিয়া, গিৰমিটিয়া আৰু চৰ্দাৰ সকলে সহজ-সৰল মানুহখিনিক নানা প্ৰলোভন আৰু আশা দি অসমলৈ ফুচুলাই আনিছিল। এই সহজ সৰল লোক সকলেও ফুচুলনিত ভোল গৈ নানা সপোন বুকুত বান্ধি অসমলৈ ঢাপলি মেলিছিল। অসমলৈ আঁহোতে লগত একো লৈ অহা নাছিল কিন্তু তেওঁলোকৰ চেনেহৰ সংস্কৃতি বুকুত বান্ধি লৈ আহিছিল। যি আজিও চাহ জনগোষ্ঠী সমাজত বিদ্যমান।
চাহ শ্ৰমিক সকল কোনো এটা জাতি বা বিশেষ জনগোষ্ঠী নহয়। বিভিন্ন ঠাইৰ পৰা অহা ওৰাং, মুণ্ডা, চাঁওতাল, উড়িয়া, তেলেঙ্গা, গোৱালা, ভূমিজ ঘাটুৱাল, মাহত্ব, কুৰ্মী, কৰ্মকাৰ, কালিন্দী, মিধা, ভীল, চাওঁৰা, ভূঁঞা, তাঁতী, তচা বনিয়া, মালী, তুৰী, গঁড় পানিকা, ৰবিদাস (সকলো সন্নিবিষ্ট হোৱা নাই) আদি ১০৯ টা জাতি-উপজাতিৰে সংমিশ্ৰিত এক জনগোষ্ঠী। তেওঁলোকৰ প্ৰত্যেকৰে ভাষা বেলেগ বেলেগ যদিও মনৰ ভাৱ আদান-প্ৰদানৰ বাবে তেওঁলোকৰ বিভিন্ন ভাষা আৰু অসমৰ থলুৱা ভাষাৰ সংমিশ্ৰনত এক নতুন ভাষাৰ সৃষ্টি হ’ল। এইদৰে বিভিন্ন জাতি-গোষ্ঠী আাৰু ভাষা ভাষী মানুহ মিলি মানুহখিনি হৈ পৰিল চাহ জনজাতি। অসমলৈ অহাৰ আগতে এই মানুহ খিনিৰ নিজা-নিজা জাতিগত পৰিচয় আছিল। এতিয়াও উড়িয়া, মুণ্ডা, চাওঁতাল আদিৰ নিজা নিজা জাতিগত পৰিচয় আছে যদিও চাহ বাগিছাত কাম কৰাৰ পিছৰ পৰা এই লোকসকল চাহ মজদুৰ, চাহ বনুৱা, চাহ শ্ৰমিক অথবা চাহ জনজাতি নামেৰে জনাজাত হ’ল। সেই বাবেই হয়তো চাহ জনজাতি সকলে গোৱা ঝুমুইৰ গীতৰ কলিত শুনিবলৈ পোৱা যায়--
ওঠৰশ ছাবিবশ চনে
বৃটিছেৰ চৰকাৰী
চাবুৱাতে খুলিল ভাই
চাহেৰ বাসান
সেখন সে হইল হামদেৰ
চাহ মজদুৰ¸ নাম।
চাহ জনগোষ্ঠীয় লোকসকলৰ উৎসৱ পাৰ্বণ সমূহৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য উৎসৱ হ’ল কৰম পৰৱ। কৰম চাহ জনগোষ্ঠীয় লোক সকলৰ জাতীয় উৎসৱ। কৰম পূজাৰ ঝুমুইৰেই হ’ল তেওঁলোকৰ উল্লেখযোগ্য নৃত্য গীত। কৰম থলীতেই বুধুৱা-লচমীৰ দৰে ডেকা-গাভৰুহঁতে দুটি মন এক হোৱাৰ সপোন দেখে। কৰম পৰৱ মূলতঃ কৃষি উৎসৱ। জনবিশ্বাস অনুসৰি কৰম¸ পূজা পথাৰৰ শস্য ক্ষেত্ৰৰ শ্ৰীবৃদ্ধি আৰু মানৱ জীৱনৰ মঙ্গল কামনাৰ উদেশ্যে পালন কৰা হয়। ভাদ মাহৰ¸ একাদশী তিথিত কৰম পৰৱ পালন কৰা হয়। এই উৎসৱত পালন কৰা সকলো নীতি-নিয়ম আৰু পৰম্পৰা কৃষি কেন্দ্ৰিক। ভাদ মাহৰ একাদশী তিথিত যে কৰম পূজা অনুষ্ঠিত হয় তাক আমি গীতৰ জৰিয়তেও জানিব পাৰো
“ভাদকেৰ একাদশী
কৰম গাড়াইল ৰাতি
চল মিনি খেলিব ঝুমুইৰ
কৰম পূজা বড়ীৰে সুন্দৰ।”
ঝুমুইৰ গীত সমূহ যৌৱনৰ গীত। বুধুৱাই লচমীক কিদৰে সজাব বিচাৰে তাক গীতৰ মাজেৰে এনেদৰে প্ৰকাশ পাইছে-
বনে বনে যাৱলি
বন ফুল তৰলি
সেহ ফুল বেনী সুতাই গাঁথলি
ধনীকে মৰ সাজাৱলী
বাজাৰসে আনলি
ঝিলিমিলি ৰেচমী সাড়ী
বানে কুণ্ডল চইখে কাজল পিন্ধালি
ধনীকে মৰ সাজাৱলী।
আকৌ কৰম তলিত ঢোল মাদলৰ মাত শুনি ধনীয়ে ৰ’ব পৰা নাই --
ঢল মাদল শুনি
নিন্দ নাই মৰ চইখে ধনি
হামে আৱলি ধনী
নাচে আৱলি ধনী
শুনিকে বাজনা ভাই।
লচমীক লগ নাপায় বুধুৱাই পুনৰ গায়
দেখা হ’লে কৰমা শালে
কৰম মেলাই ঘূৰাব তকে
কৰম পূজাই গ ধনী
বড় ভাল লাগে।
বহু ৰাতিলৈকে লগ নোপোৱাত ভীনচৰীয়া গীতৰ মাজেদি গায়-
লাল সালুকেৰ ফুল
ফুটে আধা ৰাইতে হাইৰাম
ফুটে আধ ৰাইতে
যাৰ চঙে যাৰ ভাৱ থাকে
মৰিলে কি ছুটে
বন্ধু এত ৰাইত কেনে
বন্ধু এত ৰাইত কেনে।
প্ৰিয়জনক লগ পোৱাৰ আগতে ধনীয়ে আধাৰাতি হ’লেও নিজৰ খোপা ঠিক কৰি পুনৰ নিজক সজাই পৰাই লয়। তাক গীতৰ মাজেদি এনেদৰে প্ৰকাশ কৰিছে ---
কুসুম ফুল ফুটি গেলই
সনাৰ বৰণ ভালা
হাইৰে হাই
ফুলকে দেখিয়ে মন
উড়ি চলি যায়ৰে
আধা ৰাতি কৰত চিঙ্গাৰ (শৃংগাৰ)
হিলে ডলে যায় মন
খপাকে চমলাই ভালা
হাইৰে হাই
ফুলকে দেখিয়ে মন
উড়ি চলি যায়ৰে
আধা ৰাতি কৰত চিঙ্গাৰ।
চ’ত-বহাগ মাহত অসমীয়া চেনাই-চেনেহীৰ দৰেই চাহ জনগোষ্ঠীয় ডেকা-গাভৰুৱে কুলিৰ মাতত ৰ’ব নোৱাৰি এইদৰে গায় —
চৈত বৈশাগ মাসে
কুলীয়ে যে ডাক দিয়ে
কুলীৰ আৱাজ শুনি
মন মৰ জাগে ধনি
কাৰ কাছে দিবস মহন মনি
নয়ন মনি কাৰ কাছে দিবগ’ মহন মনি
শ্ৰীকৃষ্ণই ৰাধাক কদম তলত মতাৰ দৰেই বুধুৱাইও লচমীক কদম তলত লগ পাবৰ বাবে গীতৰ মাজেৰে এনেদৰে প্ৰকাশ কৰে —
সেহি দিনা হ সখী
চাঞ্জেৰ বেলাই
হাই হাই চাঞ্জেৰ বেলাই
ভেট হব হ সখী
সেহ কদমা তলে যমুনাই
বুধুৱাৰ আমন্ত্ৰণত লচমীয়ে সহাঁৰি দি গায় —
ঝিংগা ফুলেৰ ৰং
ধনী উড়ে যাবাৰ মন
মাদল বাজে বাঁসী বাজে
আৰ কৰতাল
ঝিংগা ফুলেৰ ৰং
ধনী উড়ে যাবাৰ মন
কৰম আথড়াত ডেকা-গাভৰুৱে আনন্দত মতলীয়া হৈ নৃত্য-গীত কৰি থাকোতে পূবত ৰঙা বেলিয়ে কেতিয়ানো ভূমুকি মাৰে গমকে নাপায় তাকে ঝুমুইৰৰ এটা গীতত এনেদৰে প্ৰকাশ পাইছে-
গগনে উঠিল বেলা
কতন কৰিব খেলাৰে
গাছ কৰম কেৰি
ডাল ধৰি হৰি
বংশী বাজায় কত চল কৰি।
এইদৰে ওৰে ৰাতি ঝুমুইৰ নাচি নাচি ভাগৰি পৰা ডেকা-গাভৰু সকলে প্ৰভাতৰ আগমনত শুভ মূহূৰ্তত নৃত্য গীত গাই গাই কৰম ৰজাক নৈৰ পানীত বিসৰ্জন দিয়ে। বিসৰ্জন দিয়াৰ সময়ত আশিষ বিচাৰি পুনৰ অহা ভাদত ঘূৰাই অনাৰ প্ৰতিশ্ৰুতিৰে বিষাদেৰে গায় -----
“দেহো দেহো কৰম ৰাজা
দেহো আশিষ দেহো আশিষৰে
আৱত ভাদৰ মাসে
আনিব ঘুৰাই.....।
লগে লগে কৰম পৰৱৰ আনুষ্ঠানিক সামৰণি পৰে।
এইদৰে বাৰেৰহনীয়া গীত মাতে ক্লান্ত আৰু অৱসাদ দূৰ কৰি বিবিধ সুৰীয়া গীতৰ মন পৰশা ধনীয়ে শ্ৰমজীৱনক জীপাল কৰি ৰাখিছে।