লেখিকা - ভাস্বতী কলিতা
আহিন, কাতি মাহ শৰতৰ আদৰৰ আলহী। ‘বাৰ মাহ তেৰ গীত’ গাবলৈ ভালপোৱা অসমীয়া সমাজে আহিন আৰু কাতি মাহতো ভিন্ন লোক উৎসৱ আৰু লোকাচাৰ পালন কৰে। মৌখিক গীত মাত সমূহতো ইয়াৰ স্পষ্ট আভাষ প্ৰকাশ পায়–
“ভাদত শালিৰ খেতি কৰে পথাৰত।
আহিনৰ ৰোৱা শেষ হৰিষ মনত।
কাতিত দেৱালী হয় মজা কৰে কেনে।
আঘোণত পথাৰ ঢাকি থয় পকা ধনে।”
আঘোণত আৰু কাতিৰ দোমাহীৰ দিনাই আমাৰ সৰ্বজন পৰিচিতি কাতি বিহু বা কঙালী বিহু। আহিন কাতিৰ দোমাহীৰ দিনা চোতালৰ আগত তুলসীৰ গুৰিত চাকি বন্তি আৰু শৰাই দিয়া হয়। বাঁহ পুতি আকাশ বন্তি সজা হয় আৰু শূণ্যতে চাকি ওলোমাই দিয়া হয়। ওপৰৰ আকাশ প্ৰদীপ, তলত তুলসী তলে চাকি বন্তি। লোক সমাজখনত মধুমতীৰ গীতত এই বিষয়ক সুন্দৰ বৰ্ণনা আছে–
“আহিনৰ মাহতে তুলসীৰ গোৰে চাতি।
বিধৱা ব্ৰাহ্মণী পূজে হাতে লৈয়া বাতি।।”
ঠাই বিশেষে বিহুৰ দিনা দিনা দহ, এশ বা এশ আঠডাল শলিতাৰে চাকি দিয়াৰ নিয়ম আছে। এনেবোৰ সংখ্যাক যাদু সংখ্যা বা মন্ত্ৰ সংখ্যা বুলি কোৱা হয়। জল-তপ বলি বিধানৰ সময়ত এনেবোৰ সংখ্যাৰে অৰ্চনা আগবঢ়ালে সিদ্ধি হয় বুলি বিশ্বাস। কঙালী বিহুৰ এই লোক উৎসৱ আকাশ প্ৰদীপ বা আকাশ বন্তিত আদিম, লৌকিক, আৰ্য্য আৰু আৰ্য্যেতৰ প্ৰভাবৰ সমাহাৰ হৈছে। বাঁহৰ গছ যোগ, বাঁহৰ কৰণি সজা আদিত বাঁহ পূজাৰ চিন ফুটি ওলাইছে। আকৌ এই বাঁহ পূজা আৰু বাঁহৰ পবিত্ৰ ব্যৱহাৰে বংশ বৃত্তিৰ পৰিচয় দিয়ে। এই উৎসৱৰ লগত জড়িত লৌকিক গীত, মাত, নাম-প্ৰসঙ্গ আৰু কাৰ্য্য-কলাপ মনকৰিবলগীয়া।
এই লৌকিক গীতবোৰৰ স্ৰষ্টাঃ গাঁৱৰ ল’ৰা, বুঢ়া, জীয়াৰী, বোৱাৰীসকল। এই উৎসৱত নাৰী পুৰুষ নিৰ্বিশেষে সকলোৱে লগ হৈ লখিমী বৰ্ণনা কৰে–
“এ তুলসীৰ গোৰে, গোৰে, মৃগ পহু চৰে।
তাকে মাৰিবাক লাগি, ৰাখে যতন কৰে।।
ৰামে ৰোৱে তুলসী, লক্ষ্মণে ঢালে পানী।
স্নান গোৱৰ দিয়া ধোৱে, সীতা ঠাকুৰাণী।।”
এনেদৰে তুলসীৰ গীত বা আকাশ বন্তীৰ গীত লোক সমাজত প্ৰচলিত হয়। ওখকৈ বাঁহ পুতি চাকি দি আকাশ বন্তি আগবঢ়া- ই গোৱা গীতবোৰৰ অনেক চানেকী ঠাই বিশেষে আজিও আছে। যেনে-
“আকাশে জ্বলিছে(আকাশ বন্তিৰ গীত)
পোহৰৰ মহিমা
ভগৱন্তে কৰে কৃপাহে…
স্তুতি কৰো আই লখিমী
পথাৰ সোণৰ কৰাহে।”
ঠাই বিশেষে প্ৰচলিত তুলসী গীতত ৰাম সীতাৰ চৰিত্ৰ আৰু কাহিনীৰ অৱতাৰণা কৰাটো লৌকিক ৰুচিৰে পৰিচায়ক। য’ত গীতবোৰত সেই চৰিত্ৰবোৰৰ সুন্দৰ আৰু স্পষ্ট বৰ্ণনা পাওঁ। ইয়াৰ উপৰিও এনে বহুত তুলসী আৰু আকাশ বন্তিৰ গীত আছে য’ত প্ৰকৃতিৰ বৰ্ণনা আৰু ধৰ্মীয় লোকাচাৰৰ সুবাস স্পষ্ট।
“এ কাল তুলসী এহে
চকলীয়া পাত।
বেহাই আহিলো মই মথুৰাৰ হাট।
কাল তুলসী এ।
কাতি মহীয়া তুলসীৰে
গোৰে জ্বলে চাকি
ওপৰতে ধৰম ৰজাই
লগাই থৈছে বাতি।”
লুপ্ত প্ৰায় এই গীত মাতবোৰৰ পুণঃ উদ্ধাৰৰ বাবে বৰ্তমান বহুতে চেষ্টা আৰু আগ্ৰহ প্ৰকাশ কৰা দেখা যায়।
এয়া শুভপ্ৰদ, শুভ লক্ষণ।