জনগোষ্ঠীয় পৰিচয়

কাৰ্বি লোক-সংস্কৃতি

post

Share

লেখিকাঃ ৰিজু দেৱী

অসমৰ এটা প্ৰধান পাহাৰীয়া জনগোষ্ঠী হৈছে কাৰ্বি জনগোষ্ঠী বৃহত্তৰ অসমীয়া জাতিৰ অংগ স্বৰূপ হৈ পৰা কাৰ্বিসকল নৃতাত্বিক দৃষ্টিকোণৰ পৰা মংগোলীয় গোষ্ঠীৰ লোক আৰু ভাষাতাত্বিক দৃষ্টিকোণৰ পৰা তিব্বতবৰ্মী ভাষাগোষ্ঠীৰ অন্তৰ্গত অসমৰ ভৌগোলিক পৰিবেশ আৰু পাৰিপাৰ্শ্বিকতাৰ লগত নিজকে খাল খোৱাই লোৱা এই কাৰ্বিসকলৰ শাৰীৰিক গঠন সাংস্কৃতিক দিশবোৰ চালিজাৰি চালে মংগোলীয় লক্ষণ বিদ্যমান

অসমৰ দক্ষিণ-পূৱ অংশত বসবাস কৰা এই কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ অধিক সংখ্যকেই কাৰ্বিআংলং আৰু ডিমা-হাচাও (উত্তৰ কাছাৰ) পাৰ্বত্য জিলা দুখনত বাস কৰে তদুপৰি নগাঁও, কামৰূপ, শোণিতপুৰ, কলিয়াবৰ আদি আন আন জিলা সমূহতো কাৰ্বি জনগোষ্ঠীৰ লোকসকলে বসবাস কৰে কলাগুৰু বিষ্ণু ৰাভাৰ মতে, “অসমৰ প্ৰাচীন আদিম জাতি নগা, কুকি, মিকিৰেই (কাৰ্বি) অসমৰ আদিবাসী অসমৰ পাহাৰে-পৰ্বতে, গুহাই-কন্দৰে, নৈয়ে-ভৈয়ামে, হাবিয়ে-বননিয়ে এই কাৰ্বিসকলে প্ৰথমে বিচৰণ কৰি ফুৰিছিল তেওঁলোকেই অসমৰ আৱিষ্কাৰকৰ্তা কলম্বাছ

কাৰ্বিসকলে নিজকে আৰ্লেং বা কাৰ্বি বুলি পৰিচয় দিহে ভাল পায় মিকিৰ বোলাতকৈ কাৰ্বি ভাষাত এই আৰ্লেং শব্দৰ অৰ্থ হ’ল- ওখ ঠাই আৰু মানুহ বা স্বজাতি কাৰ্বি সমাজৰ সৰহ সংখ্যক চিন্তাশীল ব্যক্তিয়ে কাৰ্বি শব্দেটা ‘থোকাৰকিবি’ শব্দৰ পৰা উৎপত্তি হোৱা বুলি ক’ব খোজে কিয়নো এই থেকাৰকিবি শব্দটো ঈশ্বৰ পূজাৰ লগত জড়িত ভগৱান আৰু আন দেৱ-দেৱীৰ পূজাত বিশ্বাসী জাতিটোৱে কাৰ্বি জাতি

অসমত বসবাস কৰা অন্যান্য ভূমিপুত্ৰৰ দৰে কাৰ্বি সকলৰো পৰম্পৰাগত লোকবিশ্বাস, লোকপৰম্পৰা, লোকনৃত্য, লোককলা, লোকসাহিত্য, সাজপাৰ, উৎসৱ-পাৰ্বণ, সামাজিক ৰীতি-নীতি, ধাৰ্মিক-পৰম্পৰা, খাদ্যাভ্যাস, শিল্পকলা আদিয়ে জাতিটোৰ সংস্কৃতিক সমৃদ্ধ কৰি ৰাখিছে অসম ভূমিত সমন্বয়ৰ সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত কাৰ্বি সকলৰ যথেষ্ট সমভাগিতা আছে

দেহ গঠনঃ দেহ গঠনত কাৰ্বিসকলৰ গাৰ বৰণ মুগা বা মাগুৰীবৰণীয়া পুৰুষসকলৰ উচ্চতা প্ৰায় চাৰে পাঁচ ফুটৰ পৰা ছয় ফুটমানলৈ আৰু মহিলাৰ উচ্চতা ৫ ফুটৰ পৰা ৫ ফুট ২ ইঞ্চিমান ওখ তেওঁলোকৰ নাকটো চুটি আৰু ভোটা হোৱাৰ লগতে চেলাউৰিও কম কাৰ্বি তিৰোতা আৰু পুৰুষসকলৰ ভৰিৰ কলাফুল শকত আৰু সুঠাম তিব্বতবৰ্মী বিশেষকৈ কুকিচীন, লুচাই জাতিৰ লগত মিকিৰ সকলৰ শাৰীৰিক মিল কিছুমান দেখা যায় তিৰোতাসকলে কলাফুলত পৰাকৈ ধুনীয়া ক’লা মেখেলা পিন্ধেশিক্ষাৰ পোহৰ লাহে লাহে কাৰ্বি সমাজত পৰাৰ কাৰণে পুৰুষ সকলৰ বহুতেই ‘ৰিকং (লেংটি)’ৰ পৰিবৰ্তে পেণ্ট-চাৰ্ট পৰিধান কৰে

সমাজ গঠনঃ কাৰ্বিসকলৰ সমাজ হ’ল পিতৃতান্ত্ৰিক সমাজ ঘৰৰ পুৰুষ মুৰব্বীজনৰ আদেশ-উপদেশ আৰু নিয়ম অনুসাৰে পৰিয়াল চলে তেওঁলোকৰ পাঁচটা ফৈদ আছে সেইকেইটা হ’ল– ইংহি, ইংতি, তেৰাং, তিমুং আৰু তেৰণতাৰে ভিতৰত আকৌ ইংহিৰ ত্ৰিশটা ফৈদ, ইংতিৰ চাৰিটা আৰু তিমঙৰ ত্ৰিশটা ফৈদ আছে বুলি জনা যায়কাৰ্বি সমাজত গাঁৱৰ মুৰব্বী আৰ্থাৎ গাঁওবুঢ়া (ছাৰথে) থাকেগাঁওখনৰ সমস্ত আইন-শৃংখলাছাৰথেজনৰ ওপৰতে ন্যস্ত থাকে যদিও তেওঁৰ ওপৰত মৰ্যদাসম্পন্ন সমাজতন্ত্ৰ বিষয়াহাবাইঅৰ্থাৎহাবে পিনপথাকেসমূহীয়াকৈ কাম কৰাৰ নিয়ম কাৰ্বি (মিকিৰ) সমাজৰ অতি প্ৰাচীপৰস্পৰে পৰস্পৰক সন্মান, মৰম-আদৰ কৰাটো কাৰ্বি সমাজৰ নিয়মপুৰুষ-তিৰোতা উভয়ে ইজনে-সিজনৰ সহযাত্ৰী ৰূপে কাম কৰেজ্যেষ্ঠজনৰ আদেশ-পৰামৰ্শ ৰূপে কাম কৰাটো তেওঁলোকৰ নিয়মযিহেতু কাৰ্বি সমাজ পিতৃতান্ত্ৰিক, গতিকে সতি-সন্ততিয়েও পিতৃৰ উপাধি গ্ৰহণ কৰেএটা কথা বই লাগিব যে, কাৰ্বিসকল বৰ সমাজ প্ৰিয় আৰু শান্তিপ্ৰিয় লোক

ধৰ্মীয় অনুষ্ঠান আৰু লোক উৎসৱঃ কাৰ্বি সকল ঈশ্বৰ বিশ্বাসী হোৱাৰ বাবে তেওঁলোকে বহুতো দেৱ-দেৱীক পূজা-অৰ্চনা কৰেদেৱ-দেৱীৰ ভিতৰত প্ৰধানত আৰনাম হেমফু, হেমাৰী, ৰিজ্ঞা, চিনথং আৰনাম, পেং, মুত্ৰাং হাৰাচ্ছি, অকৰেং-চ্ছল্লংৰেচ, চ্ছেলাংন বা দুইখ্ৰাই, ব্ৰ’-ফ্ৰকবআং, বচ্ছাকাঘ্ৰে, দেংজা-দুৰি আদিয়েই প্ৰধানপ্ৰত্যেকজন দেৱতাৰ উপাসনাৰ উদ্দেশ্যও বেলেগ বেলেগ

কাৰ্বিসকলৰ জাতীয় উৎসৱ বা বিহু নাই বুলিবও পাৰি, যদিও কৃষিভিত্তিক বা লখিমী উৎসৱ তেওঁলোকৰ মাজত প্ৰচলিতকিন্তু তাক জাতীয় উৎসৱ বুলি নোৱাৰিঅৱশ্যে, ভৈয়ামৰ কাৰ্বিসকলে নিজস্ব ধ্যান-ধাৰণাৰে বসন্ত উৎসৱদমাহীপালন কৰেপৰম্পৰাগত উৎসৱসমূহৰ ভিতৰত জন পূজা বা স্বৰ্গ পূজাও অন্যতমএই পূজাৰ অন্যতম দেৱতা ইন্দ্ৰ (বাৰিথে)। তেওঁলোকৰ বিশ্বাস পৰিয়ালত সঘনাই অমংগল দেখা দিলে জন বা স্বৰ্গ পূজা কৰা হয়

চমাংকানঃ কাৰ্বি জনগোষ্ঠীৰ মাজত চমাংকান (মৃতকৰ শ্ৰাদ্ধ উৎসৱ) বুলি এনে এক উৎসৱ আছে, যি থংতেৰণ বীৰৰ কৰুণ স্মৃতি বিজড়িত এক বিশেষ উৎসৱ বুলি জনা যায়তদুপৰি চমাংকান শব্দৰ ব্যুৎপত্তি সম্বন্ধে কাৰ্বি ভাষাত বহু ধৰণৰ ব্যাখ্যা পোৱা যায়যেনে- চমাং মানে যম আৰু খাচি, আৰু কান মানে উৎসৱযম বা মৃতকৰ লগত সংগতিপূৰ্ণ অথবা খাচিসকলৰ নৃত্যগীতৰ লগত সম্পৰ্কিত উৎসৱেই হৈছে চমাংকানচমাংকান উৎসৱত ডেকা-গাভৰুৱে নাচ-গান কৰিবলৈ পূৰ্ণ স্বাধীনতা পায়কিন্তু বিবাহিত পুৰুষে চমাংকানত গাভৰুৰ লগত নাচিলে জৰিমনা ভৰিব লগা হয়চমাংকানত নচানিমছকেৰুংনৃত্যৰ লগত খাচি সকলৰনংক্ৰেমআৰু এই উৎসৱতে নচাচমছিনাংৰণনৃত্যৰ লগত খাচিসকলৰপাছতিয়েছ বহু মিল আছেবুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰে পৰা কাৰ্বিসকলে আৰ্লেং কাৰ্হি (শ্ৰাদ্ধ) অৰ্থাৎ চমাংকান পালন কৰি আহিছিলআৰু বৰ্তমানেও পালন কৰি আহিছেসেয়েহে কাৰ্বিসকলৰ জাতীয় লোক উৎসৱ বুলিলে চমাংকানকে বুজোৱা হয়অৱশ্যে মৃতকৰ শ্ৰাদ্ধ কৰা পৰম্পৰাটো সকলো জাতি-জনগোষ্ঠীৰ লোকৰ মাজতে চলি অহা দেখা যায় যদিও কিছুমান জনগোষ্ঠীয়ে এই পৰম্পৰাক এক উৎসৱ হিচাপেই পালন কৰি আহিছেএই উৎসৱৰ অন্যতম অপৰিহাৰ্য্য সামগ্ৰী জাম্বিলি আথনঅৰ্থাৎ কাৰ্বিসকলৰ জাতীয় প্ৰতীকজানিবলৈ চেষ্টা কৰো আহক, আমাৰ কাৰ্বি ভাই-ককাইসকলৰ এইজাম্বিলি আথননো কি আৰু কেনেধৰণৰ?

জাম্বিলি আথন কাৰ্বিসকলৰ সংস্কৃতিৰ প্ৰতীক কাঠেৰে নিৰ্মিত এক অলংকৃত গাঁথনিইয়াৰ মূখ্য দীঘল খুৰাডালৰ দৈৰ্ঘ্য প্ৰায় আঠ ফুট আৰু পৰিধি প্ৰায় সাত ইঞ্চিজাম্বিলি আথনক লং আলিং (উৰালৰ আৰ্হি), হানথু আৰং (এবিধ শাকৰ আৰ্হি), থু আলক (কপৌ ফুলৰ মালা), হামৰি ক্ৰন (এবিধ উদ্ভিদৰ আৰ্হি), কড়িৰ মালাৰে সৈতে কাঠৰ সু-সজ্জিত গাঁথনিত লগাই থোৱা কাঠৰ সৰু বাঢ়ৈটোকা চৰাই, মূল খুৰাৰ ওপৰত কাঠেৰে নিৰ্মিত ভৃংগৰাজ (জাৰু) আদিক আচল চৰাইৰ নেজ, চকুত-ডিঙিত ৰঙা মণিৰে সজ্জিত কৰি এক জীৱন্ত ৰূপ দিয়া হয়

চমাংকান উৎসৱত অংশ গ্ৰহণ কৰিবলৈ যাওঁতে প্ৰতিখন গাঁৱৰ দলপতি (ক্লেংছাৰপ’) এজনে একোখনকৈ জাম্বিলি আথন কঢ়িয়াই নিয়েচমাংকান উৎসৱত গৃহস্থই অভ্যৰ্থনা জনোৱা মানপেং (হৰলাং মদ), চিৰা (ছাংফেৰ), তামোল-পাণ, ইক (দাঁত লা কৰা কাঁজিলা), থেংতন আদি দলপতিয়ে সাদৰেৰে গ্ৰহণ কৰি জাম্বিলি আথনতে ৰাখি থয় আৰু যথা সময়ত ক্লেংদুন অৰ্থাৎ সহকাৰী দলপতিজনে তাৰপৰাই সকলো অংশগ্ৰহণকাৰীক ভগাই দিয়ে

জাম্বিলি আথন লা বৰণৰইক গছৰ ছাই আৰু মিঠাতেল সানি আৰু ধোঁৱাচাঙত তুলি থৈ লা বৰণীয়া কৰা এই জাম্বিলি আথনৰ দাৰ্শনিক ব্যাখ্যাও নোহোৱা নহয়লা বৰণ মহাকাল বা অদৃ্ষ্টৰ প্ৰতীকমানুহৰ ভাগ্য কেতিয়া উদয় হয়, কেতিয়া কাল আহে কোনেও নোৱাৰেসেয়ে এই প্ৰতীকটিক কালচক্ৰৰ সৈতেও ৰিজোৱা হয়জাম্বিলি আথনৰ মূল খুৰাই মহাকাল আৰু বাকী চাৰিটা শাখা খুৰাই সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলিযুগক সূচাইছেজীৱনৰ সমাপ্তি আছে কিন্তু আত্মা অমৰশোক-তাপত ভাগি নপৰি, জন্ম-মৃত্যু, জড়তাগ্ৰস্থত ভীতিগ্ৰস্থ নহৈ, পুনৰ সংসাৰলৈ মন মেলাৰ উদ্দেশ্য আগত ৰাখিয়ে মৃত্যু উৎসৱৰ কৰুণ শোক গীতৰ তালে তালে আনন্দ-উৎসৱৰ ফল্গুধাৰা বোৱাই ৰখাই হৈছে চমাংকান উৎসৱৰ তাৎপৰ্য

চমাংকান উৎসৱত যি শোকগীত গোৱা হয় তাৰ মাজেদি মৃতকৰ গুণ গোৱা হয়চমাংকানত গোৱা শোকগীতবোৰকমাচিৰা কোহিৰবোলা হয়এই চমাংকানতে উচেপীয়ে (শ্ৰদ্ধাগীতত প্ৰসিদ্ধা বৃত্তিধাৰী বৃদ্ধা) জাম্বিলি আথনৰ উৎপত্তিৰ সম্পৰ্কেও বৰ্ণনা কৰে

মুঠতে জানিব পৰা যে জাম্বিলি আথন কাৰ্বিসকলৰ জাতীয় গৰিমা আৰু আস্থাৰ প্ৰতীকএই জাম্বিলি আথনে এখন নগাঁও সমাজ তথা জাতিৰ মহানতা, স্বকীয়তা, বিশ্বাস আৰু পৰম্পৰাক  জাতিষ্কাৰ কৰি ৰাখিছেজাম্বিলি আথন নথকা গাঁওখনক নিম্নস্তৰৰ বুলি বিবেচনা কৰা হয়সেয়ে পাৰি জাম্বিলি আথনে সমাজ-সংস্কৃতিৰ উপৰি আধ্যাত্মিক দিশতো সিংহভাগ অধিকাৰ কৰি আহিছে

লোকগীত-নৃত্যঃ লোকগীত আৰু নৃত্যত কাৰ্বিসকল অতি চহকী বুলি পাৰিজনজাতীয় ভাইসকলৰ মুখে মুখে চলি অহা এই গীতবোৰত নিহিত হৈ আছে জাতিটোৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, আবেগ-অনুভূতি, হাঁহি-কান্দোন, আশা-আকাক্ষাৰ লগতে আধ্যাত্ম স্বৰূপ আৰু বুৰঞ্জীৰ প্ৰগাঢ়াতা

মাচিৰা কোহিৰঃ এই গীতটি (ওপৰতলোকগীতবুলি উল্লেখ কৰা হৈছে) সাধাৰণ গীতৰ ভিতৰত নপৰেকিয়নো এই গীত পিতৃ-পিতামহৰ শ্ৰাদ্ধতহে গোৱা হয়বাটে-পথেও আনকি এই গীত গোৱাটো নিষেধমাচিৰা কোহিৰক মন্ত্ৰীগীত বুলিও কোৱা হয়এই মন্ত্ৰবোৰত কাৰ্বিসকলৰ সৃষ্টি তত্বৰ কথা বিদ্যমান হৈ আছেমন্ত্ৰটিৰ দুৱাৰ মুকলি কৰা এটি পদ্যাংশ তলত উল্লেখ কৰা , কাৰ্বি সমাজৰ সমস্ত নীতি-নিয়ম আৰু সৃষ্টি-বৃত্তান্ত ব্যক্ত হওঁক বুলি প্ৰকাশ কৰা হৈছে

ইলি কাৰ্বিতাংতে

নিয়মকে কি দৌকক্

নিহাত কে কি দোকক

কিপ্লাং চ্ছিংথুম্ নাংকক্

কেফি চ্ছিংথুম্ নাংকক্

কিপ্লাং লাপুহেল

কেফি লাপুহেল

কাৰ্বি কেপ্লাংঃ কাৰ্বি কেপ্লাং বা পিৰথে কিকম গীতৰ যোগেদি সৃষ্টিকৰ্তা ব্ৰহ্মাৰ কথা কোৱা হৈছেসৃষ্টিতত্বই এই গীতৰ সাৰব্ৰহ্মাই প্ৰথমতে এই জগত সৃষ্টি কৰিলেতাৰ পিছতেই গছ-গছনি (থেংপি, পেন থেংফান), ঘাঁ-বন, গাহৰি-পহু, পোক-পৰুৱা, চৰাই-চিৰিকতি আদি সৃষ্টি কৰিলেসকলোখিনি সৃষ্টি কৰাৰ পাছত পৃথিৱীখন দেখিবলৈ ধুনীয়া যদিও কাৰ্বিলোক নথকাত পৃথিৱীখন আচহুৱা যেন লাগেতাৰপাছত আকৌ ব্ৰহ্মাই নিজৰ শৰীৰৰ অলপমান কাটি কাৰ্বিলোক গঢ়িলেতাৰপাছত আকৌ বস্ত্ৰদান কৰিবলৈ দেৱীক পঠালেগীতৰ আৰম্ভণীতে এনেদৰে আছে

নিচেমুদেংলাত্ মাৰাং

কাৰ্বিপনীংফি নাংপ্লাং

আচ্ছেং পিৰ্ দি খৌৱিজৌং

এৰু ব্ৰহ্ম মাৰাং

এই গীতবোৰত হিন্দুধৰ্মৰ দাৰ্শনিক ভাবৰ ছাঁ পৰা দেখা যায়গীতবোৰত তেমুৰ তেজি অৰ্থাৎ পানী অমৰা গছৰ উল্লেখ আছে যি এক সংসাৰ স্বৰূপ বৃক্ষ আৰু মাচিৰা কোহিৰত যি ডিম্বৰ কথা কোৱা হৈছে সেয়া ব্ৰহ্মাডিম্বহে (বৃদ্ধসকলৰ গূঢ়াৰ্থমতে)।

লক্ষ্মী কেপ্লাংঃ লক্ষিমী অনা আৰু খোৱাৰ উদ্দেশ্যে আয়োজিত গীতক লক্ষ্মী কেপ্লাং বোলা হয়এই গীতবোৰৰ মাজেদিও প্ৰাচীনতাৰ গোন্ধ পোৱা যায়গীতৰ মাজত ধানখেতিৰ কথা জড়িত হোৱাৰ লগতে কাৰ্বিসকলৰ কুকিচীনৰ লগত থকা সম্বন্ধৰ কথা নিহিত হৈ আছে

কুকিচীন দাইপো পেন তেৰন ৰং

চাৰ নাম চেপিনত্

ৰি কাঠি ৰেচ্ছকল

কুলেং আবিচচ্ছপি পাম্ ৰুংফ্ৰ ()

দণ্ডিৱাৰ চাৰপমা থুম দামফ’।”

কথাখিনিৰ সাৰমৰ্ম এয়ে যে তেৰন ৰংচনামৰ মিকিৰ (কাৰ্বি) বৃদ্ধলোক এজনে কুকিচীন মানুহৰ পৰা অৰণ্যৰ ধান গছৰ গুটিৰ পৰা কেনেকৈ অন্ন তৈয়াৰ কৰি জীৱন নিৰ্বাহ কৰিব পাৰি সেই পদ্ধতিটো শিকি লৈ লগত বহুত মানুহৰ সহযোগেৰে তেওঁও ধানখেতি কৰিছিলযিহেতু অন্নৰ দেৱী লক্ষ্মী, সেয়ে মৰণা মাৰি চাউল উলিয়াই প্ৰথমতেচকেৰয়নামৰ লক্ষিমী উৎসৱ পাতিলেকাৰ্বিভাষাতচকমানে ধান-খেৱা প্ৰথা অসমীয়া-গোৰ্খাৰ দৰে আজিও তেওঁলোকৰ মাজত বিদ্যমানএই উৎসৱত তেওঁলোকেযচকেকাননাচেগীতৰ মাজত এক পৰম্পৰা, ৰীতি-নীতি প্ৰাণভৰি থকাৰ লগতে কুকিচীনৰ লগত তেওঁলোকৰ ঘৰ সজাৰ প্ৰণালী, সাজপাৰ, ব্যৱহাৰ আদিৰো যথেষ্ঠ মিল আছেচকেৰয় উৎসৱত কাৰ্বিসকলে হাচাকেকান নাচেহাচাকেকান ৰাতি কৰা হয়, দুপৰ ৰাতি নাচ-গান কৰি ভাগৰি পৰা ডেকাসকলে গৃহস্থক লক্ষ্য কৰি গায় এনেদৰে– “ৰাতি দুপৰ সপ্তৰ্ষিমণ্ডল (ৱচ্ছক) মূৰৰ ওপৰ পালেহিগোটেই ৰাতি আমোদ-প্ৰমোদ কৰি কটাব নোৱাৰিগতিকে ৰাইজক খোৱাই-বোৱাই বিদায় দিয়াঅন্যান্য কৃষিভিত্তিক নৃত্যৰ ভিতৰত ৰিতনং চিংদি, হেন আপ আহি কেকান আদি নৃত্য কৰে

চাবিন আলুন (ৰামায়ণ গীত) চাবিন আলুন এক পুৰণি ভক্তিমূলক গীত ৰামায়ণৰ ঘটনাটো চমুকৈ ৰূপ দিয়াৰ প্ৰচেষ্টা কৰা হৈছেগীতৰ বৰ্ণনাৰ মাজেদি কাৰ্বি সমাজৰ কিছুমান চিত্ৰও ফুটি উঠা দেখা গৈছে

বাহুবলী ডেকা ৰাম আৰু লক্ষ্মণসীতা জনকৰ জীয়াৰীজনকৰ এখন লোহাৰ ধনু আছিলচোতাল সাৰোতে সেই ধনু সীতাই সোঁহাত আৰু বাওঁহাতেৰে ইফাল সিফাল কৰেতাকে দেখি ৰজা জনকে কয়, “এই ডাঙৰ ধনু খন যিয়ে ভাঙিব পাৰে তেৱেঁই সীতাক পাবএই বৰ্ণনাটি মিকিৰ গীতত এইদেৰ দিয়া হৈছে

নিচচাবিন মিৰলৰি

কাংটাং ৰাম পেন খন বেনি

জনক ৰিচপি

আমেন্ সীতা কুংৰিপি

মাৰনাং কাৰকক্ আৰ্নি

আৰৱি ৰুংকক্ নাং কেবি

লা লে ৰুং উন্ তাং তেতি

নে পি সীতা কুংৰি

লাচি সীতা পিন নাংজি” (অসমৰ জনজাতি, পৃষ্ঠা- ১০৪)

ৰং কেকিমঃ এই গীতৰ ভিতৰত কাৰ্বি সমাজৰ এজন কাচেম নামৰ গাঁওবুঢ়াৰ নাম পোৱা যায়কাৰ্বি সমাজত বহুতো পদবী থকা হেতুকে একোখন খণ্ড বা লংৰিব ভিতৰতেহাবাইআৰু গাঁৱে গাঁৱে একোজন গাঁওবুঢ়া পাতি লোৱাৰ নিয়ম প্ৰাচীনগাঁওবুঢ়া পৰাটো কাৰ্বি সমাজত এক গৌৰৱৰ বিষয়সেই কাৰণে গাঁওবুঢ়াসকলে নিজৰ নামেৰেই গাঁৱৰ নাম ৰাখেকোনো ঠাইত খেলৰ নামো ৰখা হয়অৱশ্যে এটা কথা লাগিব যে আজিকালি অসমীয়া মানুহৰ ৰীতি-নীতি আৰু নিয়মানুসাৰে দুই এখন গাঁও সংগঠিত হৈছে

ৰংকেকিম গীতত গাঁওবুঢ়া-বুঢ়ীৰ গুণ-গান শুনিবলৈ পোৱ যায়তেওঁলোক কেনেধৰণৰ কৰ্মী আছিল, উৎসাহী আৰু উন্নতিৰ সাধক আছিলসেই কথাখিনি এই গীতত পোৱ যায়

ৰুকাচেন লৰি,

ইৰু লংকি,

ইৰুপেন ইৰি

খুৰ ৱকু ৱকি

কাচেন গাঁওবুঢ়া আৰু গাঁওবুঢ়ানীয়ে কুকুৰাৰ ডাকতেই শয্যা ত্যাগ কৰিছিলতেওঁলোকে কিদৰে গাঁওখনৰ উন্নতি কৰিব পৰি তাৰ চিন্তা কৰিছিল আৰু গাঁওখন উৰ্বৰা ঠাইত প্ৰতিষ্ঠা কৰিছিল

কেবেই আলুনঃ কাৰ্বিসকলৰ এনে কিছুমান শিশু নিচুকণি গীত আছে, যিবোৰক কেবেই আলুন বোলা হয়গীতবোৰত অসমীয়া নিচুকনি গীতৰ প্ৰভাৱ পৰিছেতলত গীতকেইটামান দিয়া

চিক্লপি পেন চিক্লচ  ’ জোনবাই সৰুতৰা, লাংচআৰ্নি পন্এতল- তোমাৰ ছোৱালী বেলিয়ে নিলে, চেলংপৱাঁপ্লোত- এটা গলধন ধৰা আহিল, মা- বে প্লোং- ৰাবোৰ পলাই গীতবোৰ অসমীয়াজোনবাই বেজি এটা দিয়াৰ প্ৰভাৱযুক্ত

এই গীতবোৰৰ মাজেদি মাতৃহৃদয়ৰ আবেগ, অনুৰাগ, আন্তৰিক প্ৰেম-ভালপোৱা প্ৰস্ফূটিত হোৱা দেখা গৈছে

হাইমু আলুনঃ হাইমু আলুন ডেকা গাভৰুৱ বিচ্ছেদৰ কৰুণ কাহিনী গীতহাইমু গীতত অতি হৃদয়পৰশা আৰু ব্যাথাভৰা কাহিনী লুকাই আছেলা তেৰণআৰুহাঈদুয়ো অতি সৰল প্ৰাণ স্বামী-স্ত্ৰী আছিলকিন্তু হাঈৰ দেউতাক ছাই ৰং হাঙে ৰাজ সুখ আৰু ৰাজ অনুগ্ৰহৰ বশৱৰ্তী হৈ জীয়েকক চ্ছতেঙ্গৰ কৰ্মচাৰী লং দিলিলৈ বিয়া দিলেসামন্তযুগৰ ৰাজবিষয়া আৰু মিথ্যাচাৰী প্ৰতাৰক পিতাৰ এই অমানৱীয় আৰু নীতিহীন কাৰ্যৰ বিৰোধিতা কৰিবলৈ লংতেৰণ আৰু হাঈৰ মানসিক শক্তি নহ, যাৰ ফলত লংতেৰণে আত্মহত্যাৰ পথ বাচি লয়লংতেৰণৰ আত্মহত্যাৰ এই কৰুণ কাহিনীয়ে কাৰ্বি সমাজৰ প্ৰাণত দকৈ সাঁচ বহুৱাই থৈ লাং হাঈৰ এই অন্তৰ ভগা ছবিৰ স্মৃতি ৰোমন্থন কৰি আজিও কাৰ্বি ডেকা-গাভৰুৱে বিষাদৰ গান গাই শোকতো শান্তনা লাভ কৰে

খেলু আলুনঃ খেলু আলুন বিয়া সম্পৰ্কীয় গীতএনে গীতত কন্যা খোজাৰ পৰা আৰম্ভ কৰি বিয়াৰ কাম শেষ হৈ যোৱালৈকে সকলো কথা চিত্ৰিত হোৱা দেখা যায়অন্যান্য সমাজৰ দৰে কাৰ্বি সমাজতো একে গোত্ৰ বা খেলত বিবাহ সম্পন্ন নহয়যেনে- তেৰণৰ ছোৱালীৰ লগত তেৰণ বিয়াত নবহেকাৰ্বি সমাজত বিবাহৰ চাৰিটা নিয়ম আছেসেইকেইটা হৈছে- প্ৰথমে, ‘নেংপি আৰু নেংচবৌ-নন্দৰ মাজত আলোচনা, দ্বিতীয়তে, ‘কেহাং আহুৰসোধনি ভাৰ, তৃতীয়তে, ‘লাম আথেক আহুৰ’ (ঘৰ জোঁৱাই) থকা/নথকাৰ সিদ্ধান্ত আৰু চতুৰ্থতে, ‘আজ আৰ্নি কেফা’। কন্যাৰ ঘৰলৈ যাওঁতে প্ৰত্যেকবাৰহৰ লাংআৰুহৰ আৰামনামৰ দুবিধ মদ নিয়াৰ নিয়ম হৈছে সন্মানৰ প্ৰতীক

কাৰ্বি সমাজত কাহিনী গীত, পূৰ্বপুৰুষৰ গৌৰৱৰ গুণগান আদিও শুনিবলৈ পোৱা যায়

পুতা চিনথং আমৰি মিৰলং

নিলিপ ৰংহাং লাপু আনতা

নিদেৎ নে জাতি কাৰ্বি আদাং

অৰ্থাৎ আমি কাৰ্বি জাতি, ৰংখাং আমাৰ ঠাই আৰু আমাৰ উপৰি পুৰুষ চিনথং, আমৰি আৰু ৰংহাং আদিঅৱশ্যে এটা কথা যিসকল মিকিৰে বহুদিনৰ পূৰ্বে থল বা ভৈয়ামলৈ আহি নিজৰ ভাষা হেৰুৱাই পেলালে, তেওঁলোকক অন্য মিকিৰেহয় বাদুম ৰলিবুলি কয়

সাধুকথাঃ মিকিৰ লোকগীতৰ লগতে পোৰাণিক মিকিৰ সাধুকথাৰ মাজেদিও অসমৰ সামাজিক বৈচিত্ৰ ফুটি উঠা দেখা যায়অসমীয়া সাধু শুকনি সখীৰ বেজাৰত বগে নিয়া মুৰি খোৱাৰ আধাৰতে সাধুবোৰ পোৱা যায়যেনে

চিৰি থি বুপজৰীগছ মৰিল

ৱলংকম্ মণ্ডুক মঞ্চান্বগলীয়ে বেজাৰ পালে

লাংকু মাতৎচ্ছক্নৈৰ পাৰত বগলী বেজাৰ কৰি বহিল…।

ফঁকৰা যোজনঃ

() আৰংতা থৰদাক্ আথেটা থৰদাক

অসমীয়াবাপেক চাই পো

() চপ্ৰাক জাংটাং আফিপ্ৰাক্ কাংঠিন্

অসমীয়াচোৰ লে বুদ্ধি বৰষুণ লে জাপি

() অবিপেন আহেৰু আবং পেন আমাৰেথু

অসমীয়াবিল চাই বিহ চুঙা চাই সোপা

লোকবাদ্যঃ প্ৰত্যেক জাতি-জনজাতিৰে নিজস্ব লোকবাদ্য থকাৰ দৰে কাৰ্বি সকলৰো বিভিন্ন বাদ্যযন্ত্ৰ আছেসেই কেইটা তলত উল্লেখ কৰা চমাংকান উৎসৱত বজোৱা বাদ্যযন্ত্ৰ চেংপি, ডেকাচাঙৰ বাদ্য চেংক্লপ (এমুখীয়া ঢোল), বঙই আলুন (বৰগীত) বাদ্যযন্ত্ৰ পংচী, কাৰ্বি পেঁপা, মূৰিগগনা, ক্ৰুংচুই, চাবিন আলুন আৰু হাচা কেকানৰ সময়ত ব্যৱহাৰ কৰা কুমলেং, দোতাৰা, প্ৰাকচ (সৰু টিলিঙা), দহাৰ সময়ত পৰিবেশন কৰা সৰু ঢোলৰ বাদ্যযন্ত্ৰচেংছইত্যাদি

সাজপাৰঃ কাৰ্বি গীতসমূহ বৰ অৰ্থপূৰ্ণ আৰু হৃদয়স্পৰ্শীঅসমীয়া বিহুগীতত যিদৰে সাজপাৰৰ বৰ্ণনা থাকে, ঠিক সেইদৰে কাৰ্বি গীতসমূহতো সাজপাৰৰ বৰ্ণনা থাকেপুৰুষৰ বাবে জেংকি আফ্ৰে পাং টেনবং, হাচাকেকান পাং দুকজন (দহি লগা চোলা), (পাগুৰি), লেক (মনি), চই, কঁকালত ৰিকং, ছাতৰ (ধূতি) আৰু হাতত ৰয় পাংখ্ৰা (খাৰু) পিন্ধেমহিলাসকলে পিনী(মেখলা), পেকক (চাদৰ), জিছ’ (বক্ষবন্ধনী), পীবা ৱামকক (টঙালী) আৰু বৃদ্ধাসকলে পেচাৰপী (চাদৰ), চই-আইৰ (হাঁচতি) আদি পৰিধান কৰেকিন্তু আজিকালি আধুনিকতাৰ প্ৰভাৱ পৰাৰ বাবে ডেকা-গাভৰুসকলে আধুনিক পোচাকো পৰিধান কৰে

অলংকাৰঃ নাৰীসকল সৌন্দৰ্য্য প্ৰিয়সাজপাৰ অলংকাৰেৰে নিজকে সজাই মেলি বৰ ভাল পায়কাৰ্বি নাৰীসকলেও নিজকে তাম, ৰূপ আৰু সোণৰ অলংকাৰেৰে নিজকে সজাই তোলা দেখা যায়তেওঁলোকে নথেংপী (ৰূপৰ কৰিয়া), ৰয় লেখাৰু (ৰূপৰ খাৰু), আৰনান (ৰূপৰ আঙুঠি) আৰু লেক (বিভিন্ন ধৰণৰ সৰু-ডাঙৰ সোণৰ গুটি আৰু পইচা থকা ডিঙিৰ মালা) আদি অলংকাৰ পৰিধান কৰে

কুটিৰ শিল্পঃ কুটিৰ শিল্পৰ ক্ষেত্ৰতো কাৰ্বিসকল পিছপৰি থকা নাইকাৰ্বি সমাজত বাঁহৰ এক সুকীয়া মৰ্যদা আছেবাঁহেৰে তেওঁলোকেহংসৰতৈয়াৰ কৰেমানুহ এজন বহিব পৰা চকীৰ নিচিনাকৈ বাঁহেৰে সজা বৰ্গাকূতিৰ চাংখনতেহংসৰবোলা হয়খুটিবোৰতো নানাধৰণৰ কাৰোকাৰ্য কৰা থাকেডেকা চাঙৰ দলপতিজন এইহংসৰ বহিব পাৰেতদুপৰি হটন (ধান ৰখা সঁজুলি), মাৰজং (শংখ আকৃতিৰ ঢাকনী থকা পেৰা), ইংক্ৰাং (চালনী), বৰকনবং (জলকীয়া ৰখা সঁজুলি) আদি নিৰ্মাণ কৰেমহিলাসকলেও ৰঙ-বিৰঙৰ কাপোৰ তৈয়াৰ কৰাৰ লগতে ডলা, খৰাহী, চালনী, পাচি (খাং) দোন আদিও নিজে প্ৰস্তুত কৰি লোৱাত পুৰুষসকলক সহায় কৰেবিভিন্ন ধৰণৰ জাঠি, জোং-কটাৰী আদিও তেওঁলোকে প্ৰস্তুত কৰেতেওঁলোকে পক্ষী, ফুল, হৰিণ আদিৰ চানেকী খটুওৱা ফুলাম আৰু ৰংচঙীয়া হাক বা হোৰা (পাচি) আদিও তৈয়াৰ কৰেযেনেহাক-লাং/ইংতং, হাক্-ছিলি, হাক-খাংৰা, হাক-মাৰজং, হাক-চংহেপ ইত্যাদি

ভাষাঃ কাৰ্বি ভাষা নিজস্ব ব্যাকৰণ গুণ বিশিষ্ট ভাষাভাষাই জাতিৰ ঐতিহ্য বহন কৰেকাৰ্বিসকলে নিজৰ মাজত কাৰ্বি ভাষা ব্যৱহাৰ কৰিলেও ভাষা বিনিনয়ৰ ক্ষেত্ৰত আনৰ লগত অসমীয়া ভাষা ব্যৱহাৰ কৰেঅৱশ্যে এটা কথা কাৰ্বি আংলংৰ ভাষা আৰু কামৰূপৰ যমুনামুখ অঞ্চলৰ কাৰ্বি ভাষাৰ মাজত ভাষাগত প্ৰভেদ নিশ্চয় আছে

অসমীয়া ভাষা আৰু কাৰ্বি ভাষাৰ উৎস একে নহলেও একে ভৌগোলিক পৰিবেশ, সামাজিক, ৰাজনৈতিক পৰিবেশত বসবাস কৰাৰ বাবে দুয়োটা ভাষাৰ মাজত পাৰস্পৰিক সম্বন্ধ নুই কৰিব নোৱাৰিযেনে– 

অসমীয়া         কাৰ্বি

আলমাৰি     আলমাৰী

কবি                কুবি

বটল              বটলইত্যাদি

কেইবছৰমান আগতে কাৰ্বিভাষাত প্ৰকাশিত বাতৰি কাকত পিৰথে কিমি (নতুন পৃথিৱী)য়ে অসমীয়া আখৰকে ব্যৱহাৰ কৰিছিলতদুপৰি কাৰ্বিভাষাতে প্ৰকাশিত হাঈ, ক্লংকৰ আথেকাৰ কেতিআকিতাম আদি পুথিতো অসমীয়া ভাষাই ব্যৱহাৰ হৈছেকাৰ্বি ভাষাত বড়ো, কুকিচীন আৰু অসমীয়া শব্দও ব্যৱহাৰ হৈছেকাৰ্বি ভাষাৰ নিজস্ব লিপি নথকাৰ বাবে আজিকালি অৱশ্যে ৰোমান লিপি ব্যৱহাৰ কৰা দেখা যায়

সামৰণিঃ অসমৰ সোঁ-হাত স্বৰূপ কাৰ্বি ভাই-ভনীসকল সহজ-সৰল প্ৰকৃতিৰযুগ যুগ ধৰি অসমতে বসবাস কৰি অসমীয়াৰ হৃদয়ত আপোন ভাব গঢ়ি তুলিবলৈ সক্ষম হৈছেযুগান্তৰৰ ধুমুহাই তেওঁলোকক জোকাৰি , সামন্ত যুগৰ ৰজাই তেওঁলোকৰ মূৰৰ ওপৰত তৰোৱালৰ ঝনঝননি তুলিলে, তথাপি তেওঁলোক নিচিহ্ন হৈ নগ- তেওঁলোক জীয়াই থাকিল কাৰ্বি ৰূপে, এটা জাতি ৰূপেকাৰ্বিসকলৰ লিখিত বুৰঞ্জী নাথাকিলেও তেওঁলোকৰ জাতীয় সমলবোবক সযতনে ধৰি ৰখাৰ প্ৰয়াস কৰাটো সকলোৰে কৰ্তব্য বুলি ভবাৰ থল আছে

উৎস

অসমৰ জনজাতিসম্পাদকঃ  প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য

উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় লোক-সংস্কৃতিসম্পাদকঃ দেৱজিৎ বৰা

আপুনিও ভাল পাব পাৰে!