লেখকঃ প্ৰতিম শইকীয়া
পৃথিৱীৰ সৰ্ববৃহৎ ভাষা পৰিয়াল হিচাপে পৰিচিত ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ ‘শতম্’ শাখাৰ ইণ্ডো-ইৰাণীয় বা আৰ্য উপশাখাৰ অন্তৰ্গত ভাৰতীয় আৰ্য নামৰ শাখাটোৰ পৰা ক্ৰমপৰিবৰ্তন লাভ কৰি খ্ৰীষ্টীয় দশম-একাদশ শতিকামানত উৎপন্ন হোৱা ‘অসমীয়া ভাষা’ অসমৰ ৰাজ্যভাষা¸ আৰু ভাৰতীয় সংবিধান স্বীকৃত মান্যভাষা । ইয়াৰ উপৰিও অসমীয়া ভাষাই উত্তৰ-পূৰ্বাঞ্চলৰ দুখন পাহাৰীয়া ৰাজ্য ক্ৰমে ‘নাগালেণ্ডত’ আৰু ‘অৰুণাচল’ত ‘নাগামিজ’ আৰু ‘অৰুণামিজ’ বা ‘নেফামিজ’ নামেৰে ‘সংযোগী ভাষা’ ৰূপে নিজৰ স্থিতি সবল কৰি থকাৰ লগতে অসমৰ জনগোষ্ঠীসমূহৰ মাজত ‘নৃগোষ্ঠীয় উপভাষা’ হিচাপে ব্যৱহাৰ হৈ আহিছে। ‘মূল ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ যিসকল লোক আদিম বাসস্থানৰ পৰা আঁতৰি আহি প্ৰাচীন পাৰস্য বা আধুনিক ইৰাক-ইৰাণত বসতি কৰিছিল সেই লোকসকলেই ‘ইণ্ডো-ইৰাণীয় বা আৰ্য’ নামেৰে পৰিচিত। সেই ইণ্ডো-ইৰাণীয় লোকসকল ইৰাক-ইৰাণতে সীমাবদ্ধ হৈ থকা নাছিল। তেওঁলোকৰ যিসকল লোক ইৰাণ অঞ্চলত থাকি গৈছিল তেওঁলোক ‘ইৰাণীয় আৰ্য’, ইৰাণ আৰু ভাৰতবৰ্ষৰ মধ্যৱৰ্তী অঞ্চল বেলুচিস্তান, আফগানিস্তান আদিত প্ৰৱেশ কৰাসকল ‘দৰ্দ্দীয় আৰ্য’ আৰু আনুমানিক খৃষ্টপূৰ্ব পঞ্চদশ শতিকাত ভাৰতবৰ্ষত প্ৰৱেশ কৰা লোকসকলেই ‘ভাৰতীয় আৰ্য’ হিচাপে পৰিচিত। ভাৰতত প্ৰৱেশ কৰা আৰ্যসকলে ভাৰতবৰ্ষলৈ আহি তেওঁলোকৰ নিজৰ মাজত প্ৰচলিত ভাষাত ‘বেদ’ ৰচনা কৰাৰ বাবেই আৰ্যসকলে ভাৰতবৰ্ষত প্ৰথম জন্ম দিয়া ভাষাটোৱে নাম পাইছিল ‘বৈদিক ভাষা’। বৈদিক ভাষাক পাণিনিয়ে ব্যাকৰণৰ নীতি-শৃংখলাৰে বান্ধি ‘সংস্কাৰ’ কৰা ভাষাই ‘সংস্কৃত’। সংস্কৃতৰ পৰা স্তৰে স্তৰে ভাষাৰ সৰলীকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু তাৰ পৰাই জন্ম হৈছিল ‘পালি’, ‘প্ৰাকৃত’ আৰু ‘অপভ্ৰংশ’ ভাষাৰ। ইয়াৰে মাগধী নামৰ প্ৰাকৃত ভাষাৰ পৰা সৃষ্টি হৈছিল ‘মাগধী অপভ্ৰংশ’ আৰু এই মাগধী অপভ্ৰংশৰ পৰাই উৎপন্ন হৈছিল অসমীয়া, বাংলা, উড়িয়া, মৈথিলী আদি ভাষাৰ। খ্ৰীষ্টীয় দশম-একাদশ শতিকামানতে উৎপন্ন হোৱা ‘অসমীয়া ভাষা’ই সৌ সিদিনা ভাৰতীয় ‘ধ্ৰুপদী ভাষা’ৰ মৰ্যাদা পালে, অসমীয়া মানুহ আেবগত উথলি উঠিল। কিন্তু এই আেবগে ভাষা এটাক মৰ্যাদা সম্পন্ন ভাষা হিচাপে সদায় ধৰি ৰাখিব পাৰিবনে? পৰিবৰ্তনশীল সমাজ ব্যৱস্থাই ক্ৰমশঃ অসমীয়া ভাষাক প্ৰত্যাহানৰ সন্মুখীন কৰাইছে । এনে প্ৰত্যাহানবোৰ আঁতৰ কৰিবলৈ অসমীয়া হিচাপে আমি কিমান দায়বদ্ধ ? এনে কিছু প্ৰাসংগিক কথাই আমাৰ আলোচনাত ঠাই পাব।
২০২৪ চনৰ ৩ অক্টোবৰ অসমীয়া ভাষা তথা অসমবাসীৰ কাৰণে গৌৰৱৰ দিন, কিয়নো সেই দিনটোতে অসমীয়া, পালি, প্ৰাকৃত, বাংলা আৰু মাৰাঠী ভাষাক ভাৰত চৰকাৰে একেলগে ‘ধ্ৰুপদী ভাষা’ হিচাপে স্বীকৃতি দিলে। একেমূলীয় কেইবাটাও ভাষাক একেদিনাই ভাৰত চৰকাৰে ‘ধ্ৰুপদী ভাষা’ হিচাপে স্বীকৃতি দিয়া কথাটো তাৎপৰ্যপূৰ্ণ। ভাষাক ধ্ৰুপদীৰ মৰ্যাদা দিয়াৰ প্ৰক্ৰিয়া ভাৰতীয় চৰকাৰে প্ৰথম উদ্যোগ লৈছিল ২০০৪ চনতে, অৰ্থাৎ ২০০৪ চনত ‘তামিল ভাষা’ই প্ৰথম ‘ধ্ৰুপদী ভাষা’ৰ মৰ্যাদা পাইছিল। ২০০৫ চনত ‘সংস্কৃত’ ভাষাই, ২০০৮ চনত তেলেগু আৰু ‘কন্নড় বা কানাড়া ভাষাই, ২০১৩ চনত ‘মালয়ালম’ ভাষাই আৰু ২০১৪ চনত ‘উড়িয়া’ ভাষাই ‘ধ্ৰুপদী ভাষা’ৰ স্বীকৃতি পাইছিল। কেতিয়াবাৰে পৰাই অসমীয়া ভাষাক ‘ধ্ৰুপদী’ মৰ্যাদা দিবলৈ ভাৰত চৰকাৰক আবেদন-নিবেদন জনোৱা হৈছিল যদিও সেই কথা বাস্তবায়িত হোৱালৈ বহুদিন অসমীয়াই অপেক্ষা কৰিবলগীয়া হ’ল। অসমীয়া ভাষাই যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে বা ইয়াৰ আগতেও যে ভাৰতীয় আন আন প্ৰাদেশিক ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছিল, কিয় পাইছিল বা পাইছে ? বা ভাষা এটাই কেতিয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰে ? ভাষা এটাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ প্ৰয়োজনীয় চৰ্ত কি? আহকচোন জানো ভাষা এটাই কেতিয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰে ।
ক) ভাষা এটাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিবলৈ হ’লে ১৫০০ ৰ পৰা ২০০০ বছৰৰ পুৰণি বা ততোধিক প্ৰাচীন প্ৰামাণ্য ইতিহাস থাকিব লাগিব। ভাষাটোৰ উচ্চ মান বিশিষ্ট প্ৰাচীনতম বিশেষ পাঠ, শিলালিপি, মুদ্ৰা আদি থাকিব লাগিব।
খ) বহু প্ৰজন্ম ধৰি ভাষাটোৰ অন্তৰ্গত ভাষা-ভাষীসকলে ব্যৱহাৰ কৰি থকা প্ৰাচীন সাহিত্য থাকিব লাগিব, যিবোৰ সাহিত্যৰ মূল্যবান ঐতিহ্য থকাতো বাঞ্চনীয় ।
গ) ভাষাটো অন্য ভাষীক গোষ্ঠীৰ পৰা ধাৰ কৰা হ’ব নালাগিব আৰু ভাষাৰ সাহিত্য মৌলিক পৰম্পৰাৰ হ’ব লাগিব।
ঘ) আধুনিক ৰূপৰ ভাষা-সাহিত্যৰ পৰা প্ৰাচীন ভাষা আৰু সাহিত্য স্পষ্ট হ’ব লাগিব আৰু ধ্ৰু¸পদী ভাষাৰ ৰূপৰ সৈতে ধাৰাবাহিকতা থাকিব লাগিব।
অসমীয়া ভাষালৈ লক্ষ্য কৰিলে ওপৰত উল্লেখ কৰা কেউটা প্ৰয়োজনীয় চৰ্তই ভাষাটোত প্ৰত্যক্ষ কৰা যায়। সেই দিশৰ পৰা চাবলৈ গ’লে অসমীয়া ভাষাই কেতিয়াবাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিব লাগিছিল। ভাৰত চৰকাৰৰ ওচৰত বহু অসমীয়াই বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ অন্তত ২৪ বৰ্ষৰ শেষৰফালে ভাৰত চৰকাৰৰ কেবিনেটে ঐতিহাসিক অনুমোদন জনাই ভাষাটোক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিলে । ভাষাটোৰ বিকাশ, প্ৰসাৰ আৰু প্ৰচাৰৰ যোগেদি ভৱিষ্যত সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব কাৰ? বৰ্তমান বিশ্বায়নৰ সম্প্ৰসাৰণ, উদাৰীকৰণ অৰ্থনৈতিক ব্যৱস্থা, বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত বিকাশে ভাৰতীয় সমাজ ব্যৱস্থাৰ লগতে অসমৰ সমাজ ব্যৱস্থালৈ লৈ আহিছে আমূল পৰিবৰ্তন। এই পৰিবৰ্তনৰ প্ৰভাৱ পৰিছে ভাষা-সাহিত্য, সংস্কৃতিত। বহিৰাগত ভাষা-সংস্কৃতিৰ আগ্ৰাসনে অসমীয়া ভাষা-সাহিত্য, সংস্কৃতিত বিৰূপ প্ৰভাৱ পেলাইছে। স্থানান্তৰত এই বিষয়ত সম্যক আলোচনা দাঙি ধৰিম।
এতিয়া আহোঁ ভাষা এটাই ধ্ৰু¸পদী ভাষাৰ মৰ্যাদা লাভ কৰিলে কি কি দিশত লাভাম্বিত হয়। ভাৰত চৰকাৰৰ ২০০৪ চনৰ ১ নৱেম্বৰৰ No-2-16!2004-US (Academics) ত ভাষা এটাই ধ্ৰুপদী মৰ্যাদা লাভ কৰিলে নিম্ন লিখিত কথা কেইটাত গুৰুত্ব দিবলৈ প্ৰস্তাব লোৱা হৈছিল।-
ক) ভাৰতীয় ধ্ৰুপদী ভাষাৰ প্ৰসিদ্ধ পণ্ডিতসকলৰ কাৰণে প্ৰতিবছৰে দুটা মুখ্য আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ’ব।
খ) ধ্ৰুপদী ভাষাৰ অধ্যয়নৰ কাৰণে এক উৎকৃষ্ট কেন্দ্ৰ স্থাপন কৰা হ’ব।
গ) আৰম্ভণিৰে অন্ততঃ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত ধ্ৰুপদী ভাৰতীয় ভাষাৰ প্ৰসিদ্ধ শিক্ষাৰ্থীসকলৰ বাবে নিদিষ্ট সংখ্যক বিশিষ্ট আসন মুকলি কৰিবলৈ বিশ্ববিদ্যালয় অনুদান আয়োগক অনুৰোধ কৰা হ’ব।
ঘ) ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰাপ্ত ভাষাবোৰৰ সংৰক্ষণ, উন্নয়ন আৰু প্ৰচাৰৰ কাৰণে চৰকাৰে নিজাবৱীয়াকৈ কেতেবাৰ কাৰ্য প্ৰণালী গ্ৰহণ কৰিব।
ঙ) ধ্ৰুপদী ভাষাৰ অধ্যয়ন কৰিবলৈ বিশেষ কোটা থাকিব, যাৰ পৰা শিক্ষাৰ্থীসকলে সুবিধা পাব, বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠানত ভাষাটোৰ অধ্যয়নৰ বাবে ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰিব।
চ) ধ্ৰুপদী ভাষাৰ ক্ষেত্ৰত গৱেষণা বা প্ৰতিবেদন প্ৰস্তুত কৰাত চৰকাৰৰ পৰা অনুদান বা আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ’ব আৰু এনেবোৰ সুবিধাই ভাষাটোৰ গৱেষণা, সংৰক্ষণ আৰু সাংস্কৃতিক পৰম্পৰা আগবঢ়োৱাৰ ক্ষেত্ৰত গভীৰ ভূমিকা পালন কৰিব। ইত্যাদি।
পূৰ্বেই উল্লেখ কৰি আহিছোঁ যে পৰিৱৰ্তিত সমাজ ব্যৱস্থাই ভাষা-সংস্কৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। অসমীয়া ভাষা-সংস্কৃতিতো অন্য ভাষা- সংস্কৃতিৰ আগ্ৰাসনৰ মূল কাৰণো পৰিৱৰ্তিত সমাজ ব্যৱস্থা। সমগ্ৰ পৃথিৱী জুৰি বলা বিশ্বায়নৰ শক্তিশালী ঢৌ আৰু বিংশ শতিকাৰ শেষ দশকত (১৯৯১ চনত) ভাৰতবৰ্ষই গ্ৰহণ কৰা ‘উদাৰীকৰণ অৰ্থনীতি’ প্ৰস্তাৱে ভাৰতীয় সমাজ ব্যৱস্থালৈ দ্ৰুত পৰিবৰ্তন কঢ়িয়াই আনিলে। বিশ্বায়নৰ আগ্ৰাসনে গোটেই পৃথিৱীকে এখন গোলকীয় গাঁৱলৈ পৰিণত কৰিলে। বিজ্ঞান,তথ্য-প্ৰযুক্তিৰ নানা উদ্ভাৱনী সা-সামগ্ৰীৰ লগত ভাৰতীয় মানুহৰ পৰিচয় ঘটিল। ডিজিটেল মাধ্যমৰ সম্প্ৰসাৰণ হ’ল। উদাৰীকৰণ অৰ্থনীতিৰ ফলত দেশত গঢ়ি উঠিল নানা উদ্যোগ । ঔদ্যোগিক সম্প্ৰসাৰণ হোৱাৰে পৰা দেশলৈ বহিৰাগত লোকৰ প্ৰবজনৰ সোঁত বৱলৈ ধৰিলে। একেদৰে আমাৰ দেশৰ মনুহৰো বহিঃগমনৰ পথ সুচল হ’ল। জনপ্ৰবজন আৰু বহিঃগমনৰ কাৰণত ভাষা-সংস্কৃতিৰ সমন্বয় সাধন সম্ভৱ হৈ পৰিল। ভাৰতবৰ্ষৰ উত্তৰ পূৱত অৱস্থিত অসমৰ মানুহকো এই পৰিৱৰ্তিত সমাজ ব্যৱস্থাই স্পৰ্শ কৰিলে। ভাৰতৰ বিভিন্ন ৰাজ্য আৰু পশ্চিমীয়া দেশ বিলাকৰ লগত সহজ আৰু সঘন যোগাযোগ সম্ভৱপৰ হৈ উঠাৰে পৰা আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় ভাষাৰ প্ৰয়োজনীয়তা মানুহে বেছিকৈ বোধ কৰিবলৈ ল’লে। লাহে লাহে অসমীয়া মানুহে ইংৰাজী, হিন্দী অদি ভাষাক আদৰি ল’বলৈ ধৰিলে।
অসমীয়া ভাষাত বহিৰাগত ভাষাৰ আগ্ৰাসন বুলিলে ইংৰাজী, হিন্দী আৰু বাংলা ভাষাৰ কথাই পোনতে মনলৈ আহে। সাম্প্ৰতিক সময়ৰ অসমীয়া ভাষাত এইকেইটা ভাষাৰ আগ্ৰাসনৰ কথা কোনেও নুই কৰিব নোৱাৰে। অসমীয়া ভাষাৰ ভাষিক গাঁথনি সলনি হোৱাৰ মূলতে এই তিনিওটা ভাষা। বৰ্তমান সময়ৰ অসমীয়া ভাষাৰ কথিত আৰু লিখিত উভয় ৰূপতে যথেষ্ট পৰিবৰ্তন দেখা পোৱা গৈছে। পৰিৱৰ্তিত সময় আৰু সমাজ ব্যৱস্থাই অসমীয়া মানুহৰ চিন্তা-চেতনা, ধ্যান-ধাৰণা সলনি কৰিলে। মানুহে উপলদ্ধি কৰিবলৈ ধৰিলে যে বিশ্বসভাত নিজকে বা ভৱিষ্যত প্ৰজন্মক প্ৰতিষ্ঠা কৰিবলৈ ইংৰাজী ভাষাৰ শিক্ষাৰ বাহিৰে গত্যন্তৰ নাই। তেনে ধাৰণাৰ ফলতে অসমৰ চহৰে-নগৰে, গাঁৱে-ভূঞে গঢ় লৈ উঠিল অজস্ৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়। বহু অসমীয়া মানুহে অসমীয়া মাধ্যমৰ বিদ্যালয় বৰ্জন কৰি নিজৰ সতি-সন্ততিক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাবলৈ আৰম্ভ কৰিলে। ইংৰাজী মাধ্যমৰ বিদ্যালয়বিলাকত অসমীয়া বিষয় গুৰুত্বহীন হৈ পৰিল। কোনো কোনো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামত অসমীয়া বিষয় ৰখা হ’ল যদিও ইংৰাজীৰ দৰে সম গুৰুত্ব নিদিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে ভালকৈ অসমীয়া আয়ত্ব কৰিব নোৱাৰা অৱস্থা দেখা গ’ল। বহু ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ চৌহদৰ ভিতৰত অসমীয়া ভাষাত কথা-বতৰা পতাও নিষিদ্ধ কৰা ব্যৱস্থাই স্বাভাৱিকতে ছাত্ৰ-ছাত্ৰীৰ মনৰ পৰা অসমীয়া ভাষাৰ গুৰুত্বতাৰ উপলদ্ধি কমাই পেলালে। স্বীকাৰ্য যে ভৱিষ্যতৰ আন্ত:ৰাষ্ট্ৰীয় সমাজ ব্যৱস্থাৰ লগত তাল মিলাই চলিবলৈ হ’লে ইংৰাজী, হিন্দী অদি ভাষা শিকিবই লাগিব। একাধিক ভাষা শিকা, আয়ত্ব কৰাতো সময়োপযোগী। ইংৰাজী,হিন্দী বা বাংলা ভাষাৰ সমান্তৰালকৈ নিজ মাতৃভাষাৰ জ্ঞান আহৰণ কৰি দৈনন্দিন জীৱনৰ প্ৰয়োজনত ব্যৱহাৰ কৰি থাকিলেহে ভাষাটোৰ ভৱিষ্যত সুৰক্ষিত হ’ব।
সাম্প্ৰতিক সময়ত উচ্চশিক্ষিত জনৰ পৰা সৰ্বসাধাৰণ জনলৈকে সকলোৱে অসমীয়া, ইংৰাজী, হিন্দী, বাংলা মিহলি খিচিৰী ভাষা প্ৰয়োগ কৰি নিজৰ মনৰ ভাৱ আনৰ আগত প্ৰকাশ কৰিবলৈ ভালপোৱা হৈছে। কথাই কথাই দুই চাৰিটা বেলেগ ভাষাৰ শব্দ সংযোগ নকৰিলে নিজকে কিবা হোজা গঁঞা যেন বোধ হোৱাৰ আশংকাই আমাৰ ‘সুৱদি সুৰীয়া’ ভাষাটোলৈ কেনে প্ৰত্যাহান কঢ়িয়াই আনিছে, আমি ভাৱি চাইছোনে? দুই এটা উদাহৰণ দিলে বিষয়টো অধিক স্পষ্ট হ’ব-
১) - ‘তোৰ দ্ৰেছটো কিছু চালিয়া লাগিছে Îব’
- ‘ঐ , ফ্লেটাৰিং কৰিছনে চিৰিয়াছকে কৈছ’
-‘আৰে দোস্ত, তোকনো ফ্লেটাৰিং কৰিমনে? চিৰিয়াছকে কৈছোঁ, মা কচম। ক’ৰ পৰা ল’লি হা?’
- ‘ মই লোৱা নাই অ’, আণ্টিয়ে দিয়া বাৰ্থডে গিফ্ টহে । থেংক ইউ দেই তোক।’
২) - ম’বাইলটো জলদি দে না’
- তোক এনি টাইম ম’বাইলটো কেলে লাগে হা, পঢ়গে যা’
এই উদাহৰণেবাৰেই প্ৰমাণ কৰে অসমীয়া ভাষাত আন ভাষাৰ আগ্ৰাসনৰ কথা। সমাজত সততে শুনা এই কথিত ৰূপেবাৰে যে লিখিত ভাষাতো এদিন প্ৰৱেশ নকৰিব সেয়া ন দি ক’ব নোৱাৰি। ওপৰৰ দুটা উদাহৰণত ব্যৱহূত ‘বে’ আৰু ‘আবে’ শব্দ দুটা বাৰু কি শব্দ ? বাক্যকেইটাত কিমানটা ইংৰাজী, হিন্দী ভাষাৰ শব্দ আছে মন কৰকচোন। বৰ্তমান কথিত ৰূপত বৰ্তি থকা বহুবোৰ শব্দ সামাজিক মাধ্যমৰ মাজেৰে বহুল প্ৰচাৰিত হৈ আহিছে। এই কথাবোৰে ভাষাটোৰ প্ৰতি চৰম ভাবুকিৰেই সৃষ্টি কৰা নাই জানো? অসমীয়া ভাষালৈ অহা এনে ভাবুকিবোৰ আমি প্ৰতিজন অসমীয়াই নিজে আঁতৰ কৰিবলৈ সচেষ্ট হ’ব লাগিব।
বৰ্তমান সময়ত বহুত উঠি অহা প্ৰজন্মৰ ল’ৰা-ছোৱালীয়ে পিঠাগুৰি, সান্দহ, হুৰুম, কাহুদি, খাৰলি আদি চিনি নাপায়। নাãল-যুঁৱলি, জবকা, ওখোন আদিবোৰ ছবি আঁকি বুজাব লাগে। সম্বন্ধবোধক সুৱদী অসমীয়া শব্দেবাৰ আমাৰ সমাজৰ পৰা ক্ৰমশঃ হেৰাই গ’ল। বহু অসমীয়া সম্বন্ধবাচক শব্দ যেনে- মিতা, তাৱৈ, আমৈ, সখা আদিৰ ব্যৱহাৰ প্ৰায় নোহোৱাৰ দৰে হ’ল। ঠিক একেদৰে দেউতা, মা, খুড়া, খুড়ী, বন্ধু আদিৰ পৰিবৰ্তে পাপা, ডেড, ডেড, মামী, মম, ফ্ৰেণ্ড, আংক’ল, আণ্টি, কাজিন আদি শব্দবোৰক আমি আদৰি লৈছোঁ। আজিৰ প্ৰজন্মৰ বহুতেই চ’ৰাঘৰ, মাৰলঘৰ, ৰান্ধনিঘৰ আদি চিনি নাপায়, লিভিং ৰুম, গেষ্ট ৰুম, কিটচেন, বেডৰুম আদিকহে চিনি পায়। এনে বহুবোৰ শব্দ কেৱল কথিত ৰূপতে বৰ্ত্তি নাথাকি লাহে লাহে লিখিত ৰূপতো সোমাই পৰিছে।
এটা কথা নিশ্চিত যে বিজ্ঞান-প্ৰযুক্তিৰ ন ন উদ্ভাৱনী সকলো সামগ্ৰীৰে পৰিভাষিক শব্দ সৃষ্টি কৰাটো সম্ভৱপৰ নহয়, কিছুমান পাৰিভাষিক শব্দ ব্যৱহাৰ কৰিলে শুনিবলৈও আচহুৱা লাগে। তেনে ক্ষেত্ৰত মূল ইংৰাজী ভাষাৰ শব্দক গ্ৰহণ কৰাত কোনো আপত্তি নাই। কিন্তু অপ্ৰয়োজনীয় ভাৱে অসমীয়া ভাষাত ইংৰাজী শব্দৰ ব্যৱহাৰ নকৰাই শ্ৰেয়। ইংৰাজী মূলীয় বহু শব্দৰ যথোপযুক্ত পাৰিভাষিক শব্দ থাকোঁতেও আমি সেইেবাৰৰ ব্যৱহাৰ নকৰোঁ। অসমীয়া মানুহৰ নিজা ভাষাৰ প্ৰতি জাগ্ৰত অমনোযোগী মনোভাৱ, অসচেতনতা, অজ্ঞতা ইত্যাদি বিভিন্ন কাৰণত অসমীয়া ভাষাত ইংৰাজী, হিন্দী, বাংলা আদি ভাষাৰ শব্দৰ ব্যৱহাৰ দিনক দিনে বৃদ্ধি পাই আহিছে। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, মেজ, কাৰ্যালয় আদি অজস্ৰ অসমীয়া শব্দক বিসৰ্জন দি স্কুল, কলেজ, ইউনিভাৰচিটি, টেবুল, অফিচ আদিক সততে আমি আদৰি ল’বলৈ ভালপোৱা হৈ আহিছোঁ। কথাই কথাই ইংৰাজীৰ ‘চ’ৰি’, ‘মাই গড্’, ‘থেংক ইউ’ আৰু হিন্দী ভাষাৰ ‘হামেচা’, ‘ফকতীয়া কথা নকবি’, ‘জোৰ কা ঝাতকা ধীৰে চে’, ‘জিন্দেগী বৰবাদ কৰি দিম’ আদিৰ দৰে শব্দক স্বাভাৱিক ভাৱে ব্যৱহাৰ কৰিবলৈ লৈছোঁ।
বিভিন্ন সামাজিক মাধ্যমসমূহ বৰ্তমান সাহিত্য-সংস্কৃতি চৰ্চাৰ বিশাল স্থলীলৈ পৰিবৰ্তন হৈছে। এয়া অসমীয়াৰ বাবে শুভ লক্ষণ । কিন্তু সামাজিক মাধ্যমত ভাষা, সাহিত্য-সংস্কৃতি চৰ্চা কৰা বহু লোকেই ভাষাৰ প্ৰায়োগিক দিশৰ প্ৰতি বিশেষ মনোযোগ নিদিয়া যেন অনুভৱ হয়। বানানৰ প্ৰতি গুৰুত্বহীনতা, ব্যাকৰণৰ প্ৰয়োজনীয়তা বৰ্জন কৰা, বাক্য গঠনত আন আন ভাষাৰ একাধিক শব্দ প্ৰয়োগ কৰা ইত্যাদি কথাবোৰে অসমীয়া ভাষাৰ বাবে প্ৰত্যাহান কঢ়িয়াই আনিছে। এনে বহুবোৰ উদাহৰণ ওলাব, যিবোৰে অসমীয়া ভাষাটোক অধিক প্ৰত্যাহানৰ মুখলৈ দিনক দিনে লৈ গৈছে। বৰ্ণনা বাহুল্যলৈ লক্ষ্য ৰাখি সমান্য আলোচনাৰে লেখাৰ মোখনি মাৰিব বিচাৰিলোঁ। অসমীয়া ভাষাটোৱে ধ্ৰুপদী স্বীকৃতি লাভ কৰা কথাটোতে আত্মসন্তুষ্টি লাভ কৰি থকাতকৈ ভাষাটোৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰখা কথাত সকলোৱে মনোযোগ দিওঁ আহক।
(লেখক সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, মেলামৰা মহাবিদ্যালয়, গোলাঘাট, দূৰভাষঃ ৭০০২৯৩৩৪৯৮)

