Bhuban Road, Near GMC Office, Ujan Bazar, Guwahati – 781001

0361-3188653 / 9678083540

সাহিত্য

তিৱা মৌখিক ৰামায়ণী সাধুকথাত ৰামায়ণৰ কাহিনীৰ পুনৰ নিৰ্মাণ

post

Share

লেখকঃ প্ৰতিম শইকীয়া

সাহিত্যত পুনৰ নিৰ্মাণ তত্ত্বৰ প্ৰয়োগ বৰ্তমান সাহিত্য বিচাৰৰ এক ধাৰা। সাহিত্যত পুনৰ নিৰ্মাণ আেপক্ষিকভাৱে এটা নতুন ধাৰণা যদিও অতীতৰ পৰাই এই ধাৰণা ক’ব নোৱাৰাকৈ সাহিত্যত প্ৰয়োগ হৈছিল। অৱশ্যে বৰ্তমানৰ দৰে এই ধাৰণাক পূৰ্বে বিচাৰ কৰি চোৱা নহৈছিল। পুনৰ নিৰ্মাণৰ ফলশ্ৰুতিত পুৰণি ঘৰ এটা যিদৰে আটক ধুনীয়া হৈ পৰে ঠিক একেদৰে সাহিত্যত পুনৰ নিৰ্মাণৰ প্ৰয়োগে সাহিত্যৰ নান্দনিকতা বঢ়াই তোলে আৰু সাহিত্য পাঠৰ প্ৰতি পাঠকৰ নতুন ৰুচিবোধ গঢ়ি তোলে। পুৰণি বস্তু এটাকে নতুন ৰূপত গঢ় দিয়াই পুনৰ নিৰ্মাণ। এনে পুনৰ নিৰ্মাণৰ ধাৰণাই তিৱা মৌখিক ৰামায়ণী সাধুকথাক কেনেদৰে নতুন ৰূপত সজাই তুলিছিল সেই কথা বিচাৰ কৰাই এই লেখাৰ মূল আলোচ্য বিষয়।

অসমৰ পাহাৰ আৰু ভৈয়াম উভয় অঞ্চলতে বসবাস কৰি থকা মঙ্গোলীয় প্ৰজাতিৰ অন্তৰ্গত তিৱা (লালুং) সকলৰ মাজত লিখিত আৰু মৌখিক পৰম্পৰাৰ ৰামায়ণৰ কাহিনী প্ৰচলন আছে। তিৱা ভাষাত উপলব্ধ লিখিত সংক্ষিপ্ত ৰামায়ণখনৰ নাম ‘ৰামায়ণে খৰং’, যিখন ৰূপসিংহ দেউৰী (আমছং)য়ে তিৱা ভাষাত অসমীয়া লিপিত লিখি প্ৰকাশ কৰিছিল ১৯৯৩ চনত। এই লিখিত ৰামায়ণৰ উপৰিও পশ্চিম কাৰবি আংলংৰ থাৰাকুঞ্চি, আমচাই, বৰমাৰ্জং আদি পাহাৰীয়া অঞ্চলত বসবাস কৰি থকা তিৱা জনগোষ্ঠীয় লোকৰ মাজত বৰ্তমানেও মৌখিক সাধুকথা ৰূপত ৰামায়ণৰ কাহিনী পৰা প্ৰচলন হৈ থকা দেখা গৈছে। ৰাম-লক্ষ্মণ জন্মৰ পৰা সীতাৰ পাতাল প্ৰৱেশলৈকে ৰামায়ণৰ সকলো কথা সংক্ষিপ্ত ৰূপত এই অঞ্চলেবাৰৰ বহু বৰ্ষীয়ান লোকৰ মনৰ মণিকোঠাত অদ্যপৰিমিত সঞ্চিত হৈ আছে। বাল্মীকি আৰু কৃত্তিবাসী উভয় ৰামায়ণৰ কাহিনীৰ আধাৰত গঢ় লোৱা ৰামায়ণী সাধুকথা তিৱা সমাজৰ লোকৰ মাজত মৌখিকভাৱে কেতিয়াৰ পৰা প্ৰচলন হৈছিল তাৰ কোনো ঐতিহাসিক তথ্য পোৱা নাযায় যদিও তিৱা জনগোষ্ঠীয় সমাজত ৰামায়ণৰ কাহিনী জনপ্ৰিয়তাৰ প্ৰেক্ষাপট এই সাধুকথাই স্পষ্ট কৰে। বৰ্তমান পাহাৰত বসবাস কৰি থকা তিৱাসকলৰ মাজত মৌখিক পৰম্পৰাৰে যি ৰামায়ণী সাধুকথাৰ প্ৰচলন আছে, সেই সাধুকথাৰ ৰাম কাহিনীক তিৱা জনগোষ্ঠীয় লোকে বহু ক্ষেত্ৰত পুনৰ নিৰ্মিত ৰূপ দিবলৈ প্ৰয়াস কৰা দৃষ্টিগোচৰ হৈছে।

আকাশৰ জন্ম, পৃথিৱীৰ জন্ম, হনুমানৰ জন্ম, চাৰিভাইৰ জন্ম আদি তিৱা সমাজৰ প্ৰচলিত লোককথাৰ দৰে ৰামায়ণৰ কাহিনীভিত্তিক লোককথাৰো প্ৰচলন আছে। তিৱা মৌখিক ৰামায়ণী সাধুকথাৰ আৰম্ভণি হৈছে ৰাম-লক্ষ্মণ আদিৰ জন্মৰ পৰা। ৰাম-লক্ষ্মণৰ জন্ম কাহিনীক তিৱা জনগোষ্ঠীয় লোকে নিজা ধৰণে উপস্থাপন কৰি ৰামায়ণৰ কাহিনীক পুনৰ নিৰ্মাণ কৰিছে।  মূল ৰামায়ণৰ দশৰথ ৰজাই পুত্ৰ লাভৰ অৰ্থে ঋষ্যশৃঙ্গক আনি যজ্ঞ পতা, যজ্ঞকুণ্ডৰ পৰা মহাদীপ্তমান দিব্য পুৰুষৰ আবিৰ্ভাৱ হৈ অমৃত পায়স দিয়া, সেই অমৃত পায়স ভক্ষণ কৰাৰ পাছত দশৰথৰ ৰাণীসকলে গৰ্ভধাৰণ কৰি ৰাম-লক্ষ্মণ, ভৰত-শত্ৰুঘ্নক জন্ম দিয়া কাহিনীৰ পৰিবৰ্তে তিৱা মৌখিক ৰামায়ণী সাধুকথাত সন্নিবিষ্ট গছৰ গুটি আৰু ফল খাই দশৰথৰ ৰাণীসকলে ৰাম-লক্ষ্মণ আদিক জন্ম দিয়াৰ কাহিনী সন্নিৱিষ্ট কৰি ৰামায়ণৰ কাহিনীক পুনৰ নিৰ্মাণ কৰিছে।

তিৱা ৰামায়ণী সাধুত সীতাৰ স্বয়ম্বৰৰ সময়ৰ ঘটনাক স্বকীয় সৃষ্ট এক লোক কাহিনীৰ যোগেৰে পুনৰ নিৰ্মাণ কৰা হৈছে। তিৱা লোক কবিৰ স্বভাৱসুলভ সৃষ্ট সেই লোক কাহিনী হৰধনু (সোণৰ ধনু) ভঙ্গ প্ৰসংগৰ লগত সংযোগ কৰি ৰামায়ণৰ কাহিনীক পুনৰ্নিৰ্মিত ৰূপ দান কৰিছে। এই সাধুকথাত হৰধনু ভঙ্গৰ প্ৰসংগত জনক ৰজাই ধনুত গুণ লগাই আকাশত উৰি ফুৰা চিলনীক সেই ধনুৰ  শৰেৰে শৰবিদ্ধ কৰি তলত উতলাই থকা গৰম পানীৰ চৰুত মৰা চিলনীৰ দেহটো পেলাব পৰাজনলৈ সীতাক বিয়া দিয়াৰ চৰ্ত ৰখা কথাখিনিয়ে ৰামায়ণৰ কাহিনীক পুনৰ নিৰ্মাণ কৰিছে। সেইমতে সোণৰ ধনুত ৰামে গুণ লগাই আকাশত উৰি ফুৰা চিলনীক শৰবিদ্ধ কৰি তলত উতলি থকা গৰম পানীৰ চৰুত পেলাই সীতাক লাভ কৰিছিল বুলি তিৱা ৰামায়ণী সাধুত উল্লেখ আছে। এই কাহিনী কোনো ৰামায়ণী কাহিনীৰ লগত নিমিলে। সেই দিশৰ পৰা বিচাৰ কৰিলে ইয়াক তিৱা লোক কবিৰ পুনৰ নিৰ্মাণৰ প্ৰচেষ্টা বুলি নিঃসন্দেহে ঠাৱৰ কৰিব পাৰি।

তিৱা ৰামায়ণী সাধুত সীতা হৰণৰ প্ৰসংগক তিৱা লোক কবিয়ে পুনৰ নিৰ্মাণৰ চেষ্টা কৰা দৃষ্টিগোচৰ হৈছে। মূল বাল্মীকি ৰামায়ণৰ  ৰাম-লক্ষ্মণ, সীতা পঞ্চৱটীত থকাৰ সময়ত ৰাৱণৰ ভনীয়েক শূৰ্পণখাই লগেপাৱা, ৰামৰ ৰূপত মুগ্ধ হৈ ৰামক পতিৰূপে পাবলৈ বিচৰা, ৰামৰ আদেশত লক্ষ্মণে শূৰ্পণখাৰ নাক-কাণ কটা, শূৰ্পণখাৰ নাক-কাণ কটাৰ প্ৰতিশোধ ল’বলৈ ভায়েক খৰ-দূষণ, ত্ৰিশিৰাসহ সহস্ৰাধিক ৰাক্ষসে ৰাম-লক্ষ্মণৰ লগত যুদ্ধ কৰি যুদ্ধত নিপাত হোৱা, অকম্পন নামৰ এজন ৰাক্ষসে সেই বতৰা ৰাৱণক প্ৰথম প্ৰদান কৰা, শেষত প্ৰতিশোধ পূৰণৰ কাৰণে শূৰ্পণখাই লংকাত থকা ককায়েক ৰাৱণৰ ওচৰত উপস্থিত হৈ সীতাক হৰণ কৰিবলৈ প্ৰৰোচিত কৰা কথাবোৰ তিৱা ৰামায়ণী সাধুত পৰিহাৰ কৰি অন্য এক কাহিনীৰ সংযোজনেৰে সীতা হৰণৰ কাৰণে ৰাৱণ প্ৰস্তুত হোৱা বুলি উল্লেখ কৰি ৰামায়ণৰ কাহিনীক পুনৰ নিৰ্মাণ কৰিছে। তিৱা ৰামায়ণী সাধুত সীতা বনত থকা কথা ৰাৱণে জানিব পাৰিছিল মৌ-মাখিৰ দ্বাৰা। মৌ-মাখিয়ে ৰাৱণক সীতাৰ অৱস্থিতিৰ বিষয়ে জনোৱাৰ লগে লগে ৰাৱণে সীতা হৰণৰ পৰিকল্পনা কৰিছিল, কাৰণ সীতাক স্বয়ম্বৰত দেখাৰ পাছৰ পৰাই সীতাৰ ৰূপ-লাৱণ্যৰ প্ৰতি ৰাৱণ মোহিত হৈ আছিল। সেয়ে ৰাৱণে নিজেই সোণালী হৰিণৰ ৰূপ ধাৰণ কৰি বনত থকা সীতাৰ আগত দেখা দি হৰিণৰ প্ৰতি সীতাৰ মন লালসিত কৰাৰ লগতে পাছত পুনৰ ভিক্ষাৰী ৱেশ ধাৰণ কৰি সীতাক বুদ্ধিৰে হৰণ কৰিছিল। মূল ৰামায়ণত ৰাৱণৰ মোমায়েক মাৰীচে হৰিণৰ ৰূপ ধাৰণ কৰাৰ পৰিবৰ্তে তিৱা ৰামায়ণী সাধুত ৰাৱণে নিজেই হৰিণৰ ৰূপ ধাৰণ কৰা কথাও এক প্ৰকাৰৰ পুনৰ নিৰ্মাণৰে প্ৰচেষ্টা।

সীতা হৰণৰ সময়ত ৰাৱণে পঁজা ঘৰৰ দুৱাৰ-খিৰিকী, বেৰ-চাল আদি প্ৰত্যেক  বস্তুকে সীতা হৰণৰ বতৰা ৰাম-লক্ষ্মণক প্ৰদান নকৰিবলৈ সকীয়নি দি যোৱাৰ যি কাহিনী তিৱা ৰামায়ণী সাধুত সন্নিবিষ্ট আছে সেয়াও ৰামায়ণৰ কাহিনীৰ পুনৰ নিৰ্মাণ। মূল ৰামায়ণত এই কাহিনী নাই। ৰাৱণে সকলো বস্তুকে সকীয়নি প্ৰদান কৰাৰ পাছতো ঘৰৰ ভিতৰত থকা এটা বেজীক মনিব নোৱাৰি ক’বলৈ পাহৰি গৈছিল। সেই কথাত ক্ষোভিত বেজীটোৱে ৰাম হৰিণ অনুসৰণৰ পৰা উলটি আহি সীতাৰ বতৰা সোধাৰ লগে লগে ৰাৱণে সীতাক হৰণ কৰি কোন দিশেৰে উধাও হৈছিল সেই বতৰা প্ৰদান কৰিছল। ৰামে সীতাক পঁজাঘৰত নেদেখি পঁজাঘৰৰ দুৱাৰ-খিৰিকী, বেৰ-চাল আদি প্ৰত্যেক বস্তুকে সীতাৰ বতৰা সুধিছিল যদিও ৰাৱণৰ সকীয়নিলৈ ভয় কৰি পঁজাঘৰৰ আন আন বস্তুবোৰ নিমাতে ৰোৱাৰ কথাও তিৱা ৰামায়ণী সাধুত পোৱা গৈছে। এই কাহিনী মূল ৰামায়ণৰ কাহিনীৰ পুনৰ্নিৰ্মিত ৰূপ।

ৰাম হৰিণ অনুসৰণ কৰিবলৈ গৈ বহু সময়লৈকে পঁজালৈ উলটি নহাত সীতাৰ মনত শঙ্কাৰ উদ্ৰেক হৈ লক্ষ্মণক ৰামৰ খৱৰ কৰিবলৈ সীতাই জোৰ কৰি পঠোৱা বুলি তিৱা ৰামায়ণী সাধুত সন্নিবিষ্ট কথাও ৰামায়ণৰ কাহিনীৰ আংশিক পুনৰ নিৰ্মাণৰে প্ৰচেষ্টা। মূল ৰামায়ণত ৰামে স্বৰ্ণ মৃগৰ পাছে পাছে দৌৰি জীৱন্তে মৃগ ধৰিব নোৱাৰি শৰ প্ৰহাৰ কৰিছিল। ৰামৰ শৰে মায়া মৃগৰ বুকু ভেদ কৰাৰ লগে লগে স্বৰ্ণ মৃগৰূপী মাৰীচে ৰাৱণৰ পূৰ্বৰ আদেশমতে ‘হা সীতা, হা লক্ষ্মণ’ বুলি গগণেভদী চিঞৰ মাৰিছিল আৰু সেই চিঞৰ শুনাৰ লগে লগে সীতাই ৰাম বিপদত বুলি ভাবি লক্ষ্মণক ৰামৰ সহায়ৰ কাৰণে যবলৈ বাধ্য কৰাইছিল।

সীতাক অকলে পঁজাত এৰি লক্ষ্মণ ৰামৰ সহায়ৰ কাৰণে যোৱা কথাত ৰাম ক্ৰোধান্বিত হৈছিল। ৰামৰ সেই ক্ৰোধ অধিক গাঢ় হৈছিল হৰিণ অনুসৰণৰ পৰা উলটি আহি পঁজাত সীতাক নেদেখি। খãৰ ভমকত ৰামে লক্ষ্মণক বধ কৰি খাই পোলোৱাৰ পৰিকল্পনা মনতে যুগুত কৰি সেই কথা প্ৰকাশ্যে লক্ষ্মণৰ আগত ব্যক্ত কৰিছিল। ৰামৰ মুখত সেই কথা শুনি লক্ষ্মণে ৰামক লগত চৰু-কেৰাহি লৈ নদীৰ কাষলৈ যোৱাৰ প্ৰস্তাৱ প্ৰদান কৰিছিল আৰু নদীৰ পাৰতেই তেওঁক বধ কৰি চৰু-কেৰাহিত সিজাই খাবলৈ কৈছিল। লক্ষ্মণৰ কথামতে দুয়ো হাতত চৰু-কেৰাহি লৈ নদীৰ পাৰত উপস্থিত হোৱাৰ পাছত লক্ষ্মণে প্ৰথমে ৰামক দুডাল খৰিৰে জুই ধৰি দুটা উধানত চৰু বহাবলৈ ক’লে। ৰামে দুডাল খৰিৰে জুই ধৰি দুটা উধানত চৰু বহুৱাব নোৱাৰিলে। তেতিয়া উপস্থিত বুদ্ধিৰে লক্ষ্মণে ৰামক বুজনি দিলে যে যিদৰে দুডাল খৰিৰে দ্‌পদ্‌কৈ জুই নজ্বলে, দুটা উধানত চৰু নবহে ঠিক একেদৰে এই জগতৰ কল্যাণৰ কাৰণে ৰাম-সীতাৰ লগতে লক্ষ্মণৰো প্ৰয়োজন আছে। লক্ষ্মণৰ কথাত ৰামৰ ক্ৰোধ প্ৰশমিত হ’ল আৰু লক্ষ্মণক সাৱটি ধৰি সীতা অন্বেষণৰ কাৰণে দুয়ো অগ্ৰসৰ হ’ল। তিৱা ৰামায়ণী সাধুত বৰ্ণিত এই আখ্যানে ৰামায়ণৰ কাহিনীক পুনৰ্নিৰ্মিত ৰূপ দান কৰিছে। আৱশ্যে এই কাহিনীৰ লগত কাৰবি ৰামায়ণ ‘ছাবিন আলুন’ৰ মিল পৰিলক্ষিত হৈছে।

তিৱা ৰামায়ণী সাধুত লক্ষ্মণ শক্তিশেলত পৰাৰ সময়ৰ কাহিনীক তিৱা লোক কবিয়ে পুনৰ নিৰ্মাণৰ চেষ্টা কৰা দেখা যায়। লক্ষ্মণৰ সুস্থতাৰ অৰ্থে হনুমানে ঔষধ আনিবলৈ গৈ ঔষধ চিনি নাপাই পৰ্বতটোকে দাঙি লৈ আহোঁতে বাটত নদীৰ পানীত পৰ্বতটো পেলাই মাটিবোৰ খহাই কেৱল গছ-গছনিখিনিকে লৈ যোৱাৰ কথা মনতে যুগুত কৰি নদীত পৰ্বতটো পেলাবলৈ উদ্যোগ লওঁতেই ঔষধি গছে নিজৰ পৰিচয় প্ৰদান কৰি হনুমানক তেনে নকৰিবলৈ বাৰণ কৰিছিল। ঔষধি গছ চিনি পাই হনুমান উৎফুল্লিত হৈ ঔষধি গছৰ অনুৰোধ ৰক্ষা কৰি অবিকল ৰূপত পৰ্বতটো নি লক্ষ্মণ থকা ঠাইত উপস্থিত হৈ ঔষধি গছজোপা চিনাকি কৰাই দিছিল। সেই ঔষধি গছ লক্ষ্মণৰ শৰীৰত ঘঁহি দিয়াৰ লগে লগে লক্ষ্মণৰ শৰীৰৰ পৰা বিষযুক্ত কাঁড়ডাল ওলাই আহে আৰু লক্ষ্মণ ক্ৰমাৎ সুস্থ হৈ পৰে। লক্ষ্মণৰ শৰীৰ পৰা ওলাই আহা বিষাক্ত সেই কাঁড়ডাল হনুমানে মুখেৰে চোবাই গুৰি কৰি সেই চোবাবোৰ মাটিত পেলাই দিছিল। সেই বিষযুক্ত কাঁড়ৰ চোবাবোৰ ভক্ষণ কৰি সাপ, মকৰা, শিঙিমাছ, কঁদো, বৰল আদি প্ৰাণীবোৰ বিষাক্ত হোৱা বুলি তিৱা ৰামায়ণী সাধুত সংযোজিত কথাবোৰ মূল ৰামায়ণৰ কাহিনীৰ পুনৰ নিৰ্মাণ।

পাতাল প্ৰৱেশিত সীতাৰ চুলিত ৰামে থাপ মাৰি ধৰাৰ পৰিপ্ৰেক্ষিতত ৰামৰ হাতত সীতাৰ চুলিৰ এটা অংশ ৰৈ গৈ সেই চুলিৰ পৰাই দুৱৰি বনৰ সৃষ্টি হোৱা বুলি তিৱাসকলে বিশ্বাস কৰা তিৱা ৰামায়ণী সাধুত উল্লেখ থকা কাহিনীও ৰামায়ণৰ কাহিনীৰ পুনৰ নিৰ্মাণ। তিৱা ৰামায়ণী সাধুত আলোচিত উপৰিউক্ত বিষয়সমূহৰ বাদে বাকী কাহিনীক তিৱা লোক কবিয়ে মূল ৰামায়ণৰ দৰেই উপস্থাপন কৰিছে।

তথ্যদাতাঃ-

কৃষ্ণ খোলাৰ, আমচাই, (উমছোৱাই) পশ্চিম কাৰবি আংলং,অসম, বয়সঃ-৬৩

লনসিং আমছং, বৰমাৰ্জং,পশ্চিম কাৰবি আংলং,অসম, বয়সঃ-৪৯

(লেখক সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, মেলামৰা মহাবিদ্যালয়, গোলাঘাট, ভ্ৰাম্যভাষঃ ৭০০২৯৩৩৪৯৮)

আপুনিও ভাল পাব পাৰে!