সাহিত্য

অসমীয়া মহিলা কবিৰ কবিতাত মহাভাৰতীয় চৰিত্ৰ ‘দ্ৰৌপদী’ - এটি বিশ্লেষণ

post

Share

লেখিকাঃ নিকুমণি দাস

অসমীয়া সৃষ্টিশীল সাহিত্যত পুৰুষৰ সমান্তৰালকৈ মহিলা সকলৰ অৱদানো অতুলনীয়। সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত মহিলাই স্বকীয় প্ৰতিভাৰে উজ্বলি উঠিছে তথা অসমীয়া সাহিত্যকো ন ন ভাব-চিন্তাৰ দ্বাৰা সমৃদ্ধ কৰি তুলিছে। অসমীয়া কাব্যসাহিত্যও ইয়াৰ ব্যতিক্ৰম নহয়। বিষয়বস্তুৰ ন-ন সম্পৰীক্ষা, নৱ আংগিক তথা বিবিধ ভাৱসম্পন্ন কবিতাৰ মাধ্যমেৰে মহিলা কবিয়ে অসমীয়া কাব্যসাহিত্যক সমৃদ্ধ কৰি আহিছে।

পুনৰ নিৰ্মাণ শৈলীত ৰচিত বহুতো উপন্যাস, কবিতা আদিৰে অসমীয়া সাহিত্যৰাজি সমৃদ্ধ। বিশেষকৈ অসমীয়া কবি-সাহিত্যিকসকলে মহাকাব্যিক চৰিত্ৰসমূহৰ নৱ বিশ্লেষণেৰে চৰিত্ৰসমূহক সূক্ষ্ম তথা নৱ দৃষ্টিৰে চাবলৈ পাঠক সমাজক সৰ্বদা উনুকিয়াই আহিছে। এই মহাকাব্যিক চৰিত্ৰসমূহৰ ভিতৰত মহাভাৰতৰ ‘দ্ৰৌপদী’ নাৰী চৰিত্ৰটি অন্যতম এটি আদৰ্শ চৰিত্ৰ। বহুতো কবিৰ কবিতাত ‘দ্ৰৌপদী’ কাব্যৰ মূল ভেটি হিচাপে ধৰা দিছে। নাৰীমনৰ সূক্ষ্ম অনুভূতিৰ প্ৰকাশ অথবা নাৰী মনস্তত্ব, নাৰীৰ সামাজিক মৰ্যদাৰ প্ৰতি সচেতনতাক  কেন্দ্ৰীয় ভাব হিচাপে লৈ ‘দ্ৰৌপদী’ চৰিত্ৰটিৰ পুনৰ চিত্ৰণ কৰা তিনিগৰাকী অসমীয়া  মহিলা কবিৰ কবিতাৰ বিশে¡ষণ আমাৰ এই আলোচনাত সামৰিবলৈ প্ৰয়াস কৰা হ’ল।

ষাঠিৰ দশকত প্ৰতিষ্ঠা লাভ কৰা নিৰ্মলপ্ৰভা বৰদলৈ এগৰাকী মননশীল কবি। প্ৰকৃতিৰ সুবাসিত স্বৰূপৰ প্ৰকাশ তথা প্ৰেমক প্ৰাণৱন্ত  কৰি তোলাৰ সমান্তৰালকৈ নাৰীমনৰ গভীৰতম আনুভূতিক দিশসমূহকো তেওঁ কাব্যত স্থান দিছে। বৰদলৈৰ কবিতাত মহাকাব্যিক নাৰী চৰিত্ৰসমূহৰ পুনৰ চিত্ৰন অনন্য ৰূপত সৌন্দৰ্য্যপূৰ্ণ হৈ উঠিছে। তেনে অনন্য সৌন্দৰ্য্যৰ প্ৰকাশ হিচাপে তেওঁৰ ‘দ্ৰৌপদী’ কবিতাটি অন্যতম। নাৰীমনৰ সূক্ষ্ম অনুভূতিৰে ৰঞ্জিত সমগ্ৰ কবিতাটিত মানৱীয় জৈৱিক প্ৰবৃত্তিসমূহৰ সুন্দৰ প্ৰকাশ ঘটিছে। পাণ্ডৱ কূলবধু, শৌৰ্য্য-বীৰ্য্য, সুন্দৰৰ অধিকাৰী পঞ্চপাণ্ডৱৰ ভাৰ্যা দ্ৰৌপদী প্ৰত্যক্ষ দৃষ্টিৰ বিচাৰত সমগ্ৰ সুখ, ঐশ্বৰ্য্যৰ অধিকাৰী। অথচ কৰ্ণৰ প্ৰতি অভীপ্সাই কোনোবাখিনিত তেওঁৰ অপূৰ্ণতাক, অতৃপ্ততাকে সূচাইছে। এই অতৃপ্ততা, আকাংক্ষা অথবা বাসনা সাৰ্বজনীন নাৰীমনৰ ৰহস্য হিচাপে প্ৰতীয়মান। আন সকলো নাৰীৰ সমতুল্যকৈ নাৰীমনৰ এই চিৰন্তন প্ৰবৃত্তিৰ পৰা দ্ৰৌপদীও মুক্ত নহয়। আন সকলো চিৰন্তন নাৰীৰ দৰে দ্ৰৌপদীও সেই ৰহস্যৰে ভৰা বিচিত্ৰবৰ্ণালীৰ এক প্ৰকাশ —

মই ব্যতিক্ৰম ?

নহয়, নহয়।

মই, মই যে মাথোঁ  চিৰন্তন নাৰী,

যুগমীয়া ৰহস্যৰে ভৰা বিচিত্ৰবৰ্ণালীৰ এক সহজ প্ৰকাশ।

মানৱীয় জৈৱিক প্ৰবৃত্তিসমূহৰ প্ৰভাৱৰ পৰা কোনোলোকেই মুক্ত নহয়। আপাতঃ দৃষ্টিত কিছুমান প্ৰবৃত্তি সামাজিকভাৱে অগ্ৰহনযোগ্য হ’লেও অৱচেতন মনত সেইসমূহে তীব্ৰভাৱে ক্ৰিয়া কৰি থাকে। অথচ তাৰ অকপট স্বীকাৰোক্তিৰ বাবে সকলো অপৰাগ। কিন্তু কবিৰ দ্ৰৌপদীয়ে এই সত্যৰ সহজ স্বীকাৰ কৰি গৈছে।

       মোৰ দোষ ক’ত ?

       মই মাথোঁ কৰি গ’লো

       সত্যৰ সহজ স্বীকাৰ—

       যিবোৰ স্বীকাৰ ভণ্ডামিৰ মুখাৰ তলত

       সৰ্বদায় গুপ্ত হৈ থাকে।

সৌন্দৰ্য্য পিয়াসী দ্ৰৌপদীৰ এই বাসনা দৈহিকতাৰ উৰ্দ্ধত। এই পিয়াস ৰূপৰ নহয়, বৰঞ্চ অনন্য ব্যক্তিত্বৰ সৌন্দৰ্য্যৰ পিয়াস—

       এয়া এক অনুভৱ বিশেষ স্তৰৰ,

       এয়া এক  মানসিক উপলদ্ধি গভীৰ মনৰ,

       সৌন্দৰ্য্য নহয় মাথোঁ অপৰূপ অৱয়ব

       ভংগী আৰু সুললিত স্বৰ

সৌন্দৰ্য্য লুকাই থাকে বোধ, মেধা, বীৰত্ব, পাণ্ডিত্য, ব্যক্তিত্ব আৰু সুঠাম মনৰ ক’ত প্ৰকাশত।

       নাৰী মই সেই সৌন্দৰ্য্যৰে

       অক্লান্ত পিয়াসী।

শিশু সাহিত্যিক, অনুবাদক তোষপ্ৰৰা কলিতা এগৰাকী অনন্য কবিসত্তাৰ গৰাকী। অন্তৰ্জগতৰ অনুভূতি তেওঁৰ কবিতাসমূহত স্পষ্টৰূপে প্ৰকাশ্য। নাৰীৰ অন্তৰ্জগতৰ পৰীক্ষা-নিৰীক্ষাও তেওঁৰ কবিতাত বিৰাজমান। নাৰীমনৰ অণুৰ পন ঘটা তেখেতৰ এটি উল্লেখযোগ্য কবিতা হৈছে ‘দ্ৰৌপদী’।

কবিৰ মতে বাহ্যিক দৃষ্টিত দ্ৰৌপদী সকলো প্ৰকাৰৰ ঐশ্বৰ্য-বৈভৱৰ গৰাকী হ’লেও মনৰ গুপুতত সঞ্চিত ক্ষোভ, বেদনাৰে তেওঁ এগৰাকী অভাগিনী নাৰীহে। কবিতাটিত নাৰীৰ সিদ্ধান্ত অথবা পছন্দৰ গুৰুত্বক অস্বীকাৰ কৰা পুৰুষতান্দ্ৰিক সমাজখনৰ চিত্ৰ দ্ৰৌপদীৰ মনৰ ভাবনাৰ দ্বাৰা ব্যক্ত হৈ উঠিছে।

       পাণ্ডুপুত্ৰে মাতৃবাক্য কৰিলে পালন;

       জড় পদাৰ্থৰ দৰে কৰি ব্যৱহাৰ

       সমানে ভগাই ল’লে

       মোৰ স্বামিত্বৰ অধিকাৰ

       কোনেও নাচালে ভাবি

       মোৰো যে থাকিব পাৰে

       এখনি  হৃদয়, এটি মন।

শক্তিশালী পঞ্চপাণ্ডৱৰ পত্নী হৈয়ো পাশাৰ পণ হিচাপে ৰাজসভাত নিৰ্যাতিতা হ’বলগীয়া হোৱা পাঞ্চালীৰ মনৰ স্থিতি যেন পদে পদে লাঞ্ছিতা বস্তুগত সম্পদ হিচাপে ব্যৱহৃত হোৱা প্ৰতিগৰাকী নাৰীৰ কৰুণ ধ্বনি—

       ধৰ্মপুত্ৰ যুধিষ্ঠিৰে

       যিদিনা  ৰাখিলে মোক পণ

       ৰাজনীতি -কলুষিত ঘৃণিত পাশাৰ

       সেইদিনা মিলি গ’ল

       মাটিৰ লগত মোৰ

       নাৰীত্বৰ, সতীত্বৰ

       যত অহংকাৰ

সেইদিনাই বুজি পালোঁ ভালদৰে মই দাস-দাসী, ধন ৰত্ন, ৰাজ্য আৰু ঐশ্বৰ্য্যৰ দৰে

       মই মাথো অতিৰিক্ত এপদ  সম্পদ

       মদমত্ত জুৱাৰী স্বামীৰ

জীৱনৰ কৰুণ পৰিনতি দ্ৰৌপদী আবেগবিহ্বলা হ’লেও কিন্তু পিছমূহুৰ্ততে আকৌ মনৰ গোপনত নিহিত ক্ষোভ উজাৰি দিবলৈও সমৰ্থ। সেয়েহে “বনে-ৰনে, বিপদে- সম্পদে সংগ দি, সেৱা কৰি” পত্নীধৰ্ম পালন কৰা দ্ৰৌপদীয়ে পঞ্চপতিৰ বংশমৰ্যদাৰ অহংকাৰৰ কথাও অকপটে স্বীকাৰ কৰিছে—

       পাণ্ডৱৰ আছে অহংকাৰ,

       জন্মৰ গৌৰৱ আছে

       আৰু আছে সৰ্বাংগত

       উজ্বল ভূষণ মৰ্যাদাৰ

       সিহঁতেতো নিবিচাৰে নাৰীৰ হৃদয়।

দ্ৰৌপদী পৰম্পৰাগত খোলাৰ  বাহিৰত ওলাই মনৰ গুপুতত সঞ্চিত আবেগ, ক্ষোভ, আকাংক্ষাৰ প্ৰকাশেৰে অনন্য ব্যতিক্ৰমী নাৰীৰ  ৰূপত ধৰা দিছে। অপমান, লাঞ্ছনা প্ৰত্যক্ষ কৰি থাকিও সাহস, শক্তিক অৱৰুদ্ধ কৰি ৰখা পাণ্ডৱক স্বয়ম্বৰ  সভাত নিৰ্বাচন কৰা তথা সূতপুত্ৰ বুলি উপহাস কৰি কৰ্ণৰ অকপট হৃদয়ৰ প্ৰেমাঞ্জলি প্ৰত্যাখ্যান  কৰাটো তেওঁৰ বিচাৰৰ ভুল আছিল বুলি দ্ৰৌপদীয়ে স্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই —

       উপহাস কৰিছিলোঁ নিঃ সম্বল সূতপুত্ৰ বুলি

       প্ৰত্যাখ্যান কৰিছিলো অকপট হৃদয়ৰ

       প্ৰেমৰ অঞ্জলি;

       সেইদিনা হ’ল মোৰ বিচাৰৰ ভুল।

অন্যায়, অনাচাৰত দগ্ধ দ্ৰৌপদীৰ মনৰ সুপ্ত, ক্ষুব্ধ ভাবনাৰ সামাজিক সংস্কাৰৰ উৰ্দ্ধত গৈ বহিঃ প্ৰকাশ ঘটিছে । মনৰ সংগোপনত  থকা সূৰ্যপুত্ৰ কৰ্ৰ্ণৰ প্ৰতি আকাংক্ষা তথা আসক্তি তেওঁ মুক্তভাৱে প্ৰকাশ কৰি কৈছে —  

       মুক্তকেণ্ঠ কওঁ আজি মইঃ

       তুলনা কেৱল যাৰ দুপৰৰ উজ্বল সূৰ্যত,

       সঁচা কথা

       মুগ্ধ মই সিজনৰ অপূৰ্ব শৌৰ্যত।

কবিতাটিত পুৰুষত্বৰ গৰ্বই থানবান কৰা নাৰীৰ হৃদয়ৰ কৰুণ সুৰ বাজি উঠিলেও তাৰ সমান্তৰালকৈ হৃদয়ৰ ক্ষোভাগ্নিও প্ৰকাশ্য হৈ উঠিছে আৰু কবিৰ দ্ৰৌপদী হৈ উঠিছে স্পষ্টবাদী নাৰীৰ প্ৰতিভূ।

সাম্প্ৰতিক সময়ৰ এগৰাকী উল্লেখযোগ্য মহিলা কবি হৈছে কৰবী ডেকা হাজৰিকা। সংবেদনশীল মনেৰে কবিতা ৰচা হাজৰিকাৰ কবিতাত নাৰীৰ আবেগ, মৰ্যদা আদিও সুন্দৰ ৰূপত প্ৰকট হৈ উঠিছে। তাৰেই প্ৰতিধ্বনি শুনা যায় তেওঁৰ ‘চুলি নাবান্ধিবা, যাজ্ঞসেনী’ ত। কবিতাটিত ‘যাজ্ঞসেনী’ অথবা ‘দ্ৰৌপদী’ যুগ যুগ ধৰি লাঞ্ছিতা, নিৰ্যাতিতা নাৰীৰ প্ৰতিনিধি। যৌৱনৰ আদিতে নিজ আকাংক্ষাক মোহাৰি পাঁচজনকৈ পুৰুষৰ স্বামীত্ব স্বীকাৰ কৰিবলগীয়া হোৱা দ্ৰৌপদী প্ৰতিক্ষণে অৱহেলিতা তথা নিৰ্যাতিতা। কিন্তু নাৰীৰ সৰ্বোত্তম মৰ্যদা সতীত্বক লুপ্ত কৰা ভণ্ড সেই পুৰুষত্বক কবিয়ে দ্ৰৌপদীৰ বিদ্ৰোহাগ্নিৰে ছাৰখাৰ কৰিব বিচাৰিছে —

       অগ্নি সম্ভৱা, নয়নত লোৱা

       প্ৰলয়-শিখাৰ তীৰ

       অগ্নিকণিকা বৰষি সৰক

       দুটি নয়নৰ নীৰ

       মুক্ত কেশেৰে পিছত বান্ধিবা

       কালসাপ যেন বেণী

       এতিয়া, চুলি নাবান্ধিবা যাজ্ঞসেনী।

কেশত পৰপুৰষৰ স্পৰ্শত, নিৰ্যাতনত হত দ্ৰৌপদীৰ ‘ৰুক্ষ কেশত তেজ সানি লোৱা পণ’ ত দ্ৰৌপদী অকলশৰীয়া। পুৰুষত্বৰ দম্ভালি মৰা লাঞ্ছিত পত্নীৰ অসহায় অৱস্থাত নিথৰ, নিৰ্বাক স্থিতি লোৱা পঞ্চপতিত দ্ৰৌপদী আস্থা শূণ্য। ভীৰু সেই স্বামীৰ দুৰ্বলী হাতৰ আশ্ৰয়ত নহয়,  এই অপমানৰ বিৰুদ্ধে প্ৰতিশোধৰ পথত যাজ্ঞসেনী অকলে অগ্ৰসৰ —

       যাজ্ঞসেনী, সহায় নালাগে কাৰো

       চুলিৰ মেঘত ধুমুহা নামক মেঘগৰ্জন বিদ্যুৎ জ্বলি

       হস্তিনাপুৰৰ সোণৰ কাৰেং ।

       ধূলি হৈ মিলি যাওক।

যুগে যুগে যন্ত্ৰণা, অপমান, অৱহেলা, অন্যায়  সহি থকা নাৰীৰ এতিয়া খোলা ভঙাৰ সময়। পৰম্পৰাগত বান্ধোন ভাঙি অত্যাচাৰ, লাঞ্ছনাৰ বিৰুদ্ধে প্ৰতিশোধৰ অগ্নি জ্বলাই দ্ৰৌপদী হ’ব তাৰ অগ্ৰণী—

       বহুতো সহিলোঁ দুখ- অপমান

       বহুত দেখিলোঁ নীতিৰ কামত

       অত্যাচাৰৰ নীতি

       এতিয়া লভিছে আমাৰ নদীয়ে

       উভতি বোৱাৰ গতি

       যাজ্ঞসেনী !

কবিতাটিত নাৰীৰ সামাজিক মৰ্যদা সম্পৰ্কে কবি সচেতন হৈ উঠিছে। সামাজিক মৰ্যদা প্ৰতিষ্ঠাৰ হ’কে সমগ্ৰ নাৰীসমাজক একত্ৰ কৰাৰ প্ৰয়াস কবিতাটিক বিৰাজমান। চিৰলাঞ্ছিতা যাজ্ঞসেনীৰ মাধ্যমেৰে নাৰী মুক্তি আন্দোলনৰ এই প্ৰয়াসত অগ্ৰসৰ হৈছে।

মহাকাব্যিক চৰিত্ৰ দ্ৰৌপদী সমাজত এক আদৰ্শ চৰিত্ৰ হিচাপে বিবেচিত। বিচিত্ৰ অভিজ্ঞতা, ঘাত-প্ৰতিঘাতেৰে দ্ৰৌপদীৰ জীৱন চানেকি সজ্জিত। তিনিওগৰাকী মহিলা কবিৰ কবিতাত এই দিশসমূহৰ সুন্দৰ প্ৰকাশ ঘটিছে। দ্ৰৌপদী চৰিত্ৰটিৰ মাজেৰে প্ৰকাশ পোৱা নাৰীমনৰ সুক্ষ্ম অনভূতি, অন্তৰ্জগতত থুপ খাই থকা বেদনা তথা অবিচাৰৰ বিৰুদ্ধে প্ৰতিশোধৰ ভাব সমগ্ৰ নাৰীসত্তাৰ ভাবানুভূতি। ‘দ্ৰৌপদী’ চৰিত্ৰৰ মাধ্যমেৰে মূলতঃ নাৰীৰ ভাবনাক জাজ্বল্যমান কৰি তোলাত তিনিওটি কবিতা পৃথক প্ৰকাংশভঙ্গীৰ হৈয়ো এটা বিন্দুত মিলিত হৈ পৰিছে বুলি ক’ব পাৰি।

সহায়ক গ্ৰন্থপঞ্জীঃ

ডেকা, হৰেকৃষ্ণঃ তৰুণ প্ৰজন্মৰ কবিতা, অম্বেষা,  দ্বিতীয় মুদ্ৰণ, ডিচেম্বৰ, ২০২১

নাথ, ভনিতা (সম্পা)ঃ  আধুনিক অসমীয়া কবি আৰু কবিতা, পূৰ্বায়ন প্ৰকাশন, প্ৰথম প্ৰকাশ, মে, ২০১৭

বৰদলৈ, নিৰ্মলপ্ৰভা (সম্পা)ঃ কবিতামঞ্জৰী, সচিব প্ৰকাশন বিভাগ গুৱাহাটী বিশ্ববিদ্যালয়, পঞ্চদশ সংস্কৰণ, ২০১১

(লেখিকাৰ ভ্ৰাম্যভাষঃ ৯৩৯৪৪-২৫০৭৯)

আপুনিও ভাল পাব পাৰে!