লেখকঃ ৰুকুনুদ্দিন আহমেদ
সংক্ষিপ্তসাৰঃ
কোচ-ৰাজবংশী- অসমৰ অন্যতম স্বকীয় ঐশ্বৰ্যময় সাংস্কৃতিক বৈশিষ্ট্যপূৰ্ণ এটি জনগোষ্ঠী। এই জনগোষ্ঠীৰ জন্ম-বিবাহ-মৃত্যুৰ সৈতে জড়িত লোকাচাৰ-লোকবিশ্বাসমূহৰ জৰিয়তে এই সাংস্কৃতিক বৈশিষ্ট্যৰ প্ৰতিফলন ঘটিছে। অবিভক্ত গোৱালপাৰাৰ সমাজ-সংস্কৃতিত কোচ-ৰাজবংশী জনগোষ্ঠীৰ সামাজিক লোকাচাৰ-লোকপ্ৰথাৰ লগতে এইবোৰৰ সৈতে জড়িত কেতবোৰ বিশ্বাস-পৰম্পৰা, গীত-মাত আদিৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ দিশ চকুত পৰে। উক্ত জনগোষ্ঠীৰ সংস্কৃতিক বৈচিত্ৰ্য্যময় ৰূপ দিছে বিশেষকৈ বিভিন্ন উৎসৱ-পাৰ্বন, পূজা-পাতল আৰু জন্ম-মৃত্যু-বিবাহৰ সৈতে জড়িত লোকাচাৰ-লোকবিশ্বাস আৰু মৌখিক সাহিত্য, ৰীতি-নীতি আদিয়ে। অবিভক্ত গোৱালপাৰাৰ, বিশেষকৈ বঙাইগাঁও জিলাৰ অঞ্চল বিশেষত মৃত্যু-মৃতক আৰু শৱযাত্ৰা তথা শ্ৰাদ্ধৰ সৈতে জড়িত একপ্ৰকাৰৰ বিশেষ গীত হৈছে ঝালিমাটিৰ গান বা ঝালিমাটি গাওন। কোচ-ৰাজবংশীসকলৰ মৃত্যু সম্পৰ্কীয় আচাৰ-ৰীতিৰ সৈতে সংপৃক্ত হৈ অহা শোকগীত ঝালিমাটিৰ গানৰ বিষয়ে আলোচনা তথা অধ্যয়ন অতি সীমিত। চৰ্চা আৰু গৱেষণা তথা সংৰক্ষণৰ অভাৱত এই গীতবোৰ বৰ্তমান প্ৰায় বিলুপ্তিৰ গৰাহত। এই গৱেষণামূলক লেখাৰ যোগেদি অবিভক্ত বঙাইগাঁও জিলাৰ শিঙিমাৰী, বইটামাৰী, কাশিডোবা আদি অঞ্চলত পূৰ্বে প্ৰচলিত মৃত্যুৰ লগত জড়িত শৱযাত্ৰা, শৱসৎকাৰ আৰু শ্ৰাদ্ধ সম্পৰ্কীয় বিলুপ্তপ্ৰায় ঝালিমাটিৰ গান সম্পৰ্কে বিশ্লেষণ দাঙি ধৰা হৈছে।
বীজশব্দঃ কোচ-ৰাজবংশী, ঝালিমাটি, মৃতক, লোকসাহিত্য, শ্ৰাদ্ধ
পদ্ধতি আৰু পৰিসৰঃ
লেখাটি প্ৰস্তুত কৰোঁতে মূলতঃ বৰ্ণনাত্মক আৰু বিশ্লেষণাত্মক পদ্ধতি অৱলম্বন কৰা হৈছে। অবিভক্ত গোৱালপাৰা জিলাৰ, বিশেষকৈ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা আৰু বইটামাৰী অঞ্চলৰ অন্তৰ্গত কোচ-ৰাজবংশী জনগোষ্ঠীৰ মৃতকৰ সৎকাৰৰ সৈতে জড়িত ঝালিমাটিৰ গানৰ প্ৰসংগ এই বিষয়ৰ পৰিসৰভুক্ত।
লক্ষ্য আৰু উদ্দেশ্যঃ
সম্প্ৰতি বিলুপ্তপ্ৰায় ঝালিমাটি গীতৰ পুৰণি পৰম্পৰা সম্পৰ্কে আলোকপাত কৰা, কোচৰাজবংশী জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ মৃতকৰ সৎকাৰ সম্পৰ্কীয় আচাৰ-ৰীতিত উক্ত গীতবোৰৰ স্থান আৰু গুৰুত্ব নিৰূপণ কৰা, লোকচক্ষুৰ আঁৰত প্ৰায় অৱহেলিত-অনালোচিত হৈ থকা গীতবোৰক বিদ্বৎসমাজত পৰিচয় কৰাই দিয়া, গীতবোৰৰ বিষয়ে বিবিধ তথ্য উদ্ঘাটন আৰু বিলুপ্তিৰ গৰাহত পৰা এই গীতবোৰৰ সংৰক্ষণ আৰু প্ৰচাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে সুধীসমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এই লেখাটিৰ প্ৰস্তুতি-পৰিকল্পনা কৰা হৈছে।
অধ্যয়নৰ প্ৰয়োজনীয়তাঃ
অবিভক্ত গোৱালপাৰা জিলাৰ সমাজ-সংস্কৃতিত কোচ-ৰাজবংশী জনগোষ্ঠীৰ সামাজিক লোকাচাৰ-লোকপ্ৰথাৰ লগতে এইবোৰৰ সৈতে জড়িত বিবিধ বিশ্বাস-পৰম্পৰা, গীত-মাত আদিৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ দিশ কেতবোৰ চকুত পৰে। বিশেষকৈ বিভিন্ন উৎসৱ-পাৰ্বন, পূজা-পাতল আৰু জন্ম-মৃত্যু-বিবাহ আদিৰ সৈতে জড়িত লোকাচাৰ-লোকবিশ্বাস, মৌখিক সাহিত্য, ৰীতি-নীতি আদিয়ে উক্ত জনগোষ্ঠীৰ সংস্কৃতিক বৈচিত্ৰ্য্যময় ৰূপ দিছে। গোৱালপৰীয়া লোক-সংস্কৃতিত; বিশেষকৈ কোচ-ৰাজবংশীসকলৰ মৃত্যু সম্পৰ্কীয় আচাৰ-ৰীতিৰ সৈতে সংপৃক্ত হৈ অহা ঝালিমাটিৰ গীতৰ বিষয়ে বিচাৰ-বিে-ষণ বা গৱেষণা অতি সীমিত। লগতে এই গীতবোৰৰ চৰ্চা আৰু সংৰক্ষণো বৰ্তমান সময়ত প্ৰায় নোহোৱাই হৈ গৈছে। সেয়ে এনেবোৰ দিশ বিবেচনাৰে এই অধ্যয়নৰ প্ৰযোজনীয়তা আৰু গুৰুত্ব নিঃসন্দেহে অনুধাৱন কৰিব পাৰি।
পূৰ্বকৃত অধ্যয়নৰ আভাসঃ
অনুসন্ধান আৰু অধ্যয়নৰ জৰিয়তে বৰ্তমানলৈকে ঝালিমাটি গীতৰ পূৰ্বকৃত অধ্যয়ন সম্পৰ্কেপ্ৰাপ্ত তথ্যৰ আধাৰত ক’ব পাৰি যে এই বিষয়ক চিন্তা-চৰ্চা, অধ্যয়ন-গৱেষণা নিচেই তাকৰ। প্ৰাপ্ত তথ্য-সম্ভেদ অনুসৰি এই বিষয়ে কোচ-ৰাজবংশী জনগোষ্ঠীৰ সমাজ-সংস্কৃতি আৰু মৌখিক সাহিত্য সম্পৰ্কে গ্ৰন্থ ৰচনা কৰা আৰু প্ৰবন্ধ-পাতি লিখা কিছু লেখকেহে এই বিষয়ত চমুকৈ বিচাৰ-বিশ্লেষণ কৰিছেঃ
(ক) দ্বিজেন নাথ প্ৰণীত ‘গোৱালপৰীয়া লোকসংস্কৃতি’ গ্ৰন্থৰ অন্তৰ্গত “গোৱালপৰীয়া লোক-সংস্কৃতিত বড়পুৰাণ শ্মশানচালিয়া” শীৰ্ষক লেখা (পৃ.১০৯-১২) ।
(খ) যতীন বৰুৱাৰ ‘প্ৰান্তিক’ আলোচনীত প্ৰকাশিত প্ৰবন্ধ “ঝালিমাটিৰ গান” (প্ৰান্তিক, ২২শ সংখ্যা, ৩৩শ বছৰ, ১৬-৩১ অক্টোবৰ-২০১৪, পৃ. ৪৬-৪৭) ।
(গ) ৰুবুলকান্তি দাসৰ ‘বইটামাৰীৰ ঐতিহ্য আৰু লোকসংস্কৃতি’ গ্ৰন্থৰ অন্তৰ্গত “বইটামাৰীৰ বৰ্ণিল লোক-সংস্কৃতি: চমুআভাস” লেখাৰ “মৰাফেলোৱা গাওন বা সংকীৰ্তন” অংশ (পৃ. ৪৪-৪৭) ।
(ঘ) ইন্টাৰনেটৰ উৎসঃ
“ঝালিমাটিৰ গান”- অসমীয়া ৱিকিপিডিয়া” https://as.m.wikipedia.org/wiki/ঝালিমাটিৰ গান
JHALIMATIRGAAN // Koch Rajbongshi Folk Song // Presented by Hori Sang Kirtan Dal, Bhotgaon, Kokrajhar, Assam
https://www.youtube.com/watch?v=5aEFbHEoi6Q
ইয়াৰ লগতে দ্বিজেন্দ্ৰনাথ ভকত, অম্বিকাচৰণ চৌধুৰী, অৰুণকুমাৰ ৰায় আদি লেখকৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস আৰু সমাজ-সংস্কৃতি সম্পৰ্কীয় গ্ৰন্থ আৰু লেখাত উক্ত গীত সম্পৰ্কে সংক্ষেপে আলোচনা বা কেৱল গীত-মাতৰ আলোচনা প্ৰসংগত মাথো এইবিধ গীতৰ নামোল্লেখ পোৱা যায়।
১. ০০ : মূল বিষয়ৰ পৰ্যালোচনাঃ
স্বকীয় প্ৰাচীন সাংস্কৃতিক ঐতিহ্যসম্পন্ন অসমৰ অন্যতম প্ৰধান নৃগোষ্ঠী কোচ-ৰাজবংশী লোকসকলে অসমৰ বৰ্ণিল সংস্কৃতি নিৰ্মাণত লেখত ল’বলগীয়া অৰিহণা যোগাইছে। মূলতঃ মংগোলীয় নৃগোষ্ঠীৰ তিব্বতবৰ্মী ভাষী বড়োমূলীয় লোক হ’লেও মংগোলীয় গোষ্ঠীৰ কোচ আৰু দ্ৰাবিড় গোষ্ঠীৰ ৰাজবংশীসকলৰ জাতিগত আৰু সাংস্কৃতিক সংমিশ্ৰণৰ ফলশ্ৰুতিত কোচ-ৰাজবংশী জনগোষ্ঠীৰ উদ্ভৱ হোৱা বুলি পণ্ডিতসকলে মতপোষণ কৰে। প্ৰাচীন কমতাপুৰ ৰাজ্যত কোচ-বংশীয় ৰজাসকলে ৰাজত্ব কৰা হেতুকে পৰৱৰ্তীকালত এই বংশৰ লোক আৰু তেওঁলোকৰ অনুগামীসকল কোচ-ৰাজবংশী নামেৰে পৰিচিত হয় বুলিও মত পোৱা যায়। ভাৰতবৰ্ষ, বাংলাদেশ, নেপাল, ভূটান আদি বিভিন্ন দেশত সিঁচৰতি হৈ থকা এই জনগোষ্ঠীৰ লোক অসমৰ বিশেষকৈ দক্ষিণ-পশ্চিম অঞ্চল (অবিভক্ত গোৱালপাৰা জিলা)-ৰ লগতে কামৰূপ আৰু মেঘালয়ৰ অঞ্চল বিশেষ, পশ্চিমবংগৰ উত্তৰ-পূৰ্ব অঞ্চল, উত্তৰ বংগ বা বাংলাদেশৰ উত্তৰ-পূব অঞ্চলত বসবাস কৰি আহিছে। কোচ-ক্ষত্ৰীয় ৰাজবংশীসকল অসমৰ এটা উল্লেখযোগ্য জনগোট; অসমৰ মুঠ জনসমষ্টিৰ এক মুখ্য অংশীদাৰ এই লোকসকল প্ৰাচীন অসমীয়া তথা কামৰূপী সংস্কৃতিৰ অন্যতম প্ৰধান ধ্বজাবহনকাৰী। অবিভক্ত গোৱালপাৰা জিলা আৰু উত্তৰবংগই কোচ-ৰাজবংশী নৃগোষ্ঠীৰ আদি বাসস্থান আছিল যদিও সম্প্ৰতি প্ৰধানকৈ বঙাইগাঁও, কোকৰাঝাৰ, গোৱালপাৰা জিলাৰ লগতে সমগ্ৰ অসমতে এওঁলোকে বসবাস কৰি আছে।
এই জনগোষ্ঠীৰ ভাষা, সমাজ-সংস্কৃতি নিজস্ব বৈশিষ্ট্যপূৰ্ণ। আৰ্য আৰু আৰ্য ভিন্ন-উভয় সংস্কৃতিৰ উপাদানৰ সমিল-মিলেৰে এই জনগোষ্ঠীৰ সংস্কৃতি গঢ় লৈ উঠিছে; সামাজিক আচাৰ-ৰীতি, নীতি-পৰম্পৰা আদি প্ৰায় সকলোবোৰ দিশতে আৰ্য-অনাৰ্য উপাদানৰ সংমিশ্ৰণৰ উপস্থিতি লক্ষ্যণীয়। ভাৰতবৰ্ষত আৰ্যসকলে নিৰ্মাণ কৰা বৰ্ণভিত্তিক সমাজ-ব্যৱস্থাৰ আওতাৰ পৰা এওঁলোক বাহিৰত। অৱশ্যে পৰৱৰ্তীকালত আৰ্যপ্ৰভাৱ পৰিলেও অক্ষত্ৰিয় হিন্দুসকলৰ সংস্কৃতিৰ সৈতে এওঁলোকৰ ৰীতি-নীতি, বিশ্বাস- পৰম্পৰা, খাদ্যাভ্যাস, সাজ-পোছাক, অলংকাৰ-আভৰণ, ভাষা, গীত-মাত আদিত ব্যতিক্ৰম ধৰ্মী তথা স্বকীয় বৈশিষ্ট্যসম্পন্ন ভিন্নতা লক্ষণীয়। সমাজ-ব্যৱস্থাত মাতৃৰ গুৰুত্ব অধিক যদিও কোচ-ৰাজবংশীসকল মূলত: পিতৃপ্ৰধান। এওঁলোক প্ৰধানতঃ শাক্ত আৰু শৈৱপন্থাৰ অন্তৰ্গত হিন্দু ধৰ্মাৱলম্বী। আৰ্যসকলে উত্তৰ-পূব কোণেদি ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পিছত তেওঁলোকৰ সৈতে কোচজনগোষ্ঠীৰ লোকসকলে নিজস্ব ধৰ্ম আৰু তিব্বত বৰ্মীয় ভাষা-সংস্কৃতি পৰিত্যাগ কৰি হিন্দু ধৰ্ম আৰু আৰ্য ভাষা গ্ৰহণেৰে কোচ-ৰাজবংশী বুলি পৰিচয় দিবলৈ ধৰে বুলি ইতিহাসবিদসকলে কয়। তদানীন্তন জনশ্ৰুতি, ইতিহাস আৰু বিবিধ সামাজিক-সাংস্কৃতিক সমলৰ জৰিয়তে জানিব পাৰি যে উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ জনগোষ্ঠী বৰো শাখাৰ অন্তৰ্গত কোচসকলে আৰ্যমূলীয় জনগোটৰ সঘন সান্নিধ্যলৈ অহাৰ ফলত নিজৰ পৰম্পৰাগত প্ৰাচীন কৌলিক ধৰ্ম আৰু তিব্বত-বৰ্মীয় ভাষা বিসৰ্জন দি হিন্দুধৰ্মত দীক্ষিত হোৱাৰ লগে লগে আৰ্য ভাষা গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত বিশ্বসিংহৰ অভ্যুদয়ৰ লগে লগে এই লোকসকল ৰাজবংশী বা ক্ষত্ৰিয়কুললৈ উন্নীত হৈছিল।
কোচ-ৰাজবংশী জনগোষ্ঠী হৈছে জনজাতীয় প্ৰভাৱ অৱক্ষয়প্ৰাপ্ত এটা সম্মিলিত নৃগোষ্ঠী, যি মংগোলীয় গোষ্ঠীদ্ভৱ কোচ আৰু দ্ৰাবিড় গোষ্ঠীদ্ভৱ ৰাজবংশী জনগোষ্ঠীৰ সংমিশ্ৰণত গঢ়ি উঠা। অসমত প্ৰকৃততে কছাৰী, লালুং, মিকিৰ আৰু আন জনজাতিৰ পৰা হিন্দুলৈ ধৰ্মান্তৰিত হৈ কোচ-ৰাজবংশী নামৰ জনগোষ্ঠীলৈ ৰূপান্তৰিত হৈছে বুলি বুৰঞ্জীবিদ গেইটে কৈছে। এই পৰিৱৰ্তনৰ নিৰ্দিষ্ট সময় নিৰূপণ কৰিব নোৱাৰি; আনুমানিক পঞ্চদশ শতিকাৰ কালছোৱাত এই আৰ্যকৰণ হৈছিল। কোচ-ৰাজবংশী জনগোষ্ঠীৰ জাতিগত বা নৃতাত্ত্বিক পৰিচয় সম্পৰ্কে মতভেদ থাকিলেও তেওঁলোকৰ মূল যে কোচ নামৰ জনজাতি- সেয়া প্ৰায় সৰ্বজনস্বীকৃত। এই জনগোষ্ঠীটো বিভিন্ন নামেৰে জনা যায় যদিও আৰু এওঁলোকৰ নৃতাত্ত্বিক গুৰি বা আধাৰ আৰু জাতিগত সংমিশ্ৰণ সম্পৰ্কে বিভিন্ন মত পোৱা গ’লেও বুকানন, হেমিল্টন, হান্টাৰ, গ্ৰীয়াৰ্চন, ৰিজলী, জে.এ.ভাস আদি অধিকাংশ পণ্ডিতৰ মতে এওঁলোক নৃতাত্ত্বিকভাবে মূলতঃ মংগোলীয় নৃগোষ্ঠীৰ অন্তৰ্গত কোচ জনজাতিৰ লোক; ভাষাগত দিশৰ পৰা তিব্বত-বৰ্মীভাষী।
১. ০১: কোচ-ৰাজবংশী লোক-পৰম্পৰাত মৌখিক গীত-মাতঃ
বিভিন্ন জাতি-জনগোষ্ঠীৰ দৰে কোচ-ৰাজবংশী জনগোষ্ঠীৰো নিজা মৌখিক সাহিত্য বা লোকসাহিত্যৰ চহকী পৰম্পৰা বিদ্যমান। কোচ-ৰাজবংশী সমাজত পৰম্পৰাগতভাৱে বিভিন্ন পূজা-পাতল, উৎসৱ-পাৰ্বণ, জন্ম-বিবাহ-মৃত্যুৰ লগতে দৈনন্দিন জীৱনৰ বিভিন্ন পৰ্ব, মানৱ জীৱনৰ বিবিধ কাৰ্য-কলাপ, আচাৰ-ৰীতিৰ সৈতে জড়িত বিবিধ ধৰ্মী, গীত-মাত প্ৰচলিত হৈ আহিছে। সামাজিক লোকাচাৰ, লোকবিশ্বাস, ভৌতিক সংস্কৃতি, পৰিৱেশ্য কলা আদিৰ দৰে তেওঁলোকৰ মৌখিক সাহিত্যৰো এক চহকী ঐতিহ্য-পৰম্পৰা আছে। গীত-মাত, লোককথা, আখ্যানমূলক ৰচনা, যোজনা-প্ৰবাদ-পটন্তৰ, লোকভাষা আদি লোকসাহিত্যৰ প্ৰায় আটাইকেইটা শাখাতেই কোচ-ৰাজবংশী জনগোষ্ঠীয় লোক সাহিত্য সমৃদ্ধ হৈ আছে। উক্ত জনসমাজত লোকগীত-মাতৰ অন্তৰ্গত আধ্যাত্ম্য বিষয়ক, কৰ্ম বিষয়ক, প্ৰেম-প্ৰণয়মূলক, অনুষ্ঠানমূলক, ধৰ্মমূলক বা ধৰ্মীয় অনুষ্ঠানমূলক, কৃষিকৰ্ম সম্পৰ্কীয় নানান গীত-মাতৰ প্ৰচলন পুৰণিকালৰ পৰাই প্ৰচলিত হৈ আহিছে। এই গীত-মাত সমূহৰ ভিতৰত বিভিন্ন পূজা-পাৰ্বণৰ গীত, যেনেঃ বিষহৰি বামাৰাই পূজাৰ গান বা পদ্মা পুৰাণ, মুখ জোৰাণী গান বা মুখ পুৰাণ, জাগেৰ গান বাজাগ পুৰাণ, বাঁশীপুৰাণ বা মদন-কামদেৱৰ পূজাৰ গান, কুশান গান, ভাও গান, ঘাউ গান, গুপুনী নাম, কাতিকা পূজাৰ গান, হুদুম পূজাৰ গানৰ লগতে আন আন আচাৰ-অনুষ্ঠান, উৎসৱ, বিবিধ ক্ৰিয়া-কৰ্মৰ সৈতে জড়িত নানান গীতৰ চলতি পৰম্পৰাগতভাৱে হৈ অহাৰ সাক্ষ্য পোৱা যায়। তেনে গীত-মাত সমূহৰ ভিতৰত নামাতি গান বা বিয়া গীত, খাৰাতাল, ভাৱাইয়া গান, ধূপালী নাম, ঝালিমাটি গাওন (গান), অৰিমাগা গীত, ৰাবান গান, ঝুনা গীত, তুকখা গান, লাহাংকাৰী গান, নটুৱা, শাঙী ঢাকৰ গান, ডাক নাম, দোতাৰা গান, ধুৱানীৰ গীত আদিৰ নাম ল’ব পাৰি। অবিভক্ত গোৱালপাৰা জিলাৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ গীত-মাত সমূহক দ্বিজেন্দ্ৰ নাথ ভকতে চাৰিটা প্ৰধান ভাগত ভাগ কৰিছেঃ
ক) পূজা-পাৰ্বণেৰ গান,
খ) কাজ কামাইৰ গান বা কৰ্মগান,
গ) কেচ্চা বন্দী গান আৰু
ঘ) নানান বিষয়েৰ গান বা বিবিধ বিষয়ক গীত।
আকৌ পূজা-পাৰ্বণৰ গীতখিনিক ১২ টা ভাগত আলোচনা কৰা দেখা যায়ঃ (১) মনসা পূজাৰ গান, (২) সোনাৰায় ঠাকুৰেৰ গান, (৩) কাতি পূজাৰ গান, (৪) বাশ পূজাৰ গান (৫) হুদুম পূজাৰ গান, (৬) ত্ৰিনাথ পূজাৰ গান, (জ) শীতলা বা ঠাকুৰাণী পূজাৰ গান, (৮) গাৰক্ষ নাথেৰ গান, (৯) চড়ক পূজাৰ গান, (১০) জগন্নাথেৰ গান, (১১) তিস্তা বুঢ়ী বা ভেদাই খলি গান আৰু (১২) বিয়াৰ গান।
এই গীতসমূহ অসমৰ বিভিন্ন ঠাইত বসবাস কৰা সকলো কোচ-ৰাজবংশী লোকৰ মাজতে বা সকলো অঞ্চলতেই প্ৰচলিত নহয়। তাৰ লগতে একে শ্ৰেণীৰ গীতেই ঠাই বিশেষে বেলেগ বেলেগ ৰূপত প্ৰচলিত; গীত-মাতৰ নামৰ পাৰ্থক্যও পৰিলক্ষিত হয়। লক্ষ্যণীয় যে এই গীত-মাতসমূহৰ সৰহভাগেই অনুষ্ঠানমূলক, কৰ্ম বিষয়ক, ধৰ্মীয় ক্ৰিয়া কাণ্ডৰ লগত জড়িত যদিও প্ৰায়বোৰ গীততে ধৰ্মমূলক আৰু ধৰ্ম নিৰপেক্ষ কথা-কাহিনী, আখ্যান-উদ্ধৃতি আদি উপাদানৰ সংমিশ্ৰণ ঘটিছে। বাৰেবৰণীয়া গোৱালপৰীয়া লোকসংস্কৃতি নিৰ্মাণত তাৎপৰ্যপূৰ্ণ অৱদান আগবঢ়োৱা অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰা থলুৱা কোচ-ৰাজবংশী জনগোষ্ঠীৰ প্ৰাচুৰ্যময় লোকসাহিত্যৰ অন্তৰ্গত বিবিধ বিষয়ক গীত-মাত সমূহে এটা শাখা সামৰিছে। এই শ্ৰেণীৰ গীত-মাত সমূহ মূলতঃ কৃষি বিষয়ক, কৰ্মমূলক, ধৰ্মীয় আৰু সংস্কাৰ বিষয়ক, দেহবিচাৰমূলক। মানুহৰ প্ৰাত্যহিক জীৱনচৰ্যা আৰু সংস্কাৰমূলক ক্ৰিয়া-কৰ্মৰ সৈতে জড়িত গীত-মাতৰ ভিতৰত জন্ম-বিবাহ-মৃত্যু সম্পৰ্কীয় গীত-মাত, কথা-আখ্যান আদিয়েও গোৱালপৰীয়া লোকসংস্কৃতিত উল্লেখযোগ্য স্থান লাভ কৰিছে।
কোচ-ৰাজবংশী জনগোষ্ঠীৰ জন্ম-মৃত্যু-বিবাহৰ বিভিন্ন স্তৰ বা পৰ্বৰ সৈতে বহু লোকাচাৰ-লোকবিশ্বাস সংপৃক্ত হৈ থকাৰ সমান্তৰালভাৱে কেতবোৰ গীত-মাতো জড়িত আছে। সেই গীত-মাতবোৰৰ ভিতৰত মৃতকৰ সৎকাৰ, শ্মশানযাত্ৰাৰ পৰা শ্ৰাদ্ধলৈকে গোৱা ঝালিমাটিৰ গান নামৰ মুখ পৰম্পৰা প্ৰচলিত গীতৰ নাম বিশেষভাৱে উল্লেখনীয়। ‘গোৱালপৰীয়া লোকসংস্কৃতি’ গ্ৰন্থত দ্বিজেন নাথে এই গীতবোৰক বড়পুৰাণ বা শ্মশান চালিয়া গীতমালাৰ অন্তৰ্ভুক্ত কৰি আলোচনা কৰিছে। এই গীত-মাতৰ বিষয়ে তেওঁ বড়পুৰাণৰ আন আন গীতসমূহৰ আলোচনাৰ ভিতৰতে লিখিছেঃ
“এই গীতবোৰ পহতীয়া (প্ৰভাতী), গোষ্ঠ, ৰাধাৰ বিলাপ, গুৰু-পৰিচয় বা গুৰু বন্দনা, দেহ-বিচাৰ, নান্দিমুখ, শ্ৰাদ্ধ আৰু শ্মশান চালিয়া- এইকেইটা খণ্ডত বিভক্ত। গীতবোৰত কিছুমান পৌৰাণিক কাহিনী আৰু চৰিত জড়িত। সেইবোৰৰ ভিতৰত ৰাধা-কৃষ্ণ, ৰাম-নিমাই, যশোদা-উদ্ধৱ আৰু নাৰায়ণৰ নাম বিশেষভাৱে উল্লেখযোগ্য।... আনহাতে জনজীৱন আৰু ভালেমান ধৰ্মীয় অনুষ্ঠানৰ সম্ভেদ গীতবোৰত প্ৰতিফলিত হৈছে। এই গীতৰ অন্যতম বৈশিষ্ট্য ভক্তি আৰু দাৰ্শনিক তত্ত্বৰ প্ৰতিফলন আৰু চিত্ৰধৰ্মিতাৰ লগতে স্থানীয় পৰিৱেশৰ (local colour) অংকন। বন্দনা এই গীতৰ অন্যতম বৈশিষ্ট্য। গীতবোৰ দিশা (দিহা) আৰু পদত ৰচিত হৈছে।” (পৃ:১০৯)
১.০২: ঝালিমাটিৰ গানঃ কোচ-ৰাজবংশী জনগোষ্ঠীৰ বিলুপ্ত প্ৰায় লোকসম্পদঃ
সমাজ, সংস্কৃতি, ধৰ্ম আৰু অঞ্চল-ভেদে মৃত্যু আৰু অন্ত্যেষ্টিক্ৰিয়াৰ সৈতে জড়িত নীতি-নিয়ম আৰু আচাৰ-ব্যৱহাৰসমূহ ভিন ভিন। কিন্তু এইবোৰৰ উদ্দেশ্যঃ মৃতকক সন্মান জনোৱা, মৃতকৰ আত্মাৰ পৰলোকগমনৰ পথ প্ৰদৰ্শন, শোকত ভাগি পৰা পৰিয়ালক সান্ত্বনা প্ৰদান আৰু সাংস্কৃতিক বা ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰা। হিন্দুসকলে মৃত্যুৰ পিছত সাধাৰণতে আত্মাৰ মুক্তিৰ উদ্দেশ্যে শ্মশানত মৃতদেহ দাহ কৰি মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া কৰে। তাৰ পিছত পৰিয়ালৰ সদস্যসকলে মৃতকৰ আত্মাৰ চিৰশান্তি আৰু পুনৰ সু-জন্মৰ কামনা কৰি সাধাৰণতে মৃত্যুৰ ১৩ দিন বা এমাহৰ পিছত শ্ৰাদ্ধ অনুষ্ঠিত কৰে। ভাৰতবৰ্ষৰ বিভিন্ন সম্প্ৰদায়, জাতি-জনজাতিৰ মাজত মৃত্যু আৰু অন্ত্যেষ্টিক্ৰিয়া সম্পৰ্কীয় সাংস্কৃতিক তাৎপৰ্যপূৰ্ণ আচাৰ-ৰীতি প্ৰচলিত। কিছুমান জাতি-জনগোষ্ঠীৰ মৃত্যু সম্পৰ্কীয় আচাৰ-অনুষ্ঠানৰ সৈতে কেতবোৰ গীত-মাতো সংপৃক্ত হৈ আছে। এই গীতসমূহে সচৰাচৰ স্থানীয় বিশ্বাস, আচাৰ-ব্যৱহাৰ আৰু আৱেগক প্ৰতিফলিত কৰে।
ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ নানান সম্প্ৰদায়ৰ মাজত মৃতকৰ অন্তিম বিদায় আৰু শৱসৎকাৰৰ সময়ত বিবিধ গীতৰ চলতি দেখা যায়। অসমৰ অন্যতম জনগোষ্ঠী কোচ-ৰাজবংশীসকলৰ মাজতো পূৰ্বতে মৃত্যু, মৃতদেহ সৎকাৰ আৰু শ্ৰাদ্ধৰ সৈতে জড়িত একধৰণৰ বিশেষ গীতৰ প্ৰচলন আছিল। এই শোকগীতবোৰ ঝালিমাটিৰ গান বা গাওন, ঝালিমাটি গীত নামেৰে পৰিচিত। উল্লেখযোগ্য যে এই গীতবোৰৰ চৰ্চা আৰু প্ৰচলনমূলতঃ অবিভক্ত বঙাইগাঁও জিলাৰ বইটামাৰী, কাশিডোবা, চিপনচিলা, শিঙিমাৰী আদি অঞ্চলৰ কোচ-ৰাজবংশী জনগোটৰ মাজত আছিল। সম্প্ৰতি বিলুপ্তিৰ গৰাহত পৰা এই স্বকীয় বৈশিষ্ট্যপূৰ্ণ গীতবোৰৰ বিষয়ে ইতিপূৰ্বে অতি সীমিতসংখ্যক লেখকে আলোকপাত কৰিছে। আলোচকসকলে তেওঁলোকৰ বৰ্ণনাত উক্ত গীতৰাজিক ‘ঝালিমাটি গাওন’ অভিধাটিৰ উপৰি ঝালিমাটিৰ গান, মৰা ফেলোৱা গাওন বা সংকীৰ্ত্তন, বড়পুৰাণ বা শ্মশান চালিয়া আদি নামেৰে বুজাইছে। কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকবিশ্বাসজনিত কাৰণ (মৰাশ সৎকাৰ আৰু শ্ৰাদ্ধকৰ্মৰ সৈতে এই গীতবোৰ জড়িত হেতুকে অস্পৃশ্য জ্ঞান কৰা)-ত আৰু সাংস্কৃতিক সমল সংৰক্ষণ সম্পৰ্কীয় সচেতনতাৰ সীমাবদ্ধতা তথা অনীহা হেতুকে এই গীতবোৰ তেওঁলোকৰ মাজৰ পৰা চৰ্চা-সংৰক্ষণৰ অভাৱত নাইকিয়া হৈ গৈছে। ঝালিমাটি গীত চৰ্চাকাৰী যি মুষ্টিমেয় লোকশিল্পীয়ে বৰ্তমান সময়ত এই বিলুপ্ত প্ৰায় লোকপৰম্পৰাক চৰ্চা-পৰিৱেশনৰ যোগেদি সংৰক্ষণৰ প্ৰয়াস কৰিছে, তাৰ ভিতৰত কোকৰাঝাৰ জিলাৰ ভোটগাঁৱৰ ‘হৰি সংকীৰ্তন দল’-ৰ নাম পোৱা গৈছে। বিলুপ্তিৰ গৰাহত সংকটাপন্ন এই থলুৱা পৰম্পৰাক সম্প্ৰতি জীয়াই ৰাখিছে মূলতঃ বইটামাৰী অঞ্চলৰ নাথ-যোগী আৰু সূত্ৰধৰ জনগোষ্ঠীৰ লোকসকলে।² ইয়াক সংস্কৃতি গ্ৰহণ (Acculturation) প্ৰক্ৰিয়াৰ এক উদাহৰণ বুলিব পাৰি।
‘কোচ-ৰাজবংশী ভাষাৰ শব্দকোষ’-ৰ প্ৰণেতা অৰুণ কুমাৰ ৰায়ে ‘ঝালিমাটি’ শব্দৰ অৰ্থ শব্দকোষ খনিত লিখিছে:- “ঝালিমাটি (বি): কোচ-ৰাজবংশী জনগোষ্ঠীৰ মৰা ফেলোৱা গাওন”। ঝালিমাটি গাওন (গীত)-ৰ নামকৰণ কৰা হৈছে এই গীত পৰিৱেশনত ব্যৱহৃত তাল-খোলৰ স্থানীয় নাম অনুসৰি। গীত পৰিৱেশন কৰোঁতে ব্যৱহাৰ কৰা দুবিধ প্ৰধান বাদ্যযন্ত্ৰ হৈছে: ঝালি নামৰ এবিধ সৰু তাল আৰু মাটি শব্দই মাটিৰে নিৰ্মিত খোলক বুজায়। সাধাৰণ তালতকৈ চেপেটা আৰু প্ৰায় ৮ ইঞ্চি ব্যাসাৰ্ধৰ বহল আকৃতিৰ বাঁহেৰে নিৰ্মিত এবিধ বিশেষ তালক ঝালি বোলা হয়। আকৌ মাটিৰে নিৰ্মাণ কৰা সাধাৰণ খোলতকৈ কিছু দীঘল (প্ৰায় ১.৫ হাত দীঘল) এবিধ তালৰ নাম মাটি। গতিকে ঝালি নামৰ সৰু কাঁহৰ তাল আৰু মাটিৰে নিৰ্মিত খোল ব্যৱহাৰ হোৱা কোচ-ৰাজবংশীসকলৰ মৃতকৰ সৎকাৰ আৰু শৱযাত্ৰাৰ সৈতে জড়িত লোকগীত বোৰকেই ঝালিমাটিৰ গাওন বা গান বুলি নামকৰণ কৰা হৈছে। ঝালিমাটিৰ গানত মৃতকৰ গুণ-গৰিমা প্ৰশস্তি, জীৱিতকালৰ কাৰ্যকলাপৰ বৰ্ণনা দাঙি ধৰাৰ উপৰি পৰিয়ালৰ পিতৃ-মাতৃ, ভাতৃ-ভগ্নীৰ মনোবেদনা আৰু কাৰুণ্য, জীৱনৰ বিভিন্ন সুখ-দুখৰ মুহূৰ্ত তথা ঘটনা-পৰিঘটনাৰ বিৱৰণ, বিৰহ-বিচ্ছেদৰ দুঃখ-যন্ত্ৰণাময় মানসিক স্থিতিৰ উপস্থাপনৰ লগতে আনন্দ-উলাহ, ৰং-ৰহইচ, ঈশ্বৰ, আত্মা-পৰমাত্মা, ভক্তিৰ মহিমা আদি নানান দিশৰ প্ৰতিফলন ঘটিছে। সেয়েহে বৰ্ণনীয় বিষয়বস্তু অনুসৰি বিবিধ ঝালিমাটি গীত পোৱা যায়। গীতবোৰৰ চকুত পৰা দিশটো হৈছে তীব্ৰ বিষাদৰ প্ৰকাশ। গীতবোৰত মানুহে জীৱিতকালত কৰা পাপ কৰ্ম আৰু এই জন্মতে তাৰ পৰিণতি ভোগ কৰাৰ বিষয়ে বিশদভাৱে বৰ্ণনা দাঙি ধৰা হৈছে। গীতসমূহ বুজাবলৈ ভিন ভিন নাম ব্যৱহৃত যদিও ‘ঝালিমাটিৰ গান’ নামটোৱেই বহুলভাৱে প্ৰচলিত। দ্বিজেননাথে মৃতকৰ সংস্কাৰ সম্পৰ্কীয় গীতবোৰক বিবিধ বিষয়ক গীতৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছেঃ
“বিবিধ বিষয়ক গীতবোৰৰ ভিতৰত খেতিপথাৰ আগুৰা গীত, নাওখেলৰ গীত, হাল-কোৰ মৰা গীত, ভালুক নাচৰ গীত, শিবো শিবো গীত, নিচুকনি গীত, খেল-ধেমালিৰ গীত, ভোমৰা গীত, পীৰফকিৰ, হাচান ৰাজাৰ গীত, বাৰমাহী গীত, বড়পুৰাণ (সংকীৰ্তন বা ঝালিমাটি), ভাৱাইয়া, চটকা, ভাটিয়ালী, দেহ বিচাৰৰ গীত, মাছ মৰা বিষয়ৰ গীত, ঘটকৰ গীত, মাহুত- ফান্দিৰ গীত, মৈশালী গীত আদিৰ কথাই বিশেষভাৱে উল্লেখযোগ্য।” (গোৱালপৰীয়া লোকসংস্কৃতি, পৃ.৪৩)
সীমিত এলেকাৰ মুষ্টিমেয় কোচ-ৰাজবংশী জনগোষ্ঠীয় লোকে মৃতকক অন্তিম সংস্কাৰৰ বাবে শ্মশানলৈ লৈ যোৱাৰ সময়ত কৰুণ ৰসাত্মক ঝালিমাটি গাওন পৰিৱেশন কৰিছিল। মৌখিক পৰম্পৰাত বাগৰি অহা এই গীতবোৰৰ সম্পৰ্ক শৱদেহৰ শ্মশানযাত্ৰা আৰু শ্ৰাদ্ধাদি পৰ্বৰ সৈতে। মৃতকৰ অন্তিম যাত্ৰা, শৱসংস্কাৰ বা মৃতদেহ দাহন, দহা-শ্ৰাদ্ধ (পঞ্চমদিনৰ পঞ্চাহ আৰু দহদিনৰ দাহা) আদি প্ৰেতাদিৰ শান্তি-সদগতি কামনাৰ আকাংক্ষাৰ সৈতে সম্পৰ্কযুক্ত এই গীতসমূহ আধ্যাত্মিক আৰু দাৰ্শনিক ভাৱধাৰা তথা গভীৰ অৰ্থসম্পন্ন কৰুণভক্তি ৰসাত্মক গীত। অতি প্ৰাচীন কালৰ পৰা কোচ-ৰাজবংশী জনসমাজত পৰম্পৰাগতভাৱে প্ৰচলিত আচাৰ-ৰীতিৰ এক উজ্জ্বল স্বাক্ষৰ বহন কৰে ঝালিমাটিৰ গীতে। মৃতকক বাঁহৰ চাঙিত তুলি ঘৰৰ চোতালৰ পৰা লৈ যাবলৈ ধৰাৰ লগে লগে শৱযাত্ৰীৰ মাজত থকা ঝালিমাটি গীত পৰিৱেশনকাৰী ৬-৮ জনীয়া গায়কৰ দলে অতি কৰুণ সুৰত গীত গাবলৈ আৰম্ভ কৰে। এই গীতৰ মুখ্য পৰিৱেশক গীদালে গীতটো আৰম্ভ কৰি দিয়ে আৰু সহযোগী হিচাপে থকা দলৰ পালি সকলে সেই গীত আন্তৰিকতাৰে আওঁৰাই শোকৰ কৰুণ বাতাবৰণ সৃষ্টি কৰে। গীতবোৰৰ বিষয়বস্তু কিছু পৰিমাণে দেহতত্ত্বমূলক আৰু কিছু পৰিমাণে ভক্তিমূলক। শ্মশানযাত্ৰাৰ আৰম্ভণিৰে পৰা মৃতকৰ পিছে পিছে গীত গাই গৈ থকা দলটোৱে মৃতকৰ সৎকাৰ কৰিবলৈ যাওঁতে আৰু কাঠ-সংস্কাৰ কৰি উভতি আহোঁতে ঝালিমাটি গীত পৰিৱেশন কৰিছিল। আনকি পিছলৈ মৃতকৰ পাঁচদিনীয়া কাজ (পঞ্চাহ), দহদিনীয়া কাম (দাহা), তেৰদিনীয়া মৰাৰ কাম আৰু চৈধ্যদিনীয়া সপিণ্ডন বা সপিণ্ডী পূজা-পৰ্ব আদি শ্ৰাদ্ধবিধিৰ সৈতে জড়িত প্ৰায় সকলো স্তৰতে এই গীত-মাত পৰিৱেশিত হৈছিল। কোচ-ৰাজবংশী সমাজত মৃতকক চাঙিত তোলাৰ পৰা মৃতদেহ সৎকাৰ, মৃতকৰ শ্ৰাদ্ধাদি সমাপন হোৱালৈকে ঝালিমাটি গীত বা মৰা ফেলোৱা গাওন পৰিৱেশন কৰা হৈছিল।
ঝালিমাটি গান হৈছে মুখ পৰম্পৰাত চলি অহা এক প্ৰকাৰৰ শোক গীত। ইয়াৰ ৰচক, ৰচনা কাল আৰু প্ৰচলনৰ সূচনাপৰ্বৰ বিষয়ে কোনো নিৰ্দিষ্ট সময় ঠিৰাং কৰিব নোৱাৰি। মুখশ্ৰুতি অনুসৰি সাবিত্ৰী-সত্যবানৰ দিনৰ পৰাই এই গীত-মাতসমূহৰ প্ৰচলন পৰম্পৰাগতভাৱে মৌখিক ৰূপত চলি আহিছিল বাবে এই গীতবোৰক বাচিক কলাৰ শ্ৰেণীভুক্ত কৰা হয়। মৃত্যু সম্পৰ্কীয় সংস্কাৰমূলক আচাৰ-ৰীতি, বিধি-বিধানৰ অন্তৰ্গত কাৰ্যকলাপ হিচাপে এনে গীত গোৱাৰ অন্তৰালত মূল উদ্দেশ্য হিচাপে নিহিত আছে মৃতকৰ আত্মাৰ চিৰশান্তি কামনাৰ প্ৰসংগ। মৃতকৰ অন্তিম সংস্কাৰৰ সৈতে জড়িত বিবিধ ক্ৰিয়া-কাণ্ড, আচাৰ-অনুষ্ঠানৰ ক্ৰম অনুসৰি এই গীতবোৰক স্তৰভেদে ভিন ভিন নামকৰণ কৰাও দেখা যায়। যেনেঃ মৃতকক চাঙিত বা সাঙীত তুলি শ্মশানযাত্ৰাৰ পৰ্বত গোৱা গীত, পিণ্ডদানৰ সময়ত গোৱা গীত, শ্ৰাদ্ধাদি পূজা-পাতলৰ সময়ত গোৱা গীত আদি। দ্বিজেন নাথে ঝালি মাটি গীত বা সংকীৰ্ত্তনৰ কথা-কাহিনীৰ প্ৰতি লক্ষ্য ৰাখি এই গীতসমূহ শ্ৰাদ্ধৰ গীতৰ পৰাই সূচনা হোৱা বুলি অনুমান কৰিছে। বঙাইগাওঁ জিলাৰ অঞ্চল বিশেষত পূৰ্ব প্ৰচলিত অথচ সম্প্ৰতি বিলুপ্তপ্ৰায় এই ঝালিমাটিৰ গাওন বা সংকীৰ্ত্তনৰ বৈশিষ্ট্যমূলক দিশ হৈছে- গভীৰ কাৰুণ্যৰ প্ৰকাশ, গীতবোৰত উল্লিখিত চৰিত্ৰসমূহৰ জীৱন পৰিক্ৰমাৰ হৃদয়স্পৰ্শী বিৱৰণ আৰু কথা-সুৰ-বাদ্যৰ মাজেৰে বৰ্ণনীয় বিষয়ৰ সাংগীতিক প্ৰকাশ। মৃত্যুৰ নিচিনা জীৱনৰ চৰমসত্য আৰু কঠোৰ বাস্তৱৰ সৈতে জড়িত এই গীতবোৰ মূলতঃ কাৰুণ্য প্ৰকাশক। কৰুণ ৰসাত্মক হ’লেও কেতবোৰ গীতত আংশিকভাৱে ধেমেলীয়া, খুহুতীয়া কথাৰ অৱতাৰণাও পৰিলক্ষিত হয়।
মৃত ব্যক্তিৰ শৱসৎকাৰ আৰু শৱযাত্ৰাৰ গীত হিচাপে ঝালিমাটিৰ গীত হৈছে কোচ-ৰাজবংশী জনগোষ্ঠীৰ মৃত্যু সম্পৰ্কীয় কৃত্য। হিন্দু ধৰ্মাৱলম্বী এই জনগোষ্ঠীৰ লোকসকলে গীত-মাতৰ জৰিয়তে মৃতকৰ আত্মাৰ সদগতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। ঈশ্বৰ, আত্মা-পৰমাত্মা, পাৰ্থিৱ জগত, মায়া-মোহাচ্ছন্ন সংসাৰ, মুক্তিৰ আশা আদি ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস-পৰম্পৰা জড়িত থকা হেতুকে গায়কসকলে এই গীতবোৰ অতি আন্তৰিকতা আৰু শ্ৰদ্ধাশীল মনোভাৱেৰে পৰিৱেশন কৰিছিল। পৰম্পৰাগত জনগোষ্ঠীয় ৰীতি-নীতিৰ বান্ধোন, গীত পৰিৱেশনৰ নিৰ্ধাৰিত বিধি-বিধান আৰু ধৰ্মীয় আধ্যাত্মিক বিশ্বাস আৰু আচাৰ- ৰীতি অনুসৰণৰ প্ৰতি শ্ৰদ্ধাপূৰ্বক সচেতনতা আদিয়ে এই গীতবোৰক এক স্বকীয় বিশেষত্ব পূৰ্ণমৰ্যাদা প্ৰদান কৰিছে।
উল্লেখযোগ্য যে ঝালিমাটি গীত পৰিৱেশনৰ সৈতে পেছাদাৰী গায়কৰ দল জড়িত থকাটো এক ব্যতিক্ৰমী দিশ। এই গীতবোৰ পৰিৱেশন কৰিবলৈ একো একোটা পেছাদাৰী দল আছিল। সাধাৰণতে আৰ্থিক সচ্ছলতা বা অৱস্থাপন্ন লোকৰ ঘৰত কোনো ব্যক্তিৰ মৃত্যু ঘটিলে গীত পৰিৱেশনকাৰী দলক নিমন্ত্ৰণ কৰি অনা হৈছিল। এনে দল সচৰাচৰ ৬/৮ জন পুৰুষ গায়ক সদস্যৰে গঠিত। দলৰ লোকসকল মৃতকৰ ঘৰত উপস্থিত হৈ শৱযাত্ৰাত ঝালি, খোল, তাল আদি বাদ্য বজাই গীত পৰিৱেশন কৰিছিল। দলবোৰে ঝালিমাটি গীতৰ উপৰি কৰুণৰ সপূৰ্ণ চিত্তাকৰ্ষক গীত-মাত পৰিৱেশন কৰাৰ লগতে মৃতকক নতুন বস্ত্ৰ পৰিধান কৰোৱা, তেল, কেঁচা মাহ-হালধি সানি নোৱাই দিয়া, ধূপ-দীপ জলোৱা আদি মৃতকৰ অন্তিম সংস্কাৰৰ সকলো কাম-কাজতে সহযোগ কৰিছিল। লগতে মৃতকৰ কাঠসংস্কাৰৰ প্ৰস্তুতিপৰ্বৰ পৰাই বিভিন্ন পৰ্যায়ত নানান কাৰ্যাৱলীৰ বৰ্ণনা সংকীৰ্ত্তনৰ মাজেদি দাঙি ধৰি বিষাদ ঘন পৰিৱেশৰ সৃষ্টি কৰিছিল। ইতিপূৰ্বে উল্লেখ কৰা হৈছে যে সাধাৰণতে অৱস্থাপন্ন পৰিয়ালসমূহৰ লোকেহে ঝালিমাটি গীত পৰিৱেশনকাৰী এনে দলসমূহক গীত গাবলৈ নিমন্ত্ৰণ কৰিছিল। তেনে পৰিয়ালৰ লোকে আদ্যশ্ৰাদ্ধৰ দিনাখনো এনে দলক নিমন্ত্ৰণ জনাইছিল আৰু সংকীৰ্ত্তনৰ দলে নিৰ্দিষ্ট দিনটোত উপস্থিত হৈ গীত পৰিৱেশন কৰিছিল।
এই প্ৰসঙ্গত পোনতে মনলৈ আহে ‘ৰুদালী’ নামৰ ক্ৰন্দসী বৃত্তিজীৱি মহিলাৰ কথা। ৰাজস্থানৰ অঞ্চল বিশেষত ‘ৰুদালী’ নামৰ একশ্ৰেণীৰ পেছাদাৰী ক্ৰন্দনকাৰী মহিলাৰ দলক নিযুক্তি দিয়া হৈছিল। ৰাজপুত জমিদাৰ আৰু ৰাজপৰিয়ালৰ ঘৰত কোনোলোকৰ মৃত্যু হ’লে তেওঁলোকক নিমন্ত্ৰণ কৰা হৈছিল। ধন-বিতেৰে নিযুক্তি দিয়া পৰিয়ালবোৰৰ বাবে ৰাজহুৱা স্থানত শোক-বিলাপ কৰাটোৱে আছিল ৰুদালীসকলৰ কাম। এই মহিলাসকলৰ পেছা হৈছে অংগ-ভংগীৰে হিয়াধাকুৰি কান্দি বুকু চপৰিয়াই শোকপ্ৰকাশ কৰা। উচ্চবৰ্ণৰ মহিলাক ৰাজহুৱা স্থানত মুখ দেখুৱাবলৈ বা শোক প্ৰকাশ কৰিবলৈ দিয়া নহয়; সেয়ে সমগ্ৰ গাঁৱৰ শোক প্ৰদৰ্শন কৰিবলৈ ৰুদালীসকলক নিয়োগ কৰা হৈছিল। অসমৰ ৰাভা, গাৰো, কাৰ্বি আদি জনজাতিৰ শ্ৰাদ্ধ অনুষ্ঠানৰ লগত সংগতি ৰাখি বিলাপ গীত গোৱা পেছাদাৰী দলৰ সৈতেও এইক্ষেত্ৰত সাদৃশ্য অনুভৱ হয়।
যিহেতু এই ঝালিমাটি গীতবোৰ প্ৰধানতঃ অবিভক্ত গোৱালপাৰা জিলাৰ কোচ-ৰাজবংশীসকলৰ মৰাশ সৎকাৰৰ সৈতেহে জড়িত গীত, গতিকে এইবোৰ উক্ত জনগোষ্ঠীৰ একচেটীয়া নিজস্ব লোকসাহিত্য-সম্পদ। কোচ-ৰাজবংশীৰ বাদে আন জাতি-জনগোষ্ঠীৰ মাজত এই গীত-মাতবোৰৰ প্ৰচলন নাছিল। সম্প্ৰতি এই মৌখিক গীত-মাতবোৰ নাথ-যোগী, সূত্ৰধাৰ গোষ্ঠীৰ কিছুসংখ্যক লোকে চৰ্চা আৰু সংৰক্ষণ কৰি জীয়াই ৰাখিছে। এই গীত পৰিৱেশনকাৰীসকল কেৱল পুৰুষ। মহিলাই এই গীতত অংশগ্ৰহণ নকৰে। তাৰ উপৰি ঝালিমাটি গীত গাওঁতে হাত চাপৰি দিয়াত বিশেষ বাধা-নিষেধ আছে; এই গীত পৰিৱেশন কৰোঁতে হাত চাপৰি দিয়া নহয়। গীতবোৰ গাবলৈ মাটিৰে নিৰ্মিত দুটা খোল আৰু ৪/৫ টা কাঁহৰ সৰু আকৃতিৰ তাল ব্যৱহাৰ হৈছিল।
অঞ্চলভেদে ঝালিমাটি গীত পৰিৱেশনৰ স্থান-কাল-পাত্ৰৰ পাৰ্থক্য আছে। নিমন্ত্ৰিত গায়কসকলে মৃতকৰ পিছে পিছে শ্মশানলৈ গৈ গীত পৰিৱেশন কৰে। অঞ্চল বিশেষে এই গীত মৃতকক ঘৰৰ চোতালৰ পৰা চাঙীত তুলিলৈ নিবলৈ ধৰাৰ লগে লগে গাবলৈ ধৰে। আন কোনোবা ঠাইত বাটে বাটে গৈ থকাৰ সময়তহে গোৱা হৈছিল। আকৌ কোনো কোনো অঞ্চলত মৃতকৰ চিতাত জুই লগোৱাৰ সময়ত গোৱা হৈছিল। তেৰ বা চৈধ্যদিনৰ দিনা মৰাৰ কাম আৰু সপিণ্ডন কৰাৰ সময়তো এই গীতসমূহ গোৱা হৈছিল। আনহাতে আগৰ দিনত কোচ-ৰাজবংশী লোকসকলৰ বিয়াৰ দিনা অনুষ্ঠিত শ্ৰাদ্ধৰ পৰ্বতো ঝালিমাটি গীতৰ প্ৰচলন আছিল; ঠাই আৰু সমাজ বিশেষে দেউল পূজা-উৎসৱতো এই গীত গোৱাৰ প্ৰথা আছিল। পৰৱৰ্তী সময়ত বিবাহ বা দেউলতো উক্ত প্ৰথা অপ্ৰচলিত হৈ পৰে। গীত পৰিৱেশনকাৰী দলসমূহক সেই সময়ত দূৰ-দূৰণিৰ লোকে (কোচ-ৰাজবংশী) মাতি নিছিল। ঝালিমাটি গীতত শৱযাত্ৰা আৰু শ্ৰাদ্ধৰ ভিন ভিন মুহূৰ্তৰ সৈতে খাপখোৱা বিষয়বস্তু বৰ্ণিত হোৱাৰ লগতে মৃত ব্যক্তি পুৰুষ নে মহিলা, পাৰিবাৰিক আৰু সামাজিক স্থিতি, বৈবাহিক স্থিতি অনুসৰি গীতৰ ধৰণ বেলেগ বেলেগ হৈছিল।
প্ৰায়বোৰ ঝালিমাটি গীতেই দিশা (দিহা) আৰু পদ- এই দুই অংশত বিভক্ত। মৃতকক শ্মশানলৈ নিয়াৰ বিভিন্ন পৰ্বত গোৱা ঝালিমাটি গীতবোৰৰ ভিতৰত আৰম্ভণিতে গোৱা গীত হৈছে গুৰুস্তুতি বা গুৰুবন্দনাঃ
“ দিশা (দিহা)-
গুৰু তোৰ নাম পৰম ধন ৰে।
গুৰু তোৰ নাম পৰম ধন ৰে।।
পদঃ
ৰাম নামেৰে ঘৰখানি কৃষ্ণ নামেৰে বেড়া
আৰে কৃষ্ণ নামেৰে বেড়া
ছয়কুৰি ছয় হাজাৰ গুৰু লাগিয়া আছে জৰা
গুৰু লাগিয়া আছে জৰা।।
সাগৰ শুকাল মানিক লুকাল
ব্ৰহ্মা মৰিল জানে।
এভৱ সাগৰে বাপ মাওক চাৰিলং
ভাইক চাৰিলং দেশে।। ”
ভগৱানৰ নামৰ মাহাত্ম্য, সংসাৰৰ মায়া-মোহ, অনিত্যতা তথা ক্ষণভংগুৰতা আৰু আত্মীয়ৰ সৈতে বিচ্ছেদৰ প্ৰসংঙ্গ গীতবোৰত বৰ্ণিত হৈছে। গুৰুবন্দনা বা গুৰুস্তুতিৰ ঝালিমাটি গাওন বা গীতবোৰ মৃতক (পুৰুষ-মহিলা নিৰ্বিশেষে)-ৰ শৱসৎকাৰৰ আৰম্ভণিত গোৱা হয়। এই গীতবোৰত ভগৱানৰ ওচৰত আত্মসমৰ্পণ, ৰাম-কৃষ্ণ নামৰ মহিমা, মায়া-মোহাচ্ছন্ন সংসাৰত কামনা-বাসনা, লোভ-লালসাত আচ্ছন্ন মানৱৰ আত্ম-লঘিমা, জগতৰ ক্ষণস্থায়িত্ব আৰু অন্তসাৰ শূন্যতা আদি ধৰ্মীয়, আধ্যাত্মিক আৰু দাৰ্শনিক ভাব-চিন্তা, গুঢ় ৰহস্যময় তত্ত্বকথা আদি গীতি-কাব্যৰ ৰূপত তুলি ধৰিছে। এই দিশেৰে এই গীতবোৰ বৰগীত, দেহবিচাৰৰ গীত বা যিকোনো আধ্যাত্মিক ভাবাপন্ন ভক্তিমূলক গীতি-ৰচনাৰ সমভাৱাপন্ন। নাৰী-পুৰুষ উভয় শ্ৰেণীৰ মৃতকৰ ক্ষেত্ৰত গোৱা গুৰু বন্দনা জাতীয় এটি গীত এনেধৰণৰঃ
“গুৰু মোৰে তৰাও ৰে তৰাও
তৰাও ৰে ৰঘুনাথ
চৰণ দুখানি সিখানে নাছিলা গুৰু
মই নিজকে নাজানং
আৰ অধমক দিয়া নামৰে
হায়ৰে গুৰু মই হাততে হাৰালং
আমি যে ধৰিব তোমাৰ
ৰাঙা চৰণ দুখানি।”
পুৰুষৰ ক্ষেত্ৰত মানুহজনৰ মৃতদেহটো লৈ যোৱাৰ সময়ত শিঙিমাৰী অঞ্চলত এনেধৰণৰ গীত গোৱা হৈছিলঃ
“মন ভাই, নাভাবিছ আৰু এই দুৰ্লভ মনুষ্য জনম
না হইব আৰ, খসিয়া পৰে ৰুৱা
মনুষ্য জনম এই হেনো না হৈবে আৰ।”
মানৱ জীৱন দুৰ্লভ কিন্তু মানৱদেহ নশ্বৰ, ক্ষণভংগুৰ আৰু অনিত্য। পৰমাৰ্থিক কথাৰ লগতে পাপ-পুণ্য বিচাৰ আৰু কৰ্মফল আদি নানান আধ্যাত্মিক-দাৰ্শনিক তত্ত্বকথাক গীতৰ মাধ্যমেৰে লোক-কবিয়ে আকৰ্ষণীয় ৰূপত তুলি ধৰিছে।
মাতৃ প্ৰশস্তি, চিৰবিচ্ছিন্ন আপোনজনৰ অতীত জীৱনৰ স্মৃতি ৰোমন্থনৰ প্ৰসংগও গীতবোৰত আছে। পৰিয়ালৰ সদস্যৰ চিৰবিদায়ত আন সদস্যসকলৰ অন্তৰৰ বিৰহ-বেদনা, দুঃখ-যন্ত্ৰণাময় কৰুণ মানসিক অৱস্থাৰ ছবি এই গীতবোৰত প্ৰতিফলিত হৈছে হৃদয়স্পৰ্শীভাৱে। বিশেষকৈ মমতাময়ী মাতৃৰ মৃত্যুত সন্তানৰ মনৰ বিষাদপূৰ্ণ অৱস্থা, মমতাময়ী মংগলকামী মাতৃৰ জীৱনকালৰ সন্তানপ্ৰীতি প্ৰকাশক কাৰ্যকলাপৰ স্মৃতি, জন্মদাত্ৰী মাতৃৰ ঋণ স্বীকাৰ আদি বিষয়গীতত মনোগ্ৰাহীভাবে বৰ্ণিত হৈছেঃ
“ মাও মোৰ পালনীৰে
অ মাও মোৰ পালনীৰে
চাৰিয়া গেলি মোৰে (মোকহে)।
ভোকত দিছিলা ভাতৰে মাও
পিয়াহত (পিয়াসত) দিছিলা পানী,
পিন্ধিবা কো দিছিলা মাও
শুকল বস্ত্ৰখানি।”
নাৰী-পুৰুষৰ ভেদ অনুসৰি পৃথকধৰণে আৰু উভয়ক্ষেত্ৰতে প্ৰচলিত গীত, মাতৃ প্ৰশস্তিমূলক গীত আৰু পৰিয়ালৰ মৃত সদস্যৰ গুণ-কাৰ্যাৱলীৰ স্মৃতি সুঁৱৰি গোৱা এই গীতবোৰৰ লগতে সমধৰ্মী আন কিছু গীতৰ প্ৰচলন আছিল। বিয়া নপতাকৈ (বৰলা হৈ) মৃত্যু হোৱা পুৰুষ আৰু কম বয়সত মৃত্যু হোৱা পুৰুষৰ বাবে গোৱা বেলেগ বেলেগ গীতৰো চলতি আছিল। মৃতকক শ্মশানলৈ নিয়াৰ সময়ত গোৱা মৰা ফেলোৱা গাওন বা সংকীৰ্তনৰ চানেকি এনেধৰণৰঃ
“ হে দেশেৰ ভাই নহয় আপোনাৰ
দেশেৰ ভাই নহয় আপোনাৰ
দেহা লয়া গৌৰৱ কৰে
সে বড় গাওৱাৰ।”
এনে গীতত প্ৰতিফলিত হৈছে জীৱন-জগতৰ মায়া-মমতাত আৱদ্ধ, সংসাৰৰ লোভ-মোহ, কামনা-বাসনাত আচ্ছন্ন মানৱ জীৱনৰ অস্থায়িত্ব, তেজ-মঙহৰ সম্পৰ্কৰ বান্ধোনৰ অনিত্যতা, মানৱদেহৰ ক্ষণ ভংগুৰতা, শ্মশান যাত্ৰাৰ প্ৰস্তুতি আৰু কাৰ্যকলাপৰ বিতং ছবি। মানৱ জীৱনৰ এই চৰম, কঠোৰ বাস্তৱৰ কথা সোঁৱৰাই চহা গীতিকাৰে জনসাধাৰণক জীৱন সম্পৰ্কীয় ধাৰণাৰ সঠিক পথ-নিৰ্দেশনা আৰু মানুহৰ কৰণীয় সম্পৰ্কে, প্ৰকৃত সত্য সম্পৰ্কে সচেতন কৰি দিয়াৰ আকাংক্ষা-প্ৰয়াস এনে গীতত পৰিলক্ষিত হয়ঃ
“ কাঁচা বাশেৰ খাট পালংক (পালংখ)
ৰুণীয়া পাটাৰ ধৰ,
ভাইয়ে বান্ধে ভাতিজায় বান্ধে
যেন পায়া সিন্ধিৰ চোৰ।”
অনিত্য জগতৰ অসাৰ মায়া-মোহ, জীৱনৰ অস্থায়িত্ব, মানৱদেহৰ ক্ষণস্থায়িত্ব আদি চিৰশ্বাশ্বত বিষয় উল্লেখ কৰাৰ লগতে গীত ৰচয়িতাৰ কল্পনা-প্ৰতিভা আৰু আলংকাৰিক কৌশলপূৰ্ণ উপস্থাপনে গীতবোৰৰ আধ্যাত্মিক মূল্যৰ লগতে সাহিত্যিক মূল্যও বৃদ্ধি কৰিছে। লোকগীত হিচাপে ইয়াতে এই গীত-মাতবোৰৰ সাহিত্যিক সৌন্দৰ্য্যনিহিত আছে।
শ্ৰাদ্ধৰ লগত জড়িত পূজা-পাতল, আচাৰ-বিধি পালন কৰাৰ লগতে শ্ৰাদ্ধৰ দিনা আমন্ত্ৰিত ঝালিমাটি গীত পৰিৱেশনকাৰী দলে মৃত ব্যক্তিৰ ঘৰত শ্ৰাদ্ধৰ গীত হিচাপে কিছু গীত পৰিৱেশন কৰিছিল। এই গীতসমূহ শ্ৰাদ্ধ-পূজাৰ সময়ত, ব্ৰাহ্মণে চোতাল শুদ্ধি কৰাৰ সময়ত গায়। দুটি গীতৰ নমুনা তলত দিয়া হ’লঃ
“ দেখো মাই কালিন্দীৰো জলকালা।
স্নান কৰিতে ভালা।।
বাত্ৰা পুছয়ে হৰি উত্তৰ নিদিলা গৌৰী।
উমানে গুমানে চলিয়া যায়ৰে নাগৰী।।
ধূপ-দীপ-নৈবেদ্য লাগায়া শাৰী শাৰী
তিলক চন্দন লাগায়া শাৰী শাৰী।।
দেখো মাই কালিন্দীৰো জল...”
গুৰু স্তুতি, জগত সৃষ্টি, মৃত্যুৰ বাস্তৱতা, অথিৰ বিশ্বব্ৰহ্মাণ্ড আৰু জীৱনৰস্বৰূপ প্ৰকাশিত হৈছে নিম্নোলিখিত গীততঃ
“ হে গুৰু শ্যাম বিনন্দীয়া, গুৰু প্ৰাণ বিনন্দীয়া।
এই তনু বানাইছে গুৰু নিজ নাম দিয়া।।
শূন্যতে উৎপত্তি গুৰু শূন্যতে কায়া,
ঘৰখানি গুৰু যায়া আহংচায়া।
চান লৰে সূৰ্য লৰে লৰে অগ্নিপানী।
তিনি কোনা পৃথিবী লৰে, নলৰে কুনখানি।।
চান চুৱা, সূৰ্য্য চুৱা, চুৱা অগ্নিপানী,
তিনিকোনা পৃথিবী চুৱা — নিচুৱা কুনখানি।। ”
১.০৩: সামৰণি আৰু সিদ্ধান্তঃ
মৌখিক পৰম্পৰাত প্ৰচলিত ঝালিমাটি গাওন (গীত) কোচ-ৰাজবংশী জনগোষ্ঠীৰ প্ৰাচীন ঐতিহ্য-পৰম্পৰাৰ অন্যতম নিৰ্দেশক। এই গীত অবিভক্ত গোৱালপাৰা জিলাৰ মৃতকৰ সৈতে জড়িত লোকাচাৰ আৰু লোকবিশ্বাসৰ অন্তৰ্গত শ্ৰাদ্ধ আৰু শৱসৎকাৰ, শৱযাত্ৰাৰ একপ্ৰকাৰৰ সুকীয়া গীত। উক্ত জনগোষ্ঠীৰ মাজত পূৰ্বে পৰম্পৰাগতভাৱে প্ৰচলিত মৃতকৰ সৎকাৰ সম্পৰ্কীয় এই গীতবোৰ বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে। সম্প্ৰতি বিলুপ্তপ্ৰায় এই শৱযাত্ৰাৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ জনগোষ্ঠীয় লোকগীত-মাতবোৰৰ বিলুপ্তিৰ কাৰণ মূলতঃ চৰ্চা আৰু সচেতনতাৰ অভাৱ। এই গীতবোৰ আৰু গীত পৰিৱেশনত সংগত কৰা বাদ্য সম্পৰ্কীয় কেতবোৰ লোকবিশ্বাস আৰু কঠোৰ বাধা-নিষেধৰ বাবেও এই গীতবোৰৰ অস্তিত্বৰ প্ৰতি সংকট নামি আহিছে। মৃতদেহ সৎকাৰ সম্পৰ্কীয় গীত হোৱা হেতুকে আৰু মৃত্যু-মৃতকৰ সৈতে ভূত-প্ৰেত, আত্মা-পৰমাত্মা আৰু পাপ-পুণ্য সম্পৰ্কীয় লোকবিশ্বাস জড়িত বাবে- এই গীতবোৰ ঘৰত ৰাখিব নাপায় বুলি কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে বা গীত পৰিৱেশনকাৰী লোকসকলে বিশ্বাস কৰিছিল। মুখে মুখে পৰম্পৰাগতভাৱে চলি অহা এই লোকগীতসমূহক লিপিবদ্ধ কৰা লোকসকলেও এইবোৰ ঘৰৰ বাহিৰত বা ঘৰৰ পৰা নিলগত আন ঠাইত, বেৰত বা গোহালিঘৰত ৰাখিছিল। এনে লোকবিশ্বাস জনিত অনাদৰ-অৱহেলাৰ পৰিণতি স্বৰূপে আৰু সংৰক্ষণ সম্পৰ্কীয় প্ৰয়োজনীয়তা, সচেতনতা অনুধাৱন নকৰাৰ ফলত এই লোকসম্পদ অসমৰ বুকুৰ পৰা প্ৰায় নাইকিয়া হৈ যাবলৈ ধৰিছে। তাৰ উপৰি এই গীত পৰিৱেশনত ব্যৱহৃত ঝালিতাল আৰু খোল আদি বাদ্যযন্ত্ৰসমূহো ব্যৱহাৰ কৰাৰ আৰু ৰখাৰ ক্ষেত্ৰত কিছুমান কঠোৰ নীতি-নিয়ম, বাধা-নিষেধ মানিবলগীয়া হৈছিল। এনেবোৰ কাৰণতো এই লোকগীত-মাতবোৰ পাহৰণিৰ গৰ্ভত লীন হ’বলৈ ধৰিছে। এটা সীমিত এলেকাৰ নিৰ্দিষ্ট জনগোষ্ঠীৰ একক বা একচেতীয়া সম্পদস্বৰূপ এনে স্বকীয় বৈশিষ্ট্য সম্বলিত লোকসাহিত্য তথা লোকসংস্কৃতিৰ সমল বিলুপ্তিৰ গৰাহলৈ যোৱাটো সামগ্ৰিকভাৱে অসমীয়া লোকসংস্কৃতিৰ এক অপূৰণীয় ক্ষতি। লোক-কবিৰ সৃষ্টি-প্ৰতিভাৰ অনুপম নিদৰ্শন স্বৰূপ এই গীতবোৰ বহুমাত্ৰিক লক্ষণ-বৈশিষ্ট্যৰে সমৃদ্ধ। কোচ-ৰাজবংশী জনগোষ্ঠীৰ মৃতকৰ সৎকাৰৰ লগত জড়িত এনে সংস্কাৰমূলক গীত-মাতবোৰৰ বিষয়বস্তু, ভাষা, ৰচনা-ৰীতি, ৰস, দৰ্শন, পৰিৱেশন-শৈলী আৰু আন আন লোকগীত তথা ধৰ্মীয়—আধ্যাত্মিক গীত-মাতৰ সৈতে এইবোৰৰ সাদৃশ্য-বৈসাদৃশ্য আদিকে ধৰি ইয়াৰ সামাজিক-সাংস্কৃতিক তাৎপৰ্য তথা মূল্য সম্পৰ্কে বিভিন্ন দিশ বিবেচনাৰে চৰ্চা-গৱেষণাৰ এক গুৰুত্বপূৰ্ণ আৰু সম্ভাৱনাময় ক্ষেত্ৰ মুকলি হৈ আছে। এনে সম্ভাৱনা আৰু গীতবোৰৰ স্বকীয় তথা একক পৰিচয়ৰ কথালৈ লক্ষ্য ৰাখি এইবোৰৰ চৰ্চা-গৱেষণা, লিখিত ৰূপত সংৰক্ষণ, পৰিৱেশনৰ ব্যৱস্থাপনা, বিভিন্ন অঞ্চলত আগেয়ে প্ৰচলিত আৰু অ’ত ত’ত অৱহেলিত হৈ সিঁচৰতি হৈ থকা গীত-মাতবোৰৰ পাঠবোৰৰ অধ্যয়নৰ প্ৰয়োজন নিশ্চয় আছে। এইবোৰ দিশত কাৰ্যকৰী পদক্ষেপ লোৱাৰ আৱশ্যকতা সহজে উপলব্ধি কৰিব পাৰি। জনমানসৰ আঁৰত এলাগী হৈ ৰোৱা এনে গীতবোৰৰ সংৰক্ষণ আৰু পাঠবোৰৰ বিচাৰ, পাঠান্তৰৰ অধ্যয়নৰ যোগেদি থলুৱা কৃষ্টি-পৰম্পৰাক পুনৰুদ্ধাৰ পুনৰুজ্জীৱিত কৰাৰ কথা চিন্তনীয়।
প্ৰসঙ্গ সূত্ৰঃ
1. উৎস: https://youtu.be/5aEFbHEoi6Q?si/JgvNmtHaZRzC-X-d)
2. তথ্যদাতাঃ পূৰ্ণিমা চৌধুৰী (৫১) কাকৰাগাঁও, চিৰাং, কোচ-ৰাজবংশী লোক-নৃত্য শিল্পী
প্ৰসংগ আৰু গ্ৰন্থপঞ্জীঃ
গগৈ, লীলা। অসমৰ সংস্কৃতি। প্ৰথম প্ৰকাশ। যোৰহাট: বাণীপ্ৰকাশ, ১৯৮৬।
চেতিয়া উমেশ।অসমৰ লোকসংস্কৃতিৰ ৰূপৰেখা। প্ৰথম প্ৰকাশ। ধেমাজিঃ কিৰণ প্ৰকাশন, ২০০৮।
চৌধুৰী, অম্বিকাচৰণ। কোচ-ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস আৰু সংস্কৃতি। তৃতীয় প্ৰকাশ। বঙাইগাঁওঃ প্ৰদ্যুৎ প্ৰকাশ চৌধুৰী, ২০১১।
দাস, ৰুবুলকান্তি। বইটামাৰীৰ ঐতিহ্য আৰু লোক-সংস্কৃতি। প্ৰথম প্ৰকাশ। বইটামাৰীঃ বইটামাৰী শাখা সাহিত্য সভা, ২০১৬।
নাথ, দ্বিজেন। গোৱালপৰীয়া লোক-সংস্কৃতি। প্ৰথম প্ৰকাশ। গুৱাহাটীঃ বনলতা, ২০০৮।
নাথ, প্ৰফুল্ল কুমাৰ (সম্পাঃ)।অসমৰ জনগোষ্ঠীয় ঐতিহ্য। প্ৰথম প্ৰকাশ। গুৱাহাটীঃ বুকলেণ্ড, ২০০৯।
ৰাজবংশী, পৰমানন্দ।অসমীয়া জাতি আৰু সংস্কৃতি। প্ৰথম প্ৰকাশ। গুৱাহাটীঃ প্ৰাগজ্যোতিষ মহাবিদ্যালয়, ২০০৩।
ৰাজগুৰু, সৰ্বেশ্বৰ। ইতিহাসৰ পাত মেলি অসমীয়া সমাজ আৰু সংস্কৃতি (প্ৰথম খণ্ড)। দ্বিতীয় প্ৰকাশ। নগাওঁ -বালগোপাল প্ৰকাশন, ১৯৯০।
পাদুন, নাহেন্দ্ৰ। অসমীয়া সংস্কৃতিলৈ জনজাতীয় বৰঙনি। প্ৰথম প্ৰকাশ।১৯৯৮।
ৰায়, অৰুণ কুমাৰ। কোচ-ৰাজবংশী ভাষাৰ শব্দকোষ। প্ৰথম প্ৰকাশ। বঙাইগাওঁ : ৰত্নপীঠ প্ৰকাশন, ২০১৪।
ৰায়, অৰুণ কুমাৰ। কোচ-ৰাজবংশী জনগোষ্ঠীৰ প্ৰাচীন কলা-কৃষ্টিৰ তাৎপৰ্য (দ্বিতীয়খণ্ড)। প্ৰথম প্ৰকাশঃ বঙাইগাওঁ: ৰায় পৰিয়ালৰ হৈ, ১৯৯৬।
শইকীয়া, নগেন। অসমীয়া মানুহৰ ইতিহাস। প্ৰথম প্ৰকাশ।
শৰ্মা, হেমন্ত কুমাৰ (সম্পা:)।অসম গৌৰৱ। দ্বিতীয় প্ৰকাশঃ গুৱাহাটী, কটন কলেজ, ২০১১।
আলোচনীঃ
পাঠক, কুন্তল কান্তি। “অভয়াপুৰী অঞ্চলৰ লোকগীত”। অভয়া প্ৰদীপ। আগষ্ট, ২০১১। পৃঃ ৭-১০
বৰুৱা, যতীন। “ঝালিমাটিৰ গান”। প্ৰান্তিক। ১৬-৩১ অক্টোবৰ, ২০১৪। ৩৩শ বছৰ, ২২শ সংখ্যা। পৃঃ ৪৬-৪৭
তথ্য আৰু সংবাদদাতাঃ
ধীৰেণ শৰ্মা, অভয়াপুৰী (৬৫)
চন্দনা ৰায়চৌধুৰী, বাখলগাঁও (৪২)
তৰালী ৰায়, শিঙিমাৰী(২৭)
জুৰিস্মিতা ৰায়, শিঙিমাৰী (২৬),
দিপন্তী সৰকাৰ, বইটামাৰী(২৬)
কঙ্কন ৰায়, শিঙিমাৰী (২৪)
হেলিম ৰায়, শিঙিমাৰী (২৩),
নব্য মাধ্যমৰ উৎসঃ
“ঝালিমাটিৰ গান”- অসমীয়া ৱিকিপিডিয়া” https/as.m.wikipedia.org/wiki/ ঝালিমাটিৰ গান
https/www.youtube.com!watch/v/5aEFbHEoi6Q
২০১৪ চনত চেটেলাইট চ্যেনেল ‘Assam Talks’-ৰ উদ্যোগত অভয়াপুৰীত আয়োজিত “দেউবৰীয়া আলাপ” অনুষ্ঠানত সম্প্ৰচাৰিত কাৰ্যক্ৰমৰ জৰিয়তে উক্ত বিষয় সম্পৰ্কে কিছু কথা জানিব পৰা গৈছিল।
(লেখক, সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, অভয়াপুৰী মহাবিদ্যালয়)