লেখকঃ অনাদি কুমাৰ ৰাভা
ভাৰতবৰ্ষৰ অন্যান্য জাতি, জনগোষ্ঠীৰ দৰে স্বকীয় ৰীতি-নীতিৰ মাজেৰে ৰাভা সকলে জীৱন নিৰ্বাহ কৰি আহিছে। আমি সকলোৱে জানো ৰাভাসকল বিভিন্ন ঠালেৰে বিভক্ত হৈ নিজৰ কলা-সংস্কৃতিবোৰ পৰম্পৰাগতভাৱে ধৰি ৰাখিবলৈ সক্ষম হৈছে। ৰাভা সকলৰ ঠাল বুলি ক’লে দহটা ঠালত অন্তৰ্ভূক্ত হৈ আছে। সেইবোৰ হ’ল-- ৰংদানী, মায়তৰী, কোচা, পাতি, দাহৰী, টোতলা, হানা, বিতলীয়া, মদাহী আৰু ছোঙা। অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ৰাভাসকলে বসবাস কৰি আছে। ইয়াৰোপৰি চুবুৰীয়া ভূটান, নেপাল, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড আদি ৰাষ্ট্ৰতো বিভিন্ন সূত্ৰৰ পৰা ৰাভাসকলে বসবাস কৰি থকাৰ কথা জানিবলৈ পোৱা যায়। বিশেষকৈ ৰাভা মাতৃ ভাষাতো ৰংদানী, মায়তৰী আৰু কোচ ঠালতো প্ৰচলিত হৈ আছে। বাকীবোৰ ঠালে নিজৰ মাতৃভাষাটো ক’বলৈ এৰি কঠিত আৰু অসমীয়া ভাষাৰ সংমিশ্ৰিত কৰি ৰাভাসকলে ভাষা ব্যৱহাৰ কৰিবলৈ লৈছে। তেনেদৰে পশ্চিমবঙ্গত থকা ৰাভা সকলেও কঠিত আৰু বঙালী ভাষাৰ সংমিশ্ৰণ ভাষা ব্যৱহাৰ কৰি থকা দেখিবলৈ পোৱা যায়। যিয়েই নহওঁক ৰাভা জনগোষ্ঠীৰ সম্পৰ্কে কিছু ধ্যান-ধাৰণা উল্লেখ নকৰিলে বিষয়টো আধৰুৱা হৈ ৰ’ব। এতিয়া লেখনিৰ মূল বিষয়টো হৈছে-- “বাদুংদুপ্পা”।
ওপৰত উল্লেখ কৰা এই সকলোবোৰ ঠাইতে বসবাস কৰিবলৈ লোৱা ৰাভাসকলৰ বাদ্য যন্ত্ৰ বা তেওঁলোকৰ পৰম্পৰা লোকবাদ্য ঠাইভেদে ভিন্ন হোৱাটো স্বাভাৱিক। বিশেষকৈ অসমত বসবাস কৰা ৰাভাসকলৰ পৰম্পৰা লোকবাদ্য সমূহৰে বাদুংদুপ্পা বাদ্যৰ সবিশেষ লিখাৰ প্ৰয়াস কৰা হৈছে।
ৰাভাসকলৰ পৰম্পৰা লোকবাদ্য বুলি ক’লে আমি দেখিবলৈ পাওঁ-- খাম, বাদুংদুপ্পা, কাঢ়া, জাপ বা ঝাপকাঢ়া, শিঙা, গমেনা, বুবুলেঙা, বাদুংদুঙা, চুক ব্ৰাংচি, লাখৰব্ৰাংচি, পাতি বা কৰ্কাঢোল, ডুগুৰী, পিতিঢোল, তাৰ্চা, দাইদি, থৰ্কা, চানাই, খুতিতাল বা কানতুকুৰী, গুগুলেঙা, বৰ নাগাৰা (মন্দিৰত ব্যৱহত) আদি বাদ্যই উল্লেখনীয় স্থান লাভ কৰিছে।
এতিয়া বাদুংদুপ্পা কেনেকৈ তৈয়াৰ কৰিব পাৰি জানি লওক-- পুৰোধ অকণমান শুকান কেকোৱা বাঁহ বা কাকোৱা বাঁহ নামৰ এবিধ বাঁহে এই বাদ্যৰ বাবে বৰ উপযোগী। এই বাঁহ মেঘালয় ৰাজ্যৰ অবিভক্ত গাৰোপাহাৰ জিলাত প্ৰচুৰ পৰিমাণে পোৱা যায়। এই বাঁহডাল পাতল, ডাঙৰ আৰু পৰ দীঘল। বিশেষকৈ একফুট চাৰি ইঞ্চিৰ পৰা একফুট ছয় ইঞ্চি হোৱাটো খুৱেই প্ৰয়োজন। ইয়াৰ বহুতো কাৰণ আছে। পৰটো বেছি দীঘল হলে বা চুটি হ’লেও স্বৰ সঠিক নোলাবও পাৰে। সেই বাবে বাদুংদুপ্পা তৈয়াৰ কৰোতে দীঘলৰ পৰিমাণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। দুটা গাঁঠিৰ মাজত থকা অংশখিনিতে তৈয়াৰ কৰা হয়। প্ৰথমে এটা পৰযুক্ত বা দুটা গাঁঠি থকা বাঁহডাল কাটি লৈ তাৰ পিছত ওপৰৰ এটা অংশ বা নিলিৰ পৰা ভিতৰত থকা অংশৰ এক ইঞ্চি বা বাঁহডালৰ আকৃতি অনুসৰি দীঘলকৈ কাটি লোৱা হয়। লক্ষ্য ৰখা হয় যাতে দুয়োটা ফালৰ গাঁঠি থকা এক বা ডেৰ ইঞ্চিমান ৰাখিহে কটা হয়। কটা বগা অংশটোৰ মাজতে আকৌ এক ইঞ্চিমান কাটি ফুটা কৰি ল’ব লাগে। তাৰ পিছত দুই মূৰত দুটা অৰ্থাৎ বগা অংশৰ দুয়োফালে সৰুকৈ গিটাৰৰ মতা তাঁৰটোৰ দৰে নিলিৰ অংশ উলিয়াই তাঁৰ তৈয়াৰ কৰি লোৱা হয়। দুয়োফালে থকা গাঁঠিটোৰ এক ইঞ্চিমান সেইটোও দূৰত থাকে। এতিয়া দুটা তাঁৰৰ সৃষ্টি হ’ল। মাজৰ অংশত ফুটা কৰা ঠাইখিনি আকৌ এক ইঞ্চিমান পাতল বা প্ৰথমে উলিয়াই দিয়া বাঁহৰ নিলিৰ পৰা পাতলকৈ কাটি ফুটাটো দুই তাঁৰৰ মাজত ঢাকি ৰাখিব লাগিব। ঢাকিবলৈ ব্যৱহাৰ কৰা পাতল বগা অংশটো আকৌ দুইমূৰত দুটা তাঁৰত সুমুৱাই দিব পৰা অকণমান মাজত কাটি দি আৰু তাঁৰডাল সুমুৱাই দিয়া হয়। এতিয়া সোঁহাতৰ পিনে আন এটা গিটাৰৰ মতা তাঁৰৰ দৰে উলিয়াই লৈ তিনিডাল তাঁৰৰ সৃষ্টি কৰা হয়। এই তাঁৰবোৰ বাঁহৰ গাঁঠিটোৰ পৰা যাতে চিঙি নাযায় তাৰ বাবে বাঁহৰ তেঙৰ বা সূতাৰে দুই মূৰত সুন্দৰকৈ মেৰিয়াই বান্ধি লোৱা হয়। তিনিডাল তাঁৰৰ সুৰ কৰিবলৈ হ’লে তাঁৰৰ তলত সৰুকৈ বাঁহৰ খিলা দিব লাগিব। অৰ্থাৎ বহলকৈ প্ৰথমে বগা অংশত কটা দুটা তাঁৰৰ তলত দুই মূৰত দুটা খিলা আৰু আন এটা তাঁৰৰ দুই মূৰত দুটা খিলা দিব লাগে। এই খিলাবোৰেই তাঁৰৰ সুৰ বা স্বৰ নিৰ্ণয় কৰিব। এই বাদ্য বজাবলৈ এডাল সৰুকৈ ৬ʺ ৰ পৰা ৮ʺ দীঘল ঘূৰণীয়া মাৰি কাটি ল’ব লাগে। অৰ্থাৎ কাঠ পেঞ্চিলডালতকৈ অকনমান মোটা। এনেদৰে বাদুংদুপ্পা বাদ্য তৈয়াৰ কৰা হয়। এই বাদ্য দীৰ্ঘদিন ৰাখিবৰ বাবে কিছুদিন পানীত তিয়াই ৰাখিব লাগিব। নতুবা উতলা গৰম পানীত দি ছাঁ পৰা ঠাই সুন্দৰকৈ ৰাখিব লাগিব। তৈয়াৰ কৰাৰ পিছতে কোনোদিন ৰ’দত ৰাখিব নালাগে। ৰ’দত ৰাখিলে সোতৰা বা সঙ্কুচিত হৈ নষ্ট হোৱাৰ আশংকা থাকে। সেইবাবে পানীত তিয়াই ৰখাটোৱেই আটাইতকৈ উত্তম আৰু পোক নধৰে। প্ৰকৃতাৰ্থৎ ক’বলৈ গলে খাম বাদ্য সৃষ্টিৰ পূবেৰ্বই বাদুংদুপ্পাৰ সৃষ্টি হৈছিল। বাদুংদুপ্পাৰ সকলো বোল খামবাদ্যৰ জৰিয়তে বজাব পাৰি।
বাদুংদুপ্পা বাদ্য কেনেকৈ বজায়?
চিত্ৰত দেখাৰ দৰে হাতেৰে ধৰি লৈ মাজৰ যিটো বগা বা ফুটা ঢাকি ৰখা ঢাকনিটো বুঢ়া আঙুলিৰ মৃদু কোব দিলে শব্দৰ সৃষ্টি হয়। অৰ্থাৎ ৰধা স্বৰ বা মতা শব্দ ধিং বা দিং কৰি বজাব পাৰি। আনহাতে সোঁহাতে থকা তাঁৰডালত কোব মাৰি দিলে টিং বা তাং শব্দৰে সুৰ সৃষ্টি হয়। বগা অংশৰ দুয়োফালে লাগি থকা তাঁৰ দুটাৰ স্বৰ মধ্য স্বৰ হিচাবে ব্যৱহাৰ কৰিব পাৰি। প্ৰকৃততে দিং বা ধিং আৰু টিং বা তাং এই দুবিধ সুৰ বা শব্দ আয়ত্ব কৰিবলৈ দুয়োতা তাঁৰৰ মূৰত থকা সৰু খিলাটোৰে কম-বেছি কৰি সুৰ সঠিক ৰূপ দি ল’ব লাগিব। এই দুটা সুৰ ঠিক কৰিব নোৱাৰিলে যিকোনো বোল শুদ্ধভাৱে বজাব নোৱাৰিব। তাৰ কাৰণে প্ৰথমে বাদুংদুপ্পাৰ সুৰটো শুদ্ধ ৰূপত থকাটো অতি প্ৰয়োজন। তেতিয়াহে খামৰ বোলৰ দৰে শুদ্ধ ৰূপত বজাব পাৰিব।
খামৰ বোলৰ দৰে সাধাৰণভাৱে ইয়াক বজাব নোৱাৰি। খাম বাদ্যতকৈ ইয়াক বজাবলৈ কঠিন। আচলতে মনৰ একাগ্ৰতা থাকিলে সকলো কামতে কৃতকাৰ্যতা লাভ কৰিব পাৰি। তাৰে কেইটামান সহজে বজাব পৰা খামাৰ বোল বা বাদুংদুপ্পাৰ বোল তলত উল্লেখ কৰিলোঁ।
১। টিং টিং চঙ্ক য টিং টিং
২। দালডিং দালডিং চোঙ্ক য দালডিং দালডিং
৩। চোং গ্ৰিম্ গ্ৰিম্ য চোং গ্ৰিম্ গ্ৰিম্
৪। চোং গ্ৰিম্ গ্ৰিম্ য চোং গ্ৰিম্ গ্ৰিম্ য চোং গ্ৰিম্ গ্ৰিম্ য গিন্চাং গিন্
৫। গিনাং খেত য গিনাং খেত
৬। খেতাং গিন্ য খেতাং গিন্
৭। তাক্ গিন্ গিন্ তাকে গিন্ য তাক্ গিন্ গিন্ তাকে গিন্
৮। দিং দিং দিং দিং চোক্ য দিংদিঙিৰি দিং চোক্
৯। খেতাং খেত য খেতাং খেত
খেতাং খেতাং খেত
১০। গ্ৰিম্ চোক্ গ্ৰিম্ চোক্ য তাতা গিনা চোক্
তাক্তাকে গ্ৰিম্ চোক্ য তাতা গিনা চোক্
এনেদৰে আমি বহুতো খামৰ বোল সৃষ্টি বা সংগ্ৰহ কৰি নানান ৰূপত বজাব পাৰো। যিকোনো গীতত আধুনিক বাদ্য যন্ত্ৰৰ দৰে-- ডাদৰা, কাহাৰ্বা, খেমতা আদি বোলৰ দৰে ইয়াক বজাব পৰা যায়। লয়ৰ গতিও সঠিক ভাৱে নিৰ্ণয় কৰিব পাৰি।
বাদুংদুপ্পা কোন সময়ত বজালে মানুহৰ অন্তৰত কি কি অনুভৱ সৃষ্টি কৰি পৰা যায়। নিশা এঘাৰ বজাৰ পৰা নিশা এবজালৈ মুকলি ঠাইত ২ নম্বৰ-- দালডিং দালডিং চোঙ্ক য দালডিং দালডিং --এই বোলতো বিলম্ব গতিৰে বজালে মনলৈ সুখ-শান্তি আৰু আনন্দ অনুভৱ কৰিব পৰা যায়। এই বোলটোৱেই সেই সময়ত কোনো পাহাৰীয়া অঞ্চল বা ওখ ঠাইৰ পৰা ভৈয়ামলৈ নিগৰিত হৈ অহা সুৰ যেন অনুভৱ; হদয়ত স্পন্দন কৰে। যেন সেই অঞ্চলত বহু মানুহৰ সমাগমস্থলিৰ পৰা আনন্দ-উল্লাহৰ বতৰা কঢ়িয়াই অনাৰ অনুভৱ হয়। সঁচাকৈয়ে ইমানে ৰসাল।
তেনেদৰে ৭ নম্বৰ-- তাক্ গিন্ গিন্ তাকে গিন্ ! তাক্ গিন্ গিন্ তাকে গিন্ “ৰিবা ৰিবা ৰিবা ফৗই ৰিবা” গীতৰ এই বোলে পৰম্পৰা ঝুমখেতি কৰিবলৈ ডেকা-গাভৰু, বুঢ়া-বুঢ়ীসকলক আহবান জনায়। ফাগুন, চ’ত মাহত নৰঙা উলিয়াই খেতিৰ বাবে উপযোগী কৰি তোলাৰ সময় আহি পৰেহি। ৰাভা সকলক কৰ্মমুখী হ’বলৈ আহবান কৰে। সেই আহবানত কোনোৱে অৱহেলা নকৰে আৰু কৰ্মৰ প্ৰতি সচেতন হয়।
সেইদৰে ৪ নম্বৰ-- চোং গ্ৰিম্ গ্ৰিম ! চোং গ্ৰিম্ গ্ৰিম্ ! চোং গ্ৰিম্ গ্ৰিম্ ! গিন্চাং গিন্ “ধাওৱা লোকনৃত্যৰ অন্যতম বোল” --এই বোলটো ৰাভাসকল যুদ্ধৰ আখৰাৰ সময়ত ব্যৱহত। এই বোলেই ৰাভা যুৱক-যুৱতী, ডেকা-গাভৰু সকলৰ মনত এক যুদ্ধ সদৃশ ভাৱেৰে নিজকে শত্ৰুপক্ষৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগুৱাই যোৱাত সাহস প্ৰদান কৰে।
প্ৰতিটো বাদুংদুপ্পা বা খামৰ বোলসমূহ বৰ্ণনা কৰিলে বহুতো দীঘল হ’ব; সেই বাবে অন্য প্ৰসঙ্গলৈ নিব বিচাৰিছোঁ। ৰাভাসকলৰ বাদুংদুপ্পা বাদ্যই পূবৰ্বৰে পৰা অতি মৰমৰ লোকবাদ্য হিচাপে সমাজত স্থান লাভ কৰিছে। এই বাদ্য ৰাভাসকলৰ মাজত বজোৱাটো কিছু হ্ৰাস পোৱা দেখা গৈছে। যান্ত্ৰিক বাদ্য বা আধুনিক বাদ্যযন্ত্ৰ উদ্ভাৱন হোৱাৰ পিছত লোক বাদ্যবোৰৰ কিছু হ’লেও প্ৰভাৱ কমিবলৈ ধৰিলে। ৰাভাসকলৰ এই পৰম্পৰাগত বাদ্যযন্ত্ৰ সমূহক বহুল প্ৰচাৰৰ বাবে অঞ্চলভেদে জাতীয় অনুষ্ঠান সমূহক সংৰক্ষণ আৰু প্ৰশিক্ষণৰ ব্যৱস্থা হাতত ল’বলৈ আহবান জনালোঁ।
সময় থাকোতেই ইয়াৰ সু-ব্যৱস্থা গ্ৰহণ নকৰিলে আমাৰ আপুৰুগীয়া সৃষ্টিৰ সমলবোৰ বিলীন হ’বলৈ বেছি দিন নালাগিব। সময়ৰ সতে খোজত খোজ মিলাই নৱ প্ৰজন্মই আগবাঢ়ি গলেহে আমাৰ সম্পদবোৰ সুৰক্ষিত কৰি ৰাখিবলৈ নিশ্চয়কৈ সক্ষম হ’ম। সেয়া অকল ৰাভা জনগোষ্ঠীয় সকলোৰেই যে সংৰক্ষণৰ দায়িত্ব তেনে নহয়; অসমত বসবাস কৰা সকলো জাতি, জনগোষ্ঠীয় ব্যক্তি সকলোৰো প্ৰধান দায়িত্ব। ৰাভাসকলে যেনেকৈ অসমীয়াৰ সংস্কৃতিক নিষ্ঠাৰে বজাই ৰাখে; তেনেদৰে ৰাভাসকলৰ হেৰাই যাবলৈ ধৰা সংস্কৃতিবোৰো উদ্ধাৰ কৰাৰ দায়িত্ব অধিক।