জনগোষ্ঠীয় পৰিচয়

হাজং জনগোষ্ঠীৰ সামাজিক উত্তৰণ

post

Share

লেখিকাঃ পম্পী হাজং

ভাৰতৰ পূৱ সীমান্তত অৱস্থিত প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিবেষ্টিত অসম ৰাজ্য। নানা জাতি-উপজাতিৰ বাৰেৰহনীয়া সংস্কৃতিৰে সমৃদ্ধ বৰ অসম। অসমৰ পাহাৰে ভৈয়ামে বসবাস কৰি আছে বড়ো, কাৰ্বি, সোণোৱাল, ডিমাছা, গাৰো আদি বিভিন্ন জনজাতি। তাৰে মাজত এক অন্যতম আকৰ্ষণীয় কলা-সংস্কৃতিৰে সমৃদ্ধ জনজাতি হৈছে হাজং জনজাতি। ইয়াৰো এক সুকীয়া নিজস্ব বৈশিষ্ট আছে। এই হাজং জনজাতিৰ অসম আগমনলৈ বহুত কিংবদন্তি আছে। হাজং সকলৰ মূলতঃ ছটা গোত্ৰত বিভক্ত হোৱা দেখা যায়– (১) হাৰং পৰীয়া, (২) ভোজনী পৰীয়া, (৩) মাণিক পৰীয়া, (৪) টেপৰ পৰীয়া, (৫) শতদল পৰীয়া, (৬) মাঞ্জি পৰীয়া। হাজং সকল যিহেতু মূলতঃ হিন্দু ধৰ্মৰ লোক সেয়েহে ধৰ্মীয় দৃষ্টিকোণৰ পৰা আকৌ তিনিটা গোষ্ঠীত বিভক্ত ব্ৰহ্ম গোষ্ঠী, বৈৰাগ গোষ্ঠী, প্ৰাচীন বিশ্বাসী। ব্ৰহ্ম গোষ্ঠীয়ে পুৰোহিতৰ দ্বাৰা পূজা পাতল আৰু হোম যজ্ঞ কৰে। বৈৰাগী গোষ্ঠীয়ে জাত-পাত বিশ্বাস নকৰে। এওঁলোকে নাম কীৰ্তন কৰে আৰু নিৰামিষ ভোজন কৰে। তৃতীয় অৰ্থাৎ প্ৰাচীন বিশ্বাসী সকল বৈষ্ণৱ। এওঁলোকে তুলসী পূজা কৰে। ডিঙিত তুলসী মালা পিন্ধে আৰু টিকনি ৰাখে। গোসাঁই ঘৰত শালগ্ৰাম ৰাখি পূজা কৰাৰ উপৰিও বিভিন্ন দেৱ-দেৱীৰ পূজা অৰ্চনা কৰে।

অসমত বসবাস কৰা হাজংসকলে তেওঁলোকৰ ঘৰবোৰ বাঁহ, বেত আৰু কাঠৰ খুঁটাৰে সাজে। খেৰেৰে ছাউনী দিয়ে। তেওঁলোকৰ ঘৰৰ আকৃতিবোৰ সৰু সৰু। তেওঁলোকে গৃহস্থ থকা ঘৰ, আলহী ঘৰ (কাচাৰী ঘৰ), ৰান্ধনী ঘৰ (আখলি ঘৰ), ঢেঁকী ঘৰ, গোহালী ঘৰ (গোলী ঘৰ), ভঁৰাল ঘৰ আদি নিজে নিৰ্মান কৰি লয়। ওখ ওখ পিৰালি দিয়ে আৰু চাফ-চিকুণ কৰি একেবাৰে নিপুন কৰি ৰাখে আৰু এনেদৰে শান্ত, নম্ৰ, সৰল স্বভাৱৰ হাজং লোকসকলে জীৱন নিৰ্বাহ কৰে।

পূৰ্বৰ হাজং জনগোষ্ঠীয় লোকসকল শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত আছিল বুলিয়েই ক’ব পাৰি মাত্ৰ দুই এজনৰ বাহিৰে প্ৰায়বোৰ পুৰুষ মহিলাই অশিক্ষিত আছিল আৰু সেয়েহে তেওঁলোক বাৰুকৈয়েই অন্ধবিশ্বাসৰ বসৱৰ্তী হৈ চলিব লগা হৈছিল। কাৰোবাৰ অসুখ বিসুখ হ’লে তেওঁলোকে ওজা আদিৰ তাত গৈ বেজ-বেজালীৰে জৰা-ফুকাৰহে আশ্ৰয় লৈছিল। হাজংসকলে বহুতো প্ৰাচীন দেৱ-দেৱীৰ পূজা অৰ্চনা কৰাৰ উপৰিও কিছুমান লোক বিশ্বাসৰ কথাও মানি চলিছিল যেনে- অধিক বৰষুণ বা খৰাঙৰ পৰা হাত সাৰিবলৈ তেওঁলোকে জলকীয়া বিয়া, শামুকৰ বিয়া আদি পাতিছিল। যদি বাৰিষাৰ কেইবাদিনও ধৰি একাধাৰে অত্যাধিক বৰষুণ হৈ থাকে তেতিয়া এই বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ দুটা পকা জলকীয়া আনি কাপোৰ পিন্ধাই সেন্দুৰৰ ফোঁট দি তিনিআলিত বিয়ানাম গাই জলকীয়া বিয়া পাতে। আকৌ যদি অত্যাধিক খৰাং বতৰ হ’বলৈ হয় তেতিয়া শামুকৰ বিয়া পাতে। নৈ বা বিলৰ পাৰৰ পৰা দুটা শামুক ধৰি আনি কাপোৰ পিন্ধাই সেন্দুৰ ফোঁট দি শামুকৰ বিয়া পাতিলে বৰষুণ দিয়ে আৰু হাজংসকলৰ লোক বিশ্বাস আছে। তাৰোপৰি হাজং সকলে কাল পিশাচ, ডাইনী, ভূত, প্ৰেতাত্মা আদিৰ ওপৰত অত্যন্ত বিশ্বাসী। তেওঁলোকে এই অপদেৱতাৰ বাবেই বেমাৰ-আজাৰ হৈছে বুলি বিশ্বাস কৰে। যাদু-বিদ্যা, বলি-বিধান, শুচি-অশুচি আধিভৌতিক পৰিঘটনাই এই সময়ত হাজং আৰু অন্যান্য জনজাতীয় লোকসকলক আৱৰি ৰাখিছিল।

হাজং সম্প্ৰদায়ত এইবেৰ অন্ধবিশ্বাসৰ উপৰিও কিছুমান লোকবিশ্বাস বা জনবিশ্বাসও আছে। এই জনবিশ্বাস সমূহ পৰম্পৰাগতভাবে যুগ যুগ ধৰি প্ৰচলিত হৈ আহিছে আৰু আজিকোপতিও সেইবোৰ সকলোৱে কম-বেছি পৰিমাণে মানি আহিছে। যেনে– ইটো কৰিব নাপায়, সিটো কৰিব নাপায়, তাত গ’লে অমঙ্গল হয় ইত্যাদি এশ এবুৰী তাতকৈও অধিক নীতি-নিয়ম আছে। যিবোৰ আমি প্ৰাজ জন্মলগ্নৰ পৰা শুনি আহিছো। এই বিশ্বাস-অবিশ্বাসৰ লগত আমাৰ এক নিবিড় সম্বন্ধ গঢ় লৈ উঠিছে আৰু এইবোৰেই হৈছে মানৱ জীৱনৰ নৈতিক মূল্যবোধ। যাক আমি কোনেও কোনোপধ্যেই নুই বা হেয় প্ৰতিপন্ন কৰিব নোৱাৰো। ঠিক তেনেধৰণে হাজং সমাজতও কেতবোৰ জনবিশ্বাস পুংখনুপংখভাবে পূৰ্বৰ পৰা বৰ্তী আহিছে। সেইবোৰ কিছু পৰিমাণে দাঙ ধৰিবলৈ লৈছো। যেনে– বজাৰ, হাট, মেলা বা পাহাৰ-জংঘলৰ পৰা আহি হাত, ভৰি নোধোৱাকৈ পোনে পোনে ঘৰত সোমাব নাপায়। তেনে কৰিলে বাহিৰৰ পৰা বেমাৰ-আজাৰ আহি ঘৰত প্ৰৱেশ কৰে বুলি হাজংসকলে বিশ্বাস কৰে। নিশা কোনো দূৰ ঠাইৰ পৰা আহি পোনে পোনে ঘৰৰ চ’কত প্ৰৱেশ কৰিব নাপায়, নিশা বাটেৰে ক’ৰবাত গৈ থাকোতে বাৰে বাবে পিছফালে ঘূৰি ঘূৰি চাব নাপায়, নিশা মুখেৰে সুহুৰি বজাব নাপায়, নিশা ওপৰ বা ওলটা ফালে উশাহ লৈ চিঞৰিব নাপায়, নিশা পশ্চিমৰ ফালে মূৰ কৰি শুৱ নাপায়, শুই থকা সন্তানৰ মূৰ শিতানত বহি ভাত খাব নাপায় তেনে কৰিলে সন্তানৰ অমংগল হয় বুলি হাজংসকলে বিশ্বাস কৰে। নিশা ঘৰৰ ভিতৰত জোনাকী পৰুৱ সোমালে উলিয়াই দিব লাগে বুলি কয়। যদি জোনাকী পৰুৱা চুই হাত নোধাৱাকৈ কেনেবাকৈ চকু-মুখ মোহাৰি দিয়া হয় তেন্তে অন্ধ হোৱাৰও নিশ্চিয়তা থাকে বুলি কয়। নিশা আইনাত মুখ চাব নাপায় বা মুৰ ফনিয়াব নাপায়, নিশা লেম্প, চাকি, লাইট আদিৰ পোহৰত ঘৰৰ বেৰ বা দেৱালত নিজৰ ছাঁ নিজে চাব নাপায়। নিশা চুকে-কোণে বা জোপোহাৰ আঁৰত লুকাই থাকি ধেমালিতে কাকো ভয় খুৱাব নাপায়। কোনোবাই কেতিয়াবা তেনেকুৱা কৰি ভয় খুৱালে হঠাৎ কাৰোবাৰ অকস্মাৎ ভয় খাই মৃত্যু হোৱাৰো উপক্ৰম ঘটিব পাৰে। ৰাতিপুৱা শুই উঠি পূবফালে সূৰ্যৰ পিনে মুখ কৰি প্ৰস্ৰাৱ কৰিব নাপায়। ৰাতিপুৱা শুই উঠি ঘৰৰ দুৱাৰ ডলিত ভৰি লগাব বা লঠিয়াব নাপায়। ৰাতিপুৱা শুই উঠিয়েই কাৰো সৈতে কাজিয়া কৰিব নাপায়। পূব মূখীয়াকৈ দৰ্জা থকা ঘৰত শুৱ নাপায়। ঘৰৰ ভিতৰৰ পৰা শোৱা ঢাৰি-পাটি মেৰিয়াই-লুটিয়াই বাহিৰত উলিয়াব নাপায়। ঘৰৰ কোনোবা মুৰব্বী মানুহ বা কোনো সদস্য ঢুকালে এবছৰ নোহোৱাকৈ কোনো মাংগলিক অনুষ্ঠান বিবাহ আদি পাতিব নাপায়। দলঙৰ কাঠেৰে ঘৰ-সাজিব নাপায়। কাম কৰি থাকোতে যদি হাতৰ পৰা বস্তু বাৰে বাৰে পৰি থাকে, মেকুৰীয়ে পানী বা গাখীৰ চেলেকি খালে আৰু ঘৰৰ চালত বা গছৰ ডালত পৰি কাউৰীয়ে কা-কা ৰমলীয়াই থাকিলে কোনো দুৰণিৰ পৰা আলহী অহাৰ সম্ভাৱনা থাকে বুলি হাজং লোকসকলে বিশ্বাস কৰে। কোনোবা ঠাইলৈ যাত্ৰা কৰাৰ সময়ত সন্মুখেৰে মেকুৰী দৌৰি গ’লে আৰু নিজে নাইবা কোনোবাই হাঁচি মাৰিলেও অশুভ লক্ষণ বুলি কয়। ক’ৰবাত যাবলৈ যাত্ৰা কৰাৰ সময়ত ব্ৰাহ্মণ, নাপিত, সোণাৰী, বাৰী তিৰোতা, নিঃগাফীয় বা গাত এডালো নোম নথকা মানুহ আৰু বগৰী গছ আদি দেখা পালে যাত্ৰা শুভ নহয় বুলি কয়। ঘৰৰ পৰা ওলাই ক’ৰবাত যোৱাৰ পথত সোঁফালে সৰ্প আৰু বাওঁফালে শৃগাল পাৰ হৈ যোৱা দেখিলে শুভ আৰু তাৰ বিপৰীত হ’লে অশুভ বুলি কয়, ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত কাষত কলহলৈ পানী ভৰাবলৈ যোৱা তিৰোতা মানুহ দেখিলে যাত্ৰা শুভ আৰু পানী ভৰাই উভতি অহা দেখে তেতিয়া অশুভ লক্ষণ বুলি কয়। কোনো বিবাহিত তিৰোতাৰ স্বামীয়ে পত্নীৰ গৰ্ভত সন্তান থকালৈকে সৰ্প বা যিকোনো প্ৰাণী হত্যা কৰিব নাপায়। তেনে কৰিলে গৰ্ভস্থ সন্তানটো লেউ-সেউ শৰীৰ লৈ জন্ম হয় আৰু পিছলৈ ডাঙৰ হ’লে গাত নানান বিষৰ যন্ত্ৰণাত ভূগিব পাৰে আৰু কিবা অনিষ্ট সাধন হোৱাৰ সম্ভাৱনা থাকে বুলি কয়। সূৰ্য বা চন্দ্ৰ গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই কোনো শাক-পাচলি, মাছ-মাংস আদি কটা-মেলা কৰিব নাপায় বুলি কয়। যদি গ্ৰহণৰ সময়ত কটা-মেলা কাম কৰে তেন্তে গৰ্ভত থকা সন্তানটোৰ অংগৰ যিকোনো এটা অংশত ক্ষত চিহ্নহৈ জন্ম হয় বুলি কয় আৰু এনেধৰণৰ নিয়ম-নীতিবোৰ মানি নচলিলে ঘৰত অমংগলে বাহ লয় বুলি হাজং লোকসকলে বিশ্বাস কৰে। অকলে এইবোৰ যে হাজং জনজাতিয়েই বিশ্বাস কৰি মানি চলে তেনে নহয় প্ৰায় সকলো সম্প্ৰদায়ৰ লোকেও এনেধৰণেৰে এই নাপায় বুলি কোৱা জনবিশ্বাসবোৰ মানি চলি আহিছে। এইটো সঁচা যে এই জনবিশ্বাস সমূহ সমূলি নাইকিয়া কৰি দিব নোৱাৰি। অৱশ্যে এই জনবিশ্বাসসমূহে কিন্তু আমাৰ এই সমাজখনক এক নিৰ্দিষ্ট সীমাৰেখাৰ ভিতৰত বান্ধি ৰাখিছে বুলি ক’ব পাৰি। নহয় জানো? ই এক স্বাভাৱিক কথা এক চিৰন্তন ধাৰা।

স্বকীয় বৈশিষ্ট্য ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, উৎসৱ-পাৰ্বণ তথা লোকগীত, নৃত্যগীত, লৌকিক-অলৌকিক জনবিশ্বাস আদিৰে সমৃদ্ধ হাজং জনজাতিৰ কৃষ্টি সংস্কৃতিয়ে বৰ অসমৰ বাৰেৰহনীয়া সংস্কৃতিত নিশ্চিতভাবেই যথেষ্ট অৱদান দাঙি ধৰিছে। সময়ৰ বিৱৰ্তনত আৰু সামাজিক উত্তৰণত হাজং সম্প্ৰদায়ৰ বহু উন্নতি সাধন হৈছে। পূৰ্বৰ দৰে হাজং সম্প্ৰদায়ৰ লোকসকল কেৱল গাৰোপাহাৰ আৰু গোৱালপাৰা, বাৰহাজাৰী আদি সীমাৰ মাজত আৱদ্ধ হৈ থকা নাই। সময়ৰ বোঁৱতী সোঁতৰ লগত খোজ মিলাই আগুৱাই আহিছে। অসমৰ প্ৰায়ভাগ হাজং বসতিস্থল দ-ঠাই হোৱা হেতুকে বানপানীৰ দ্বাৰা বছৰি প্ৰায় বৰকৈ ক্ষতিগ্ৰস্ত হৈছিল। এতিয়া এই বানপানীৰ সমস্যাৰ পৰা সম্পূৰ্ণভাবে হাত সাৰিছে বুলি ক’ব নোৱাৰি। তথাপি আগতকৈ বহু পৰিমাণে হ্ৰাস পাইছে বুলি ক’ব পাৰি।

পৰৱৰ্তী কালত সংস্কৃতায়ণ বা আৰ্যীকৰণ প্ৰক্ৰিয়াৰ যোগেদি হাজং সকল মাতৃকেন্দ্ৰিক সমাজ ব্যৱস্থাৰ পৰা পিতৃকেন্দ্ৰিক সমাজ ব্যৱস্থালৈ ৰূপান্তৰিত হয়। অসমৰ জনজাতীয় সকলৰ মাজত সংস্কৃতায়ণ প্ৰক্ৰিয়া পুৰণি যদিও হাজং সকলৰ মাজত সংস্কৃতায়ণৰ প্ৰক্ৰিয়া ষোড়শ শতিকা মানৰ পৰা সৃষ্টি হোৱা বুলি ক’ব পাৰি। সংস্কৃতায়ণ বা আৰ্যীকৰণ হ’ল বিৱৰ্তনমুখী সমাজ ব্যৱস্থাৰ এনে এটি পদ্ধতি যাৰ দ্বাৰা নিম্নবৰ্ণ, জন-জাতি, সামাজিক গোটে হিন্দুসকলৰ উচ্চ বৰ্ণ দ্বিজ জাতিৰ দ্বাৰা পৰিচালিত হৈ তেওঁলোকৰ নিজৰ ৰীতি-নীতি, ধৰ্মীয় ক্ৰিয়া, কৰ্ম, আদৰ্শ আৰু জীৱনধাৰাৰ পৰিবৰ্তনৰ পিছত উচ্চস্তৰলৈ উত্তৰণ হ’বলৈ চেষ্টা কৰিব পাৰে। শিক্ষাৰ প্ৰসাৰ লাভ কৰাৰ লগে লগে হাজং সম্প্ৰদায়ৰ লোকসকল বিশেষকৈ উঠি অহা ছাত্ৰ-ছাত্ৰী সকল অধিক সচেতন হৈ উঠিছে।

শিক্ষাৰ প্ৰসাৰ লাভ কৰাৰ লগে লগে হাজং সম্প্ৰদায়ৰ লোকসকল বিশেষকৈ উঠি অহা ছাত্ৰ-ছাত্ৰীসকল অধিক সচেতন হৈ উঠিছে। তুৰা কলেজত অধ্যয়নৰত হাজং ছাত্ৰসকল ১৯৭১ খ্ৰীঃত গঠন কৰে ‘হাজং ছাত্ৰ সন্থা’। হাজং ছাত্ৰ সন্থাই হাজং সমাজত বিভিন্ন অঞ্চলৰ হাজংসকলৰ মাজত এক ভাতৃত্ববোধ স্থাপন কৰি প্ৰগতিৰ পথত আগবঢ়াই নিয়ে আৰু তাৰোপৰি ছাত্ৰসকলৰ বিভিন্ন সমস্যাৰ লগতে হাজং সমাজত চলি থকা অসূয়া-অপ্ৰীতি, কু-সংস্কাৰ দুৰীকৰণৰ অহৰহ প্ৰচেষ্টা কৰে। ১৯৭১ খ্ৰীঃত পশ্চিম গাৰো পাহাৰৰ বেনাবাজাত ‘হাজং ছাত্ৰ সন্থাৰ প্ৰথম সাধাৰণ অধিৱেশন অনুষ্ঠিত হয় এই ক্ষেত্ৰত অৱনি হাজং আৰু সমীৰণ হাজঙে সৱল নেতৃত্ব লৈ হাজং ছাত্ৰ সন্থাক এক গতিশীল ৰপ দিয়ে। ১৯৭২ খ্ৰীঃত মেঘালয় ৰাজ্য গঠন হ’ল। হাজংসকল দুখন ৰাজ্যত সিঁচৰিত হৈ থকাৰ বাবে হাজং জনগোষ্ঠীৰ সামাজিক সংগঠনটোৰ নামাকৰণ কৰা হ’ল ‘অসম-মেঘালয় হাজং উন্নয়ন সমিত’।আকৌ ১৯৭৯ খ্ৰীঃত গোৱালপাৰা জিলাৰ ধামৰত সংগঠনেটাৰ দ্বাদশ সাধাৰণ অধিবেশন অনুষ্ঠিত কৰা হয়। হাজং জনজাতিৰ সামাজিক সংগঠনৰ ইতিহাসত এই অধিবেশন আছিল এক যুগান্তকাৰী অধিবেশন। অসম, মেঘালয় আৰু অৰুণাচলৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা প্ৰায় প্ৰতিটো অঞ্চলৰ পৰা হাজং ছাত্ৰ সন্থাৰ প্ৰতিনিধি আৰু উচ্চ শিক্ষিত লোকৰ প্ৰতিনিধিত্বত এই অধিবেশনে হাজং সমাজৰ আথ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক আদি বিভিন্ন দিশত আলোচনা কৰিবলৈ সক্ষম হয়। পোন প্ৰথমবাৰৰ বাবে হাজং স্বকীয় ভাষাৰ গীত-মাত, কৃষ্টি-সংস্কৃতি আৰু ইতিহাস তাত্বিক পদ্ধতিৰে আলোচিত হয় আৰু ইবোৰৰ প্ৰকাশ আৰু বিকাশৰো ব্যৱস্থা লোৱা হয়। ধামৰ গুৱাহাটীৰ বোন্দা আদিক কেন্দ্ৰ কৰি বিভিন্ন অঞ্চলত গঠিত হয় হাজং কৃষ্টি-সংস্কৃতিৰ সংঘ আৰু সংগঠন। এই সাংস্কতিক সংগঠনসমূহ হাজং গীত-মাত, নৃত্য প্ৰদৰ্শনৰ যোগেদি জনগোষ্ঠীক পৰম্পৰা আৰু ঐতিহ্যৰ প্ৰতি সচেতন কৰি তোলে। এই বৃহৎ অধিবেশনৰ পৰাই হাজং সমাজৰ মাজত স্বকীয় গীত-মাত, কৃষ্টি-কলাৰ চিন্তা-চৰ্চাৰ উত্তৰণ ঘটে। হাজং জনগোষ্ঠীৰ সামূহিক উন্নয়নৰ উদ্দেশ্যত গঠিত হৈছে কেইবাটাও সামাজিক, সাংস্কৃতিক সংগঠন। এইবোৰৰ ভিতৰত ৰাজ্যিক ভিত্তিত গঠিত হৈছে– অসং হাজং জাতীয় পৰিষদ। মেঘালয় হাজং কল্যাণ সমিতি, হাজং ভাষা আৰু সাহিত্যৰ বিকাশৰ উদ্দেশ্যত গাৰো পাহাৰত গঠিত হৈছে হাজং ভাষা বিকাশ পৰিষদ, হাজং সাহিত্য সভা। চৰ্চিত হৈছে হাজং ভাষা আৰু সাহিত্য। হাজং ভাষাক লিখিত পৰ্যায়েৰে উন্নীত কৰাৰ প্ৰচেষ্টা চলিছিল আৰু ইয়াৰ ফলত সম্প্ৰতি প্ৰকাশ পাইছিল কেইবাখনো আলোচনী। কিন্তু এই প্ৰকাশিত আলোচনী, কিতাপ, কবিতা পুথি, গল্প পুথি আদিৰ সংখ্যা তেনই তাকৰ। হাজং ভাষা আৰু সাহিত্যৰ প্ৰকাশ আৰু বিকাশৰ কাৰণে অসমীয়া লিপিকেই গ্ৰহণ কৰিছে। শিক্ষাৰ অগ্ৰগতি, অসমৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ প্ৰভাৱ আৰু অনুপ্ৰেৰণাত হাজংসকলৰ জনগোষ্ঠীয় চিন্তা চেতনা বিকশিত হৈ উঠিছে। যদিও হাজং সাহিত্যই আশানুৰূপ বিকাশ আৰু গুণগত মানদণ্ড সাধন কৰিবলৈ এতিয়াও সিমান সক্ষম হোৱা নাই বুলি ক’ব পাৰি। তথাপি হাজং জনগোষ্ঠীৰ লোকসকলে সামাজিক সাংস্কৃতিক আদি দিশৰ পৰা বিভিন্ন সংগঠনে জনজাতীয় চেতনাৰ উত্তৰণ হোৱাত যৎপৰনাষ্টি বা অহৰহ অৰিহণা যোগাই আহিছে।

আপুনিও ভাল পাব পাৰে!